ফটাঢোল

সম্প্ৰীতিৰ এনাজৰী : দৰঙৰ পৰশু ওজা – ধীৰেন শইকীয়া

দৰঙৰ ইছলামধৰ্মী লোকসকলে অতীজত  মাৰৈ বা মনসা পূজা কৰিছিল বুলি জনা যায়। সুকন্নানী ওজাই সুকবি নাৰায়ণদেৱ বিৰচিত পদ্মাপূৰাণ, দূৰ্গাবৰ, মনকৰ আদিৰ পাচালী আৰু বেউলা লখিন্দৰৰ গীত পদ গায়। মাৰৈ বা মনসা পূজাত পৰিৱেশিত হোৱা সুকন্নানী ওজাপালিৰ লগত দেওধনীয়েও নৃত্য কৰে। অসমত সুকন্নানী ওজাপালি অনুষ্ঠান দৰঙত বিশেষভাৱে জনপ্ৰিয়। দৰং জিলাৰ মাৰৈ, তুৰাই, পাথৰিঘাট আদিত আগৰ দিনত বহু মুছলমান ওজাইয়ো হেনো সুকন্নানী ওজাপালি পৰিৱেশন কৰিছিল। দৰঙৰ ইতিহাসপ্ৰসিদ্ধ মাৰৈ গাঁৱৰ পৰশু ওজা আছিল তেনে এগৰাকী সুকন্নানী ওজা। আজিও মাৰৈৰ যিটো চুবুৰীত পৰশু ওজাৰ বংশৰ লোক থাকে সেই চুবাটো ওজা চুবানামেৰে জনাজাত। অলপতে এম.হাফিজ আলিদেৱে গৰীয়া জনগোষ্ঠীৰ সভ্যতা আৰু সংস্কৃতিগ্ৰন্থত মাৰৈ গাঁৱৰ পৰশু ওজাৰ বিষয়ে এটি মূল্যৱান প্ৰবন্ধ লিখিছে, ত পৰশু ওজাৰ কিছু কথা উল্লেখ কৰিছে। নৃত্য, গীত, ৰাগ-ৰাগিনী, মুদ্ৰাত পাকৈত পৰশু ওজা দেখনিয়াৰ আছিল। মূৰত পাগুৰী মাৰি সুন্দৰ লয়লাসেৰে তেওঁ সুকন্নানী গীত পদ পৰিৱেশন কৰিলে থৰ লাগি একেথৰে চাই আছিল দৰ্শকে। তেওঁ আছিল ৰজাঘৰীয়া স্বীকৃতিপ্ৰাপ্ত ওজা, কোৱা হয় যে এওঁলোক হিন্দুৰপৰাহে একালত মুছলমান হোৱা লোক। প্ৰায় এশ বছৰমান জীয়াই থকা পৰশু ওজাই সুকন্নানী গীত পদ পৰিৱেশনৰ সময়ত নানা উপমা, কৌতুক, অতিৰঞ্জিত কথাৰে হাস্যৰস সৃষ্টি কৰি উপভোগ্যকৈ অনুষ্ঠানটো পৰিৱেশিত কৰিছিল বাবে তেতিয়াৰ সমগ্ৰ দৰং জিলাখনতে তেওঁৰ এই দিশত এক সুকীয়া নাম আছিল। জনশ্ৰুতি অনুসৰি পৰশু ওজাই ঘৰৰ চোতালত তুলসী পুলি ৰুই মাজে মাজে তাতে চাকি এগছ জ্বলাই সুকন্নানী গীত পদ জুৰিছিল এনেদৰে –কান্দে তো কালি নাগ লখাইৰ ৰূপ দেখি ভাল/অ কালি হৈয়ো সাৱধান। যি নাম স্মৰণে হয় বিমোচন

সুকন্নানী গীত পদ গায়েই পৰশু ওজাই চিৰকাললৈ চকু মুদিছিল বুলিও জনশ্ৰুতি আছে। মৃত্যুৰ সময়ত হিন্দু মুছলমান উভয়েই তেওঁৰ শৱদেহৰ ওচৰত গোট খাই ঈশ্বৰৰ ওচৰত তেওঁৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছিল। জনামতে পৰশু ওজা ঘৰৰ পৰিয়ালত আজিও তাহানিৰ মাৰৈ পূজাৰ সা-সঁজুলি শ্ৰদ্ধাৰে সংৰক্ষিত কৰি ৰাখিছে।

পিচে দুখৰ কথা হল পৰশু ওজাৰ বিষয়ে আজিও বহুলোক অজ্ঞাত। লেখক, সাংবাদিক এম.হাফিজ আলিৰ প্ৰবন্ধটোৰ আন এক তথ্যমতে পৰশু ওজাৰ বৰ্তমানলৈ পুৰুষ নামা উদ্ধাৰ হোৱা হিচাপে পৰশু শেখৰ পুতেক দ্ৰোণ শেখ, দ্ৰোণ শেখৰ পুতেক চানা, চানা শেখৰ পুতেক পদো আৰু চাহাৰ, পদোৰ পুতেক আব্দুল আলি আৰু চাহাৰ আলিৰ পুতেক আৰৱ আৰু বাপু। জনামতে পৰশু ওজাৰ বংশত পিছলৈ কেইবাজনেও মাৰৈ পূজাৰ গীত পদ গাই সুকন্নানী ওজা হৈছিল। সাধাৰণ পালিৰপৰা সুকন্নানী গীত পদ গাই ওজা হোৱা পৰশু ওজাই পঞ্চানব্বৈ বছৰলৈ নিৰৱিচ্ছিন্নভাৱে সুন্দৰভাৱে গীত পদ গাই অনুষ্ঠান কৰি থকাটো আন এক মন কৰিবলগীয়া কথা।

☆ ★ ☆ ★ ☆

One comment

  • পূৰ্ণানন্দ শৰ্মা ।

    পৰশু ওজাৰ বিষয়ে প্ৰচাৰ দুখ লগাকৈ কম । সামগ্ৰী বিলাকো ধ্বংসৰ গৰাহত । এই বিষয়ে চাৰি বছৰমান পূৰ্বে মোৰ সহযোগত ভাস্কৰ বৰাই ‘আচাম টকছ’ত এক প্ৰতিবেদন প্ৰচাৰ কৰিছিল ।

    Reply

Leave a Reply

Your email address will not be published.