ফটাঢোল

সভালৈ যাওঁতে – ড৹ বিৰিঞ্চি কুমাৰ দাস

‘সভাশুৱনি’ বিশেষণেৰে অভিহিত কৰিব পৰা এক শ্ৰেণীৰ মানুহ থাকে, যিসকলক সকলো ধৰণৰ সভাতেই পাবলৈ, তেওঁলোকৰ বহুমূলীয়া ভাষণ শুনি কৃতাৰ্থ হ’বলৈ মানুহ উদ্বাউল হৈ থাকে । এইসকল ব্যক্তিৰ উপস্থিতিয়ে সভাৰ মঞ্চখনকেই উজলাই তোলে; তেওঁলোকৰ ডিঙিত বিৰাজ কৰা গামোচাকেইখনো কৃতাৰ্থ হয় এনে শোভনীয় স্থানত অৱস্থান কৰিবলৈ পাই । সাহিত্য বিষয়ক আলোচনাই হওঁক বা ভলীবল প্ৰতিযোগিতাৰ উদ্বোধনেই হওঁক, বা শোকসভাই হওঁক – যিকোনো সভাতেই এইসকল ব্যক্তি নহ’লে কোনোপধ্যেই নচলে । মই এই ধৰণৰ সভাশুৱনি মানুহৰ ‘ধাৰেকাছেও’ নাই যদিও আজিকালি মাজে মাজে বিভিন্ন সভাই সমিতিয়ে মোকো মানুহে নিমন্ত্ৰণ কৰা কৰিছে, বোধ কৰোঁ বয়স হৈ অহা বাবেই, নাইবা বাংলাত যাক কোৱা হয় “দুধেৰ স্বাদ ঘোলে মেটানো,” তেনেকুৱা কোনো কাৰণতেই । মাতিলে ময়ো নোযোৱাকৈ নাথাকো, কাৰণ সভাশুৱনি মানুহৰ শাৰী পূৰাবলৈ এনে সুযোগ এবাৰ গ’লে আকৌ কেতিয়াও নাহিবও পাৰে । সভাবোৰলৈ যাওঁতে যাওঁতে, ডিঙিত গামোচা লওঁতে লওঁতে মোৰ ঘৰত গামোচাৰ বাবে পৃথক ঠাই ওডোখৰ লগা হৈছেগৈ । কেতিয়াবা গামোচাবোৰে ঘৰৰ ভিতৰতে স্বায়ত্বশাসিত পৰিষদ গঠনৰ দাবী উত্থাপন নকৰিলেই ৰক্ষা ।
সভাবোৰলৈ গ’লে প্ৰথম যিটো কথাই মোৰ মনত খুন্দিয়ায়, সেইটো হ’ল – যিসকলক সভাখনলৈ বক্তৃতা দিবলৈ মতা হয়, তেওঁলোকৰ পৰিচয়বোৰ । কাৰোবাক যদি কোৱা হয় মুখ্য অতিথি, আন কাৰোবাক আকৌ বিশিষ্ট অতিথি বুলি ধৰা হয়, আকৌ আন কোনোবাৰ পৰিচয় হয়গৈ আমন্ত্ৰিত অতিথি; আৰু এইসকলৰ উপৰিও থাকে নিৰ্দ্দিষ্ট বক্তা । কেৱল বক্তৃতা দিবলৈ মতা এই ব্যক্তিসকলৰ মাজৰ এই বিভাজনটো বুজিবলৈ মোৰ অলপ দিগদাৰি লাগে । ধৰি ল’লোঁ যে মানত, ক্ষমতাত বা আন কিবা কিবা কাৰণত যিগৰাকী আন কেইগৰাকীতকৈ ওপৰত, তেওঁক অতিথিসকলৰ ভিতৰত মুখ্য বুলি ধৰা হৈছে । কিন্তু বাকীসকল অতিথিৰ মাজত বিশিষ্ট আৰু আমন্ত্ৰিত বুলি কৰা বিভাজনটো কিয়, সেইটো বুজিব নোৱাৰোঁ । আকৌ নিৰ্দ্দিষ্ট বক্তা বুলি কোৱাগৰাকী (বা সকল) এই অতিথিসকলতকৈ কিমান পৃথক যে তেওঁক বা তেওঁলোকক অতিথিৰ শাৰীত ৰখা নহয় ? সভাখনত যিহেতু বক্তৃতা কেৱল নিৰ্দিষ্ট বক্তাই নিদিয়ে, অতিথি বুলি পৰিচিত বাকীসকলেও দিয়ে, বাকীসকলৰ বক্তৃতা অনিৰ্দিষ্ট হ’ব নেকি? বৰ সমস্যা ।
