ফটাঢোল

সম্পাদকীয়- আদিত্য জ্যোতি বৰঠাকুৰ

প্ৰতিগৰাকী সম্পাদকৰেই এক অগতানুগতিক সম্পাদকীয় লিখিবলৈ মন যায়। পিচে মন গ’লেও মইনো আৰু কি অগতানুগতিক সম্পাদকীয় লিখিম? তাতকৈ পুৰণি কবিতা এটাকে‌ মনত পেলাওঁ আহক৷ সেই যে বাৰমাহৰ কবিতাটো।

ব’হাগ মাহত      গছৰ ডালত

            ফুলে কপৌ‌ ফুল,

জেঠমহীয়া        ৰ’দৰ তাপত 

            শৰীৰ বিয়াকুল৷

মনত পৰিছে নে? আহাৰ মাহ আহি আছে। আহাৰ মাহত কি হয়, মনত পেলাওকচোন। লগতে শাওণ, ভাদ আৰু আহিনত!

আহাৰ মাহত       বাৰীত পকে

            আম, কঁঠাল জাম,

শাওণ মাহীয়া       বৰষুণত

             সাধু শুনাই কাম৷

ভাদ মাহত         মহাপুৰুষ

             দুয়োজনাৰ তিথি,

আহিন মাহত     দূবৰি বন

             হিমত থাকে তিতি৷

পাহৰিলে? কাতি মাহত কি কৰোঁ? আঘোণত কি হয়? আহক আকৌ মনত পেলাওঁ৷

কাতি মাহত       আকাশ বন্তি

              লগাই শাৰী শাৰী,

আঘোণ মাহত      সোনালী ধান

              থাকে পথাৰত ভৰি৷

পুহমহীয়া              জাৰত কঁপি

              নিহালিখন লওঁ,

মাঘ যে আমাৰ     ভোগালী মাহ

              বিহুৰ পিঠা খাওঁ৷

বাৰু, বেছি নাই। চাৰিটা মাহ আছে। ভাবকচোন তলৰখিনি পঢ়াৰ আগতে।

ফাগুন আহে        পলাশ ফুলে

              পছোৱা বতাহ বয়,

চ’তৰ শেষত        নতুন বছৰ

               আদৰি ল’বৰ হয়৷

শেষ! কেনে লাগিল বাৰু? পুৰণি দিনৰ কথাবোৰ মনলৈ অকণমান হ’লেও আহিল নে? কি ধুনীয়া দিন আছিল নহয়নে, কেনে সুন্দৰ আছিল আমাৰ চৌপাশৰ দুনিয়াখন! প্ৰকৃতিৰ কি সুন্দৰ “এৰেঞ্জমেণ্ট”…. বছৰটোৰ নিৰ্দিষ্ট সময়ত প্ৰকৃতিয়ে ঠিক কৰা মতেই নিৰ্দিষ্ট কাম-কাজবোৰ চলে৷ সময়ত গৰম, সময়ত ঠাণ্ডা, সময়ত বৰষুণ, সময়ত গছ-বিৰিখে পাত সলাই, বতৰৰ ফল-ফুল-পাচলি বতৰত লাগে, সময়ত নানান চৰাই-চিৰিকতিৰ মাতে পৰিবেশ মুখৰিত হয়৷ প্ৰকৃতিৰ ঘড়ীৰ সময়মতেই প্ৰকৃতিৰ সকলো কাম-কাজ সুচাৰু ৰূপে হয়।

প্ৰকৃতিৰ বুকুতেই সমস্ত জীৱ-জন্তু, গছ-গছনি আদিৰ জন্ম হৈ শ্ৰীবৃদ্ধি ঘটে, সকলো বস্তু এই প্ৰকৃতিৰ বুকুতে বিলীন হয়৷ জীৱন ধাৰণৰ বাবে প্ৰয়োজন হোৱা আহাৰ, পানী, বাসস্থান আদি সকলো প্ৰকৃতিৰ বুকুৰ পৰাই আহৰণ কৰি সমস্ত জীৱজগত বৰ্তি আছে৷ প্ৰকৃতিয়ে ইমানেই সু-শৃংখলিতভাৱে নিজৰ কাম কাজ চলাই যে ইয়াত থকা কোনো জীৱই এটাই আনটোক এৰি বৰ্তি থাকিব নোৱাৰে৷ প্ৰকৃতিত থকা সকলো জীৱই প্ৰকৃতিৰ নিয়ম মানিবলৈ বাধ্য৷ প্ৰকৃতিৰ নিয়মৰ কোনো হীন-ডেঢ়ি নহয়৷ প্ৰকৃতিয়ে আমাক দিয়া নাই কি!

