ফটাঢোল

সম্পাদকৰ মেজৰ পৰা: ভাৰণ্ড পক্ষীৰ সাধু আৰু এমুঠি চিন্তা – আৰাধনা বৰুৱা

খহি পৰিলেও কাজল আকাশ, পকনীয়াত নেহেৰুৱাব হাঁহি

দুৱাৰত কঠোৰ টোকৰত ৰাতিবোৰ ছেদেলি ভেদেলি হয়৷ ধুমুহা এজাকৰ দৰে কেইবাজনো সোমাই আহে৷ ৰাতি দুই বজাত পাকঘৰৰ চৌকা জ্বলে৷ চূড়ান্ত ধৃষ্টতাৰে উদ্যত মাৰণাস্ত্ৰ ডাইনিং টেবুলত ৰাখি সিহঁতবোৰে ধোঁৱাবলি থকা ভাত খায়৷ কেতিয়াবা দুদিন তিনিদিন ধৰি কোনোবা এটা কোঠাৰ দুৱাৰ বন্ধ কৰি সিহঁত সোমাই থাকে৷ ঘৰৰ গৰাকীৰ অনুমতি লোৱাৰ প্ৰয়োজনবোধৰ প্ৰশ্নই নুঠে! বন্ধ দুৱাৰৰ ফাঁকেৰে গুলীয়াগুলী, জাতীয় পতাকা জ্বলাই দিয়া ইত্যাদি টুকুৰা টুকুৰ বাক্যবোৰ চিগাৰেটৰ ধোঁৱাৰ লগত উৰি আহে৷ কেতিয়াবা আহে গোটেই ঘৰখনকে গুলীয়াই মৰাৰ ভাবুকি! তেনেকুৱা দিনবোৰত ঘৰবোৰত বিয়পি থাকে নিৰাপত্তাহীনতাৰ চেপা উত্তেজনা৷

মাজে মাজে অঞ্চলটোৰ ঘাই পথটোৰে আৰ্মীৰ দীঘলীয়া শাৰী যায়, খোজকাঢ়ি৷ সেনাৰ উপস্থিতি মানে নিৰাপত্তা নে নিৰাপত্তাহীনতা তাৰো অনিশ্চয়তাত থাকে সাধাৰণ মানুহবোৰ৷ কাৰণ অনিচ্ছাস্বত্বেও মাজৰাতিৰ অস্ত্ৰধাৰী আলহীক ভাত খুওৱাৰ অপৰাধত কিমানে অমানুষিক যন্ত্ৰণা পাব লগা হৈছে তাৰ লেখ জোখ নাই! মোৰেই এজন মামাক সেনাবাহিনীৰ জোৱানে মুখ বন্ধা বস্তাৰ ভিতৰত সুমুৱাই মৰিয়াই মৰিয়াই মাৰি পেলোৱাৰ পিছত পুখুৰীলৈ দলিয়াই দিছিল মৃতদেহটো৷ তেওঁ নিষিদ্ধ সংগঠনটোৰ সদস্যক ভাত এসাঁজ ৰান্ধি খুৱাইছিল বুলি কোনোবাই সেনাক খবৰ দিছিল৷

