ফটাঢোল

সপোন নে দিঠক – পৰী শ্যামলী ভূঞা

: “ৰখোৱা ৰখোৱা গাড়ী ৰখোৱা, চোৱাচোন চোৱা সেইয়া জুবিন নহয়নে ?”

মোৰ কথাকেইটা শুনি এওঁ মোলৈ আচৰিত হৈ চাই সুধিলে “কোন জুবিন হে?” এওঁৰ কথাত মোৰ চকু ডাঙৰ হৈ উঠিল৷

: “কি হল আকৌ, আজি তুমি জুবিনকে চিনি নোপোৱা হলা যে?” ওলোটাই মইহে এওঁলৈ প্ৰশ্ন এৰিলো৷

: “নহয় অ এই জংগলৰ পাহাৰীয়া ৰাষ্টাটোত তুমি জুবিনক দেখা বুলি কোৱা বাবেহে সুধিবলগীয়া হল কোননো জুবিন বুলি৷ তোমাৰ লগত একেলগে পঢ়া কোনোৱা আছে নেকি জুবিন নামেৰে৷ নহলে আচল গায়ক জুবিন জননো এই পাহাৰৰ জংগলত কি কৰিবহি আহি?“ এওঁ নিজৰ যুক্তি দি বুজাবলৈ চালে৷

: “নহয় সেইজন আচল জুবিনেই, জুবিন গাৰ্গ, মোৰ চকুৱে ঠগ খাব নোৱাৰে৷ গান গোৱা জুবিনেই”, এইবাৰ ময়ো ডাঠি কলো৷

এওঁ আকৌ আৰম্ভ কৰিলে “জুবিনৰ ফেন হলা বুলিয়েই আৰু ইমানো পাগল নহবা যে এই নিজান জংগলৰ পাহাৰীয়া ৰাষ্টাতো তুমি জুবিনকে দেখি পাবা৷”

: “মই সঁচা কৈছো সেয়া জুবিনেই হয়৷ মোৰ চকুৰপৰা সাৰি যাব নোৱাৰে৷” এইবুলি ‘ৰখোৱা ৰখোৱা গাড়ী ৰখোৱা’ কৈ উৎপাত কৰোতেই দেখিলো আমি তেওঁক পিছপেলাই আগলৈকে আহি গলো৷ এনেতে দেখিলো মানুহ এজনে আমাৰ গাড়ীলৈ চাই হাত জোকাৰিছে৷ মানে মাতিছে৷ মোৰ আকৌ উৎপাত লাগিল “ঘুৰোৱা, গাড়ী ঘুৰোৱা!”

মোৰ কথাত এওঁ গাড়ীখন ঘূৰালে৷ ওচৰ চাপি অহাত দেখিলো অ’ হয় এয়া জুবিনেই হয়৷  গায়ক জুবিন৷ দেখি মোৰ মন ফুৰ্তিতে সাতখন আঠখন লাগিব ধৰিলে৷ পিছে তেওঁ এই নিজান পাহাৰীয়া ৰাষ্টাটোত কি কৰিছে? তাকো অকলে অকলে৷ মনত বিস্ময়কৰ প্ৰশ্নবোৰে আগুৰি ধৰিব ধৰিলে৷ লগত দুজন মানুহ৷ মানুহ দুজনবা কোন? আৰু এওঁলোক বা কলৈ যাবলৈ ওলাইছে৷ এতিয়া মাজবাটত যে গাড়ী ৰখাই থিয় হৈ কঁকালত হাত দি ৰৈ আছে কথাটোনো কি? জানিবলৈ মনটো ইচাট বিচাট কৰিবলৈ ধৰিলে৷ এনেতে দেখিলো এজনে তেওঁলোকৰ গাড়ীৰ টায়াৰটো চুই চাই কিবা কিবি কৰি আছে৷ ‘এওঁ ড্ৰাইভাৰ চাগে’ — মনতে ভাবিলো৷ এইবাৰ আমাৰ গাড়ী একেবাৰে ওচৰ পালোহি৷ পাহাৰীয়া বাটটোৰ কাষৰ ফালে গাড়ীখন ৰখাও বুলি লওতেই সেই গাড়ীৰ টায়াৰ চাই থকা ড্ৰাইভাৰযেন লগা জনে আকৌ হাত জোকাৰি আমাৰ গাড়ীখন ৰখাবলৈ ইংগিত কৰিব ধৰিলে৷ আমি গাড়ী ৰখালো৷ মই একেঁচাটেই নামি গলো৷ এওঁ পাৰ্ক কৰিবলৈ গ’ল৷

