ফটাঢোল

সাম্প্ৰতিক: সম্পাদকৰ একলম– শ্ৰী ৰক্তাভ কুমাৰ

* জীৱন তোক বৰ ভাল পাওঁ *

পৰিস্থিতি – ১

প্ৰশান্ত মহাসাগৰৰ বিশাল বক্ষত এটি জনপ্ৰাণীহীন দ্বীপত যদি দুৰ্ভাগ্যক্ৰমে আপুনি অকলশৰীয়া দিন কটাবলগীয়া হয়! তেন্তে কি কৰিব?

পৰিস্থিতি – ২

আপুনি এজন অন্তৰ্মুখী ব্যক্তি। আধুনিক সমাজখনৰ জীৱন-প্ৰণালীৰ লগত আপুনি একাত্মতা ৰাখিব পৰা নাই। গতিকে এই সকলোবোৰৰ পৰা আঁতৰত গৈ স্ব-ইচ্ছাই নিজৰ ঘৰ-দুৱাৰ এৰি, পৰিয়াল-বন্ধুবৰ্গৰ সান্নিধ্যৰ পৰা বহু নিলগত প্ৰকৃতিৰ মাজত অকলশৰীয়াকৈ এটি দুঃসাহসিক জীৱন কটোৱাৰ আপুনি হেঁপাহ ৰাখিছে।

প্ৰথম পৰিস্থিতিত ভয় নাখাব। এয়া যদি আপোনাৰ লগতো হয় তেন্তে তাৰ লগত কেনেদৰে মোকাবিলা কৰিব সেই কথাটোকেই চলচ্চিত্ৰৰ আকাৰত ‘টম হেংক্স’ৰ যোগেদি ইতিমধ্যে ‘কাষ্ট এৱে’ চিনেমাখনত দেখুওৱা হৈছে। জীয়াই থকাৰ অদম্য হেঁপাহ আৰু পৰিয়ালৰ প্ৰতি থকা অকৃত্ৰিম মৰমে তেখেতক পৰিস্থিতিৰ লগত যুদ্ধ কৰি প্ৰায় চাৰিবছৰ কাল অকলশৰে সেই নিৰ্জন দ্বীপটোত অতিবাহিত কৰাৰ শক্তি দিছিল। সেই কালছোৱাত তেওঁ এটি ভলীবলক ‘ৱিলছন’ নাম দি সেইটোৰ ওপৰত চকু-মুখ আঁকি এটা জীৱন্ত ৰূপ প্ৰদান কৰিছিল। বাস্তৱক কল্পনাৰে পৰাজিত কৰি পুনৰ বাস্তৱলৈ ঘূৰি অহাৰ এই সমস্ত প্ৰক্ৰিয়াটোত তেওঁৰ চিৰলগৰী আছিল সেই ভলীবলটো। তেওঁ বলটোৰ লগত কথা পাতিছিল, কাজিয়া কৰিছিল, অভিমান কৰিছিল, মৰম কৰিছিল আৰু কি নকৰিছিল! হেংক্স আৰু প্ৰাণহীন ভলীবলটোৰ মাজৰ মানৱপ্ৰদত্ত সমস্ত আৱেগ-অনুভূতিৰ এক জীৱন্ত দলিলৰ সাক্ষী আছিল সেই নিৰ্জন দ্বীপটো। অৱশেষত এদিন এটি ধুমুহাৰ কৱলত পৰি ৱিলছনে হেংক্সক এৰি মহাসাগৰৰ বিশাল বুকুত হেৰাই গৈছিল। হেংক্স সিদিনা কান্দোনত ভাগি পৰিছিল, কিন্তু ভাগ্যক্ৰমে সমুদ্ৰপৃষ্ঠৰ ওপৰেৰে চলাচল কৰা কোনোবা এখন বাণিজ্যিক জাহাজৰদ্বাৰা তেওঁক সেই দ্বীপটোৰ পৰা উদ্ধাৰ কৰা হৈছিল।

টম হেংক্সৰ জৰিয়তে আমি চিনেমাখনত দেখিবলৈ পোৱা আটাইতকৈ ভাল লগা আৰু তাৰ পৰা শিকিবলগীয়া কথাটো হ’ল যিমানেই বেয়া পৰিস্থিতিত আমি আৱদ্ধ নহওঁ কিয়, যিমানেই অকলশৰীয়া হৈ নপৰো কিয় ধৈৰ্য্য শক্তিৰ দ্বাৰা নিজৰ মাজতেই সেই পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰা উপায় আমি নিজে উলিয়াই ল’ব পাৰোঁ। “চেল্ফ ইজ য়’ৰ বেষ্ট ফ্রেণ্ড” ধাৰণাৰ যোগেদি নিজৰ মনোজগতত সোমাই থকা বিভিন্ন চৰিত্ৰৰ মাজৰ পৰা আটাইতকৈ ভাল চৰিত্ৰ এটা বাছনি কৰি জীৱন-সংগ্ৰামত আগবাঢ়িবলৈ সেইটোকেই জীৱন্ত ৰূপ দিয়া কথাটোৱে এইটোৱেই প্ৰমাণ কৰে যে জীয়াই থকাৰ হাবিয়াস থকা মানুহে কি কৰিব নোৱাৰে! হয়, মানুহ অকলশৰে জীয়াই থকা অসম্ভৱ; সংগী লাগে মত-বিনিময় কৰাৰ বাবে। যদি কোনো সংগী নাপায় তেন্তে নিজেই নিজৰ সংগী হওক। কোনোবাই আপোনাক পাগল অভিহিত কৰিব পাৰে, কিন্তু সেই পাগলামিয়ে যদি কাৰো অনিষ্ট বা অপকাৰ কৰা নাই তেন্তে সেয়া গ্রহণযোগ্য। চাৰ্ফ এক্সেলৰ বিজ্ঞাপনত কোৱা “দাগ অচ্ছে হে”ৰ লেখীয়া ইয়াতো “পাগলামি অচ্ছে হে।”

