ফটাঢোল

সময়শৃংখল – সুৰঞ্জনা শর্মা

কেতিয়াবা….

“ইয়াত সকলােবােৰ কামেই প্রফেশ্যনেল। আৱেগৰ দাম নাই, দাম আছে সময় আৰু কৰ্মৰ”..।—দিকনির্ণয়কাৰী পুৰুষজনৰ কণ্ঠৰ পৰা প্রয়ােজনাধিক গাম্ভীর্য ভাঁহি

আহিল। শান্তিপ্রিয় মানুহবােৰে নিশ্চয় এই পুৰুষ কণ্ঠত চকিত হৈ পৰিব। ইমান অহংকাৰী তেওঁৰ এই কণ্ঠস্বৰ। যেন ৰাজপ্রাসাদৰ সিংহাসনত অধিষ্ঠিত এজন ৰজাহে! প্রাচুর্যৰ অহংভাবত জলমল দুচকু! কিদৰে তেওঁ পাহৰিব পাৰে আৱেগক? কিদৰে? কিদৰে? আৱেগৰ সৈতে প্রত্যেক মানুহৰে কিবা নহয় কিবা প্ৰকাৰে সংযােগ থাকেই। সেই কথা কিয় পাহৰি যায় এই পুৰুষে! এই জীৱনত আমি বহুতাে চমকপ্রদ, পৰমাশ্চর্য সংবাদ শুনিবলগীয়া হয়, যিবােৰৰ কিছুমানে কৰে হৃদয় উৎফুল্ল, আৰু আন কিছুমানে কৰে হৃদয় কম্পিত!—অর্থনীতিৰ কথাবােৰ সদায় শুনায় এই বীৰপুৰুষে। বাৰ্টাৰ ছিষ্টেমৰ কথা কৈ কৈ তেওঁৰ আত্মাই যেন আদিম কালৰ সেই সমাজ জীৱনলৈ গতি কৰে। প্রমােদে এই ছিটুৱেশ্যনটো প্রায়ে উপভােগ কৰে। মানুহজনে কথা কৈ থাকি থাকি আপােন পাহৰা হৈ যায়। হুঃ, আগতেই ভাল আছিল অর্থনীতিৰ নিৰ্ভৰযােগ্য সংজ্ঞা নাছিল। টকা-পইচাৰ সৃষ্টি হােৱা নাছিল। তেতিয়া বাৰ্টাৰ ছিষ্টেমত হে বাস্তৱ বস্তুৰ

আদান-প্রদান হৈছিল। —’Goods were exchanged for goods.’—

প্রমােদে জিভাখনেৰে নিজৰ ওঁঠ দুখন তিয়াই ল’লে। সকলােবােৰ শুকান হৈ গৈছে।

ওঁঠ, ডিঙি, শৰীৰ, … জীৱন! অনবৰতে মালিকীস্বত্ব খটুৱাই থকা অনংগ খাৰঘৰীয়াৰ বক্তৃতাত প্রমােদে সুখী হ’ব নােৱাৰে। অফিচ টাইমৰ শেষত সেয়ে সি এক বুজাব নােৱাৰা ধৰণৰ আমনি অনুভৱ কৰে। টকা অবিহনে এই পৃথিৱী অসাৰ। একমাত্র এই কথাটোৱেই কেতিয়াবা প্রমােদক চূড়ান্তভাৱে দুখ দিয়ে।

তেতিয়া…

মেহনতী মানুহৰ মূৰত কঁঠাল ভাঙি পুঁজিপতিসকল সদায় চহকী হৈ আহিছে। কিমান যে সংগ্রাম এই মেহনতী মানুহবােৰৰ! প্রমােদ যেন আহত হয়। মাকলৈ মনত পৰে তাৰ। চৌকাত জুই ফুঁ‌ৱাই ফুঁ‌ৱাই চাগে চকু জলজলীয়া কৰি তুলিছে। শ্রমজীৱী মানুহৰ মনত আদৰ্শৰ ভৰ বেছি। প্রমােদে জানে সেইকথা। সিও যিহেতু সেই শ্রেণীৰে পৰা অহা নিঃকিন! —গতিকে বহু কথাই তাৰ উপলব্ধিৰ পৰিসৰৰ ভিতৰত সােমায়।

প্রমােদৰ মনত পৰে জীৱনৰ দুখ-বিষাদৰ বিবিধ খণ্ড-চিত্ৰৰ কথা। বিচনা বুলিবলৈ আছিল মাথোঁ বাঁহৰ চাং। তাতে থৈলাত ভৰােৱা খেৰৰ তােচক। বাঁহৰ খুঁটি এটাত

