ফটাঢোল

সম্পাদকীয়—অভিজিত দত্ত

ভাল মানুহৰ প্ৰেম

পঢ়ি থকা দিনৰ কথা। কেতিয়াবা ঘৰত জনাই আৰু কেতিয়াবা ঘৰত নোকোৱাকৈ চিনেমা হললৈ যাওঁ। সেয়া ১৯৯২ চনৰ পৰা ১৯৯৭ চনমানৰ কথা। সেই সময়ত আমি উপভোগ কৰা অধিকাংশ বোলছবিত নায়ক আৰু নায়িকাৰ মাজত থকা প্ৰেমক মহান ৰূপত প্ৰদৰ্শন কৰা হয়। অৰ্থাৎ নায়ক আৰু নায়িকাৰ প্ৰেম ইমানেই শক্তিশালী আৰু পবিত্ৰ হয় যে এই প্ৰেমে সকলোবোৰ বাধা নিষেধ পাৰ কৰি সমাজ এখনৰ ধ্বজা বাহক হৈ পৰে।

সেই সময়তেই মনত প্ৰশ্ন এটাৰ উদয় হৈছিল। সমাজৰ শ্ৰেণী ভিন্নতা, জাত-পাতৰ ভিন্নতা আদি বাদ দিয়াৰ পিছতো এনে প্ৰেম কিয় ইমান মহীয়ান হৈ পৰে? পুৰুষ আৰু মহিলাৰ মাজত থকা প্ৰেমে কেনেদৰে বাধাৰ প্ৰাচীৰ অতিক্ৰম কৰে? কিয় বোলছবি এখনৰ চৰিত্ৰসমূহে প্ৰেমৰ জয়গাথাক অবিৰাম আওৰাই থাকে?

লাহে লাহে অলপ বয়স হ’ল। মনটোৱে প্ৰেম মানেই অকল পুৰুষ আৰু নাৰীৰ প্ৰেম বা ভালপোৱাতকৈও যে লিংগ নিৰ্বিশেষে মানুহে মনটোত এক সাৰ্বজনীন প্ৰেমৰ ভাব কঢ়িয়াই ফুৰা উচিত, সেয়া অনুভৱ কৰিব পৰা হ’ল। নাৰী আৰু পুৰুষৰ উপৰিও প্ৰেমৰ প্ৰকাশ যে বিভিন্ন হ’ব পাৰে, সেয়া মনটোৱে অলপমান বুজিব পৰা হ’ল। লাহে লাহে মনটোৱে আৰু এটা কথা অনুভৱ কৰিলে। প্ৰেম আচলতে এডাল বিশাল বৃক্ষ সদৃশ। নাৰী-পুৰুষৰ প্ৰেম, মাতৃৰ সন্তানৰ প্ৰতি থকা প্ৰেম অথবা লগৰীয়াৰ মাজত থকা প্ৰেম সেই বিশাল বৃক্ষৰ শাখা-প্ৰশাখা।

এইখিনিতে এটা কথা মনত পৰিছে। সেয়া বি এ মহলাত অধ্যয়ন কৰি থকা সময়ৰ কথা। মহাবিদ্যালয়ৰ এজন ভাল বন্ধুৱে তাৰ জ্যেষ্ঠ ভগ্নীৰ স’তে ভাড়াঘৰত থাকে। বন্ধুৰ বায়েক বাবে আমিও তেওঁক বাইদেউ জ্ঞান কৰোঁ। সেই বাইদেউ আকৌ কৃষি বিশ্ববিদ্যালয়ত নতুনকৈ যোগদান কৰা ডেকা অধ্যাপকজনৰ বাকদত্তা‌। বন্ধুজনে মোক ক’লে যে ডেকা অধ্যাপকজনৰ পিতৃ আৰু সিহঁতৰ দেউতাকৰ মাজত আজি বহুবছৰ ধৰি সু-সম্পৰ্ক আছে। সেই সূত্ৰেই অধ্যাপকজনেও তেওঁ সৰু থকাৰে পৰা বন্ধুৰ ঘৰলৈ তাঁতবাটি কৰে। যদিও শিশু কালৰ পৰাই অধ্যাপকে বন্ধুৰ বায়েকক চিনি পায়, তথাপি তেওঁলোকৰ মাজৰ হৃদয়ৰ সাঁকোখনে আজি এবছৰমান আগতেহে তেওঁলোকক প্ৰেমৰ আভাৰে উজলাই তুলিছে। সেই অধ্যাপকে হেনো তেওঁৰ ভাবী পত্নীক কৈছিল যে যদিহে তেওঁৰ প্ৰেমক মোৰ বন্ধুৰ বায়েক অৰ্থাৎ তেওঁৰ ভাবী পত্নীয়ে স্বীকৃতি নিদিলেহেঁতেন, তেনেহ’লে তেওঁ সদায়েই তেওঁক ভাল পাই থাকিলহেঁতেন। যদিহে বন্ধুৰ বায়েকে বেলেগৰ সতে বিয়াত সোমালেহেঁতেন, তথাপিও তেওঁ সেই বিয়াত উপস্থিত থাকি দেহেকেহে কাম কৰি বিয়াখন চলাই নিয়াত সহায় কৰিলেহেঁতেন।

