ফটাঢোল

সম্পাদকীয়–ডা° পাৰ্থ সাৰথি ভূঞা

চিঞাহীৰ প্ৰাচীন সুগন্ধি

: সম্পাদক মহোদয়, সোমাব পাৰোঁনে?

চেম্বাৰৰ দুৱাৰখন কিঞ্চিৎ ফাঁক কৰি মূৰটো সুমুৱাই ফূৰ্তিবাজ বন্ধুজনে মাত দিলে।

: হাঃ হাঃ, ধেই, আহা আহা৷

বন্ধুক ভিতৰলৈ মাতি চকীখনৰ ফালে দেখুৱাই বহিবলৈ ইংগিত দিলোঁ। বন্ধু সোমাই অহাৰ সময়ত মই লেপটপটো খুলি লগতে কাগজ কলম লৈ কিবা ন’ট কৰি আছিলোঁ ফটাঢোল ই আলোচনীৰ কামত।

: হয় দিয়া, ডাক্তৰৰ চেম্বাৰত আছোঁ নে সম্পাদকৰ কোঠালিত আছোঁ ধৰিবলৈকে দিগদাৰ হৈছে৷

চকীখনত বহি লৈ বন্ধুৱে হাঁহি হাঁহি আকৌ ক’লে৷

বন্ধুৰ কথা শুনি মোৰ মনটো ভৱেন্দ্ৰনাথ নাথ শইকীয়া দেৱৰ ‘সম্পাদকৰ কোঠালি’লৈ উৰা মাৰিলে৷ প্ৰান্তিকৰ পৃষ্ঠাত এই শিতানটো সৰুতে মোৰ আটাইতকৈ ভাল লগা আছিল। সৰুৰে পৰা কিতাপৰ লগত মোৰ এটা আপোনত্ব আছিল৷ আচলতে তেনে এটা পৰিৱেশৰ মাজতে ডাঙৰ হৈছিলোঁ৷ মোৰ মা দেউতা দুয়ো কিতাপ পঢ়ি খুব ভাল পায় আৰু সেয়ে কিতাপ পঢ়াৰ অভ্যাস মোৰো সৰুৰে পৰাই গঢ় লৈ উঠিছিল। মোৰ বাবে মৌচাক, সঁফুৰা, চান্দ মামা, অমৰ চিত্ৰ কথা আৰু টিংকলৰ প্ৰতিটো সংখ্যা অনাৰ উপৰিও দেউতাই প্ৰান্তিক, ইংৰাজী ইণ্ডিয়া টুডে আৰু ৰিডাৰছ ডাইজেষ্ট নিয়মীয়াকৈ লৈছিল। প্ৰান্তিকখন আহিলেই মই প্ৰথম মেলি চাইছিলোঁ ‘সম্পাদকৰ কোঠালিত’ শিতানটো। শিতানটোত সেই সময়ত প্ৰাসংগিক সমাজৰ, দেশৰ বা ৰাজনৈতিক ক্ষেত্ৰখনৰ কিছুমান কথা বন্ধুৰ মুখেৰে ব্যংগ ভাবে প্ৰকাশ কৰা হৈছিল। কেতিয়াবা কিছুমান কথা কিয় ক’লে বুজি নাপালে দেউতাই বুজাই দিছিল। সেই ‘বন্ধু’ৰ লগত কথোপকথনৰ শৈলীটোৱে মোক অতিশয় আকৰ্ষণ কৰিছিল৷ সেয়ে হয়তো বৰ্তমান অলপ অচৰপ লিখা মেলা কৰিবলৈ লোৱাৰ পাছৰ পৰা ময়ো মাজে মাজে মনৰ কিছুমান কথা, “কালি বন্ধু এজনক লগ পালোঁ, তেওঁ ক’লে” ধৰণেৰে বন্ধুৰ মুখেৰে প্ৰকাশ কৰাৰ সেই কায়দাটো ব্যৱহাৰ কৰাৰ যত্ন কৰোঁ। ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ অবর্তমানত পিচে প্ৰান্তিক নিয়মীয়াকৈ অনাটো কমি আহিছিল।

