ফটাঢোল

সত্য ভাইৰাছ -অভিজিত কলিতা

ফিল্মফেয়াৰ এৱাৰ্ডৰ কোটিটকীয়া সুবিশাল বিলাসী মঞ্চ; চাৰিওফালে লেজাৰ লাইটৰ চকমকনি। ৰঙা দলিচাৰে ঢকা প্ৰেক্ষাগৃহত বলীউডৰ প্ৰতিজন হু ইজ হু। প্ৰতিজন তাৰকাৰ মাজত ডিজাইনাৰ পোচাকৰ এক অঘোষিত যুদ্ধ, যেন বৃহৎ ক্ৰিকেট ষ্টেডিয়ামত হোৱা এক ফেছন শ্ব’। এয়া সুন্দৰৰ পৃথিৱী, সুখৰ পৃথিৱী, ইয়াত উপস্থিত প্ৰতিজন লোকেই একোজন চেলিব্ৰিটি, লাখ লাখ মানুহৰ ক্ৰাছ, এইখন এখন সপোনৰ পৃথিৱী।

নানা ৰঙী সাংস্কৃতিক কাৰ্যক্ৰম চলিছে, মাজে মাজে ঘোষণা কৰা হৈছে এই বছৰ কোনো এটা শিতানত ফিল্মফেয়াৰ বঁটা লাভ কৰা অভিনেতা, অভিনেত্ৰী, বা কলা-কুশলীৰ নাম। প্ৰথমতে নমিনী কেইজনৰ নাম কোৱা হৈছে, প্ৰত্যেকজনৰ ক্ল’জ আপ ধৰা দিছে, কোটি কোটি উৎকণ্ঠিত লোকৰ ঘৰৰ টেলিভিচনৰ পৰ্দাত, পোনপটীয়া সম্প্ৰচাৰ চলি আছে। প্ৰতিটো ঘোষণাৰ বাবে দুজনকৈ বিশেষ লোকক দৰ্শকৰ মাজৰ পৰা মাতি অনা হৈছে, তেওঁলোকে অতি নাটকীয়তাৰে বিজয়ীৰ নাম ঘোষণা কৰিছে, বিজয়ীজন দুহাতে মুখ ঢাকি ঠিয় হৈছে, তেওঁৰ দুচকু সজল হৈ পৰিছে, ওচৰ-পাজৰৰ লোকসকলে তেওঁক আলিংগন কৰিছে। যিসকল নমিনী পৰাজিত হৈছে, তেওঁলোক পুনৰ ক্ল’জ আপত, তেওঁলোকে অতি উৎসাহেৰে চাপৰি বজাইছে, দেখিলে এনে লাগিব যেন, তেওঁলোক নিজে নিজিকি সিজন জিকাৰ বাবেহে বেছি ভাল পাইছে, উজ্জ্বল হাঁহিৰে জিলিকি উঠিছে পৰাজিতসকলৰ মুখ। জিকাজনে কান্দিছে, হৰাজনে হাঁহিছে……এইখন মিছাৰো পৃথিৱী, অভিনয়ৰ পৃথিৱী।

এই বছৰৰ উদীয়মান হিৰো এজনে তেওঁৰে এটা জনপ্ৰিয় গীতত নৃত্য প্ৰদৰ্শন কৰিলে, লাখ হিচাপত কিশোৰী যুৱতীৰ অন্তৰ আকৌ এবাৰ ঘাইল হ’ল। ইয়াৰ পাছতে আন এটা পুৰষ্কাৰ ঘোষণা কৰা হ’ব। ঘোষকে স্বভাৱসুলভ হাস্যৰসেৰে ক’লে,

: দ নেক্সট এৱাৰ্ড ইজ মাই পাৰ্চনেল ফেভৰিট, ন’ এৱাৰ্ড ব্ৰিঙচ চ’ মেনি এক্সকুইজিট হ’ট ডিভাজ টুগেডাৰ! লেডীজ এণ্ড জেণ্টলমে’ন, প্লীজ ৱেলকাম অন ষ্টে’জ, অনাৰেবল মিনিষ্টাৰ অৱ টুৰিজম, অৱ স ষ্টেট অৱ মহাৰাষ্ট্ৰ, শ্ৰী নবীন দাৱে জী, এণ্ড একম্পনীইং হিম, মিছ দ ম’ষ্ট বিউটিফুল মিছ চুজেন শ্ৰীৱাস্তৱ, টু গিভ এৱে দ্য প্ৰাইজ অফ- বেষ্ট এক্ট্ৰেছ ইন এ চাপৰ্টিং ৰ’ল ফ’ৰ দিছ য়েৰ! প্লীজ ৱেলকাম আৱাৰ গেষ্টচ টু দ্য ষ্টেজ৷

মঞ্চৰ পিছফালে পৰা বেঁকা চিৰি এখনেৰে দাৱেজী নামি আহি, মিছ শ্ৰীবাস্তৱে তেওঁৰ বাঁওহাতখন সাৱটি ধৰি আহিছে, মানুহজনী দাৱেজীৰ পিঠিত ওলমি অহা যেন দেখা গৈছে। দুয়োৰে মুখত ভুৱনভুলোৱা হাঁহি, দাৱেৰ হাতত এটা সুদৃশ্য এনভেলপ।

মাইকৰ ওচৰলৈ আহি দাৱেজীৱে এনভেলপটো খুলি মিছ শ্ৰীবাস্তৱক দিয়ে, নমিনীসকলৰ নাম ইতিমধ্যে ঘোষণা কৰা হৈছেই। সকলো উৎকণ্ঠিত, একেবাৰে চিনিয়ৰ অভিনেতা অভিনেত্ৰীসকলক বাদ দি, তেওঁলোকৰ মুখত স্মিত ফৰ্মেল হাঁহি, তেওঁলোকে এই কাণ্ড বহুবাৰ দেখিছে জীৱনত। এটা সুদীৰ্ঘ প’জ লৈ শ্ৰীবাস্তৱে প্ৰায় চিঞৰি উঠে,

: দ এৱাৰ্ড ফ’ৰ বেষ্ট চাপৰ্টিং এক্ট্ৰেছ গৌজ টু …. ….. মিছ জেনিফাৰ জেনী!

