ফটাঢোল

সম্পাদকীয়-ৰাজশ্ৰী শৰ্মা

আৰম্ভণিতেই সকলোকে আন্তৰিক ধন্যবাদ আৰু সেৱা যাচিলোঁ। চাওঁতে চাওঁতে ইংৰাজী ২০২০ বছৰটোও অতীত হ’বলৈ আগবাঢ়িছে। গোটেই বছৰটো কেতিয়াও নজনা নুশুনা মহামাৰীৰ ভয়ত ত্ৰাসিত বিশ্ববাসীৰো মনত বছৰটো সোনকালে বিদায় দিয়াৰ হেঁপাহ, যেন বছৰটো শেষ হ’লেই অন্ত পৰিব এই মহামাৰীৰ। ক’ৰণা মহামাৰীয়ে আমাৰ কি কি ক্ষতি কৰি থৈ গ’ল, সেয়া আলোচনা কৰিবলৈ নাযাওঁ কিন্তু ভৱিষ্যতৰ পৃথিৱীখন আমি কেনেকৈ চাবলৈ বিচাৰিম বা কেনেকৈ গঢ় ল’ব তাৰ এটা আভাস দিলে এই অতিমাৰীয়ে। সুস্থ পৰিমিত এটা জীৱন, পৰিমিত আচাৰ ব্যৱহাৰ এইবোৰ আমাৰ জীৱনৰো এটা অংশ হ’বলৈ গৈ আছে। বহুত বেয়াৰ মাজতে নিশ্চয়কৈ সেয়া ভালৰে লক্ষণ।

অতি সৰু কালৰেপৰাই আমি সপোন দেখোঁ। শৈশৱত কেতিয়াবা যদি আকাশত উৰাৰ সপোন, আকৌ কেতিয়াবা কেতিয়াবা দূৰ সাগৰত পাল তৰা নাৱত উঠি গুপ্ত ধনৰ সন্ধানত যোৱা সপোন। আকাশৰ তৰাবোৰ কেনেকৈ তিৰবিৰাই থাকে, জোনবাইকনো বেজী খুজিলে কি হ’ব, এইবোৰ নিচুকনি গীতৰ মাজে মাজে জোনাকী পৰুৱা আৰু জিলিৰ মাতৰ মাজতেই শৈশৱ ব্যতিত আমাৰ বেছিখিনিৰ। বাস্তৱ আৰু কল্পনাৰ মাজৰ সূতাডাল শৈশৱতে নুবুজিছিলোঁ। সাধুকথাৰ ৰাক্ষস, ৰাজকুমাৰী, বুঢ়া-বুঢ়ী, কথা কোৱা ভেকুলী, সকলো আমাৰ বাবে আপোন আছিল। সাধুকথাত দেখি আমাৰ মাজৰেই যদি কোনোবাই নাৰিকলৰ পাতেৰে নেজ বনাইছিলোঁ, আকৌ মাৰ চাদৰখনেৰেই কোনোবাই গাটো মেৰিয়াই লৈ ৰাজকুমাৰী হোৱাৰো আখৰা কৰিছিলোঁ। দেউতাৰ উমাল এড়ী চাদৰৰ ভাঁজত সোমাই আকাশত চিনাকি কৰাই দিয়া সপ্তৰ্ষি মণ্ডল, ধ্ৰুৱ তৰা, সেইবোৰৰ লগত জড়িত আখ্যানবোৰ। তেনেকৈয়েতো গঢ় লৈছোঁ আমাৰ প্ৰজন্মৰ বেছিখিনি মানুহেই। সপোন নিজৰ ভৰিত থিয় দিয়াৰ, সপোন কালৰ বুকুত নিজৰ কিবা এটা চিহ্ন ৰাখি যোৱাৰ কিন্তু এইযে বেয়াৰপৰা ভাল, ভালৰপৰা শ্ৰেষ্ঠ, শ্ৰেষ্ঠৰপৰা শ্ৰেষ্ঠতম হোৱাৰ যুঁজ, তাৰ পথটোও মসৃণ নহয়। পদে পদে হতাশা, পৰাজিত হোৱাৰ ভয়, লোকলজ্জা ইত্যাদিৰ বাবে আমি জীৱনটোত আচলতে বহুত কৰিবলগীয়া কাম কৰা নহয়। জীৱন যাপন কৰা হয়, উদযাপন কৰিবলৈ যেন ক’ৰবাত এটা সংকোচ। নিজকে নিজে হেৰুৱাই এটি অশান্তিৰ জীৱন বাচি লওঁ আমি বেছিভাগেই, নিচা আৰু পেচাৰ তাগিদাত অনেকেই নিজৰ নিচা হেৰুৱাই পেলাওঁ। স্কুলীয়া জীৱনত গান গাই ভাল পোৱা ছোৱালীজনী হয়তো ব্যস্ত চিকিৎসক এগৰাকী হৈ পৰে, আকৌ সকলোৰে মৰমৰ ফুটবল খেলা ল’ৰাজন ব্যস্ত হৈ থাকে কোনো এক উচ্চ অট্টালিকাত চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ মেনেজাৰ হৈ৷ এইযে মনৰ তাগিদাতকৈও পেটৰ তাগিদা, পৰিয়ালৰ তাগিদা, সমাজৰ তাগিদাক আমি বেছি গুৰুত্ব দিওঁ, সেয়াই আচলতে আমাৰ প্ৰজন্মৰ মানুহখিনিৰ মূল ‘ট্ৰেজেডী’। সৰুতে আমাক ভাল মানুহ হ’বলৈ শিকোৱা হয়, ভালকৈ পঢ়ি ডাক্তৰ, ইঞ্জিনীয়াৰ, কলেজৰ অধ্যাপক হ’বলৈ কোৱা হয় কিন্তু কোনেও সেই মেধাবী ল’ৰাজনক দবা খেলিবলৈ উৎসাহিত নকৰে, কাৰণ সেয়া হেনো আজৰি পৰৰ কামহে, মুখ্য শিক্ষা নহয়। আনুষ্ঠানিক শিক্ষা আৰু খেলা-ধূলা, নাচ-গান, ছবি অঁকা আৰু বিভিন্ন ‘কো-কাৰিকুলাৰ’ শিক্ষাবোৰ যেতিয়ালৈকে একেলগে একেখন শিক্ষা-নীতিৰ আওতালৈ নাহিব, তেতিয়ালৈকে আমিও হতাশাত ভুগি থকা এদল জীৱনীশক্তি হেৰুওৱা মানুহেই পাই থাকিম চামে চামে। নাইটিংগেল চৰাইক দেখি ময়ূৰ চৰায়ে গান গাবলৈ যোৱাৰ দৰেই নিজৰ সৌন্দৰ্য্য, নিজৰ ব্যক্তিত্ব অথবা নিজৰ সৃজনীশীলতা পাহৰি অন্যক অনুকৰণ কৰি যাম আটায়ে, সকলোৰে মাজত শ্ৰেষ্ঠতম হোৱাৰ আশাত।

