ফটাঢোল

সাক্ষাৎকাৰ : প্ৰজ্ঞাৰ সাধক হোমেন বৰগোহাঞিৰ সৈতে এখন্তেক

: আৰাধনা তুমি কাইলৈ আহিব নালাগে৷ অসমৰ পৰিস্থিতি বৰ বেয়া হৈছে৷ নগাঁৱৰ পৰা তুমি ইমান ৰিস্ক লৈ গুৱাহাটীলৈ অহা উচিত নহ’ব৷ অৱস্থা কিছু উন্নত হওক তাৰ পিছত আমি এদিন সময় উলিয়াই কথা পাতিম৷

ফোনটোৰ সিপাৰৰ ব্যক্তিজন আছিল প্ৰজ্ঞাপুৰুষ হোমেন বৰগোহাঞি ছাৰ৷ হোমেন বৰগোহাঞি বুলি ক’লে অসমৰ ৰাইজক চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই৷ প্ৰথিতযশা সাহিত্যিক, সাংবাদিক, সমালোচক বৰগোহাঞি দেৱে পঞ্চাশৰ দশকৰ পৰাই অগতানুগতিক চিন্তাৰে সমৃদ্ধ গল্প, কবিতা, উপন্যাস, গদ্য আদি ৰচনাৰে সাহিত্যপ্ৰেমীক একেৰাহে মোহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হৈছে৷ বৰগোহাঞি দেৱৰ উপন্যাস সমূহ হৈছে, সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰায়ে বাওধান খায়, অস্তৰাগ, পিতা-পুত্ৰ, কুশীলৱ, তিমিৰ তীৰ্থ, এদিনৰ ডায়েৰী, বিষন্নতা, নিসংগতা, সুবালা, মৎস্যগন্ধা আৰু তান্ত্ৰিক; কবিতা পুথি হৈমন্তী ; প্ৰবন্ধ সংকলন প্ৰজ্ঞাৰ সাধনা, গদ্যৰ সাধনা, পাঠকৰ টোকাবহী, উচ্চাকাংক্ষা, আশীৰ দশকৰ দস্তবেজ, বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি, মানুহ হোৱাৰ গৌৰৱ, আধুনিক যুগৰ জন্ম কাহিনী, কিতাপ পঢ়াৰ আনন্দ, শৰীৰ আৰু হৃদয়, সাৰাংশ, জিজ্ঞাসা ইত্যাদি; আত্মজীৱনীমূলক গ্ৰন্থ আত্মানুসন্ধান, মোৰ সাংবাদিক জীৱন, ধুমুহা আৰু ৰামধেনু (তিনিটা খণ্ডত সমাপ্ত আত্মজীৱনীৰ ১ম খণ্ড আৰু ২য় খণ্ড) আৰু মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ৷ ইয়াৰোপৰি আজিৰ তাৰিখতো তেওঁ বিভিন্ন নতুন নতুন চিন্তাকৰ্ষক লেখাৰে অসমীয়া সাহিত্যৰ গুৰি বঠা ধৰোঁতা হৈ আছে৷

১৯৭৮ চনত ‘পিতা পুত্ৰ’ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমী বঁটা লাভ কৰা হোমেন বৰগোহাঞিদেৱ অসম উপত্যকা সাহিত্য বঁটা, নীলমণি ফুকন বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা আৰু মৎসেন্দ্ৰ নাথ বঁটা আদিৰে সন্মানিত হৈছে৷ তেখেত ২০০১ আৰু ২০০২ চনৰ অসম সাহিত্য সভাৰ ক্ৰমে ডিব্ৰুগড় আৰু কলগাছিয়াৰ অধিৱেশনত সভাপতিৰ পদত অধিষ্ঠিত হৈছিল৷ ১৯৩২ চনৰ ০৭ ডিচেম্বৰত লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম গ্ৰহণ কৰা হোমেন বৰগোহাঞিৰ জন্ম দিনটো সমগ্ৰ অসমতে ‘প্ৰজ্ঞাৰ দিন’ হিচাপে উদযাপন কৰা হয়৷

ফটাঢোল ডট কম আলোচনীখনৰ নৱবৰ্ষৰ বিশেষ সংখ্যাৰ সম্পাদনাৰ দ্বায়িত্ব লোৱাৰ পাছতে সম্পাদনা সমিতিৰ সদস্য সকলৰ মাজত এইবাৰ কাৰ সাক্ষাৎকাৰ লোৱা হ’ব এইবিষয়ে আলোচনা হৈছিল৷ আলোচনা অনুসৰিয়েই হোমেন বৰগোহাঞি ছাৰৰ সাক্ষাৎকাৰ লোৱাৰ চেষ্টা কৰা হৈছিল৷ অৱশ্যে মনত কিছু শংকাও আছিল, যিহেতু তেখেতক ফেচবুকৰ কোনো মঞ্চতে আজি পৰ্যন্ত কোনোধৰণৰ সাক্ষাৎকাৰ প্ৰদান কৰা দেখা নাই৷ কিন্তু অনুমতি বিচাৰি ফোন কৰোঁতে ফটাঢোল ফেচবুক গোটৰ বিশ্ব ব্যাপী থকা বিংশ সহস্ৰাধিক সদস্য সংখ্যা, অসমীয়া ব্যংগ সাহিত্যৰ উত্তৰণৰ বাবে ফটাঢোল অনলাইন আলোচনীৰ মাধ্যমেৰে প্ৰচেষ্টা আৰু ‘ফ’কাছ আছাম’ৰ মাধ্যমেৰে পীড়িতজনক সাহায্য প্ৰদানৰ প্ৰয়াসৰ বিষয়ে শুনি তেখেতে একেষাৰে সাক্ষাৎ প্ৰদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিলে৷ সাক্ষাৎকাৰ গ্ৰহণৰ বাৰ দিন ধাৰ্য কৰা হ’ল ১৩ ডিচেম্বৰ, শুক্ৰবাৰে আবেলি চাৰে চাৰি বজাত, নিয়মীয়া বাৰ্তাৰ কাৰ্যালয়ত৷