পুনৰ সেই আগতে কোৱা দৃশ্যৰ পুনৰাবৃত্তি, জেনিফাৰ ঠিয় হয়, দুচকু সেমেকে, আলিংগন কৰে, আৰু হাত চাপৰিৰ গৰ্জনীৰ মাজেৰে লয়লাসে মঞ্চৰ সমুখৰ চিৰিয়েদি উঠি যায়। নিমন্ত্ৰিত অতিথি দুজনাই সৰু মূৰ্তি এটাৰ আকাৰৰ পুৰষ্কাৰটো জেনিফাৰৰ হাতত তুলি দিয়ে, জেনিফাৰে চুজেনক সাৱটি ধৰে, দাৱেজীক অলপমান হাওলি সেৱা কৰাৰ দৰে কৰে, আৰু পডিয়ামৰ ফালে আগবাঢ়ে। সকলো কেমেৰা এইবাৰ জেনিফাৰৰ হাঁহি ভৰা মুখ আৰু সজল চকুত আৱদ্ধ। কেমেৰাৰ আঁৰত মঞ্চৰ পিছফালৰ পৰা এজন স্বেচ্ছাসেৱক আহি নবীন দাৱে আৰু চুজেন শ্ৰীবাস্তৱক মঞ্চৰ পৰা তললৈ নমাই লৈ যায়। তেওঁলোকৰ কাম শেষ হৈছে। জেনিফাৰ মাইকৰ সমুখত, দুহাতেৰে অতি আকুলভাৱে ধৰি আছে পুৰষ্কাৰটি, এবাৰ ওপৰলৈ চাই তেওঁ…..

: আই এম নট চিয়ৰ ইফ ইটজ এ ড্ৰীম, অনেষ্টিলী ….আই জাষ্ট ৱাণ্ট টু…..জেনিফাৰৰ মাত কঁপি উঠে!

আৰু তেনেকুৱাতেই গণ্ডগোলটো লাগি পৰিল, যি হয়তো মানৱ জাতিৰ ভৱিষ্যৎ চিৰদিনৰ বাবে সলাই পেলাব।

*********

শান্ত আৰু সৌম্য বোলা শব্দ দুটাৰ যদি কিবা শাৰীৰিক অবয়ব থাকিলেহেঁতেন, তেনে সেই ৰূপটো এই ধৰ্মগুৰুজনৰ দৰেই হ’লহেঁতেন হয়তো। মখমলৰ কাৰপেটৰ ওপৰত এক সুদৃশ্য চোফাত বহি তেওঁ সমুখৰ অনুগামীসকলক উদ্দেশ্যি ধৰ্মশিক্ষা দি আছে। গুৰুগম্ভীৰ মাত। সমুখত প্ৰায় হাজাৰৰো অধিক লোক, তেওঁলোকে মন্ত্ৰমুগ্ধ হৈ শুনি আছে ধৰ্মগুৰুৰ কথা। প্ৰতিটো বাক্যই যেন এক নতুন পথৰ সন্ধান, এক নতুন উদ্দেশ্যৰ জাননী। অনুগামীসকলে প্ৰতি মুহূৰ্তত উপলব্ধি কৰিছে তেওঁলোক কিমান মুৰ্খ, কিমান অদৰকাৰী কথাত সময় নষ্ট কৰি আহিছে তেওঁলোকে। অনন্ত স্বৰ্গসুখৰ পথ সমুখত খোলা থকা দেখিও, তেওঁলোক কিদৰে আজীৱন অন্ধ হৈ আছে, কিদৰে ভগৱানে দেখুৱাই যোৱা পথৰ পৰা পদচ্যুত হৈ, নিজৰ বাবে নৰকৰ দুৱাৰ মুকলি কৰিছে। কিদৰে বিধৰ্মীসকলৰ শোষণৰ বলি হৈছে। প্ৰতিজন অনুগামীৰ মনতে জাগি উঠিছে স্বৰ্গবাসনা, তাৰ বাবে তেওঁলোকে জীৱন পাত কৰিবলৈ সাজু হৈ উঠিছে, ধৰ্মগুৰুৱে দেখুওৱা পথেৰে আগবাঢ়িবলৈ উন্মুখ হৈ উঠিছে।

আৰু তেনেকুৱাতেই গণ্ডগোলটো লাগি পৰিল, যি হয়তো মানৱ জাতিৰ ভৱিষ্যৎ চিৰদিনৰ বাবে সলাই পেলাব।