সৰুতে মাহঁতৰ লগত ফুৰিবলৈ গ’লে যি ঘৰ মানুহৰ তাত কিতাপ আছে বুলি জানো, তেওঁলোকৰ ঘৰলৈ গৈ ভাল পাইছিলোঁ আৰু কিতাপ পত্ৰ নাথাকে বুলি জনা মানুহৰ ঘৰলৈ যাব বুলি শুনিলে একেবাৰেই আগ্ৰহ নেদেখুৱাইছিলোঁ। সেয়ে মামাৰ ঘৰলৈ বেছি দিন থকাকৈ গৈ ভাল পাইছিলোঁ কাৰণ মামাৰ ঘৰ ভৰি আছিল বিস্ময়, ৰহস্য, ত্ৰিশূল, ৰংঘৰ আদিৰ দৰে আলোচনীৰে আৰু লগতে দস্যু ভাস্কৰ, পাফু চিৰিজ আৰু ৰঞ্জু হাজৰিকাৰ কিতাপেৰে। মামাৰ ঘৰতে কিতাপৰ যোগেদি চিনাকি হৈ ৰঞ্জু হাজৰিকাৰ সৃষ্টিসমূহক ইমানেই ভাল পাইছিলোঁ যে মোৰ বাবে তেঁৱেই হৈ পৰিছিল সৰ্বশ্ৰেষ্ঠ লেখক৷ দস্যু ভাস্কৰত আকৌ ‘পার্থ’ বুলি এটা চৰিত্ৰ আছিল, পঢ়ি যাওঁতে নিজকে সেই চৰিত্ৰটোৰ লগতে কল্পনা কৰিছিলোঁ।

