ফটাঢোল

সমাজ বিজ্ঞানৰ দৃষ্টিত শ্ৰীমন্ত শংকৰদেৱ – ড° পৰশমণি দাস

শ্ৰীমন্ত শংকৰদেৱৰ বিৰল বহুমুখী প্ৰতিভাক কেন্দ্ৰ কৰি সম্প্ৰতি দেশ-বিদেশৰ একাংশ পণ্ডিত-গৱেষক তেৰাৰ প্ৰতি আগ্ৰহী হৈ উঠা দেখা গৈছে৷ পণ্ডিত-গৱেষকসকল এই কথাত নিশ্চিত হৈছে যে শ্ৰীমন্ত শংকৰদেৱ এগৰাকী সাধাৰণ ধৰ্মগুৰু নহয়, বৰং সমাজ-সাহিত্য-সংস্কৃতিৰ বিভিন্ন দিশত তেৰাক বিচিত্ৰ ৰূপত আৱিষ্কাৰ কৰিব পাৰি৷ তেনে কাৰণতে শ্ৰীমন্ত শংকৰদেৱ বিষয়ক চিন্তা-চৰ্চা এতিয়া কেৱল ‘ধৰ্ম-কেন্দ্ৰিক’ নহৈ ‘বিচিত্ৰ বিষয়-কেন্দ্ৰিক’ হৈ পৰিছে৷ এয়া শংকৰদেৱ চৰ্চাৰ অন্যতম ইতিবাচক দিশ৷

এই কথা সঁচা যে শংকৰদেৱৰ বিষয়ে সীমিত অধ্যয়ন কৰা এচাম লোকৰ বিচাৰ অনুসৰি শ্ৰীমন্ত শংকৰদেৱ ঈশ্বৰ৷ কেন্দ্ৰিক ধৰ্মৰ লগত সম্পৰ্ক থকা এগৰাকী ধৰ্ম প্ৰচাৰক বা ধৰ্মগুৰুহে৷ কিন্তু শংকৰদেৱৰ চিন্তা, দৰ্শন, সৃষ্টি, কৰ্ম, আদৰ্শ আদিৰ অন্তঃস্থলত প্ৰৱেশ কৰিলে বুজাত অসুবিধা নহয় যে তেৰাই প্ৰায় ১৯-২০ বছৰ বয়সৰ পৰা জীৱনৰ অন্তিম মুহূৰ্তলৈকে ধৰ্ম-চৰ্চাৰ লগতে সমাজ সংস্কাৰৰ দিশটোৰ ওপৰতহে সমানে গুৰুত্ব আৰোপ কৰিছিল৷ বৰং বহুক্ষেত্ৰত শংকৰদেৱৰ ধৰ্মগুৰুৰ পৰিচয়টোতকৈ সমাজ সংস্কাৰকৰ পৰিচয়টোহে অধিক উজ্জ্বল হৈ উঠে৷ কোৱা বাহুল্য যে এজন সমাজ সংস্কাৰক সমাজ বিজ্ঞান সম্পৰ্কীয় জ্ঞানেৰে পুষ্ট হ’বই লাগিব৷ শ্ৰীমন্ত শংকৰদেৱো ইয়াৰ ব্যতিক্ৰম নাছিল৷ শ্ৰীমন্ত শংকৰদেৱ যে সমাজ বিজ্ঞান সম্পৰ্কীয় গভীৰ জ্ঞানৰ অধিকাৰী আছিল সেই কথা তেৰাক নিৰপেক্ষভাৱে বিশ্লেষণ কৰিলেই ওলাই পৰে৷ এই লেখাটিত আমি সমাজ বিজ্ঞানৰ দৃষ্টিৰে শ্ৰীমন্ত শংকৰদেৱক বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম৷ কিন্তু ইয়াৰ পূৰ্বে সমাজ বিজ্ঞান সম্পৰ্কে দুআষাৰ কোৱাৰ প্ৰয়োজন আছে৷

যি বিজ্ঞানে সমাজৰ বিষয়ে প্ৰণালীবদ্ধ অধ্যয়ন চলায় তেনে বিজ্ঞানকে সাধাৰণ অৰ্থত ‘সমাজ বিজ্ঞান’ (Social Science বা Sociology) বুলি কোৱা হয়৷ অৱশ্যে সমাজ বিজ্ঞান বিষয়টোৰ পৰিসৰ ইমান বিস্তৃত যে ইয়াৰ পৰিসৰক ভিত্তি কৰি বিশ্বৰ আগশাৰীৰ বহুতো সমাজ বিজ্ঞানীয়ে সমাজ বিজ্ঞানৰ বিভিন্ন সংজ্ঞা দিয়া দেখা যায়৷ এই সংজ্ঞাসমূহৰ মাজৰ পৰা মোৰ ভাল লগা আৰু আলোচিত বিষয়টোৰ লগত খাপ খোৱা দুটামান সংজ্ঞা উল্লেখ কৰিব খুজিছে৷ W. E. Ogburn-অৰ মতে ‘Sociology is a body of learning about society. It is a description of ways to make society better. It is social ethics, a social philosophy. Generally, however, it is defined as a science of society.’ G. Duncan Mitchell-অৰ মতে ’Sociology is a science for scientific social development. John W. Bennet-অৰ মতে ‘Sociology is the science of structure and functions of social life.’