*********

আনিন্দ্য শৰ্মা ছাৰৰ পাণ্ডিত্য আৰু বুদ্ধিমত্তাৰ তুলনা ইহ সংসাৰত বিছাৰি পোৱা অতি কঠিন কাম, অসম্ভৱেই চাগে। পৃথিৱীৰ এনে কোনো ডিগ্ৰী নাই যি শৰ্মাছাৰৰ চৰণ চুমা নাই। ভাৰতত এনে এখন বিশ্ববিদ্যালয় নাই, য’ত ছাৰে অতিথি প্ৰাধ্যাপক হিচাপে শিক্ষাদান কৰা নাই। ইমান অগাধ ব্যক্তিত্ত্বৰ লোক হৈয়ো ছাৰ কিন্তু সদায় মাটিৰ মানুহেই হৈ আছে। আজিও ছাৰৰ মহান হৃদয় দীন-দুখীয়াৰ প্ৰতি সমবেদনাৰে ভৰি আছে। ইমান শিক্ষা-দীক্ষা লৈয়ো ছাৰে জানে মাটিৰ মানুহৰ দু:খ, আৰু গুৰুত্ব। ছাৰে তেনে ধৰণৰেই এক ৰাজনৈতিক মতবাদতো বিশ্বাস কৰে। আৰু ছাৰক ৰাইজে বিশ্বাস কৰে তেওঁৰ পাণ্ডিত্যৰ বাবে, তেওঁৰ সৰলতাৰ বাবে, তেওঁৰ সমাজৰ প্ৰতি অৱদানৰ বাবে। ছাৰ দেশৰ কনফিউজড জনগণৰ অভিভাৱক স্বৰূপ। যিকোনো সমস্যাতে দেশৰ ৰাইজে ছাৰৰ দিক-নিদৰ্শনৰ বাবে বাট চায়, আৰু চাৰেও সেই দায়িত্ব সততাৰে পালন কৰে। ছাৰে চৰকাৰ গিৰাই দিব পাৰে, ছাৰে ডি চি লেভেলৰ চাকৰি খাই দিব পাৰে। ছাৰে তেনে এখন জনসভাই সম্বোধন কৰিছে, অগণন জনতাই ভীৰ কৰিছে ছাৰৰ অমৃতসদৃশ বাণী শুনিবলৈ। উথলি উঠিছে ৰাইজ, ….. হয় এই চৰকাৰ ভুল, শোষণকাৰী, ৰাষ্ট্ৰযন্ত্ৰ বোলা বস্তুটোৱেই শোষণ প্ৰক্ৰিয়াৰ ভিত্তিত প্ৰতিষ্ঠিত। যেতিয়ালৈকে এই ৰাষ্ট্ৰযন্ত্ৰক ওফৰাই পেলাব নোৱাৰি, জনগণৰ মুক্তি নাই।

আৰু তেনেকুৱাতেই গণ্ডগোলটো লাগি পৰিল, যি হয়তো মানৱ জাতিৰ ভৱিষ্যৎ চিৰদিনৰ বাবে সলাই পেলাব।

********

মানুহজন সৎ আৰু জনপ্ৰিয়, সাহিত্য জগতত তেওঁ এক অদ্বিতীয় সত্ত্বা। তেওঁৰ সাহিত্যকৃতিয়ে আকাশ চুমিছে, দেশৰ সাহিত্য কলাক এক নব্যস্তৰলৈ লৈ যোৱাত যিসকলে অৱদান যোগাইছে, তাৰ মাজত তেওঁৰ নাম প্ৰথমতেই আহে। সুন্দৰ চেহেৰা, বুদ্ধিদ্বীপ্ত কথাবতৰা, ডিজাইনাৰ সাজ পোচাক, খেয়ালী স্বভাৱ, অজস্ৰ টকা পইচা, সকলোফালৰ পৰাই তেওঁ এজন ড্ৰীম মে’ন। এক পৰিশীলিত পাৰিবাৰিক মানুহ তেওঁ, সাংঘাতিক চৰিত্ৰবান। আন সাহিত্যিকসকলৰ সৈতে তেওঁৰ এটাই পাৰ্থক্য যে তেওঁ অনুজসকলক সন্মান কৰে, শিকাই দিয়ে। বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাপেও তেওঁৰ অৱদান চকুত লগা, এশৰো অধিক ছাত্ৰ ছাত্ৰীয়ে তেওঁৰ অধীনতে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লৈছে। সকলোকে তেওঁ সমানে সহায় কৰিছে। আজি ৬০ ৰ ওচৰ চপা মানুহজনক এক সন্মান যঁচা হৈছে…. অনুষ্ঠানটোৰ আঁত ধৰোঁতাজনে কৈছেই তেখেতক যথাযোগ্য সন্মান জনাবলৈ আমাৰ সমলৰ অভাৱ, তেওঁৰ অৱদানৰ তুলনাত আমি কিমান নিঃকিন। তেওঁ এটা চমু ভাষণ ৰাখিছে, ক’ব খুজিছে, তেওঁৰ দৰে এক দৰিদ্ৰ পৰিয়ালৰ অভাৱী সন্তানৰ এই জয়যাত্ৰাৰ দুই এটা কথা, সাহিত্যৰ কথা, আত্মবিশ্বাস আৰু জীৱনৰ স্থিৰ লক্ষ্যৰ প্ৰয়োজনীয়তাৰ কথা।

আৰু তেনেকুৱাতেই গণ্ডগোলটো লাগি পৰিল, যি হয়তো মানৱ জাতিৰ ভৱিষ্যৎ চিৰদিনৰ বাবে সলাই পেলাব।

********

গৃহ, স্বাস্থ্যৰ লগতে পৰিবহন, তথ্য প্ৰযুক্তি, শক্তি আদি সকলো বিভাগীয় মন্ত্ৰীসকলৰ এক জৰুৰী গুৰুত্বপূৰ্ণ সভা বহিছে। ৰাতি তেতিয়া এঘাৰ মান বাজিছে, সভাক‍ক্ষত গুমগুমীয়া পৰিবেশ। এই গোপনীয় সভাত আনকি চাপ্ৰাছী পিয়ন আদিৰো প্ৰবেশ নিষেধ। কেৱল সমুখৰ পানীৰ বটলৰ পৰা তেওঁলোকে পানী এঢোক দুঢোক খাইছে, সেয়াও কথা কৈ ডিঙি শুকোৱাৰ বাবে। ভোক-পিয়াহ কাৰো নাই। সমস্যাটো হৈছে এবিধ ভাইৰাছজনিত অসুখক লৈ। কথাবোৰ কোনেও গম নোপোৱাকৈয়ে ইতিমধ্যে নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে। চৰকাৰ প্ৰশাসন বা ৰাইজে গম পোৱাৰ আগতেই এই ৰোগে ইতিমধ্যে বহু গণ্যমান্য ব্যক্তিক আক্ৰমণ কৰিছে। সকলো খেলিমেলি হৈ গৈছে। ভৱিষ্যৎ কাৰ্যপন্থা কি হ’ব সেই সিদ্ধান্ত ল’বলৈকে এই জৰুৰী সভা আহ্বান কৰা হৈছে। দেশ বিদেশৰ ডাক্তৰ বিজ্ঞানীসকলেও একো মাথামুণ্ড বিছাৰি পোৱা নাই, কেৱল অনুমান কৰা হৈছে, ই এক ভাইৰাছ জনিত ৰোগ। ক’ৰ পৰা এই ভাইৰাছ আহিল, কেনেকৈ সংক্ৰমিত হয়, সেই কথা বৰ্তমানলৈ কোনেও নেজানে। আৰু ই দ্ৰুতগতিত বিয়পি পৰিছে সমগ্ৰ পৃথিৱী জুৰি। স্বাস্থ্য বিভাগ অসহায়, বিজ্ঞান অসহায়। এই গুৰুত্বপূৰ্ণ সভাখনত সভাপতিত্ব কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে। কেইবাখনো ৰাজ্যৰ মূখ্যমন্ত্ৰীয়েও ভিডিঅ’ কন্ফাৰেন্স যোগে সভাত ভাগ লৈছে।

