ফটাঢোল

 সলিউশন এক্স (একাংকিকা নাটক) (২য় খণ্ড) – মূল: বাদল সৰকাৰ, অনুবাদ- ডঃ প্ৰণৱ ঢেকিয়াল ফুকন

শম্ভুনাথঃ এইয়া ,বি-ফোৰ আহি গ’ল? ফিফটি চি.চি.টকৈ অলপ কম যেন লাগিছে৷ হ’ব এয়াই চলি যাব৷ (সোমেনৰ প্ৰৱেশ)

সোমেনঃ আহিলে ছাৰ৷

শম্ভুনাথঃ হয়, বৰ পলম হৈ গ’ল৷ চশমাখন বিচাৰি পোৱা নাছিলোঁ৷

সোমেনঃ চশমাখন দেখোন আপোনাৰ চকুতে অনবৰত লাগি থাকে৷

শম্ভুনাথঃ পাঞ্জাবীটো খোলাৰ সময়ত ক’ত ৰাখিছিলো জানো? (হৰিৰ প্ৰৱেশ৷ কান্ধত একলহ পানী, হাতত এটি এপ্ৰন৷ সোমেনক এপ্ৰনটি দিয়ে৷ )

হৰিঃ মাজীয়ে আপোনাক দিবলৈ দিছে৷

শম্ভুনাথঃ সেই কলহটো কিহৰ?

হৰিঃ মাজীয়ে কৈছে টেঙ্কীত পানী নাই কিজানি, সেইবাবে (হৰিয়ে টেঙ্কীৰ ঢাকনি খুলি কলহৰ পানীখিনি হুৰমুৰকৈ ঢালি দিয়ে৷ )

সোমেনঃ বৌৰ সকলোফালে দৃষ্টি দেখিছেনে? (হৰিৰ প্ৰস্থান)

শম্ভুনাথঃ (হাঁহি) মোৰ দৃষ্টি কম বাবে তেওঁৰ দৃষ্টিত সকলো সুমুৱাই দিয়া হৈছে৷ — তেনেহ’লে আহক, কামত লাগি যাওঁ৷ (শম্ভুনাথে এপ্ৰন পিন্ধিয়ে আছিল৷ সোমেনেও পিন্ধি ল’লে৷ দুয়ো কামত ব্যস্ত হৈ পৰে৷ )

দ্বিতীয় দৃশ্যঃ

( প্ৰথম দৃশ্যৰ পৰা সময়ৰ ব্যৱধান দেখাবলৈ এক মুহূৰ্তৰ কাৰণে মঞ্চৰ পৰ্দা বন্ধ থাকিব৷ মঞ্চ আন্ধাৰ কৰিও তেনে কৰিব পৰা যায়৷ শম্ভুনাথে এটি তৰল পদাৰ্থ বিকাৰত ঢালিছে৷ সোমেনে এক দৃষ্টিৰে লক্ষ্য কৰে৷ ঢলা শেষ হ’লত শম্ভুনাথ আগলৈ আহে৷ সোমেনো৷

শম্ভুনাথঃ আশাকৰো এয়াই ফাইনেল৷

সোমেনঃ আই হ’প ছ’! ৰমেশক টেলিফোন কৰো?

শম্ভুনাথঃ কিয়?

সোমেনঃ এটা শহা আনিবলৈ কওঁ? টেষ্টটো আজি ৰাতিয়েই কৰা হওক৷

 শম্ভুনাথঃ নাই চ্যাটাৰ্জি৷ শহাই নহ’ব৷

সোমেনঃ দুটা বান্দৰ অৱশ্যে আছে৷ কিন্তু ৰমেশে তাক চম্ভালি আনিব পাৰিব জানো?

শম্ভুনাথঃ বান্দৰেৰেও নহ’ব৷

সোমেনঃ ডক্টৰ খাস্তগীৰে কৈছিল সকলো পৰীক্ষা সফল হ’লে এটা চিম্পাঞ্জীৰ ব্যৱস্থা কৰিব৷ কিন্তু তেনেহ’লেতো আজি আৰু নহ’ব?