সেই খবৰটোৱে ফটাঢোল ডট কম সম্পাদনা কক্ষত আনন্দময় উত্তেজনাৰ সৃষ্টি কৰাৰ সময়তে অসম জ্বলি উঠিল৷ অসমীয়া ভাষা ৰক্ষাৰ স্বাৰ্থত লক্ষ লক্ষ জনতা ৰাজপথলৈ ওলাই আহিল৷ জনতাৰ উন্মুক্ত প্ৰতিবাদী কণ্ঠ, শাসন যন্ত্ৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা, আক্ৰমণ-প্ৰতি আক্ৰমণ, আৰ্তনাদ, জুই, ধোঁৱাৰে অসমখন উত্তাল হৈ পৰিল৷ ১২ ডিচেম্বৰ,২০১৯ত বৰগোহাঞি ছাৰে পৰিস্থিতি কিছু উন্নত নোহোৱালৈকে সাক্ষাৎকাৰটো স্থগিত কৰাৰ সিদ্ধান্তৰ কথা ফোন কৰি ক’লে৷ অৱশেষত ৰাজ্যৰ পৰিস্থিতি কিছু সুস্থিৰ হ’ল৷ জানুৱাৰীৰ পৰিৱৰ্তে আলোচনীখনৰ ফেব্ৰুৱাৰীৰ সংখ্যাৰ বাবে পুনৰ হোমেন বৰগোহাঞি ছাৰে সাক্ষাৎকাৰ গ্ৰহণৰ অনুমতি প্ৰদান কৰি ১৭ জানুৱাৰী, ২০২০ তাৰিখে টিম ফটাঢোলক গুৱাহাটীলৈ মাতি পঠিয়ালে৷ যথাসময়ত আমি তেখেতৰ কাৰ্যালয়ত উপস্থিত হ’লোঁ৷ স্মিত হাঁহি আৰু চিৰ পৰিচিত কথনভংগীৰে বৰগোহাঞি ছাৰে টিম ফটাঢোলৰ লগত কৰা বাৰ্তালাপে আমাক সমৃদ্ধ কৰিলে৷ এই বাৰ্তালাপৰ বাণীবদ্ধ ৰূপক লিখিত সাক্ষাৎকাৰ হিচাপে ফটাঢোল ডট কমৰ পাঠকলৈ আগবঢ়ালোঁ৷

ফটাঢোল:: নমস্কাৰ ছাৰ৷ আমি ফটাঢোল ডট কম আলোচনীৰ তৰফৰ পৰা আপোনাক সম্ভাষণ জনালোঁ৷ ফটাঢোল নামৰ হাস্য ব্যংগ ফেচবুকৰ গোটটোৰ পৰা প্ৰকাশিত ‘ফটাঢোল ডট কম’ এখন মাহেকীয়া অনলাইন আলোচনী৷ সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া লোকসকল এই আলোচনীৰ পঢ়ুৱৈ৷ বৰ্তমানলৈকে এই আলোচনীখনৰ পঢ়ুৱৈ সংখ্যা সাতলাখ অতিক্ৰম কৰিছে৷ আমি এই অনলাইন আলোচনীখনত কেৱল হাস্য ব্যংগ সাহিত্যক প্ৰাধান্য দি প্ৰকাশ কৰিবলৈ চেষ্টা কৰি আহিছোঁ৷ প্ৰতি মাহে আমি অসমৰ একোজন সন্মানীয় ব্যক্তিৰ সাক্ষাৎকাৰ আলোচনীখনত প্ৰকাশ কৰোঁ৷ এই উদ্দেশ্যেৰে এইবাৰ আমি আপোনাৰ ওচৰলৈ আহিছোঁ৷

হোমেন বৰগোহাঞি:: ধন্যবাদ৷ আপোনালোকৰ অনলাইন আলোচনীখনৰ বিষয়ে জানি ভাল লাগিছে৷

ফটাঢোল:: ছাৰ আমি আপোনাৰ কেইবাটাও লেখাত আপোনাৰ শৈশৱটোৰ বিষয়ে পঢ়িবলৈ পাইছোঁ৷ ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰত অতিবাহিত আপোনাৰ শৈশৱে আপোনাৰ জীৱনক এতিয়ালৈকে কেনেকৈ প্ৰভাৱিত কৰিছে এই বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ৷

হোমেন বৰগোহাঞি:: চাৰিকড়িয়া নৈখন জ্ঞান হ’বৰ দিন ধৰি আজিলৈকে মোৰ জীৱনৰ মাজেৰে প্ৰৱাহিত হৈ আছে৷ মোৰ বিভিন্ন লেখাত যদিও মই চাৰিকড়িয়া নদীখনৰ বিষয়ে অধিক লিখিছোঁ, নৈখনৰ উপৰিও আৰু এটা বস্তুৱে সমগ্ৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলাইছে, সেয়া হৈছে পথাৰখন৷ আমাৰ ঘৰৰ দক্ষিণ ফালে আছিল চাৰিকড়িয়া নৈখন আৰু উত্তৰফালে আছিল পথাৰখন৷ বাৰিষাৰ সময়ত নদীখনৰ লগত বন্ধুত্ব কৰিবলৈ সাহস নকৰিছিলোঁ৷ জেঠ মাহৰ পৰা আহিন-কাতি মাহলৈকে আমি নদীখন চাবলৈ যাওঁ, সৌন্দৰ্য উপভোগ কৰোঁ৷ কিন্তু সেইখিনি সময়ত সাঁতুৰি-নাদুৰি নদীৰ লগত খেলা কৰা, প্ৰেম কৰা কেতিয়াও নহৈছিল৷ পুহৰ পৰা বহাগ মাহলৈকে পথাৰখনৰ লগত আমাৰ প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয়৷  আগবেলা নদীখনৰ লগত আৰু আবেলি পৰত পথাৰখনৰ লগত আমাৰ প্ৰেমৰ সম্বন্ধ আছিল৷ স্কুলৰ পৰা আহিয়েই জা-জলপান খাই আমি গোটেই ল’ৰাজাক পথাৰলৈ দৌৰ মাৰোঁ৷ বহুসময় পথাৰত বিভিন্ন ধৰণৰ খেল-ধেমালি কৰোঁ৷ কেতিয়াবা মনে মিলা বন্ধুৰ লগত পথাৰতে বহি শৈশৱৰ স্বপ্ন, কল্পনা, জীৱনটোৰ বিষয়ে কি ভাৱোঁ আদি নানান কথা পাতোঁ৷ আৰু যেতিয়া গধূলি হয়, গৰুবোৰ ঘৰলৈ যায় আমি কিন্তু কেইজনমান ল’ৰা তেতিয়াও পথাৰখনৰ পৰা ঘৰলৈ উভতি যাব নোৱাৰোঁ৷ সেই পথাৰখন আমাৰ বাবে বৃন্দাবন আছিল বুলি ক’ব পাৰি৷ তাৰোপৰি মোৰ বাল্যকালটো খুব সুন্দৰ আছিল আন এক অৰ্থত যে মই সমনীয়া আন বহু ল’ৰাত কৈ ভাগ্যৱান আছিলোঁ, কাৰণ মোৰ জন্ম হৈছিল গাঁৱলীয়া ভাৱে চহকী খেতিয়কৰ পৰিয়ালত৷ আৰ্থিক অভাৱৰ মুখ নেদেখাকৈ, স্বচ্ছলতাৰ মাজত মোৰ শৈশৱ অতিবাহিত হৈছিল৷ গোটেই গাঁওখনৰ ভিতৰতে আমাৰ খেতি-বাতি, মাটি আদি আটাইতকৈ অধিক আছিল৷ সেইসময়ত আমাৰ ঠাইখন মাছে-মঙহে বা আন ভোগালী বস্তুৰে উভৈনদী হৈ আছিল৷ আনকি দুখীয়া মানুহবোৰো একপ্ৰকাৰ প্ৰাচুৰ্যৰ মাজতে ডাঙৰ হৈছিল৷ মোৰ শৈশৱৰ আটাইতকৈ ডাঙৰ সৌভাগ্য আছিল যে মই প্ৰকৃতিৰ ৰম্যকাননত ডাঙৰ হৈছিলোঁ৷