সমাজ বিজ্ঞানে অধ্যয়নৰ বাবে যিহেতু গোটেই সমাজখনকে সাঙুৰি লয় সেয়েহে সমাজৰ লগত সম্পৰ্কিত সকলো বিষয়েই সমাজ বিজ্ঞানৰ অন্তৰ্ভুক্ত হয়৷ তেনে কাৰণতে ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, শিক্ষা বিজ্ঞান, ভূগোল, ইতিহাস, পাৰিপাৰ্শ্বিক বিজ্ঞান আদিৰ বিষয়েও সমাজ বিজ্ঞানে অধ্যয়ন চলায়৷ অন্য অৰ্থত – মানুহৰ জীৱন প্ৰক্ৰিয়া, কাৰ্যকলাপ, দলীয় আচৰণ, ৰুচিবোধ, আচাৰ-ব্যৱহাৰ, ধৰ্ম, জাতি আৰু সম্প্ৰদায় সম্পৰ্কীয় চেতনাৰ স্বৰূপ, সভ্যতা, সংস্কৃতি আদি সকলো বিষয়েই সমাজ বিজ্ঞানৰ আলোচ্য বিষয়বস্তু৷

যিসকল লোক সমাজ বিজ্ঞান বিষয়ত পাৰদৰ্শ আৰু যিসকল লোকে সমাজৰ প্ৰগতিৰ ক্ষেত্ৰত বিজ্ঞানসন্মত তত্ত্বৰ উদ্ভাৱন কৰিব পাৰে তেওঁলোককে সমাজ বিজ্ঞানী (Social Scientist বা Sociologist) বুলি কোৱা হয়৷ এজন সমাজ বিজ্ঞানীৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কত এইদৰে কোৱা হৈছেঃ; The sociologists attempt to discover the evolution of society, its systems and structures, the development of social institutions and their functions, the customs and rules regulating social relationships, the groups and communities formed by man throughout history, the nature and interdependence of these groups like family, caste, government, economic groups, religious groups etc. and the phenomenon of social change.’

শ্ৰীমন্ত শংকৰদেৱে তেৰাৰ সময়ৰ সমাজখনক পুংখানুপুংখভাৱে বিশ্লেষণ কৰি চাইছিল আৰু সমাজখনৰ সাৰ্বিক প্ৰগতিৰ বাবে বিভিন্ন উপায় আৰু কৌশল অৱলম্বন কৰিছিল৷ ওপৰত ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে সমাজ বিজ্ঞানে সমাজৰ বিভিন্ন বিষয় সামৰি লয়৷ শ্ৰীমন্ত শংকৰদেৱৰ চিন্তা আৰু চেতনাতো সমাজকেন্দ্ৰিক ভিন্ন বিষয়ে ঠাই পাইছিল৷ এনে কাৰণতে সমাজৰ বিভিন্ন ক্ষেত্ৰত থকা আসোৱাহবোৰ তেৰাৰ চকুত পৰিছিল আৰু সেইবোৰ সংস্কাৰ কৰিবলৈ তেৰাই প্ৰচেষ্টা চলাইছিল৷ শংকৰদেৱৰ চিন্তা-দৰ্শন-সৃষ্টি- কৰ্ম- আদৰ্শৰ যিবোৰ দিশত তেৰাৰ সমাজ সংস্কাৰকৰ ৰূপটো উজ্জ্বল হৈ উঠিছে এই দিশবোৰৰ পৰা নিৰ্বাচিত কেইটিমান দিশৰ বিষয়ে৷ তলত খুব চমুকৈ আমি আলোচনা কৰিব খুজিছোঁ৷