শম্ভুনাথঃ চিম্পাঞ্জীৰ দৰকাৰ নাই৷ মই নিজেই খাম৷

সোমেনঃ আপুনি খাব?

শম্ভুনাথঃ ইয়াৰ ৰিয়েকশন মোৰ বাদে কোনে ভালকৈ টুকিব পাৰিব?

সোমেনঃ নাই নাই সেইটো কেনেকৈ হ’ব?

শম্ভুনাথঃ কিয় নহ’ব? ইয়াৰ বিষ একো নাই৷

সোমেনঃ কিন্তু ছাৰ —

শম্ভুনাথঃ আৰু কোনো কিন্তু নাই৷ ( এক চুমুকতে শেষ কৰি) ওঃ কি অকতা স্বাদ! ( এটা খালি পাত্ৰত টেঙ্কীৰ পৰা পানী লৈ সেৱন কৰে৷) আঃ ইয়াৰ পাছত পানীৰ সোৱাদটো ভাল লাগিছে৷ কলম লৈ বহি যাওক — পলম নকৰিব৷ (সোমেনে খৰধৰকৈ বহে৷ ) লিখক -স্বাদ অত্যন্ত তিতা, অলপ ঝনঝননি আছে, ডিঙি অলপ জলিছে৷ পাছত পানী খালে পানীৰ স্বাদ বেলেগধৰণৰ হয় — মিঠা মিঠা; পেপাৰমিণ্টৰ দৰে৷ ৰিয়েকশন– কাণ দুখন ঝন ঝন কৰে, শৰীৰত যেন –ইলেকট্ৰিক শ্বকহে লাগিছে৷ আৰু — আৰু —

        (সোমেনে লিখি আছে, শম্ভুনাথ পিছফালে৷ শম্ভুনাথৰ মুখৰ ভাব প্ৰতি মুহূৰ্ততে সলনি হৈছে৷ প্ৰৌঢ়ত্বৰ লক্ষণ নাইকিয়া হৈ গৈছে৷ সেপঢুকি, জোৰ কৰি — দ্ৰুতগতিত চলাফিৰা কৰে৷ )

সোমেনঃ মাথা ঘূৰাইছে নেকি ছাৰ?

শম্ভুনাথঃ নাই, মাথা ঘূৰোৱা নাই, তথাপিও মাথাটো এটা, মাথাটো যেন — কি কম — অনেক সতেজ লাগিছে, মানে — পাতল লাগিছে৷ এক কথাত খুব ভাল লাগিছে — শৰীৰটো, মূৰটো — মাত্ৰ চকুত অলপ জলক তবক দেখিছো, কিবা ওখ চাপৰ — ( হঠাৎ চশমা খুলি পেলায়৷ এবাৰ পিতপিতকৈ, তাৰপিছত একেবাৰে চকু মেলি )

সোমেনঃ কি হ’ল ছাৰ?

শম্ভুনাথঃ (চিৎকাৰ কৰি) চ্যাটাৰ্জি!

        (সোমেনে জাপ মাৰি উঠি শম্ভুনাথক ধৰে৷ )

সোমেনঃ কি হ’ল ছাৰ? মূৰ ঘূৰাইছে?

        (শম্ভুনাথে হাত এৰুৱাই সোমেনৰ কান্ধত এটা প্ৰচণ্ড চাপৰ ঢকা মাৰে৷ সোমেন বহি পৰে৷ )

শম্ভুনাথঃ ড্যাম ইয়োৰ মূৰ ঘূৰোৱা৷ বুজিব পাৰিছেনে নাই৷ আজি বাৰ বছৰৰ পাছত চশমাৰ বিনে পৰিষ্কাৰকৈ দেখিছো৷ পৰিষ্কাৰ!  কোনে কয় মোৰ চকু বেয়া৷ এনে লাগিছে যেন মোৰ বিশ বছৰ বয়স কমি গৈছে৷ ফুচফুচত পাম্প কৰা হৈছে৷ মাছল বিলাক ( কথা কোৱাৰ ফাকে ফাকে শম্ভুনাথে বৈঠকজাতীয় ব্যায়ামৰ কচৰৎ প্ৰদৰ্শন কৰি প্ৰৌঢ়ত্ব মোচনৰ আনন্দ উপভোগ কৰিছে৷ সোমেন লিখাত ব্যস্ত, তেওঁ দেখা নাই৷ )

সোমেনঃ অলপ লাহে লাহে ছাৰ৷ ফুচফুচত পাম্প, মাছল বিলাক –(শম্ভুনাথে হঠাতে সোমেনৰ গাত ভৰ দি হাউলি পৰে৷ সোমেন Îমেজত হামখুৰি খাই পৰে৷)

শম্ভুনাথঃ চ্যাটাৰ্জি!