বহুত বছৰ আগেয়েই এখন কিতাপ পঢ়িছিলোঁ। জাপানী লেখিকা তেৎছুকো কুৰয়ানেগিৰ ‘তত্ত্ব চ্চান- খিৰিকী মুখত অকণিজনী’, তোষপ্ৰভা কলিতা ডাঙৰীয়ানীৰ দ্বাৰা অনুদিত। কিতাপখন দ্বিতীয় মহাযুদ্ধৰ সময়ৰ, এখন ৰে’লৰ ডবাত পতা প্ৰাথমিক বিদ্যালয়ৰ কাহিনী। য’ত কোনো এটা বিষয়ৰ বাবে ধৰা-বন্ধা সময় নাই, য’ত শিক্ষকো খেতিয়ক, য’ত দিব্যাংগ শিশুসকলেও একেলগে শিক্ষা গ্ৰহণ কৰিছিল আন আটাইৰে লগত। য’ত প্ৰতিটো শিশুৰ বাবেই আছে এডালকৈ বগাবপৰা নিজৰ বুলিবলৈ গছ। আজিৰপৰা সত্তৰ দশকৰ আগতেই সেইখন বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে নিজৰ সপোন এটাক নাম দিছিল সেই বিদ্যালয়খনৰ মাজেৰে। আচলতে আমি আটায়েই চাগৈ তেনেকুৱা এখন বিদ্যালয় নিজৰ নিজৰ মনত কঢ়িয়াই লৈ ফুৰোঁ। কিতাপখন পঢ়িয়েই আটাইৰে মনলৈ অহা প্ৰথম কথাটো হ’ল, আমিও যদি এনেকুৱা স্কুলত পঢ়িলোঁহেঁতেন!