তেতিয়ালৈকে মই জুবিনৰ ফালে খোজ দিলো৷ জুবিন তেতিয়ালৈকে এখন হাত মূৰত দি এখন হাত কঁকালত দি গাড়ীখনত এটা ভৰি ভেজা দি মূৰটো ওপৰলৈ কৰি কিবা ভাবি আছিল৷ তেওৰ ধ্যান কেনিবাত৷ আমাৰ গাড়ী যে ৰখোৱা হল, মই যে নামিলো, তেখেতৰ ফালে আগুৱাই গৈছো সেইবোৰলৈ তেওঁৰ একো গমেই নাই৷ আপোনভোলা হৈ কৰবাত হেৰাই আছে৷ তেওঁলৈ চাই মই ভাবিব ধৰিলো নতুন গান বনাই আছে চাগে৷ এনে সময়ত তেখেতক মাত দিয়া ভাল হব জানো? মাতিম নে নামাতো? নে ড্ৰাইভাৰজনৰ লগতে আগতে কথা পাতো?  কথাখিনি ভাবি ভাবি ড্ৰাইভাৰজনৰ ওচৰত ৰৈছিলোগৈহে পাছফালৰপৰা ক’ৰপৰানো জানো হঠাতে খাকী ড্ৰেচ পিন্ধা হাতত বন্দুক লৈ থকা মানুহ এজন আহি মোৰ একেবাৰে ওচৰতে ওলালহি৷ পজিচনটো একেবাৰে এনেকৈ দি ৰৈ লৈছিল যেন এতিয়াই গুলিয়ায়ে দিব মোক! দেখি মোৰ হুচেই উৰি গল৷

ময়ো কবলৈ ধৰিলো “হেৰা গানটো তললৈ কৰি ৰাখক৷ এনেকৈ মানুহৰ ফালে টোৱাই গান হাতত ৰখাটো নিয়মমতে অপৰাধ৷ কোনোবাই এটেক নকৰালৈকে এই ভংগিত পজিচন লোৱা উচিত নহয়৷ এক্সিডেনটলি যিকোনো সময়ত আঙুলিত ট্ৰিগাৰ দব খাই যিকোনো অনৰ্থ হব পাৰে৷ এনেকৈ মানুহ যে নাই মৰা তাৰ উদাহৰণো নথকা নহয়!”

কথাখিনি প্ৰথমে জোৰকৈ মুখৰপৰা ওলাই আহিছিল যদিও কোমলকৈ আৰু লাহেকৈ বুজোৱাৰ সুৰতে কৈ শেষ কৰিলো৷ কথাখিনি শুনি তেও যেনিবা বন্দুকটো তললৈ কৰিলে৷ মোৰো বুজি পাবলৈ বাকী নাথাকিল এওঁ মানে জুবিনৰ বডীগাৰ্ড৷ মনতে ভাবিলো ঠিকেই তেওঁ তেখেতৰ মালিকৰ প্ৰতি ডিউটিহে কৰিছে৷ ৱফাদাৰ! মনতে ৱাহ ৱাহ জনালো৷ ইতিমধ্যে কথাবোৰ গৈ জুবিনৰ কাণত পৰিছিলগৈ৷ তেওঁক এইফালে চোৱা দেখিলো৷ তাকে দেখি হায় মোৰ একেবাৰে হুচ উৰি যাব ধৰিলে৷ এয়া কি সচায়ে জুবিন মোৰ সন্মুখত! হে ভগৱান এয়া দিঠকেইনে! জুবিনে মোৰ ফালে চাইছে! মই আৰু জুবিন মুখামুখি, মাজত আঠ ন মিটাৰমানৰ গেপ৷ তেওঁ মোলৈ চোৱা দেখি ওলাই নোলাওকৈ হঠাতে ক’ব নোৱাৰাকৈয়ে মোৰ মুখৰপৰা ওলায়েই আহিল- ‘জুজু… বিবি…ন..দা ? আপুনি ইয়াত? তেওঁ এখোজ দুখোজ আগবাঢ়ি আহিব ধৰিলে৷ দুয়োখন হাত পেণ্টৰ জেপত৷ মুৰত গামোচা মেৰিওৱা৷ দেখাত টুপি যেন৷ খোজ দূটা slow৷  এটা ভৰি ইটো ভৰিৰ ওপৰত ক্ৰছচিনৰ দৰে বেঁকা বেঁকিকৈ দি দি অলপ নাচোনৰ ভংগিৰে আগুৱাই আহিল৷ আহি মোৰ ওচৰ পালেহি৷ মোৰ ওচৰতে ৰলহি৷

:“হেল্ল!”