———————

এতিয়া আহিছোঁ দ্বিতীয় পৰিস্থিতিলৈ। সাধাৰণতে অন্তৰ্মুখী ব্যক্তিসকলক সমাজত অন্য মানুহতকৈ কিছু পৃথককৈ চোৱা যায়। বৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা অন্তৰ্মুখী আৰু বহির্মুখী ব্যক্তিসকলক শৰীৰৰ অন্তৰ্ভাগত থকা ৰসায়নৰ পৰিমাণৰ ভিত্তিত যদিও বিবেচনা কৰা যায়, কিন্তু বাস্তৱিকতে সাধাৰণ মানুহ হিচাপে আমি সিহঁতক ব্যৱহাৰিক ভিত্তিতহে শ্ৰেণীবিভাজন কৰোঁ, যিটো ব্যক্তিগতভাৱে মই ভাবোঁ এটা ডাঙৰ ভুল। এজন অন্তৰ্মুখী ব্যক্তি এজন বহির্মুখী ব্যক্তিৰ সমানেই সপ্ৰতিভ, কিন্তু নিজস্ব শৈলীৰে। তেওঁ নিজানত কাম কৰি ভাল পায়, বেছি জনপ্ৰবাহ থকা ঠাইৰ তুলনাত নিজৰ বাছনিকৃত মানুহৰ মাজত থাকি সন্তুষ্টি অনুভৱ কৰে। এনেকুৱাও নহয় যে অন্তৰ্মুখী ব্যক্তিসকলে মানুহৰ লগত সহজ হ’ব নোৱাৰে, তেওঁলোকেও পাৰে কিন্তু যদিহে তেওঁলোকক সেই পৰিস্থিতিটোৰ লগত খাপ খাবলৈ পৰ্যাপ্ত সময় প্ৰদান কৰা হয়।

ক্ৰিষ্টোফাৰ নোলানো এনেকুৱা এজন অন্তৰ্মুখী যুৱক আছিল যিয়ে বিভিন্ন কাৰণত সামাজিক পৰিস্থিতিৰ লগত নিজক খাপ খুৱাব নোৱাৰি ঘৰ-দুৱাৰ, পৰিয়াল-বন্ধুবৰ্গক এৰি বিভিন্ন ঠাই ঘূৰি, বিভিন্ন ব্যক্তিৰ সান্নিধ্যত আহি অৱশেষত প্ৰকৃতিৰ মাজত দিন কটাইছিল। তাত তেওঁ এখন জৰাজীৰ্ণ বাছ আৱিষ্কাৰ কৰি সেইখনক ‘মেজিক বাছ’ নাম দি তাৰ ভিতৰতেই প্ৰকৃতিৰ লগত একাত্ম হৈ দিন কটাইছিল। কিন্তু ঘৰৰ পৰা অকলে তেনেকৈ ওলাই আহি জনঅৰণ্যবিহীন ঠাই এখনত তেনেদৰে দুঃসাহসিক সময় কটাবলৈ অহাতো জানো তেওঁৰ শুদ্ধ সিদ্ধান্ত আছিল! যেতিয়া তেওঁ জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হ’ল, তেতিয়া তেওঁ বুজি পালে আচলতে তেনেকৈ গুচি আহি তেওঁ এটা ভুল কামেই কৰি পেলালে। প্ৰকৃততে নোলানে নিজৰ মাজতে সময় কটাব বিচাৰিছিল, যিটো তেওঁ নিজৰ ঘৰখনত বা তেওঁ বসবাস কৰা সমাজখনত বিচাৰি পোৱা নাছিল আৰু তাৰ বাবে দায়ী সম্পূৰ্ণকৈ নোলান নহয়, আচলতে তেওঁ বসবাস কৰা মানুহখিনিৰ তুলনাত তেওঁ ভুল তেনেই নগণ্য।

জন ক্ৰেকৰৰ ‘ইনটু দ্য ৱাইল্ড’ কিতাপৰ আধাৰত নিৰ্মিত একেই নামৰ চিনেমাখনৰ জৰিয়তে আমাক এইটো চিন্তা কৰিবলৈ বাধ্য কৰোৱা হৈছে যে অন্তৰ্মুখী ব্যক্তিয়ে আমি কোৱা আৰু বিচৰা ধৰণৰ ‘স্বাভাৱিক’ জীৱন এটা কিয় জীয়াই থাকিব নোৱাৰে! ভালদৰে চালি-জাৰি চালে এটা কথা স্পষ্টকৈ ওলাই পৰিব যে প্ৰকৃততে আমি যিটো কৰোঁ আনেও আমাৰ লগত সেই একেখিনি কৰাটো আমি বিচাৰোঁ। যিটোৰ দ্বাৰা আমি এচামৰ মস্তিষ্কৰ ওপৰত চাপৰ সৃষ্টি কৰোঁ আৰু সেইটোৰ জৰিয়তে মানুহজনক অজানিতে এনেকুৱা কিছুমান কাম কৰিবলৈ বাধ্য কৰাই তোলোঁ‌ যিটো চাগে আমাৰ লগতে সেই ব্যক্তিজনৰো কল্পনাৰ বাহিৰত আছিল!