আপােনমনে বহি থাকিছিল সিহঁ‌তৰ পঁজা উজ্বলােৱা চাকিটো। বাঁহৰ খিৰিকী খুলি প্রায়েই প্রমােদে চাই ৰৈছিল ওচৰৰ হাবিখন। সেই হাবিখন কিয় জানাে তাৰ বৰ আপােন আছিল। কিবা এক বনৰীয়া গােন্ধে যেন তাক অহৰহ খেদি ফুৰিছিল। খিৰিকীৰ বাওত

মুখ থৈ প্রায় সময় প্রমােদ বহি ৰৈছিল। শব্দহীন চিন্তাত সি ডুব যাব ধৰিছিল। সি লেনিন হ’ব খুজিছিল। কৈশােৰ কালৰে পৰা কলিতা ছাৰৰ মুখত সি শুনি আহিছিল—

লেনিনবাদ হেনাে বিশ্বৰ বৈপ্লৱিক পুনর্গঠনৰ এক তত্ত্ব আৰু পদ্ধতি, চিৰন্তন-বিকাশমান শিক্ষা, অতি প্ৰভাৱশালীমতাদর্শ। বুর্জোৱা সমাজৰ আটাইতকৈ নিপীড়িত সর্বহাৰাসকলৰ বন্ধু এই লেনিনজন প্রমােদৰ আদৰ্শ হৈ পৰিছিল। সর্বহাৰাৰ বাবে তাৰ কিবা কৰিবলৈ

মন গৈছিল। মজুৰি উপার্জনকাৰী মানুহবােৰত সি খুব বন্ধুসুলভ দৃষ্টিৰে চাইছিল। অকর্মণ্য বাপেকৰ অকালমৃত্যুত মাকে যি যন্ত্রণা পাইছিল—তাৰ বাবে প্রমােদে প্রায়েই ব্যথিত হৈ পৰিছিল। পিছে সিতাে আৰু এই যুগত লেনিন অথবা মার্ক্স হ’ব নােৱাৰে! জীৱনৰ ইমান আকর্ষণী শক্তি যে নিজক বিসর্জি আনক ভবাৰ কথা কল্পনাও কৰিব নােৱাৰি। প্ৰায়েই যুদ্ধ কৰিবলৈ মন গৈছিল প্রমােদৰ গাঁৱৰ ধনীক শ্রেণীটোৰ বিৰুদ্ধে, মহাজন, মৗজাদাৰ অথবা লুভীয়া গাঁওবুঢ়াৰ বিপক্ষে। পিছে সি জানে, যুদ্ধ সদায় ক্ষমাহীন। নির্মম তীব্ৰতাৰে ই কেৱল মাতি আনিব পাৰে ধ্বংসমুখিতা! সি নিমাত

হৈয়েই থাকিছিল সেয়ে। সকলােৰে তিতা গালি গালাজ খায়াে জীৱনক আকোঁৱালি ধৰিব খুজিছিল সি। বিবিধ অভিজ্ঞতাৰে সিক্ত হৈছিল সি। বাৰে বাৰে যেন

পৰিস্থিতিয়ে তাক সোঁৱৰাই দিছিল— জীৱনত সঁচাকৈয়ে বাঢ়িছে অর্থনৈতিক সংকট, অভাৱ ঘটিছে সুখী জীৱন চলাই নিবলৈ প্রয়ােজনীয় কেঁচামাল, তথাপি মানুহবােৰ ইমান সুখী, ইমান তৃপ্ত! গৱেষণাত্মক বিশ্লেষণ কৰিবৰ মন যায় প্রমােদৰ। চাহ আৰু

মুড়িৰে একোটা দিন পাৰ কৰােৱা সেই সময়বােৰ এতিয়াৰ দৰে মুঠেও নহয়। এতিয়া প্রমােদে দেখিছে মানুহবােৰৰ মুখত কেৱল বিদেশী ৰেচিপি, দামী পানীয়, পিজ্জা-বার্গাৰৰ কথা। দেশৰ অৰ্থনীতিৰ কি ইমান দ্রুত পট-পৰিৱর্তন ঘটিছে? অর্থনীতিৰ ছাত্র হিচাপে এই কথা প্রমােদে বহুদিন নিজকে নিজেও সুধিছে। অথচ উত্তৰ নাপায়। ইপিনে খাৰঘৰীয়া কোম্পানীৰ একান্ত বাধ্য কৰ্মচাৰী হৈ প্রমােদৰ সেইচব ভাবিবলৈ অকণমানাে আহৰিও নাই। অনংগ খাৰঘৰীয়াৰ দৰে উদ্যোগপতিয়ে মাথোঁ দিব পাৰে গেম-থিয়ৰিৰ সংজ্ঞা। তেওঁৰ মতে অর্থনীতিত সদায় কনফ্লিক্ট আৰু কম্পিটিচন। বিবিধ ষ্ট্রেটেজিৰ দ্বাৰা নেট গেইন কৰাই সকলাে ফার্ম অথবা প্লেয়াৰৰ লক্ষ্য অনংগ খাৰঘৰীয়াই কৈ থাকে পে’ অফ মেট্রিক্স অথবা অর্থনীতিৰ আৰ্চাৰটাইন বিহেভিয়াৰৰ