কিছুমান সভাত আৰম্ভণিতে সম্বৰ্দ্ধনা অনুষ্ঠান বুলি একোটা অনুষ্ঠান থাকে । সেয়া হৈছে আচলতে মঞ্চত উপৱিষ্ট লোকসকলক ডিঙিত গামোচা পিন্ধোৱা, আৰু অনুষ্ঠানবিশেষে দুই এটা উপহাৰ প্ৰদান কৰা । কিছুমান সভাত মঞ্চত উপৱিষ্ট মানুহৰ সংখ্যা ইমানেই বেছি থাকে যে এটা শাৰীত শেষেই নহয়, পিছত আন এটা শাৰীও ৰাখিবলগীয়া হয় । ইমানবোৰ মানুহক গামোচা পিন্ধোৱাটোৱো এটা বৰ বিশাল কাৰবাৰ হৈ পৰে । এখন সভাত ইয়াকো দেখিছিলোঁ যে মঞ্চত উপৱিষ্ট দুটা শাৰী পূৰাই বহি থকা মঞ্চখন ভাঙো ভাঙো কৰি থকা ব্যক্তিসকলৰ উপৰিও দৰ্শকৰ মাজত বহি থকা কোনো কোনো ব্যক্তিকো গামোচা পিন্ধোৱা হৈছিল । আন এখন সভাত মঞ্চৰ ওপৰত আৰু সম্মুখত বহি থকা সকলো ব্যক্তিকে গামোচা পিন্ধোৱাৰ পিছত কেৱল ঘোষকগৰাকীৰ ডিঙিটোৱেহে গামোচাৰ স্পৰ্শ নোপোৱাকৈ থাকি গ’ল । গতিকে আন এগৰাকীয়ে মঞ্চলৈ উঠি গৈ ঘোষণা কৰিলে যে আগৰ ঘোষকগৰাকীক এইবাৰ গামোচা পিন্ধোৱা হ’ব ।
তাৰ পিছত আহে সভাৰ উদ্দেশ্য ব্যাখ্যা । এইটোৱো এটা বৰ আহুকলীয়া বস্তু । কিছুমান সংগঠন বা প্ৰতিষ্ঠানৰ ভিতৰুৱা সভাত আলোচ্য বিষয়সমূহ সভা আহ্বান কৰা জাননীখনত চমুকৈ উল্লেখ কৰা থাকিলেও সভাৰ আৰম্ভণিতে সেইবোৰ ব্যাখ্যা কৰি দিয়াৰ প্ৰয়োজন থাকে । কিন্তু মহাপুৰুষ শংকৰদেৱৰ স্মৃতিচাৰণ সভা, মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা আদিকে ধৰি অজস্ৰ ৰাজহুৱা সভা অনুষ্ঠিত হৈ থাকে, যিবোৰ সভালৈ অহা মানুহবোৰে সভাখনৰ উদ্দেশ্য সম্পৰ্কে সম্পূৰ্ণ অৱগত হৈয়ে আহে । তেওঁলোকৰ ওচৰত সভাৰ উদ্দেশ্য আকৌ এবাৰ ব্যাখ্যা কৰাটো কিবা আচহুৱা কথা যেন লাগে । অৱশ্যে মাইকৰ সম্মুখলৈ আহি কিবা কোৱাৰ বাবে আশা পালি থকা গুৰুত্বপূৰ্ণ কাৰোবাক সেই সুযোগটো দিবলৈ কাৰ্যসূচীত এই কাৰ্যটো অন্তৰ্ভূক্ত কৰাৰ প্ৰয়োজন থাকে বুলিও মোৰ ধাৰণা হয়। এবাৰতো দেখিছিলোঁ যে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাজনে পূৰা পঞ্চলিছ মিনিট সময় ধৰি বক্তৃতা দিছে ।

তাৰ পিছতে আহো সভাৰ সময়লৈ । বহু সভাত সভাৰ সময়টো উল্লেখ কৰা হয় কেৱল ‘নকৰিলে নহয়’ কাৰণেহে; তাৰ আন কোনো গুৰুত্ব নাথাকে । কাৰ্যসূচী দিনটো জোৰা হ’লেতো কথাই নাই । এনে ধৰণৰ অনুষ্ঠানবোৰৰ কাৰ্যসূচীত যিবোৰ সময় উল্লেখ কৰা থাকে, সেইবোৰ আচলতে কোনেও নাচায়েই; আনকি আয়োজকসকলেও । সূৰ্য উদয় হোৱাৰ পিছৰ কোনোবা এটা সময়ত আৰম্ভ হৈ পৰৱৰ্তী সূৰ্যোদয়ৰ আগৰ কোনোবা এটা