মানুহকে আদি কৰি সমস্ত জীৱ-জন্তু, চৰাই-চিৰিকতি, গছ-গছনি, পৰ্বত-পাহাৰ, মাটি, নদ-নদী, হ্ৰদ-সাগৰ-পুখুৰী আদি প্ৰকৃতিৰ প্ৰত্যেকটো উপাদানে প্ৰকৃতিৰ বুকুত এটাই আনটোক সহায় কৰিয়েই বৰ্তি আছে৷ ফলত এক ভাৰসাম্য প্ৰাকৃতিক অৱস্থাৰ সৃষ্টি হৈছে। জীৱন ধাৰণৰ বাবে তথা প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে এই পাৰস্পৰিক সহায়-সহযোগিতাৰ অতি প্ৰয়োজন৷

প্ৰকৃতিৰ বুকুত মানুহেই হৈছে এনে এক জীৱ যাৰ হাতত থকা (নিজেই নিজৰ বাবে উলিয়াই লোৱা) “মানুহ জীৱ শ্ৰেষ্ঠ” নামৰ প্ৰমাণ পত্ৰখনৰ অচিলা লৈ মানুহে প্ৰকৃতিক বশ কৰিবলৈ নানানটা চেষ্টা অতীজৰে পৰা চলাই আহিছে৷ জুই আৰু চকাৰ আবিষ্কাৰৰ দিন ধৰি মানুহে প্ৰাকৃতিক উপাদানসমূহৰ ব্যৱহাৰ কৰি নিজৰ নানানটা অভাৱ পুৰণ কৰিছে৷ বিজ্ঞানৰ অগ্ৰগতিৰ দিন ধৰি, বিজ্ঞানৰ জয়যাত্ৰা অব্যাহত ৰখাৰ স্বাৰ্থত প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহ ব্যৱহাৰ কৰি মানুহে প্ৰকৃতিৰ সমান্তৰালভাৱে নিৰ্মাণ কৰি উলিয়ালে এক মানৱসৃষ্ট পৰিবেশৰ, এক কৃটিম পৰিবেশৰ কিন্তু এয়া কৰিবলৈ যাওঁতে লাহে লাহে মানুহে প্ৰকৃতি আৰু প্ৰকৃতিৰ উপাদানসমূহৰ বিস্তৰ ক্ষতি সাধন কৰিবলৈ ধৰিলে৷ লোভ-মোহ, শ্ৰেষ্ঠতাৰ দৌৰত অৱতীৰ্ণ হ’বলৈ গৈ, সুখী হ’বলৈ গৈ মানুহে প্ৰকৃতিৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ চলালে৷ দৰাচলতে মানুহে নিজৰ ওপৰতেই অজানিতে(!)অত্যাচাৰ চলালে…

আজি প্ৰকৃতি ৰুষ্ট৷ মানুহৰ এই অবিবেচক কামৰ ফল মানুহৰ লগতে সমস্ত পৰিবেশে ভুগিব লগা হৈছে৷ বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ, পৰিবেশ প্ৰদূষণৰ কু-প্ৰভাৱ, বিভিন্ন বেমাৰ আজাৰ, মহামাৰী-অতিমাৰী আদিৰ প্ৰকোপত আজি প্ৰকৃতি সংকটাপন্ন৷ মানুহৰ ক্ষুদ্ৰ স্বাৰ্থ, ক্ষমতাৰ খকত হোৱা ৰক্তক্ষয়ী যুদ্ধ-বিগ্ৰহ, শীতল যুদ্ধ আদিৰ ফলো ভুগিব লগা হৈছে সমস্ত প্ৰকৃতিয়ে৷ ফলস্বৰূপে প্ৰকৃতি আজি হৈ পৰিছে ভাৰসাম্যহীন, প্ৰকৃতিৰ ঘড়ীৰ কাটা প্ৰায় স্তব্ধ!

বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰা অতিমাৰীৰ শংকাত লকডাউনত পৃথিবীখন আবদ্ধ হোৱাৰ লগে লগেই যেন “টাইম মেচিন”ত আমি সকলোৱে এটা যুগলৈ ঢাপলি মেলিলোঁ৷ বৰ্তমানৰ মানসিক অৱস্থাৰে আমি এনে এখন পৃথিবীৰ লগত সহাৱস্থান কৰিবলগীয়া হৈছে, যাৰ অৱস্থিতি সম্পৰ্কে আমাৰ মানসিক প্ৰস্তুতিয়েই নাছিল৷ ফলত মানসিক অৱসাদগ্ৰস্ততা অথবা হতাশাৰ বলি হ’ব লগা হৈছে সমগ্ৰ পৃথিৱীখনেই৷ খালী চকুৰে নমনা এটা অণুজীৱই আমাৰ অস্তিত্ব তথা প্ৰতিষ্ঠাৰ অশ্বমেধ ঘোঁৰাৰ দৌৰক স্তব্ধ কৰি দিলে, আমাৰ জ্ঞানৰ দৌৰক প্ৰায় ৰুদ্ধ কৰি দিলে৷ তাৰ পাছৰখিনি আমি প্ৰতি নিয়ত দেখি আছোঁ, উপলব্ধি কৰি আছোঁ৷ 

বিগত প্ৰায় একবছৰৰো অধিক গৃহবন্দীত্বৰ দিনলিপিয়ে এইটো কথা আমাৰ বাবে পৰিষ্কাৰ কৰি দিলে, জীৱনত কোনবোৰ প্ৰয়োজন আৰু কোনবোৰ বিলাসিতা৷ বিগত এই সময়ছোৱাত আমি সকলোৱে দেখিলোঁ যে জীৱন ধাৰণৰ বাবে আমাক এসোপা বস্তুৰো প্ৰয়োজন নাথাকে৷ সুস্থ হৈ জীয়াই থকাৰ বাহিৰে আন সকলো চিন্তা এই সময়ত গৌণ হৈ পৰিল৷ প্ৰকৃতাৰ্থত দৈনন্দিন জীৱনৰ হতাশা, খং, দুখ আদিবোৰ কেন্দ্ৰীভূত হৈ আছিল বিলাসিতাৰ পক্ষত হে৷ এই সময়ছোৱাই এই কথাও আমাৰ আগত দাঙি ধৰিলে যে বিজ্ঞানৰ বহু অগ্ৰগতিৰ পাছতো ই চুড়ান্ত শিখৰত উঠিবলৈ বহু বাকী….প্ৰকৃতিৰ কাষতহে আমি সকলো নিৰাপদ৷

মৃত্যু এক নিৰ্মম সত্য৷ ক’ভিডৰ সংহাৰী ৰূপৰ আগলৈকে দৈনিক হয়তো সমসংখ্যক মানুহৰ অন্যান্য কাৰণত মৃত্যু হৈছিল৷ গণসংক্ৰমণৰ আশংকাত লকডাউন নিদিয়া হ’লে আমাৰ দৃষ্টিভংগীও সুকীয়া নহ’লহেঁতেন৷ সভ্যতা বা সংস্কৃতিৰ উত্তৰণৰ ঠিক এনেকুৱা ঘটনা-পৰিঘটনাৰ কেকুঁৰিতে লহপহকৈ গজি উঠে। এইখিনিয়েই সময়, নিজ নিজ জীৱনটোক নতুন উপলব্ধিৰে চোৱাৰ৷ নিজকে প্ৰশ্ন কৰাৰ প্ৰাথমিক প্ৰয়োজনবোৰ পূৰণ কৰি জীৱনটো উপভোগ কৰাৰ৷ বৰ্তমান সময়ত জীৱন ধাৰণৰ বাবে অৰ্থৰ প্ৰয়োজন, কিন্তু এই প্ৰয়োজন পূৰণ কৰিবলৈ প্ৰকৃতিৰ কাষৰ পৰা আঁতৰি যাবলগীয়া পৰিস্থিতিৰ যেন আৰু সৃষ্টি নহয়….বৃক্ষৰোপণৰ দৰে কামবোৰ যেন আমাৰ বাবে কেৱল এক কাৰ্যসূচী হৈ নপৰে৷