কথা। কিয় জানাে, খাৰঘৰীয়াৰ দৰে দিক্‌ নিৰ্ণয়কাৰী গহীন মানুহজনৰ গীহন ভাষাবােৰ প্রমােদৰ কিবা ভাল নালাগে। মানুহজনৰ মাজত সঁচায়ে আৱেগ নাই। সকলােবােৰ কামেই তেওঁ প্রফেশ্যনেল ধৰণেৰে কৰে। আচৰিত! চূড়ান্ত অশান্তি অনুভৱ কৰে প্রমােদে। উস্ অসহ্যকৰ!

মাজে-সময়ে….

হাতত ষাঠি টকা লৈ প্রমােদে বাহিৰ ওলাই আহিল। মাত্র ষাঠি টকা! হিচাপ এটা কৰিছে সি। দৈনিক যাঠি টকাকৈ খৰচ কৰিব লাগিব। তেতিয়া মাহটোৰ ত্রিশ দিনত

খৰচ হ’ব ত্রিশ পূৰণ যাঠি সমান ওঠৰশ টকা। ঘৰভাৰা সাতশ টকা। ওঠৰশ যােগ সাতশ হ’ল পঁচিশ শ টকা। আনুষংগিক খৰচ পাঁচশ টকা ধৰিলে সমুদায় তিনি হেজাৰ টকাৰ ভিতৰত প্রমােদৰ বাজেট হৈ যায় গতিকে দৈনিক খৰচ কৰিব লাগিব মাত্র ষাঠি টকা, যেনেতেনে। কথাটো ঠিৰাং কৰি সি ভাবে গেম থিয়ৰিৰ কথা। আৰ্চাৰটেইন ইকনমিক্সৰ চেঞ্জিং মার্কেটৰ নিচিনা তাৰ ভাগ্যৰ বজাৰখনতাে আৰু ভাললৈ পৰিৱর্তিত

নহয়! পৃথিৱী ৰঙীন, অথচ দুখ লগাকৈ ৰহস্যময়। ইয়াত ইজনে আনজনৰ বিহেভিয়াৰৰ ৰহস্য নাজানে। কোনে কি ধাণ্ডাত থাকে কাৰ খবৰ! নতুন নতুন প্রডাক্টৰ পৃথিৱী নামৰ এই চেঞ্জিং মার্কেটখনত সদায় নতুন নতুন কৌশলৰ উদ্ভৱ ঘটোৱা হয়। উস্ অসহ্য! ষাঠি টকাটো হাতত মুঠি মাৰি ধৰি প্রমােদ বজাৰত সােমায়। কি কিনা যায়! গাজৰ, ফুলকবি! ওহাে, দাম বেছি। বেঙেনা, ভাল হ’ব। … শাক, কিনিব পাৰি—

এটকাত এমুঠা। শাক আৰু বেঙেনা কিনি প্রমােদে বেপাৰীটোলৈ আঠ টকা আগবঢ়াই দিয়ে। এইবাৰ চাউল, হালধি, কাপােৰ ধােৱা চবােন এটুকুৰা, আলু, চাহপাত, ছাৰ্ফ এক্সেল দুপেকেট, ধূপ আৰু পিয়াজৰ লিষ্ট। বস্তুবােৰ অলপীয়াকৈ কিনিলেও সমুদায় সাতচল্লিশ টকা। ষাঠিলৈ থাকিল আৰু মাত্র পাঁচ টকা। হােটেল এখনত সােমাই প্রমােদে চিঙৰা আৰু গৰম চাহৰ অৰ্ডাৰ কৰিলে। ফাষ্টফুড আইটেম এবিধ খাবলৈ তাৰ খুব মন গৈছিল। পিছে হাতত থকা সামান্য টকা পাঁচটাই সেয়া অনুমতি নিদিলে। হােটেলৰ বিল হৈছিল সাত টকা। প্রমােদে দিলে পাঁচ টকা। মালিকটোৱে একো নক’লে। চিনাকি হৈ গৈছে, প্রমােদে সদায় সেইখনতে খায়।… কোনােমতেই মিলাব নােৱাৰি ষাঠি টকাৰ বাজেট। এইদৰে অংক কৰি কৰি খৰচ কৰি জীৱন নিয়াব নােৱাৰি। গাণিতিক সূত্রতটো আৰু জীৱন আবদ্ধ নহয়! তথাপি… উপায় নাই। পেনৰ ৰিফিল এডাল, এলার্ম ঘড়ীৰ বেটাৰী এটাও লগা হৈ আছিল। পিছে ষাঠিটকীয়া দৈনিক বাজেট মিলােৱাৰ স্বার্থত প্রমােদে সেয়া কিনাৰ আশা বাদ দিলে। আচলতে, এদিনীয়া খৰচৰ বাবে ষাঠিটা টকা একোৱেই নহয়। পুনৰ লেনিনৰ কথা ভাবে প্রমােদে। লেনিন। প্রমােদৰ নিজৰ

