ফটাঢোল

সহযাত্ৰী- অসীমা শইকীয়া দত্ত

খুৰী, অ’ খুৰী…

জোনালীৰ চিঞৰত মই য’ৰে কাম ত’তে এৰি আগফাল পালোহি। সিহঁতৰ দেউতাকে হেনো বাইক এখন কিনিলে। ছোৱালী চাৰিজনীৰ পিছত ভাইটিটো হ’ল সেয়ে ফুৰ্তিতে দেউতাকে বাইক এখন কিনিলে। জোনালীৰ উৎসাহ ভৰা কথাত চাই পঠিয়ালো সিহঁতৰ চোতাললৈ। মদ খাই চকুৰ বাদু ওলমা দেউতাকে কিক মাৰি দুচকীয়া দিজাইনৰ কিবা এখন ষ্টাৰ্ট কৰি আছে। মাকেও তিনিমহীয়া কেঁচুৱাটো জোনালীৰ পিছৰজনীৰ হাতত দি সেইখনৰ পিছত উঠিবলৈ মেট্ৰিকৰ ৰিজাল্টলৈ বাট চোৱাদি ষ্টাৰ্ট হোৱালৈ বাট চাই আছে। বহুত চেষ্টাৰ মূৰত বাহনখন যেনিবা ষ্টাৰ্ট হ’ল। ঠিক যেন সিহঁতৰ অপৰিপক্ক মানসিকতাৰে পুষ্টিহীন মানুহজনীৰ দেহাত ষ্টাৰ্ট হোৱা শেহতীয়া সন্তানটোৰ দৰে। আওপুৰণি আজিকালি বোমা দিবলৈও নিনিয়া পুৰণি স্কুটাৰ এখন দেউতাকে কামৰ জেগাত এনেই পোৱাদি পাই মাকক উপহাৰ হিচাপে দিছেহি। মানুহজনৰ পিছফালে গপচত বহি আমাৰ সন্মুখেৰে দাঁত চেলাই যোৱা মানুহজনীলৈ চাই অবাক হৈ ৰ’লো। ল’ৰা জন্ম হ’লে ফুৰ্তি পোৱা সমাজ ব্যৱস্থা। পুতেকৰ জন্মৰ গৌৰৱত দেউতাকৰ যিটো ফূৰ্তি কাইলৈ সেই পুতেকৰে অত্যাচাৰত, অৱহেলা, অনাদৰত ডাঙৰ হোৱা ছোৱালীকেইজনীয়েই চাগে আশ্বাসৰ শেষ সম্বল হ’ব। জোনালীহঁতৰ ভাড়াঘৰৰ চোতালৰপৰা, চুৱেটাৰ গুঠি ভালপোৱা গহীন মানুহজনীয়েও এমোকোৰা হাঁহিলে জোনালীৰ দেউতাৰ কাণ্ডত।