 হঠাতে জুবিনে মোকে উদেশ্যি কলে৷ এয়া সঁচাই জুবিনে মোকেই হেল্ল’ কলেনে? শুনি মোৰ সপোন যেনহে লাগিব ধৰিলে৷ কিছু অপ্ৰস্তুত হৈ উঠিলো৷ যদিও নিজকে চম্ভালি ময়ো মাতষাৰ দিলো -“হেল্ল৷”

ইতিমধ্যে গাড়ীখন পাৰ্ক কৰি এখেতো মোৰ কাষ পালেহি৷ ওচৰ পালত জুবিনলৈ চাই নমস্কাৰ জনালে৷ জুবিনেও পকেটৰপৰা হাতদুখন উলিয়াই নমস্কাৰ জনালে৷ সোঁহাতখন ব্ৰেচলেটেৰে ভৰা৷ এখন হাত পকেটত ৰাখি এখন হাত পকেটৰ পৰা উলিয়াই গাড়ীৰফালে দেখুওৱাই তেওঁ কবলৈ ধৰিলে “আমাৰ গাড়ীখন বেয়া হল৷” মাতটো শুনিবলৈহে পালো – ‘আহ! এয়াই জুবিনৰ মাত নে? গান গোৱাৰ দৰেইচোন শুৱলা৷’ ওচৰৰ পৰা আচল মাতটো শুনিব পাই মই থৰ লাগি ধৰিলো৷ তেওঁৰ কথা কোৱাৰ ভংগী, থিয় হোৱা ষ্টাইল, চেহেৰা একেথৰেই চাই ৰলো৷ তেওঁ কোৱা কথাকেইটাও গানৰ দৰেই লাগিব ধৰিলে৷ তেওঁ কৈ গল “আমাৰ শ্বুটিং আছে, অৰণাচলত৷ আধাবাটতে এই গাড়ীখনে প্ৰবলেম দিলে৷ লগৰ ষ্টাফকেইজনো আগুৱাই গল৷ ফোনৰো টাৱাৰ পোৱা নাই৷ কাৰো লগত কনটেক্ট হোৱা নাই৷  পাহাৰীয়া জংগলৰ বাট৷ বেলগ একো গাড়ীও দেখা নাই৷ আপোনালোকৰ গাড়ীখনহে দেখিলো৷ আমাক এটা লিফ্ট লাগে৷” কথাখিনি একে সুৰতে একেবাৰতে চিধাচিধিকৈ কৈ গ’ল৷ শুনিয়েই মই বিধাতাৰ কি খেলা বুলি নাচিয়ে উঠিলো৷ যেন ভাংৰা এটাই কৰি দিম ‘বল্লে বল্লেকৈ’৷ মোক আৰু কোনে পাই৷ “জুবিনদা আমাৰ লগতে আহক৷ আমিও অৰণাচল ফুৰিবলৈকে ওলাইছো৷ আপোনাক লগা ঠাইতে ড্ৰপ কৰি দিম!” মই অলপো নৰৈ পটাপট কৈয়ে পালো৷ মোৰ এখেতেও সন্মতি জনাই কবলৈ ধৰিলে – “আহক আমি আপোনাক যাব লগা ঠাইলৈকে গৈ থৈ আহিমগৈ৷ এয়া আমাৰ সৌভাগ্য আপোনাৰ লগত কিছুদূৰ যাত্ৰা কৰিব পাম৷ বৰ ভালপাম৷”

“থেংকছ আপোনালোকক“ জুবিনে আমাৰ ফালে চাই কলে৷ এই বুলি কৈয়েই তেওঁ আনদুজন মানুহক মাতি কিবা কিবি লগা কথা কিছুমান বুজাবলৈ ধৰিলে৷ ‘গাড়ীখন ইয়াতে ৰাখি ইয়াত তাত খবৰ দে’ আদি বুলি কিবা কিবি অলপ নিজৰ মাজতে পাতিলে৷ তাৰ পাছত আমাৰ ফালে আগুৱাই আহিল৷ “বলক বহোগৈ” – জুবিনে আমাক কলে৷

আমি আটাইবোৰ গাড়ীলৈ আগবাঢ়ি আহিলো৷ এনেতে খাকী ইউনিফৰ্মৰ বডীগাৰ্ডজনে হঠাতে আগলৈ আহি আমাৰ এওঁক কলে বোলে চেকিং কৰিব লাগিব৷ কৈয়ে পকেটবোৰত চাৰ্ট, পেণ্টত হাত দিলেই৷ জুবিনে ততালিকে হাতখন দেখুৱাই বডীগাৰ্ডজনক ৰ’বলৈ কোৱাৰ ভংগিত হাক দি মানা কৰিলে৷ তেওঁ ৰৈ গল৷ এইবাৰ মোৰ ফালে চাই বডীগাৰ্ডজনে কবলৈ ধৰিলে – “বাইদেউ পাৰ্চটো দেখুৱাক৷“ তাকে শুনি জুবিনে তেওঁৰ ফালে চাই হাতখন দাঙি এটা আঙুলি দীঘল কৰি লৰাই লৰাই পিছলৈ যাবলৈ কোৱাৰ ভংগী দেখুৱালে৷ সেই ইংগিতত সেইজন আঁতৰি গল৷

