ফটাঢোল

সম্পাদকীয়–যোগেশ ভট্টাচাৰ্য্য

কিছু আঁত নোহোৱা কথাৰ আঁত ধৰি৷

তৃতীয় শ্ৰেণীৰ শ্ৰেণীকোঠা। বিষয় নীতিশিক্ষা। সময় দুই বাজি পোন্ধৰ মিনিট৷ বাইদেউৰ অলপ টোপনি ধৰা যেন লাগিছে। ধৰিবৰ কথাও। দিনটো চিঞৰি চিঞৰি পাঠদান কৰাৰ পিছত দুপৰীয়া সামান্য অৱসাদ ভাৱ অহাটো স্বাভাৱিক।

“তোমালোকে আজি মোক সাধু শুনাব লাগিব। কোনে পাৰিবা হাত ডাঙা।”

মই পিছফালে ঘূৰি নাচালোঁ। একেজাঁপে বেঞ্চৰ পৰা উঠি হাত ডাঙি দৌৰি গৈ বাইদেউৰ ওচৰ পালোঁ। সাধু ক’বলৈ ঘূৰি লৈ দেখিলোঁ পোন্ধৰ বিশখন ডাঙি থোৱা হাত লাহে লাহে নামি গৈছে৷

“এটা হৰিণা আছিল আৰু এটা বাঘ আছিল। এদিন হৰিণাটোৱে ….”

পাঁচমিনিট পিছত হাততালিৰে শ্ৰেণীকোঠা ৰজনজনাই গ’ল। হয়তো সেই মুহূৰ্তত বাইদেউৰো টোপনি ভাঙি গৈছিল।

দ্বাদশ শ্ৰেণীৰ শ্ৰেণীকোঠা। বিষয় অৰ্থনীতি বিজ্ঞান৷ সময় দহ বাজি ত্ৰিশ মিনিট। ছাৰে বস্তুৰ চাহিদা আৰু যোগানৰ সম্পৰ্ক বুজাই আছে।

“বস্তু এটাৰ দাম আৰু চাহিদা এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। কথাষাৰ বুজাই কোৱা।”

এই বিষয়টোৰ ওপৰত মোৰ অলপ ধাৰণা আছিল। চাহিদা বাঢ়িলে দাম কমে আৰু দাম কমিলে চাহিদা বাঢ়ে। লগতে উপভোক্তাৰ অৱস্থায়ো ক্ৰিয়া কৰে। এবাৰ ঘূৰি চালোঁ কোনোবাই উত্তৰ দিয়ে নেকি। নাই, সকলোৱে মোৰ দৰেই মুকবধিৰৰ দৰে বহি আছে। ভাবিলোঁ এবাৰ উঠি দিওঁ নেকি! নুঠিলোঁ। এহ, বাদ দিয়াহে। আন কোনোবাই ক’ব। কোনেও নক’লে ছাৰে কৈ দিব। মই শুদ্ধ উত্তৰ দিলে কোনোবাই মোক মালা পিন্ধাব নে অট’গ্ৰাফ ল’বলৈ ঠেলা-হেঁচা কৰিব? আৰু যদি ভুল হয়৷ তেতিয়াতো হাঁহিয়াতৰ পাত্ৰ হ’ম ন? এহ বাদ দিলোঁ যাহ। উত্তৰটো গম পামেই অলপ পিছত।

তৃতীয় শ্ৰেণীত দৌৰি গৈ সাধু কোৱা ল’ৰাটো, দ্বাদশ শ্ৰেণীৰ জানিও উত্তৰ নিদিয়া ল’ৰাটোৰ মাজত পাৰ্থক্য কোনখিনিত? বহুত ভাবি চিন্তি উত্তৰ পালোঁ এদিন। কৈ আছোঁ অলপ পিছত।