জীৱনত কাগজ কলম লৈ শৈক্ষিক বস্তুখিনিৰ বাহিৰে একোৱেই লিখি পোৱা নাই। তিনিবছৰ মানৰ পৰা মোবাইলত অসমীয়াত লিখিব পৰা হোৱাৰ পৰা নিজৰ মনৰ ভাৱবোৰ আৰু কিছু দৈনন্দিন কাহিনী মাজে মাজে লিখোঁ৷ এইদৰে লিখিবলৈ লোৱাৰ পৰা এটা কথা মই উপলব্ধি কৰিছোঁ যে যদিও বৰ্তমান ব্যস্ততাৰ বাবে পঢ়াৰ অভ্যাস কমিছে এটা সময়ত বাহিৰা কিতাপ পঢ়াৰ অভ্যাসটোৱেই মনৰ ভাৱবোৰ এনেকৈ লিখি প্ৰকাশ কৰাৰ মূল সমল৷ অৰ্থাৎ মই ভাবোঁ লিখিবলৈ হ’লে কিতাপ পঢ়াৰ অভ্যাস যে লাগিবই এই কথাটো এশ শতাংশই সত্য। এখন কিতাপ পঢ়ি গ’লে সেই কথাবোৰ মনটোৱে নিজৰ ধৰণেৰে কল্পনা কৰি ল’ব পাৰে ফলত অনুসন্ধিৎসা আৰু সৃজনশীলতা বৃদ্ধি হয়৷ লিখাৰ কৌশল আয়ত্ত কৰা আৰু শব্দৰ ভঁৰাল চহকী কৰাৰ একমাত্ৰ উপায় হৈছে অধ্যয়ন৷ কল্পনা প্ৰৱণতা প্ৰতি ব্যক্তিৰে জন্মগত বৈশিষ্ট্য৷ এই কল্পনা প্ৰৱণতাক আমি সম্পদ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ৷ কিন্তু তাৰ বাবে গুৰুত্বপূৰ্ণ সময় হৈছে কুমলীয়া শৈশৱ৷ কল্পনাপ্ৰসূতা বা কাল্পনিক পৃথিৱীত বিচৰণ কৰা, খেলাধূলা কৰা শিশুৰ স্বাভাৱিক আচৰণ৷ এই কল্পনাপ্ৰৱণ মনটোক ভৱিষ্যতৰ সৃষ্টিশীল সম্পদৰ সৌধ হিচাপে গঢ়ি তোলাত কিতাপতকৈ শক্তিশালী আন একো মাধ্যম হ’ব নোৱাৰে৷ বৰ্তমান সময়ত প্ৰায়বোৰ অভিভাৱকৰ মুখতে শুনা যায় যে বাহিৰা কিতাপত কৈ টিভি বা ইউ টিউবৰ ৰাপ ল’ৰা ছোৱালীহঁতৰ অধিক হৈছে৷ এনে নহয় যে সময়ৰ লগত কল্পনাপ্ৰৱণতা নোহোৱা হৈছে৷ কিন্তু কল্পনাপ্ৰৱণতাৰে নিজক সৃষ্টিশীল কৰি তোলাৰ মাধ্যমৰ ব্যৱহাৰ কম হৈছে৷ বৰ্তমান সময়ত প্ৰযুক্তিৰ সাফল্যই পৃথিৱীখন আমাৰ হাতৰ মুঠিত কৰি তুলিছে৷ শিশুৱে স্বভাৱসুলভ সৰলতাৰে সাধু বা কাহিনী এতিয়াও ভাল পায়৷ কিন্তু ৰঙবিৰঙৰ কাৰ্টুন বা আন ভিডিঅ’বোৰত এনে সাধুকথাবোৰ সকলো সময়তে সহজলভ্য হোৱাৰ বাবে তেওঁলোক এই মাধ্যমৰ প্ৰতি বেছি আকৃষ্ট হয়৷ সাধুকথাৰ ৰূপহী ৰাজকুমাৰীজনী বা যাদুকৰী ৰথত সোনখটোৱা কাপোৰ পিন্ধি অহা ৰাজকুমাৰক নিজৰ মনৰ দৃষ্টিৰে কল্পনা কৰি লওঁতে হোৱা মগজুৰ ব্যায়াম আৰু প্ৰচেষ্টাই শিশুমনক সজীৱ আৰু উৰ্বৰা কৰি তোলে৷ সেই উৎকৰ্ষ সাধন কিন্তু টিভি আৰু য়ুটিউব চাই থকা ল’ৰা ছোৱালীৰ ক্ষেত্ৰত নহয়। কাৰণ তেওঁলোকে ৰেডিমেডকৈ ৰূপকথাৰ জগতখন চকুৰ পচাৰতে স্ক্ৰীনত দেখা পায়, সেয়ে নিজে কল্পনা কৰাৰ কোনো অৱকাশেই নাথাকে৷ ব্যৱহাৰ নকৰাকৈ থকা কব্জাত মামৰ লগাৰ দৰে মগজুৰ ব্যৱহাৰৰ অনভ্যাসৰ ফলত মানসিক অৱসাদ বৃদ্ধি পায়৷ তাৰোপৰি শিশুসকলক ই ৰিয়েলিটিত কৈ ভাৰ্ছুৱেল পৃথিৱীৰ নাগৰিক কৰি তুলিছে৷ ফলত সামাজিক আচৰণবোৰত বিসংগতি সহজলভ্য দৃশ্য হৈ পৰা দেখা গৈছে৷

আজি কিছুদিনৰ আগত চ’চিয়েল মেডিয়াতে এটা কাৰ্টুন দেখিছিলোঁ৷ নব্বৈৰ দশক আৰু তাৰ আগৰ ছবিখনত মাক গৰাকীয়ে সন্তানটিক লগৰীয়াৰ লগত খেলাৰ পৰা কাণত ধৰি টানি আনিছে আৰু আনখনত বৰ্তমান সময়ৰ হাতত ম’বাইল লৈ ব্যস্ত হৈ থকা এটি শিশুক মাকে কাণত ধৰি লগৰীয়াৰ লগত খেলিবলৈ টানি আনিছে৷ ছবিখন সঁচাকৈয়ে চিন্তনীয়৷

