ফটাঢোল

সমাজ আৰু নাৰী – ভাৰতী পাঠক

‘হে নাৰী, তুমি নিজকে নিচিনা কিয়
তোমাৰো আছে নিজৰো অস্তিত্ব, নিজৰ শক্তি।

প্ৰতি খোজতে অৱহেলিত নিষ্পেসিত হ’লেও নিজৰ মহানতাৰে তুমি সদায় মহিয়সী।’

‘নাৰী’ ঈশ্বৰৰ এক মহান সৃষ্টি। যাৰ অবিহনে এখন সমাজ অসম্পূৰ্ণ। নাৰীক ত্যাগ, ধৈৰ্য আৰু সাহসৰ প্ৰতীক হিচাপে মান্যতা দিয়া হয়। হিন্দু শাস্ত্ৰত নাৰীক ‘দেৱী’ বা ‘শক্তিৰ অধিষ্টাত্ৰী’ হিচাপে পূজা কৰা হয়। কিন্তু বিচাৰ্যৰ বিষয়টো হল ‘দেৱী’ ৰ স্থান দি পূজাৰ পিছতো হিন্দু সমাজ ব্যৱস্থাত নাৰীৰ প্ৰতি ইমান শোষণ কিয়? পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰীক বহু ক্ষেত্ৰত ভোগ্য আৰু পন্য বস্তুৰ দৰে ব্যৱহাৰ কৰা হয়। যাৰ প্ৰমাণস্বৰূপে প্ৰতিদিনে নিয়মিতভাৱে টি.ভি., পেপাৰ আদিত আঠ-দহটা বলাৎকাৰৰ ঘটনা, বোৱাৰী হত্যা, মহিলাৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাটনৰ ঘটনা শুনা পাওঁ। কেতিয়াবা কেতিয়াবা এই ঘটনাবোৰ ইমানেই হৃদয়বিদাৰক যে, মানবীয়তাৰ প্ৰতি বিশ্বাস হেৰাই যায় ।

এই সমস্যাসমূহৰ ভিতৰত বৰ্তমান সময়ত আটাইতকৈ ত্ৰাসৰ সৃষ্টি কৰা সমস্যাটো হল ধৰ্ষণ বা বলাৎকাৰ। বুঢ়াৰ পৰা কেঁচুৱালৈকে কোনো সাৰি নাযায়। আজিকালি প্ৰায়ে সৰু-সৰু ছোৱালীবোৰ বয়স 3-6 বছৰৰ ভিতৰত ধৰ্ষণৰ ঘটনা শুনা যায়। যিবোৰ কাম তেওঁলোকৰ পিতৃ বা সম্বন্ধীয় লোকে কৰে। কিন্তু প্ৰশ্ন হ’ল এই ঘটনাবোৰ শুনাৰ পিছত আমি কি কৰো? হয়তো কোনোৱে মুড বেয়া বুলি কথাটোৰ পৰা আঁতৰি যাঁও, কোনোৱে সমাজখন অধঃপতনে গ’ল বুলি খেদ প্ৰকাশ কৰোঁ, ছচিয়েল মিডিয়াত আপডেট দিওঁ, কোনোৱে চৰকাৰ বা প্ৰশাসনৰ ওপৰত দায়িত্ব জাপি দি দায়িত্ব সামৰোঁ। তাতোকৈ ডাঙৰ কথা কোনোৱে তাৰ দোষো ছোৱালীৰ সাজ-সজ্জাৰ ওপৰত দি মহানতাৰ পৰিচয় দিওঁ। কিন্তু আমাৰ কৰণীয় সিমানেই জানো? আমি প্ৰত্যেকেজনেই এই অমানৱীয় ঘটনাবোৰ শিপাৰ পৰা উঘালিবলৈ চেষ্টা নকৰোঁ কিয়?

ইয়াৰ কাৰণ হ’ল সমাজত ল’ৰা আৰু ছোৱালীৰ মাজত সমতাৰ অভাৱ। আমাৰ সমাজ ব্যৱস্থাই শিক্ষাৰ লগতে বেলেগ দিশসমূহত ল’ৰাক দিয়া সুবিধাৰ সমানে ছোৱালীক দিব নিবিচাৰে। কাৰণ তেওঁলোকৰ মনত এই ধাৰণাই শিপাই থাকে যে, বেছিকৈ পঢ়াই-শুনাইনো কি লাভ, এদিনতো তাই আনৰ ঘৰ শুৱনি কৰিবই। কিন্তু তেওঁলোকে পাহৰি যায় যে, এখন সুস্থ সমাজ নিৰ্মাণৰ বাবে প্ৰত্যেকগৰাকী নাৰী শিক্ষিত হোৱাটো অত্যন্ত প্ৰয়োজনীয়। এগৰাকী শিক্ষিতা মাতৃয়েহে নিজৰ সন্তানক ভাল-বেয়া, উচিত-অনুচিত বিষয়ৰ যুক্তিসংগত জ্ঞান দি সুযোগ্য কৰি গঢ় দিব পাৰিব। কাৰণ বৰ্তমান সমাজত দুঃশাসনৰ অভাৱ নাই।