প্ৰায় ২০১২ চন মানৰপৰা ফেচবুক ব্যৱহাৰ কৰি আহিছো‌ঁ। কিয় কৰিছোঁ? কাৰণ সকলোৱে কৰিছে। ময়ো কৰিছোঁ। ফটো দিছোঁ। মানুহে ভাল বুলিছে। কবিতা যেন লগা কিবাকিবি ভুলে শুদ্ধই লিখিছোঁ, মানুহে লাইক কমেণ্ট দিছে। আৰু মোক যিয়ে লাইক কমেণ্ট দিছে ময়ো তেওঁলোকক লাইক কমেণ্ট দিছোঁ। কৌতুক এটা লিখি ৰাতি পোষ্ট কৰি পুৱাই উঠি চাইছোঁ লাইক, কমেণ্ট কিমান আহিছে। প্ৰথমে কম, পিছলৈ অলপ বেছি। মানে কথাটো এনেকুৱা নেকি যে লাইক কমেণ্টৰ বাবেহে লিখিলোঁ মই? সকলোৱে লাইক কমেণ্টৰ বাবেহে লিখিছে নেকি তাৰমানে?

ফেইচবুকত লেখকে তৎক্ষণাত সঁহাৰি পায়। ভাল সঁহাৰিয়ে পুনৰ লিখিবলৈ উৎসাহ দিয়ে। সঁহাৰি নাপালেও ডিলিট কৰি দিয়াৰ বিকল্প এটা থাকেই যিহেতু বৰ এটা চিন্তাৰ কাৰণ নাই। ফলত লিখিব নাজানো বুলি ভাবি কাকতে পত্ৰই নিলিখা মানুহৰ পৰাও দুই-এশাৰী ওলাই এদিন গল্প, প্ৰবন্ধ, কবিতাৰ ৰূপ লয়গৈ। এইযে দুলাইন কোনোবাই লিখিলে, তাৰপৰা সাহিত্যৰ বা সাহিত্যিকৰ সৃষ্টি হওক বা নহওক, অন্ততঃ পঢ়িব পৰা কিছু লেখাৰ সৃষ্টি হ’ল। সেইযে তৃতীয় শ্ৰেণীৰ ল’ৰাটো; সি দৌৰি গৈ ক’ব পাৰিছিল কাৰণ তাৰ ভুল হোৱাৰ ভয় নাছিল, সন্মুখত বিয়াগোম সমালোচক নাছিল। আছিল মাথোন হাততালি মাৰি উৎসাহ দিবলৈ ৰৈ থকা ঠিক তাৰ দৰেই কেইটামান শিশু। কিন্তু দ্বাদশ শ্ৰেণীৰ ল’ৰাজনৰ ভুল হোৱাৰ ভয় আছিল। সেইবাবে সি সামৰ্থ থকা স্বত্বেও জুপুকা মাৰি বহি আছিল। ফেচবুকৰ লিখক এজনক সেই তৃতীয় শ্ৰেণীৰ ল’ৰাটোৰ লগত তুলনা কৰিব পাৰি যিয়ে মুকলিকৈ ৰাইজৰ আগত মনৰ ভাৱ এৰি দিব পাৰে। ৰাইজে ভাল বুলিলে ধন্যবাদ, বেয়া বুলিলে ডিলিট। সেইবুলি এইটো ক’ব নোৱাৰি যে ফেচবুকৰ লেখাসমূহৰ মানদণ্ড কম। বিগত দিনত ফেচবুকৰ পৰাই বহুতো চেলিব্ৰেটি লেখকৰ সৃষ্টি হৈছে আৰু তাৰে কেইজনমান আমাৰ ফটাঢোল গোটতো সক্ৰিয় হৈ আছে। লগতে এইটো কোৱাটোও ভুল হ’ব যে ছপা মাধ্যমে মানুহক নিৰুৎসাহিত কৰিছে, বা ছপা মাধ্যমৰ পঢ়ুৱৈৰ অভাৱ হৈছে। ভাৰ্জিনিয়া ৱউল্ফৰ কথাৰে ক’বলৈ হ’লে, প্ৰতিটো লেখাৰ বাবে নিৰ্দিষ্ট পঢ়ুৱৈ থাকে। ওলোটাকৈ ক’বলৈ হ’লে প্ৰতিজন পঢ়ুৱৈৰ বাবে লেখকে নিৰ্দিষ্ট লেখা সৃষ্টি কৰে। আজিৰ দিনত জন্মিলে ভাৰ্জিনিয়া বাইদেৱে হয়তো ক’লেহেঁতেন যে ‘টাৰ্গেট ৰিডাৰ’ আৰু পাঠৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি লেখকে থিৰাং কৰে যে তেওঁ বৈদ্যুতিন মাধ্যমত লিখিব নে ছপা মাধ্যমত লিখিব৷ ফেচবুকৰ বা যিকোনো বৈদ্যুতিন মাধ্যমৰ লিখক, লেখা আৰু পঢ়ুৱৈৰ যিটো ওতঃপ্ৰোত সম্বন্ধ আছে, ছপা মাধ্যমৰ লিখক, লেখা আৰু পঢ়ুৱৈৰো সেইটো ওতঃপ্ৰোত সম্বন্ধ আছে। সেইবাবেই দুয়োটা মাধ্যমৰ তুলনা, নাইবা ইটোতকৈ সিটো চৰা জাতীয় কথা আলোচনা কৰি বিশেষ একো ফলাফল পোৱা নাযায়। নিজৰ নিজৰ ঠাইত দুয়োটা মাধ্যমৰেই গুৰুত্ব সমান। পিচে এতিয়া সেইবোৰ কথা দীঘলীয়া নকৰোঁ।