ফটাঢোল:: আপুনি প্ৰজ্ঞাৰ সাধক৷ জীৱনত কিতাপ পঢ়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে আপোনাৰ ৰচনা সমূহে আমাক দিগদৰ্শন কৰি আহিছে৷ কিতাপৰ লগত আপোনাৰ বন্ধুত্ব কেতিয়াৰ পৰা আৰু কেনেকৈ স্থাপিত হ’ল?

হোমেন বৰগোহাঞি:: মোৰ জীৱনৰ দ্বিতীয় সৌভাগ্য এয়ে যে, মই এটা বিদ্যানুৰাগী আৰু গ্ৰন্থানুৰাগী পৰিয়ালত জন্ম হৈছিলোঁ৷ মোৰ দেউতা আৰু সৰুদেউতা অৰ্থাৎ খুৰাদেউ দুয়োজনেই আছিল কিতাপৰ অনুৰাগী৷ তেওঁলোকে সেই তেতিয়াই পাণ্ডৱ বৰ্জিত কলীয়াপানী ঢকুৱাখনাত এটা ডাঙৰ পুথিভঁৰাল প্ৰতিষ্ঠা কৰিছিল৷ তাত অসমীয়া, ইংৰাজী, বাংলা ভাষাৰ পঠনযোগ্য বহুত কিতাপ আছিল৷ মোৰ দুজন দদাইদেৱে তেতিয়া কটন কলেজত পঢ়ি আছিল৷ ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয় নামৰ যিখন স্কুলত মই পঢ়িছিলোঁ সেইখন আছিল অসমত ব্ৰিটিছ সকলে প্ৰতিষ্ঠা কৰা তৃতীয়খন মজলীয়া বিদ্যালয়৷ সেই স্কুলখন সেই সময়ত অসমৰ এখন শ্ৰেষ্ঠ স্কুলত পৰিণত হৈছিল৷ স্কুলখনত এটা লাইব্ৰেৰী আছিল আৰু আমি ভাল শিক্ষকৰ তত্ত্বাৱধানত বিদ্যা আহৰণ কৰাৰ সুবিধা পাইছিলোঁ৷ যদিও ঢকুৱাখনা ভৌগোলিক কাৰণত যাতায়তৰ ভাল সুবিধা নথকা কিছু আওঁহতীয়া ঠাই, সেই যুগতে তাত বহুতো শিক্ষিত মানুহৰ জন্ম হৈছিল৷ ১৮৮৯, ১৯৯১ চনত প্ৰতিষ্ঠিত এশ ডেৰশ বছৰৰ পুৰণি স্কুল ঢকুৱাখনাত আছে। শৰৎ চন্দ্ৰ গোস্বামীৰ এখন বিখ্যাত ভূগোল, যিখন আগতে ভূগোলৰ একমাত্ৰ পাঠ্যপুথি আছিল তাত ঢকুৱাখনাৰ বিষয়ে এটা বাক্য আছে এনেদৰে “ই এখন বহুতো পুৰণি ভদ্ৰলোকৰ বাসস্থান”, এই বাক্যটোক লৈ আমি গৰ্ব কৰোঁ৷ মই এইটোৱেই ক’ব খুজিছিলোঁ যে এটা অতি উৎকৃষ্ট সাংস্কৃতিক গ্ৰন্থানুৰাগী আৰু বিদ্যানুৰাগী পৰিৱেশত মই ডাঙৰ হৈছিলোঁ৷ জ্ঞান হোৱাৰ দিন ধৰি আখৰৰ লগত বন্ধুত্ব আৰম্ভ হ’ল আৰু আজিলৈকে এই বন্ধুত্ব আছে৷ মোৰ ‘সাউদৰ পুতেকে নাও মেলি যায়’ নামৰ আত্মজীৱনীমূলক উপন্যাসখনত এই কথাখিনিৰ বিশদ বিৱৰণ আছে৷ এনে এটা পৰিৱেশত ডাঙৰ হোৱাৰ বাবেই জ্ঞান হ’বৰ দিন ধৰি মোৰ আখৰৰ লগত বন্ধুত্ব স্থাপন হ’ল আৰু আজিলৈকে সেই বন্ধুত্ব আছে৷

ফটাঢোল:: আপুনি এটা সাক্ষাৎকাৰত কৈছিল আৰু এই বিষয়ে লিখিছেও যে “মই লিখিবৰ কাৰণে জীয়াই থাকোঁ৷ আৰু জীয়াই থাকিবৰ কাৰণে লিখোঁ৷”  জীৱনৰ কোন সময়ৰ পৰা এই লেখা কামটো মৌলিক প্ৰয়োজন স্বৰূপ হ’ল?