ব্যক্তিগত ইচ্ছা, চিন্তা আৰু সম্পাদনাৰ বৃত্তৰ পৰিধি এটা সকলো মানুহৰেই থাকে। সেই পৰিধিটোক আমি যদি পাৰস্পৰিকভাৱে সন্মান প্ৰদৰ্শন কৰি চলোঁ‌ আৰু ইজনে সিজনক উৎসাহ প্ৰদান কৰি যাওঁ তেন্তে নিশ্চয়কৈ সেয়া দুয়োপক্ষৰ মানুহৰ বাবে ভাল। এইটোৰ দ্বাৰা অন্তৰ্মুখী ব্যক্তিজনৰো দৃঢ়তা অটুট থাকে আৰু সেই ব্যক্তিজনৰ লগত জড়িত অন্যান্য ব্যক্তিসকলেও সুস্থ সামাজিক বান্ধোন এটাৰ লগত আগবাঢ়ি যাব পাৰে।

“To show confidence doesn’t mean you have to go out and mix with crowds…

To show confidence, it may be that you choose to be alone. Psychology is all about not what you do but why.”

আত্মহত্যা এতিয়াৰ সমাজত এটা সুলভ দৃশ্য। আত্মহত্যা কিয় কৰে মানুহে? ইয়াৰ পৰিস্থিতি যদিও ভিন্ন উত্তৰ কিন্তু একেটাই, ‘মানসিক চাপ’। সেই চাপৰ কাৰক পোনপটীয়াকৈ বা আওপকীয়াকেই হওক ‘মানুহ’। ইয়াক ৰোধ কৰাৰ উপায় আছেনে! নিশ্চয় আছে; নিৰ্মূল কৰাৰ উপায় আছেনে নাজানোঁ, কিন্তু ৰোধ কৰাৰ উপায় এশ শতাংশই আছে। কিন্তু এইক্ষেত্ৰত যিজন ব্যক্তিৰ মগজুত তেনেকুৱা ধৰণৰ চিন্তাই বাহ লয় সেই ব্যক্তিজনৰ কৰণীয়হে তাৎপৰ্যপূৰ্ণ। লগতে সেই ব্যক্তিজনৰ লগত সম্পৰ্কিত অন্যান্য ব্যক্তিসকলে নিজৰ নিজৰ চৰিত্ৰ কেনেদৰে ৰূপায়ণ কৰে সেইটোৰ ওপৰতো নিৰ্ভৰশীল। ব্যক্তি এজনৰ চাৰিত্ৰিক বৈশিষ্ট্যত যদি কেতিয়াবা অস্বাভাৱিকতা আহি পৰা কাৰোবাৰ দৃষ্টিগোচৰ হয়, তেন্তে তেওঁক সংগ দিয়ক, কথা পাতক, সমস্যাৰ বুজ লৈ কৌশলতাৰে তেওঁক ধনাত্মক দিশত গতি কৰাবলৈ চেষ্টা কৰক আৰু যদি সেইটোৱে কাম নিদিয়ে তেন্তে মনোবৈজ্ঞানিক বা মনোচিকিৎসকৰ লগত কথা পাতক।

আমাৰ সমাজৰ এটা অত্যন্ত তুচ্ছ চিন্তা হৈছে যে মনোচিকিৎসক বা চাইকিয়াট্ৰিষ্টৰ ওচৰত যোৱা মানে মানসিক ৰোগী। যদি সূক্ষ্মভাৱে অধ্যয়ন কৰোঁ, তেন্তে এটা কথা বুজাত আমাৰ কষ্ট নহ’ব যে আমি প্ৰতিজন ব্যক্তিয়েই আচলতে একো একোজন মানসিক ৰোগী। দেহৰ ৰোগক যেতিয়া মনত থিতাপি ল’ব দিওঁ, তেতিয়াহে আমি দুৰ্বল হৈ পৰোঁ, অচল হৈ পৰোঁ। নহ’লেনো থমাছ আলভা এডিচন, এলবাৰ্ট আইনষ্টাইনৰ দৰে বিজ্ঞানীয়ে ‘এপিলেপচি’ৰ নিচিনা বেমাৰত আক্ৰান্ত হৈ থকাৰ পিছতো বিজ্ঞান ক্ষেত্ৰত ইমান ডাঙৰ ডাঙৰ অৱদান আগবঢ়াই যাব পাৰেনে!