(১) ধৰ্মৰ সংস্কাৰ: বিভিন্ন উৎসৰ পৰা জনা যায় যে প্ৰাক-শংকৰী যুগত অসমৰ প্ৰায়বোৰ ধৰ্ম প্ৰকৃত আধ্যাত্মিকতাৰ পৰিমণ্ডলৰ পৰা ওলাই আচাৰকেন্দ্ৰিক হৈ পৰিছিল৷ এই আচাৰ নীতিসমূহৰ দ্বাৰা সবাটোকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল সমাজৰ দুৰ্বল, দুখীয়া আৰু তথাকথিত নিম্ন শ্ৰেণীৰ লোকসকল৷ এই লোকসকলৰ বাবে ধৰ্মীয় আচাৰ-নীতিসমূহ সহিব নোৱৰা বোজাত পৰিণত হৈছিল৷ এক কথাত – তেওঁলোক ধৰ্মীয় শোষণৰ বলি হৈছিল৷ এনে সময়তে শ্ৰীমন্ত শংকৰদেৱে সেই সময়ত উপলব্ধ প্ৰায় আটাইবোৰ শাস্ত্ৰ অধ্যয়ন কৰি আৰু অসমৰ সমাজ জীবনক গভীৰভাৱে বিশ্লেষণ কৰি প্ৰৱৰ্তন কৰিলে অতি সহজ-সৰল ’একশৰণ হৰি নাম ধৰ্ম’৷ এই ধৰ্ম মতে বিভিন্ন দেৱ-দেৱীক পূজা কৰাৰ সলনি কেবল মূল সৃষ্টিকৰ্তা এক ঈশ্বৰক অৰ্থাৎ পৰম ব্ৰহ্মাক ভজনা কৰিলেই মানুহে মুক্তি পাব পাৰে বা পৰমানন্দ লাভ কৰিব পাৰে৷ ইয়াৰ বাবে কোনো আড়ম্বৰ আযয়োজনৰো প্ৰযয়োজন নাই৷ “মুখে বোলা ৰাম, হৃদয়ে ধৰে ৰূপ’ – এয়াই হ’ল একশৰণ হৰিনাম ধৰ্মৰ মূল কথা৷ এই ধৰ্মমতে যিকোনো মানুহে, যিকোনো সময়ত, যিকোনো অৱস্থাত ভগৱানক হদয়ত স্থাপন কৰি ভগৱানৰ নাম মুখেৰে ল’ব পাৰে৷ ভগৱানক তেনেকৈয়ে পাব পাৰি বা ভগৱান তেনেকৈয়ে সন্তুষ্ট হয়৷ স্বাভাৱিকতে শংকৰদেৱৰ এনে সহজ-সৰল ধমহি অসমৰ ধৰ্মীয় জগতত বিপ্লৱৰ সূচনা কৰিছিল৷ সমাজৰ তথাকথিত উচ্চশ্ৰেণীটোৰ দ্বাৰা শোষিত হৈ থকা সহজ-সৰল- হোজা সাধাৰণ স্বতঃস্ফূৰ্তভাৱে এই ধৰ্ম গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছিল৷ এইসকল লোকে আৰ্থিক সকাহ লাভ কৰিছিল৷ এওঁলোকে ঘূৰাই পাইছিল হৃত সমান৷ শংকৰদেৱৰ নতুন সমই এইদৰেই সাধাৰণ জনতাক নতুন দিক দৰ্শন কৰোৱাত সফল হৈছিল৷