২০১৯ চনৰ নবেম্বৰ মাহত টিভিয়ে পেপাৰে খবৰ ওলাল ক’ৰণা বুলি ভাইৰাছ এবিধ ওলাইছে চীন দেশত। পিচে আমাৰ কথা হ’ল যে “চীনত ওলাইছে আমাৰ কি যায়? আগতেও বিভিন্ন দেশত ভাইৰাছ ওলাইছে। আমাৰ একো নহয়।” কিন্তু এইবাৰ ভাইৰাছে চিধাই টেঁটু চেপি ধৰিলে আহি। মানুহবোৰ গৃহবন্দী হ’ল। ব্যৱসায় বাণিজ্যত বহুতৰ লোকচান হ’ল। দেশৰ অৰ্থনৈতিক অৱস্থাৰ অৱনতি ঘটিল। আৰু ইয়াৰ লগে লগে ক’ৰণাতকৈও মাৰাত্মক আন এক ব্যাধিয়ে মানুহক মানসিকভাবে বেমাৰী কৰি তুলিবলৈ ল’লে। সেয়া হ’ল ডিপ্ৰেচন।

বেজবৰুৱাদেৱে কৈছিল, যি হাঁহিব নাজানে সি দেৱতা অথবা চয়তান। আমি দেৱতা হোৱাৰতো প্ৰশ্নই নুঠে। গতিকে হাঁহিব নাজানিলে চয়তানৰ শাৰীতেই পৰিম নিশ্চয়। পিচে চয়তান নহ’বলৈ আমি এই হাঁহিৰ খোৰাক বিচাৰি পাম ক’ত? নিশ্চয় এখন হাস্যৰসৰ কিতাপত অথবা বৈদ্যুতিন মাধ্যমত। ইমান দিনে বৈদ্যুতিন মাধ্যমে আমাৰ জীৱনত কিমান প্ৰভাৱ পেলাই আছিল সেইটো বাদ দিলোঁ বাৰু। কিন্তু এই ক’ৰণা কালত বৈদ্যুতিন মাধ্যমৰ, বিশেষকৈ ফেচবুকৰ হাস্যমধুৰ একোটা লেখা নাইবা একোখন ই-আলোচনীয়ে যে মানুহৰ ডিপ্ৰেচন কিছু পৰিমাণে হ’লেও দূৰ কৰিছে তাক নুই কৰিব নোৱাৰি৷ পকেটত কিতাপ এখন লৈ ফুৰিব নোৱাৰি, কিন্তু মোবাইলটো হাততে থাকে সকলোৰে। এটা নটিফিকেচনৰ শব্দ অহাৰ লগে লগে আপুনি সষ্টম হৈ পৰে। যোৱাকালি লিখা দুই শাৰীত কোনোবাই এটা লাইক দিছে হয়তো। নাইবা সুন্দৰ হৈছে বুলি কমেণ্ট দিছে। অথবা আপুনি কাৰোবাৰ হাস্যৰসিক কথা দুশাৰী পঢ়ি প্ৰাণ খুলি হাঁহিছে। সেইখিনি হয়তো‌ ওচৰত বহি থকা এজনক কৈছে। আপুনি এটা কমেণ্ট দিছে। সেইটোৰ ওপৰত আৰু এটা কমেণ্টেৰে আপুনি ৰিপ্লাই দি গৈছে। কমেণ্ট আহি আছে। ৰিপ্লাই দি গৈছে। আৰু তেনেদৰে এটা সময়ত আপুনি পাহৰি গৈছে যে আপুনি কিবা এটা কথাক লৈ পুৱাৰ পৰাই অশান্তিত ভুগি আছিল৷