এইবোৰ ১৯৯৮ চনৰ কথা৷ ডিক্ৰঙৰ কালৰূপ৷ হঠাৎ নদীখনে সুতি সলনি কৰি লখিমপুৰৰ বিস্তীৰ্ণ দক্ষিণ বিহপুৰীয়া অঞ্চল বুৰাই পেলাইছিল৷ এফালে ডিক্ৰং, এফালে বৰলুইতখন৷ ৰাস্তাবোৰ ছিগি যোৱাত সাগৰৰ দৰে পানীৰ মাজত এটা দ্বীপৰ দৰে অংশত আমি৷ পানীৰ হোহোৱনিৰ শব্দ দুই কিল’মিটাৰমান দুৰৈৰপৰা শুনা যায়৷ সোঁতত উটি অহা মানুহ আৰু জীৱ জন্তুৰ মৰাশবোৰ ৰাস্তাৰ কাষত য’তে ত’তে৷ চকুৰ আগতে ডিক্ৰঙে খহাই নিয়ে একো একোখন পকী ঘৰ, আটোমটোকাৰী বাৰী৷ অসহায় মানুহবোৰে কেৱল কান্দিবহে পাৰে! ৰাস্তা ছিগি যোৱাত সৰু নাওখনেই সাৰথি৷ অবিশ্বাস্য নদীৰ পকনীয়া৷ পকনীয়াত এবাৰ এখন নাও ওলোটা হৈ গৈছিল৷ নাৱৰ মানুহখিনিৰ সৌভাগ্য হৈ সেইখিনিত আছিল এজোপা প্ৰকাণ্ড উভাল খাই থকা গছ৷ ৰাস্তাৰ লগত কাৰেণ্টৰ, টেলিফোনৰ পোষ্টবোৰ পানীয়ে লৈ যোৱাত বাহিৰৰ পৃথিৱীৰ লগত যোগাযোগ নোহোৱাকৈ অঞ্চলটো অন্ধকাৰত ডুব গৈ থাকিব লগা হৈছিল এবছৰতকৈ অধিক সময়৷ আঢ্যৱন্ত শিক্ষিত মানুহৰ সেই অঞ্চলটো ক্ষন্তেকতে নিঃস্ব হৈ পৰিছিল৷ বাহিৰৰ জগতৰ লগত সংযোগ নথকাৰ সুযোগ লৈ ভূতৰ ওপৰত দানহ পৰাৰ দৰে নিষিদ্ধ সংগঠনৰ সদস্যৰ আশ্ৰয় বিচৰাৰ প্ৰকোপ বাঢ়িছিল৷ তাৰ পিছত আকৌ জীৱন সু্স্থিৰ হৈছিল লাহে লাহে৷

অসমে সন্ত্ৰাস সহিছে বহুত; প্ৰকৃতিৰ, সন্ত্ৰাসবাদীৰ বা শাসনযন্ত্ৰৰ৷ কষ্ট ভোগ কৰে সাধাৰণ জনতাই৷
আজি কেইমাহমানৰপৰা অসমৰ আকাশখন অশান্তিয়ে ওন্দোলাই ৰাখিছে৷ CAA ৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই অহা শত সহস্ৰ জনতা আৰু শাসনযন্ত্ৰৰ দ্বন্দ্বই মনবোৰ অশান্ত কৰি ৰাখিছে৷ তেনেস্থলত হাঁহি হৈ পৰিছে মহাৰ্ঘ৷ তথাপিও আমি হাঁহিক আদৰিব লাগিব৷ নিজক সুস্থ কৰি ৰখাৰ স্বাৰ্থত৷

 