মাজতাে প্রতিষ্ঠা কৰিবলৈ মন যায় সৰলতা, বিচক্ষণতা, প্রাণৱন্ততা, জ্ঞানগভীৰতা আৰু যুক্তি তীব্র সামঞ্জস্যতাৰ স্পষ্টতা। অথচ কেতিয়াবা সি হাৰি যায়। ধনীক শ্ৰেণীটোৰ প্রতি তাৰ এক প্রচণ্ড ক্ষোভ উথলি উঠে। আৰু ইয়াকে প্রত্যাহাম হিচাপে লৈ সি জীৱনত প্রচণ্ডভাৱে কৃপণ হ’ব খােজে। সাংঘাতিক ধৰণৰ কৃপণ হ’ব লাগিব। এটকা এটকাকৈ সাঁচিব লাগিব। আৰু জীৱনযুদ্ধত নিজকে এদিন সেই ধনীক শ্ৰেণীটোৰ

অন্তর্ভুক্ত কৰাব লাগিব। এই ভাবি প্রমােদ ধনী হ’বলৈ দৃঢ়প্রতিজ্ঞ হয়।

এতিয়া…

ইণ্টাৰভিউ কক্ষৰ পৰা ওলাই আহি মানিবগটো খুচৰি চালে প্রমােদে। দুশ টকা ৰৈছেগৈ। আজি ইণ্টাৰভিউ দিবলৈ আহি এতিয়া পর্যন্ত তাৰ এশ টকাৰাে অধিক খৰচ হ’ল। তথাপি কথা নাই। ষ্টেটবেংকৰ এই চাকৰিটো যদি হৈ যায় তাৰ আৰু চিন্তা নাই। এমাহতে আহিব বহু পইচা। নম্রতাৰ বাবেও তেতিয়া সি হৈ পৰিব যােগ্য পুৰুষ! জীৱন এনেকুৱাই। টকাইহে পৰিচালনা কৰে সময়! কি নিষ্ঠুৰ এই অর্থসর্বস্ব জীৱন! আচৰিত! আচৰিত! পুনৰ লেনিনলৈ মনত পৰি যায় প্রমােদৰ। মানুহজনক যদি এবাৰলৈ হ’লেও লগ পােৱাৰ সৌভাগ্য হ’লহেঁতেন! কি সাংঘাতিক আদর্শগত জীৱন

এটাক যে আকোঁৱালি ল’ব পাৰিছিল! প্রতিক্রিয়া সবাতােকৈ অন্ধকাৰময় কালছােৱাতাে তেওঁ মনত আশাৰ ৰেঙণি পুহি ৰাখিব জানিছিল। জীৱনত সিমানখিনি ধৈর্য ধৰাটো সঁচায়ে বৰ কষ্টকৰ। প্রমােদে উপলব্ধি কৰে কথাবােৰ। তাৰ ষাঠিটকীয়া এই দৈনিক

জীৱনটোলৈ নম্রতা কিয় কোনাে নাৰীয়েই চাগে আহিব নােৱাৰিব। গতিকে, কিবা এটা কৰাৰ প্ৰয়ােজনীয়তা আছে। অচিৰেই! বেংকৰ চাকৰিটো নহ’লেও ব্যৱসায় জাতীয় কিবা কৰি হ’লেও সি টকা ঘটিব লাগিব। ধনী হ’বই লাগিব। অনংগ খাৰঘৰীয়াৰ মালিকীস্বত্ত্বৰ এই প্রাইভেট কোম্পানীত আৰু কিমানদিন কাম কৰিব পৰা যায়! মাথোঁ গালি-গালাজ! কেৱল সময় হিচাপৰ হুংকাৰ। প্রফেশ্যনেলিজি। প্রফেশ্যনেলিজিম্! উস্ পাগল হৈ যাব সি এনেকৈ। আৱেগ নােহােৱাকৈ কাম কৰি বাৰু সুখ পােৱা যায় নে? লেনিন জীয়াই থকাহেঁতেন চাগে এই অনংগ খাৰঘৰীয়াটোৰ

