ফটাঢোল

সপোনৰ পম খেদি -মনীষা কাকতি    

সপোন নেদেখা এযুগেই হ’ল। কৰুণাৰ মনত নপৰে, শেষবাৰৰ বাবে সি কেতিয়া সপোন দেখিছিল। আগতে চিলমিল টোপনিতো সপোন আহিছিল। কি দিন, কি ৰাতি, দেহাটো কাতি কৰিলেই সপোনৰ নাচোন তাক্ ধিনা ধিন্। তাকো এলাপেচা নহয়, একদম ৰঙীন-ৰঙীন সপোন। সি চিনেমাৰ হিৰো, হিৰোইন কেটৰিনা নাইবা কৰীণাৰ লগত ডান্স – ‘চিকনী চামেলী’ অথবা ‘ফেভিক’ল চে’। উফ্! ভাবিলেই গাটো ৰিমঝিমাই যায়। আৰু এতিয়া.. ৰঙীন বাদ, সপোনৰ নামত ক’লা-বগা কিবা এটাও দেখা হ’লে! তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি ওলাল ক’ৰ’না। ক’ৰ’না! নাম নাপালে আৰু ভাইৰাছৰ। গালি পাৰিলেও নিজৰ গাতে লাগে। দিনৰ এঘাৰ বজাতে দোকান বন্ধ কৰি ঘৰত সোমাই শুই-বহি থকাৰ বাদে কৰিবলৈ একোডাল কাম নাথাকে। ধুনীয়া ধুনীয়া সপোন দেখিলেও শুই থাকিবলৈ মজা। কিন্তু তাতো কণা বিধাতাৰ কেণা। একফালে দিলে আনফালে কাটি নিয়ে। চাল্লা, জীৱনৰ পাল্লা সদায় বেলেঞ্চেড্। কেতিয়াবা সি ভাবে, সপোন দেখাৰো চাগৈ কিবা নিৰ্দিষ্ট বয়স আছে। চৰকাৰে আজিকালি সকলোতে উৰ্ধতম সীমা নিৰ্ধাৰণ কৰি দিয়াৰ নিচিনাকৈ ভগৱানেও চল্লিশৰ ডেওনা পাৰ কৰা লোকৰ নিদ্ৰাত ভুমুকি নামাৰিবলৈ কিজানি সপোনক সকীয়াই থৈছে। এবাৰ সি এখন এনিমেছন বোলছবি চাইছিল। নাম-চাম পাহৰিলে। তাত এখন সপোন ৰাজ্য আছিল। ভাল লগা, ধেমেলীয়া, অদ্ভুত, ভয়ানক আদি হৰেক ৰকমৰ বিশৃংখল সপোন কাচৰ বৈয়ামত ভৰাই থোৱা থাকে। সপোনবোৰৰ তদাৰকৰ দায়িত্বত থাকে এজন বৃদ্ধ। সপোনৰখীয়া বুঢ়া। প্ৰত্যেক ৰাতি বুঢ়াই নিৰ্দিষ্ট কিছুমান বৈয়ামৰ সাফৰ খুলি দিয়াৰ লগে লগে বন্দী সপোনবোৰ মুক্ত হৈ পৰে। সিহঁতে চিনে নিজ নিজ গন্তব্যস্থান। উন্মুক্ত হৈয়েই টোপনিত লালকাল নিৰ্দিষ্ট গৰাকীৰ কাষ পায় আৰু দুচকুত ভিৰ কৰে। কেঁচুৱাবোৰে নিদ্ৰামগন অৱস্থাত হাঁহিলে মানুহে যে কয়, “ভগৱানে সপোনত কিবা আমোদজনক দেখুৱাইছে।” কেছটো চাগৈ তেনেকুৱাই! তাৰ কাৰণেও… এটা… মাত্ৰ এটা সপোনৰ নিৰ্দিষ্ট বৈয়াম নাই নে? কথাবোৰ ভাবি ভাবি গধুৰ মনেৰে সি বিছনাত পৰে।