কাৰণ ডেকা অধ্যাপকৰ মতে প্ৰেম মানেই আত্মপ্ৰাপ্তি নহয়। প্ৰেয়সীৰ প্ৰাপ্তিত সুখী হোৱাটোহে আচল প্ৰেম।

এই যে প্ৰেমৰ সাৰ্বজনীন ভাবটো, সেয়া আচলতে সকলো কথাতেই নিতান্তই প্ৰয়োজনীয়। অকল মইনো মোৰ ভালপোৱা সম্পৰ্কে কিয় ভাবোঁ? মই কি ভাল পাওঁ, মোৰ প্ৰয়োজনসমূহ কেনেদৰে পুৰাওঁ, অকল সেয়াই ভাবি থাকিলে আচলতে সেয়া এক ‘নাৰ্চিজিম’ৰহে বৰ্হিঃপ্ৰকাশ মাথোন। একেদৰে মোৰ জীৱন লগৰী অথবা পৰিয়ালটোৰ স’তে জীৱনটো নিৰাপদে কটাই দিয়া কথাটোও ইয়াৰ সমাৰ্থক।

এই ই-আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব লোৱাৰ পিছতেই দুটা ঘটনাই মোৰ মন আৰু দেহটোক কঁপাই তুলিছে। হয়তো যোৱা মাহটোত এই ঘটনা দুটাই আপোনাকো শিহৰিত কৰি তুলিছে। তাৰে প্ৰথমটো ঘটনা হ’ল ওডালগুৰিৰ কলাইগাঁৱৰ ঘটনাটো। যাদৱ চহৰীয়া নামৰ বিজ্ঞান শিক্ষকজনে তেওঁৰ মৃতা পুত্ৰীৰ স’তে পুনৰ সান্নিধ্য লাভ কৰাৰ আশাত তেওঁৰ পুত্ৰৰ প্ৰৰোচনাত অথবা পৰামৰ্শত পূজা কৰিছে। চহৰীয়া উপাধিধাৰী তান্ত্ৰিকজনে তেওঁলোকৰ মন-মগজু আচ্ছন্ন কৰি তুলিছে। অন্ধবিশ্বাসৰ বলি হৈ পৰিয়ালটোৱে নিজৰ পুত্ৰধনক হেৰুৱাইছে। মানুহজন হয়তো এতিয়ালৈ চিকিৎসাধীন হৈ আছে। হয়তো তেওঁ কিছুদিন পিছলৈ দেহৰ আঘাটসমূহৰ পৰা পৰিত্ৰাণ পাব। পিচে চিৰকাললৈ ঘূণীয়া হোৱা মানুহজন আৰু তেওঁৰ পত্নীৰ মনটো জানো আৰোগ্য হ’ব? এটাৰ পিছত এটাকৈ শোক সাৱটি মানুহজন আৰু তেওঁৰ পত্নীয়ে দিন কটাব লাগিব।

এই যে অন্ধবিশ্বাসৰ প্ৰভাৱ, এয়াও আচলতে আত্মপ্ৰেমৰহে প্ৰকাশ। শিক্ষকজনৰ কামে অথবা তেওঁক প্ৰৰোচিত কৰা পুত্ৰৰো বেমাৰটো একে। নিজৰ মৃত পুত্ৰী অথবা ভগ্নীৰ দৰ্শন লাভ কৰা। এই কৰ্মৰ দ্বাৰা মানুহজন অথবা তেওঁৰ পুত্ৰই মৃত ব্যক্তি এগৰাকীৰ সান্নিধ্য লাভ কৰাৰ আশাৰ আঁৰত লুকাই আছে নিজৰ আত্মতুষ্টি। একেদৰে তান্ত্ৰিকজনে পৰিয়ালটো অথবা পুত্ৰগৰাকীক প্ৰৰোচনা কৰাৰ আঁৰতো লুকাই আছে মানুহজনৰ লালসা। এই লালসা নিজৰ শক্তি প্ৰদৰ্শনৰ, দুটামান অৰ্থ সংগ্ৰহৰ অথবা সমাজখনক নিজৰ মতে চলোৱাৰ এক সুতীব্ৰ বাসনাৰ।

