ফটাঢোল

সমীৰণ বৰুৱা নাহে : উৎপল জোনাক হাজৰিকা

মোৰ ৰিচাৰ্জ শেষ হ’ল
তোৰ পৰাই মেচেজ এটা দি থওঁ
দিবি নেকি মোবাইলটো

সমীৰণ বৰুৱা নাহে
খবৰটো দিব লাগে

বাছত উলমি যোৱা হেন্দিমেন পোৱালীবোৰ
বান ভগনীয়া খুজনীয়া
কলথোকৰ ভালৰো ভাল আখিকেইটা
দেওবৰীয়া বজাৰলৈ নিয়া সৰুকণ দাইটি
সপোন সকলোৱে দেখে

পুৱতি নিশা
সমীৰণ বৰুৱা নাহে

ব্ৰিটনিৰ চন্দ নাবাজে
নানাছে চাম্বা
তথাপিতো শুনিছো সমীৰণ বৰুৱা নাহে

আয়ে খবৰ নাপায় চাগে
চালপীৰা, বান কাঁহী জপাতে আছে
সাৰি চিকুণাই বাঁহতলীয়া নিমজ বাট
বাট চাই

পিছে নাই সমীৰণ বৰুৱা নাহে

কেণা লগা সময়ৰ দোৰোল খোৱা জিভাত
উশাহ নুঘুৰে বুলি নাবাজে শিঙা
নাজানে কোনেও
শৰাইঘাটত উজায় নে ভটিয়াই দিঙা

মাথোঁ বালিমাহি চৰাইয়ে চিঞৰি যায়
সমীৰণ বৰুৱা নাহে
সমীৰণ বৰুৱা নাহে

আইক খবৰটো দিবলৈ মোৰ ৰিচাৰ্জ নাই

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.