আমৃত্যু জীৱন জিন্দাবাদ

ৰেশমী চুলি, মাখন বৰণীয়া শৰীৰ আৰু পকা তুলতুলীয়া নুনীফলৰ দৰে ওঁঠেৰে ধুনীয়া ছোৱালীজনীয়ে পঢ়াৰ ইচ্ছা একাষৰীয়া কৰি থৈ ১৮ বছৰ নহওঁতেই পাইলট এজনৰ লগত বিয়াত বহিব লগা হ’ল৷ ৰক্ষণশীল সম্ভ্ৰান্ত পৰিয়ালৰ সাধাৰণ এজনী ছোৱালীৰ দৰে তেওঁৰ সংসাৰখন ঠিকেই চলি আছিল৷ সৌন্দৰ্যময়ী পত্নী আৰু ঐশ্বৰ্যশালী পতিৰ সংসাৰ! ২০০৮ চনৰ ফেব্ৰুৱাৰীৰ কোনোবা এটা দিনত দুয়ো একেলগে গাড়ীৰে ওলাই গৈছিল৷ চালকৰ আসনত আছিল পতি৷ হঠাৎ তীব্ৰবেগী গাড়ীখন উফৰি পৰিছিল৷ কেইবালুটি খাই মাটিত চূৰ্ণাকৃত হোৱা গাড়ীখনৰপৰা আগতেই ওলাবলৈ সক্ষম হৈছিল পতি৷ গাড়ীৰ ভিতৰত মুমূৰ্ষু অৱস্থাত ধুনীয়া ছোৱালীজনী উদ্ধাৰ কৰা হৈছিল৷ কিন্তু তাইৰ প্ৰাণ আছিল৷ কান্ধ, বাহু, কামিহাড়, ৰাজহাড় সকলো ভাগিছিল, হাঁওফাঁও আৰু লিভাৰত দকৈ আঘাতপ্ৰাপ্ত হৈছিল, কঁকালৰপৰা তলৰ অংশ পেৰেলাইজড হৈ যোৱা ছোৱালীজনীক চিকিৎসকে জনাইছিল যে তেওঁ কেতিয়াও মাতৃ হ’ব নোৱাৰিব৷ যাৰ ভুলৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই পতিয়ে তেওঁক গ্ৰহণ কৰিবলৈ অমান্তি হৈছিল৷ শাৰীৰিক প্ৰয়োজন পুৰাবৰ বাবে পেৰেলাইজড, ভগ্নাংশৰে ভৰা শৰীৰ আৰু সন্তান ধাৰণ কৰিবৰ বাবে অক্ষম এটা জৰায়ুৰ প্ৰয়োজন সেই মানুহজনৰ বাবে নাছিল৷ চিকিৎসা চলি থাকিল যদিও বৰ বিশেষ উন্নতি বা পৰিৱৰ্তন নহ’ল৷ কিন্তু তেওঁ মনেৰে ভগ্নাৱশেষৰপৰা ভাস্কৰ্য নিৰ্মাণৰ চেষ্টা কৰিলে৷ ভাতৃয়ে আনি দিয়া ৰঙেৰে চিকিৎসালয়ৰ তেওঁ বিচনাখনৰ সন্মুখৰ দেৱালত বোলাই গ’ল ৰংবোৰ৷ আৰম্ভ হ’ল আন এক যাত্ৰা “Let Our Walls wear Colors”৷ প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী ছোৱালীজনীয়ে এইবাৰ হুইলচেয়াৰখনক সংগী কৰি নিজে ৰং তুলিকাৰে এখন পৃথিৱীৰ নিৰ্মাণ কৰিলে আৰু সুখী হৈ জীয়াই থাকিবলৈ চেষ্টা কৰিলে৷ আৰম্ভ হ’ল নিজা ব্ৰেণ্ড “Muniba’s Canvas”, জীৱনৰ প্ৰথম চিত্ৰ প্ৰদৰ্শনী কৰিলে “And I Choose to live”৷

তেওঁ মুনিবা মাজাৰী, বৰ্তমান পাকিস্তানৰ প্ৰথম শ্ৰেণীৰ মডেল, আৰ্টিষ্ট, বিখ্যাত ব্ৰেণ্ডৰ এম্বেছেদৰ, মটিভেশ্যনেল স্পীকাৰ, পৃথিৱীৰ অন্যতম প্ৰভাৱশালী নাৰী৷ তেওঁ এতিয়াও অপৰূপা, জীৱনীশক্তিৰে সৌন্দৰ্যময়ী আৰু এটি তোলনীয়া সন্তানৰ মাতৃ৷

 

জীয়াই থকাৰ মোহ আমাৰ

জীৱন.. উশাহত অম্লজানকণ টানি হৃদয়ক গতিশীল কৰি আত্মাক আৱৰি ৰখাৰ প্ৰাণময় প্ৰচেষ্টা!

‘আমৃত্যু’ শব্দটোৱেই চাগৈ পৃথিৱীৰ আটাইতকৈ আচৰিত যোগাত্মক সাথঁৰ, অথচ আমৃত্যুৰ যোগাত্মক অৰ্থৰ আঁৰতেইতো থাকে চিৰ শূন্যতা, আটাইতকৈ ঋণাত্মক শব্দ ‘মৃত্যু’! যাৰ কোনো নিশ্চয়তা নাই৷ আমি সেই অনিশ্চয়তাক মানি লওঁ অৱচেতনভাৱে৷ সেয়ে নিজৰ মৃত্যুৰ স্বাভাৱিকতাক লৈ কেতিয়াও চিন্তা নকৰোঁ৷