হোমেন বৰগোহাঞি:: মই সাত বছৰমান বয়সৰ পৰাই লিখিবলৈ আৰম্ভ কৰিছিলোঁ৷ আমাৰ স্কুলখনত প্ৰতি শনিবাৰে শনিবৰীয়া ছাত্ৰ সভা অনুষ্ঠিত হৈছিল, য’ত সভাপতিত্ব কৰিছিল হেড পণ্ডিত কুলনাথ গগৈ ছাৰে৷ সেই সময়ত স্কুলৰ শ্ৰেণী বিভাজনটো এতিয়াতকৈ কিছু পৃথক আছিল৷ মজলীয়া স্কুলত দুটা ভাগ থাকে; ক, খ, প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণী হ’ল প্ৰাথমিক স্কুল আৰু চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ এইকেইটা হ’ল মজলীয়া স্কুল৷ এই ছাত্ৰসভাখনত তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ভাল ভাল ছাত্ৰইহে যোগ দিয়াৰ সুবিধা পাইছিল৷ কিন্তু মই দ্বিতীয় শ্ৰেণীত থাকোঁতেই হেড পণ্ডিতে মোক ছাত্ৰ সভালৈ মতাই নিছিল৷ মোৰ দেউতাৰ লগত তেওঁৰ বন্ধুত্বৰ সম্পৰ্ক আছিল বাবে মোৰ বিষয়ে কিছুকথা জানিছিল৷ সেয়ে তেওঁৰ মনত ভাৱ হ’ল যে ই লিখিব পাৰিব৷ ছাৰে মোক ক’লে যে “তই অহাবাৰ এটা পদ্য লিখি আনিব লাগিব”৷ গতিকে হেড পণ্ডিতৰ নিৰ্দেশত স্কুলৰ প্ৰাৰ্থনা সভাত মই এটা পদ্য লিখি নিলোঁ আৰু শিক্ষকসকলে মৰমতে প্ৰশংসাও কৰিলে। এই যে আৰম্ভণি হ’ল তেতিয়াৰ পৰা মই লিখিয়েই আছোঁ। মই অনুভৱ কৰোঁ যে, মোৰ মাজত লিখিবৰ বাবে এটা অনিবাৰ্য তাড়না আছে। এইযে সৰুৰে পৰা কিতাপবোৰ পঢ়োঁ বুজাই নুবুজাই, কিতাপবোৰ ভাল পাইছিলোঁ বা লেখকজনৰ প্ৰতি বিস্ময় মিহলি শ্ৰদ্ধা হৈছিল তেতিয়াই বোধকৰো মোৰ মনত ভাৱ হৈছিল যে মই জীৱনত আন একোৱেই নহওঁ, কেৱল এজন লেখক হ’ম৷ ‘THE AMERICAN LANGUAGE ‘ নামৰ বিশ্ববিখ্যাত গ্ৰন্থখনৰ লেখক আমেৰিকান পণ্ডিত, সাংবাদিক H L MENCKEN ক এবাৰ এটা সাক্ষাৎকাৰত সোধা হৈছিল “আপুনি লিখে কিয়?”  তেতিয়া তেওঁ দিয়া উত্তৰটো মোৰ খুব মনঃপুত৷ তেওঁৰ উত্তৰটো আছিল “কুকুৰাই কণী পাৰে কিয়?” কুকুৰাক যদি সোধা যায় তুমি কণী কিয় পাৰা তেন্তে তাৰ একো উত্তৰ নাথাকে৷ সেয়া হৈছে কুকুৰাৰ অনিবাৰ্য তাড়না৷ প্ৰকৃতিৰ আমোঘ নিয়ম অনুসৰি কুকুৰাই কণী পাৰিবই৷ মোৰ ক্ষেত্ৰতো কথাটো এনেকুৱাই ৷ যেতিয়াৰ পৰা মই লিখিবলৈ আৰম্ভ কৰিলোঁ, লিখাৰ মাজতে মই জীয়াই থকাৰ চৰম আনন্দ অনুভৱ কৰিবলৈ চেষ্টা কৰিলোঁ৷ সৰুতে ইমান বুজা নাছিলোঁ কিন্তু ডাঙৰ হৈ অনুভৱ কৰিলোঁ মই জীয়াই থকাৰ আনন্দটো তীব্ৰতম ৰূপত তেতিয়া পাওঁ যেতিয়া মই সন্তোষজনক কিবা এটা লিখিব পাৰোঁ৷ যদি লিখিব নোৱাৰোঁ তেন্তে জীয়াই থকা যেনেই নালাগে। দিনে ৰাতিয়েতো মই কেৱল লিখাৰ কথাই ভাবি থাকোঁ, চেতন বা অৱচেতন ভাৱে! সেয়ে মই কওঁ যে মই লিখিবৰ বাবে জীয়াই থাকোঁ আৰু জীয়াই থাকিবৰ বাবেই লিখোঁ৷

ফটাঢোল:: ‘আত্মানুসন্ধান’ আৰু ‘মোৰ হৃদয় এক যুদ্ধ ক্ষেত্ৰ’ এই গ্ৰন্থ দুখন বোধকৰোঁ আপোনাৰ জীৱনৰ আটাইতকৈ শক্তিশালী স্বীকাৰোক্তি৷ বিশেষকৈ মোৰ হৃদয় এক যুদ্ধ ক্ষেত্ৰ কিতাপখনত পাঠকৰ আগত নিজৰ বিষয়ে ইমান মুকলিকৈ লিখাৰ বাসনাটো কিয় মনলৈ আহিছিল?এই কিতাপখনত লিখা কথাবোৰ সকলো সত্যনে? সত্যৰ লগত কোনোবাখিনিত কল্পনাৰ ৰহণ আছে নেকি?

হোমেন বৰগোহাঞি:: আপোনালোকে যি দুখন কিতাপৰ কথা ক’লে তাত কল্পনাৰ ৰহণৰ কোনো অৱকাশেই নাই৷ মানুহৰ কথাবোৰ আচলতে সঁচা আৰু মিছা এই দুভাগতে বিভক্ত নহয়৷ সঁচা আৰু মিছাৰ বাহিৰেও আৰু এটা ভাগ থাকে সেয়া হৈছে ‘অকথিত’ কথা৷ যদি মই মিছা কথা লিখোঁ তেন্তে লেখক হিচাপে পাপ কৰা হ’ব৷
এই কিতাপকেইখন লিখিবৰ বাবে ভিতৰৰ পৰা কিবা এটা প্ৰয়োজন বোধ কৰিছিলোঁ৷ মই লিখিছিলোঁ এনে এক অনিবাৰ্য প্ৰয়োজনত যে কথাখিনি লিখিলেহে জীৱনৰ বিশৃংখল কথাবোৰ শৃংখলাবদ্ধ ৰূপত চাব পাৰিম৷ জীৱনৰ কথাবোৰতো বিশৃংখল ৰূপতেই থাকে৷ পৰিকল্পিত, সুবিন্যস্ত ৰূপতটো জীৱনটো নাথাকে৷ প্ৰতিখন কিতাপৰ প্ৰথম পাঠকজন লেখকজন নিজেই৷ যেতিয়া এজন লেখকে আত্মজীৱনী লিখে তেতিয়া বিশৃংখল কথাবোৰ চিজিল কৰি সজায়৷ এটা উপমাৰে কথাটো বুজিবলৈ সহজ হ’ব৷ ধৰি লৈছোঁ এটা ডাঙৰ পুথিভঁৰালত গুডাম ঘৰত ৰখাৰ দৰে একেলগে বহুত কিতাপ খেলি মেলিকৈ পেলাই থোৱা হৈছে৷ তেনে পৰিস্থিতিত এখন কিতাপ দিনটো বিচাৰি চলাথ কৰিলেও পোৱা নাযায়৷ কিন্তু সেইখিনি কিতাপকে যদি এজন লাইব্ৰেৰীয়ানে সুনিৰ্দিষ্ট ভাৱে সুন্দৰকৈ সজাই ৰাখিব তেতিয়া চকু মুদিয়েই হাত মেলি কোনটো খাপত কি কিতাপ আছে বিচাৰিবলৈ সহজ হৈ পৰে৷ মই নিজৰ জীৱনটোক বুজাৰ প্ৰয়োজন অনুভৱ কৰিলোঁ, তেতিয়াই এই কিতাপ দুখন লিখিলোঁ৷ জীৱনটোক এটা নতুন ৰূপত দেখিলোঁ আৰু বুজি পালোঁ যে মই নিজৰ জীৱনটো যিমান খেলি মেলি বুলি ভাৱিছিলোঁ আচলতে তেনে নহয়৷ বিশৃংখলতাৰ মাজতো শৃংখলা আছে৷ আচলতে কিতাপকেইখন মই নিজেই নিজৰ জীৱনটো বুজিবৰ বাবেই লিখিলোঁ আৰু মই সঁচা কথাবোৰ লিখাৰ বাবেই পাঠকে কিতাপকেইখন ভাল পাইছে৷