চৈধ্যফুটীয়া ৰাস্তাটোৰ সিপাৰে পৰি থকা মাটী দুকঠাত গিৰিহঁতক সৈমান কৰাই তৰ্জাবেৰৰ আটোমটোকাৰি কোঠা চাৰিটা সজালো। এ টি ৰোডৰপৰা চাৰিশ মিটাৰ দূৰত্বৰ মূল্যবান জেগা। ভাড়াঘৰ বিচৰা মানুহৰ হিচাপ নাই। আনে শিল বালি দমাই ব্যৱহাৰ কৰা আমাৰ মাটিখিনিত ভাড়াঘৰ বনাই মালিকনী হোৱাৰ গৌৰৱ আৰ্জিলো। প্ৰথম মালিকনী হ’বলৈ পালো নাতিদূৰৈৰ গেৰেজটোত কাম কৰা মদনৰ পৰিয়ালটোৰ। ওচৰৰ সকলোৰে চিন্তা, এইহেন ভি আই পি এলেকাত প্ৰথম তৰ্জাবেৰৰ ভাড়াঘৰ। কেনেকুৱা বা মানুহ থাকিব। পৰিৱেশ বিনষ্ট হ’ব। আচলতে ধুৰন্ধৰমখাৰ চিন্তাৰ গুৰিটো ক’ত মই জানো। উৎসৱে পাৰ্বনে সিহঁতে আমাৰ এনেই পৰি থকা মাটিখিনিৰ সদব্যৱহাৰ কৰে। ঘৰুৱা নামলৈকে সিহঁতে আমাৰ অঁকৰা মানুহটোক ঠগি তাতে পাতে। হাঁহেৰেও ৰাজী মাহেৰেও ৰাজী মানুহটোৱে এনেয়ে পৰি থকাতকৈ কামত আহিছে বুলি সন্তুষ্টি লয়। শেষত মইয়ে সাৰ্মথ্য অনুযায়ী মিস্ত্ৰীৰ আগত থাকি ভাড়াঘৰৰ শুভাৰম্ভ কৰিলো। প্ৰথমদিনাই মানুহ ঘৰ বিচাৰি লাইন লাগিল। পিছে মোৰহে পচন্দ নহ’ল। মাইকী মানুহ নথকা উদঙীয়া মতাক ভাড়া নিদিওঁ, চিজিলত নাথাকে। অৱশেষত মিলিল। একেবাৰে এশ শতাংশ মাইকী মানুহৰ পৰিয়ালকে মিলিল। চাৰিজনী ছোৱালীৰে আৰু এটা এমহীয়া কেঁচুৱাৰে সৈতে মদনহঁতৰ পৰিয়ালটোক প্ৰথমেই এপইণ্টমেণ্ট দিলো। তাৰ পিছতে আহিল ছয়বছৰীয়ামানৰ ল’ৰা এটাৰ সৈতে অন্য মানুহ এজনী। এইতো পৰিয়ালত মানুহজন লগত নাথাকে দূৰত চাকৰি কৰে। অকল মাক পুতেকহে। মোৰনো কি? গিৰিয়েক লগত থাকক নাথাকক, মই মুঠতে মাহেকৰ মূৰত পইচা পালেই হ’ল। এই দুটা পৰিয়ালেৰে মোৰ মালিকনীৰ জীৱন আৰম্ভ। মদনৰ চেম্পুৰ লগত কণ্ডিশ্যনাৰ পেকেট ফ্ৰিৰ দৰে চাৰিজনী ছোৱালীৰে চুবুৰীটো ৰজনজনাই থাকিল। অভিজাত এলেকাত মদনৰ ডাঙৰ জীয়েক জোনালীৰ সৈতে ৰুপালী, দীপালি, সোণালীয়ে কম দিনতে ওকনিৰ দৰে লিলিয়াই ফুৰিবলৈ ল’লে। জোনালীয়ে চিক্সলৈকে পঢ়ি এৰি দিলে। ঘৰত ভায়েকক চাব লাগে। বাকীকেইজনীয়েও খিচিৰি খাবলৈ পোৱালৈকে পঢ়িব। সেয়ে এনেহেন এটা পৰিয়ালৰ কথা ভাবি চুবুৰীয়াৰ ৰোষত পৰাৰ মোৰ ভাৱনাক নস্যাৎ কৰি সিহঁতৰ চাহিদা পিছে আমাৰ এলেকাত বিপুলভাৱে বাঢ়িহে গ’ল। বিগবজাৰৰ অফাৰৰ দৰে সিহঁতৰ লী প্ৰডাকশ্যনটো কম দিনতে নেফানেফ হ’ল। পৰা হ’লে চুবুৰীৰ দুটামানে জোনালীৰ মাক দেউতাকক এদভাঞ্ছেই দিলেহেঁতেন। আৰু দুজনীমানৰ বুকিঙৰ বাবে। আগৰ কেনেকুৱা মানুহ ভাড়া দিব বুলি আমাক কৰ্কথনা কৰা দত্ত, বৰা সকলো এতিয়া আমাৰ প্ৰশংসাত গদগদ। তেওঁলোকৰ আলফুলীয়া পত্নীসকলৰ লোলুপ চকু জোনালীহঁতৰ লী কোম্পানীত। সৰুজনীৰ বাদে বাকী কেইজনী সিহঁতবোৰৰ ঘৰত চেগাচোৰোকাকৈ চাকৰিত মকৰল হ’লেই। সৰ্বশিক্ষাৰ জহত বনকৰা ছোৱালী পাবলৈ টান, তেনেস্থলত অমৃতৰ চৰুটোকে আমি আনি পাতি দিলোহি। জোনালীয়েও গধূলি আহি মোক খুৰী খুৰী বুলি ইটো সিটো কৰি দিয়েহি। তাইৰ টকটকীয়া কথাৰ লাচনি পাচনিত ময়ো কম দিনতে ডুব গ’লো। তাইৰ মৰমতে সিহঁতৰ ভাড়াপইছা সিটো পৰিয়ালতকৈ কম ল’বলৈ ল’লো। সিটো পৰিয়ালৰ মানুহজনী মোৰ কিবা হজমো নহয়। অহঙ্কাৰী টাইপ যেন। কথা কম কয়, বহুত গহীন। ল’ৰাটোৰ সৈতে অকলে থাকে, গ’লেও কেতিয়াবা মই, বেছি আদৰ সাদৰ নকৰে। যেন পইচা দিছোঁ, আছোঁ, কিহৰ লেন চেলাম! মোৰ মালিকনী এটিটিউদটো তাইৰ ওচৰত খৰ্ব হয়, তাইৰ গপচ ব্যৱহাৰত। অহা দুমাহ হ’ল অথচ তাইৰ গিৰিয়েকৰ দেখাদেখি নাই। কিন্তু তাইৰ মুখত লগ পোৱা সময়কণত গিৰিয়েকৰে গুণগানৰ অন্ত নাই। আমাৰ ৰক্তিমে অমুক ভাল পাই তমুক ভাল পায়। উস, মতাৰ মুখ অকল তাইহে দেখিছে যেন।