জীয়াই থকাৰ বাবে মানুহক প্ৰেৰণাৰ দৰকাৰ আৰু সেই প্ৰেৰণা ভিন্নজনে ভিন্নপ্ৰকাৰে লোৱাৰ অধিকাৰ আছে। যদি ব্যক্তিবিশেষ প্ৰেৰণা আপুনি লাভ কৰা নাই, তেন্তে বস্তুবিশেষ প্ৰেৰণা লভাৰ চেষ্টা কৰক। যদি সেইটোও হৈ উঠা নাই, তেন্তে নিজেই নিজৰ প্ৰেৰণা হওক আৰু জীৱনযুদ্ধত আগবাঢ়ি যাওক ‘কাষ্ট এৱে চিনেমাখনৰ টম হেংক্সৰ নিচিনাকৈ।

‘ইনটু দ্য ৱাইল্ড’ৰ নোলান হ’বলৈ আমি কাকো বাধ্য কৰাতো উচিত নহয়। যথাসাধ্য প্ৰেৰণাৰে ‘ইনটু দ্য ক্ৰাউড’ৰ মাজতেই নিজস্ব দুনীয়া এখন গঢ়াৰ সুযোগ প্ৰদান কৰাটোতহে জীৱনৰ প্ৰকৃত সুখ সোমাই থাকে, কিয়নো প্ৰতিজন ব্যক্তিৰ জীৱন অকল তেওঁৰ জীৱন নহয়। তেওঁৰ লগত অন্য কেইবাজনো ব্যক্তিৰ জীৱন তাত জড়িত হৈ থাকে। গতিকে আমি ক’ব পাৰোঁ,

“জীৱন এটা বিক্ৰিয়া য’ত আমিবোৰ উপাদান আৰু অনুঘটক।”

*****

* মব-লিঞ্চ্ কৰাসকলৰ সমীপেষু *

“মৃত্যু এক শিল্প, স্ৰষ্টাজনেই ইয়াৰ শিল্পকাৰ…”

তোমালোক জানো সেইজন স্ৰষ্টা, যিয়ে মৃত্যু নামৰ শিল্পটোক অকালতে মানুহ এজনৰ পাৰ্থিৱ শৰীৰত অংকন কৰা! সৃষ্টিকৰ্তাজনৰ পৰা সেই অধিকাৰটো এনেদৰে কাঢ়ি লোৱাৰ সাহস ক’ত পালা? সমস্ত মানৱ জাতিয়ে তোমালোকক ঘিণ কৰে, তোমালোকে জানানে? তোমালোকৰ প্ৰাণৰ নিলামি চলে, গম পোৱানে কথাটো? বাটে-পথে গোটেই ৰাইজ ওলাই আহে তোমালোকৰ বৰ্বৰতাক ধিক্কাৰ দিবলৈ, তোমালোকৰ অমানুষিকতাক থুৱাবলৈ! কিয় কৰা এনেকুৱা তাৰ কিবা যথোচিত উত্তৰ আছেনে তোমালোকৰ তাত? কি লাভ পোৱা এইবোৰ কৰি উপলব্ধি কৰিব পাৰানে বাৰু? তোমালোকৰ মগজু নথকা বুলি মই নকওঁ, বিবেক নথকা বুলিও মই ক’ব নাযাওঁ, মানুহৰূপে জন্ম পাইছা যেতিয়া মানুহৰ সকলোখিনি গুণ জন্মসূত্ৰেই লাভ কৰিছা। কিন্তু কিয় এবাৰো এইটো ভাবিব নোৱাৰা যে প্ৰাণ লোৱাৰ অধিকাৰ তোমালোকক কোনেও দিয়া নাই! ভাল আৰু বেয়াৰ মাজৰ সেই পাৰ্থক্যখিনি কিয় এবাৰো বুজিব নোৱাৰিলা? নে চেষ্টাই নকৰিলা? হৃদয় নাই জানো তোমালোকৰ? বাৰু, তোমালোকে নিজক মানুহ বুলি ভাবানে? মানুহক যে জীৱশ্ৰেষ্ঠ আখ্যা দিয়া হয় তোমালোকে জানানে? এয়াই নেকি জীৱশ্ৰেষ্ঠৰ শ্ৰেষ্ঠতা! নৃশংসতাৰ চানেকিৰে জীৱশ্ৰেষ্ঠৰ পৰিচয় দিয়া এনেকুৱা মানুহক কি কোৱা হয় জানানে তোমালোকে? ‘বৰ্বৰ’, ‘আদিম’, ‘দানৱ’ ইত্যাদি উপনামেৰে বিভূষিত কৰা হয়, গম পোৱা? শুনিবলৈ ভাল লাগে জানো? মোৰ দেখোন নালাগে! ময়ো তোমালোকৰ নিচিনাই তেজ-মঙহেৰে গঠিত এজন যিয়ে নিজক মানুহৰ শাৰীতেই পৰোঁ বুলি ভাবোঁ!