শৈশৱ হৈছে বন্ধুত্ব, সম্পৰ্কৰ উত্তাপ, সামাজিক সক্ৰিয়তা, স্বাৰ্থপৰতাৰ সলনি সহানুভুতিৰ পাঠ শিকাৰ সময়৷ পৰিয়াল আৰু বন্ধুৰ লগত সময় পাৰ কৰিলেহে এই কথাবোৰ আপোনা আপুনি শিকিব৷ এই ভাল অভ্যাসবোৰ গঠনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগিব অভিভাৱকে৷ শিশুসকলক আজৰি সময়ত কিতাপ এখনৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে ঘৰখনত পৰিৱেশ সৃষ্টি কৰিব লাগিব পিতৃ মাতৃয়ে৷ কাৰণ সন্তানে সদায় অনুকৰণ কৰে৷ হাতত সকলো সময়তে মোবাইল লৈ ব্যস্ত হৈ থকা অভিভাৱকৰ সন্তান স্বাভাৱিকতে মোবাইলৰ প্ৰতি আকৰ্ষিত হ’বই৷ যদিও মোবাইলটোতে বহুতে পঢ়াশুনা কৰে তথাপিও আজৰি সময়ত ছপা আখৰ অৰ্থাৎ কিতাপ এখন পঢ়াৰ অভ্যাসটো ধৰি ৰখাটো ভাল৷ ঘৰখনত সৰুকৈ হ’লেও নিৰ্বাচিত কিতাপৰ এটা পুথিভঁৰাল, গ্ৰন্থমেলালৈ সন্তানটিকো লৈ গৈ নিজে কিনাৰ লগতে নিজৰ পচন্দৰ কিতাপ কিনাৰ অভ্যাস কৰোৱা, কিতাপখন আনি পঢ়ি হোৱাৰ পিছত বিষয়বস্তু কি আছিল সেয়া পতি পত্নী বা বন্ধুৰ মাজতে আলোচনা কৰা বা টুকি ৰখা আৰু একেদৰে সন্তানটিকো তেনে কৰিবলৈ উৎসাহী কৰা, মাজে মাজে সন্তানৰ লগ লাগি কিতাপবোৰৰ ধূলি চাফা কৰি পৰিপাটি কৰা আদি অভ্যাসে কিতাপৰ প্ৰতি গুৰুত্ব আৰু আত্মীয়তা বৃদ্ধি কৰিব৷ খ্যাতনামা লেখক উইল ডুৰাণ্টে কৈছিল “পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ হৈছে চিয়াঁহীৰ মহাসাগৰ” এই উক্তিৰে তেওঁ ছপা আখৰৰ গুৰুত্ব আৰু শ্ৰেষ্ঠত্বৰ কথাকে ক’ব খুজিছিল৷

তাৰোপৰি কিতাপ হৈছে প্ৰকৃত বন্ধু, নিসংগতাৰ ভাল সংগী৷ হোমেন বৰগোহাঞি দেৱে তেওঁৰ ‘দুজন বুঢ়া মানুহৰ কথা’ নামৰ এটা লেখাত দুজন বৃদ্ধৰ কথা কৈছে৷ এজন বৃদ্ধ যৌৱনকালত পাহোৱাল, ৰঙীয়াল ডেকা আছিল৷ কিন্তু বুঢ়া কালত তেওঁ প্ৰায়ে কঠ এখন পাৰি হামিয়াই হিকটীয়াই বহি থাকে৷ তেওঁৰ বাবে কুশল বাৰ্তা অপ্ৰয়োজনীয় কথাৰ দৰে, বৰঞ্চ কোনোবাই সুধিলে কয় এই বয়সতনো আৰু কি ভাল বেয়া, মৃত্যুলৈহে অপেক্ষা মাত্ৰ৷ বাৰ্দ্ধক্যৰ নিসংগতাৰ এই বিষাদ আৰু উদাসীনতাৰ বিপৰীতে আনজন বৃদ্ধই নিসংগ সময়বোৰ কিতাপ পঢ়ি পাৰ কৰে৷ জীৱনৰ প্ৰতি উদাসীনতা বা মৃত্যুৰ আৱাহনৰ পৰিৱৰ্তে তেওঁৰ মুখখন আছিল কিতাপৰ লগত বন্ধুত্ব আৰু নতুনকৈ কিবা শিকাৰ আগ্ৰহেৰে উজ্জ্বল৷