মানুহে কয় ফেইচবুকৰ পৃথিৱীখন ভাৰ্চুৱেল পৃথিৱী। তাত সকলো কল্পনাতে উটি-ভাঁহি ফুৰে। বাস্তৱ পৃথিৱীখন জটিল৷ আৰে চাওক না, যদি ভাৰ্চুৱেল পৃথিৱীত আপুনি আনন্দ পাইছে, তাত অসুবিধা কি আছে? যদি ভাৰ্চুৱেল বন্ধুবোৰৰ কথাই আপোনাক আমোদ দিছে, আপোনাৰ ডিপ্ৰেচন দূৰ কৰিছে, তাত অসুবিধা কি আছে? এনেও আপোনাৰ মূৰটো কান্ধত লৈ আপোনাক নিচুকাবলৈ আজিৰ দিনত যে কোনোবা ওলাব তাত সন্দেহ আছে। যদি আপুনি জীৱনটো ভাৰ্চুৱেল পৃথিৱীত কটাই দিব পাৰে! গোটেই জীৱনটো নোৱাৰিব অৱশ্যে। মাজে মাজে‌ খাবলৈ, শুবলৈ, উপাৰ্জন কৰিবলৈ বাস্তৱ পৃথিৱীলৈ আহিবই লাগিব৷ তাৰ বাহিৰে বাকীখিনি সময় যদি আপুনি ভাৰ্চুৱেল মানুহৰ মাজত, ভাৰ্চুৱেল পৰিধি এটাৰ মাজত কটাই দিব পাৰিছে, অসুবিধা কিবা আছে নেকি? এইখিনিতে এটা হিন্দী গান মনত পৰিছে। “পল ভৰ কে‌ লিয়ে কই হমে প্যাৰ কৰ লে। ঝুঠা হি চহি।” ফেইচবুকত মিছাকৈ হ’লেও কোনোবাই আপোনাৰ ফটো এখনত যদি ‘বিউটিফুল’ বা ‘হেণ্ডচম্’ বুলি কমেণ্ট এটা‌‌ দিয়ে, তেতিয়া আপুনি হেৰুৱাবনো কি? পিচে মিছা বুলি গম নোপোৱালৈকে সকলো কথাই সঁচা। যি মিছাই সুখ দিয়ে সি দুখ দিয়া সঁচাতকৈ বেছি মধুৰ।