:কি হৈছে দেশত? স্বাস্থ্যমন্ত্ৰী, আপুনি কি জানে?

:মই একো নাজানোঁ ছাৰ। এক অদ্ভুত ঘটনা হৈছে, মই ইয়াক এতিয়াই ভাইৰাছজনিত ৰোগ বুলি ক’ব খোজা নাই, কিন্তু যি গতিৰে সংক্ৰমণ হৈছে, তাক ভাইৰাছজনিত ৰোগৰ সৈতেহে তুলনা কৰিব পাৰি৷

:কিন্তু হয় কি? লক্ষণ কি এই ৰোগৰ?

:ছাৰ! আন একো লক্ষণ নাই, ৰোগীসকল শাৰীৰিক ভাৱে একদম ঠিক থাকে, জ্বৰ, কাঁহ, পানীলগা, পেট চলা, ইমিউন নাইকিয়া হোৱা, লিভাৰ ডেমেজ, এনে একো নহয়, কলিজাও একদম মেডিকেলী ফিট থাকে৷

:তেনে হয় কি?

:ছাৰ! তাতকৈয়ো ভয়ংকৰ অৱস্থা হয়! কেৱল ৰোগীজনেই নহয়, সমগ্ৰ সমাজখন বৰ্বাদ কৰি দিয়ে তেওঁলোকে৷

:কি হয় পোনে পোনে কওক, এইবোৰ পাতনি বাদ দিয়ক।

:ছাৰ, তেওঁলোকে স্থান, কাল, পাত্ৰ নগণি সঁচা কথা কোৱা আৰম্ভ কৰে, ডেমকেয়াৰ হৈ।

:কিইইইইইইইইই?

ভীতিগ্ৰস্ত উত্তেজনাৰে সভাকক্ষৰ সকলোৱে চিঞৰি উঠে!

:হয় ছাৰ! পৃথিৱীৰ প্ৰায়বোৰ দেশতে এই ৰোগ বিয়পি পৰিছে ইতিমধ্যে, আমাৰ বিভাগে বহুতো দেশৰ সৈতে যোগাযোগ কৰিছে, আৰু সকলোৱেই একেটা কথাই কৈছে। সংক্ৰমণৰ ৰূপ ভাইৰেল ৰোগৰ দৰে, কিন্তু ভাইৰাছবিধ কোনোপধ্যেই ধৰা পেলাব নোৱাৰি। গতিকে ই ভাইৰাছজনিত ৰোগ নে মানসিক ৰোগ সেই বিষয়েও সন্দেহ নথকা নহয়।

:কিন্তু মানসিক ৰোগ এইদৰে সংক্ৰমণ হয় জানো?

:নহয়, কেতিয়াও নহয়। গতিকেই আমি ইয়াক ভাইৰাছ বুলিয়েই সিদ্ধান্ত কৰিছোঁ। কিন্তু এই ভাইৰাছৰ গতিবিধি আৰু স্বৰূপ, আনকি সংক্ৰমণৰ আমি বিচাৰি উলিয়াব পৰা নাই, আমি কি, দুনীয়াৰ কোনেও উলিয়াব পৰা নাই, এতিয়ালৈকে।

প্ৰধানমন্ত্ৰী কিছুসময় মৌন হৈ বহি ৰ’ল, তেওঁ স্থিতপ্ৰজ্ঞ মানুহ, সহজে বিচলিত নহয়। কিন্তু তেওঁৰ দুচকুতো অলপ চঞ্চলতা দেখা গ’ল।

স্বাস্থ্যমন্ত্ৰীয়ে আকৌ মাত দিলে,

:আৰু এটা কথা ছাৰ। এই ৰোগে সকলোকে আক্ৰমণ নকৰে, এক বিশেষ সামাজিক স্থিতিৰ লোককহে আক্ৰমণ কৰাৰ প্ৰমাণ আহিছে এই মুহূৰ্তলৈকে৷

:বহলাই কওক৷

:ছাৰ এই ৰোগে কেৱল সমাজৰ মূধা ফটা লোকসকলকহে আক্ৰমণ কৰে, বাকী সাধাৰণ নৰ-মনিচৰ ওপৰত এই ৰোগৰ কোনো প্ৰভাৱ আমি এতিয়ালৈকে দেখা পোৱা নাই৷

:মূধা ফটা মানে?