সোমেনঃ কওঁক ছাৰ?

শম্ভুনাথঃ ড্যাম ইয়োৰ ছাৰ৷ দেখা নাই মোৰ এক্সপেৰিমেণ্ট চাকচেচফুল? চেণ্ট পাৰচেণ্ট চাকচেচফুল? চ্যাটাৰ্জি! আহক –চেলিব্ৰেট কৰা হওক৷

সোমেনঃ (লিখি লিখি) এক মিনিট ছাৰ —

শম্ভুনাথঃ (ধমক দি ) পুনৰ ছাৰ বুলিছা —

সোমেনঃ ইয়েছ ছাৰ, ন’ ছাৰ — মানে — ন’ ছাৰ৷ আৰু ছাৰ নহয় — সেই কথা কৈছিলো৷

শম্ভুনাথঃ দ্যাটছ বেটাৰ৷ ( শম্ভুনাথৰ অস্থিৰ পদচালনাৰ সুযোগ লৈ সোমেনে লিখি পেলায়৷ )

সোমেনঃ আপুনিৰ পৰা তুমি — ছাৰ সম্বোধন বাৰণ —

শম্ভুনাথঃ চ্যাটাৰ্জি, চিগাৰেট আছে ?

সোমেনঃ সেইটো কেনে কথা ছা– ইয়ে ডক্টৰ সেনগুপ্ত৷ আপুনিটো চিগাৰেট নাখায়৷

        ( চিগাৰেট কেছ আৰু জুইশলা জেপৰ পৰা উলিয়াই দিয়ে৷ )

শম্ভুনাথঃ কলেজত থাকোতে খাইছিলো৷ বহুদিন হ’ল এৰি দিয়া৷ আজি খাবলৈ মন গৈছে৷ কি চিগাৰেট হে? ৰেড ওণ্ড হাৱাইট ? এইবিধ আমাৰ দিনত নাছিল৷

সোমেনঃ বেছি দিন হোৱা নাই ওলোৱা৷

শম্ভুনাথঃ এইটো ঘাহ হুপাৰ দৰে লাগিছে হে ? ইয়াতকৈ এডাল নল মুখত দি হাৱা টানিলেই পাৰি৷ (আৰু এটা লৈ দুইটি একেলগে লৈ দীঘল টান দিয়ে৷ ) আঃ এইবাৰহে কিবা এটা লাগিছে৷

        (শম্ভুনাথে সমানে বকিবলৈ ধৰিলে৷ সোমেনে তেওঁৰ অশান্ত হাতৰ জ্বলন্ত চিগাৰেট যুগলৰ পৰা নিজক বচোৱাৰ কৌশলৰ মাজে মাজে লিখিবলৈ চেষ্টা কৰিলে৷)

        কলেজৰ হোষ্টেলত যেতিয়া আছিলো — দিনত তিনি পেকেট চিগাৰেট উৰোৱাইছিলো৷ এবাৰটো লেবৰেটৰিত চিগাৰেট খোৱাৰ কাৰণে মোৰ আৰু সন্দীপৰ ফাইন ভৰিবলগা হৈছিল৷ সন্দীপ আছিল আমাৰ ব্লকৰ পাণ্ডা, ফুটবল টিমত চেণ্টাৰ হাফত খেলে৷ এদিন হ’ল কি — হিঃ হিঃ — ফুটবল মেছ জিকি আহি হোষ্টেলৰ বাৰাণ্ডাত খুওব হাল্লা হৈছে সেই সময়তে — হো হো — চুপাৰিটেণ্ডে হঠাৎ দৰজা খুলি — হাঃ হাঃ হাঃ — সন্দীপে তেতিয়া নাচিছে বিলাতী নাচ — হো হো হো — আৰু আমি সকলোৱে তাল ধৰিছো — ট্যা ৰা ৰা ৰা, ট্যা ৰা ৰা ৰা, ড্যুম ড্যুম ট্যা ৰা ৰা ৰা — ( সজোৰে টেবুল বজাবলৈ ধৰে৷ সোমেন স্তব্ধ৷ ) — চুপাৰিণ্টেণ্ডটক দেখিয়েই — ও হো হো হো হো –(হঠাৎ হাঁহি বন্ধ কৰি)