কেইদিনমান আগেয়ে মোৰ জীয়ৰীক যেতিয়া কিতাপখন পঢ়ুৱাই আছিলোঁ, সাত বছৰীয়া ছোৱালীজনীৰ মুখৰপৰাও একেটা কথাই ওলাইছিল। পিচে আমি তেনেকুৱা এখন বিদ্যালয়ৰ কথা চিন্তাই কৰিব নোৱাৰোঁ। কিন্তু কিয়? আমাৰ মন মগজু সকলো ভৱিষ্যতৰ সফলতা বিফলতা লৈয়েই সংপৃক্ত নহয় জানো? তাত যেন আত্মাৰ টানটো কমি গৈছে‌! মানুহ এজন কিমান সফল সেয়া আমি তেওঁৰ ঘৰ দুৱাৰ, বেংক বেলেঞ্চ, কাপোৰ কানি চাইহে ঠাৱৰ নকৰোঁ জানো, তেওঁৰ মুখত, দুচকুত কিমান হাঁহি, কিমান প্ৰশান্তি লুকাই আছে সেয়া চাবলৈ আমাৰ সময়েইবা ক’ত! মনৰ শান্তিৰ বাবে আজি আমি চ’ছিয়েল মিডিয়াত সময় কটাইছোঁ, কোনোবা দিনা আজৰি সময়ত কোনো এক অত্যাধুনিক ৰিৰ্জটলৈ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগৰ বাবে গৈছোঁ, ধুনীয়া ধুনীয়া ফটো উঠিছোঁ, আকৌ চ’ছিয়েল মিডিয়াত দিছোঁ কিন্তু আমাৰ মাজৰ কিমানে বাৰু সেই প্ৰাকৃতিক সৌন্দৰ্য্যখিনিৰ লগত একাত্ম হৈছোঁ? বা নিজৰ ঘৰতেই এখন কিতাপ পঢ়ি উঠি বা এখন চিনেমা চাই উঠি জীৱনসংগীৰ লগত আলোচনা কৰিছোঁ নে ভাল বেয়াবোৰ? “তেওঁ সেইবোৰ নুবুজে বা তাই মোক বুজিয়েই নাপায়” এই দুটা কথা আওৰায়ে লাহে লাহে যেন আঁতৰি আহিছোঁ ইজনৰপৰা সিজন। কাৰণ? সময়ৰ অভাৱ, সংসাৰৰ ব্যস্ততাৰ অজুহাত। অকলশৰীয়া দ্বীপ হৈ আটায়ে থাকি ৰৈছোঁ অসুখী হৈ আৰু আমি বিচাৰোঁ আমাৰ ল’ৰা ছোৱালীয়ে আমাক বুজক, আমাৰ সপোনবোৰ পূৰণ কৰক।

নিজৰ সপোন কেৱল নিজৰ, সন্তানৰো নহয়, জীৱনসংগীৰো নহয়। আধৰুৱা সপোনবোৰ, আশাবোৰ, কামবোৰ নিজেই পালন কৰক, তাৰবাবে অন্যক টানিবলৈ যোৱাটো ভুল। আমাৰ দৰে নতুন অভিভাৱকসকলৰ সেয়াই কৰণীয়। শিশু এটাক সকলো পিনৰপৰা সুবিধা দি, আদৰ কৰি, টোপ এটাও নপৰাকৈ ডাঙৰ কৰি পিছত মোৰ ল’ৰাই নিজে চাহকাপো বনাব নাজানে বুলি কোৱাত নিশ্চয় একো গৌৰৱ নাই। আজি কিছুদিনৰ আগেয়ে শিক্ষা ক্ষেত্ৰত অতি মেধাবী ছোৱালী এজনীয়ে এখন সাধাৰণ প্ৰ-পত্ৰ পূৰণ কৰিব নোৱাৰাক লৈ কওঁতে মাকগৰাকীয়ে গৰ্বিত স্বৰেৰে কৈছিল, “আমাৰ মাজনীক আমি সেইবোৰ কাম কৰিবলৈ ডাঙৰ কৰা নাই।” কিন্তু সেইটো কথাৰ দ্বাৰা নিজৰ যে ক্ষতি কৰি আছে সেয়া বুজাবলৈ চেষ্টা কোনোবাই কৰিছেনে?