:মানে ছাৰ, ধৰক যি নিজৰ সামাজিক স্থিতি ইমানেই উন্নত কৰিছে যে তেওঁৰ শিৰ, মানে মূধা, মানে মূৰ একেবাৰে গৈ ঘৰৰ মূধচ চুইছেগৈ; কেৱল চোৱাই নহয়, ফুটায়ো পেলাইছে”

:মানুহ ইমান ওখ কেনেকৈ হ’ব পাৰে? আমাৰ ধান গছবোৰ দেখোন ছয় ইঞ্চিতকৈ ওখ নহয়েই৷

এইবুলি কৃষিমন্ত্ৰীয়ে মাত দিলে। কৃষিমন্ত্ৰীজনে ব্ৰইলাৰ চিকেন বৰ ভাল পায়, এই গুৰুত্বপূৰ্ণ মীটিংখনলৈ আহোঁতেও তেওঁ এবাতি ব্ৰইলাৰ ড্ৰাই ফ্ৰাই বান্ধি আনিছে, মাজে মাজে তাৰে এটুকুৰা চোবায়। ব্ৰইলাৰৰ ডিঙিৰ মাংস এটুকুৰা চোৱাই চোবায়েই তেওঁ প্ৰশ্নটো সুধিলে।

:এইটো এটা উপমা, ৰূপক! আপুনি নুবুজিব! আপুনি মাংস খাওক।

স্বাস্থ্যমন্ত্ৰীয়ে কেটেৰাই ক’লে।

ৰ’ৱ!-অদৰকাৰী কথা পতাৰ সময় নহয় এয়া।

প্ৰধানমন্ত্ৰীয়ে কথাৰ গতি আনফালে যোৱাত অসন্তুষ্ট হৈ মাত দিলে।

চৰি ছাৰ! আমি কি কৰোঁ কওক ছাৰ। আমি একেবাৰে অসহায় হৈ পৰিছোঁঁ, এই গতিৰে চলি থাকিলে আমি শেষ হৈ যাম।

দেশখনৰ প্ৰধানমন্ত্ৰীৰ দুচকু অনন্তত গৈ সীমাবদ্ধ হ’ল, মুখৰ উদাসী, দাৰ্শনিক ভাৱ এটাই ছাঁ পেলালে। বহুসময় মুক হৈ থাকি তেওঁ ক’লে,

:আমাৰ এই সমাজ, সভ্যতা, উন্নতি, সকলো, আই মীন এভ্ৰিথিং ৱি হেভ, ৱি আৰ….. সকলো মিছাৰ ওপৰত প্ৰতিষ্ঠিত। ই এক ধ্ৰুৱ সত্য, আৰু পৃথিৱীত একমাত্ৰ এইটোৱেই সঁচা কথা। আমি মাজে মাজে সঁচা কথা কওঁ হয়, সঁচাক বিশ্বাসো কৰোঁ, কিন্তু সত্য আমাৰ জীৱনৰ ভেঁটি নহয়! মিছা, কেৱল মিছাৰ ওপৰতে আমাৰ জীৱন সমাজ আধাৰিত, সেয়ে শাস্ত্ৰত এই মানৱী জনমকে মিছা বুলি কৈছে।

কিন্তু এইবিলাক দাৰ্শনিক চিন্তাৰ এতিয়া কোনো কাম নাই, আমি এক ভীষণ পৰিস্থিতিৰ সন্মুখীন হৈছোঁঁ, আমি ইয়াক সাহস আৰু কঠোৰতাৰে মোকাবিলা কৰিব লাগিব৷

:কিন্তু এই মোকাবিলা ষ্ট্ৰেটেজিক হ’ব লাগিব, ষ্ট্ৰেটেজিক নহ’লে লাভ নাই, সৱ ফ্লপ শ্ব’ হ’ব। এই বস্তুটো ষ্ট্ৰেটেজিক কেনেকৈ হ’ব, সেইটো কওক, নহ’লে গাদী এৰি দিয়ক। বচ আমাৰ সকলো কথা ষ্ট্ৰেটেজিক হ’ব লাগিব, সেয়া আমাৰ দলৰ দাবী। ষ্ট্ৰেটেজিক, বুজিছেতো, ষ্ট্ৰেটেজিক৷

এইবাৰ বিৰোধী দলৰ দলপতিয়ে মোবাইলৰ পৰা মূৰ তুলি ক’লে। তেওঁৰ কথাত কোনেও বিশেষ গুৰুত্ব দিয়া দেখা নগ’ল। তেঁৱো ষ্ট্ৰেটেজিক শব্দটোত গুৰুত্ব দিয়েই নিজৰ দায়িত্ব সামৰিলে।

:মোক এটা কথা কওকচোন, এই ৰোগটো কিমান সময় থাকে ৰোগীৰ গাত?

স্বাস্থ্যমন্ত্ৰীয়ে চকীতে অলপ টোপনিয়াইছিল, প্ৰধানমন্ত্ৰীৰ প্ৰশ্ন শুনি তেওঁ খকমকাই উঠিল।

:ছাৰ আমাৰ হাতত থকা তথ্য মতে এইটো ৰোগে এবাৰ পালে আৰু নেৰে, মানে আজীৱন ৰোগীৰ গাত এই বেমাৰটো থাকি যায়। তেওঁ নমৰালৈকে পুৰাপুৰি সত্যবাদী হৈ যায়। মৰি গ’লেও এটাও মিছা কথা তেওঁৰ মুখৰ পৰা নোলায়। গৃহ বিভাগৰ সহযোগত তেনে এজন ৰোগীৰ আমি লকআপত ভৰাই মিছা কথা কোৱাবলৈ বহুত যত্ন কৰিছিলোঁ, স্কটলেণ্ড য়াৰ্ডেও তেনে এটা পৰীক্ষণ কৰিছিল। কিন্তু সকলো দেশৰ পৰা পোৱা ৰিজাল্ট আৰু আমাৰ নিজৰ পৰীক্ষাৰ ফলাফল মিলাই মই আপোনাক ক’ব পাৰোঁ যে, এই ৰোগ এবাৰ হ’লে আৰু ভাল নহয়। কিন্তু মোৰ অনুমান, এই ভাইৰাছবিধ নতুন নহয়, শাস্ত্ৰ পুৰাণতো এইবিধ ৰোগৰ উল্লেখ আছে, ৰজা হৰিশ্চন্দ্ৰ, কৰ্ণ, হাৰকিউলিছ আদি এই ৰোগত আক্ৰান্ত আছিল বুলি সন্দেহ কৰাৰ থল আছে। হয়তো এই ভাইৰাছ বিধ ইমান দিনে ডৰমেণ্ট অৱস্থাত আছিল, এতিয়া সক্ৰিয় হৈ পৰিছে৷

:হমমম! বৰ ভয়ংকৰ কথা দেখোন। এই ৰোগত মৃত্যুৰ হাৰ কেনেকুৱা?