এইবাৰ আহক দ্বিতীয় ঘটনাটোলৈ। এই সম্পাদকীয় লিখি থকাৰ পৰত আমাৰ অধিকাংশ বাই-ভনী অথবা ককাই-ভাই বানপানীৰ কবলত পৰি ককবকাই আছে। ক’ৰবাত মথাউৰি ভাঙিছে। ক’ৰবাত বানে সংহাৰ মূৰ্তি ধাৰণ কৰি প্ৰাণনাশ কৰিছে। সেই সময়ছোৱাতো কোনোবাজন জনপ্ৰতিনিধিয়ে তেওঁৰ প্ৰতিদ্বন্দীগৰাকীক কুকুৰে কাঁইট নোখোৱা গালি পাৰিছে। নিউজ চেনেলসোপাৰ অঁঁৰিয়াঅঁঁৰি লাগিছে। কোনে প্ৰথমতে বাতৰি প্ৰকাশ কৰি ‘ধামাকা’ এটা দিব পাৰে, তাৰেই চেষ্টাত এই চেনেলসমূহ অহৰহ নিয়োজিত হৈ আছে। কোনোবাই আকৌ বানপানীত ‘চেল্ফি’ তুলি চ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে। চাৰিওফালে যেন অঘোষিত প্ৰতিযোগিতা এখনত সকলোৱে মত্ত হৈ পৰিছে। এই উন্মাদনাতেই নিহিত হৈ আছে নিজক জহোৱাৰ খেল। আত্মপ্ৰেমৰ এক শামুকীয়া দৌৰ। অৱশ্যে তাৰ মাজতেই বহু সংগঠন অথবা ব্যক্তিয়ে নিজৰ জীৱন তুচ্ছ কৰি বানে চানকাঢ়ি নিয়া আৰ্তসকলৰ কাষত ঠিয় দিছে। উদাহৰণস্বৰূপে আমি উল্লেখ কৰিব পাৰোঁ ‘ফটাঢোল’ গোট আৰু ইয়াৰ ভগ্নী সংগঠন ‘ফ’কাচ অসম’ৰ কথা। এই দুটা গোটৰ সদস্য/ সদস্যাসকলে বানে সপোন কাঢ়ি নিয়া লোকসকলক বান সাহায্য প্ৰদান কৰিলে, আগবঢ়ালে বিভিন্ন সহায়।

হয়, ‘ফটাঢোল‘ আৰু ‘ফ’কাচ অসম‘ৰ দৰেই বানত ক্ষতিগ্ৰস্থ হোৱা লোকসকলক বিভিন্ন সংগঠন আৰু ব্যক্তিয়ে যেনেধৰণে সহায়ৰ হাত আগবঢ়ালে, সেই কাৰ্যতেই লুকাই আছে আত্মোৎসৰ্গতাৰ চানেকি। এয়াও একপ্ৰকাৰৰ প্ৰেম। মানুহে মানুহক দিব পৰা নূন্যতম সামগ্ৰী অথবা কাষত ঠিয় দিয়াৰ প্ৰতিশ্ৰুতি যিয়ে জীপাল কৰি তুলিছে প্ৰেম নামৰ সেই বিশাল বৃক্ষৰ নিৰ্মল এচাটি বা!

এইখিনিতেই এটা কথা মনলৈ আহিছে। কম-বেছি পৰিমাণে সকলো মানুহেই আত্মকেন্দ্ৰিক। এইখিনিতে কোনোবাই কোৱা এটা সাধুলৈ মনত পৰিছে। এটা পানীবিহীন চৌবাচ্ছাৰ ভিতৰত এটা চিম্পাঞ্জী আৰু তাইৰ পোৱালিকেইটাক থোৱা হৈছে। লাহে লাহে চৌবাচ্ছাটোত পানী এৰি দিয়া হ’ল। প্ৰথম অৱস্থাত মাক চিম্পাঞ্জীজনীয়ে পোৱালিকেইটাক বচাবলৈ চেষ্টা কৰিলে। লাহে লাহে পানী বাঢ়ি আহিল। মাকে পোৱালিকেইটাক পানীৰ ওপৰলৈ দাঙি ধৰিলে। নাই, পানী কমক চাৰি বাঢ়িহে গ’ল। লাহে লাহে পানীয়ে মাকজনীক বুৰাই পেলোৱাৰ উপক্ৰম হ’ল। নাই, মাকে পোৱালিকেইটাক বচাবলৈ চেষ্টা অব্যাহত ৰাখিও সফল হ’বলৈ অসমৰ্থ হ’ল। আৰু অৱশেষত তাই পোৱালিৰ মায়া এৰি পানীৰে ভৰা চৌবাচ্ছাটোত পোৱালীক এৰি থৈ জাপমাৰি চৌবাচ্ছাৰ ভিতৰৰ পৰা উঠি আহিল।