মুখত চূণ দিলেহেঁতেন। যত চব পুঁজিপতিসােপা। প্রমােদে মানিবেগটো পেণ্টৰ পকেটত ভৰাই খােজ লয় বাটে বাটে। ৰিক্সাত উঠিবলৈ মন যায়, নােৱাৰে। ষাঠি টকাৰ বাজেটে সেয়া হ’বলৈ নিদিয়ে। আজি এনেয়েও বেছিকৈয়ে খৰচ হৈ গ’ল ইণ্টাৰভিউ বুলি। হায় জীৱন! অর্থ অবিহনে সঁচাই অর্থহীন। প্রাইভেট কোম্পানীত চাকৰি কৰি কৰি সি যেন মানসিকভাৱে ঘূণীয়া হৈ পৰিছে। অনবৰতে মানসিক হেঁচা। গালি-গালাজ। কেতিয়াবা মালিকী-পক্ষৰ বিৰুদ্ধে প্রমােদৰ প্রচণ্ড বিদ্রোহ কৰিবলৈ মন যায়। কিন্তু তৎমূৰ্হুততে সি নিজক

চম্ভালি লয়। পেটৰ দায়ত এই সহ্য অথবা ধৈর্যগুণ মানুহৰ বাবে বাঞ্ছনীয়। এতিয়া সকলােবােৰ এনেকুৱাই। স্বার্থসর্বস্ব!

হঠাতে..

হেলনীয়াকৈ চকীখনত বহি প্রমােদে কম্পিউটাৰৰ মণিটৰত চকু ফুৰালে। অলপ আগেয়ে গার্ডটোৱে দি থৈ যােৱা চাহৰ কাপটোত এশােহা মাৰিলে। নম্রতাক ফোন

এটা কৰি সি কৈ দিলে, আজি তাৰ ঘৰলৈ যাওঁতে অলপ পলম হ’ব। মিঃ দাসগুপ্তাৰ ঘৰত নৈশ পার্টি আছে। ইপিনে নম্ৰতাৰাে হেনাে বান্ধৱী এগৰাকীৰ ঘৰত নিমন্ত্রণ আছে, বান্ধৱী ফেশ্বন ডিজাইনাৰ— আজি ক’ৰবাত হেনাে শ্ব’ আছে। গতিকে নম্রতাও নাথাকে হেনাে ঘৰত। পােনতে কথাটো জানিব পাৰি প্রমােদে ভালেই পালে। টেনশ্যন ফ্রি হৈ পৰিল। নহ’লে নম্ৰতাৰ বাবেই সি দাস গুপ্তাৰ পার্টি মিছ কৰিব লগাত পৰিলহেঁতেন। অলপ পাছতে প্রমােদৰ আকৌ কিবা এটা যেন মনত পৰিল। চে’লফোনত নাৰায়ণৰ নাম্বাৰটো টিপিলে। ড্রাইভাৰ নাৰায়ণক সি কৈ থৈ দিলে, আজি নিয়ৰৰ স্কুলত গেমছ আছে, গতিকে তাক আনিবলৈ নাৰায়ণে আজি অলপ পলমকৈ গ’লেও হ’ব। ফোনকলটো শেষ কৰি প্রমােদে পুনৰ কম্পিউটাৰৰ স্ক্রীনত চকু থ’লে। উস চকু দুটা বিষােৱা যেন লাগিছে। ভাগৰাে লাগিছে তাৰ যথেষ্ট। এনেতে হঠাৎ তাৰ কেবিনলৈ সােমাই আহিল এক আলৰ বৃদ্ধ মানুহ। কুঁ‌জা। চুলিৰে শুকুলা। আওপুৰণি পাছবুকখন প্রমােদলৈ আগুৱাই দি তেওঁ ক’লে, “বােপাই, পাছবুকত কিমান টকা আছে আপডেট কৰি দিয়াচোন। ল’ৰাটোক আহিবলৈ ক’লোঁ, সিও নাহিল। ময়াে এইবােৰৰ একো