কিন্তু কেতিয়াবা ছন্দোবদ্ধ জীৱনত যদি হঠাৎ ছন্দ পতন হয়? সময়তকৈ আগেয়ে উশাহে গতি হেৰুওৱাৰ উপক্ৰম হয়? তেতিয়াই জীৱনটোলৈ বেছি মোহ জাগে৷ এনে লাগে যেন টাইম মেচিনত উঠি সময়বোৰ ঘূৰাই আনিব পৰা হ’লে, কিছুমান সময় নিজৰ মতে সজাই ল’ব পৰা হ’লে, কৰিম বুলি ভবা কামবোৰ বা কাৰোবাক ক’ম বুলি ভাবি থোৱা কথাবোৰ আগতেই কৰা বা কোৱা হ’লে, বেচিজিলবোৰ চিজিল কৰিবলৈ সুবিধাকণ পোৱা হ’লে! আক্ষেপ! আক্ষেপ কৰাৰ সুবিধাকণনো কিয় ৰখাৰ প্ৰয়োজন? কাৰোবাৰ ইচ্ছা লাডাখলৈকে এনফিল্ডৰ ৰাইড এটা কৰাৰ অথচ অফিচৰ ব্যস্ততা, কাৰোবাৰ আকাংক্ষা কিতাপ এখন প্ৰকাশ কৰাৰ, কোনোবাই কাৰোবাক প্ৰেমত পৰিছোঁ বুলি ক’বলৈ গৈ বাৰে বাৰে ৰৈ যায়, কোনোবা মোহাচ্ছন্ন কাৰোবাৰ সৃষ্টিত, অথচ ক’বলৈ সংকোচ, কাৰোবাৰ সহজ বন্ধুত্বই তুলি ধৰিছে কোনোজনৰ আত্মাক অথচ ভুল বুজা বুজিৰ ভয়ত কোৱা নাই ৷

অনিশ্চিত সময়ৰ আশাত বন্দী হৈ আপোন ইচ্ছা, বুকুৰ এচুকত লুকুৱাই পুহি ৰখা সপোনটোক ডেউকা মেলাৰ সুবিধাকণ আজিয়েই দিয়া উচিত৷ কোনে জানে কাইলৈৰ পুৱাটো বা আমাৰ হয় নে নহয়! জীৱনটো কেৱল জীয়াই থকাৰ সলনি উদযাপন কৰক৷ প্ৰতিটো সপোনক তুলি ধৰক সুখী হ’ব পৰাকৈ৷

 

ভাৰণ্ড পক্ষীৰ সাধু আৰু সপোনৰ সীমা; জীৱনক জোখক দূৰদৰ্শিতাৰে

হিতোপদেশৰ সাধুৰ ‘শেষ ভাৰণ্ড পক্ষীৰ’ৰ সাধুটো মনত আছেনে? বহুযুগৰ আগতে বিলুপ্ত হৈ পৰা দুটা মূৰযুক্ত ভাৰণ্ড পক্ষীবোৰৰ বোলে শেষ পক্ষীজনী আছিল এখন অৰণ্যত৷ বিলুপ্তপ্ৰায় বুলি জানি অৰণ্যৰ আন জীৱ জন্তুৱে চৰাইজনীক আহাৰ যোগান দি আদৰ সাদৰ কৰি ৰাখিবলৈ ধৰিলে যাতে তাই সুকলমে কেৱল কণী পৰাত মনোনিৱেশ কৰি বংশ ৰক্ষা কৰিব পাৰে৷ এদিন সেই ভাৰণ্ড পক্ষীজনীয়ে অৰণ্যত ঘূৰি ফুৰোঁতে এটা সুস্বাদু ফল দেখা পালে৷ ফলটো দেখি তাইৰ দুটা মূৰেই খাবলৈ ইচ্ছা কৰিলে যদিও সোঁমূৰটোৱে ক’লে যে যিহেতু পেট এটাই গতিকে ময়ে খাওঁ৷ বাওঁ মূৰে কথাষাৰ মানি ল’লে যদিও অসন্তুষ্ট হৈ থাকিল আৰু ভাবিলে ইয়াৰ পোটক এদিন তুলিব লাগিব৷ অলপ দিনৰ পিছত এদিন এটা বিষাক্ত ফল বাওঁমূৰটোৱে দেখা পালে৷ সি ভাবিলে যদি সি এইটো খাই দিয়ে তেন্তে পেট যিহেতু এটাই গতিকে বাওঁ মূৰটোৱেও বিষৰ জ্বালা পাব আৰু তেনেকৈয়ে প্ৰতিশোধ লোৱাও হ’ব৷ সিদ্ধান্ত মতেই বাওঁমূৰে বিষাক্ত ফলটো খাই পেলালে৷ লগে লগে শেষ ভাৰণ্ড পক্ষীটো মৃত্যুমুখত পৰিল৷