        তুমি শুনিছানে নাই?

সোমেনঃ (চমকি উঠে ) শুনিছো আৰু কি, নিশ্চয় শুনিছো৷

শম্ভুনাথঃ কি কৈছিলো, কোৱাচোন৷

সোমেনঃ এইযে — ড্যুম ট্যা ৰা ৰা ৰা —

শম্ভুনাথঃ হাঃ হাঃ হাঃ — ঠিক কৈছা৷ আৰু এটা তাল আছিল৷ টাট্টাৰা টা, ডুম টাৰাটা (বজাই বজাই ৰৈ যায়)–কিন্তু চ্যাটাৰ্জি?

সোমেনঃ কওক?

শম্ভুনাথঃ ইমান এটা ডাঙৰ আৱিষ্কাৰ কৰি মনে মনে বহি থাকিম?

সোমেনঃ খুওব যে মনে মনে বহি আছে — সেইটোওটো

শম্ভুনাথঃ আৰে না না৷ আৰে না না –দুনিয়াৰ কোনেও জনাই নাই এতিয়াও! ঠিক হৈছে৷ অণিমাক মাতি আনো৷

সোমেনঃ (ব্যস্ত হৈ) এতিয়া ৰাতি প্ৰায় ডৰটা — বৌক আৰু মাতিব নালাগে৷ তাতকৈ — ডক্টৰ খাস্তগীৰে কৈ পঠাইছিল কিবা পালে টেলিফোনত খবৰ দিবলৈ —

শম্ভুনাথঃ ৰাইট৷ (ফোন ধৰে) হ্যালো হ্যালো৷ হ্যালো – ও – ও এই যে খুকুমণি, শুলেই ? …. ওহো, তুমি পুনৰ মেমচাহেব — নম্বৰৰ বাদে একো নুবুজা৷ (মিহি সুৰে) নাম্বাৰ প্লীজ? ইয়েস প্লীজ৷ সাথ থ্ৰি–ও–নাইন –টু প্লীজ … এবাৰ মাত্ৰ চাৎকৈ লক্ষ্মী ছোৱালীৰ দৰে প্লীজ … হ্যালো হ্যালো হ্যালো ও–ও–৷ চ্যাটাৰ্জি কোনেও সঁহাৰি দিয়া নাই যে?