বৈদ্যুতিন মাধ্যম হ’ল এখন ষ্টেজ যাৰ সন্মুখত অগণন দৰ্শক সকলো সময়ত বহি আছে আপোনাক চাবলৈ। আপুনি মাত্ৰ নিজকে উলিয়াই দিব লাগে। ঠিক তৃতীয় শ্ৰেণীৰ ল’ৰাটোৰ দৰে। আপুনি লিখক মই পঢ়িম। মই নপঢ়িলে আন কোনোবােই পঢ়িব। আপুনি নাচক, মই চাম। কোনোবাইতো চাবই। আপুনি বেয়া নাচে, আপুনি বেয়া গায়। পিচে আপোনাতকৈও বেয়া নচা বা গোৱা কোনোবাইতো আপোনাক ভাল বুলিব। আমি শুনিম, হাততালি মাৰিম। যি মন যায় কৰা মানুহ যদি আছে যি মন যায় তাকে চোৱা মানুহো আছে। সকলো ধৰণৰ প্ৰডাক্টৰে ক্ৰেতা থাকে। আপোনাৰ বাবে অদ্ভুত ডিজাইনৰ চাৰ্ট এটা হয়তো কাৰোবাৰ ফেভৰিট। ঠিক আপোনাৰ দৰে এজনৰ বাবেই হয়তো কোনোবাই বহুদিন অপেক্ষা কৰি আছে। আপুনি মাত্ৰ পৰ্দাৰ আঁৰৰপৰা ওলাই আহিব লাগে। তেনেহ’লে ডিপ্ৰেচন কিহৰ?

সামৰণি মাৰোঁ বুলি ভাবোঁতেই ৰবাৰ্ট ব্ৰাউনিঙৰ কবিতা এটালৈ মনত পৰিল। ‘The Last Ride Together’ প্ৰেমিকাৰ পৰা প্ৰত্যাখিত হৈ কবিয়ে কল্পনা কৰিছে যে প্ৰেমিকা তেওঁৰ লগতেই আছে। তেওঁৰ দুবাহুৰ মাজত শুই আছে। তেওঁৰ হাতত হাত ধৰি পৃথিৱী ভ্ৰমণ কৰি ফুৰিছে। মানে কবিৰ মনোভাৱটো আমাৰ অসমীয়া খাৰখোৱা জিভাৰে ক’লে এনেধৰণৰ হ’ব যে‌, “তই মোৰ লগত থাক নাথাক তোৰ কথা; কিন্তু মই তোৰ লগত ঘূৰি ফুৰাৰ কথাই ভাবিম। ভাবিলে কিনো কৰিবি তই?” কবিয়ে কৈছে যে গোটেই জীৱনটো প্ৰেমিকাৰ লগত ঘূৰি ফুৰাৰ কল্পনা কৰি সুখ ল’ব পাৰিলে সঁচাসঁচি প্ৰেমিকাৰ কি দৰকাৰ? সঁচা প্ৰেমিকাগৰাকীক নিজৰ নিয়ন্ত্ৰণত ৰখাটোও জটিল। কিন্তু কবিৰ কল্পনাৰ প্ৰেমিকা কবিৰ একান্ত বাধ্য।

তেনেহ’লে আপুনিও যেনেকৈ ভাল দেখে তেনেকৈ নিজৰ ভাৰ্চুৱেল পৰিচয় এটাৰ সৃষ্টি কৰকচোন। আপুনি যাৰ লগত থাকি ভাল পায়, যাৰ লগত কথা পাতি ভাল পায়, তাৰ লগতে ভাৰ্চুৱেল সম্পৰ্ক গঢ়ি তোলকচোন। অৱশ্যে ভাৰ্চুৱেল আৰু বাস্তৱ পৃথিৱীৰ মাজত সম্পৰ্ক স্থাপন কৰিবলৈ গ’লে আপোনাৰ বিপদ হ’ব পাৰে। সেইখিনি মনত ৰাখি আপোনাৰ ভাৰ্চুৱেল পৃথিৱীখনত আপুনি নিজেই ৰজা/ৰাণী হওকচোন। ডিপ্ৰেচন আপোনা-আপুনি নাইকিয়া হ’ব৷