যি নহওক জোনালীহঁতৰ দেউতাকে গেৰেজত কাম কৰি আহি ৰাতি দুই এটা গোজৰণি মাৰিলেও সিহঁতৰ ঘৰৰপৰা পোৱা সুবিধাৰ তুলনাত সেয়া নগণ্য। ওচৰ চুবুৰীয়াৰো আপত্তি নাই, ময়ো স্বস্তিৰে উশাহ লওঁ। চুবুৰীৰ পকী নলাৰ কাষৰ কচু ঢেকীয়া বুটলিবলৈ লাজ কৰা দামী নাকৰ বাসিন্দাৰ পাকঘৰত লী কোম্পানীৰ জহত সকলো বিদ্যমান। লেতেৰা ঠাইৰপৰা বেচিলে কিনি খাবলৈ ভাল। ঘৰৰ ওচৰৰবোৰ বুটলিবলে লাজ।

কেতিয়াবা আফচোচো হয় নপঢ়ি নুশুনি কিলবিলাই ফুৰা ছোৱালীজাকৰ বাঁহটোৰ ভৱিষ্যতৰ কথা ভাবি। তথাপি কোন সতেৰে ভাল উপদেশ দিওঁ, কম সুবিধা পাইছোনে সিহঁতৰপৰা! পাকঘৰৰ সহায় পাইছোঁ। কিবা নহ’লেই ‘যাচোন দৌৰ মাৰি, সৌ মূৰৰ গেলামালৰ দোকানৰপৰা আলু আনগৈ’ বুলিব পাৰিছোঁ।

এদিন জোনালীয়েহে ক’লে, সিহঁতক বোলে কাষৰ গহীন ভাড়াতীয়াজনীয়ে নপঢ়ি নুশুনি লোকৰ ঘৰত পনপনাই ফুৰাৰ বাবে কৰ্কথনা কৰিছে। সিহঁতৰ মাক বাপেককো খং কৰিছে ছোৱালীকেইজনীৰ ভৱিষ্যত ধ্বংস কৰাৰ বাবে। অভিজাত এলেকাত আই আইটি, এন আইটিৰ দৰে অনুষ্ঠানত অধ্যয়নৰত সন্তানেৰে নদন বদন। সেই অনুপাতে উচ্চপদবীধাৰী অভিভাৱক। অথচ জন্মনিয়ন্ত্ৰণ আঁচনিয়ে ঢুকি নোপোৱা জোনালীহঁতৰ ব্যক্তিগত অনুষ্ঠানটোৰ উত্তৰণৰ কথা কোনেও নাভাবে। সিহঁত কেইজনীক কামত লগাবলৈ হেতা ওপৰা।

ময়ো সব বুজো জানো। কিন্তু বাটৰ কচু গাত ঘঁহো কিয়। সুবিধা পাইছোঁ হ’ব। দৰিদ্ৰ শিশুৰ মুখৰ খাদ্য কাঢ়ি খোৱা, দৰিদ্ৰ কৃষকৰ বীজ কাঢ়ি খোৱা, পথাৰৰ জলসিঞ্চনৰ ব্যৱস্থাৰ অগাধ টকা লুটি পুটি খোৱাকেইটাও আমাৰ এলেকাতে বিয়াগোম বিল্ডিঙেৰে দপদপাই আছে। পাহাৰীয়া চাকৰিৰ জেগালৈ ফটাকাপোৰ পিন্ধি লাইনবাছত উঠি যায়। তাৰ জনসাধাৰণৰপৰা দূৰত নিজৰ জেগাত লাখটকীয়া গাড়ীত উঠি তাও মাৰি ফুৰে। মইতো এই লৈ মূৰ ঘমোৱা নাই। ৰমক জমক সিহঁতৰ বাৰ্থদে পাৰ্টিত মইওতো বাঃ বাঃ দি উঠা বহা কৰিছোঁ। মোৰ নলে গলে লগা সিহঁতকেইজনীক কেতিয়াবা কৈছোঁ জানো! তোমালোকক আৰু ৰাইজৰ তেজ শুহি কিমান গোটাই দিব। ইমানতে ক্ষান্ত হোৱা। ওঁহো, নাইকোৱা। কিয় ক’ম? কাৰণ মই ভদ্ৰ মানুহ। মই ক’লেওতো চিষ্টেম সলনি নহয়। কবিগুৰুৰ একলা চলো ৰে অৰ্থ মোৰ দৰে মানুহে বুজিও নুবুজাৰ ভাও ধৰি ভীৰতে গৈ থাকো। নিজৰ স্বাৰ্থ জড়িত কথাত মাত নমতাটোৱেই ভাল। উলংগ হৈ নাচক আনে, মোৰ কি হানি হ’ব?