সোমেনঃ শুলে বোধ হয়৷

শম্ভুনাথঃ শুলে ? মই খাই মৰিছো আৰু বেটাই নাক বজাই শুইছে৷ — এই লাগি গ’ল — হ্যালো কান ? ডক্টৰ খাস্তগীৰ ? আ্যঁ? স্পীকিং? ..ওহো আপুনি স্পীকিং, মানে ডক্টৰ খাস্তগীৰ স্পীকিং৷ ..মই? মই শম্ভু –শম্ভুনাথ সেনগুপ্ত .. — নেশনেল বায়লজিকেল ইন্সটিটিউটত কাম কৰো .. চিনিব পাৰিছে? চিনিবতো পাৰিবই .. অনেক বছৰ হ’লটো স্যাৰ, আপোনাৰ কোম্পানীত .. কি কৈছে, খবৰ? জবৰ খবৰ ছাৰ! আৱিষ্কাৰ! ইউৰেকা৷ ট্যা ৰা ৰা ৰা ডুম৷ … বুজিব পৰা নাই? কিয় ইতো পানীৰ দৰে পৰিষ্কাৰ …আাঁ? ডুম? …ওঃ হো, ডুম নহয় ছাৰ – ট্যা ৰা ৰা ৰা ডুম৷ এইটো এটা নাচৰ বাজনাৰ তাল… নাই নাই৷ নাচোনৰ বাজনাৰ লগত এক্সপেৰিমেণ্টৰ সম্পৰ্ক কেনেকৈ থাকি যাব? সেই বাজনাটো হ’ল ফক্স ট্ৰটৰ৷ নহ’লে পোলকাৰ? ওৱাল্টজ্ ও হব পাৰে ছাৰ, ঠিক মনত পৰা নাই৷ সন্দীপে জানে৷ আচ্ছা ছাৰ সন্দীপক এটা ফোন কৰি চাব পাৰো — কোন? —- চ্যাটাৰ্জি? হ্যাঁ, আছে ইয়াতে বহি বহি ছাই ভষ্ম কিবোৰ লিখি আছে — বোধহয় কবিতা ছাৰ৷ (সোমেনৰ চকু ডাঙৰ হৈ যায়) আচ্ছা ছাৰ — (কণ্ঠ শান্ত কৰি) চ্যাটাৰ্জি প্ৰেম টেমত পৰিছিলেনে নাই? আপোনাক কেতিয়াবা কিবা কৈছে? (সোমেন মূঢ় হৈ যায়) .. কি ক’লে ? শুনিবপৰা নাই৷ আৰু অলপ ডাঙৰকৈ কওক .. চ্যাটাৰ্জিক দিম৷ (সোমেনক ৰিচিভাৰ দিয়ে) চ্যাটাৰ্জি ধৰা ভাই — বেটাই বাংলা ভাষা বুজিব পৰা নাই৷

সোমেনঃ হ্যালো — হয় ছাৰ, মই সোমেন চ্যাটাৰ্জি, শুনক ডক্টৰ সেনগুপ্তই ৰাতি এটা তেৰ বজাত সলিউশ্যন খাইছিলে৷ তাৰ আগতে গ্ৰাণ্ড এক্সট্ৰাক্ট বি ফোৰৰ পাৰ্চেন্টেজ অলপ বঢ়াব লগা হৈছিল৷ তাৰ পৰাই বৰ কিবা অদ্ভুত ৰিয়েকশন হৈছে৷ …এতিয়া ? এতিয়া নাচিছে ছাৰ (কথাটো মিছা নহয়) …. কেনেধৰণৰ ? মই ঠিক নাজানো ছাৰ — বোধহয় ফক্সট্ৰট৷ ওয়াল্টজ ও হ’ব পাৰে — ডক্টৰ সেনগুপ্তই কৈছিলে সন্দিপ মিত্তিৰৰৰ কথা … (হঠাৎ ব্যস্ত হৈ) নাই নাই ছাৰ, মই খোৱা নাই৷ মই মাত্ৰ ৰিয়েকশনবোৰ ক’বলৈ চেষ্টা কৰিছো — তাকো ঠিক ধৰণেৰে ক’ব পৰা নাই৷ তেখেতক দেখি কিয় যে মই সব পাহৰি গৈছো ..আ হা হা কৰিছে কি? পৰি যাব পৰি যাব৷ … নাই ছাৰ আপোনাক নহয়৷ ডক্টৰ সনগুপ্ত চকীৰ ওপৰত টুল থিয় কৰি উঠিবৰ চেষ্টা কৰিছে, হয় … আপুনি আহিব ? ….. হয় ছাৰ কাইলৈ পুৱাই আহক৷ ৰাতিটো মই কোনোৰকম চম্ভালিম …… হ্যা হ্যা নিশ্চয়, ৰিয়েকশন সকলো লিখিছো — ঐ গ’ল গ’ল …. (শম্ভুনাথ চকী-টুলসহ উবুৰি খাই পৰে৷ সোমেনে ফোন থৈ আহে, কিন্তু তৎমুহূৰ্ততে শম্ভুনাথে এক জাঁপে উঠে৷ )

