ফটাঢোল

সত্যমেৱ জয়তে – ধীৰাজ দাস

প্ৰাচীন কালৰ ভ্ৰমণকাৰী সকলৰ টোকাসমূহ এখন দেশৰ অনুসন্ধিৎসু সকলৰ বাবে অমূল্য সম্পদ। এনে এক সম্পদেই হ’ল মেগাস্থিনিচৰ টোকা। সেই টোকাত মেগাস্থিনিচে লিখি থৈ গৈছে যে, ভাৰতীয় সকলে মুখে মুখেই চুক্তি কৰিছিল আৰু সেই চুক্তি মনে-প্ৰাণে পালন কৰিছিল আৰু কোনো ভাৰতীয়কে মিছা কথা কোৱা বুলি অভিযুক্ত কৰা হোৱা নাছিল। আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিবলৈ আহি ভাৰতীয় ৰজাসকলৰ সৈন্য শক্তি কিমান ডাঙৰ তাৰ তথ্য আগতীয়াকৈ সংগ্ৰহ কৰোঁতে ভাৰতীয়সকলৰ সত্যবাদিতাই গ্ৰীক সৈন্যবাহিনীক প্ৰভূত সহায় কৰিছিল।

‘প্ৰাণ যায়ে পৰ বচন না যায়ে’ এনে প্ৰবাদ তাহানিৰ পৰাই প্ৰচলন হৈ আহিছে।

ভাৰতৰ মহাকাব্য ‘ৰামায়ণ’ৰ মূল কথাটোৱেই হ’ল সত্যৰক্ষা। ‘পিতৃসত্য মানি চলিল’ৰে’ জাতীয় গীতৰ প্ৰচলনে ইয়াৰ যথাৰ্থ প্ৰমাণ। ৰামচন্দ্রই পিতৃ দশৰথে কৈকেয়ীক দিয়া প্ৰতিশ্ৰুতি মৰ্মে ৰাজ সিংহাসনৰ মোহ ত্যাগ কৰি বনবাস আকোঁৱালি লোৱা কথা কোনে নাজানে? অৱশ্যে আজিকালিৰ ৰামভক্ত সকলে তেনে পিতৃসত্য ৰক্ষা কৰিব পাৰে বুলি ভাবিব পাৰে বুলি ভাবিব নোৱাৰি। এতিয়া তেওঁলোকৰ বাবে নিজ বাক্য পালন কৰাটোৱে অসম্ভৱ হৈ পৰিছে।

গান্ধীৰ অহিংস আন্দোলনৰ লগত জড়িত সত্যাগ্ৰহ অৰ্থাৎ সত্যৰ প্ৰতি পিছলৈ সত্যতকৈ অসত্যৰ প্ৰতি মোহৰ জৰিয়তে মাজে সময়ে উজুটি খোৱাটোও সত্য। দোস্ত  হবিবুৰ ৰহমানৰ ‘মই এটি নিশাচৰ’ গীতৰ মাজত থকা ‘চুৰ কৰি যদি নেতা হ’ব পাৰি মজা যে লাগিব বৰ’ কথাষাৰ বৰ তাৎপৰ্যপূৰ্ণ।সত্যৰ প্ৰতি আগ্ৰহী গান্ধীজীয়েও কৈছিল ‘ভাৰতবৰ্ষ যদি দ্বিখণ্ডিত হয়, মোৰ মৃতদেহৰ ওপৰত হ’ব লাগিব’। কিন্তু দুৰ্বিপাকত গান্ধীজী জীয়াই থাকোঁতেই দেশ দ্বিখণ্ডিত হ’ল আৰু সেই স্বাধীনতা উৎসৱৰ পৰা গান্ধী নিজেই আঁতৰি থাকি নোৱাখালিচ সাম্প্ৰদায়িক সংঘৰ্ষত ক্ষতিগ্ৰস্ত সকলৰ মাজত সুৰক্ষা বটগছ হিচাপে থিয় দিলে। অৱশ্যে সেইখন ভাৰতবৰ্ষই অশোক চক্ৰক ৰাষ্ট্ৰীয় প্রতীকৰূপে লৈ তাৰ তলত থকা ‘সত্যমেৱ জয়তে'(যি এষাৰ অমৃতবাণী মুণ্ডক উপনিষদৰ পৰা গ্ৰহণ কৰা হৈছে)ৰ জয়গান গাই থকাৰ স্বীকাৰোক্তিৰে আগবঢ়াৰ প্ৰতিশ্ৰুতিৰে প্ৰতিশ্ৰুত হৈছে যদিও সম্প্ৰতি হোহোকা-পিছলা খোজেৰে আগবঢ়াৰ দিশত গতি কৰা‌ ধৰাহে পৰিলক্ষিত হৈছে। অতি সম্প্ৰতি নিৰ্বাচনী প্ৰতিশ্ৰুতিবোৰ হৈছে মিছা কথাৰ মালা আৰু নিৰ্বাচনত জয়যুক্ত হোৱাৰ পিছৰ কথাবোৰৰ লগত খাপ নোখোৱা বিধৰ। এই ধৰণে সজাই পৰাই কথাৰ চলাহি মাৰিব জনা সকলেই আজিকালি নেতা হোৱাৰ যোগ্যতা অর্জন কৰিছে।অৰ্থাৎ মেগাস্থিনিচৰ দিনৰ সত্যৰ প্ৰতি আগ্ৰহী লোক লগ পোৱা আৰু পৰ্বতত কাছ কণী বিচৰা একে কথা হৈ পৰিছে।