এই অসমখনত কোনোবা চোৰাং চিকাৰীৰ হাতত এটা গঁড় নিধন হ’লেই ৰাইজে চকুলো টুকে। ৰাজপথেৰে গৈ থাকিলে কʼৰবাত এটা গৰু বা ছাগলী বা কুকুৰ এটা গাড়ীৰ খুন্দাত মৰি থকা দেখা পালেই ‘ইচ ৰাম!’ বুলি সুঁৱৰি দুখৰ অভিব্যক্তি প্ৰকাশ কৰে! কোনোবাক অজানিতেই হওঁক শাৰীৰিক বা মানসিক আঘাত দিয়া বুলি অনুভৱ কৰিলে অনুশোচনাত ভূগে! তেনেকুৱা এখন ঠাইত বাস কৰি, তেনেকুৱা মানুহৰ সংস্পৰ্শত থাকি তোমালোকে কেনেকৈ ইমান ডাঙৰ অপৰাধ এটা কৰি পেলাব পাৰা? ইমান হৃদয়হীন হৈ কেনেকৈ প্ৰাণ ল’ব পাৰা অ’? উপলব্ধি কৰিব চেষ্টা কৰিবা এবাৰ, তোমালোকৰ মুহূৰ্তৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলাফল কি হ’ব ধৰিছে? তোমালোকৰ এটা নীচ কামৰ কাৰণে কিমানজন নিৰীহে আজি ভয়ত দিন কটাবলগীয়া হৈছে, নিজৰ জন্মভূমিত স্বাধীনভাৱে বিচৰণ কৰিবলৈও সংকোচ কৰিবলগীয়া হৈছে! উমান কৰিব পাৰিছানে? এনেই আমাৰ মাজত ভ্ৰাতৃত্ববোধৰ অভাৱ হ’বলৈ ধৰিছে দিনে দিনে, তাৰ মাজত এনেকুৱা এটা অভাৱনীয় কাম সম্পাদন কৰি মানুহৰ মাজত ইতিমধ্যে বাঢ়ি অহা ব্যৱধানটোত ইন্ধন যোগোৱাৰ সাহস কেনেকৈ কৰিব পাৰা!

কোনো মাতৃৰ বুকু উদং কৰি, কোনো পিতৃক নিজৰ জীৱিতকালত নিজ পুত্ৰৰ চিতাৰ জুই দেখুৱাই কি লাভ কৰিব পাৰা কিবা উত্তৰ আছে জানো তোমালোকৰ হাতত? তোমালোকৰো চাগে সেই মানুহবোৰৰ নিচিনাকৈ একো একোটা পৰিয়াল আছে! এবাৰ যদি নিজক সিহঁতৰ ঠাইত এক মিনিটৰ কাৰণে ৰাখি ভাবি চালাহেঁতেন! এবাৰ যদি সিহঁতৰ দেহত তোমালোকে দিয়া আঘাতৰ দুখ উপলব্ধি কৰিলাহেঁতেন! এবাৰ যদি সিহঁতৰ পৰিয়াল আৰু তোমালোকৰ পৰিয়ালৰ মাজত নিজৰ ভিতৰতেই মনস্তাত্বিক সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিলাহেঁতেন, তেতিয়া চাগে হৃদয়ঙ্গম কৰিব পাৰিলাহেঁতেন যে প্ৰাণ লোৱাৰ অধিকাৰ স্ৰষ্টাজনৰ বাহিৰে আন কাকো দিয়া হোৱা নাই। নিজৰ জীৱনৰ মায়া সকলোৰে কাৰণে সমানে অমূল্য, হয়তো সেইখিনি সময়ত তোমালোকে এবাৰো বুজিবৰ চেষ্টা নকৰিলা। বন্য আনন্দত মতলীয়া হৈ তোমালোকে হয়তো পাহৰি যোৱা যে এজন মানুহৰ জীৱন বহু জীৱনকেন্দ্ৰিক।

সৌ সিদিনা তোমালোক কেইজনমান মানুহৰূপী দানৱে দুজন নিৰীহক মনেসজা ধৰণে অপৰাধী সাজি মাৰি পেলালা, যাৰ বিচাৰ আজিকোপতি চলিয়েই আছে। এই নিকৃষ্টতম কাণ্ডৰ জৰিয়তে আজি তোমালোকৰ অঞ্চলটোৰ লোকসকলকো যে অনাহক ঘৃণাৰ পাত্ৰ হ’বলগীয়া কৰি পেলালা উপলব্ধি কৰিব পাৰিছানে? তোমালোক কেইজনমানৰ কাৰণে গোটেই অঞ্চলটোৰ সকলোখিনি মানুহক যে আজি সমগ্ৰ অসমবাসীয়ে বিশ্বাসত ল’বলৈ টান পাইছে, বুজিব পাৰিছানে? পাৰিবানে সেই বিশ্বাস ঘূৰাই আনি দিব? মানসিকভাৱে সকলোকে যে ভাঙি পেলালা ভাবি চাব পৰা শক্তি আছেনে তোমালোকৰ? তোমালোকৰ দৈহিক শক্তিৰ উমান বাৰু আমি সকলোৱে পাই গ’লো! কিন্তু বন্ধু, দৈহিক শক্তিৰে জানো মানুহৰ মন জয় কৰিব পাৰিবা? তোমালোকে এটা কাণ্ড সংঘটিত কৰি মুহূৰ্তৰ ক্ৰোধ আৰু আৱেগক দমন কৰিব নোৱৰাৰ ফল, আচলতে দমন কৰিব চেষ্টা নকৰাৰ ফল, কি হ’ল দেখিলা! দুটা পৰিয়ালৰ সপোনবোৰ ভাঙি পেলালা, সিহঁতৰ আৱেগ-অনুভূতিবোৰক অস্বাভাৱিক কৰি তুলিলা, সিহঁতক জীয়াই জীয়ায়েই মাৰি পেলালা! তোমালোকে অকল দুটা প্ৰাণ লোৱাই নহয়, দুটা প্ৰাণৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হেজাৰজনক মানসিকভাৱেও হত্যা কৰিছা। এইবোৰক জানো স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পাৰিবা, সামৰ্থতা আছে জানো তোমালোকৰ?