আওভাও নাপাওঁ। দিয়াচোন, টকাটো চাই দিয়া বােপাই!” প্রমােদৰ চাৎকৈ খঙটো উঠি গ’ল। হাৰে, সি হ’ল এইটো বেংকৰ ব্রাঞ্চ মেনেজাৰ। তাৰ কাম পাছবুক আপডেট কৰা নহয়তাে! এতিয়া প্রমােদ চৌধুৰী ষ্টেট বেংকৰ ব্রাঞ্চ মেনেজাৰ। টকা-পইচা, গাড়ী-ঘৰ, পত্নী নম্রতা, পুত্র নিয়ৰ সকলাে আছে তাৰ। এতিয়া এনেধৰণৰ সৰু-সুৰা কামবােৰৰ বাবে তাৰ হাতত সময় নাই। এনেধৰণৰ একো নজনা বুঢ়ামখাই এই বেংকতে ভিৰ কৰি মৰেহি— প্রমােদে ভােৰতােৰালে। —“এইটো মােৰ কাম নহয়, বাহিৰত যাওক, গ’ আউট।” —এইদৰে কৈ বুঢ়াজনক উপেক্ষা কৰি প্রমােদে পাছবুকখন একে আজোৰে দলিয়াই দিলে। সেইখন গৈ বুঢ়াৰ ভৰিত পৰিল। বুঢ়াৰ দুচকুত প্রমােদে তৎক্ষণাৎ দেখিলে এজাক নিশাৰ ছাঁ। তথাপি সি একো নাভাবিলে। এনেকুৱা সৰু সৰু মানুহৰ ইম’শ্যনক গুৰুত্ব দিলে প্রমােদৰ আৰু নচলে এতিয়া। অফিচ ছুটীৰ সময় হৈছে। চকীৰ পৰা উঠি প্রমােদ যাবলৈ ওলাল। বেংকৰ

পৰা ওলায়ে সি ভাবিলে, “বুঢ়াই ইয়াত ইমশ্যন ফালি থাকিলে হ’ব কিটো, সি জীৱনৰ পৰাই শিকিছে— লাইফটোত প্রফেশ্যনেল হােৱা উচিত। আৱেগিক হ’লে নচলে।”

—তৎক্ষণাৎ লিফটেৰে নামি আহি প্রমােদে নিজৰ কাৰত বহিল। মিঃ দাসগুপ্তাৰ পার্টি এটেণ্ড কৰিবলৈ হ’লে সি অলপ ফ্রেছ হৈ ল’ব লাগিছিল। কিন্তু এতিয়া ঘৰলৈ গৈ ফ্রেছ হৈ ঘূৰি আহি পার্টি এটেণ্ড কৰাৰ আৰু সময় নাই। গতিকে সি গাড়ীৰ ভিতৰতে মূৰটো এবাৰ ফণিয়ালে। তাৰ পিছত কাৰৰ পৰা নামি মুচী এটাৰ ওচৰত জোতা পলিশ্ব কৰিবলৈ ওলাল। পলিশ্ব কৰা হােৱাৰ শেষত প্রমােদে এটকীয়া মুদ্ৰা দুটা দলি মাৰি দি

কাৰত উঠিবলৈ আহিল। মুচীয়ে কিন্তু চিঞৰি থাকিল, —“চাহাব, কম চে কম পাঁচ টকা এটাতো দি যাওঁক। ইমান মেহনত কৰি জিন্দেগী জী আছে, আপোনালোকে

আমাক লুটি-পুটি গাড়ী কিনিছে, ঘৰ কিনিছে। হু চাল্লা, খেক থুই। নালাগে যাওঁক, এই দুই টকাও লৈ যাওঁক আৰ কামত আহিব। সময়ে এদিন চবকে ঠগিব চাহাব, আপনাকো…।” মুচীটোৰ কথাবােৰ যেন প্রতিধ্বনিত হৈ পৰিল। মুচীটোৱে দলি মাৰি ওভােতাই দিয়া এটকীয়া দুটা হাতৰ মুঠিত ভৰাই প্রমােদে আহি নিজৰ কাৰত বহিল।

যেতিয়া…

মিঃ দাসগুপ্তাৰ পার্টি ইতিমধ্যে আৰম্ভ হৈছিল। বিভিন্নজন ব্যৱসায়ী-সম্ভ্ৰান্ত উদ্যোগপতিৰে ভৰপূৰ সেই পার্টি। প্রমােদে তাত চামিল হ’বৰ যত্ন কৰিলে। দাসগুপ্তা

প্রমােদৰ বহুদিনৰ চিনাকি নহয়। প্রমােদৰ বেংকৰে বিভিন্ন ট্রেনজেকশ্যন কৰিবলৈ আহি এদিন চিনাকি হ’ল। সম্পর্কটো থাকি গ’ল। ইয়াত আটাইবােৰ সভ্রান্ত মানুহ। ৰমণীয় পার্টি! প্রমােদে কিন্তু অলপ অসহজবােধ কৰিলে। ইমান বেছি ব্যয়বহুল পার্টিটোত দামী দামী মানুহবােৰৰ মাজত সি নিজকে কমদামী যেন অনুভৱ কৰিলে। মিঃ দাসগুপ্তাই দুবাৰকৈ “হেল্ল’, খালেনে”– এইধৰণৰ বাক্য দুষাৰিমান ক’লে প্রমােদক, তাৰ বাহিৰে