হঠাৎ, উচ্চস্তৰত ভাহি অহা শব্দৰ টুকুৰাই কৰুণাৰ কৰ্ণকুহৰত খুন্দা মাৰিলে। যেন কেইবাজনো লোকে   একেসময়তে কথা ক’বলৈ হেতা-ওপৰা লগাইছে। ঘটনাৰ উমান ল’বলৈ চকু মেলিলত চকুতকৈ কৰুণাৰ মুখখনহে বেছি বহলকৈ মেল খালে। তাৰ মূৰৰ ওপৰত একো নাই। ঘৰৰ চাল উধাও। আনকি কোঠাৰ বেৰ, চকী, মেজ, আলনা সৱ গায়ব। অকল বিছনাখন আৰু সি আছে। কাষে কাষে ডাঙৰ কপাহৰ টুকুৰা কিছুমান উপঙি ফুৰিছে। দূৰ-দিগন্তলৈ জনপ্ৰাণীহীন। ঘৰৰ বিছনাত লাং খাই সপোন পাগুলি থকা কথা তাৰ ভালকৈয়ে মনত আছিল। তেন্তে এই অচিনাকি ঠাইখনত সি আহিল কেনেকৈ? ভয়বিহ্বল দৃষ্টিৰে কৰুণাই চৌদিশে এবাৰ চকু ফুৰালে। অ’ত-ত’ত শূন্যতে ভাহি আছে কেইখনমান প্ৰকাণ্ড স্ক্ৰীণ। ভালকৈ নজৰ কৰিলত দেখিলে তাত অচম মুলুকৰ দাদা, মামা আৰু চাচাৰ ভাগে-ভাগে ভাষণ চলি আছে। ভাষণত তৰ্জন-গৰ্জন। 

‘‘……..এইবাৰ চৰকাৰ আমাৰ দলেই বনাব। আমি অচমৰ ৰাইজৰ হৃদয়ত আছোঁ।’’

আচৰিত! এয়া দেখোঁ নিৰ্বাচনী ভাষণ। নিৰ্বাচনৰ আগে আগে ৰেলী, সভা আদিত প্ৰতি পাঁচবছৰৰ মূৰে মূৰে বজোৱা ৰেকৰ্ডখন। নিৰ্বাচন শেষ হৈ চৰকাৰ গঠন হোৱাৰ পিছতো এইবোৰ ইয়াত কিয় বাজি আছে? কোনে চাইছে? আচম্বিত কৰুণাই কাৰোবাক দেখাৰ আশাত ইফালে-সিফালে চকু ফুৰালে। বিছনাৰপৰা নামিবলৈও সাহস গোটাব পৰা নাই। গালত হাত দি চিন্তাত ডুবি থাকোঁতে তাৰ মনত খেলালে যে মুখত মাস্ক নাই। কোনোবা পুলিছ-তুলিছে দেখিলে সৰ্বনাশ হ’ব। চিন্তাৰ চাকনৈয়াত পৰি অণ্ঠ-কণ্ঠ শুকাই যোৱা কৰুণাই মনতে ভগৱানৰ নাম ল’বলৈ ধৰিলে।

: অ’ কোৱা।

অনৰ্গল বাজি থকা ভাষণ অকস্মাৎ ‘মিউট’ হৈ পৰাৰ সমান্তৰালকৈ অচিনাকিৰ আগমন আৰু গহীন মাতে কৰুণাৰ চিন্তা-ভাৱনাত দুই ছেকেণ্ডৰ বিৰতি আনিলে। পিছমুহূৰ্ততে দুগুণ ভয়ত থৰথৰকৈ কঁপি চকু মুদি পুনৰ ভগৱানৰ নাম জপ কৰাত লাগি গ’ল।  

: কোৱা। তোমাৰ কাষতে আছোঁ।

: কো-ন আ-পু-নি? 