ঠিক যেন এয়াই আমাৰ জীৱন। পৰিয়াল-পৰিজনৰ স’তে বান্ধ খাই থকাৰ পিছতো অৱচেতন মনত অহৰ্নিশে ক্ৰিয়া কৰে নিজৰ নিৰাপত্তাৰ কথাটো। সেয়েহে যোৱা ১৭ জুলাই, ২০১৯ (ইং) চনত দুপৰীয়া ভূঁইকপ এটা অহাৰ সময়ত দেখা যায় এগৰাকী মাতৃক। তেওঁ ভূঁইকপটো অহাৰ সময়ত মোৰ পৰা অলপ নিলগত মানুহ এঘৰৰ সকাম এটিত অন্নগ্ৰহণৰ বাবে সাজু হৈছিল। কাষত আছিল তেওঁৰ এটি সন্তান। ভূঁইকপৰ ভয়ত সন্তানক এৰি ফৰিংচিটিকা দিয়া মাতৃগৰাকীক দেখি মোৰ মনত খেলা কৰিছিল সেই চিম্পাঞ্জীৰ সাধুকথাটো।

হয়, এনেধৰণৰ ঘটনা এটা আপুনিও প্ৰত্যক্ষ কৰিব পাৰে।

পৰিশেষত আকৌ এটা কথা দোহাৰিছোঁ। কম-বেছি পৰিমাণে আপুনি, মই অথবা সমাজৰ প্ৰতিজন মানুহেই আচলতে নিজক ভাল পোৱাতহে গুৰুত্ব দিছোঁ। সেই ভালপোৱাৰ বাসনা এটাই আমাৰ মনতো অহৰহ ক্ৰিয়া কৰিছে। মোৰ কামনা-বাসনা পৰিপূৰ্ণ কৰা, মোৰ পৰিয়ালটোৰ আৰ্থিক সচ্ছলতা নিশ্চিত কৰা অথবা মই আৰু মোৰ অস্তিত্বই থিতাপি লোৱা প্ৰতিটো পল আৰু প্ৰত্যেকজন ব্যক্তিৰ হকে মই অহৰহ কাম কৰিছোঁ। এই কৰ্মক মোৰ জীৱনৰ লক্ষ্য হিচাবে নিৰ্দ্ধাৰণ কৰিছোঁ। ইটোৰ পিছত সিটোকৈ এক সচ্ছল জীৱন যাপনৰ বাবে আৱশ্যকীয় উপাদানসমূহ সংগ্ৰহ কৰিবলৈ মই যৎপৰোনাস্তি কৰিছোঁ। মানুহ মেচিনলৈ পৰিৱৰ্তন হোৱা এই ক্ষণটোত মই মোৰ চাহিদাক এক নিৰ্দিষ্ট পৰিসৰত সীমাবদ্ধ কৰিব পৰা নাই। মোৰ চাহিদা বৃদ্ধি হৈ গৈ আছে। আজি যদি মই এখন বাইচাইকেল চলাই আছোঁ, ঠিক সেই সময়তেই এখন দুচকীয়া বাহনৰ সপোনত মই বুৰ গৈ আছোঁ। দুচকীয়া বাহনখন ক্ৰয় কৰাৰ পিছতেই মোৰ অতৃপ্ত বাসনাত মূৰ্ত হৈ উঠিছে চাৰিচকীয়া বাহনখন। সেই চাৰিচকীয়া বাহনখন মোৰ হোৱাৰ পিছতো মই সন্তুষ্ট নহয়। নিজৰ স’তে থকা বাহনখন এৰি আকৌ এখন বিলাসী বাহনৰ মালিকানা স্বত্বৰ বাবে মই হাবুডুবু খাইছোঁ। মোৰ চাহিদা পূৰণ কৰিবলৈ গৈ মই অসুখী হৈ পৰিছোঁ।