শেষত ইয়াকে কওঁ এই যে ‘ফটাঢোল’ৰ আলোচনীখন আৰম্ভ কৰা হ’ল, সকলোৱে আপোন কৰি লৈছোঁ, লিখিবলৈ, পঢ়িবলৈ সময় অকণমান উলিয়াইছোঁ, এই আপোনত্বৰ আঁৰত কিতাপৰ প্ৰতি থকা আমাৰ প্ৰাচীন আকৰ্ষণেই জানো নহয়? হয়তো আমি এতিয়াও মনৰ কোনোখিনিত শৈশৱৰ কিতাপৰ লগত পাৰ কৰা সময়ৰ সোঁৱৰণীখিনি জীয়ন দি ৰাখিছোঁ৷ কিন্তু কিতাপৰ প্ৰতি সেই একেই আকৰ্ষণ আমাৰ উত্তৰসুৰীলৈ প্ৰৱাহিত কৰাটো আমাৰেই দ্বায়িত্ব৷ আহক সকলোৱে ব্যস্ততাৰ মাজে মাজে কিতাপ এখন তুলি লওঁ, কিতাপৰ আখৰৰ সুগন্ধিত মোহগ্ৰস্ত হওঁ আৰু আমাৰ উত্তৰ প্ৰজন্মৰো ইয়াক মোহ কৰি তোলোঁ৷

সম্পাদক
ফটাঢোল
তৃতীয় বছৰ, তৃতীয় সংখ্যা

☆★☆★☆

47 Comments

  • Sankar Jyoti Bora

    ধুনীয়াকৈ লিখিলে দাদা৷আজিকালিৰ যান্ত্ৰিক জীৱনত সছাকৈয়ে এখন ভাল কিতাপ বা লিখনি পঢ়িবলৈ পোৱাটো আৰু পঢ়িবলৈ সময় উলিয়াব পৰাটো সঞ্জীৱনীৰ নিছিন কাম কৰে৷ফটাঢোলে এই সুবিধাটোৰে মোৰ দৰে বহুতৰে জীৱনক মোহনীয় কৰি ৰাখিছে৷

    Reply
  • Rimjhim Borthakur

    খুউব সুন্দৰ সম্পাদকীয়। আজিৰ দিনত কাৰোবাৰ হাতত কিতাপ এখন তুলি দিয়াটো অতিকৈ প্ৰয়োজনীয় হৈ উঠিছে।

    Reply
  • HEMANTA KAKATI

    বৰ সুন্দৰ আহ্বান৷ খুব ভাল লাগিল সম্পাদকীয় পঢ়ি৷

    Reply
    • প্ৰবাল খাটনিয়াৰ

      বৰ ভাবগধুৰ লিখনিৰে সুন্দৰ সম্পাদকৰ মন্তব্য।আমাৰ উঠি অহা চামৰ প্ৰতি অধ্যয়নৰ যি সৰল আহৱান তাৰ বাবে বহুত ধন্যবাদ

      Reply
  • Gayatri Sahu

    সুন্দৰ সম্পাদকীয় ।সচাঁকৈ কিতাপৰ প্ৰতি আকৰ্ষণ আৰু অাপোনত্ব যাউতিযুগীয়া… হেজাৰ ব্যস্ততাইও ইয়াৰ প্ৰতি আকৰ্ষণ ম্লান কৰিব নোৱাৰে।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    খুবেই ভাল লাগিল দাদা।

    Reply
  • Bagmita Rajkhowa

    সম্পাদকীয় পঢ়ি আপ্লুত হ’লো

    Reply
  • Mukut bhattacharjya

    শৈশৱ হৈছে বন্ধুত্ব, সম্পৰ্কৰ উত্তাপ, সামাজিক সক্ৰিয়তা, স্বাৰ্থপৰতাৰ সলনি সহানুভুতিৰ পাঠ শিকাৰ সময়৷ পৰিয়াল আৰু বন্ধুৰ লগত সময় পাৰ কৰিলেহে এই কথাবোৰ আপোনা আপুনি শিকিব৷
    কথাখিনি বৰ ভাল লাগিল। সম্পাদকীয় বহুত ধুনীয়া হৈছে।