নিৰীহৰ প্ৰাণৰ লগত ৰং খেলাৰ ফল দেখিলা এতিয়া! ৰাইজ ওলাই আহিছে, তোমালোকৰ কাৰণে শাস্তিৰ দাবী জনায়। এয়া ভাল মানুহৰ প্ৰতি মৃত্যুৰ পিছতো জনোৱা সহযোগিতা, এয়াহে মানৱতা। নিঃসন্দেহে তোমালোক শাস্তিৰ চৰম যোগ্য, কিন্তু প্ৰাণে মৰা শাস্তি তোমালোকৰ কাৰণে বহুত কম হ’ব। আচলতে তোমালোকে জীয়াই থাকি চোৱা আৰু নিজৰ ভিতৰত ঘৃণাৰ আৱেশ উপলব্ধি কৰি চোৱা। আশা কৰোঁ এই আৱেশ ইমানেই তীব্ৰ হওঁক যাতে তোমালোক মানসিকভাৱে শেষ হৈ যোৱা, যাতে তোমালোকৰ অৱস্থা দেখি আন কোনোৱে বিনা দোষত কোনো ব্যক্তিৰ জীৱনক লৈ এনেকুৱা ঘৃণনীয় খেল খেলিবলৈ সাহস নকৰে। ময়ো নিবিচাৰো হিংসাৰে বা প্ৰতিশোধপৰায়ণতাৰে এখন সমাজৰ লোকৰ কিবা অন্যায় হওঁক। তোমালোকৰ শাস্তি আইনৰ আওতাত হওঁক আৰু এনেকুৱা শাস্তি হওঁক যাতে ইতিহাস তাৰ সাক্ষী হৈ ৰয়……

যদি ব্যক্তি এজন সঁচাকৈ অপৰাধী হয়, তেন্তে তাৰ শাস্তি আইনৰ আওতাত হওঁক। পুলিচ-প্ৰশাসনৰ প্ৰচেষ্টাত হওঁক। ম’ৰেল পুলিচ সমাজৰ এক ব্যাধি, এই কথাটো বুজি চলিব পৰাজনহে প্ৰকৃততে এজন সুস্থ মানুহ। ৰাজ্যত বৰ্ধিত হাৰত হৈ থকা ম’ৰেল পুলিচিঙে মানুহৰ মাজত অপৰাধপ্ৰৱণতা বঢ়াই তুলিছে আৰু এয়া অকল অসম মুলুকৰ কথা নহয়, দেশৰ প্ৰায় আটাইবোৰ ৰাজ্যৰেই এটা চিন্তনীয় বিষয় এতিয়া।

*****

* উপসংহাৰ : দুৰ্গা পূজা আৰু ট্ৰেফিক *

” শাৰদী ৰাণী

তোমাৰ হেনো নাম

তুমি মোৰ নিচেই আপোন

সদ্যস্নাতা ৰূপহী মোৰ

পুৱতী নিশাৰ সপোন ……”

শৰৎ কাল নামি অহাৰ লগে লগে, কঁহুৱা ফুলাৰ আৱেশত মোৰ মনত ডঃ ভূপেন হাজৰিকাদেৱৰ এই কালজয়ী গীতটোৱে আহি মন-প্ৰাণ ভৰাই তোলে। কি সুন্দৰ পৰিৱেশ চাৰিওফালে! বতৰৰ পৰিৱৰ্তন, চৌপাশৰ মাদকতাই মন-প্ৰাণ ভৰাই তোলে। শেৱালিৰ গোন্ধই ৰাতিপুৱাটো কৰি তোলে সুন্দৰ আৰু সতেজ। তাৰ মাজতেই দেৱী দুর্গাৰ আগমন! অপাৰ শক্তি, সৌন্দৰ্য্য আৰু ঐশ্বৰ্য্যৰ অধিকাৰিণী দেৱী দুৰ্গাৰ আগমনত চাৰিওফালে উৎসৱৰ আনন্দত সকলো মতলীয়া। মহালয়াৰ আনন্দ, বেদীত দেৱীৰ প্ৰতিষ্ঠা, সপ্তমীৰ পৰা নৱমীলৈ দেৱীৰ আৰাধনা আৰু শেষত দশমীত দেৱী বিসৰ্জন। এই আটাইকেইটা দিনতেই আমাৰ আনন্দৰ সীমা নাই। কিন্তু দেৱী বিসৰ্জনৰ পিছত অলপ হ’লেও মনটো বেয়া লাগে।