 মুখৰ পৰা কোনোমতে শব্দকেইটা উলিয়াই কৰুণাই আকৌ ভগৱানক চিন্তিবলৈ ধৰিলে। 

: অহ ছ’ৰী, মোৰ পৰিচয় দিবলৈ পাহৰিয়ে গৈছিলোঁ। যমপুৰীত হাহাকাৰ। যমৰাজ ক’মাত। এই মানুহমখাই মোকো পাগল কৰিহে এৰিব! শুনা, মই হ’লোঁ ভগৱান আৰু এয়া সৰগ। তুমি এতিয়ালৈকে বহুবাৰ মোক স্মৰণ কৰিলা। 

ভগৱান? পিন্ধনত ছ্যুট-টাই-জোতা, মূৰত চাহাবী টুপি, হাতত স্মাৰ্ট ফোন। ভগৱানৰ এয়া কেনে ৰূপ! শান্ত-সৌম্য-দিব্য ৰূপৰ ঠাইত ভগৱান সাধাৰণ নৰ-মনিচ বেশে? বিশ্বাস-অবিশ্বাসৰ দোমোজাত কিংকৰ্তব্যবিমূঢ় কৰুণাৰ মুখমণ্ডল কেঁ‌হেৰাজ বৰণীয়া হ’ল। 

: যিদিনাৰ পৰা মানৱজাতিক স্ৰজিলোঁ সেইদিন ধৰি শান্তিত থাকিব পৰা নাই, বুজিছা। এতিয়া আকৌ মানৱসৃষ্ট ভাইৰাছৰ তাণ্ডৱ। হেৰৌ, তহঁত নিজে কি কম! এইবোৰো চপাই লৈছ যে! এতিয়া যত দোষ, ভগৱান ঘোষ।

ভগৱানে কৈ গ’ল। আচলতে ক’লে নে কৰুণাক ভালকৈ এজাউৰি শুনালে সি ধৰিব নোৱাৰিলে। মাত্ৰ চুপ-চাপ শুনি থাকিল। বেচেৰাই সপোনৰ কথা চিন্তি শোৱাপাটীত পৰিছিল, আহি পালে সৰগ। সি ইয়াত কেনেকৈ আহিল, কিয় আহিল, কিহত আহিল, কোনে আনিলে, সৰগৰ স্ক্ৰীণত দাদা-মামা-চাচাৰ ভাষণ কিয় বাজি আছে আদি অজস্ৰ প্ৰশ্নই ইতিমধ্যে তাৰ ক্ষুদ্ৰ মগজুত দৌৰ প্ৰতিযোগিতা আৰম্ভ কৰি দিছে। কিন্তু ভগৱানক সোধে কোন সতেৰে? সঁচা-সঁচি ভগৱানেই নে সেয়াওটো নাজানে। ভগৱান হ’লেতো আপোনা-আপুনি সকলো কথা গম পাবই।

: বৎস, মই তোমাৰ সমস্যাটো ধৰিব পাৰিছোঁ। সপোনৰ কথা ভাবি ভাবি নিতৌ মোক জগৰীয়া… মানে স্মৰণ কৰা। পিছে সপোন দেখোঁ অহৰহ তোমাৰ চকুৰ আগেৰেই অগা-ডেৱা কৰিছে। ইটছ্ লাইক ‘বগল মে চৌৰা চেহেৰ মে ধিংদ’ৰা’। ক’ৰ’নাযুগে মোৰ ব্যস্ততা বাৰুকৈয়ে বঢ়াইছে। ব্যক্তিগত স্তৰলৈ গৈ মানুহৰ সমস্যা সমাধান কৰিব পৰাকৈ মোৰ হাতত সময়ৰ অভাৱ। ভাবিছিলোঁ, ভগৱানৰ ঘৰত চাচা-মামা-দাদাৰ ভাষণ শুনিলেই তোমাৰ চকুত সকলো পৰিষ্কাৰ হৈ ধৰা দিব। কিন্তু মোৰ চেষ্টা অথলে গ’ল। যাবই। মানৱজাতি সৃষ্টিৰ আচল উদ্দেশ্যেই যেতিয়া ব্যৰ্থ….. সৱতে বিফল। 

: প্ৰভু, মূঢ়মতিয়ে একো বুজা নাই। আমি হ’লোঁ সাধাৰণ নৰ। ক্ষুদ্ৰ আমাৰ আশা। ছয় ঘণ্টা ভাল টোপনি আৰু মাজে সময়ে দুই-এটা সপোনৰ বাদে…..