আত্মপ্ৰেমৰ লেটাটোৰ পৰা এয়া উঠি অহাৰ সময়। মই দাতা কৰ্ণ নহওঁ। শগুনক নিজৰ হাতখন কাটি খাবলৈ দিয়া মই ৰজা শিৱিও নহওঁ। ৰাইজখনৰ তৃষ্ণা নিবাৰণ কৰিবলৈ কমলা কুঁৱৰীক জলসমাধি দিয়া সেই স্বামীগৰাকীও হ’বলৈ নাযাওঁ। হয়, মই মোৰ আৰু পৰিয়ালৰ ন্যুনতম সুবিধাখিনি ভোগ কৰিবলৈ চেষ্টা কৰিম। পিচে সেই সময়তেই মোৰ সাধ্যনুসাৰে ৰাতি দূপৰত পদপথত বাস কৰা ভিক্ষাৰীজনক সহায় কৰিম। নিজৰ বাদেও মোৰ অৰ্হতাৰ ওপৰত ভিত্তি কৰি উঠি অহা প্ৰজন্মক পোহৰৰ বাট দেখুৱাম, নিৰ্মাণ কৰি উলিয়াম এখন সমাজ য’ত মানুহে মানুহৰ কথা ভাবিবলৈ আহৰি পায়। ভাতৃত্ববোধ, একতা আৰু সম্প্ৰীতিৰ বুনিয়াদ গঢ়িম যিয়ে সৃষ্টি কৰিব ভাল মানুহ। শেৱালিৰ সুবাসৰ দৰে, নিয়ৰৰ কণাটিৰ তিৰবিৰনিৰ দৰে বা বাঁহীৰ সুৰীয়া মাতটোৰ দৰে ভাল মানুহৰ প্ৰেমে মতলীয়া কৰিব মোক, আপোনাক আৰু আমাক। ভাল মানুহৰ প্ৰেম আকাশৰ সীমনাত উদ্ভাসিত হ’ব, নিঃশেষ কৰিব সমাজৰ অসূয়া-অমঙ্গলক, সংকীৰ্ণতা আৰু অন্ধবিশ্বাসক।

আমাৰ ভৱিষ্যত পুৰুষ জাতিষ্কাৰ হৈ পৰক এই প্ৰেমৰ আৱেশত। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সমাজখন হৈ পৰক মিলনভূমিৰ মহান বেদীলৈ৷

সম্পাদক
ফটাঢোল
তৃতীয় বছৰ, দ্বিতীয় সংখ্যা

☆★☆★☆

71 Comments

  • Abhijit Goswami

    সুন্দৰ হৈছে দাদা… সাম্প্ৰতিক সময়ৰ সকলো ছবি ডাঙি ধৰিছে আপোনাৰ কলমে..

    Reply
    • অভিজিত দত্ত

      বহুত ধন্যবাদ অভিজিত, পঢ়ি চোৱা আৰু মন্তব্য দিয়াৰ বাবে।

      Reply
      • Anonymous

        বৰ সুন্দৰ হৈছে অভিজিত ৷ মনৰ কথাখিনি অকৃত্ৰিম ভাবে পৰিবেশন কৰিছা ৷

        Reply
        • অভিজিত দত্ত

          আপোনাৰ কথাই আনন্দিত কৰিলে।

          Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ইতিবাচক চিন্তাৰে লিখা সম্পাদকীয়টো পঢ়ি ভাল লাগিল। ভূপেনদাক সোঁৱৰণ কৰি কওঁ, মানুহেই মানুহৰ বাবে ভাবিব লাগিব।

    Reply
    • অভিজিত দত্ত

      ধন্যবাদ দাদা।

      Reply
    • অভিজিত দত্ত

      আপোনাৰ কথাই আনন্দিত কৰিলে।

      Reply
    • অভিজিত দত্ত

      আপোনালোক সকলোৱে মন্তব্য প্ৰদানেৰে মোক সচাকৈয়ে আনন্দিত কৰিলে।

      Reply
  • দিম্পল

    দাদা বৰ ভাল লাগিল ।
    অভিনন্দন আকৌ এবাৰ

    Reply
  • Gitarthi Goswami

    সম্পাদকীয়টো পঢ়ি ভাল লাগিল ।

    Reply
    • অভিজিত দত্ত

      আপোনাক ধন্যবাদ জনালো।

      Reply
    • অভিজিত দত্ত

      ধন্যবাদ।

      Reply
  • সুকুমাৰ গোস্বামী

    বঢ়িয়া

    Reply
    • অভিজিত দত্ত

      ধন্যবাদ বাপু।

      Reply
  • ডলী তালুকদাৰ

    দাদা বৰ ভাল লাগিল সম্পাদকীয় পঢ়ি।

    Reply
    • অভিজিত দত্ত

      ধন্যবাদ দেই।

      Reply
  • দাদা অপেক্ষা কৰিছিলোঁ আপোনাৰ সম্পাদকীয়টো৷ইমান ইতিবাচক লিখনিটো পঢ়ি আপ্লুত হলোঁ৷অভিনন্দন৷