সৰুৰে পৰা পূজাস্থলীলৈ মাহঁতৰ লগত অথবা বন্ধুবৰ্গৰ লগত প্ৰতিবছৰে গৈ আছোঁ। পৰিৱেশটো ভাল লাগে, মানুহ চায়ো ভাল লাগে। কিন্তু তাৰ মাজতো যেন কিবা এটাই মনত খেলিমেলি লগাই থাকে! আগতে পূজা মণ্ডপৰ সংখ্যা সৰহ নাছিল, সেয়েহে যান-জঁটৰ সৃষ্টিও বৰ বেছি হোৱা নাছিল। কিন্তু বছৰ বাগৰাৰ লগে লগে ব্যক্তিগোট কিছুমানৰ প্ৰতিযোগিতামূলক মনোভাৱৰ বাবে পূজা মণ্ডপৰ সংখ্যাও বৰ্ধিত ক্ৰমত বিস্তাৰ গৈছে, ফলত যান-জঁটৰ সৃষ্টিয়ে নিয়ন্ত্ৰণ হেৰুৱাই পেলাবলগীয়া অৱস্থালৈ আহি গৈছে। পূজা হৈছে সমন্বয়ৰ প্ৰতীক, তাৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ সুমুৱাই সাধাৰণ ৰাইজৰ অসুবিধা হোৱা ধৰণৰ ফলাফল ওলাব পৰা কথাটো চিন্তা কৰি পূজাৰ আনন্দত নিজৰ লগতে বেলেগক চামিল কৰাব পৰাটোহে আচল কথা। অত্যাধিক পূজা মণ্ডপে অকল যান-জঁট সৃষ্টি কৰাই নহয়, শব্দ প্ৰদূষণ, পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰতো সমানেই দায়ী। তদুপৰি অৰ্থ ব্যয়ৰ কথাটোতো আছেই।

এইটো কথাও মই স্বীকাৰ কৰোঁ যে এনেকুৱা আয়োজনৰ ফলত কিছুমান দিন-হাজিৰা কৰা লোকে দুপইছা বেছিকৈ উপাৰ্জন কৰিব পাৰে। কিন্তু ধনাত্মকতাৰ তুলনাত ঋণাত্মকতাৰ ভৰ এইক্ষেত্ৰত বেছি হোৱা যেন অনুভৱ হোৱাতহে মই কথাখিনি উপস্থাপন কৰিলোঁ। প্ৰশাসনে এই ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰি যাতে সমস্ত প্ৰক্ৰিয়াটোৰ ওপৰত আলোকপাত কৰি এটা ফলপ্ৰসূ দিশ নিৰ্ধাৰণ কৰে তাকেই কামনা কৰিছোঁ।

শেষত সকলো পাঠকলৈ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভকামনা জনাই সকলোৱে যাতে ‘ফটাঢোল’ আলোচনীৰ অক্টোবৰ মাহৰ ‘শাৰদীয় বিশেষ’ সংখ্যাটো অন্যবাৰৰ নিচিনাকৈয়ে আঁকোৱালি লয়, সেই আশাৰে সম্পাদকীয়ৰ কলমৰ মোখনি মাৰিছোঁ।

ৰক্তাভ কুমাৰ দাস

সম্পাদক,

ফটাঢোল ই-আলোচনী

তৃতীয় বছৰ, চতুৰ্থ সংখ্যা

☆★☆★☆

34 Comments

  • Mridula

    সুন্দৰ সম্পাদকীয় ।

    Reply
  • ঈশান

    সুন্দৰ সম্পাদকীয় । অন্তৰ্মুখিতাৰ বিষয়টো খুব মননশীল হৈছে । ছবিকেইখনৰ নাম উল্লেখ কৰাৰ বাবে ধন্যবাদ ৰক্তাভ। চাব লাগিব ।

    Reply
  • Rimjhim Borthakur

    খুউব ভাল লাগিল সম্পাদকীয় পঢ়ি। অভিনন্দন ৰক্তাভ।

    Reply
  • ৰিণ্টু

    সুন্দৰ আৰু সময়োপযোগী সম্পাদকীয় ৰক্তাভ, ভাল লাগিল।

    বাকী আলোচনী পঢ়িব আৰম্ভ কৰোঁ‌

    Reply
  • Nilanjana Kashyap

    বহুত ভাল লাগিল দাদা পঢ়ি

    Reply
  • অনুৰূপ মহন্ত

    সুন্দৰ হৈছে সম্পাদকীয়। বেছ চিন্তাৰ খোৰাক আছে, চিনেমা কেইখনো চাব লাগিব।

    Reply
  • অবিনাশ শৰ্মা

    সুন্দৰ ভাই৷ ভাল লাগিল

    Reply
  • সুন্দৰ হৈছে সম্পাদকীয়৷অভিনন্দন৷খুব চিন্তাকৰ্ষক লিখনি৷

    Reply
  • ৰামানুজ জি.

    যুক্তিসংগত মনোবিজ্ঞান ভিত্তিত লিখা সম্পাদকীয় বৰ ভাল লাগিল..

    পাতনিও সুন্দৰ

    Reply
  • দীপা মণি শৰ্মা

    সম্পাদকীয় ভাল লাগিল

    Reply
  • চিদানন্দ বৰা

    বৰ দীঘলীয়া সম্পাদকীয় ৷ কিন্তু বৰ গভীৰ ৷ ভাল লাগিল ৷ দীঘলীয়াকৈ সিপিঠিত মন্তব্য ৰাখিম ৷

    Reply
  • ডলী তালুকদাৰ

    ভাল লাগিল সম্পাদকীয় পঢ়ি।অভিনন্দন জনালো।

    Reply
  • Anonymous

    সুন্দৰ সম্পাদকীয়।চিনেমা কেইখন চাব লাগিব।

    Reply
  • পূৰী

    সম্পাদকীয় বৰ ভাল লাগিল

    Reply
  • পূৰৱী

    সম্পাদকীয় বৰ ভাল লাগিল

    Reply
  • সম্পূৰ্ণা

    পঢ়ি ভাল লাগিল। জীৱনে কেতিয়া কি ৰূপ লয়, একো বুজিব নোৱাৰি। নিজৰ মাজত নোলানোক পোৱা যেন লাগিছে। কৰ’বাত যেন অকলে থাকিম! যেন জীৱশ্ৰেষ্ঠ হিচাপে জীয়াই থাকিম সমাজৰ পৰা বহু দূৰৈত। সেই হেপাহে কেতিয়াবা আত্মহত্যাৰ কথাও মনলৈ আনে। তথাপি যেন ক’ম – “জীৱন বৰ অনুপম!”