চলিত বছৰৰ বহাগৰ আগমুহূৰ্তত দেখা দিয়া ক’ৰণা মহামাৰীয়ে আমাক সকলোকে ঘৰত সোমাই থাকিবলৈ বাধ্য কৰালে। যি ৰঙৰ উৎসৱ বিহুৱে অসমীয়া জাতিক সুকীয়া পৰিচয় দিয়ে, সেইটো এইবাৰ পালন কৰা নহ’ল। সেইবুলি আমি জাতিৰ পৰিচয় হেৰুৱাই পেলাম নেকি? গৰমৰ বন্ধত ফুৰিবলৈ গৈ দেহ-মন সতেজ কৰিবলৈও পোৱা নাই এইবাৰ আমি। সেইবুলি আমি নিস্তেজ হৈ যাম নেকি? শিক্ষাৰ্থীসকলে বিদ্যালয়লৈ যাব পৰা নাই, সেইবুলি একো নিশিকাকৈ আছে নেকি? সকলো আগৰ দৰেই আছে, মাত্ৰ কিছুমান পদ্ধতি সলনি হৈছে। আমি ন ন উপায় উদ্ভাৱন কৰিছোঁ। আমি শিকিছোঁ, আমি নিজকে খাপ খুৱাবলৈ চেষ্টা কৰিছোঁ পৰিস্থিতিৰ লগত। সলনি হোৱাটো যেনেকৈ প্ৰকৃতিৰ ধৰ্ম, খাপ খাই বৰ্তি থকাটোও জীৱজগতৰ ধৰ্ম। পৰিস্থিতি সলনি হোৱাৰ বাবে দুখ কৰি মানসিক অশান্তি ভোগাৰ সলনি নিজে সলনি হোৱাৰ চেষ্টাইহে আশাৰ জোৱাৰ আনে। আশাই মানুহক এদিন বেছিকৈ জীয়াই থকাৰ হেঁপাহ যোগায়।

সঁচা কথা ক’বলৈ হ’লে লকডাউনৰ আৰম্ভণিতে ময়ো সামান্য অস্বস্তিত ভুগিছিলোঁঁ৷ সময়খিনি কিহত খটুৱাওঁ? সদায় সময়বোৰ হাতৰ মুঠিৰপৰা ওলাই গৈ আছিল। তেতিয়াই এই ফটাঢোল গোটত অলপ বেছি সময়ৰ বাবে সক্ৰিয় হ’বলৈ ল’লোঁ৷ দেখিলোঁ ইয়াতচোন এখন বেলেগ পৃথিৱী আছে। যি ধৰণৰ ধেমেলীয়া কথা বতৰা চলি আছে যেন মহামাৰীৰ কথা কোনেও একো গম পোৱাই নাই। সকলো নৰ্মেল হৈ আছে। তেতিয়া উপলব্ধি কৰিলোঁ যে ইয়াতে সোমাই থাকিলেচোন অযথা চিন্তা ভাৱনাবোৰৰপৰা কিছুসময়ৰ বাবে দূৰৈত থাকিব পাৰি। লাহে লাহে সক্ৰিয় হোৱাৰ সময় বাঢ়ি গ’ল আৰু লাহে লাহে নিজেও হোৱাই নোহোৱাই দুই এটা লেখা লিখিবলৈ আৰম্ভ কৰিলোঁ। পাহৰি থাকিলোঁ যে মই ঘৰৰ ভিতৰত অসহায়ভাবে বন্দী হৈ আছোঁ। ভাৰ্চুৱেল পৃথিৱী হ’লেও মই ঘূৰি ফুৰিবলৈ সুবিধাকণতো পালোঁ। বাস্তৱ পৃথিৱীত বন্দী হৈ থকাতকৈ সি বহুগুণে ওপৰত। তেল নাইকিয়া মাৰ্চিডিজ এখনতকৈ আটোম-টোকাৰীকৈ ৰখা চাইকেল এখনৰ মূল্য নিশ্চয় অধিক। পিচে তেতিয়া জনা নাছিলোঁ যে সাময়িকভাবে মনটোক ফুচুলাই ৰাখিবলৈ মই সোমাই থকা এই হাস্য-ব্যংগ গোটটো ফেচবুক পৃথিৱীৰ এক সমাদৃত গোট আৰু এইটোও ভবা নাছিলোঁ যে আজি আপুনি আগ্ৰহেৰে পঢ়িবলৈ মেলি লোৱা সম্পাদকীয়টো মোৰ কলমেৰে নিৰ্গত হ’ব। এনেধৰণৰ এটা জনপ্ৰিয় গোটৰ সম্পাদক হৈ মই কিমান গৰ্বিত সেয়া নিলিখোঁঁ কাৰণ সেইখিনি বহু দীঘলীয়া হ’ব আৰু এই গোটটোৱে অসমীয়া ভাষা আৰু ব্যংগ সাহিত্যৰ বাবে কিমান অৰিহণা যোগাইছে সেয়াও বহলাই নিলিখোঁ কাৰণ আপুনি সেয়া জানে বাবেই আগ্ৰহেৰে আলোচনীখন হাতত লৈছে।