প্ৰকৃতিৰ আন নিয়মসমূহৰ দৰে আন এটা অতি সহজ নিয়ম — “Live and Let Live.”  জীৱনৰ গতি চক্ৰও ঠিক তেনেকুৱাই৷ জটিল আমি নিজে কৰিছোঁ৷ গৃহবন্দীত্বৰ এই সময়ছোৱাত যদি মনলৈ হতাশা আহিছে, এবাৰ পুৰণা দিনলৈ ঘূৰি গৈ নিজক বিচাৰি চাওঁ, ব’লক৷ কি আছিল আমাৰ, আপোনাৰ দৃষ্টিত পৃথিৱীখন!  

অনাগত দিনত পৃথিৱীখন সৰল হ’ব নে জটিল হ’ব, সেয়া সম্পূৰ্ণ আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব৷ আহক এটা নতুন আৰম্ভণি কৰোঁ৷ আগৰ ভাল দিনবোৰ পুনৰাই ঘূৰাই আনো৷

সকলোৰে ভাল হওক, জীৱনবোৰ সুমধুৰ হওক৷

সম্পাদক, ফটাঢোল ই- আলোচনী

চতুৰ্থ বৰ্ষ, একাদশ সংখ্যা

☆ ★ ☆ ★ ☆

72 Comments

  • Bhaskar Jyoti Sarma

    “জীৱন ধাৰণৰ বাবে এসোপা বস্তুৰো প্ৰয়োজন নাথাকে”

    এইটোৱেই আচল কথা। এটা মননশীল সম্পাদকীয় উপহাৰ দিয়াৰ বাবে ধন্যবাদ।ফটাঢোলৰ উত্তোৰোত্তৰ কামনা কৰিলোঁ।

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ ।

      Reply
  • খুব ভাল লাগিল আদিত্য সম্পাদকীয়৷ অভিনন্দন৷

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • ডলী তালুকদাৰ

    সুন্দৰ সম্পাদকীয়। ভাল লাগিল ।

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • Abhijit Goswami

    সুন্দৰ সম্পাদকীয়। নেজানো নেজানো বুলি এনেই কান্দি কিয় থাকে ঔ আপুনি

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷ 😂

      Reply
  • পাৰ্থ প্ৰতিম বুজৰবৰুৱা

    সম্পাদকীয় সুন্দৰ হৈছে।

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল সম্পাদকীয় আদিত্য৷

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • শ্বাহ নৱাজ আহমেদ

    ভাল লাগিল আদিত্য ৷ আৰম্ভ কৰিম এতিয়া ৷ সম্পাদকীয় 👌

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • হেমন্ত কাকতি

    সুন্দৰ সম্পাদকীয় আদিত্য৷

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ, দাদা ।

      Reply
  • ববিতা শৰ্মা

    সুন্দৰ সম্পাদকীয়

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • ৰাজীৱ সন্দিকৈ

    বৰ উৎকৃষ্ট সম্পাদকীয় লেখা। ভাল লাগিল।

    Reply
    • পুলস্ত্য ফুকন

      সঁচাকৈ বৰ ভাল লাগিল আদিত্য। আগুৱাই যোৱা, শুভেচ্ছা থাকিল।

      Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • সম্পাদকীয় পঢ়ি ভাল লাগিল।