ভাড়াঘৰৰ দিনবোৰ সুকলমে চলি থাকিল। ভাড়াপইচাৰ খেলি মেলি নাই। এক নিমজ যাত্ৰা। কিন্তু হঠাৎ এই যাত্ৰাত ওচৰৰ বৰানীহঁতে দিলে নহয় খেলি মেলি লগায়। কথাটো নোহোৱাও নহয়। আজি আঠমাহে গহীন ভাড়াতীয়াজনীৰ গিৰিয়েকৰ কোনো উমঘাম নাই। সুধিলেও চাকৰিৰ ছুটী নাই বুলি কয়। যাক লৈ সমস্যা নহয় বুলি ভাবিছিলো শেষত তায়ে সমস্যা হৈ ওলাল। আলহী বেয়া পোৱা জোনালীহঁতক পঢ়িবলে উচতোৱা নিবোকা মানুহজনী মই এনেয়েও বেয়া পাইছিলো। ল’ৰা স্কুলত থ’বলে গৈ আবেলি ঘূৰা মানুহজনী মূৰৰ বিষৰ কাৰণ হৈ পৰিল। মোৰ পৰামৰ্শত জোনালীৰ চি আই দি গিৰিয়ে সন্দেহজনক তথ্য যোগাব নোৱাৰিলে। কমবয়সীয়া, খোজত পঞ্চাচে গৰকা মানুহজনী নাৰ্চাৰী স্কুলৰ শিক্ষয়ত্ৰী বুলিও কয়। কিমান দূৰ বা সত্য। মোৰ সন্দেহী মনৰ জুইকুৰাত বৰানী, দত্তনীহঁতে পেট্ৰল ঢালে। “বুইছে শৰ্মানী,  আজিকালি যা তা মানুহক ভাড়া নিদিব। ফচিব মালিকহে। কি ঠিক এই কোন! কথাই নকয়। ফোঁটো কপালত নলয়েই, শিৰতো সেন্দুৰ নাই, কিজানি কোনোবা জেহাদী আলি পদুলিৰে ঘৈণী বা।” মনত পৰিল মানুহজনীয়ে লগ পালেও অকল গিৰিয়েকৰ কথাৰ বাদে বেলেগ নেপাতে। ঘৰুৱা সকামলৈ মাতিলেও নাহে, অজুহাত দেখুৱায়। এই কি প্ৰকৃততে? গিৰিয়েকটোও অতদিনে কিয় অহা নাই জানিবলে এদিন যাম বুলি গুণাগঠা কৰোতেই হঠাৎ তাইহে পুতেকৰ হাতত ধৰি আমাৰ ঘৰ ওলালহি।

“বাইদেউ বিশেষ কথা এটাত আহিছিলো। মই মানে আগফালে চাইনবোৰ্ড এখন লগাব খুজিছোঁ। অৰ্ডাৰ লৈ চুৱেটাৰ, শ্বল গুঠিম। মেখেলা চাদৰ চিলাম। মুখপাত জেগা, গ্ৰাহকো পাম। আপুনি বেয়া নাপালে কামটো আৰম্ভ কৰিম নে?”

তাইৰ কথাত থমক খাই ৰ’লো। তাইৰ হাতত তেতিয়াও আধা গোঁঠা চুৱেটাৰ এটা।

: বাইদেউ একো নামাতিলে যে।

 তাইৰ মাতত মই চাইদ কৰি থোৱা বাগী কুঠাৰখনৰ ভাবি ক’লো, “এইটো অভিজাত এলেকা। তোমাৰ দোকানৰ গিজগিজনীয়ে যদি পৰিৱেশ নষ্ট কৰে ৰাইজে মোক দূষিব। গতিকে দাদাৰ লগত পাতিহে ক’ব পাৰিম। বাৰু এইটো কাৰ বাবে গুঠিছা?” – তাইৰ হাতৰ চুৱেটাৰটোলৈ আঙুলিয়াই সুধিলো।

: এইটো মানুহজনৰ বাবে। তেওঁক প্ৰতিবছৰে নতুনকে গুঠি উপহাৰ দিওঁ। সেউজীয়া তেওঁৰ প্ৰিয় ৰং। ভাল লাগিছেনে ডিজাইনটো বাইদেউ?