    Reply
    • অভিজিত দত্ত

      নিলাক্ষী, ধন্যবাদ জনালো।

      Reply
    • অভিজিত দত্ত

      নিলাক্ষী, ধন্যবাদ।

      Reply
    • অভিজিত দত্ত

      ধন্যবাদ।

      Reply
  • হেমন্ত কাকতি

    সুন্দৰ সম্পাদকীয়৷

    Reply
  • কমল তালুকদাৰ

    সুন্দৰ সম্পাদকীয় , সাম্প্ৰতিক সময়ক বৰ সুন্দৰকৈ তুলিলে ।

    সম্পাদকৰ উত্তৰোত্তৰ সুখৰ আশাৰে ••

    Reply
  • তুলিকা দত্ত

    গল্পৰ দৰে সুন্দৰ , ইতিবাচক লিখনি , ভাল লাগিল

    Reply
  • নীলাঞ্জনা

    খুব ভাল লাগিল৷ সঁচাই এই অন্ধবিশ্বাসবোৰ কেতিয়াকৈ যে শেষ হ’ব! মানসিকভাৱে দূৰ্বল বা হতাশাগ্ৰস্ত লোকক এই অন্ধবিশ্বাসৰ জালত পেলাবলৈ বিচাৰি ফুৰা মানুহৰ অভাৱ নাই৷ দিনে দিনে বৰং বাঢ়িছেহে৷ খুবেই দৰকাৰ, সকলোৱে সজাগ হোৱাৰ৷ সম্পাদকীয়ৰ জৰিয়তে দিয়া সময়োপযোগী বাৰ্তাটি সমাজত বিয়পি পৰক৷ ধন্যবাদ৷

    Reply
  • ববিতা শৰ্মা

    দাদা বৰ ভাল লাগিল সম্পাদকীয় পঢ়ি।

    Reply
  • ৰিমঝিম

    খুউব সুন্দৰ সম্পাদকীয়। ভাল লাগিল দাদা।

    Reply
  • গীতিকা শইকীয়া

    সহজ সৰল কথাবোৰেৰে এক সুন্দৰ সম্পাদকীয়। সম-সাময়িক প্ৰায় সকলোবোৰ কথা খুব স্পষ্টভাৱে বৰ্ণনা কৰিলে। সঁচাকৈয়ে আশাব্যঞ্জক সম্পাদকীয়। প্ৰথম সম্পাদকীয়ৰে আৰম্ভ কৰিছোঁ। অভিনন্দন আপোনালৈ।

    Reply
    • অভিজিত দত্ত

      বহুত ধন্যবাদ আপোনাক।

      Reply
    • অভিজিত দত্ত

      গিতালী, ধন্যবাদ।

      Reply
    • অভিজিত দত্ত

      গীতিকা, ধন্যবাদ।

      Reply
  • Anonymous

    খুবেই সুন্দৰ সম্পাদকীয়।

    Reply
  • দিলীপ ৰঞ্জন কাকতি।

    পঢ়ি ভাল যঠেষ্ট লাগিল।

    Reply
  • পূৰ্ণানন্দ শৰ্মা

    সম্পাদকীয় নহয় ৷ সাম্প্ৰতিক সময়ৰ এখন বাস্তৱ চিত্ৰ ! পঢ়ি আপ্লুত হ’লো ৷ কেইটামান কথাই মনটো জোকাৰি গ’ল ৷ মানৱৰ পৃথিৱীত দানবো থাকিবই ৷ পিছে বাৰে বাৰে ‘মানুহে’ই জিকি যায় ৷

    Reply
  • মানস প্ৰতিম অসমীয়া

    লিখনি তো ভাল লাগিল দাদা

    Reply
  • ৰিণ্টু

    ইতিবাচক কিছু কথাৰে এক সাৱলীল আৰু সময়োপযোগী সম্পাদকীয়। আপ্লুত হ’লো পঢ়ি।

    আলোচনীখনৰ এটা সৰ্বাংগ-সুন্দৰ সংখ্যা আমাক উপহাৰ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ অভিজিত