এইবেলি শাৰদীয়া দুৰ্গাপূজা আগৰবাৰৰ দৰে উলহমালহেৰে পালন কৰিব পৰা যাব নে নাযাব সেয়া সন্দেহৰ আৱৰ্তত৷ কিন্তু সেইবুলি আপোনাক দুৰ্গাপূজাৰ শুভেচ্ছা নিদিম নে?

দিনবোৰ অনুকূল হওক, মনবোৰ সুদৃঢ় হওক, আশাবোৰে আকাশ চুব নোৱাৰিলেও, পাখি মেলি উৰি ফুৰক। তাৰেই কামনা কৰি মনৰ কথাখিনি সামৰিলোঁ।

জয় অসমী আই
জয়তু ফটাঢোল

ধন্যবাদ

যোগেশ ভট্টাচাৰ্য্য

 

 

 

55 Comments

  • সুকুমাৰ গোস্বামী

    অতি প্ৰাসংগিক সম্পাদকীয়। ভাল লাগিল।

    Reply
  • বৰ ধুনীয়া কথাবোৰ! সম্পাদকীয় পঢ়ি বৰ ভাল লাগিল৷ শৈলী বৰ সুন্দৰ৷

    Reply
  • মানসী বৰা

    খুবেই ভাল লাগিল সম্পাদকীয়টো ।অভিনন্দন আৰু লগতে দূৰ্গাপূজাৰ শুভেচ্ছা আমিও যাচিলোঁ

    Reply
  • Gourisankar Sarmah

    দীঘল সম্পাদকীয়টো পঢ়িলোঁ। ভাল লাগিল। সময় সাপেক্ষ সম্পাদকীয়

    Reply
  • যাযাবৰ

    বৰ ধুনীয়াকৈ বুজাই দিলে দাদা । ভাল পালো

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    খুব ভাল লাগিল সম্পাদকীয়টো৷ পঢ়ি মুগ্ধ হ’লোঁ৷

    Reply
  • Anonymous

    সময়োপযোগী সম্পাদকীয়। ভাল লাগিল পঢ়ি ।

    Reply
  • Partha Pratim Sarmah

    পঢ়িলোঁ মৰমৰ ভাৰ্চুৱেল দাদা।

    Reply
    • - Jogesh Bhattacharyya

      ধন্যবাদ ভাৰ্চুৱেল ব্ৰাদাৰ

      Reply
  • Sankar Jyoyi Bora

    বৰ ভাল পালো পঢ়ি৷নিজৰ মনৰে কথা একদম৷
    আলোছনীৰ সুন্দৰ সংখ্যাটোৰ বাবে অশেষ ধন্যবাদ,লগতে অভিনন্দন৷

    Reply
    • - Jogesh Bhattacharyya

      বহুত ধন্যবাদ শংকৰদা।

      Reply
  • ৰিণ্টু

    সময়োপযোগী আৰু অতি প্ৰাসংগিক সম্পাদকীয়। খুব ভাল লাগিল যোগেশ

    Reply
    • - Jogesh Bhattacharyya

      বহুত ধন্যবাদ দাদা।

      Reply
  • Anonymous

    ১৯৯০ লৈ ঘূৰি গৈ ভাল লাগিল, ২০ৰ ফালে আহিও ভাল লাগিল৷ বৰ্তমান পৰিস্হিতিয়েহে বৰ দুখ দিলে৷ ভাল দিনবোৰ ঘূৰি আহক তাকেই বাঞ্চা কৰিলোঁ

    Reply
  • অতি প্ৰাসংগিক আৰু সময়োপযোগী সম্পাদকীয় ৷ বৰ ভাল লাগিল ৷ পুণৰবাৰ অভিনন্দন ৷