গিৰিয়েকৰ কথা ক’বলৈ লৈ ৰামধেনুৰ ৰঙে জিলিকাই তোলা মানুহজনীৰ মুখখনলৈ চাই মোৰ খঙেই উঠিল। ইস একেবাৰে গিৰিয়েকৰ কথা ক’বলৈ পালে এইজনীক একো নালাগে।

: বাইদেউ জানেনে ৰক্তিমে মোক আগতেই কৈছিল তোমাৰ হাতৰ বিদ্যা বহুত, কামত লগোৱা। সেয়ে আপোনালোকৰ সহযোগত কামটো কৰো বুলি ভাবিছিলো।

তাইৰ অনৰ্গল লেকচাৰত ফুলষ্টপ দি ক’লো, “হ’ব তোমালোকৰ পিৰীতিৰ নমুনা মোৰ আগত দাঙিব নালাগে। কিন্তু তোমাৰ মানুহজনক ক’বা, এইবাৰ যাতে চাকৰিৰ জেগাৰপৰা সোনকালে আহে। তোমাকতো মই নাজানো। যি কৈছা বিশ্বাস কৰিছোঁ। চা চিনাকি হ’ম আহিলে। দিন কাল বেয়া কাকো বিশ্বাস কৰিব নোৱাৰো।”

নিজৰ অজানিতে তুলি লোৱা বাগী কুঠাৰখনৰ  ঘাপটো অনুমান নকৰিলো যদিও মন কৰিলো তাই চলচলীয়া চকুৰে পুতেকলৈ চাইছে। অকণমানি শান্ত শিষ্ট ল’ৰাটোৰ হাতত ধৰি তাই হ’ব বুলি গ’লগৈ।

নিজে একোতো নেজানো। ওচৰৰ গহনা শাড়ী পাটৰ কাপোৰৰ দোকানীকেইজনীৰ লগত ঢোলৰ লগত টেমেকাটো হৈ থাকো। এনেয়ে মোৰ মানুহজনে মোক হাঁহে কি কৰিবলে জনম ল’লি বুলি। তাৰে জেদত গোটৰপৰা টকা ধাৰে লৈ সাঁচতীয়াৰে ভাড়াঘৰ ব্যৱসায় আৰম্ভ কৰিছোঁ। এতিয়া এই হাতৰ বিদ্যাৰে মোক মানুহটোৰ আগত সৰু কৰিবলৈ আহিছে। নাই নহ’ব, এইটো অজুহাততে এইক খেদাব লাগিব। জোনালীহঁতক পঢ়াৰ কথা কওঁতেই গা চেবাইছিল। পাৰোতেনো দত্তনীহঁতৰ কাণত পেলাওঁতে জকজকাই আহিছিল নে, ক’ৰ মালালা ওলালহি এওঁ। সমাজসেৱিকাক খেদক।

এইকোবত তাই জোনালীকো ব্যৱসায়ৰ পাৰ্টনাৰ কৰি ভৱিষ্যত গঢ়িব খুজিছে। লগতে তাইৰ মাককো ল’ব বোলে চিলোৱা কামত। আনৰ ঘৰত বন কৰি ভৱিষ্যৎ মৰাতকৈ হাতৰ বিদ্যাৰে নিজক গঢ়ক। কথাখিনি জোনালীৰ মুখত শুনাৰপৰা মই খাটাং সিদ্ধান্ত ল’লো এইক খেদিম ভাড়াঘৰৰপৰা। দাঁতত ভাত লাগিলেও লোকৰ আলোচনা কৰা লগৰকেইজনীক কাণ চুওৱাত সিহঁতেও গিৰিয়েকৰ ঢোল বজোৱাজনীক খেদিবলৈ উৎসাহ দিলে। এই এলেকাত বেপাৰ বাণিজ্য নচলিব। তাতে ছোৱালীহঁতৰপৰা পোৱা সুবিধা এইচোন বিনাশ কৰিব। সৱ ভাবি গুণি এদিন তাইক ঘৰ খালী কৰিবলৈ সিহঁতৰ চোতাললৈ যাত্ৰা কৰিলো।