 আমি গাড়ীত বহিবলৈ ললো৷ এওঁ ড্ৰাইভাৰ চিটৰ কাষত জুবিনক বহিবলে দুৱাৰ খূলি দি কলে “প্লিজ চিট” গাৰ্ডজন আকৌ দৌৰি আহিল৷ কবলৈ ধৰিলে “জুবিন চাৰ মোৰ কাষত পাছৰ ছিটত বহিব৷ তাকে শুনি আমিও হব বাৰু বুলি কৈ একো আপত্তি নকৰিলো৷ এওঁ ড্ৰাইভিং চিটত বহিবলৈ লওতেই ড্ৰাইভাৰজনে আহি কলে বোলে গাড়ী তেওঁহে চলাব৷ এখেতেও হব বুলি মানি ললে৷ মই তপাতপে কৈ উঠিলো “মই জুবিনদাৰ লগত পাছৰ চিটতহে বহিম৷ তুমি ল’ৰাটো লৈ আগতে বহা৷” এও গম পালে মোক যে জুবিনৰ কাষৰপৰা আঁতৰোৱা সম্ভব নহয়৷ জুবিনৰ ফেনক জুবিনৰ লগত এৰি দিয়াই ভাল হব বুলি এওঁ ল’ৰাটো লৈ আগত বহি ল’লে৷ মই জুবিন আৰু বডীগাৰ্ডজন পিছৰ চিটত বহিবলৈ ললো৷ জুবিন মাজত৷ বডী গাৰ্ড দুৱাৰৰ ওচৰত৷ মই গাড়ীৰ ইফালৰপৰা ঘূৰি গৈ ইখন দুৱাৰেদি জুবিনৰ কাষৰ চিটত বহিবলৈ গলো৷ বহিবলৈ লৈ কিবা ভাব এটাত ৰৈ গলো৷ বহো নবহো দোধোৰ মোধোৰ ভাবেৰে মোৰ মুখেৰে কথা এষাৰ ওলাই আহিল “জুবিনদা মই ইয়াত বহিলে আপুনি বেয়া পাব নেকি? মানে ভালদৰে বহিবলৈ অসুবিধা পাব নেকি?” তেওঁ উত্তৰ দিলে “নাপাও বেয়া, বহা৷” তেওঁৰ কথা শুনি মই কাষতে বহি পৰিলো৷ তেওঁ আকৌ কৈ গল “অনুৰাগীসকল সদায়েই এইদৰে মোৰ আশেপাশেই থাকে, মই কাকো নিৰাশ নকৰো৷  তোমালোকৰ কাৰণেই আজি মই৷” তেওঁৰ কথাষাৰত মোৰ মনৰ অসজা ভাবটো তৎক্ষণাত আঁতৰি গল৷

গাড়ী ষ্টাৰ্ট হল৷ মই জুবিনৰ লগত একেলগে যাত্ৰা কৰিবলৈ ধৰিলো৷ মনতে নিজৰ ভাগ্যক লৈ গৰ্ব কৰিব ধৰিলো৷ আজি কি ভাগ্য মোৰ! এই তাৰিখ আৰু দিনটো মোৰ বাবে এটা মেম’ৰেবল ডে’ হৈ ৰব৷ তাকে ভাবি আনন্দত উথলি গৈ থাকিলো৷ “জুবিন দা আপুনি অৰুণাচলত কি শ্বুটিঙৰ বাবে আহিছে?” মই অলপ পাছতে কথা আৰম্ভ কৰিলো৷ “মিশ্যন ছাইনা!” তেওঁ উত্তৰ দিলে৷

কি? মিশ্যন ছাইনা! মোৰ হুচ উৰি গল৷ মুখেৰে ‘ৱাউ’ বুলি ওলাই গল৷ লগে লগেই মনৰ মাজত চিনেমা, চিনেমাৰ শ্বুটিং এই ভাববোৰে অগাদেৱা কৰিবলৈ ধৰিলে৷ ‘শ্বুটিং চাবলৈ পোৱা হলে’…. মোৰ মনলৈ মনে মনে সেই চিন্তাহে আহিব ধৰিলে৷ কেনেকৈ কব পৰা যায়, কি কৰিব পৰা যায়, সেই চিন্তাতে গৈ থাকিলো৷