এতিয়া প্ৰশ্ন হল, এই ধৰণৰ অপৰাধবোৰ সংঘটিত হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰত প্ৰথমেই ক’ব লাগিব পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত অৰ্থাত তেওঁ বাস কৰা সমাজখনত নাৰীৰ প্ৰতি কেনেধৰণৰ মনোবৃত্তি ৰখা হয়। দ্বিতীয়তে, সুৰাপান। তৃতীয়তে কৰ্মহীনতা। যাৰবাবে অধিক সংখ্যক উঠি অহা ল’ৰাই কোনো স্থানত একগোট হৈ বিভিন্ন আলোচনা, মদ্যপান, ইণ্টাৰনেটৰ বিভিন্ন চাইটত যৌনতাৰ ভিডিঅ চায়। যাৰ ফলত এইবোৰ বিষয়ৰ প্ৰতি অধিক উৎসুক হৈ পৰে। চতুৰ্থতে, ন্যায়ব্যৱস্থাত থকা সুৰুঙা। যাৰবাবে দোষীয়ে এনেধৰণৰ জঘন্য অপৰাধ কৰিও সাৰি যাব পাৰে। পঞ্চমতে, মহিলাসকলৰ আত্মবিশ্বাসৰ অভাৱ। সৰুৰে পৰা ছোৱালীক পৰনিৰ্ভৰশীল কৰি গঢ় দিয়াৰ বাবে তেওঁলোকে নিজৰ শক্তি আৰু সামৰ্থৰকতা নিজেই নাজানে। ফলত এনেধৰণৰ পৰিস্থিতিত মনোবল হেৰুৱাই পেলায়। গতিকে, ইয়াক নিৰ্মূল কৰিবলৈ আমি প্ৰত্যেকেই আগবাঢ়ি আহি বিভিন্ন ব্যৱস্থা ল’ব লাগিব। যেনেঃ-

প্ৰথমে, স্ত্ৰীশিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়া আৰু আত্মৰক্ষাৰ বাবে শিক্ষা দিয়া। সৰুৰে পৰা প্ৰত্যেকজনী ছোৱালীক সাহসী কৰি গঢ়ি তোলা।

দ্বিতীয়তে, ধৰ্ষণক জঘন্য অপৰাধ হিচাপে ঘোষণা কৰি দোষী সাব্যস্ত হ’লে দোষীক মৃত্যুদণ্ডৰ দৰে শাস্তি প্ৰদান কৰা। যাতে কোনো দ্বিতীয় ব্যক্তিয়ে এনে ধৰণৰ অপৰাধ কৰিবলৈ সাহস নকৰে।

সমাজখন আমাৰ। য’ত আমি ভৱিষ্যতৰ সপোন ৰচোঁ। পিছৰ প্ৰজন্মক এখন সুস্থ-সবল, মুক্ত, সুন্দৰ সমাজ উপহাৰ দিয়াটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য। নাৰী সৱলীকৰণৰ কথা কোৱা প্ৰত্যেকজনেই যদি নিজৰ মনতে এবাৰ প্ৰশ্ন কৰে, মোৰ ঘৰখনৰ প্ৰত্যেকগৰাকী নাৰীক কিমান সন্মান, মৰ্যদা আৰু স্বাধীনতা দিয়া হৈছে তেনেহ’লে সমাজৰ পৰা এই সমস্যাবোৰ নিপাত হ’ব। নাৰীক নিজৰ অধিকাৰৰ সৈতে সন্মানেৰে জীয়াই থাকিবলৈ দিয়া – তেতিয়াহে এখন সুন্দৰ–সুস্থ সমাজৰ সপোন বাস্তৱায়িত হ’ব।

☆★☆★☆

3 Comments

  • Gyandip das

    Dhunia hoise👌👌👌

    Reply
  • Dilip laskar

    সুন্দৰ আৰু বাস্তৱ কথাৰ মুখা মুখি সকলোৱে হয় কাৰণ নাৰী সকলোৰে ঘৰত আছে ! কিন’ যিদিনাখনলকে এই সমুহ নিজৰ ঘৰত বা পৰিয়ালৰ লগত এই ঘটনাবোৰ ঘতিব তেতিয়াহে মাত মাতিব এয়াই হল আমি আৰু আমাৰ সমাজ ৷ কিছু সংগঠন নথকা নহয় তেওঁলোকেই মাত মাতে , মাতিলে কি হব আমি নিজক সুধৰনি কৰিব লাগিব ৷ যেনেকৈ নিজৰ ছোৱালী জনীৰ বুকুখন দেখিলে ভাব হয় এয়া বয়সৰ তাৰতম্য আৰু এটুকুৰা মাংসপিণ্ড আনৰ ছোৱালী জনীৰ ক্ষেত্ৰতো যেতিয়ালৈকেএই ভাব নাহে তেতিয়ালৈকে মই ভাবো আমাৰ সমাজ ব্যৱস্থাক শুধৰণিৰ বহু প্ৰয়োজন থাকিব ৷ নাৰিক আজিয়েই নহয় আগতেও আৰু আগলৈকো পণ্য দৰে ব্যৱহাৰ কৰি আহিছে আমাৰ সমাজ ব্যৱস্থাই ৷

    Reply
  • হিৰণ্যজ্যোতি দাস

    “নাৰীক নিজৰ অধিকাৰৰ সৈতে সন্মানেৰে জীয়াই থাকিবলৈ দিয়া – তেতিয়াহে এখন সুন্দৰ–সুস্থ সমাজৰ সপোন বাস্তৱায়িত হ’ব” – এয়াহে আচল কথা ৷

    Reply

Leave a Reply

Your email address will not be published.