বাকী কাৰােৰে সৈতে প্রমােদৰ চিনাকিও নাই। চুকৰ চকী এখনত প্রমােদ বহি থাকিল। মিঃ ব্যানার্জী-তেওঁৰ পত্নী, হাজৰিকা, শইকীয়া আটাইবােৰ দামী মানুহ। তেওঁলােকৰ কথা পতা বা খােজ কঢ়াৰ কৌশলেই বেলেগ। কি অত্যাধুনিক কায়দা-কৌশল! বাহ! আধা-আধি কায়দা-কিটিপ প্রমােদে বুজিয়েই নাপালে। মিঃ দাসগুপ্তাৰ এই পাৰ্টিলৈ নহা হ’লেই ভাল আছিল।

এসময়ত…

“সময়ে এদিন সকলােকে ঠগিব”–এজন সাধাৰণ মুচীৰ মুখৰ অসাধাৰণ বাক্যশাৰী প্রমােদৰ মনলৈ আহিল। কথাষাৰ সঁচা নে সময় আগুৱাই গৈ আছে। গৈয়েই আছে। সময়ৰ এই প্রবাহমান স্রোতত সি বাৰু সুখী হ’ব পাৰিছে নে? আগৰ সেই অনংগ খাৰঘৰীয়াৰ কোম্পানীত দিনে-ৰাতিয়ে কাম কৰি ধনী হােৱাৰ স্বপ্ন দেখা সময়বােৰত সি সুখী আছিল নে এতিয়াৰ এই যন্ত্রসর্বস্ব ভাগ-দৌৰৰ লাইফ-পার্টি নাইবা এনজয়মেণ্টক

লৈ সি সুখী হ’ব পাৰিছে! তাৰাে আগৰ সেই গাঁৱৰ নৈৰ পাৰে পাৰে ল’ৰি ল’ৰি উমলি জামলি ফুৰি খৰি ফালি অবলা মাকক সহায় কৰি দিয়া অর্থনীতিৰ সংজ্ঞা নজনা নিঃকিন অথচ সৰল জীৱনটো সুখৰ আছিল নে এতিয়াৰ কেৱল টকা-পইচাৰ পিছে পিছে ল’ৰি ল’ৰি যান্ত্রিক হৈ পৰা অতিব্যস্ত জীৱনটো সুখৰ! প্রমােদে একো সমিধান নাপালে। জীৱনত এনে এক সময় আহিছিল যেতিয়া সি এদিনত যাঠি টকা খৰচ কৰি

কৃপণ হৈ হ’লেও অনংগ খাৰঘৰীয়াৰ দৰে সম্পত্তিশালী হ’বলৈ প্ৰচুৰ কষ্ট কৰিব খুজিছিল। এদিন সকলাে সমস্যা পূৰণ হ’ল। প্রতি ষাঠি মিনিটত সি ষাঠি টকাৰ অধিক খৰচ কৰিব পৰা হ’ল। অথচ, সময়স্রোতত জীৱন যন্ত্র হৈ গ’ল। অর্থনীতিৰ সংজ্ঞা বিচৰা প্রমােদে হাঁহিবলৈ পাহৰি পেলালে। যান্ত্রিক হৈ পৰিল প্রমােদ একালৰ প্ৰেয়সী আৰু এতিয়াৰ পত্নী নম্রতাও। যন্ত্র হৈ পৰিল পুত্র নিয়ৰাে। মুচীটোৰ দৰে অথবা বৃদ্ধ বেংকৰ গ্রাহকজনৰ দৰে সৰলতা, খােলা হাঁহি মাৰিব পৰাকৈ প্রমােদ আৰু এতিয়া সৰল হৈ থকা নাই। মুচীটোৰ বাবে এটকীয়া মুদ্ৰা দুটাৰ মূল্য নাই অথচ প্রমােদে তেনে বহু এটকীয়াৰ বাবে বহু ৰিক্সাচালক, ঠেলাৱালা, দর্জী, ধােবাৰ সৈতে দৈনিক কাজিয়া কৰি আহিছে— ধনী হােৱাৰ স্বাৰ্থত।… মিঃ ব্যানার্জীয়ে নৈশ পার্টিত চলি থকা ডান্সত পূর্ণোদ্যমে অংশগ্রহণ কৰিছে। ক্ষণিকতে প্রমােদৰ মিঃ ব্যানার্জী হ’বলৈ মন গ’ল। মিঃ ব্যানার্জীৰ দৰে উদ্যোগপতি হ’বলৈ যথেষ্ট কষ্ট কৰিব লাগিব।… পিছে তৎমূহুৰ্ততে প্রমােদে নিজৰ ভাব সলাই পেলালে। অনংগ খাৰঘৰীয়া হ’ব খুজি খুজি সি হাঁহি আৰু