 “তোমাৰ নাম কি“… জুবিনে মোক মতাত চক খাই উঠিলো৷  মোৰ যেন সম্বিত ঘূৰি আহিল৷ “হুহ? কাৰ? মোৰ নাম?”… চঁক খাই ওলোটাই মইহে সুধিলোঁ৷ আকৌ উত্তৰ দিলো “পৰী৷” “বাহ! ধুনীয়া নাম৷” জুবিনে ধুনীয়া মাতষাৰেৰে কলে৷ তেওঁ আকৌ কৈ গল “মোৰ বহুটো গানত মই পৰী নামটো লৈছো৷” তেওঁৰ কথা শুনিয়েই তেওঁৰ কথা আধাতে কাটি মইহে কবলৈ ধৰিলো.. “জানো জানো দাদা, সেই যে কঁকাল খামুচীয়া গাল গুলপীয়া তুমি কোন স্বৰগৰে পৰী… গানটো মোৰ বিৰাট ফেভাৰিট৷” মোৰ কথা শুনি তেওঁ হাঁহি দিলে “অ’ মোৰ গান চব শুনা মানে?” তেও হাঁহি হাঁহিয়ে কৈ গল৷ “অ’ শুনো চব শুনো!” মই বিৰাট ফুৰ্তিৰে উত্তৰ দিলো৷  খুউব ভাল লাগি আহিল মনটো৷ এটলিষ্ট জুবিনে কথা পাতিছে৷  ততালিকে মই ফোনটো উলিয়াই ললো৷ ভাবিলো চেলফি কেইটামান লওঁ৷ এই সোণালী স্মৃতি এনেয়ে যাবলৈ দিব নোৱাৰো৷ “দাদা এইফালে চাওক!” বুলি মই প’জ দি লৈ জুবিনক মাত দিলো৷ মোৰ কথাত জুবিনে ফোনটোলৈ চালে৷ মোৰো লগে লগে ক্লিক ক্লিক আৰম্ভ হৈ গল৷ বিভিন্ন এংগলৰপৰা ফটো তুলি গলো৷ ফটো কেইটা তোলোতেও দেখিলো বডিগাৰ্ডৰ টলক টলক চকুৱে মোক লক্ষ্য কৰিবলৈ ধৰিছে৷ মোৰ খঙেই উঠি আহিল৷ তথাপিও ডিঙি বেঁকা বেঁকি কৰি বিভিন্ন প’জত ফটো উঠি যাব ধৰিলো৷ আফটাৰ অল জুবিনৰ লগত ফটো তুলিছো, প’জটো দিবই লাগিব৷ ক্লিক ক্লিক ক্লিক …ফটো উঠি গলো৷

জুবিনদা ইমান ফ্ৰি! আমাৰ দৰে সাধাৰণ মানুহকো ইমান গুৰুত্বসহকাৰে লৈ কথা পাতিছে, মান দিছে৷ তাকে দেখি আচৰিত হলো৷ লগতে মনতে এইটোও ভাবিব ধৰিলো যে শ্বুটিঙৰ কথাটোও এবাৰ পাতি চাব পৰা হলে৷ এনেকৈ ভাবি ভাবি আহোতে আহোতে বহুদূৰেই আগুৱাই আহি পালোহি গমেই নাপালো৷ এইবাৰ শ্বুটিঙৰ কথা সুধিমেই বুলি মনতে ডাঠি সুধি পেলালো “শ্বুটিং ক’ত ক’ত হব দাদা ?” প্ৰশ্নটো শুনি তেওঁ সাধাৰণ ভাবেই উত্তৰ দিলে৷ “বহু ওপৰত বৰফ পৰা ঠাইত, হেলিকপ্টাৰৰ ব্যৱস্থা কৰা হৈছে৷” কথা শুনিয়েই মোৰ মনটো তপকৈ মৰহি মৰি গল৷ বৰফপৰা ঠাইত শ্বুটিং, তাকো হেলিকপ্টাৰৰ যাত্ৰা৷ ওচৰতে পায়ো একো নাপালো যেন লাগি গল৷ নিজকে বুজনি দিলো হব, নাই মোমাইতকৈ কণা মোমায়ে ভাল৷ এনেকৈ আহি থাকোতেই এঠাইত ফোনৰ টাৱাৰ পোৱা গ’ল৷ লগে লগেই জুবিনৰ টিমৰ বাকী সকলৰ লগত কথা হৈ গল৷ গম পালো যে টিমৰ বাকী সদস্যই তেওঁলোকক বিচাৰি ফুৰিছে৷ এটুকুৰা নিদিষ্ট ঠাইত লগ কৰাৰ কথাও হল৷