:ছাৰ, বহুদিনৰ আগতে কৰোণা ভাইৰাছ বুলি এবিধ ভাইৰাছে পৃথিৱী কঁপাইছিল, আমি সকলোৱে বুৰঞ্জীত পঢ়িছোঁ। সেই ৰোগৰ দৰেই এই ভাইৰাছৰ বাবে কোনো মানুহ নমৰে, মৰে আনুসংগিক কাৰণত। ছাৰ সঁচা কথা কোৱাৰ বাবে মানুহ মাৰ খাই মৰে, পাব্লিক ঢুলাই খাই মৰে, পুলিচৰ হাতত এনকাউণ্টাৰ হৈ মৰে, পত্নীৰ বেলনা মাৰিৰ প্ৰহাৰত মৰে। প্ৰায়বিলাক ৰোগীৰে মৃত্যু হৈছে ছাৰ, কিন্তু কেৱল এনেবোৰ কাৰণতে৷

:চাওক এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব লাগিব। মিছাৰ ওপৰত প্ৰতিষ্ঠিত আমাৰ এই সভ্যতা সংস্কৃতিক আমি এক “সত্য ভাইৰাছ”ৰ হাতত ধ্বংস হ’বলৈ এৰি দিব নোৱাৰোঁ। বাই হুক অৰ বাই ক্ৰুক, কোনো কথাতে কম্প্ৰমাইজ নচলিব। আপোনালোকে কালি পুৱা ন বজাৰ ভিতৰত নিজ নিজ পৰিকল্পনা মোক জনাব, সময় ভাল নহয়। আপোনালোক নিজেও সাৱধান হ’ব। কালিলৈ আপোনালোকৰ কোনোবা এজন এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’লে আমাৰ সকলোৰে কি হ’ব, নিজে এবাৰ ভাৱি চাওক। শুভৰাত্ৰী!

:ছাৰ আমি এই ভাইৰাছৰ নামো “সত্য ভাইৰাছ”এই ৰাখিছো, “দ ট্ৰুথ ভাইৰাছ”

:অকে! আজিলৈ গুড নাইট৷

**********

আচলতে নো হৈছিল কি? কিয় সমগ্ৰ পৃথিৱী শংকিত হৈ পৰিছিল এই বেমাৰটো লৈ। “সত্য ভাইৰাছ”ক লৈ। আমি সকলো গম পাইছিলোঁ, মেডিয়াৰ যোগে। মেডিয়া পাৰ্চনসকলে নিজৰ জীৱনক তুচ্চ কৰি এনে ৰোগীসকলৰ লাইভ টেলিকাষ্ট আমাক দেখুৱাই আছিল। কেনেকৈ ৰোগীসকলে কৈ গৈছিল সকলো অপ্ৰিয় সত্য, খুলি পেলাইছিল নিজনিজ ভদ্ৰতাৰ মুখা। আমি সকলো দেখিছিলোঁ।

জেনিফাৰ জেনীয়ে খোলাখুলিকৈ কৈছিল, চিনেমাৰ ৰোলৰ বাবে, ফ্লেটৰ ভাড়াৰ বাবে তেওঁ কাৰ কাৰ সৈতে ৰাত্ৰী যাপন কৰিব লগা হৈছিল, এই এৱাৰ্ডটোৰ বাবে বিচাৰকসকলে তেওঁক কিদৰে ব্যৱহাৰ কৰিছিল। শুনি আমাৰ বমি আহিছিল। নৱীন দাৱেৰ বিকৃত মানসিকতাৰ কথা আমি শুনিছিলোঁ, ল’ৰা-ছোৱালীৰ সৈতে বাতৰি চাই থকা অৱস্থাত আমি টিভি বন্ধ কৰি দিব লগা হৈছিল। ধৰ্মগুৰুৱে স্বীকাৰ কৰিছিল, তেওঁ আচলতে এজন সন্ত্ৰাসবাদী, মানুহৰ ধৰ্মান্ধতাৰ সুবিধা লৈ কিদৰে তেওঁ গোষ্ঠী সংঘৰ্ষ সৃষ্টি কৰি হাজাৰ হাজাৰ মানুহক হত্যা কৰোৱাইছিল, আৰু তাৰ বিনিময়ত তেওঁ কিমান ধন ঘটিছিল। শৰ্মা ছাৰে কৈ পেলাইছিল, কিদৰে তেওঁ সদায় জনতাক আভুৱা ভাৰি আহিছে, তেওঁৰ এন জি অ’টোৱে কিমান বিদেশী ফাণ্ডিং পাই তাৰ হিচাপ দি পেলাইছিল। খুলি পেলাইছিল তেওঁ নিৰপেক্ষতা আৰু ধৰ্মনিৰপেক্ষতাৰ মুখা। নিজ মুখে কৈছিল, কিদৰে জানিশুনি তেওঁ এক মৌলবাদী ষড়যন্ত্ৰৰ আহিলাৰূপে কাম কৰি আছিল ইমানদিনে। সৰ্বহাৰৰ মুক্তি তেওঁ বিচৰা নাছিল, বিচাৰিছিল প্ৰতিপত্তি। অধ্যাপক ছাৰে কৈছিল, তেওঁ কিদৰে পইচাৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীক পি এইচ ডি ডিগ্ৰী দিয়াইছিল। আৰু কিমান ছাত্ৰীক নিজৰ কোঠাত গোপনে মৰম কৰিছিল, আপত্তি কৰিলে নিজৰ প্ৰভাৱ খটুৱাই কিমানৰ জীৱন নিঃশেষ কৰি পেলাইছিল। এগৰাকী কলা সমালোচকে কৈ গৈছিল, তেওঁৰ নিম্ফোমেনিয়াই কিমান সংসাৰ ধ্বংস কৰিছিল। এজন ইঞ্জিনিয়াৰে কৈছিল মৰাক মাৰি খোৱাৰ অভিজ্ঞতা। এজন নাৰ্চিং হোমৰ স্বত্বাধিকাৰী চিকিৎসকে বুজাই দিছিল, ৰোগৰ নামত হোৱা টকাৰ খেলাখন। সকলো খোলাখুলি হৈ গৈছিল মেডিয়াৰ সমুখত। নগ্ন হৈ পৰিছিল বহুতো ভদ্ৰলোক, ভদ্ৰমহিলা!