প্ৰকাশিত সত্য আৰু অন্তৰ্নিহিত সত্য বুলিও দুটা কথা ৰাজনীতিক সকলে আওঁৰাবলৈ লৈছে। চালাকি ৰাজনীতিৰ যুগত ৰাইজেও কথাবোৰ চালনীৰে চালি-জাৰি চাব লাগে। সেয়েহে আন এটা প্ৰকাশিত সত্য আৰু অন্তৰ্নিহিত শত্ৰু প্ৰকট কৰাৰ প্ৰয়োজন হৈছে। ১৯৪৭ চনৰ ভাৰত বিভাজনৰ ফলত অসম নামৰ ভূখণ্ড এটা পৰিত্যক্ত অঞ্চল হৈ পৰিছিল।পূৱ-পশ্চিম-উত্তৰ-দক্ষিণ চাৰিওফালৰ পৰা সংযোগবিহীন। ৰে’লপথ বন্ধ, জাহাজ চলাচলো সীমিত। উত্তৰবংগেৰে তেতিয়ালৈকে পথ পৰিবহন বা ৰে’লপৰিবহনৰ সুবিধা তৈয়াৰ হোৱাই নাই। ২য় মহাযুদ্ধৰ সামৰণিত ডিব্ৰুগড় চহৰ ক’বলৈ গ’লে যুদ্ধ পৰিত্যক্ত ঠাই।ষ্টিলৱেল পথ  অব্যৱহৃত হৈ পৰিল। পূব সীমান্তৰে ৰেংগুনলৈ কোনো নাযায়, দক্ষিণ পশ্চিম সীমান্ত পূব-পাকিস্থানত পৰিণত হ’ল, সেয়েহে ঢাকা- ৰাজশাহীলৈ যোৱাটোও অসম্ভৱ। উত্তৰ ফালৰ ভূটানসহ উত্তৰ-পূৱ সীমান্ত অঞ্চল তেতিয়া পাণ্ডৱ বৰ্জিত। ৰাস্তা-ঘাটটো নায়েই সেয়েহে সেইফালে নেচেল।

তাৰ পিছত কোনোমতে উত্তৰ বংগেৰে ৰে’ল যাতায়ত আৰু পথ যাতায়তৰ ব্যৱস্থা কৰাতহে ৬০ৰ দশকৰ আৰম্ভণিত দেশৰ মূল ভূ-খণ্ডৰ লগত সংযোগ স্থাপন হ’ল। অৰ্থাৎ, অসমৰ যাতায়ত ব্যৱস্থাৰ পশ্চিমফালৰ এটা সৰু বাট খোলা বাকী সকলোবোৰ বাট বন্ধ হ’ল। ১৯৪৭ চনৰ স্বাধীনতাই ভাৰতৰ আন সকলো ৰাজ্যৰ বিকাশৰ বাবে ব্যৱসায়-বাণিজ্যৰ বাবে পথ পৰিবহণ, জল পৰিবহণ, আকাশীপথ পৰিবহণক নতুন নতুন পথ খুলি দিলে আৰু অসমৰ বাবে দক্ষিণ-পূৱ এছিয়াৰ লগত যুক্ত হৈ থকা মুক্ত পথবোৰ ৰুদ্ধ কৰি একমাত্ৰ পশ্চিমৰ (chicken neck)চিকেন নেকৰ সামান্য পথ হে খুলি দিলে। যিটো পথেৰেহে একমাত্ৰ আহিব পাৰে  ভাৰতীয় সা-সামগ্ৰী আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চল হৈ পৰিল ভাৰতীয় সামগ্ৰীৰ বজাৰ। এইখন বজাৰৰ স্বাৰ্থতেই সম্প্ৰতি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পূৱ-পশ্চিম আৰু দক্ষিণৰ পথসমূহ বন্ধ কৰি ৰখা হৈছে।