এইবাৰ ৰ’ব নোৱাৰি মই কৈয়েই পেলালো “আমি শ্বুটিং চাবলৈ পাম নেকি দাদা?”  মোৰ কথাত তেওঁ সাধাৰণ ভাবেই উত্তৰ দিলে “sure পাবা৷” তেওঁৰ কথাত কোনো অসন্তুষ্ট বা বিৰক্তি পোৱা ভাব ফুটি উঠা নাছিল৷ তেওঁৰ এই ব্যৱহাৰে মোৰ মনটো চুই গল৷  “ওচৰে পাজৰে নেক্সট শ্বুটিং হলেই মই খবৰ দিম৷” তেওঁ কলে৷ তাকে শুনি ক্ষীণ আশা এটা জাগি মোৰ বিৰাট ফুৰ্তি লাগিবলৈ ধৰিলে৷ জুবিনে নিজে খবৰ দিব, তাকো মোক! এয়া কি শুনিলো৷ সেয়া ভাবিয়েই মনৰ ভিতৰখন ৰোমাঞ্চিত হৈ ইচাট বিচাট কৰিবলৈ ধৰিলে৷ “বাই দ্য ৱে, তোমালোক কেইদিন ইয়াতে আছা?“ তেওঁ আকৌ সুধিলে৷ “আমি চাৰিদিনমানহে থাকিম৷” মই উত্তৰ দিলো৷ “এইকেইদিনতে শ্বুটিং হলে খবৰ দিম বাৰু, চাব পাৰিবা৷” তেওঁ গহীনকৈ কলে৷ এই কথা শুনি এইবাৰ মোৰ মনৰ ভিতৰৰ ফুৰ্তিবোৰ হেঁচা মাৰি ওলায়েই আহিল৷ “ৱাউ! সঁচাকৈ! মই জোৰকৈ চিঞৰি উঠিলো৷ বডি গাৰ্ডৰ টেলেকা চকুৱে মোক আকৌ এবাৰ চাই পঠিয়ালে৷ এখেতেও মোক ঘূৰি চালে৷ ল’ৰাটোৰ খেলি থকা হাতৰ গেমটোও ৰৈ গল৷ জুবিনে নিজেও হাঁহি উঠিল৷

এনেতে তেওঁলোকক ড্ৰপ কৰিব লগা ঠাইখন পালোহি৷ দূৰৈৰ পৰাই দেখিলো তেওঁলোকৰ বাবে টিম ৰৈ আছে৷ ড্ৰাইভাৰজনে গাড়ী ৰখালে, তেওঁলোক নামি গল৷ খুউব ধুনীয়া সোণালী স্মৃতি এখিনি পোৱাৰ বাবদ আমি তেওঁলোকক ধন্যবাদ জনালো৷ বাই বাই জনোৱাৰ সময়খিনিত মন ভৰি আহিল৷ তেওঁলোকেও আমাৰ প্ৰতি বহুত কৃতজ্ঞতা স্বীকাৰ কৰি ধন্যবাদ যাঁচিলে৷ তেওঁলোক গৈ তেওঁলোকৰ গাড়ীত বহিলেগৈ৷ ময়ো পাছ ছিটৰ পৰা উঠি ফ্ৰণ্ট চিটত বহিলোহি৷ আমি যাবলৈ ওলালো৷

এনেতে শুনিলো “পৰী”… জুবিনৰ মাত৷ জুবিনে মোৰ নামটো মতা শুনি মই থতমত খাই গলো৷ ঘূৰি চালো৷ হয় এয়া জুবিনেই৷ মোক মাতি আছে৷ ‘হায় কিয় বা, কি বা হল?’ মই বিৰাট আচৰিত হলো৷ এনেতে তেওঁ ওচৰেই পালেহি৷ ময়ো গাড়ীৰ পৰা নামি ওলাই আহিলো৷ জুবিনে কবলৈ ধৰিলে “তোমাৰ ফোন নম্বৰটো দিয়া৷” শুনিয়েই মই ‘কি!’ বুলি চক খাই উঠিলো৷ জুবিন আৰু মোৰ ফোন নম্বৰ! মোৰ মুখখনৰ এক্সপ্ৰেচন নোহোৱা ভাবত থৰ হৈ ৰ’ল৷ মই যেন তৎক্ষণাত বেহুচ হৈ গলো৷ ওচৰৰ আৰু বেলেগ একো শব্দ শুনি নোপোৱা হলো৷ মোৰ এই এক্সপ্ৰেছন নোহোৱা আধা বেহুচ যেন চেহেৰাটো দেখি তেওঁ আকৌ কবলৈ ধৰিলে – “কিয়? শ্বুটিং চাবলৈ মন নাই নেকি, মই খবৰ কেনেকৈ দিম?” হায় তেতিয়াহে মোৰ হুচ আহিল৷ কথাটো সঁচা৷ ইমান দেৰি ফুৰ্তিতে কব নোৱাৰাই হৈ আছিলো৷ মনলৈ কথাষাৰ কেনেকৈ বাৰু এবাৰো নাহিল? ফুৰ্তিত অন্ধ হৈ মাথাটোৱে ভাবিবলৈকে এৰি দিলে বুলি নিজকে ধিয়ালো লগতে জুবিনকো বহুত থেংকচ দিব ধৰিলো৷ জুবিনে মোৰ নম্বৰ লৈছে৷ মানে আমি সদায় কনটেক্টত থাকিব পাৰিম৷ ‘ৱাউ ভগৱান, থেংকচ!’ বুলি মনতে কলো৷