    Reply
  • Mridula

    খুব ভাল পালো সম্পাদকীয় প ঢ়ি ।

    Reply
  • নীতাশ্ৰী নেওগ।

    সুন্দৰ সম্পাদকীয়।

    Reply
  • Rintumoni Dutta

    সুন্দৰ আৰু সাৱলীল সম্পাদকীয়, খুব ভাল লাগিল পঢ়ি পাৰ্থ

    Reply
  • সঞ্জীৱ

    বৰ সুন্দৰ আহ্বান পাৰ্থ দা।কিতাপ এখন কাৰোবাৰ হাতত তুলি দিব পৰা আমেজটোৱেই বেলেগ।

    Reply
  • কিতাপ আচলতে মানুহৰ বন্ধু৷পঢ়ি অতি ভাল পালোঁ দাদা৷অভিনন্দন৷

    Reply
  • মনিষা ফুকন

    বহু সমযত নিজে পঢ়া ভাল লগা কিতাপ বা চৰিত্ৰ অথবা কাহিনী কাৰোবাৰ লগত বিনিময় কৰিব মন যায়. কিন্তু হতাশ হোৱা যায কিয়নো কাহিনীৰ কল্পনাই বহুজনকে আজিকালি আপ্লুত নকৰে…পঢ়াৰ অভ্যাস হেৰাই যোৱাৰ দৰে. আশাকৰো ফটাঢোল আলোচনিীয়ে আমাৰ এই হেৰুৱা অভ্যাস পুনৰাই জীয়াই তুলিব

    Reply
  • কমলা দাস

    সুন্দৰ সম্পাদকীয় । ভাল লাগিল পঢ়ি

    Reply
  • দিম্পল

    ধন্যবাদ দাদা ইমান ধুনীয়া সম্পাদকীয়তোৰ বাবে।
    সদায়ে বিচাৰো কিতাপৰ প্ৰেমত সকলোৱে পৰক।
    চিয়াঁহীৰ সাগৰখনত সকলোৱে ভাল পাওঁক।

    Reply
  • anjan sadhanidar

    সদায় পঢ়াৰ দৰেই আজিও সম্পাদকীয় প্ৰথম পঢ়িলো৷ অতি সুন্দৰ উপস্থাপন৷ বহুত ভাল লাগিল

    Reply
  • AURAVINDA GOSWAMI

    বৰ্ত্তমান সময়ৰ এক গুৰুতৰ সমস্যাৰ বিষয়ে সুন্দৰ আৰু আকৰ্ষণীয় ৰূপত ‘সম্পাদকীয়’ পৃষ্ঠাটি সজাই তুলিলে।’কিতাপ’ আৰু ‘অধয়ণ’ এই দুয়োটা শব্দৰ সৈতে ‘মানসিক শান্তি’ বোলা কথাষাৰ সদায় জড়িত আছিল আৰু থাকিব।বৰ আনন্দিত হ’লো ‘সম্পাদকীয়’ পৃষ্ঠা পঢ়ি—-এইবাবেই যে এইখিনি মোৰ মনৰো কোনো এক নিভৃত কোণত উকমুকাই থকা কথা।’অভিনন্দন’ জনালো।

    Reply
  • তৃষ্ণা বৰা।

    বৰ ভাল লাগিল ।এসময়ত কিতাপ নাথাকা মানুহৰ ঘৰলৈ ময়ো যাব বিচৰা নাছিলোঁ ।পৰীক্ষা দি পেহী হতৰ ঘৰত থাকিব যাওঁতে লগতে কিতাপ দুখন মান লৈ যাওঁ ।টিং কল ,চান্দমামা ,সফুঁৰা আদি ইমানেই কিনিছিলো কিতাপৰ দোকানীয়ে বন্ধু বুলি মাতিছিল ।এতিয়াও ঘৰত কিতাপ পঢ়াৰ পৰিবেশটো আছে।
    ভাল লাগিল সচাই ।