তেনে এটা বাতৰিকে মই নিসংকোচে চাই আছিলোঁ। সমাজৰ সফল লোকসকলৰ মুখা খোলখাই যোৱাত , তেওঁলোকৰ জীৱন বৰ্বাদ হৈ যোৱা এক আসুৰিক পৰিতৃপ্তি পাইছিলোঁ মই। হয় ভাল কথা হৈছে, ‘সত্য ভাইৰাছে’ আমাক নতুন জীৱন দিছে, নতুনকৈ জীৱনৰ সোৱাদ দিছে। সত্য ভাইৰাছ জিন্দাবাদ!

মোৰ নৱবিবাহিতা পত্নী ইতিমধ্যে টোপনিৰ কোলাত ঢলি পৰিছিল। ষ্টুডিঅ’ত চেনেলটোৰ মূখ্য সম্পাদকজন, এগৰাকী সাংবাদিকে লাইভ কৰি আছে, এজন দেশবিখ্যাত উকীলৰ ঘৰৰ পৰা। উকীলজন কোনো কে’ছত নেহাৰে বুলি সকলোৱে জানেই। তেওঁকো এই ভাইৰাছে পালে, তেওঁ এখন সংবাদমেল পাতি কৈ আছে, এজন মন্ত্ৰীপুত্ৰৰ ধৰ্ষণৰ ঘটনাক ওলোটাই তেওঁ কেনেকৈ ছোৱালীজনীক দোষী সাব্যস্ত কৰিছিল। তাৰ বিনিময়ত কিমান টকা লৈছিল। ছল্লিশজন নীৰিহ মানুহক একেদিনাই হত্যা কৰা এজন উগ্ৰপন্থীক তেওঁ কিদৰে মানসিক বিকাৰগ্ৰস্ত বুলি প্ৰমাণ কৰি শাস্তিৰ পৰা ৰক্ষা কৰিছিল। বৰ ভাল লাগিছিল চাই।

মূখ্য সম্পাদক :আচ্ছা এতিয়া আমি পোনে পোনে যাম, আমাৰ সাংবাদিক মৌচুমীৰ ওচৰলৈ, মৌচুমী, আমি জানিব বিচাৰিম, দেশৰ বিখ্যাত লয়াৰ কাকতি ডাঙৰীয়াই সংবাদমেলত যিখিনি কথা ক’লে, তাৰ বিশ্বাসযোগ্যতা কিমান। তেওঁ মানসিকভাৱে দূৰ্বল হৈ পৰিছে নে, সেইখনি সত্য ঘটনা? তেওঁৰ পৰিয়ালে কি ক’ব খোজে এই বিষয়ে? আমি সবিশেষ জানিব বিছাৰিম আমাৰ দৰ্শকসকলৰ বাবে….. মৌচুমী….. আপুনি মোৰ কথা শুনি আছেনে?

:শুনিছোঁ! শুনিছোঁ কুকুৰ, তোৰ সকলো কথা শুনিছোঁ। আজীৱন শুনি আহিছোঁ, পেপাৰত কাম কৰা দিনৰ পৰাই। কেৱল শুনাই নহয়, দেখিও আছোঁ, তই সদায় নতুন নতুন ছোৱালী উঠাৱ অফিচৰ পৰা। তই আৰু আমাৰ চেনেলৰ মালিক…..কিমান ছোৱালীৰ জীৱন শেষ কৰিলি, আজি মই কম! আৰু তই শুনিবি। আমি তোৰ কথা শুনিবই লাগিব, তোৰ লগত যাবই লাগিব, নহ’লে আমাৰ চাকৰি শেষ। মই ঘৰৰ পৰা ওলাই নিজে কিবা এটা কৰি খাম বুলি ওলাই অহা ছোৱালী আছিলোঁ। চাকৰিটোৰ বিনিময়ত তই মোক বেশ্যা সজালি, নিজৰটো বাদেই, চেনেলৰ এডভাৰ্টাইজমেণ্টৰ বাবে কিমান অফিচাৰ, পলিটিচিয়ানৰ সৈতে শুবলৈ বাধ্য কৰিলি মোক, আজি সকলোৰে নাম কম মই। জহন্নামে যাওক এই চাকৰি, জহন্নামে যাওক সকলো, মই কম আজি, আৰু ৰাইজৰ আগত কম! তই ইণ্টাৰভিউত কি কি সোধ সেইটোও কম! জহন্নামে যোৱা থড়কী, পাগল, আজি মই তই আৰু তোৰ সাংগোপাংগ সকলোৰে নাম কম …..