আত্মনিৰ্ভৰশীল মানুহ এজন এদিনতে নহয়। সৰুৰেপৰা ভাতখিনি নিজে খোৱা, নিজৰ বিছনাখন নিজে ঠিক কৰি লোৱা নিজৰ আত্মবিশ্বাস এইবোৰৰ পৰাইতো আহে। এদিনতে নোৱাৰিব, এশদিন লাগক কথা নাই কিন্তু এইযে অভিভাৱক হিচাপে আমি সিহঁতৰ ওপৰত বিশ্বাসটো ৰাখিছোঁ, সেয়াই সিহঁতৰ মূল সম্বল। অভিভাৱক, আত্মীয় স্বজন, বন্ধু-বান্ধৱ আৰু বাহ্যিক আৰু আভ্যান্তৰিণ পাৰিপাৰ্শ্বিকতা এইসকলোৰেপৰা পোৱা বিশ্বাসযোগ্য উপাদানখিনিয়েই আগবঢ়াই লৈ যায় আমাক, আমাৰ সন্তানকো। এইখিনি আত্মবিশ্বাসৰ জোৰতে হয়তো এদিন আপোনাৰ ছোৱালীজনীয়ে দূৰ দেশলৈ উৰা মাৰিব পাৰিব কিবা এটা কৰিম বুলি বা আপোনাৰ ল’ৰাজনে হয়তো ককাকৰ অসুখটোৰ ওপৰতেই গৱেষণা কৰি কিবা এটা উদ্ভাৱন কৰিবলৈ মন মেলিব।

সৰুতে আমি সিহঁতক দেখোৱা সপোনবোৰো সেইকাৰণে সৰু সৰু হ’ব লাগে, যাতে ভাঙি গ’লে ইমান বেছি দুখ নাপায়। দুবছৰীয়া শিশুটোৱে লগা পুতলাজনী নাপালে হয়তো দহমিনিট কান্দিব, কিন্তু বাইছ বছৰীয়া ল’ৰাজনে বিচৰা চাকৰিটো নাপালে, বিচৰা বাইকখন নাপালে নাকান্দে। তাৰ মনৰ কথা খুলি ক’বলৈ বিশ্বাসযোগ্য মানুহৰ অভাৱত হয়তো সি নিজৰ মনৰ ভিতৰতেই জমা কৰি যাব ক্ষোভ, দুখ, হিংসা, হতাশা এইবোৰ। এনেদৰে সেই ল’ৰাজনে হয়তো কেতিয়াবা নিজকে হেৰুৱাই পেলাব কিন্তু তেতিয়া অভিভাৱক হিচাপে কৰণীয় আমাৰ একো নাথাকিব। কাৰণ আমাৰ কৰণীয় সেই শৈশৱৰপৰাই। আমাৰ সন্তান ডাঙৰ হৈ কি হ’ব সেয়া একান্তই সিহঁতৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ হোৱা উচিত, অভিভাৱকৰ কৰ্তব্য মাত্ৰ সিহঁতৰ জীৱনটোক গঢ় দিবলৈ যাওঁতে ক’ত কি বাধা-বিঘিনিৰ সন্মুখীন হৈছে তাক নজৰত ৰখা আৰু প্ৰয়োজন অনুসাৰে সহায়ৰ হাত আগবঢ়োৱা, কি সংস্কাৰ শিকাইছে বা কিমান আত্মপ্ৰত্যায় বা আত্মবিশ্বাস তেওঁলোকৰ জমাপূঞ্জীত জমা হৈছে সেয়াই জানো সৃষ্টি নকৰিব তেওঁলোকৰ কণ্টকময় জীৱনত মসৃন গতিৰে আগুৱাই যোৱাৰ পথ?

আৰু মাত্ৰ কেইসপ্তাহমান পাছত ২০২০ বছৰটোৰ অন্ত পৰিব। পাৰহৈ যোৱা বছৰটোৰ বেয়াখিনিয়ে ভৱিষ্যতলৈ যি শিক্ষা দিলে, আগন্তুক বছৰবোৰলৈ সেয়া আমাৰ সমগ্ৰ মানৱ সমাজৰ মনত থকা উচিত। নিজৰ আশা, উচ্চাকাংক্ষা, সপোন আদি পূৰাবলৈ যাওঁতে যাতে পৰিবেশৰ ক্ষতি সাধন নহয় সেয়াও লক্ষ্য ৰখাটো উঠিত। বিগত বৰ্ষৰ দুখ কষ্টখিনিকেই খামুচি নাৰাখি জীৱনটোক নতুন উদ্যমেৰে জীয়াই থকাৰ অফুৰন্ত আশা লৈ আনক নতুন বছৰটিয়ে। আগন্তুক ইংৰাজী ২০২১ বৰ্ষটি আটাইৰে ভাল হওক, আটায়ে কুশলে থাকক। হাঁহি থাকক হঁহুৱাই থাকক।