(সম্পাদক আৰাধনা বৰুৱাৰ সৈতে বৰগোহাঞি ছাৰ)

ফটাঢোল:: ছাৰ আপোনাৰ লেখা সমূহ পাঠকৰ দ্বাৰা সদা সমাদৃত হৈ আহিছে, কিন্তু আপোনাৰ দৃষ্টিত আপোনাৰ আটাইতকৈ শ্ৰেষ্ঠতম সৃষ্টি বুলি কোনটো লেখাৰ কথা ক’ব খোজে?

হোমেন বৰগোহাঞি:: “মই মোৰ কোনো লেখাতে সন্তুষ্ট নহয়” এনেকুৱা এটা গতানুগতিক উত্তৰ সকলোৱে দিয়ে৷ মই এনেকৈ নকওঁ৷ মই মোৰ সাধ্যানুসৰি লিখোঁ৷ কিছুমান লেখা ভাল পাওঁ আৰু কিছুমান লেখা ভাল নাপাওঁ৷ এই কথাষাৰ উপমাৰে ক’লে বুজিবলৈ সুবিধা হ’ব। এগৰাকী আসন্ন প্ৰসৱা মাতৃৰ যেতিয়ালৈকে প্ৰসৱ নহয় তেতিয়ালৈকে তেওঁ যন্ত্ৰণা অনুভৱ কৰি থাকিব৷ তেওঁ প্ৰসৱ কৰিবই লাগিব৷ প্ৰসৱ কৰাতো তেওঁৰ অনিবাৰ্য তাড়না৷ যেতিয়া সন্তান প্ৰসৱ কৰিব তেতিয়াহে তেওঁ অভাৱনীয় অপৰূপ আনন্দ অনুভৱ কৰিব৷ লেখকৰ ক্ষেত্ৰতো কথা একেটাই৷ লেখক মাত্ৰেই সকলো প্ৰকৃত লেখক নহয়৷ মই প্ৰকৃত লেখক সকলৰ কথাহে কৈছোঁ৷ সকলোৰে লেখাৰ উদ্দেশ্য বেলেগ বেলেগ৷ কোনোৱে নিজৰ নামটো ছপা আখৰত চাবৰ বাবে, কোনোৱে খ্যাতি অৰ্জন কৰিবলৈ, টকা পইচা ঘটিবলৈ আদি বিভিন্ন কাৰণে লিখিব পাৰে৷ ইয়াৰ কোনোটো উদ্দেশ্যকে বেয়া বুলি মই নকওঁ৷ মই নিজেও শিশু সাহিত্য আৰু পাঠ্যপুথি কিছুমান লিখিছোঁ সমাজৰ সেৱা হিচাপে বা তাৰ লগতে উপাৰ্জনো হৈছে৷ কিন্তু মোৰ নিজৰ লেখা সমূহৰ ভিতৰত যিবোৰ ৰচনা জীৱনৰ প্ৰয়োজনত, জীৱনটো দ্বিতীয়বাৰ যাপন কৰিবৰ বাবে লিখিছোঁ সেইবোৰে মোক সন্তুষ্টি দিয়ে৷ যিটো জীৱন ইতিমধ্যে যাপন কৰি আহিলোঁ সেইটোতো অতীতত বিলীন হৈ গ’ল৷ কিন্তু এজন লেখকে যেতিয়া নিজৰ বিষয়ে লিখে তেতিয়া তেওঁ জীৱনটোক দ্বিতীয় বাৰ যাপন কৰে। তেতিয়াই লেখকজনে নিজৰ জীৱনৰ উদ্দেশ্যটো আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰে, যেনে মই এই কামটো কিয় কৰিছিলোঁ বা কামটো কৰি আনন্দ পালোঁনে বেদনা পালোঁ বা ই মোৰ জীৱনক সমৃদ্ধ কৰিলেনে দৰিদ্ৰ কৰিলে সেই কথাটো লিখি থাকোঁতেই লিখকজনে বুজি পায়৷ মোৰ আত্মানুসন্ধান আৰু হৃদয় এক যুদ্ধক্ষেত্ৰ এনেদৰে জীৱনৰ প্ৰয়োজনত লিখা কিতাপ৷

ফটাঢোল:: ছাৰ আপুনি এটা বক্তৃতাত কৈছিল “অসমীয়া মানুহৰ চিন্তাত মৌলিকতাৰ অভাৱ”৷ এইবিষয়ে অলপ ক’ব নেকি?