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • Anonymous

    ভাল লাগিল দাদা..👍

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • Anonymous

    আদিত্য জ্যোতি বৰঠাকুৰ

    আপোনাৰ সম্পাদকীয়ত দেখোন
    প্ৰাৱন্ধিকৰ সম্ভাৱনা দেখোঁ

    মই এনেকৈ ভাৱোঁ।

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • ৰিণ্টু

    সুন্দৰ সম্পাদকীয়। খুব ভাল লাগিল আদিত্য

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ, দাদা ।

      Reply
  • যাযাবৰ

    একো নজনাকৈ বহুত জনাই দিলে

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • বাগ্মিতা

    কি সুন্দৰ কথা লিখিছে ! বৰ ভাল পালো সম্পাদকীয় পঢ়ি

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • চিদানন্দ বৰা৷

    সাত্ত্বিক গুণসম্পন্ন লোকেহে এনে সম্পাদকীয় লিখিব পাৰে ! সুন্দৰ ৷

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • উজ্জ্বল দিপ্লু গগৈ

    সুন্দৰ বাৰ্তা বহন কৰিছে সম্পাদকীয়টোৱে৷

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • পিংকি শইকীয়া

    সুন্দৰ উপস্থাপন,ভাল লাগিল পঢ়ি।

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • Anonymous

    মননশীল, অধ্যয়নপুষ্ট, বাস্তৱবাদী প্ৰবন্ধ।

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • অবিনাশ শৰ্মা

    সুন্দৰ সম্পাদকীয়৷

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • পূৰ্ণময়ী মেধী

    সুন্দৰ হৈছে।

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • Sushanta Krishna Sarma

    ভাল লাগিল পঢ়ি,সম্পাদকীয়টো

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • Rimjhim Borthakur

    সুন্দৰ সম্পাদকীয়

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • ভাল হৈছে সম্পাদকীয়।

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • সঞ্জীৱ।

    সময়োপযোগী সম্পাদকীয়।

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • মানসী

    সম্পাদকীয়ৰে আৰম্ভ কৰিলোঁ। বৰ ভাল লাগিল । হয় ,ভাল দিনবোৰৰ বাবে সকলোৰে সহযোগিতা লাগিব। আৰু সেই দিনবোৰ আহিব বুলি আমি আশাবাদী।অভিনন্দন আৰু শুভেচ্ছা আপোনালৈ।

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • Sankar Jyoti Bora

    দিনটো চাম চাম বুলি এইমাত্ৰহে আৰম্ভ কৰিলো৷সদায়ৰ দৰে সম্পাদকীয় দিয়েই আৰম্ভ৷সাময়িক কথাখিনি বৰ সুন্দৰকৈ লিখিলা৷

    সংখ্যাটোৰ বাবে বহুত বহুত অভিনন্দন৷

    Reply
    • আদিত্য

      ধন্যবাদ, শংকৰ দা ।

      Reply
  • Shariful Islam

    সুন্দৰ ভাৱে অতীতৰ ৰোমন্থনেৰে বাস্তৱ কথাখিনি বুজাই সঠিক আহ্বান জনালে। জীৱনৰ নতুন দিশ উপলব্ধি কৰাই দিলে। ভাল লাগিল।

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • Krishna Kanta Das

    সম্পাদকীয়টো বৰ ভাল হৈছে আদিত্য! সাম্প্ৰতিক পৰিস্থিতি আৰু ইয়াৰ বিপৰীতে আমাৰ কৰ্তব্যক সোঁৱৰাই দি বৰ সুন্দৰকৈ লিখিলা।
    ভাল দিনবোৰ ঘুৰি আহক!
    তোমাক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ

    Reply
    • আদিত্য

      ধন্যবাদ কৃষ্ণ দা ।

      Reply
  • দেবজিত শৰ্মা

    সুন্দৰ সম্পাদকীয়

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • “গণসংক্ৰমণৰ আশংকাত লকডাউন নিদিয়া হ’লে আমাৰ দৃষ্টিভংগীও সুকীয়া নহ’লহেঁতেন৷ সভ্যতা বা সংস্কৃতিৰ উত্তৰণৰ ঠিক এনেকুৱা ঘটনা-পৰিঘটনাৰ কেকুঁৰিতে লহপহকৈ গজি উঠে। এইখিনিয়েই সময়, নিজ নিজ জীৱনটোক নতুন উপলব্ধিৰে চোৱাৰ৷ ”

    বৰ ভাল লাগিল সম্পাদকীয়টো পঢ়ি।

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • সুকুমাৰ গোস্বামী

    সুন্দৰ

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ, দাদা ।

      Reply
  • Manaswee Sarmah

    সুন্দৰ সম্পাদকীয়।অতীত স্মৰণ কৰি ভাল লাগিল।

    Reply
    • আদিত্য

      ধন্যবাদ জনালোঁ৷

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    এইবাৰ সম্পাদকীয়টো পলমকৈ পঢ়িলোঁ৷ বৰ ভাল পালোঁ পঢ়ি৷

    Reply
  • Anonymous

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.