জয়তু ফটাঢোল।
জয় আই অসম।

ধন্যবাদেৰে,

সম্পাদক,
ফটাঢোল ই-আলোচনী
চতুৰ্থ বৰ্ষৰ পঞ্চম সংখ্যা

☆ ★ ☆ ★ ☆

62 Comments

  • পঙ্কজ বৰুৱা

    বৰ সুন্দৰকৈ লিখিলে ৷
    মানৱ জীৱনৰ কিছুমান অপ্ৰিয় সত্যৰ বাস্তৱ ছবি প্ৰকাশ পাইছে ৷

    Reply
  • mridula

    ভাল লাগিল সম্পাদকীয় পঢ়ি

    Reply
  • বৰ সুন্দৰ বিষয়বস্তু৷ সম্পাদকী পঢ়ি ভাল লাগিল ৰাজশ্ৰী৷

    Reply
    • ৰাজশ্ৰী শৰ্মা

      অশেষ ধন্যবাদ চাবিনা বা।

      Reply
  • bhaskar j sarma

    নিৰ্ভেজাল মনৰ সম্পাদকীয়। ভাল লাগিল ৰাজশ্রী।

    Reply
    • ৰাজশ্ৰী শৰ্মা

      অশেষ ধন্যবাদ ভিনদেউ।

      Reply
  • ডাঃ পাৰ্থসাৰথি ভূঞা

    ভাল লাগিল।

    Reply
  • Nirmali

    ভাল লাগিল বা

    Reply
    • ৰাজশ্ৰী

      ধন্যবাদ নিৰ্মালী।

      Reply
  • সোমকান্ত শইকীয়া

    বঢ়িয়া আলোচনা ! সুপ্ৰভাত !

    Reply
  • মানসী

    বৰ সুন্দৰ সম্পাদকীয়। সম্পাদকীয়ৰে আৰম্ভ কৰিলোঁ। পঢ়ি যাম লাহে লাহে। আন্তৰিক অভিনন্দন।

    Reply
  • সুন্দৰ সম্পাদকীয় । কিছুমান অপ্ৰিয় সত্য ইমান ধুনীয়াকৈ বিশ্লেষণ কৰিলা, ভাল লাগি গ’ল । এখন সুন্দৰ আলোচনী উপহাৰ দিয়াৰ বাবে ধন্যবাদ ।

    Reply
  • চন্দন

    সুন্দৰ

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    সম্পাদকীয়টো সুন্দৰ হৈছে বা । দৈনন্দিন জীৱনৰ বহু গুৰুত্বপূৰ্ণ দিশ সুন্দৰকৈ বিশ্লেষণ কৰিলে । আপোনালৈ ধন্যবাদ জনালোঁ এনে এটা সুন্দৰ সংখ্যা উপহাৰ দিয়া বাবে ।

    Reply
  • Anonymous

    সম্পাদকীয় বৰ সুন্দৰ হৈছে। পঢ়ি ভাল লাগিল।

    Reply
  • আৰাধনা বৰুৱা

    সুন্দৰ সম্পাদকীয়

    Reply
    • ৰাজশ্ৰী

      অশেষ ধন্যবাদ জনালোঁ।

      Reply
  • কলচুম

    সম্পাদকীয় বৰ সুন্দৰ হৈছে। পঢ়ি ভাল লাগিল।

    Reply
  • সুন্দৰ সম্পাদকীয় ৰাজশ্ৰী।

    Reply
  • বিন্দু ৰাজবংশী কলিতা

    সম্পাদকীয় পঢ়ি খুবেই তৃপ্তি পালো।

    Reply
  • Juli sarma

    Val lagil Rajashri.

    Reply
    • ৰাজশ্ৰী

      বহুত বহুত ধন্যবাদ জুলি।

      Reply
  • Devajit saud

    Khub xundor likhoni… Otyonto guruttopurno aru chintoniyo bikhoi eta otikhoy mon poroxa rupot protifolit hoise..