আচলতে বাসনা মাত্ৰেই সকলো গ্ৰহণীয় নহয়৷ মানুহে বুকুত কিছুমান সপোন বা কল্পনা কঢ়িয়াই ফুৰে৷ ডাঙৰ হৈ চকলেটৰ দোকান এখন খোলাৰ কল্পনা, নিজৰ লেডাৰৰ স্কুলবেগটোৰ সলনি বন্ধুৰ কমদামী অথচ ৰঙীন বেগটো লোৱাৰ সপোন, সহপাঠীৰ দৰে সলসলীয়াকৈ উত্তৰ মুখস্থ দি বা পৰীক্ষাৰ বহীত হেভি ৱেইটৰ নম্বৰ কঢ়িয়াই সকলোকে অবাক কৰি দিয়াৰ কল্পনা, বন্ধুৰ আলাসৰ জীৱনটো এদিনৰ বাবে হ’লেও যাপন কৰাৰ সপোন, কাৰোবাৰ দৰে বিখ্যাত হোৱাৰ সপোন ইত্যাদি৷ এইবোৰ সপোন জীৱনটোৰ কেঁকুৰিবোৰত ক’ৰবাত সৰি পৰে৷ পিছত মনত পৰিলে হাঁহি উঠে বা মনতেই নপৰে৷ আচলতে বেছিভাগ এনে সপোনেই নিজক লৈ নহয়৷ আনৰ জীৱনৰ লগত নিজক ৰিজাই চোৱাৰহে কল্পনা বিলাস৷

নিজক চিনি, সৃজনশক্তি আৰু যোগ্যতাক বুজি কৰা কল্পনাবোৰহে আচলতে আপোন সপোন৷ নিজৰ সৃষ্টিশীলতাক চিনা আৰু জীয়াই ৰখাৰ প্ৰচেষ্টা ইমান সহজ নহয়৷ কেতিয়াবা ইচ্ছা থাকিলেও সময় আৰু পৰিৱেশে আপত্তি কৰে৷

তথাপিও আমি আশাবাদী৷ নিজক সৃজনশীল কৰি ৰাখি সুখী হোৱাৰ চেষ্টা কৰোঁ, প্ৰিয় ব্যক্তিৰ সৃষ্টিশীলতাত বাৰে বাৰে সন্মোহিত হওঁ আৰু মুগ্ধ হোৱাৰ বাসনা ৰাখোঁ৷ আচলতে সময়ৰ সদায়ে থাকে যোগাত্মক সাংকেতিক আৱাহন, ৰুদ্ধ দুৱাৰখনৰ আশে পাশে থকা আন এখন মুকলি দুৱাৰৰ দুৱাৰদলিটো বিচাৰিব লাগিব ধৈৰ্যৰে, সাহসেৰে৷

আহকচোন আমি সুস্থিৰ সিদ্ধান্তৰে সপোনক লালন কৰি আমৃত্যু নিজৰ জীৱনক অৰ্থবহ কৰি হাঁহিক আদৰি লোৱাৰ চেষ্টা কৰোঁ ৷