    Reply
  • পূৰ্ণময়ী

    ভাল লাগিল দাদা ,সকলো সাঙুৰি লৈ ধুনীয়া কৈ লিখিলে।

    Reply
  • পাৰ্থপ্ৰতিম চৌধুৰী

    সুন্দৰ৷ প্ৰদৰ্শনকামীতাৰ বহু বেয়া দিশ থাকিলেও যে ই কেতিয়াবা অইনৰ হিত সাধন কৰে এইবেলি বান আৰু ফেচবুকৰ পৰাই দেখিলো৷ পিছে সম্পাদক মহোদয়ৰ ফটো খন কিবা ভাল নালাগিল৷

    Reply
  • অলকেশ ভাগৱতী

    সুন্দৰ সম্পাদকীয় ৷

    Reply
  • বিশ্বজ্যোতি মহন্ত

    চিন্তাৰ খোৰাক পালোঁ। প্ৰকাশৰ সৰল শৈলীয়ে পাঠকৰ ওচৰ চপাত সহায় কৰিছে।

    Reply
    • অভিজিত দত্ত

      চাৰ

      Reply
    • Bhaben Mahanta

      সাক্ষাৎকাৰ পঢ়ি ভাল লগাৰ বাবেই সম্পাদকীয় পঢ়িবলৈ মন গল । সুন্দৰকৈ লিখিছা । নিৰাশ হোৱা নাই ।👌👌👌👌

      Reply
  • সুন্দৰ সম্পাদকীয় দাদা, পঢ়ি ভাল লাগিল।

    Reply
    • অভিজিত দত্ত

      ধন্যবাদ ভাই।

      Reply
  • Khajen Deka

    এক ব্যতিক্ৰমী চিন্তাধাৰা আৰু প্ৰাঞ্জল ভাষাৰে উপস্থাপন কৰা প্ৰেমৰ অন্তৰ্নিহিত বিশ্লেষণ অতি সুন্দৰ হৈছে। প্ৰেমক লৈ ইমান গভীৰ বিশ্লেষণাত্মক লেখা আগতে পঢ়া মনত নপৰে। হয় প্ৰেম এক বিশাল বৃক্ষৰ দৰে যি একেসময়তে বহুতকে আৱৰি ৰাখিব পাৰে। কিন্তু প্ৰেম যেতিয়া আত্মপ্ৰেমলৈ ৰূপান্তৰ হয়, তেতিয়া প্ৰেম হৈ পৰে স্বাৰ্থপৰ আৰু পলায়নবাদী। উদাহৰণ চিপাঞ্জীয়ে নিজৰ সন্তানক এৰি নিজক বচাবলৈ পানীৰ চৌবাচ্চাৰ ওপৰলৈ উঠি অহা কথাটো। চিপাঞ্জীজনীৰ প্ৰেম তেতিয়ালৈকে সাৰ্বজনীন হৈ আছিল যতিয়ালৈকে নিজৰ জীৱনৰ প্ৰতি বিপদ নিশ্চিত নাছিল। কিন্তু নিজৰ মৃত্যু নিশ্চিত ৰূপত অহাৰ লগে লগে সাৰ্বজনীন প্ৰেম আত্মপ্ৰেমলৈ ৰূপান্তৰ হ’ল। সেইদৰে ভূঁইকপৰ সময়ত মাতৃয়ে নিজৰ সন্তানক এৰি যোৱাৰ দৰে। অৰ্থাত প্ৰেম সকলোতে। সাৰ্বজনীন বা আত্মপ্ৰেমৰ ৰূপত। বহুত ভাল লাগিল অভিজিত।

    Reply
  • কাবেৰী মহন্ত

    সময়োপযোগী সুন্দৰ সম্পাদকীয় ৷ বৰ ভাল লাগিল ৷

    Reply
  • Mukut bhattacharjya

    মনৰ কথা কলে। পলমকৈ হলেও এনে উপলব্ধি আহিছে আৰু স্বাৰ্থৰ উৰ্ধত গৈ কিছু কাম কৰাৰ চেষ্টা কৰো।
    ভাল লাগিল পঢ়ি।

    Reply
  • ভাস্কৰজ্যোতি দাস

    অতি সুন্দৰ সম্পাদকীয়৷ সকলোৰে চিন্তনবোৰ এই দিশতে আগুৱালে সমাজ বহুখিনি আগুৱাব৷

    Reply
  • Sankar Jyoti Bora

    বৰ ধুনীয়াকৈ লিখিলে৷সময়োপযোগী আৰু মনোগ্ৰাহী৷

    Reply
  • গীতিমল্লিকা গগৈ

    সময়োপযোগী, বুদ্ধিদীপ্ত বিশ্লেষণ।
    প্ৰেম মানেই সুন্দৰ। য’ত স্বাৰ্থ থাকে তাত প্ৰেম থাকিব‌ই নোৱাৰে।