আহৰি হেৰুৱাই পেলালে। এতিয়া মিঃ ব্যানার্জী হ’ব খুজিলে সি জীৱন হেৰুৱাব লাগিব।…

এনেতে পার্টিত চলি থকা টিভিৰ স্ক্রীনত ভাঁহি আহিল এক ব্রেকিং নিউজ “চহৰৰ বিখ্যাত উদ্যোগপতি অনংগ খাৰঘৰীয়াৰ আত্মহত্যা”। বাৰে বাৰে স্ক্রীনত ভাঁহি আহিল—খাৰঘৰীয়াৰ চিলিং ফেনত ওলমি থকা মৃতদেহ। মৃতদেহটোৱে যেন ৰঙীণ পার্টিটোক ইতিকিং কৰিছে। উস্! প্রমােদ আচৰিত হ’ল। যাৰ বিষয়ে ভাবি আছিল—সেই মানুহজনৰ মৃত্যুৰ খবৰ… হঠাতে অনংগ খাৰঘৰীয়াৰ দৰে প্রচণ্ড অহংকাৰী, আত্মাভিমানী, গৌৰৱী মানুহজনেই বাৰু আত্মহত্যা কৰিছেনে? কাৰাে ওচৰত সেও নমনা মানুহজনে মৃত্যুৰ ওচৰত এনেকৈ স্ব-ইচ্ছাই সেও মানিলেনে? অনংগ খাৰঘৰীয়াই সদায় কৈছিল, “জীৱনৰ সকলাে কামেই প্রফেশ্যনেল, ইয়াত আৱেগৰ দাম নাই, দাম আছে সময় আৰু কৰ্মৰ— অথচ শেষ মুহূর্ত আৱেগিক হৈয়ে তেওঁ মৃত্যুক বৰিলে।

আকৌ কেতিয়াবা…

পার্টি এৰি প্রমােদে ওলাই আহি নিজৰ গাড়ীত বহিল। ধীৰ গতিৰে গাড়ী চলাই গৈ থাকি সি ভাবিলে, প্রত্যেক মানুহৰ জীৱনতে চাগে কোনাে এক নহয় এক সময়ত

জীৱনৰ সেইছােৱা সময়লৈ উভতি যাবলৈ মন যায়— যি ছােৱা সময় জীৱনৰ অমূল্য সময় আছিল— য’ত কষ্ট আছিল কিন্তু ক্লান্তি নাছিল, য’ত স্বপ্ন আছিল কিন্তু হতাশা নাছিল, য’ত প্রশ্ন আছিল— উত্তৰ নাছিল— আৰু উত্তৰ বিচাৰি বিচাৰি এসময়ত মানুহে সেই সময়কে হত্যা কৰে। হঠাতে, প্রমােদে তাৰ জীৱনাদর্শ লেনিনক মনত পেলাব বিচাৰিলে। পিছে আচৰিত! লেনিন তাৰ স্মৃতিত এতিয়া ধূসৰ হৈ পৰিছে। …সময়ৰাে চাগে শৃংখল থাকে। এটি এটি শিকলিৰে ঘেৰ খাই থাকে সময়। আৰম্ভণি-শেষ-আকৌ আৰম্ভণি; শিকলিৰ দৰে সময়! প্রমােদে ভাবিলে, বহুদিন নম্রতা, নিয়ৰ

আৰু সি একেলগে বহি এসাঁজ খােৱা নাই। সেই দিনবােৰ ঘূৰাই পােৱা হ’লে! বহুদিন বেমাৰী মাক আৰু অবিবাহিতা ভনীয়েকৰ খা-খবৰ লােৱা নাই। সেই সময়বােৰ আকৌ ঘূৰাই পােৱা হ’লে! আগৰ সেই কষ্টকৰ অথচ নির্ভেজাল-অযান্ত্রিক সময়বােৰ আকৌ

ঘূৰাই পােৱা হ’লে।… প্রত্যেকৰে চাগে এনে হয়। নতুন সময় অতিক্রমি পুনৰ পুৰণি সময়লৈ উভতি যাবলৈ মন যায়। শিকলিৰ দৰে এইসময়!…প্রমােদে ভাবিলে, মুচীটোৱে ঠিকেই কৈছিল – সময়ে এদিন সকলােকে ঠগিব, সকলােকে।— আৰু ই এনেদৰেই জাহিৰ কৰি থাকিব তাৰ চূড়ান্ত অহংভাব – সময় স্বাধীন— টকাৰেও ইয়াক কিনিব নােৱাৰি…। সময় চিৰ আকর্ষণীয়— আৰু মৃত্যুৰ দৰেই ৰহস্যময়!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.