(২) সাম্যবাদী মানৱতীৰাদী প্ৰগতিশীল আদৰ্শ:  প্ৰাক-শংকৰী যুগৰ তান্ত্ৰিকতাকেন্দ্ৰিক ধৰ্মই অসমৰ সাধাৰণ জনতাক শোষণ কৰি অহা বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে৷ এই শোষণ কেৱল আৰ্থিক শোষণ নাছিল, বৰং প্ৰতিটো সামাজিক ক্ষেতে তেওঁলোক শোষিত হৈছিল৷ সমাজৰ নিম্নশ্ৰেণীৰ লোকসকলক ধৰ্মীয় কোনো কাম-কাজত আগভাগ ল’বলৈ দিয়া হোৱা নাছিল; আনকি তেওঁলোকক ধৰ্মীয় শাস্ত্ৰ পঢ়িবলৈও অনুমতি দিয়া নহৈছিল৷ উচ্চশ্ৰেণীৰ লোকসকলৰ লগত একে শাৰীতে বহা, একেলগে খোৱা-বোৱা কৰাতো বাধা আছিল৷ মুঠতে তেওঁলোকৰ সামাজিক মৰ্যাদাক উচ্চ জাতৰ লোকসকলে ভুলুষ্ঠিত কৰিছিল৷ এনে সময়তে শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰিলে তেৰাৰ একশৰণ হৰিনাম ধৰ্ম৷ এই ধৰ্মৰ যোগেদি শোষিত লোকসকলক সমাজত সমআসন দিবলৈ তেৰাই অহোপুৰুষাৰ্থ কৰিলে৷ বিভিন্ন জাতি উপজাতিৰ মানুহক তেৰাই নামঘৰণ একেখন মজিয়াত একে শাৰীতে বহুৱালে৷ ধৰ্ম-চৰ্চাত সকলো মানুহৰ সম-অধিকাৰৰ বিষয়ে তেৰাই লিখিলে – নাহি ভকতিত জাতি-অজাতি বিচাৰ হৰিৰ ভক্তিত সমৰে অধিকাৰ, পৰম নিৰ্মল ধৰ্ম হৰি নাম কীৰ্তনত সমস্ত প্ৰাণীৰ অধিকাৰ৷ ইত্যাদি৷ শ্ৰীমন্ত শংকৰদেৱৰ এনে বিশ্বজনীন আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ যিসকল লােকে তেৰাৰ ধৰ্ম গ্ৰহণ কৰিলে, তেওঁললোক কিছু অভিনব অভিজ্ঞতাৰ মুখামুখি হ’ল৷ এইসকল লোকে সামাজিক কাৰ্যত স্ব-অধিকাৰ লাভ কৰিলে, তেওঁলোকৰ আত্মসম্মান বৃদ্ধি হ’ল, তেওঁলোকৰ আত্মশক্তি আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস বাঢ়ি গ’ল, তেওঁলোকে স্ব প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পালে৷ ইয়াৰ উপৰিও নামঘৰৰ মজিয়াত ভিন্ন জাতি-উপজাতিৰ লোক একগোট হৈ ধৰ্মীয় কাম কাজ কৰিবলৈ সুযোগ পোৱাৰ ফলত আন এক বৃহৎ লাভ হ’ল৷ সেয়া হৈছে – বিভিন্ন জাতি-উপজাতিৰ মানুহৰ মাজত ভাৱৰ আদান-প্ৰদান ঘটিল, তেওঁলোকৰ মাজত ঐক্য, সম্প্ৰীতি গঢ় লৈ উঠিল৷ শংকৰদেৱৰ ধৰ্মই এইদৰে সেই সময়ৰ অসমীয়া সমাজখন একত্ৰিত হোৱাত সহায় কৰিলে৷ সমালোচক নলিনীধৰ ভট্টাচাৰ্যই ঠিকেই লিখিছে- “শংকৰদেৱৰ ধৰ্ম বৈৰাগ্য বা পৰলোক প্ৰত্যাশী হলেও তাৰ এটা সামাজিক ভেটি আছিল৷ সেই ভেটিটোত থিয় দিলে আমি দেখিম যে অসমৰ বৈষ্ণৱ ধৰ্মৰ এটা মানৱীয় মাত্ৰা আছিল৷ জাতিটোৰ ঐক্যৰ সূত্ৰডালৰ উৎস হ’ল এই মানবীয় মাত্ৰা৷ ”

শ্ৰীমন্ত শংকৰদেৱে নাৰীৰ মৰ্যাদা ৰক্ষাৰ ক্ষেত্ৰতে বিশেষ গুৰুত্ব দিছিল৷ নাৰীৰ ধৰ্ম চৰ্চাৰ অধিকাৰৰ বিষয়ে শংকৰদেৱে লিখিছে৷ বাল্য বৃদ্ধ সম ভৰে অধিকাৰ/চণ্ডালকো কৰে নামে তখনে উদ্ধাৰ’, নাৰীয়ে পুৰুষে হৈ এমতিতে বেসে সিজিৰ হৰি ভকতি৷ ’, ইত্যাদি৷

শ্ৰীমন্ত শংকৰদেৱে কেবল মানুহৰ ক্ষেত্ৰতে যে সাম্যবাদৰ আদৰি প্ৰয়োগ কৰিছিল সেইটো নহয়, বৰং বিশ্বব্ৰহ্মাণ্ডৰ সকলো জীৱৰ প্ৰতি তেৰাই সাম্যভাৱ প্ৰদৰ্শন কৰি থৈ গৈছে৷ তেৰাই লিখিছে – ’তোমাৰেসে অংশ আমি যত জীৱ যাক’৷

সমাজ পৰিৱৰ্তনৰ প্ৰেক্ষাপটত বিচাৰ কৰি চালে শ্ৰীমন্ত শংকৰদেৱক এগৰাকী প্ৰগতিশীল ব্যক্তি বুলি ক’ব পাৰি৷ বিশিষ্ট সমালোচক তোষেশ্বৰ চেতিয়াই প্ৰগতিশীলতাৰ সম্পৰ্কত লিখিছে – ’প্ৰগতিশীলতাৰ এটা সাধাৰণ লক্ষণ হল সংস্কাৰৰ পৰা মুক্তি৷ প্ৰচলিত প্যান-ধাৰণাৰে চলি থকা বিশাসক প্ৰগতিশীলসকলে মানি নলয়৷ বৰঞ্চ তেওঁলোকে ভিন ভিন সংস্কাৰ অথবা সংস্কাৰণ একাংশৰ বিৰুদ্ধে বিদ্ৰোহ কৰে৷ প্ৰণতিকাম৷ সংস্কাৰে কেৱল ভঙাই নহয়, তাৰ ঠাইত গঢ়িবলৈও বিচাৰে৷ প্ৰগতিশীলতাৰ এই সংজ্ঞান ভিত্তিত শ্ৰীমন্ত শংকৰদেৱক তেৰাৰ সময়ৰ অসমৰ আটাইতকৈ বেছি প্ৰগতিশীল ব্যক্তি বুলি অভিহিত কৰিব পাৰি৷