    Reply
  • Anonymous

    অতি গভীৰ সম্পাদকীয়৷ ভাল লাগিল৷

    Reply
  • Bhaskar Jyoti Sarma

    অভিনন্দন ৰক্তাভ। লিখনিটোৱে মন মগজুৰ বহু কেইটা কোনত টুকুৰিয়াই গৈছে। বৰ সুন্দৰ সম্পাদকীয় এটা পঢ়িলো।

    Reply
  • গীতিমল্লিকা গগৈ

    ভাল লাগিল ৰক্তাভ।

    Reply
  • সম্পাদকীয় পঢ়ি ভাল পালো৷ অভিনন্দন ৰক্তাভ৷ সুন্দৰকৈ সম্পাদকীয় লিখিলা৷

    Reply
  • অভিজিত কলিতা

    সুন্দৰ সম্পাদকীয়। এখন সৰ্বাংগসুন্দৰ আলোচনীৰ ধন্যবাদ।

    Reply
  • পূৰ্ণানন্দ শৰ্মা

    মোৰ দৰে মানুহ বিলাকৰ বাবে এই সম্পাদকীয়টো ‘মেকালভিট ইনজেক্সন’ ৷ অন্তৰ্মুখীতাই মোক এসময়ত বৰ মনোকষ্ট দিছিল ৷ আনকি কল্পনাৰ সাগৰখনৰ জোৱাৰ-ভাটাত হেৰাই যোৱাৰো উপক্ৰম হৈছিলোঁ ৷ এনে বিশ্লেষণ মই ত্ৰিশ বছৰ পূৰ্বেই পোৱা উচিত আছিল ৷ অৱশ্যে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ‘যদি তোৰ ডাক শুনে কেউ না আসে, তবে একলা চ’ল’ৰে’ মন্ত্ৰষাৰ সঞ্জীৱনী সূধা হৈ আছে ৷ এতিয়াওঁ ৷

    Reply
  • Nabajit Baishya

    সুন্দৰ

    Reply
  • HEMANTA KAKATI

    বহু কেইটা সাম্প্ৰতিক বিষয় একেলগে চুই গ’লা৷ ভাল লাগিল সম্পাদকীয় পঢ়ি৷

    অভিনন্দন ৰক্তাভ!

    Reply
  • নীহাৰিকা শইকীয়া বৰা।

    সুন্দৰ ।।

    Reply
  • Chandana Das

    বহুত তত্ত্বগধুৰ সম্পাদকীয়।পঢ়ি আপ্লুত হ’লোঁ।পৰিস্থিতি-১ ত কিজানি মোৰ ধৈৰ্য নাথাকিব।বাকী থাকিল পৰিস্থিতি -২ৰ কথা ক’বলৈ গ’লে মই নিজেই কিছু অন্তৰ্মুখী ।কিন্তু বাস্তৱৰ পৰা আঁতৰি কৰি অকলশৰীয়া জীৱন জীয়াব নিবিচাৰোঁ।মন যায় কেতিয়াবা অকলশৰীয়া জীৱন কটাৱলৈ।কিন্তু সেয়া ক্ষন্তেকীয়া।সময়ে জীৱনক দিয়া অভিজ্ঞতাই শিকালে জীৱন বৰ অনুপম,যাক এবাৰেই পোৱা যায়।সেয়ে প্ৰতিদিনে জীৱনটো উদ্‌যাপন কৰোঁ।

    Reply
  • দিগন্ত কুমাৰ ভট্টাচাৰ্য

    ভাল লাগিল পঢ়ি… চৰৈৱতি

    Reply
  • ইন্দ্ৰ মোহন বৰা

    চিত্তাকৰ্ষক…….শক্তিশালী।

    Reply
  • কৰবী খেৰকটাৰী বড়ো

    বৰ সুন্দৰ হৈছে, জীৱনমুখী ।

    Reply
  • Prodip Bora

    মনুষ্যত্বৰ উপাদানৰাজি মুকুতাৰ থোপাৰে বৰ্ণিত হৈছে ৷

    Reply
  • সুন্দৰ সম্পাদকীয় ৰক্তাভ, অভিনন্দন।

    Reply
  • ভাস্কৰজ্যোতি দাস

    অতি সুন্দৰ আলোচনী এখন সম্পাদকে উপহাৰ দিলে৷ সম্পাদকীয়ত অন্তৰ্মুখিতাৰ প্ৰসংগ অতি সাময়িক যেন লাগিল৷ সুন্দৰ সম্পাদনা, সুন্দৰ সম্পাদকীয়৷

    Reply
    • Jaydeep lahon

      সম্পাদকীয় ভাল হৈছে ।

      Reply
  • ৰক্তাভ কুমাৰ দাস

    সমূহ পাঠকবৃন্দলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আলোচনীখন আদৰি লোৱা বাবে।

    Reply

Leave a Reply

Your email address will not be published.