এয়া জীৱনৰ আৱাহন ৷
যোগাত্মক সময়ৰ আৱাহন৷

38 Comments

  • Bhaskar Jyoti Sarma

    পুৱাই পুৱাই বেয়া লাগি থকা মনটো ভাল লাগি গল। ধন্যবাদ আৰাধনা বৰুৱা।

    Reply
  • HEMANTA KAKATI

    অভিনন্দন আৰাধনা৷ সুন্দৰ অনুপ্ৰেৰণামূলক সম্পাদকীয়৷ পঢ়ি ভাল লাগিল৷

    Reply
  • Barbie Punnag

    অতি সুন্দৰ সম্পাদকীয়।

    Reply
  • ৰিণ্টু

    অগতানুগতিক লিখনশৈলী, বিষয়বস্তুও ব্যতিক্ৰমী। উপস্থাপনাও সুন্দৰ।

    খুব ভাল লাগিল আৰাধনা। সুন্দৰ সম্পাদকীয়

    Reply
  • আপোনাৰ এই লিখনি পঢ়ি আপ্লুট হ’লো । লগতে ৯০ দশকৰ লিখনিয়ে মোকো নষ্টাল’জিক কৰি তুলিলে বাইদেউ । মোক ১৮৮৮ চনত ফলিত অ, আ, ক, খ ৰ আদিপাঠ হাতত ধৰি শিকাইছিল সেই সময়ত আমাৰ ঘৰত আহি প্ৰায় ১ সপ্তাহ থাকি যোৱা এজন বিপ্লৱী দাদাই । এতিয়া মাহঁতৰ মুখেৰে শুনি আচৰিত হওঁ তেওঁ বোলে এজন সেই সময়ৰ Royal B.Sc পাছ । তেওঁলোকে কিন্তু কোনোদিন আমাক বেয়া ব্যৱহাৰ কৰা নাছিল । সেই সময়ৰ তেনে বহু ঘটনা আজিও মনত পৰে, কেতিয়াবা সময় পালে লিখিম কাৰণ তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে সৰল অংক শিকোৱা আজিও মনত পৰে । মইও বৰ তীখৰ আছিলোঁ নেকি, তেওঁলোক আহিলেই লেংপেং কৰি ঘৰৰ পাছফালে বা ভিতৰৰ ৰুমত পঢ়াৰ কিতাপখন উলিয়াই পঢ়োৱাবলৈ দিছিলোঁ । কিন্তু কোনো দিনে কোনোজনে মই এইটো নোৱাৰো বুলি শুনি পোৱা নাছিলোঁ । ধন্যবাদ বাইদেউ । পুনৰ মুনিবাৰ জীয়া কাহিনীয়ে বহুত সাহস দি যায় জীৱনত কিবা এটা কৰাৰ । আপোনাৰ অগতানুগতিক সম্পাদকীয় কলমে ফটাঢুলীয়াক বহু অনুপ্ৰাণিত কৰিব বুলি দৃঢ় বিশ্বাস । আপোনাৰ কলমৰ লিখনি, চিন্তাৰ খোৰাক হওঁক চিৰ প্ৰবাহমান ।

    Reply
    • আৰাধনা বৰুৱা

      ধন্যবাদ..আপোনাৰ অভিজ্ঞতা খিনি জানি ভাল লাগিল

      Reply
  • আপোনাৰ এই লিখনি পঢ়ি আপ্লুট হ’লো । লগতে ৯০ দশকৰ লিখনিয়ে মোকো নষ্টাল’জিক কৰি তুলিলে বাইদেউ । মোক ১৯৮৮ চনত ফলিত অ, আ, ক, খ ৰ আদিপাঠ হাতত ধৰি শিকাইছিল সেই সময়ত আমাৰ ঘৰত আহি প্ৰায় ১ সপ্তাহ থাকি যোৱা এজন বিপ্লৱী দাদাই । এতিয়া মাহঁতৰ মুখেৰে শুনি আচৰিত হওঁ তেওঁ বোলে এজন সেই সময়ৰ Royal B.Sc পাছ । তেওঁলোকে কিন্তু কোনোদিন আমাক বেয়া ব্যৱহাৰ কৰা নাছিল । সেই সময়ৰ তেনে বহু ঘটনা আজিও মনত পৰে, কেতিয়াবা সময় পালে লিখিম কাৰণ তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে সৰল অংক শিকোৱা আজিও মনত পৰে । মইও বৰ তীখৰ আছিলোঁ নেকি, তেওঁলোক আহিলেই লেংপেং কৰি ঘৰৰ পাছফালে বা ভিতৰৰ ৰুমত পঢ়াৰ কিতাপখন উলিয়াই পঢ়োৱাবলৈ দিছিলোঁ । কিন্তু কোনো দিনে কোনোজনে মই এইটো নোৱাৰো বুলি শুনি পোৱা নাছিলোঁ । ধন্যবাদ বাইদেউ । পুনৰ মুনিবাৰ জীয়া কাহিনীয়ে বহুত সাহস দি যায় জীৱনত কিবা এটা কৰাৰ । আপোনাৰ অগতানুগতিক সম্পাদকীয় কলমে ফটাঢুলীয়াক বহু অনুপ্ৰাণিত কৰিব বুলি দৃঢ় বিশ্বাস । আপোনাৰ কলমৰ লিখনি, চিন্তাৰ খোৰাক হওঁক চিৰ প্ৰবাহমান ।
    বি.দ্ৰ.:- ভুলতে ১৯৮৮ টো ১৮৮৮ হৈ গৈছিল । অবাঞ্চিত ভুলৰ বাবে ক্ষমাপ্ৰাৰ্থী ।