    Reply
  • স্মৃতি ফুকন

    চিয়াঁহীৰ মহাসাগৰ লৈ আমাৰ উত্তৰ সুৰী ক লৈ যোৱাটো আমাৰেই কৰ্তব্য। কল্পনাৰ পৃথিৱীত বিচৰণ কৰিব নোৱাৰা শৈশৱ সঁচাকৈ দুখৰ। অতি সুন্দৰ অনুভৱ।

    Reply
  • অনুৰূপ মহন্ত

    সুন্দৰ বিষয় উপস্থাপন কৰিছে। সঁচাকৈ আজিৰ প্ৰজন্মক কিতাপৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ প্ৰয়োজন বহুত বেছি হৈ পৰিছে বুলি মইও ভাবো।

    Reply
  • Gitimoni puri

    খুব সুন্দৰ অনুভৱ । সম্পাদকীয় টো পঢ়ি নিজৰ মনৰ কথাৰে ই প্ৰতিফলন দেখা যেন লাগিল । যান্ত্ৰিক পৃথিৱীত আমিও যন্ত্ৰৰ দৰে হৈ প ৰিছো। ভাল লাগিল ।

    Reply
  • দেবজিত শৰ্মা

    খুব সৰল ভাষাত সুন্দৰকৈ উপস্থাপন কৰিলে কথাখিনি ৷ ভাল লাগিল পঢ়ি ৷

    Reply
  • Rocktabh Kumar Das

    “পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ হৈছে চিয়াঁহীৰ মহাসাগৰ”, সৰল ভাষাত কি যে এক গভীৰ কথা! ভাল লাগিল আপোনাৰ সম্পাদকীয়ৰ আহ্বান….

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা।

    বৰ ভাল লাগিল। সুন্দৰ আৰু সাবলীল উপস্থাপন।

    Reply
  • গায়ত্ৰী গোস্বামী অধ্যাপক

    সুন্দৰ সাৱলীল প্ৰকাশৰ সম্পাদকীয়ই সময়োপযোগী বাৰ্তা বহন কৰিছে । কিতাপৰ বাৰ্তা।চিয়াঁহীৰ সাগৰৰ খবৰ দিয়া সম্পাদকলৈ আন্তৰিক অভিনন্দন

    Reply
  • Pronob das

    পঢ়ি ভাল পালোঁ ।

    Reply
  • সুন্দৰ সম্পাদকীয়।

    Reply
  • ডলী তালুকদাৰ

    বৰ ভাল লাগিল সম্পাদকীয় পঢ়ি।

    Reply
  • Rimzim Rima

    খুৱেই ভাল লাগিল পঢ়ি। নতুন প্ৰজন্মক কিতাপৰ প্ৰতি আগ্ৰহী কৰাটো আমাৰ কৰ্তব্য..ল’ৰাটোক কিতাপ পঢ়ি শুনাও যদিও কেতিয়াবা এলাহত সাধু নকৈ শোৱাৰ সময়ত t.v. চাব দিওঁ..আজিৰ পৰা যিমান পাৰি এলাহ কমাই ল’ৰাক কিতাপৰ প্রতি আকৰ্ষিত কৰিবলৈ যত্ন কৰিম।😊

    Reply
  • Mitali Saharia

    খুব ভাল লাগিল দাদা ….