    Reply
  • Muni Manta Saikia

    সম্পাদকীয় বৰ সুন্দৰ ৷ সকলোৰেই মন এনে হওক ৷

    Reply
  • অনুৰূপ মহন্ত

    অতি সুন্দৰ আৰু সময়োপযোগী হৈছে। বৰ ভাল লাগিল।

    Reply
  • Arabinda Goswami

    সুন্দৰভাৱে সম্পাদকীয়টো সজাই পৰাই লিখিলে।আপোনাৰপৰা এনে এটা সম্পাদকীয়ৰ আশাতেই আছিলো,যি কিছুমান বাস্তৱ সময়ৰ কথা ভবাই তুলিব পাৰে।সুন্দৰ সম্পাদকীয় আৰু আলোচনীৰ সফলতাৰ বাবে অভিনন্দন।

    Reply
  • হিৰণ্যজ্যোতি দাস

    অৰ্থবহ সম্পাদকীয় ৷ এনে ইতিবাচক লেখা পঢ়ি ভাল লাগে ৷ সমাজত চলি থকা নিগেটিভিৰ বিপৰীতে এনে লেখাই মোৰ দৰে বহুতৰ অন্তৰত চাপ বহুৱাবলৈ সক্ষম হ’ব ৷

    Reply
  • ৰাজীৱ শৰ্মা

    সুন্দৰ সম্পাদকীয়

    Reply
  • উষা মহন্ত

    ব্যতিক্ৰমী লিখনি ‌। প্ৰকাশ ভঙ্গী সুন্দৰ ।পঢ়ি এক সুকীয়া সোৱাদ পালোঁ ।

    Reply
  • নীলাক্ষি দেৱী ডেকা

    বৰ ভাল লাগিল।

    Reply
  • স্বপ্না স্মৃতি মহন্ত

    ইতিবাচক, সময়োপযোগী লেখা। সুন্দৰ সম্পাদকীয়।

    Reply
  • ৰাজু কুমাৰ নাথ

    বৰ সুন্দৰ লেখা।আপোনাৰ লিখনিয়ে সকলোকে এইদৰেই প্ৰেৰণা যোগায় যাওঁক।

    Reply
  • সাধাৰণ সত্য, সুন্দৰ উপস্থাপন!
    হজম নোহোৱা ফটো। 🤔

    Reply
  • বৰ্ণালী চৌধুৰী

    আগষ্ট মাহৰ ফটাঢোল পঢ়ি ভাল লাগিল।লগতে সম্পাদকীয় সুন্দৰ হৈছে।।

    Reply
  • জাহ্নৱী

    বৰ ভাল লাগিল কথাখিনি

    Reply
  • সম্পাদকীয় পাঠ কৰি আপ্লুত হলো | অহৈতুকী প্ৰেমৰ স্বৰূপ বনাম অন্ধবিশ্বাসত বলি হোৱা আত্মকেন্দ্রিক মানুহৰ স্বার্থপৰতা সাম্প্রতিক কালৰ  কাহিনীৰ জৰিয়তে বৰ ধুনীয়াকৈ লিখিছে | ইয়াৰ উপৰিও চিম্পাঞ্জিৰ কাহিনীৰ যোগেদি নেচাৰিলিজিমৰ যি ধাৰণা আমাকে দিলে সেয়াও অতি চমৎকাৰ | ইমান ধুনিয়া সংখ্যা এটা আমাকে উপহাৰ দিয়া বাবে  আপনাক অজস্র ধন্যবাদ |

    Reply
  • Anonymous

    ইমান সুন্দৰ এটি সংখ্যা সম্পাদনা কৰি আমাক উপহাৰ দিয়াৰ বাবে ধন্যবাদ |

    Reply
  • Nilakshi Nath

    ইমান সুন্দৰ এটি সংখ্যা সম্পাদনা কৰি আমাক উপহাৰ দিয়াৰ বাবে ধন্যবাদ |

    Reply
  • মায়ুৰাক্ষী দত্ত

    বৰ সুন্দৰ প্ৰকাশ ,ভাল লাগিল

    Reply
  • অভিজিত দত্ত

    সকলোকে ধন্যবাদ জনালো।

    Reply

Leave a Reply

Your email address will not be published.