Look East Policy, চব্ কা সাথ সবকা বিকাশ বা অষ্টলক্ষ্মী এই সকলোবোৰ হ’ল প্ৰকাশিত তথ্য।অন্তৰ্নিহিত সত্য হ’ল অসম আৰু উত্তৰ পূৰ্বাঞ্চলক যাতায়াত আৰু যোগাযোগৰ মাধ্যমেৰে দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ লগত সংপৃক্ত হ’বলৈ নিদিয়াকৈ ৰখা।যদিহে মালয়েচিয়া, ইণ্ডোনেচিয়া, ম্যানমাৰ, চীন, থাইলেণ্ডৰ লগত যাতায়ত আৰু যোগাযোগ উন্নত হয় তেতিয়াতো উত্তৰ-পূৰ্বাঞ্চল হৈ পৰিব দক্ষিণ-পূৱ এচিয়াৰ হংকং। এনে হ’বলৈ নিদিয়াৰ ৰাজনীতিত এতিয়া সদাব্যস্ত আমাৰ তথাকথিত নেতাসকল। সেয়েহে তেওঁলোকে ধৰ্মক ৰাজনীতিলৈ আনিছে আৰু ধৰ্মীয় মেৰুকৰণেৰে ভাৰতীয় সামগ্ৰীৰ বজাৰখন অক্ষুণ্ণ ৰাখিবলৈ মৰণ পণ চেষ্টা দিছে। তাৰ অৰ্থেই আনিব খুজিছে CAB, তাৰ অৰ্থেই নদীপুস্কৰণ বা নদী পূজন। পিচে মনত ৰখা ভাল এদিন পুঁজিবাদৰ উত্তৰণে যিদৰে সামন্তবাদৰ পুলি পোখা উভালিলে ঠিক সেইদৰে মুক্ত অৰ্থনীতিৰ প্ৰতিযোগিতাই দখলীকৃত বজাৰ ব্যৱস্থাৰ সংকীৰ্ণতাক ধূলিস্যাৎ কৰিব।

এসময়ত আছাম এছ’চিয়েছনৰ তৰফৰ পৰা মাণিক চন্দ্ৰ বৰুৱা আৰু জগন্নাথ বৰুৱাই চট্টগ্রাম বন্দৰ বিচাৰিছিল চাহ ব্যৱসায়ৰ বাবে।অৱশ্যে সেই ৰামো নাই অযোধ্যাও নাই।তথাকথিত ৰাজনীতিক সকলৰ ক্ষমতাই মূৰত ধৰিছে সেয়ে অসমৰ ভূমি বাংলাদেশক এৰি দিবলৈ, অসমৰ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ পুঁজিপতিক গতাবলৈ কুণ্ঠাবোধ নকৰে।এতিয়াৰ ৰাজনীতিক সকলে ক্ষমতাৰ গাদীত নিজকে বাহাল ৰাখিবলৈ অসত্যমেৱ জয়তে আকোঁৱালি ল’বলৈ সংকোচ নকৰে আৰু সভ্যতাৰ সংকট তাতেই।অথচ তেওঁলোকেই ৰামৰ ভাও দিয়ে।ৰাইজে মন নকৰা নহয়  –  ৰাৱণে সন্ন্যাসীৰ বসনেৰে সীতা হৰণ কৰিছিল কাৰণ সীতাই ৰাৱণৰ বেশভূষাৰ অন্তৰালত থকা অন্তৰ্নিহিত সত্যক ধৰিব পৰা নাছিল। বেচেৰী সীতা!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.