মই কাৰো কেতিয়াও অন্যায় কৰা নাই তাৰেই ফল চাগে যে আজি ইমান ডাঙৰ সৌভাগ্য পাইছো৷ সেইবুলি নিজে নিজকে শলাগিবলৈ ধৰিলো৷ তাকে ভাবি ভাবি ফুৰ্তিত ফোন নম্বৰটো কৈ গলো৷ দাদা লিখক- 9961….৷ নম্বৰটো আধা কৈছিলোহে এনেতে জুবিনে কৈ উঠিল “কেতিয়াবা একটিঙৰ কথা ভাবিছা?” হঠাতে কথাষাৰ শুনি মই একো বুজি নাপাই তেওলৈ চাই অঁকৰা লাগিব ধৰিলো৷ “একটিং, তোমাৰ একটিংৰ কথা সুধিছো৷ কেতিয়াবা অভিনয় কৰাৰ অভিজ্ঞতা আছে নেকি?” জুবিনে আকৌ সুধিলে৷ কথাষাৰ শুনি মোৰ এইবাৰ সঁচাকৈয়ে হুচ উৰি গল৷ কি? একটিং আৰু মই! মোৰ হাতৰ পৰা ফোনটো এৰখাই কৰবাত পৰিলগৈ৷ শিলত পৰি টুকুৰা হোৱা যেনকৈ ঠা…চ .. শব্দ এটা ভাঁহি আহিল৷

: “কি? মোৰ ফোনটো ভাঙিল?” ফোনটো পৰি যোৱাত মই চিঞৰি উঠিলো৷

এইটোৱেই মোৰ সকলো আশা ভৰষা৷ এইটো নহলে মই কেনেকৈ থাকিম বুলি থতমত খাই ফোনটো বিচাৰি ইফালে সিফালে চাবলৈ ধৰিলো৷ কিন্তু ফোনটো কতো নেদেখিলো৷ মোৰ কান্দোন ওলাই আহিল৷ বুকু ধপধপাই উঠিল৷  মোৰ এনে অৱস্থা দেখি জুবিনে কবলৈ ধৰিলে, “নম্বৰটো কোৱা, ফোন এতিয়াই ওলাই যাব৷” তেওঁৰ কথাত মই পটাপট নম্বৰটো গাই গলো৷ জুবিনে চেভ কৰি লৈ ৰিং কৰিবলৈ ধৰিলে৷ সচাকৈ ফোনটো ৰিং হবলৈ ধৰিলে৷ সেই শব্দৰ উৎসতে ফোনটো বিচাৰি গলো৷ দেখিলো ঘাঁহৰ মাজত সোমাই আছে৷ মই ফোনটো ঘাঁহ ফালি মাজৰ পৰা উঠাই ললো৷ দেখিলো কাভাৰটো এৰি আছে৷

: “হেই আকৰীজনী, ফোনটো পৰিলেই বুলি কোনোবাই কান্দে নে? ধেৎ!” জুবিনে কৈ হাঁহি দিলে৷ মোৰ লগতো একো উত্তৰ নাছিল৷ অঁকৰাৰ নিচিনাকৈ এনেই হাঁহি দিলো৷ “ঠিক আছে, যাওঁ দিয়া৷” কৈয়ে তেওঁ খৰখেদাকৈ নিজৰ গাড়ীত বহিলগৈ৷ চকুৰ পচাৰতে তেওঁলোকৰ গাড়ী পাহাৰৰ কেঁকুৰিত নাইকীয়া হৈ গ’ল৷ ফোনটো হাতত লৈ অন কৰি লিৰিকি বিদাৰি জুবিনৰ মিছ কলটো চাবলৈ ধৰিলো৷ তেওঁৰ নম্বৰটো মোৰ ফোনত৷ হে ভগৱান জুবিনৰ নম্বৰ? মোৰ লগত? ফুৰ্তিত ক’ব নোৱাৰা হলো৷ সেয়া তেওঁৰ নম্বৰ নহয় যেন জীৱন্ত জুবিনহে এতিয়া মোৰ লগত ৰৈ গল৷ হঠাতে কেতিয়াও নভবা নিচিন্তা ঘটনা এটা ঘটি গল৷ হাততে সৰগ পোৱা যেন লাগিব ধৰিল৷ মই কবই নোৱাৰা হলো, ক’ত আছো, কি কৰিছো৷ এওঁ গাড়ীৰ পৰা চিঞৰিবলৈ ধৰিলে, “জুবিন নাই এতিয়া, গলগৈ, আহা সোনকাল কৰা, হোটেল পাবগৈ লাগে৷” তেওঁৰ কথাত গাড়ীত বহিলোহি৷ গাড়ী আগবাঢ়িল৷