(৩) গণতান্ত্ৰিক আদৰ্শ: গণতন্ত্ৰৰ মূল উদ্দেশ্য হ’ল সমতা স্থাপন৷ গণতন্ত্ৰৰ বিভিন্ন সংজ্ঞাৰ ভিতৰৰে এটা সংজ্ঞা হৈছে— Democracy is the absence of hereditary or arbitrary class distinctions or privileges! গণতন্ত্ৰই ৰাজতন্ত্ৰৰ বিপৰীত মেৰুত অবস্থান কৰে৷ গণতন্ত্ৰত পৈতৃকভাৱে কোনেও কোনো পদৱী লাভ নকৰে৷ থুলমুলকৈ এয়াই হৈছে গণতন্ত্ৰৰ স্বৰূপ৷ লক্ষণীয় যে শ্ৰীমন্ত শংকৰদেৱে নামঘৰ পৰিচালনাৰ বাবে উদ্ভাৱন কৰা নীতিসমূহত আৰু তেৰাৰ জীৱনৰ কোনো কোনো ঘটনাত গণতান্ত্ৰিক আদৰ্শৰ মুক্ত প্ৰকাশ ঘটিছে৷ উদাহৰণস্বৰূপে নামঘৰৰ বিভিন্ন পদৱীত কাৰ্যনিৰ্বাহ কৰা মানুহবোৰক তেওঁলোকৰ যোগ্যতা অনুসৰিহে নিৰ্বাচন কৰা হয়৷ পদৱীধাৰী ব্যক্তিজন কাৰ্য পৰিচালনাত ব্যৰ্থ হলে তেওঁক পদবীৰ পৰা অপসাৰণ কৰাৰ নিয়মো নামঘৰসমূহত আছে৷ নামঘৰৰ এনে প্ৰথাবোৰ নিসন্দেহে গণতান্ত্ৰিক প্ৰথা৷ – শ্ৰীমন্ত শংকৰদেৱে তেৰাৰ দেহাৱসানাৰ আগে আগে জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত এটা ল’ব লগা হৈছিল৷ সেয়া হৈছে – তেৰাৰ উওৰাধিকাৰী হিচাপে মাধৱদেৱৰ নিৰ্বাচন৷ একাংশ লোকে ভাবিছিল যে শংকৰদেৱে তেৰাৰ পুত্ৰক এই দায়িত্ব অৰ্পণ কৰি যাব৷ কিন্তু শংকৰদেৱে আটাইতকৈ উপযোগী শিষ্য মাধৱদেৱকহে ধৰ্মৰ উত্তৰাধিকাৰী পাতি থৈ গ’ল৷ এই ঘটনা শ্ৰীমন্ত শংকৰদেৱৰ গণতান্ত্ৰিক চিন্তাৰ উৎকৃষ্ট উদাহৰণ৷

(৪) নামঘৰৰ সমাজমুখী ভূমিকা: শ্ৰীমন্ত শংকৰদেৱে নামঘৰৰ সৃষ্টি কৰিছিল ’সংস্কৃতিৰ বৰঘৰ হিচাপে৷ নামঘৰৰ চোতালত বা বাৰাণ্ডাত গীত, নৃত্য, ভাওনা আৰু বাজনাৰ আখৰা কৰা হৈছিল৷ গুৰু বা পণ্ডিতসকলে কেতিয়াবা নিয়মীয়াকৈ বা কেতিয়াবা বিশেষ একোটা দিনত নামঘৰত কীৰ্তন ঘোষা, নামঘোষা, ভাগবত আদি গ্ৰন্থ আলোচনা কৰে যাৰ উদ্দেশ্য শ্ৰোতা বা ভক্তসকলৰ মান ঈশ্বৰমুখী কৰা আৰু তেওঁলোকক নৈতিক শিক্ষা দিয়া৷ নামঘৰত পুৰণি পুথি-পাঁজিসমূহ পৰিকল্পিতভাৱে সংৰক্ষণৰ ব্যৱস্থাও কৰা হৈছিল – যি পদ্ধতিৰ লগত আধুনিক যুগৰ পুথিভঁৰালৰ সামঞ্জস্য আছে৷ পূৰ্বতে নামঘৰসমূহ চাৰুকলা আৰু কাৰুকলা চৰ্চাৰ পৃষ্ঠভূমি আছিল৷ নামঘৰৰ চাৰিসীমাৰ ভিতৰতে খোল আদি বিভিন্ন বাদ্য, প্ৰসাদ বিতৰণত ব্যৱহৃত হোৱা খৰাহী-পাচি আদি সজুঁলি, ভাওনাত ব্যৱহাৰ হোৱা বিভিন্ন মুখা, নামঘৰৰ বেৰত বা ভিতৰৰ বিভিন্ন ঠাইত খোদিত কৰিবলৈ প্ৰয়োজন হোৱা কাঠৰ ভাস্কৰ্য, লেখাৰ বাবে প্ৰয়োজন হোৱা সাঁচিপাত আদি প্ৰস্তুত কৰা হৈছিল আৰু ইয়াৰ প্ৰশিক্ষণ দিয়াও হৈছিল৷ এই শিল্পসমূহে নিসন্দেহে অসমীয়া সংস্কৃতিৰ উত্তৰণত বলিষ্ঠ ভূমিকা লোৱাৰ উপৰি গাঁৱলীয়া অৰ্থনীতি সবল কৰাত অৰিহণা যোগাইছে৷ এটা সময়ত নামঘৰসমূহ ৰাইজৰ আদালত হিচাপেও ব্যৱহৃত হৈছিল৷ সমাজৰ সৰুসুৰা বিচাৰ নামঘৰৰ মজিয়াতে সম্পন্ন হৈছিল৷ নামঘৰৰ দৰে প্ৰায় ৫০০ বছৰ পুৰণি বহু বৈশিষ্ট্য্যসম্পন্ন জীৱন্ত সমাজমুখী অনুষ্ঠান বোধহয় বিশ্বতে বিৰল৷