    Reply
    • ৰাজশ্ৰী

      অশেষ ধন্যবাদ আপোনাক

      Reply
  • নৱনিকা কলিতা

    সুন্দৰ ‌‌‌‌‌‌লিখা।

    Reply
  • ৰামনুজ জি

    বৰ মনোগ্ৰাহীকৈ লিখিলা…. ২০২০ পাৰ হলে এইবোৰ সাৰথিৰেই সকলোৱে আগুৱাওক…তাৰে কামনা।

    Reply
  • Rimjhim Borthakur

    খুউব ভাল লাগিল সম্পাদকীয়। অভিনন্দন

    Reply
    • ৰাজশ্ৰী শৰ্মা

      ধন্যবাদ ৰিমঝিম

      Reply
  • Manalisha

    Khub hundor koi likhisa. Prokrito kotha likhisa.

    Reply
  • জয়ন্ত

    বৰ সুন্দৰকৈ কেইটামান গুৰুত্বপূৰ্ণ বিষয়বস্তু সম্পাদকীয়ত উপস্হাপন কৰিলা৷ বৰ ভাল লাগিল৷ এখন সুন্দৰ আলোচনী উপহাৰ দিয়াৰ বাবে তোমাক অভিনন্দন৷

    Reply
    • ৰাজশ্ৰী শৰ্মা

      ধন্যবাদ দাদা

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    দিনটো ব্যস্ততাৰ বাবে এইবাৰ নিশাহে আলোচনীত চকু ফুৰাইছোঁ৷ প্ৰথমে সম্পাদকীয় পঢ়িলোঁ৷ ভাল লাগিল পঢ়ি৷ ধনাত্মক চিন্তাৰে ইতিবাচক লেখা৷

    Reply
    • ৰাজশ্ৰী শৰ্মা

      অশেষ ধন্যবাদ জনালো দাদা

      Reply
  • HEMANTA KAKATI

    অনুপ্ৰানিত হলো ৰাজশ্ৰী৷ বহুত ধুনীয়া হৈছে৷

    Reply
    • ৰাজশ্ৰী শৰ্মা

      আপোনালোকেই মাগদৰ্শক আমাৰ কাকতি দা। সেৱা জনালোঁ

      Reply
  • দীপিমা শৰ্মা

    খুউব সুন্দৰ আৰু সময়োপযোগী উপস্থাপন। ভাল লাগিল সম্পাদকীয় লেখা পঢ়ি।

    Reply
    • ৰাজশ্ৰী শৰ্মা

      ধন্যবাদ দীপিমা

      Reply
  • ৰিণ্টু

    সুন্দৰ সম্পাদকীয়, ভাল লাগিল

    Reply
    • ৰাজশ্ৰী শৰ্মা

      অশেষ ধন্যবাদ ৰিণ্টুদা

      Reply
  • অনুৰূপ

    সুন্দৰ হৈছে সম্পাদকীয়, ভাল লাগিল। সকলোৱেই এনেকৈ চিন্তা কৰিব লাগে।

    Reply
    • ৰাজশ্ৰী শৰ্মা

      বহুত ধন্যবাদ তোমাকো অনুৰূপ

      Reply
  • কাবেৰী মহন্ত

    নিটোলকৈ আৰু সুন্দৰকৈ লিখিলা৷ প্ৰয়োজনীয় কথা অথচ গুৰুত্বহীন হৈ ৰয়৷
    সুন্দৰ বিষয়বস্তু

    Reply
    • ৰাজশ্ৰী

      অশেষ ধন্যবাদ কাবেৰী বা

      Reply
  • বন্দিতা জৈন

    বৰ ভাল লাগিল।সুন্দৰ

    Reply
  • Anonymous

    সুন্দৰ বিষয়বস্তু ৷

    Reply
  • Anonymous

    ভাল লাগিল পঢ়ি। তত্ত্ব চ্চানৰ কথা উল্লেখকৰা কাৰণে ক’ব বিচাৰিছো যে তেনেকুৱা এখন ব্যতিক্ৰমী বিদ্যালয়ৰ কথা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড০ প্ৰাঞ্জল বুঢ়াগোঁহাই ছাৰৰ দীৰ্ঘদিনীয়া চিন্তাৰ ফচল বিদ্যা: The Living School ।

    Reply

Leave a Reply

Your email address will not be published.