হোমেন বৰগোহাঞি:: যেতিয়া আনে নভবা বা আনৰ চকুত নপৰা কথা এটা আপুনি চিন্তা কৰে সেইটোৱেই হৈছে মৌলিক চিন্তা৷ অসমীয়া সাহিত্যত যে মৌলিক চিন্তা একেবাৰেই নাই তেনে নহয় কিন্তু যথেষ্ট অভাৱ আছে৷ কেৱল অসমীয়া সাহিত্য বুলিয়েই নহয় ভাৰতীয় দৰ্শণ সাহিত্যতো মৌলিক চিন্তাৰ খুব অভাৱ৷ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁৰ এটা প্ৰবন্ধত লিখিছে যে, “ভাৰতীয়সকলৰ লেখাত মৌলিক চিন্তাৰ অভাৱ৷ তেওঁলোকে ইউৰোপীয় লেখকৰ কিতাপ পঢ়ি দুটা কাম কৰে৷ এটা ইউৰোপীয় লেখকৰ নাম নোলোৱাকৈ তেওঁলোকৰ চিন্তাবোৰক নিজৰ চিন্তা বুলি প্ৰকাশ কৰে আৰু দ্বিতীয়তে ইউৰোপীয় লেখকৰ অজস্ৰ উদ্ধৃতিৰে তেওঁলোকৰ নিজৰ বক্তব্যটো শক্তিশালী কৰিবলৈ চেষ্টা কৰে৷” মই নিজেও কৰোঁ৷ মই যে বিভিন্ন উদ্ধৃতিবোৰ দিওঁ, মোৰ যদি খুব মৌলিক চিন্তা থাকিলহেঁতেন তেন্তে ইমান উদ্ধৃতি দিয়াৰ প্ৰয়োজন নাথাকিলহেঁতেন ৷ বিছপ হৱাৰ্ডে কৈছিল, “গীতাৰ পিছৰ পৰা ভাৰতীয় মানুহে আৰু মৌলিক চিন্তা কৰা নাই। তিনিহাজাৰ বছৰ ধৰি কেৱল গীতাৰ বাখ্যা কৰিয়েই পাৰ কৰি দিলে৷” কথাষাৰ একেষাৰে নহয় বুলিও ক’ব নোৱাৰি৷ কাৰণ যেনেকৈ ইউৰোপীয় দাৰ্শনিকৰ যিমানবোৰ নাম সৰু সৰু ল’ৰা ছোৱালীয়েও মুখস্থ মাতি দিব পাৰে তেনেকৈ ভাৰতীয় দাৰ্শনিক নাম অনৰ্গল মুখস্থ মাতিব পৰাকৈ নাই৷  মই এনেকৈও ভাৱোঁ যে আমাৰ এটা Stage চলি আছে যে, আমি বিশাল অধ্যয়নৰ দ্বাৰা লাহে লাহে নিজকে তৈয়াৰী কৰি আছোঁ৷ তাৰ মাজত কিছু কিছু মৌলিক চিন্তা ওলাইছে আৰু অনাগত দিনত এনে এটা পৰিৱেশ হ’বগৈ যে হয়তো বহুত মানুহে মৌলিক চিন্তাৰ পৰিচয় দিব৷ কিন্তু এইবিষয়ে কোনো সন্দেহ নাই যে আমাৰ ভাৰতীয় সাহিত্যৰ নৱজীৱন আহিলে ইউৰোপীয় সাহিত্যৰ প্ৰভাৱত, ভাৰতীয় চিন্তাও পৰিপুষ্ট হৈছে ইউৰোপীয় চিন্তাৰে, আমি তেওঁলোকৰ পৰা আজিলৈকে শিকিয়েই আছোঁ৷

ফটাঢোল:: অসমীয়া ব্যংগ সাহিত্যৰ ক্ষেত্ৰখন এতিয়াও এলাগী হৈ আছে৷ যিহেতু আমাৰ গোটটো হাস্য ব্যংগ গোট৷ ব্যংগ সাহিত্যৰ উত্তৰণ, লেখক আৰু পাঠক সৃষ্টিৰ ক্ষেত্ৰত আমাৰ দায়বদ্ধতা কেনেকুৱা হোৱা উচিত এই বিষয়ে কেনে পৰামৰ্শ আগবঢ়াব?

হোমেন বৰগোহাঞি:: যেতিয়া মই নীলাচল নামৰ কাকতখনৰ সম্পাদক আছিলোঁ তাতে মই এটা প্ৰবন্ধ লিখিছিলোঁ ‘আমি হাঁহিবলৈ পাহৰিছোঁ’৷ অসমীয়া ভাষাত উৎকৃষ্ট ব্যংগ সাহিত্যৰ অভাৱ৷ আজি দশকৰ পিছত দশক ধৰি একো ব্যংগ সাহিত্য বিশেষ চকুত পৰাকৈ প্ৰকাশ হোৱা মই দেখা নাই৷ লক্ষ্মীনাথ বেজবৰুৱাৰ যুগৰ পিছত দণ্ডীনাথ কলিতা, মহেশ চন্দ্ৰ দেৱ গোস্বামীয়ে কিছু লিখিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু এই সংখ্যা ইমান কম যে এপাচি শাকত এটা জালুক বুলি ক’ব পাৰি৷ বেজবৰুৱাৰ পিছত অসমীয়া সাহিত্যৰ ক্ষেত্ৰত উৎকৃষ্ট ব্যংগ সাহিত্য ৰচনা কৰিমেই বুলি সংকল্প লৈ লেখা মানুহ মোৰ চকুত পৰা নাই৷ ব্যংগ সাহিত্যৰ মূল বস্তুটোৱেই হ’ল সমালোচনা৷ সমাজ, সাহিত্য, ৰাজনীতি সকলো দিশৰ সমালোচনাৰ বাবেই ব্যংগ সাহিত্যৰ প্ৰয়োজন৷ কিন্তু যদিও ই সমালোচনা, ই পাঠকৰ মনত আনন্দ দিবও পাৰিব লাগিব আৰু তাৰ সমান্তৰালকৈ মনত কিছুমান প্ৰশ্নৰ উদ্ৰেক কৰিবলৈ সক্ষম হ’ব লাগিব৷ বেজবৰুৱাই সেই সময়ৰ সমাজৰ যিবোৰ সমস্যাক আঙুলিয়াই ব্যংগ ৰচনা কৰিছিল, সমাজ আৰু সময়ৰ পৰিৱৰ্তনৰ লগে লগে সেই সমস্যাবোৰ নোহোৱা হ’ল৷ ঠিক তেনেকৈ হেমচন্দ্ৰ বৰুৱাই ‘কানীয়া কীৰ্তন’ ৰচনা কৰিছিল৷ কানীয়া থকালৈকেহে কানীয়া কীৰ্তনৰ ব্যংগ ৰসিকতাৰ প্ৰাসংগিকতা থাকিব। তথাপিতো ৰচনাৰ গুণতেই এইবোৰ এতিয়াও পঢ়িব পাৰি আৰু পঢ়ি বিমল আনন্দ পোৱা যায়৷ আপোনালোকে যে অনলাইন হাস্য ব্যংগ লেখা সৃষ্টিৰ বাবে এই পদক্ষেপ লৈছে তাৰ যোগেদি ব্যংগ সাহিত্য ৰচনা কৰিব পৰা প্ৰতিভাৰ আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰক৷

ফটাঢোল:: ছাৰ আমি সকলোৱে আপোনাক এজন ‘ছিৰিয়াছ’ মানুহ হিচাপেই দেখি আহিছোঁ৷ আপুনি কেতিয়াবা প্ৰাণখুলি হাঁহি পাইছেনে? আপোনাৰ জীৱনত হাস্য ব্যংগৰ প্ৰভাৱ কেনেকুৱা?