গেটখন খুলিয়েই প্ৰথমে মই জোনালীহঁতৰ ঘৰৰ ফালে গ’লো। মাকে পেন্দুকণাটো কোঁচতে লৈ সৰুজনীৰ ওকণি চাই আছে। মোক দেখি আস্ত ব্যস্তকৈ মুঢ়া এটা আগবঢ়াই দিলে। ইফালে সিফালে চাই কেঁচুৱাটোৰ গালত টুকুৰিয়াই সৰুকৈ সুধিলো, “মহাৰাণী নাই নেকি ঘৰত?” তাইও ইংগিত বুজি সৰুকৈ ক’লে, “আছে পুতেকৰ স্কুল বন্ধ ঘৰতে আছে। কাইলৈ বিশেষ দিন আছে হেনো সেয়ে বজাৰলে গৈছিল, আহিল এতিয়া।”

জোনালীৰ মাকৰ কথাত মূৰ দুপিয়াই মনতে বাগীকুঠাৰখন ধৰাই লৈ মালিকনীৰ কঠোৰ খোজেৰে সিহঁতৰ বাৰণ্ডাত উঠিলোগৈ। সৰু ল’ৰাটোৱে মোক দেখি বৰমা আহিছে বুলি হেপো তেপোকে টুল এখন আনি বহিবলে দিলে। তাৰ সৰল মুখখনলে চাই কঠোৰ কৰি লোৱা মনটো ধক্ কৈ উঠিল। বেচেৰাটো ভাড়াঘৰ সলাই আকৌ ক’ত বা থান থিত লাগিবগৈ। আহোঁতেও দেখিছিলো এপে এখনতে নহ’লে নোহোৱা বস্তু দুপদমান লৈ মাক পুতেক দুটা নামিছিলহি। নিৰ্জু ল’ৰাটোৰ মুখখন আঁকোৱালি চুমা এটা খাবলৈ মন গ’ল। কিন্তু কলিজাটোৰ চৌপাশে দত্তনী, বৰানীহঁতে আন্দোলন কৰি আস্ফালন কৰি উঠিল, ‘তাইক খেদাব লাগিব। তাই পৰিৱেশ বেয়া কৰিব দোকান খুলি, আড্ডা হ’ব।’ কথাবোৰ মনত পৰি হাতখন কোঁচাই আনিলো।

লৰাটোৱে খবৰ দিয়াত মাক ওলাই আহিল।

“অ’ বাইদেউ ই কৈছিল, কাম এটা কৰি আছিলো বাবে ওলাই অহাত পলম হ’ল। আহক ভিতৰলৈকে।”

– এইবুলি সাদৰেৰে মতা মানুহজনীৰ মাতত অপ্ৰস্তুতো হৈছিলো।

 “ই বৰমাই আমাৰ ভিতৰত বহিয়ে পোৱা নাই। আহক বৰমা”  বুলি চাদৰৰ আঁচলত ধৰি টনা অকণমানিটোৰ মৌ বৰষা মাতত কলিজাৰ প্ৰচণ্ড শিলচটা লৰচৰ কৰি উঠিল। সিহঁতৰ পিছে পিছে মন্ত্ৰমুগ্ধৰ দৰে ভিতৰ পালোগৈ। মুখৰ ৰুমটোৰ চকিতে বহুৱাই তাই ভিতৰলে গ’ল। ল’ৰাটোৰ পঢ়া টেবুলখন। চুকতে চিলাই মেচিনটো, তাৰ ওপৰতে আধা গুঠা চুৱেটাৰটো। চকুৰে পিতপিতাই ফুৰোতেই মানুহজনী তামোলৰ বঁটাটো লৈ ওচৰতে বহিলহি।

: ক’ৰবালৈ গৈছিলা হ’বলা। জোনালীৰ মাকে ক’লে।

– প্ৰথম ময়ে কথাৰ অৱতাৰণা কৰিলো।

: অঁ……

নিৰ্বাক মুহূৰ্ত কেইটামানৰ পিছত তামোল এখন আগবঢ়াই তাই আৰম্ভ কৰিলে, “বাইদেউ আপুনি যে কৈছিল আমাৰ ৰক্তিমৰ লগত চিনাকি হোৱাৰ কথা, সেয়ে ভাবিলো কাইলৈ আপোনালোকক নিমন্ত্ৰণ এটাকে দি সকলো ক’ম। তাৰে বজাৰ কৰিলোগৈ। কাইলৈ আমাৰ বিবাহ বাৰ্ষিকী।”

মানুহজনীৰ কথাত মৌন হৈ ৰ’লো। এসাজ নালাগে দহসাজ খোৱা, মুঠতে তোৰ ভিকাচন ভাঙিল। তেল মাৰি লাভ নাই।