(৫) স্বাস্থ্য সম্পৰ্কীয় আদৰ্শ: স্বাস্থ্যৰ সাধনাক জীৱনৰ সাধনাৰ নামান্তৰ বুলি কোৱা হয়৷ পৃথিৱীৰ সুসভ্য জাতিসমূহে যে স্বাস্থ্য সাধনাৰ ওপৰত বিশেষ গুৰুত্ব দান কৰিছিল তাৰ ঐতিহাসিক প্ৰমাণ পোৱা গৈছে৷ শংকৰদেৱৰ সুদীৰ্ঘ ১১৯ বছৰীয়া নিৰোগী জীৱনকালে পােনপটীয়াকৈ প্ৰমাণ কৰে যে তেৰাই এক কঠোৰ স্বাস্থ্য-নীতি মানি চলিছিল৷ শ্ৰীমন্ত শংকৰদেৱৰ হঠযোগ আৰু ৰাজযযোগ উভয়ৰে অনুশীলন, নিৰামিষ ভোজন, প্ৰবল আশাবাদী মন আদিয়ে তেৰাৰ স্বাস্থ্যত ইতিবাচক প্ৰভাৱ পেলাইছিল৷ তদুপৰি উচ্চ খাদ্যমূল্য (Food value) থকা দ্ৰব্যৰে প্ৰসাদ প্ৰস্তুতকৰণ, নামঘৰ সত্ৰত ঔষধি গুণযুক্ত বৃক্ষৰোপণ আদিয়ে শংকৰদেৱৰ জনস্বাস্থ্য সম্পৰ্কীয় সচেতনতা প্ৰমাণ দিয়ে৷

(৬) পাৰিপাৰ্শ্বিক সচেতনতাঃ শ্ৰীমন্ত শংকৰদেৱৰ বিভিন্ন কৰ্ম আৰু ৰচনাৰাজিত পৰিৱেশ বিজ্ঞানৰ দৃষ্টিভংগী প্ৰকাশ পাইছিল৷ শংকৰদেৱে অনুভৱ কৰিছিল যে মানুহ আৰু প্ৰকৃতিৰ উপাদানবোৰৰ (অৰ্থাৎ জীৱ-জন্তু, চৰাই-চিৰিকটি, নদ-সাগৰ, বননি, পাহাৰ আদিৰ) মাজত এক জৈৱিক যোগাযোগ (Biotic communication) আৰু আন্তৰিক সম্পৰ্ক (interrelationship) আছে৷ কীৰ্তনঘোষাৰ ধ্যান বৰ্ণন, পাষণ্ড মৰ্দন, প্ৰহাদ চৰিত্ৰ, গজেন্দ্ৰ উপাখ্যান আদি অধ্যায়ৰ কেবাটাও ঘোষাত এনে দৃষ্টিভংগী লক্ষ্য কৰিব পাৰি৷ ৷