হোমেন বৰগোহাঞি:: (এমুখ হাঁহিৰে ) মই হাঁহো৷ মানুহে মোক খুব ভুল বুজে৷ মই হাঁহিবলৈ খুব ভাল পাওঁ৷ এটা বয়সলৈকে খুব আড্ডাও দিছিলোঁ আৰু খুব হাঁহিব পাৰোঁ বুলি মোৰ নাম আছিল৷ এতিয়া দেখিছোঁ নাহাঁহো বুলিহে মোৰ নামটো বেছি হৈছে৷ হাঁহিব পাৰিলেতো খুব ভাল পাম৷ কাৰণ নিজৰ সুস্বাস্থ্যৰ বাবেও হঁহাটো খুব প্ৰয়োজন৷ হঁহাৰ সুবিধা সুযোগ পালেই গ্ৰহণ কৰোঁ৷ কিন্তু বৰ্তমান গুৱাহাটীত লাহে লাহে ব্যস্ততাৰ বাবে এই সুযোগবোৰ কমি আহিছে৷ মই পঢ়ি অহা চৰকাৰী মজলীয়া স্কুলখনৰ বঁটা বিতৰণী সভাবোৰত সদায়ে কিছুমান খুহুঁতীয়া কবিতা আবৃত্তি কৰা হৈছিল৷ তেতিয়া আমি লক্ষ্মীনাথ বেজবৰুৱা, দণ্ডীনাথ কলিতাৰ কিছুমান কবিতা আবৃত্তি কৰিছিলোঁ৷ হাস্য ব্যংগ ৰচনা পঢ়িও মই খুব ভাল পাওঁ৷ ইংৰাজী, বাংলা ভাষাত বহুতো উৎকৃষ্ট ব্যংগৰ ৰসাস্বাদন কৰিছোঁ৷ অসমীয়া ব্যংগ ৰচনা সমূহো প্ৰায়বোৰেই পঢ়িছোঁ যদিও বেজবৰুৱাক চেৰ পেলাব পৰা হোৱাগৈ নাই বুলি মই ভাবোঁ৷

ফটাঢোল:: আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি?

হোমেন বৰগোহাঞি:: (স্মিত হাঁহিৰে) ভৱিষ্যতৰ পৰিকল্পনা হৈছে নমৰালৈকে জীয়াই থকা আৰু জীয়াই থকালৈকে কাম কৰি যোৱা৷ বয়স বাঢ়িলেইতো একো লাভ নহ’ব যদি জীৱনৰ শেষ মুহূৰ্ত পৰ্যন্ত কাম কৰিব নোৱাৰোঁ বা জীৱনটো উপভোগ কৰিব নোৱাৰোঁ৷ এজন আশী বছৰীয়া অথৰ্ব বৃদ্ধই আৰু বিশ বা পোন্ধৰ বছৰ জীয়াই থাকিলে মৃত্যুৰ বাবে অপেক্ষাৰ বাহিৰেতো জীয়াই থকাৰ আন একো লাভ নহ’ব৷ যিহেতু মানুহৰ আয়ুস বৰ্তমান দীঘল হৈছে গতিকে সুস্বাস্থ্যৰ সাধনা কৰি জীৱনৰ শেষ পৰ্যন্ত সবল আৰু কৰ্মঠ হৈ থকাৰ চেষ্টা কৰাতো প্ৰত্যেক মানুহৰ কৰ্তব্য হোৱা উচিত৷

ফটাঢোল:: ছাৰ আমি আশাকৰো আপুনি দীৰ্ঘায়ু হওক আৰু প্ৰজ্ঞাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰক৷ আপুনি ইমানখিনি বহুমূলীয়া সময় আমাক দিলে তাৰ বাবে অশেষ ধন্যবাদ৷

হোমেন বৰগোহাঞি:: মই ভাবোঁ সময় দিলে সম্পূৰ্ণকৈ দিব লাগে৷ মই আপোনালোকক মাতি পঠিয়াইছোঁ আৰু এটা ইমান ভাল উদ্দেশ্য লৈ আপোনালোকে কাম কৰি আছে গতিকে মই সময় নিদিলে কেনেকৈ হ’ব৷ অসমীয়া ব্যংগ সাহিত্যৰ প্ৰতি আগ্ৰহী হৈ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা ইমান সহস্ৰাধিক লোকে একেলগে এই প্ৰচেষ্টাত অংশ লৈছে সেয়া আশ্চৰ্যকৰ আৰু প্ৰশংসনীয় কথা৷ ইমান হাজাৰ মানুহে এই আলোচনীখন পঢ়িছে আৰু আপোনালোকৰ গোটৰে মানুহখিনিয়ে ‘ফ’কাছ ফাউণ্ডেচন’ বুলি সংস্থাটোৰ মাধ্যমেৰে পীড়িতজনক সাহায্য প্ৰদান কৰাৰ দৰে ভাল কাম কৰি আছে বুলি জানিব পাৰি মই সন্তোষ পাইছোঁ৷ আপোনালোকৰ অনলাইন আলোচনীখনৰ মাধ্যমেৰে উৎকৃষ্ট ব্যংগ লেখক সৃষ্টি কৰি অসমীয়া সাহিত্যত নতুন যুগৰ উন্মেষ ঘটাবলৈ চেষ্টা কৰিব বুলি আশা কৰিলোঁ৷

(ফটাঢোল আলোচনীৰ হৈ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ লগত বাৰ্তালাপ কৰিলে ফেব্ৰুৱাৰী, ২০২০ সংখ্যাৰ আলোচনী সম্পাদক আৰাধনা বৰুৱা আৰু হাস্য ব্যংগ ফেচবুক গোট ফটাঢোলৰ জ্যেষ্ঠ প্ৰশাসক হেমন্ত কাকতিয়ে ৷ )

☆ ★ ☆ ★ ☆

24 Comments

  • ৰাজশ্ৰী শৰ্মা

    খুবেই ভাল লাগিল পঢ়ি। চাৰৰ কথাখিনি ভাল লাগিল।

    Reply
  • rintumoni dutta

    যিকোনো আলোচনী পঢ়িব আৰম্ভ কৰিলে প্ৰথম সম্পাদকীয়ৰে আৰম্ভ কৰোঁ‌। এইবাৰ কিন্তু ব্যতিক্ৰম হ’ল। চাৰৰ নাম শুনি ৰ’ব নোৱাৰিলো, প্ৰথম এই সাক্ষাৎকাৰটোৱেই পঢ়িলো।

    খুব ভাল লাগিল। চাৰৰ বিষয়ে বহুত নজনা কথা জানিলো। অশেষ ধন্যবাদ চাৰলৈ আৰু লগতে সাক্ষাৎকাৰ গ্ৰহণ কৰা দুয়োজনলৈ।

    আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰজ্ঞাৰ সাধকজনৰ সুস্বাস্থ্য কামনা কৰিলো