পিছে মোৰ মনটোত যেনিয়ে তেনিয়ে জুবিনেই জুবিন দেখা দি অহা যোৱা কৰি থাকিব ধৰিলে৷ এনে ভাৱনাৰ মাজতে হেৰাই গৈ হোটেল পালোহি৷ ভাবনাৰ মাজতেই হোটেলত সময়বোৰ যাবলৈ ধৰিলে৷ সঁচাকৈ জুবিনে মোলৈ ফোন কৰিবনে? মনত থাকিব জানো? মোৰ মনত অকল এইবোৰ ভাবেই আহিবলৈ ধৰিলে৷ শ্বুটিং ইয়াতে হ’বনে? এই চাৰিদিনতে হ’বনে? তাকে ভাবি মোৰ ৰাতিটো দিন হল৷ ৰাতিপুৱাটো ৰাতি হল৷ ৰাতিৰ পৰা আকৌ পুৱা হল৷ জুবিনৰ ফোন নাহিল৷ আজি দুদিনেই পাৰ হল দেখোন৷ আৰু দুদিনহে আছে৷ তাকে ভাবি মনটো অস্থিৰ হৈ পৰিল৷ হয়তো তেও ব্যস্ত আছে, হয়তো ইয়াত শ্বুটিং নহয়, হয়তো টাৱাৰ পোৱা নাই৷ তাকে ভাবিবলৈ ধৰিলো৷ হ’ব, তেওঁক লগ পোৱাটোৱেই বহুত৷ মোৰ লগত কথা পাতিলে, ফোন নম্বৰ দিলে সেয়া কিবা কম নেকি৷ হ’ব, সেয়াই বহুত৷ সেইবুলি নিজকে বহু বুজনিৰে বুজায়ো তুলিবলৈ চেষ্টা কৰিলো৷ পিছে কি হব? ক্ষন্তেকতে নিজকে নিজে বুজাই তুলিলো৷ ক্ষন্তেকতে আকৌ নুবুজা হৈ যাব ধৰিলো৷ পৰহিলৈ যাবগৈয়ে লাগিব৷ কি হবগৈ জানো! এই ভাবতে ৰাতি চিলমিলকৈ টোপনি যাব ধৰিলো৷ টোপনি আহিছিলেই এনেতেই ফোনটো বাজি উঠিল৷

চাৰ্জত দি ৱালত থকা টিভিটোৰ ওপৰত থৈ দিয়া ফোনটোলৈ চালো৷ ফোনটোৰ ৰিঙত খপজপকৈ সাৰ পালো৷ ৰিঙ হৈ আছে … ‘জুবিন ইজ কলিং’.. ভাঁহি আহিছে৷ মই ধৰফৰাই বিছনাৰ পৰা উঠি ফোনটো ধৰিলোগৈ৷ ধৰিব লওতেই ফুৰ্তিত থৰ নোহোৱা হৈ মোৰ হাতৰপৰা ফোনটো তললৈ গৈ পকাত পৰিলগৈ৷ ঠা… চ…৷ শব্দটো ভাঁহি আহিল৷ ফোনটো দুটুকুৰা হোৱাৰ শব্দ! ইছ …মোৰ ফোনটো! মই জোৰকৈ চিঞৰি উঠিলো৷ হঠাতে চাৰিওফালে আন্ধাৰ হৈ পৰিল৷ একো দেখা নোপোৱা হলো৷ জুবিন ক’ত?  ফোনটো ক’ত? একোৱেই দেখা নোপোৱা হলো৷ আৰু সেই শব্দটো? শব্দটো কৰপৰা আহিছিল? খপজপাই বেড চুইচত হাত দিলো৷ লাইট অন হল৷

তেতিয়াহে মোৰ হুচ আহিল৷ অহ! এয়া সপোনহে! ‘ইছ!’ বুলি নিজে নিজেই হাঁহিব ধৰিলো৷ পিছে সেই শব্দটো? এনেতে দেখিলো ফোনটো পকাত পৰি কভাৰটো এৰি দুফাল হৈ আছে!

■■

3 Comments

  • Manash saikia

    আগতে গোটত পঢ়িছিলো যদিও আকৌ পঢ়িলোঁ৷

    Reply
  • সঞ্জীৱ

    ৱাও।কি ধুনীয়া সপোন।

    Reply
  • প্ৰণৱ সিংহ

    ধুনীয়া

    Reply

Leave a Reply

Your email address will not be published.