    Reply
  • ঈশান

    এটা অতি গুৰুত্বপূৰ্ণ বিষয় আৰু সেই সন্দৰ্ভত সম্পাদকৰ নিজা উপলব্ধি । ভাল পালোঁ পঢ়ি । কিতাপ পঢ়িবলৈ প্ৰেৰণা যোগাব এই সম্পাদকীয়টোৱে ।

    Reply
  • মানসী বৰা

    পঢ়ি আপ্লুত হ’লো..সৰল ভাষাত এটি গভীৰ বিষয়..অভিনন্দন আৰু লগতে ধুনীয়া সংখ্যাটিৰ বাবে কৃতজ্ঞতা…

    Reply
  • পংকজ বৰবৰা

    সম্পাদকীয় টোৱে ‘ফটাঢোল’ আলোচনী খনৰ লগতে সম্পাদকৰ মৰ্য্যদা বৃদ্ধি কৰিছে।ধন্যবাদ।

    Reply
  • Niharikac Saikia

    সমযোপযোগী সম্পাদকীয।।

    Reply
  • Attrayee Goswami

    সুন্দৰ সম্পাদকীয়৷পঢ়ি বৰ ভাল পালোঁ৷

    Reply
  • চৈয়দা চেমিন ইছলাম

    সুন্দৰ সম্পাদকীয়ৰ সৈতে সুন্দৰ আলোচনী খন উপহাৰ দিয়াৰ বাবে অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।💐💐

    কিতাপ পঢ়াৰ অভ্যাস আৰু আহ্বানৰ বাবে আপোনাৰ শলাগ লৈছোঁ।
    সুন্দৰ আৰু সময়োপযোগী লিখনিৰে সমৃদ্ধ সম্পাদকীয়টো পঢ়ি অভিভূত হ’লোঁ।

    Reply
  • সচাকৈয়ে দাদা বৰ্তমানৰ শিশু সকলক কিতাপৰ প্ৰতি আগ্ৰহী কৰাটো গুৰুত্ব দিয়াৰ সময় সমাগত। সম্পাদকীয়টো পঢ়ি ভাল লাগিল দাদা।

    Reply
  • Dimpirani Gogoi

    খুউৱ সুন্দৰকৈ বৰ্ণনা কৰিলে দাদা | পঢ়ি উপকৃত হ’লো |

    Reply
  • Pahi Gogoi

    মনোগ্ৰাহী, সম্পাদকীয় লেখাটো। বহুতেই ধুনীয়া হৈছে ৷ বিশেষকৈ শিশুসকলৰ বাবে কোৱা কথাখিনি কামত আহিব ৷

    Reply
  • খুব ধুনীয়া বাৰ্তা এটা দিলে সম্পাদকীয়টোৰ জৰিয়তে।ভাল লাগিল পঢ়ি দাদা।

    Reply
  • Papari Barman

    সম্পাদকীয় পঢ়ি বহুত ভাল লাগিল ৷ লগতে শিশুসকলৰ বিষয়ে কোৱা কথাখিনিৰ দ্বাৰা মই উপকৃত হলোঁ ৷ আপোনাৰ কলমৰ সোৱাদ সদায়ৰ দৰে অনন্য ৷ ভাল লাগিল সম্পাদকীয় পঢ়ি ৷

    Reply
  • অনুৰাধা দেৱী ৷

    সুন্দৰ সম্পাদকীয়ৰে এখন সুন্দৰ আলোচনী উপহাৰ দিলে ৷ বহুত ভাল লাগিল ৷

    Reply
  • কুলেন চন্দ্ৰ দাস।

    পঢ়ি আছো। ভাল লাগিছে।

    Reply
  • হিৰণ্যজ্যোতি দাস

    আলোচনীখন পঢ়ি উঠি শেষত আপোনাৰ সম্পাদকীয় পঢ়িলো ৷ এখন সৰ্বাংগ সুন্দৰ আলোচনী উপহাৰ হিচাপে পাঠকলৈ আগবঢ়োৱাৰ বাবে আপোনাক অভিনন্দন জনালোঁ ৷ সম্পাদকীয়ৰ কথাখিনি পঢ়ি ভাল পালো ৷

    Reply
  • সংগীতা শৰ্মা

    পাৰ্থ খুব সুন্দৰ হৈছে সম্পাদনা। আশা ৰাখিছোঁ ‘ফটাধলে ‘ খ্যাতিৰ শিখৰ পাই যেন। শুভাকামনাৰে
    সংগীতা।

    Reply

Leave a Reply

Your email address will not be published.