(৭) গণমাধ্যমৰ অভূতপূৰ্ব ব্যৱহাৰঃ বিশ্ববিখ্যাত শিল্পী পল ৰবচন, প্ৰখ্যাত সমাজ বিজ্ঞানী হেৰণ্ড লাছবেল আদিয়ে যুক্তি সহকাৰে দেখুৱাইছে যে গণ মাধ্যমৰ আহিলাবোৰে (যেনেঃ গীত-পদ, নৃত্য, নাটক, গল্প, উপন্যাস ইত্যাদিয়ে) সমাজ সংস্কাৰত বিশেষ বৰঙনি যোগাব পাৰে৷ আশ্চৰ্যৰ কথা এয়ে যে এতিয়াৰ পৰা ৫০০ বছৰ পূৰ্বেই শ্ৰীমন্ত শংকৰদেৱে অসমৰ সমাজখন সংস্কাৰ কৰিবলৈ এই মাধ্যমসমূহক বিপুলভাৱে ব্যৱহাৰ কৰিছিল৷

সমাজ বিজ্ঞানৰ দৃষ্টিভংগীৰে শংকৰদেৱৰ ওপৰত ইয়াতে যি আলোচনা আগবঢ়োৱা হৈছে এই আলোচনাক বিষয়বস্তুটোৰ এটা প্ৰাৰম্ভিক টোকা বুলিহে ক’ব পাৰি৷ সমাজ বিজ্ঞান বিষয়টোৰ পৰিসৰ আৰু শংকৰদেৱৰ চিন্তা-কৰ্ম-সৃষ্টি-আদৰি পৰিসৰ ইমান বিস্তৃত যে এই সম্পৰ্কীয় সকলো বিষয়-বস্তুক এটি ছুটি প্ৰবন্ধত সামৰি লোৱাটো মুঠেও সম্ভৱ নহয়৷ প্ৰবন্ধৰ আৰম্ভণিতে সমাজ বিজ্ঞানীৰ বৈশিষ্ট্য্য সম্পৰ্কে উল্লেখ কৰা হৈছে৷ এই বৈশিষ্ট্য্যৰ ভিত্তিত আৰু প্ৰবন্ধটোৰ মাজেৰে প্ৰকাশ হোৱা শংকৰদেৱৰ চিন্তা-কৰ্ম-দৰ্শনৰ আধাৰত ক’ব পাৰি যে শ্ৰীমন্ত শংকৰদেৱ এগৰাকী সমাজ বিজ্ঞানী আছিল৷ উল্লেখ্য যে শংকৰদেৱে তেৰাৰ সমাজ বিজ্ঞান সম্পৰ্কীয় জ্ঞান আৰু চিন্তাক তাত্বিক দিশতে সীমাবদ্ধ নাৰাখি তেৰাৰ সমকালীন সমাজত ইয়াৰ প্ৰয়োগো কৰিছিল৷ শংকৰদেৱ যিহেত, এগৰাকী তীক্ষ্ণবুদ্ধিসম্পন্ন, অতি কৌশলী, পৰিশ্ৰমী আৰু ৰূপান্তৰকামী ব্যক্তি আছিল সেয়েহে তেৰাৰ নিজৰ উদ্দেশ্য সফল হৈছিল; শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজৰ সংস্কাৰৰ ক্ষেত্ৰত বৃহৎ সাফল্য লাভ কৰিছিল৷

এইখিনিতে মন কৰিবলগীয়া যে আজিৰ সত্ৰ-নামঘৰসমূহৰ বিভিন্ন দিশ বিশ্লেষণ কৰি শংকৰদেৱ সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত দিব পৰা নাযায়৷ ইয়াৰ কাৰণ হ’ল – এতিয়াৰ সত্ৰনামঘৰসমূহৰ সৰহসংখ্যকতে শংকৰদেৱৰ কেতবোৰ গুৰুত্বপূৰ্ণ আদৰ্শৰ বিচ্যুতি ঘটিছে৷ এই কথা অপ্ৰিয় হলেও সঁচা৷ বহুতো সত্ৰৰ গুৰুসকলে শিষ্যসকলক সমজ্ঞান নকৰে, শিষ্যসকলক হাতেৰে নুচুৱে, আনকি নামস্কাৰ জনালে প্ৰতি-নমস্কাৰো নজনায়, – শিষ্যসকলৰ হাতেৰে ৰন্ধা আহাৰ খোৱা দূৰৰে কথা৷ বহুতো সত্ৰত নাৰীৰ প্ৰৱেশ নিষিদ্ধ হৈয়ে আছে৷ গ্ৰামাঞ্চলৰ বহুতো নামঘৰত ২-৩টা থুল দেখা যায়, য’ত এটা থূলে আনটো থূলেৰ লগত একেলগে বহি নাম-প্ৰসঙ্গ নকৰে বা একেলগে নাখায়৷ নক’লেও হয় যে এই সকলোবোৰ কু-আদৰ্শ শংকৰদেৱৰ চিন্তা-চৰ্চাৰ পৰিপন্থী৷ প্ৰকৃততে শ্ৰীমন্ত শংকৰদেৱ এনেজাতীয় সকলো ধৰণৰ সংকীৰ্ণতাৰ উৰ্ধত আছিল৷ শংকৰদেৱৰ পৰৱৰ্তী সময়ত তেৰাৰ অনগামীসকলৰ একাংশই ধৰ্মৰ নামত কেৱল আচাৰ-নীতিক গুৰুত্ব দিয়াৰ ফলত আৰু সামাজিকভাৱে নিজকে উচ্চ স্থানত বহুৱাবলৈ যত্ন কৰাৰ ফলতে শংকৰদেৱৰ আদৰ্শ এওঁলোকৰ হাতত অন্তৰ্হিত হল৷