সময়ত শেষ হ’লেই হয় । আবেলি চাৰি বজাত আৰম্ভ হোৱাৰ সময় উল্লেখ থকা সভা ৰাতি আঠ বজাত আৰম্ভ হোৱা বিধৰ ঘটনাও ঘটে । মই সময়মতেই উপস্থিত হওঁ কাৰণে কেতিয়াবা কেতিয়াবা উদ্যোক্তা অসন্তুষ্ট হয় – এওঁনো চাৰি বজাত বুলি দিলোঁ কাৰণে চাৰি বজাতেই আহিব লাগেনে? তেওঁৰ সময়ৰ মূল্য নাথাকিলেও আমাৰ সময়ৰ কিবা মূল্য নাইনে? ইত্যাদি ইত্যাদি ।
সভা সময়মতে আৰম্ভ নকৰাকৈ থকাৰ অন্তৰালৰ বিভিন্ন কাৰণৰ ভিতৰত এটা হৈছে দৰ্শক-শ্ৰোতাৰ অভাৱ । আজিকালি খুব কম মানুহেহে কেৱল সভালৈ যাওঁ বুলি ওলাই আহে; তাকো বিশেষভাৱে মতা সকলেহে । সভাখনৰ পিছত যদি সাংস্কৃতিক অনুষ্ঠান থাকে, তেনেহ’লে হিলদল ভাঙি মানুহ ওলাই আহে সাংস্কৃতিক অনুষ্ঠান চাবলৈ । গতিকে সভাৰ উদ্যোক্তাসকলে বাট চাই থাকে সাংস্কৃতিক অনুষ্ঠান চাবলৈ বুলি ওলাই অহা কিছু মানুহ গোট খালে সভাখন আৰম্ভ কৰিব বুলি । কিছুমান লোকৰ ক্ষেত্ৰত কেতিয়াবা এনেকুৱা হয় যে সাংস্কৃতিক অনুষ্ঠান পূৰাপূৰি এনজয় (আজিকালি উপভোগ নকৰে এনজয়হে কৰে) কৰিবলৈ অলপ দেৰিকৈয়ে ওলাই আহি দেখে যে সভা তেতিয়ালৈকে শেষ হোৱাই নাই । গতিকে অনিচ্ছা সত্বেও সভাস্থলীত বহি মোবাইল ফোন টিপি থাকি তেওঁলোকে সভাখনত উপস্থিতিৰ সংখ্যাটো কেনেবাকৈ বঢ়ায় । সভাত কোনে কি ক’লে সেইবোৰ শুনিব নোৱৰাকৈ তেওঁলোকে কাণবোৰ সেই সময়ত ‘টেম্পোৰাৰিলি ডিএক্টিভেট’ কৰি থোৱা থাকে, কাৰণ পিছৰ সাংস্কৃতিক অনুষ্ঠানৰ অতি উচ্চ ডেচিবেলৰ শব্দ সহিব পৰাকৈ কাণকেইখনৰ কিছু ‘এনাৰ্জী’ সংৰক্ষণ কৰি থোৱাৰ প্ৰয়োজন থাকে ।
সভা একোখনৰ মুখ্য অথচ আটাইতকৈ ভয়াবহ অংশটো হৈছে বক্তৃতাবোৰ । কিছুমান বক্তৃতা শুনিলে ভাৱ হয়, বক্তৃতা নোহোৱাকৈ সভা অনুষ্ঠিত কৰাৰ কিবা নিয়ম কৰিব নোৱাৰিনে? কিছুমান বক্তাই ভাৱে যে তেওঁ যিমানবোৰ কথা জানে, বা সূৰুযটোৰ তলত যিমানবোৰ কথা আছে সেই আটাইবোৰ কথা তেওঁৰ এটা বক্তৃতাতে এনেকৈ সুমুৱাই দিব লাগিব যাতে শুনোতাবোৰে গোটেই জীৱনত আৰু কোনো বক্তৃতা নুশুনিলেও চলি যায় । (অৱশ্যে এনে বক্তৃতা শুনাৰ পিছত শ্ৰোতাই গোটেই জীৱনৰ বাবে বক্তৃতা শুনাৰ আগ্ৰহ হেৰুৱাই পেলোৱাটোৱো অসম্ভৱ নহয় ।) এখন সভাত এনে ধৰণৰ বক্তা যদি তিনিগৰাকী থাকে, তেনেহ’লে সভালৈ অহা মানুহৰ অৱস্থাটো কেনেকুৱা হ’ব পাৰে, সেয়া কোৱা বাহুল্য । এনেকুৱা বক্তাও পাইছোঁ, যিয়ে দুঘণ্টা একেৰাহে বক্তৃতা দিয়াৰ পিছত