    Reply
    • ৰাজু কুমাৰ নাথ

      মোৰো একেই গতি হ’ল।

      Reply
  • anjan sadhanidar

    একে উশাহতে পঢ়িলো৷ বৰ ভাল লাগিল দেই৷ টিম ফটাঢোল জিন্দাবাদ৷

    Reply
  • কুশল দত্ত

    মই তেখেতৰ গদ্যৰ এজন মোহাছন্ন পাঠক মাত্ৰ। তেখেতৰ ৰচনাত পোৱা জীৱনবোধ আৰু গভীৰ আশাবাদ সম্বন্ধীয় প্ৰভাৱেৰে মই প্ৰভাৱান্বিত। মোৰ নমস্য ব্যক্তিজনা প্ৰতিদিনে-প্ৰতিক্ষণে সুস্হ শৰীৰেৰে ভালে থাকক।
    এখেতৰ সাক্ষাৎকাৰৰ অৰ্ন্তভুক্তিয়ে ফটাঢোলৰ সৌষ্ঠৱ দুগুণে বঢ়াইছে বুলি অনুভৱ কৰোঁ।

    Reply
  • bijoy mahanta

    প্ৰথম এইটোৰেই আৰম্ভ কৰিলো।ভাল লাগিল

    Reply
  • Nayanmani Haloi

    সাক্ষাৎকাৰটোৱেই প্ৰথম পঢ়িলো৷ সুন্দৰ৷

    Reply
  • Kumud Barman

    আলোচনীখন নিয়মীয়াকৈ পঢ়া নহয়গৈ মোৰ পিছে এইবাৰ চাৰৰ নামটো দেখি ৰব নোৱাৰিলো পঢ়ি শেষ নকৰালৈকে ৷ খুউৱ ভাল লাগিল ৷ এই সাক্ষাৎকাৰটি ফটাঢোলৰ এক সম্পদ হৈ ৰ’ব ৷ জয়তু ফটাঢোল

    Reply
  • Bornali S Mudoi

    বৰ সুন্দৰকৈ উপস্হাপন কৰিলে সাক্ষাৎকাৰটো খুবেই আপ্লুত পঢ়ি….
    মোৰ জীৱনক গভীৰভাৱে প্ৰভাৱিত আৰু আলোড়িত কৰা ব্যক্তি জনেই হৈছে হোমেন বৰগোহাঞিদেৱ..
    তেখেত অন্যতম প্ৰিয়..তেখেতৰ অনুপম গদ্য শৈলীক মই আপুৰুগীয়া সম্পদ হিচাবে গণ্য কৰো।

    জয়তো টিম ফটাঢোল🙏

    Reply
  • কমলা দাস

    হোমেন বৰগোহাঞিৰ কথা খিনিয়ে মনত আনন্দ দিয়াৰ লগতে উৎসাহ পালোঁ ।
    সুন্দৰ কথপোকথন ।প্ৰশ্ন বিলাকো উন্নত মানৰ হৈছে ।

    Reply
  • Utpal gogoi

    পঢ়ি বৰ সন্তুষ্টি লভিলো।

    Reply
  • Mukut bhattacharjya

    বৰ ভাল লাগিল সাক্ষাৎকাৰটো পঢ়ি। ফটাধোল ডট কমৰ এক সম্পদ।

    Reply
  • সৰুৰ পৰা মোক কিতাপ পঢ়িবলৈ অনুপ্ৰাণিত কৰা লেখকসকলৰ ভিতৰত হোমেন বৰগোহাঞি চাৰ অন্যতম৷ সাক্ষাৎকাৰটো পঢ়ি সুখী হ’লোঁ৷

    Reply
  • Irani Saikia

    ময়ো আলোচনীখন চাৰৰ সাক্ষাৎ কাৰ পঢ়িয়ে আৰম্ভ কৰিলো ।

    Reply
  • Gourisankar Sarmah

    এই সাক্ষাৎকাৰটোৱেই পঢ়িছোঁ এপটো খুলি। আশা কৰা ধৰনেই ছাৰৰ বিষয়ে নতুন কেইটামান কথা গম পালোঁ। সাক্ষাৎকাৰটোৰ বাবে সম্পাদকক বহুত বহুত ধন্যবাদ।

    Reply
  • মনিমা কলিতা

    চাৰৰ কথাখিনি পঢ়ি ভাল লাগিল। চাৰৰ নিসংগতা খন পঢ়িছিলো বৰ ভাল লাগিল

    Reply
  • কাবেৰী মহন্ত

    চাৰৰ প্ৰতিটো বক্তব্য একোখন গ্ৰামাৰ৷ কুশলে থাকক তেখেত সদায়৷

    Reply
  • খুবেই ভাল লাগিল 👌।

    Reply
  • ৰীতা শইকীয়া।

    বৰ ভাল লাগিল সাক্ষাৎকাৰটি পঢ়ি। সম্পাদিকা আৰধনাই সুন্দৰ প্ৰশ্ন নিৰ্বাচন কৰিছে বৰগোহাঞি চাৰক সুধিবলৈ।
    চাৰৰ শৈশৱ , প্ৰিয় চাৰিকড়ীয়া নৈ খন, পথাৰ খন , ঢকুৱাখনাৰ বিষয়ে জানিব পাৰি ভাল লাগিল। কেতিয়াবা চাৰৰ অবৰ্তমানত এই সাক্ষাৎকাৰ টি এখন জীৱন ভিত্তিক দলিল হৈ ৰ’ব ।

    Reply
  • ডলী

    প্ৰাথমিক স্কুলত পঢ়া সময়তে হালধীয়া চৰাইয়ে বাও ধান খায় চিনেমাখন চাইছিলো। তাৰপিছত সাউদৰ পুতেকে নাও মেলি যায় পঢ়িছিলো ক্লাচ চেভেনত। তেতিয়াৰ পৰাই চাৰৰ অনুৰাগী। বৰ ভাল লাগিল সাক্ষাতকাৰটো পঢ়ি।

    Reply
  • চেমিন

    বৰ ভাল লাগিল সাক্ষাৎকাৰটো পঢ়ি। টীম ফটাঢোলৰ হৈ তেখেতক কৰা প্ৰশ্ন সমূহো তেখেতৰ দৰে ব‍্যক্তি এগৰাকীৰ বাবে উপযুক্ত লাগিল যাৰ উত্তৰে বহুত খিনি অনুপ্ৰাণিত কৰিলে আমাক।
    হেমন্ত কাকতি দাদা আৰু আৰাধনা বৰুৱালৈ কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    পঢ়িব পাই ধন্য হ’লোঁ৷

    Reply
  • Chandana Das

    পঢ়ি ভাল লাগিল

    Reply
  • মানসী বৰা

    কিবা কাৰণত মন্তব্য দিবলৈ থাকি গৈছিল। প্ৰিয় সাহিত্যিকজনৰ সাক্ষাৎকাৰটি পঢ়ি ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.