আৰু এটা কথা৷ শংকৰদেৱৰ চিন্তা-কৰ্ম-আদৰ্শৰ বিশ্লেষণ কৰিবলৈ যাওঁতে সেয়া আজিৰ সামাজিক প্ৰেক্ষাপটৰ সলনি তেৰাৰ সময়ৰ সামাজিক প্ৰেক্ষাপটতহে কৰিব লাগিব৷ শংকৰদেৱৰ ধৰ্ম সংস্কাৰৰ জৰিয়তে সমাজ সংস্কাৰ কৰা’ সূত্ৰটো আজিৰ যুগত কিমান প্ৰযোজ্য হ’ব সেয়া বিচাৰ্য বিষয়, কিয়নো শংকৰদেৱৰ যুগৰ সমস্যাৰ লগত আজিৰ যুগৰ সমস্যাৰ আকাশ-পাতাল পাৰ্থক্য আছে৷ নক’লেও হয় যে শংকৰদেৱৰ দিনত অন্য কেতবোৰ কাৰকৰ লগতে প্ৰধানকৈ ধৰ্মক কেন্দ্ৰ কৰিয়েই সমাজত ব্যভিচাৰ, বিশৃংখলতা, কুনীতি আৰু কুসংস্কাৰৰ প্ৰচলন হৈছিল৷ গতিকে ধৰ্ম সংস্কাৰৰ জৰিয়তে সমাজখনক ভালেখিনি পৰ্যায়লৈকে সংস্কাৰ কৰিব পৰা যাব বুলি শংকৰদেৱ নিশ্চিত হৈছিল৷ তদুপৰি ধৰ্মৰ লগত জড়িত নৈতিকতাৰ উচ্চ প্ৰমূল্যসমূহেও শংকৰদেৱক বিশেষভাৰে আকৰ্ষিত কৰিছিল – যিবোৰ প্ৰমূল্যই মানুহক সংস্কাৰ হোৱাত বিশেষ অহিৰণা যোগাব পাৰে৷ কিন্তু আজিৰ পৃথিৱীৰ সমস্যাসমূহ কেৱল ধৰ্মকেন্দ্ৰিক নহয়৷ সেয়েহে আজিৰ সমস্যাসমূহৰ সমাধানৰ বাবে আধুনিক যুগৰ সমাজ বিজ্ঞানীসকলে যি তত্ত্বৰ আৱিষ্কাৰ কৰিছে আৰু ভৱিষ্যতলৈও কৰি থাকিব সেই তত্ত্ববোৰহে আমি প্ৰযয়োগ কৰিব লাগিব৷ তথাপি এটা কথা স্পষ্ট যে এতিয়াও ধৰ্মৰ নামত বিশ্বৰ ঠাইবিশেষে যি শোষণ, উৎপীড়ন আৰু কুসংস্কাৰ বৰ্তি আছে সেয়া উৎখাত কৰাৰ ক্ষেত্ৰত শংকৰদেৱৰ চিন্তা-দৰ্শন নিশ্চিতভাৱে অমোঘ অস্ত্ৰ হ’ব৷ আনহাতে ধৰ্মৰ আৱৰ্তৰ বাহিৰলৈ গৈ ক’ব পাৰি যে শংকৰদেৱৰ সাম্যবাদী-মানৱতীবাদী-প্ৰগতিশীল গণতান্ত্ৰিক আদৰ্শ, স্বাস্থ্য সম্পৰ্কীয় আদৰ্শ, নৈতিকতাৰ শিক্ষা, পাৰিপাৰ্শ্বিক সচেতনতা, ধৰ্মীয় সহনশীলতা, সমাজ সংস্কাৰ কৰিবলৈ গণমাধ্যমৰ ব্যৱহাৰ আদি সমাজ বৈজ্ঞানিক ধাৰণাই পৃথিৱীৰ যিকোনো সমাজৰে সংস্কাৰত বা উত্তৰণত সকলো সময়তে বলিষ্ঠ ভূমিকা ল’ব পাৰে৷

☆ ★ ☆ ★ ☆

One comment

  • Anonymous

    কেইবাটাও নজনা কথা জানিলো।আগলৈও আশা কৰিলোঁ।

    Reply

Leave a Reply

Your email address will not be published.