কয়, “মোৰ আৰু বহু কথা ক’বলগীয়া আছিল, কিন্তু আজি মোৰ আন এটা ব্যস্ততা থকা বাবে মই অনিচ্ছাসত্বেও আপোনালোকৰপৰা সোনকালে বিদায় ল’ব লাগিব ।” এনে বক্তাই দুঘণ্টীয়া বক্তৃতাটো দি উঠি “এইখিনি কৈয়েই মই মোৰ চমু ভাষণৰ সামৰণি মাৰিলোঁ” বুলি কয় । কিছুমান বক্তাই বেছ কিছুসময় তেওঁৰ কণ্ঠনলীৰ জোৰ প্ৰমাণিত কৰি থকাৰ পিছত যেতিয়া কয়, “মই আৰু বেছি কথা নকওঁ, শেষত মই ……………..”, আপুনি নিশ্চিত থাকক যে তেওঁ এই কথাটো পাঁচ মিনিটৰ মূৰে মূৰে আৰু তিনিবাৰ ক’ব, আৰু শেষৰবাৰ কোৱাৰ আঠ মিনিটমান পিছতহে তেওঁৰ বক্তৃতাটোৰ সঁচাকৈয়ে অন্ত পৰিব । এনে বক্তৃতাৰ পিছত যে দৰ্শক-শ্ৰোতাই বৰ ডাঙৰকৈ হাত-চাপৰি বজায়, সেয়া যদিও বক্তাগৰাকীয়ে ভাবি থাকে তেওঁৰ বক্তৃতা শুনি ভাল পাই বজোৱা বুলি, আচলতে দৰ্শক-শ্ৰোতাই বজায় ভাষণটো শেষ যে হৈছে তাৰ আনন্দতহে, “উস ৰক্ষা” ভাবত ।
সম্ভৱতঃ মোল্লা নাছিৰুদ্দিনৰ কাহিনীতে পাইছিলোঁ, এখন সভাত কিবা এটা বিষয়ত ভাষণ দিবলৈ গৈ তেওঁ ৰাইজক সম্বোধি সুধিলে, “মই কি ক’বলৈ ওলাইছোঁ আপোনালোকে জানেনে?” ৰাইজেনো কেনেকৈ জানিব, তেওঁলোকে উত্তৰ দিলে নাজানো বুলি । তেওঁ ক’লে, “আপোনালোক নো ইমান অজ্ঞ নে? তেনেহ’লে আপোনালোকক কিবা কৈ নো কি লাভ হ’ব?” সেইবুলি তেওঁ একো নোকোৱাকৈ মঞ্চৰপৰা নামি আহিল । পিছত আন এখন সভাত তেওঁ যেতিয়া একেখিনি মানুহৰ ওচৰত ভাষণ দিবলৈ গৈ একে প্ৰশ্ন উত্থাপন কৰিলে, মানুহখিনিয়ে ভাবিলে এইবাৰ নাজানো বুলি কোৱাটো ঠিক নহ’ব । গতিকে তেওঁলোকে এইবাৰ জানো বুলি উত্তৰ দিলে । তেওঁ ক’লে, “আপোনালোকে যিহেতু জানেই, মই কৈ লাভ কি?” গতিকে এইবাৰো তেওঁ ভাষণ নিদিয়াকৈ মঞ্চ ত্যাগ কৰিলে ।
কিছুদিনৰ পিছত আন এখন সভাত তেওঁ একেখিনি মানুহৰ মুখামুখি হ’ল । এইবাৰ আগৰ দুবাৰৰ অভিজ্ঞতাৰ ভিত্তিত মানুহখিনিয়ে আলোচনা কৰিলে, আমাক যদি এওঁ সোধে “মই কি ক’ব খুজিছোঁ আপোনালোকে জানেনে?” বুলি, জানো বুলি কোৱাটোৱো সুবিধাজনক নহ’ব, নাজানো বুলি কোৱাটোৱো । গতিকে তেওঁলোকে ঠিক কৰিলে, কিছুমানে জানো বুলি ক’ব আৰু আন কিছুমানে নাজানো বুলি ক’ব । যেতিয়া সঁচাসঁচিকৈয়ে তেনেকুৱা হ’ল, তেওঁ ক’লে, “তেনেহ’লে ভালেই কথা, মই একো নক’লেও চলি যাব । জনাখিনিয়ে নজনাখিনিক বুজাই দিলেই হ’ল ।” এইবুলি কৈ তেওঁ মঞ্চৰপৰা নামি আহিল ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.