 : বুইছে বাইদেউ আপোনালোকৰ ইয়াত থাকি নিৰাপদ অনুভৱ কৰিছোঁ। সু শিক্ষিত সমাজ। এনে সমাজত মোৰ ল’ৰাটোক আগবঢ়াই নিবলৈও সুবিধা হ’ব। ৰক্তিমেও সকলো দায়িত্ব মোকে দিলে। সেয়ে ভাবিছোঁ আপোনালোকক অসন্তুষ্ট কৰি ব্যৱসায় নকৰোঁ, মাত্ৰ মোক ইয়াৰপৰা আঁতৰাই নপঠাব। ল’ৰাটো বুকুতে লৈ মোক আপোনালোকৰ নিৰাপত্তাৰ মাজত এধানি আশ্ৰয় দিয়ক। মই ভাড়া দিয়াত গাফিলতি নকৰো।

কথাবোৰ কৈ চকুৰ দুকোণ মোহৰা মানুহজনী চাই কিংকতৰ্ব্যবিমুঢ় হৈ পৰিলো। ভাবিছিলো কি, এইজনীয়ে গাইছে কি!

: বাইদেউ মোৰ স্বামী নাই। ঢুকোৱা তিনিবছৰেই হ’ল। কিন্তু তাৰ কথা কৈ ভালপাওঁ। সি ভালপোৱা কাম কৰি তাক জীয়াই ৰাখিছোঁ। মোৰ হাতৰ চুৱেটাৰ নহ’লে তাৰ এবছৰো ঠাণ্ডা নচলে। বহুত ঠেকা খাইছোঁ বাইদেউ। তাৰ অৰ্বতমানত ঘৰে পৰে বহুত ঠেকা খাইছো। তাৰ মূৰ খালো বুলি শাহুহঁতৰ অত্যাচাৰত খেদা খাই ভাড়াঘৰ ল’লো। বহুতৰ লোলুপ দৃষ্টিৰ হাত সাৰিবলৈ অৱশেষত বিধৱা ৰূপ লুকুৱাব লগা হ’ল। ৰক্তিম চাকৰিৰ জেগাত আছে বুলি ক’বলৈ ল’লো। তিনিটামান ভাড়াঘৰ সলালো অকল লোলুপ দৃষ্টিৰ ভয়ত অকলশৰীয়া বাবে। বাইদেউ মোৰ ল’ৰাটোৰ মূৰত ধৰি শপত খাই কৈছোঁ, আপোনাক এটাও মিছা কথা কোৱা নাই। ৰ’ব আপোনাক কিবা এটা দেখুৱাওঁ। এইবুলি ভিতৰৰপৰা বহু পুৰণি বাতৰি কাগজ এখন তাই মেলি ধৰিলে। য’ত উগ্ৰপন্থীৰ হাতত প্ৰাণ হেৰুৱা ৰক্তিমৰ খবৰটো ফটোৰে সৈতে প্ৰকাশ হৈছিল। কান্দোনত ভাগি পৰা মাকজনী চাই সৰু ল’ৰাটোৱেও মাকক সাৱতি ফেকুৰি উঠিল। মাকৰ মুখখন তাৰ এখুদমান বুকুত সাৱতি ধৰিলে। যেন দেউতা নহ’লেও মা মই আছোঁ এনে ভাৱত।

ৰক্তিমৰ গাত পৰা বোমাটো ইতিমধ্যে মোৰ মূৰত সৰি পৰিছিল। নভবা নিচিন্তা কাণ্ডটোত বুকুৰ শিলচটা ওফৰি পৰিল। নিজলৈকে খং উঠিল, ইমান নীচ মনৰ মই! নিজৰ ওচৰতে অসহায় হৈছোঁ লাজত। তাতে আকৌ শুকান ফুলৰ মালা এধাৰ পিন্ধি তৰ্জাবেৰৰ কামিৰপৰা ৰক্তিমে উপহাসৰ চকুৰে চাই হাঁহি আছে। নাৰী তই! যাৰ হৃদয়ৰ বিশালতাৰ পাৰাপাৰ নাই ,অথচ সেই নাৰী হৈ তোৰ অন্য নাৰীলৈ ইমান ঈৰ্ষা। দোষী নহ’লেও অপৰাধ আঙুলিয়াই ৰাজহুৱাকৈ বীৰদৰ্পে লাঞ্চিতা কৰে অসহায় নাৰীক, অন্য নাৰীয়েই। ভিতৰুৱা এলেকাৰ অশিক্ষিত সমাজৰ ডাইনী কাণ্ডতকৈ শিক্ষিত সমাজৰ উচটাই জোল খোৱা এই কাৰবাৰটোৰ ক’ৰবাত যেন মিল আছে। নাই নাই, এই অসহায় পৰিয়ালটোক অন্যায় নকৰো। ল’ৰাটোৰ এখুদ বুকুখনেই মাকৰ সাৰথি হওক। থাকক সিহঁত আমাৰ প্ৰশ্ছায়াত। হৃদয়ত উচতাই আস্ফালন কৰি থকা দত্তনীহঁতক, এই দুৰ্বল পৰিয়ালটোলে সাজু কৰা  বাগীকুঠাৰখনেৰে ওফৰাই পঠিয়ালো। তাইক ব্যৱসায়টো কৰিবলে উৎসাহ দি চলচলীয়া চকুৰে উঠি আহিলো।