শম্ভুনাথঃ ভয় খাইছা কিয় ব্ৰাডাৰ ? কলেজৰ চি টীমত খেলিছিলো — কিমান ধৰাধৰ পৰিছিলো তেতিয়া৷ পেলাইছিলোও বহুতক৷ এবাৰ এজনে ৰাইট ইন বল লৈ আগুৱাইছে, মই আছিলো বেকত৷ এভৰি এভৰিকৈ পিছফালে আহি হঠাৎ জাঁপ মাৰি ধৰি ললো বেটাৰ কমৰত৷ আঃ৷ (সোমেনে পিছফালে গৈ অলপৰ বাবে বাচি গ’ল৷ শম্ভুনাথে পৰমানন্দত চকু মুদে, যেন কল্পনাৰ চকুৰে ৰাইট ইনৰ পতন দেখিছে৷ )

সোমেনঃ তাৰ পিছত?

শম্ভুনাথঃ (কান্ধ জোকাৰি) ৰেফাৰী বেটাই ফাউল দি দিলে৷

সোমেনঃ সেইটো হ’বই? অন্যায় হৈছে তো?

শম্ভুনাথঃ (উত্তেজিত সুৰে) মাত্ৰ কি সেয়াই. মই বি টিমলৈ যোৱাৰ কথা আছিল, সেয়াও বন্ধ হৈ গ’ল, তাৰ উপৰি চি. টিমতো থাকিবলৈ নিদিলে৷

সোমেনঃ কলৈ গ’ল? ডি টিমলৈ?

শম্ভুনাথঃ তালৈকে যাম৷ কিন্তু চি. টিমৰ তলত আৰু কোনো টিম নাছিল৷ (অণিমাৰ প্ৰৱেশ)

অণিমাঃ এটা কিহৰ শব্দ শুনিলো — যেন কিবা পৰি গ’ল৷

শম্ভুনাথঃ (হৰ্ষোল্লাসে) ডাৰ্লিং তুমি আহিছা? ইউৰেকা৷ মাৰি দিছো? (অণিমাৰ কমৰত ধৰি নাচিবলৈ ধৰে৷ ) ট্যা ৰ্যা ৰ্যা ৰ্যা, ট্যা ৰ্যা ৰ্যা ৰ্যা, ডুম ডুম ট্যা ৰ্যা ৰ্যা ৰ্যা — বজাওক চ্যাটাৰ্জি — (চ্যাটাৰ্জিয়ে দুই হাতে মুখ ঢাকি বহি পৰে৷ )

তৃতীয় দৃশ্যঃ

(একেটাই ঘৰ৷ পাছদিনা সময় নটা৷ ডাঙৰ চকীখনত শম্ভুনাথ শুই আছে৷ মূৰৰ ফালে অণিমাই এখন টুল দি হাতত এখন বিচনী লৈ শম্ভুনাথক পৰিচৰ্যা কৰে৷ হৰিৰ প্ৰৱেশ৷ )

হৰিঃ মাজী৷

অণিমাঃ ওম ?

হৰিঃ পাচলি আনিছে৷

অণিমাঃ এতিয়া নালাগে বুলি কগৈ৷

হৰিঃ হ’ব মাজী?

অণিমাঃ (সচকিত হৈ) কি কৈছিলি?

হৰিঃ কৈছিলো পাচলি আনিছে৷ বামুণ ঠাকুৰে সুধিছে কি ৰান্ধিব লাগিব৷

অণিমাঃ যি হয় নিজে বুজি ৰান্ধিবলৈ কগৈ যা৷ ( হৰিৰ প্ৰস্থান৷ শম্ভুনাথে ইকাটি সিকাটি কৰি শোৱাৰ চেষ্টা কৰে৷ অসুবিধা বোধ কৰি টোপনি ভাঙি যায়৷ )

অণিমাঃ এতিয়া কেনেকুৱা অনুভৱ কৰিছা?

শম্ভুনাথঃ (হাত জোকাৰি) মোৰ চশমাযোৰ ক’ত থলো —

অণিমাঃ এইয়া —

        (শম্ভুনাথে চশমা পিন্ধি চাৰিওফালে চায়৷ )

শম্ভুনাথঃ ইয়াত কিয়া শুলো ? ওঃহো, মনত পৰিছে, সলিউশন এক্স৷ কালি ফাইনেল টেষ্ট কৰিছিলো, নহয়নে, চাকছেছফুল৷

অণিমাঃ (হাঁহি) হ্যাঁ চাকছেছৰ ধুমুহাজাক মোৰ ওপৰেদি কম যাৱা নাই ?