    Reply
    • - Jogesh Bhattacharyya

      ধন্যবাদ নীলাক্ষী বা

      Reply
  • ডলী তালুকদাৰ

    বৰ ধুনীয়া সম্পাদকীয়। ভাল লাগিল।

    Reply
  • বন্দিতা

    ধুনীয়া,,,, ভাল লাগিল,,,,

    Reply
  • জয়ন্ত দাস

    বাঃ বৰ সুন্দৰ সম্পাদকীয়৷ সময়োপযোগী৷

    Reply
  • Bhaskar Jyoti Sarma

    ভাল লাগিল দেই👌

    Reply
  • চন্দন

    ভাল লাগিল

    Reply
  • খুউব সুন্দৰ বিশ্লেষণাত্মক আৰু সময়োপযোগী আৰু তত্ত্বগধুৰ লেখাৰ একলম । পঢ়ি বৰ ভাল লাগিল দেই । আপোনালোকৰদৰে ব্যক্তিৰ সান্নিধ্যই বাস্তৱ দুখ বহুত পাতলীয়া কৰে । শেষত শাৰদীয় শুভেচ্ছা আৰু মৰম জনালোঁ যোগেশ দা । আপোনাৰ অনুৰোধ ৰাখি লেখা এটা দিব নোৱাৰিলোঁ তাৰবাবে ক্ষমাপ্ৰাৰ্থী ।

    Reply
    • - Jogesh Bhattacharyya

      বহুত ধন্যবাদ। অহাবাৰলৈ আশা কৰিলো আপোনাৰ পৰা।

      Reply
  • সুন্দৰ মেগাজিনখনৰ বাবে ধন্যবাদ আপোনাক! সম্পাদকীয়ও সুন্দৰ হৈছে

    Reply
  • সুন্দৰ লাগিল

    Reply
  • আদিত্য

    সুন্দৰ সম্পাদকীয় । ভাল লাগিল ।

    Reply
    • - Jogesh Bhattacharyya

      ধন্যবাদ আদিত্য দা

      Reply
  • কাবেৰী মহন্ত

    বৰ ভাল লাগিল সম্পাদকীয়৷ সময়োচিত আৰু সুন্দৰ বিশ্লেষণ৷
    শাৰদীয় শুভেচ্ছাৰে

    Reply
    • - Jogesh Bhattacharyya

      ধন্যবাদ কাবেৰী বা

      Reply
  • নীলাঞ্জনা

    সুন্দৰ সম্পাদকীয়! আৰু মূলা লহপহীয়ায়েই আছিল সৰুৰে পৰা যেন লাগিছে৷ বৰ ভাল লাগিল পঢ়ি৷

    Reply
    • - Jogesh Bhattacharyya

      ধন্যবাদ নীলাঞ্জনা বা

      Reply
  • হেমন্ত কাকতি

    সুন্দৰ সম্পাদকীয়৷ ভাল লাগিল যোগেশ

    Reply
  • ভাস্কৰজ্যোতি দাস

    অতি সুন্দৰ৷ আৰু প্ৰসংগিক সম্পাদকীয়৷ বৰ ভাল লাগিল পঢ়ি৷

    Reply
  • সুন্দৰ সম্পাদকীয়, বৰ ভাল লাগিল।

    Reply
  • পঙ্কজ লোচন দাস।

    চাৰ ‌‌‌পঢ়ি ভাল লাগিল। নিজৰ ভাষাত এনেকে‌ পঢ়ি হাহিব পালে‌ আৰু‌ আগ্ৰ বাঢ়ে। ☺️☺️

    Reply
  • বাগ্মিতা

    বৰ ধুনীয়া মনোগ্ৰাহী সম্পাদকীয় যোগেশ।

    Reply
  • সংগীতা

    বৰ ভাল লাগিল। একদম বাস্তৱিক কথা লিখিলে।

    Reply
  • ভাল পালোঁ সম্পাদকীয়।

    Reply

Leave a Reply

Your email address will not be published.