☆ ★ ☆ ★ ☆

21 Comments

  • Anonymous

    বহুত ভাল লাগিল। আপোনাৰ অন্য লিখনিত কৈ অলপ বেলেগ। চকুপানী হে ওলাল।

    Reply
  • Gitarthi Goswami

    ভাল লাগিল । এইবাৰ ব্যঙ্গ নিদিলে দেখোন ।

    Reply
    • অভিজিত কলিতা

      এয়া একধৰণৰ ব্যংগই, অলপ ডিকনষ্ট্ৰাকচন। বাংলাত হাসিৰ গল্প বুলি এটা ধাৰা আছে। তেনেকুৱাই। সাংঘাটিক লিখিছে এখেতে।

      Reply
      • চন্দন গগৈ

        ভাল লাগিল!!

        Reply
  • Karna kamal dutta

    বৰ সুন্দৰ কৈ উপস্থাপন কৰিছা চুই গ’ল

    Reply
    • পদ্ম গগৈ

      বৰ ভাল লাগিল ৷

      Reply
  • Sumi Devi

    সদায় হহুৱাই থকা বা জনীয়ে এইবাৰ কন্দুৱাই দিলে৷ পঢ়ি ভাল লাগিল৷

    Reply
    • Parul bhuyan

      চকু পানী উলিয়াই দিলা অ

      Reply
  • কমলা দাস

    ভাল লাগিল পঢ়ি

    Reply
  • Anonymous

    বা বহুত বহুত ভাল লাগিল ।

    Reply
  • Mridul Nath

    You have made me emotional ….

    Reply
  • ৰাজু কুমাৰ নাথ্

    চকুপানী উলিয়াই দিলে দেই।

    Reply
  • শান্তনু গগৈ

    অতি সুন্দৰ বাষ্টৱ জিয়া কাহিনী । ভাব প্ৰকাশৰ ভাষা নাই ।

    Reply
  • অভিজিত কলিতা

    পঢ়ি কৰবাত বিষাই গ’ল। বহুদিনৰ পৰা আপোনাৰ লিখনশৈলী আৰু চিন্তাধাৰাক সন্মানৰ চকুৰে চাই আহিছো। কিন্তু মোৰ নিজৰ ধ্যান ধাৰণাৰে এটা কথা কও, বেয়া নেপায় যেন। এইটো এটা নিটোল গল্প, আৰু অসমীয়াৰ চেটায়াৰযুক্ত মৰ্মস্পৰ্শী গল্প পঢ়িবলৈ পোৱা নেযায়। কিন্তু আপুনি পাল মাৰিলে, খৰধৰ কৰি শেষ কৰিলে যেন লাগিল। মই আশাকৰোঁ, এই লৰালৰিখিনি আপুনি এৰি পেলাব, আৰু লিখনিত বেছি সময় দিব। আপুনি কি কৰিব পাৰিব আপুনি হয়তো নিজেই বুজা নাই।
    ওস্তাদি মৰা যেন লাগিল যদি ক্ষমা খুজিছো আকৌ। 🙂

    Reply
    • Anonymous

      টাইপিঙত কষ্ট পাওঁ মবাইলত চমুৱালো। হয় মেইন লেখাটো ইয়াতকৈ অলপ বেলেগ।

      Reply
  • পল্লিকা শইকীয়া

    বহুত ভাল লাগিল। আপোনাৰ বেছিভাগ লিখনিয়ে হহুৱ৷ই কিন্তু এইটো লিখনি পঢ়ি কান্দি ললো।

    Reply
  • Sandhya Gogoi

    Bahut vhal lagil

    Reply
  • ঊষা মহন্ত

    বৰ সুন্দৰ গল্প এটা পঢ়িলোঁ ।

    Reply
  • Barbie Punnag

    অসীমাবা বিৰাট ভাল লাগিল পঢ়ি

    Reply
  • কমল তালুকদাৰ

    সকলো ব্য়ঙ্গই হাঁহিৰ খোৰাক নিদিয়ে … কিন্ত সমাজক কিছু কথা কৈ যায় ৷

    সুন্দৰ কৈ লিখিলে …

    Reply

Leave a Reply

Your email address will not be published.