    Reply
  • অনুৰূপ মহন্ত

    অনুপ্ৰেৰণা মূলক কথা খিনি অতি সুন্দৰ ভাৱে উপস্থাপন কৰিছে। বৰ ভাল লাগিল পঢ়ি।

    Reply
  • চিদানন্দ বৰা

    ভাল পালোঁ – পঢ়ি ৷

    Reply
  • মুনমুন

    অনুপ্ৰাণিত হলো।

    Reply
  • ইমান সুন্খুদৰ সম্পাদকীয়টো পঢ়ি আপ্লুট হলো। লগতে বহুতো অভিনন্দন জনালোঁ 🙏।

    Reply
  • Rimjhim Borthakur

    ইমান ভাল লাগিল সম্পাদকীয় পঢ়ি। খুউব সুন্দৰ

    Reply
  • গীতিমল্লিকা গগৈ

    ভাল লাগিল আপোনাৰ লেখা।

    Reply
  • SANKAR JYOTI BORA

    ধুনীয়াকৈ লিখিলা আৰাধনা৷প্ৰেৰণাদায়ক৷

    Reply
  • সুমন শেখৰ কলিতা

    ভাল লাগিল

    Reply
  • ঈশান

    শব্দৰ শক্তি কিমান- এই ইতিবাচক সম্পাদকীয়টোৱে পুনৰ এবাৰ প্ৰমাণ কৰিছে ‌। উৎসাহিত হ’লোঁ ।
    আপোনালৈ ধন্যবাদ থাকিল ।

    Reply
  • ভাগ্য শ্ৰী নাথ।

    অভিনন্দন। ভাল লাগিল পঢ়ি।।

    Reply
  • বিকাশ

    ভাল লাগিল পঢ়ি | অভিনন্দন |

    Reply
  • ডলী

    বৰ ভাল লাগিল পঢ়ি।

    Reply
  • উৎপলা কৌৰ

    মনৰ ভিটামিন 😊👌

    Reply
  • ইমান অনুপ্ৰেৰণামূলক সম্পাদকীয় পঢ়ি আপ্লুত হলো ।

    Reply
  • Bornali S Mudoi

    অনুপ্ৰেৰণামুলক বাৰ্তাৰে সম্পাদকীয়টোৱে এক অনন্য স্বাদ দিবলৈ সক্ষম হৈছে৷ বা আন্তৰিক ধন্যবাদ জনালো৷

    Reply
  • মনিমা কলিতা

    তোমাৰ লেখা মানে প্ৰেৰনাৰ ভাণ্ডাৰ ।মনটো জীপাল কৰি তোলে শব্দৰ গাঁঠনি বৰ সুন্দৰ।ইমান সুন্দৰ অৰ্থপূৰ্ণ কথা লিখিছা পঢ়ি বহুত ভাল লাগিল।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ব্যস্ততাৰ বাবে এইবাৰ আলোচনীখন পলমকৈ আৰু সময় লৈহে এটা-দুটাকৈ পঢ়িব পাৰিছোঁ৷ সম্পাদকীয়টোও পলমকৈ পঢ়িলোঁ৷ কিন্ত মন ভৰি গ’ল৷ ইতিবাচক লেখা৷ ভাল লাগিল পঢ়ি৷

    Reply
  • প্ৰেৰণাদায়ী লিখনি।জীৱনটো নতুনকৈ জীয়াই তোলাৰ ঔষধ।বহুত ভাল পালোঁ পঢ়ি ।

    Reply

Leave a Reply

Your email address will not be published.