শম্ভুনাথঃ (লাজত নত হৈ) তোমাক অলপ নচুৱালো৷ এয়াই তো? কিন্তু — কিন্তু টোপনি গ’লেই কি এফেক্ট কাটি যায়? চশমা এৰি পুনৰ অন্ধ, শৰীৰটো তো পুনৰ সেই একে — কিন্তু কি হ’ব৷ নিশ্চয় হ’ব৷ কেইঘণ্টামানৰ কাৰণে যেতিয়া হৈছে৷ তোমাৰ কি মনে ধৰে?

অণিমাঃ মোৰ মাত্ৰ এনে লাগে যিমান সোনকালে এই ভূত শৰীৰৰ পৰা নামে সিমানেই ভাল৷

শম্ভুনাথঃ কি কৈছা তুমি? যুগান্তকাৰী আৱিষ্কাৰ৷ দুনিয়াৰ চেহেৰা বদলি যাব৷ মই ঠিকেই ধৰিছিলো — গ্লাণ্ড — এক্সট্ৰা “বি -ফোৰ৷” আচ্ছা চ্যাটাৰ্জি ক’ত?

অণিমাঃ ডক্টৰ খাস্তগীৰৰ লগত ইন্সটিউটলৈ গৈছে৷ তোমাৰ সলিউশ্যন অলপ লৈ গৈছে — টেষ্ট কৰিবলৈ৷

শম্ভুনাথঃ ডক্টৰ খাস্তগীৰ আহিছিলে নেকি? কেতিয়া?

অণিমাঃ ৰাতিপুৱা সাতমান বজাত৷ সোমেন চ্যাটাৰ্জিৰ মুখত সকলো শুনি ক’লে — এতিয়াই টেষ্ট কৰি চাব৷

শম্ভুনাথঃ কিন্তু এই টেষ্ট আকৌ কৰাৰ প্ৰয়োজন কি ? বৰং বি ফোৰৰ পাৰ্চেমে্টজ আৰু অকণমান বঢ়াই — ( পিছফালৰ টেবুলৰ ওচৰলৈ যায়৷ ফোন বাজে৷ অণিমাই ফোন ধৰে৷ )

অণিমাঃ হ্যালো …ও হ্যাঁ, ইয়াতে আছে৷ দিছো৷ সোমেন বাবুৱে ইন্সটিউটৰ পৰা ফান কৰিছে৷

শম্ভুনাথঃ হ্যালো .. হয় মই শম্ভুনাথ৷ আ্যঁ … ? কি, কৈছে কি ? .. কোনো ৰিয়াকশন নাই? … মাত্ৰ মূৰ ঘূৰোৱা? … অসম্ভৱ৷ ইমপছিবল৷ আই ডোণ্ট বিলিভ৷ … কি কৈছে? আপুনি নিজৰ ওপৰত টেষ্ট কৰি চাইছে? কোনে এফেক্ট নাই? …. কিন্তু কেনেকৈ হ’ব ? কালি ৰাতি নিজৰ চকুৰেই দেখিছে৷ অণিমাইও তো দেখিছে .. আ্যঁ? … হয় মই গৈছো৷ নিশ্চয় কিবা গোলমাল আছে … হয় হয় এতিয়াই গৈছো ( অলপ পৰ স্তব্ধ হৈ পদ সঞ্চালন কৰে) ইমপছিবল৷ হবই নোৱাৰে৷ (কৈ কৈ পিছফালৰ টেবুলৰ ওচৰলৈ যায়, গ্লাছত অলপ সলিউশন ঢালি লয়) প্ৰমাণ কৰি দিম৷ আই উইল প্ৰোভ ইট টু দা ওৱাৰ্লড — ( অণিমাই খৰকৈ আহি গ্লাছটো কাঢ়ি লয়)

অণিমাঃ না নহ’ব৷

শম্ভুনাথঃ দিয়া অণিমা দিয়া৷

…………..

(আগলৈ)

 

Leave a Reply

Your email address will not be published.