: শুনা। পোনপটীয়াকৈ ক’বলৈ গ’লে সপোন দেখুওৱা কামটো বৰ্তমান মোৰ অধীনত নাই। সেইটো বিভাগ বহু আগতেই পৃথিৱীৰ নেতা-মন্ত্ৰীবোৰৰ হাতত অৰ্পণ কৰা হৈছে। দীৰ্ঘকালীন পৰ্যবেক্ষণৰ অন্ততঃ লক্ষ্য কৰিলোঁ যে সেই কামটো সিহঁতে খুব নিষ্ঠাৰে কৰি আছে। দিন-দুপৰতে জনতাৰ খোলা চকুত ভাষণৰ ফুলঝাৰীৰে যি সপোনৰ বীজ সিঁচিছে, সেয়া সঁচাই কাবিল-এ-তাৰিফ। সপোন সপোন যেন প্ৰতিশ্ৰুতিৰ বৰষুণত তিতি নৱপ্ৰজন্মৰ হিয়া-দেহ-মন তুলবুলীয়া। ল’ৰা, ছোৱালী উভয়ৰে বাবে পৃথকে পৃথকে সপোন – ‘প্ৰগতি’ আৰু ‘বিকাশ’। ভাল দিনৰ সপোন, জাতি-মাটি-ভেটি ৰক্ষাৰ সপোন, স্মাৰ্ট চিটী, মেট্ৰ’, বুলেট ট্ৰেইন, টুইন টাৱাৰৰ সপোন, দুৰ্নীতি নিবাৰণৰ সপোন, নিবনুৱাক সংস্থাপনৰ সপোন, অৰ্থনৈতিক উন্নয়নৰ সপোন, জনমূৰি আয় বৃদ্ধিৰ সপোন, শিক্ষা-স্বাস্থ্য-কৃষিখণ্ডৰ আমূল পৰিৱৰ্তনৰ সপোন, ইলেকশ্যনৰ আগে আগে ন ন আঁচনিৰ ৰমক-জমক সপোন….

তাক আধাতে ৰখাই ভগৱানে মুখস্থ মতাদি এফালৰ পৰা মাতি গ’ল। সপোনৰ এখন অনন্ত তালিকা। কৰুণাৰ উশাহ-নিশাহ চুটি হৈ আহিল। ভগৱান নিৰ্বিকাৰ। মুখেৰে মাথোঁ‌ নিগৰিছে সপোন আৰু সপোন। কৰুণাই দেখিলে, ক্ৰমান্বয়ে সপোনবোৰৰ হাত, ভৰি, চকু কাণ, নাক গজি উঠিছে। একোটা বৃহৎ আকাৰ ধাৰণ কৰি তাক আগুৰি ধৰিছে, জোৰে জোৰে খুন্দিয়াইছে, দাঁত নিকটাই হাঁহিছে। সিহঁতৰ অট্টহাস্যত তাৰ প্ৰাণ যাওঁ প্ৰাণ যাওঁ অৱস্থা। নোৱাৰিছে আৰু! সি কৰযোৰে চিঞৰি উঠিল –

: বন্ধ কৰক, প্ৰভু! বন্ধ কৰক। কৰুণাৰ প্ৰতি অকণ কৰুণা কৰক। সপোনৰ কথা আৰু মৰি গ’লেও নুলিয়াও। 

ঘামি-জামি কৰুণা সাৰ পাই উঠিল। দুহাত তেতিয়াও প্ৰণাম ভংগীমাত। কোঠাটো… হয়, হয়… তাৰেই কোঠা। মূৰৰ ওপৰত চালখনো অক্ষত। তাৰমানে ইমানপৰে সি সপোন দেখি আছিল। ভগৱানে এই সপোনটো দেখুৱাই তাৰ সপোন দেখাৰ সপোন পূৰ্ণ কৰিলে নে তাক এসেকা দিলে – ভাবিবলৈ ধৰোঁতেই তাৰ মনত পৰিল যে সপোনৰ কথা সি দুনাই মনলৈ নানে বুলি ভগৱানক কথা দিছিল। 

: অব তেৰা কিয়া হৌগা, কৰুণা?

কোনোবাই যেন কৰুণাৰ কাণে কাণে কৈ গ’ল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.