হঠাৎ লাইভ টেলিকাষ্ট বন্ধ হৈ গ’ল। এস, মজা লাগি আছিল কে’ছটো। আন চেনেলত আছে নেকি লাইভ? মই চেনেলবোৰ সলাই চালোঁ, নাই দেখোন। কিন্তু কাইলৈ গম পামেই, চেনেলত নাহিলেও নিউজ পৰ্টেলবোৰত আহিবই। বৰ মজা লাগি আছিল চাই।

টিভিটো বন্ধ কৰি মই বাথৰূমলৈ গ’লোঁ, তাৰ পাছত বেলকনিলৈ গৈ চিগাৰেট এটা জ্বলালোঁ। ভাৱিলোঁ, কি হৈ আছে দুনীয়াখনত! কিন্তু যি হৈ আছে, ভালেই হৈছে যেন লাগিছে। সকলো সত্য বাহিৰ হৈ আহিছে। ভিতৰ সোমালোঁ। মোৰ পত্নী নিশ্চিন্তে টোপনি গৈ আছে। হঠাত তেওঁক জগাবৰ মন গ’ল, কান্ধত ধৰি জোকাৰি দিওঁতেই তেও সাৰ পালে।

:কি হ’ল? এই ৰাতিখন?

:তোমাক এটা কথা ক’ব লগা আছিল! মোৰ আৰু এটা পৰিয়াল আছে। দুটা ল’ৰা ছোৱালীও আছে। আচলতে তোমাক বিয়া কৰোৱাৰ আগৰ পৰাই আছে। প্ৰেমত পৰি পলুৱাই আনিছিলোঁ, কিন্তু জাত পাত নিমিলা বাবে ঘৰৰ পৰা কেতিয়াও তেওঁলোকক স্বীকাৰ নকৰিলে। সেয়ে মিছা কথা কৈ তোমাক বিয়া পাতিব লগা হ’ল। তেওঁলোকৰ ভৰণ পোষণৰ দায়িত্ব ময়েই লৈ আছোঁ, আৰু আজীৱন লৈয়ো থাকিম। তোমাক নক’লে তুমি এই কথাটো কেতিয়াও গম নোপোৱাৰ ব্যৱস্থা মই কৰি থৈছিলোঁ। কিন্তু….

আজি মই গম পালোঁ, এই ভাইৰাছটো টিভিৰ যোগে বিয়পে!

☆ ★ ☆ ★ ☆

27 Comments

  • Rimjhim Borthakur

    সাংঘাতিক। বিৰাট ভাল লাগিল।

    Reply
    • অভিজিত কলিতা

      ধন্যবাদ ৰিমঝিম

      Reply
  • rintumoni dutta

    এই ভাইৰাচটোৰ পৰা মোক যেনেতেনে বচাবা প্ৰভু, নহ’লে পানী নোহোৱা পূখুৰীত জাঁ‌প দিব লাগিব

    Reply
    • অভিজিত কলিতা

      মোৰো একেই।

      Reply
  • সঞ্জীৱ।

    বৰ বঢ়িয়া লাগিল দাদা।

    Reply
  • বহুত ভাল লাগিল ৷

    Reply
    • অভিজিত কলিতা

      ধন্যবাদ

      Reply
  • আদিত্য

    সা‍ংঘাতিক লিখনি….ভাল লাগিল ।

    Reply
    • অভিজিত কলিতা

      হয়নে? ধন্যবাদ

      Reply
  • HEMANTA KAKATI

    চুপাৰ ডুপাৰ অভিজিত৷ “ষ্ট্ৰেটেজিক” লিডাৰজন আক্ৰান্ত হলে মজা লাগিল হেতেন! তামাম কনচেপ্ট! চেলিউট!

    Reply
  • Sadananda Bhuyan

    বিৰাট ভাল লাগিল ।

    Reply
  • কাবেৰী মহন্ত

    সাংঘাতিক ভাল লাগিল৷ অলপ বেলেগ কনচেপ্তটোৰ বাবে বেছি ভাল লাগিল

    Reply
  • Pranita Goswami

    ফেণ্টাছটিক। বিৰাট ভাল লাগিল অভিজিত।

    Reply
  • নীলাক্ষি দেৱী ডেকা

    বহুত ভাল লাগিল দাদা। এইটো কৰোনাতকৈয়ো মাৰাত্মক ভাইৰাছ।

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা।

    তামাম বন্ধু। কি কনচেপ্ট হে। ক’ত ভাবি পোৱা? সঁ‌চাই তোমাক ঈৰ্ষা কৰোঁ‌।

    Reply
  • অবিনাশ শৰ্মা

    ভাল লাগিল দাদা৷

    Reply
  • Pallabi Bhuyan

    ভাল লাগিল

    Reply
  • শৰৎ মহন্ত ।।নগাঁও ।।

    বৰ ভাল লাগিল । সুন্দৰ ভাবে উপস্থাপন
    হৈছে।।

    Reply
  • Kallol

    কলিতা বঢ়িয়া লাগিল। কল্পলা কৰিয়ে ভাল লাগিছে কথাবোৰ

    Reply
  • Jyotirupam Dutta

    য়ো য়ো! সত্য ভাইৰাছেে আপোনাকো পালে যেন পাইছো৷

    বৰ ভাল লাগিল পঢ়ি৷

    Reply
  • সাংঘা লিখছি হে । চেলুট মাৰিলে ময়ো আক্ৰান্ত হৈ যাম নেকি।

    Reply
  • ৰাজখোৱা_হিমাংশু

    মই নিশ্চিত আপোনাক এইটো ভাইৰাছে পাইছে অভিজিত দা!

    তামাম (তামাম টু বল্ড আৰু আন্দাৰলাইন কৰি পঢ়িব)

    Reply
  • abhijit goswami

    বঢ়িয়া লাগিল দাদা 👍👍👍

    Reply
  • সত্য ভাইৰাছ সঁচাকৈ লাগিলে পৃথিৱীৰ হ’বলগীয়া পৰিস্থিতিটো চকুৰ আগত ভাঁহি উঠিল অভিদা৷ বৰ ভাল লাগিল পঢ়ি৷

    Reply
  • J B

    সাংঘাটিক লিখিছে দাদা।

    Reply
  • অভিজিত কলিতা

    সকলোকে অশেষ ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published.