ফটাঢোল

সাক্ষাৎকাৰৰ বাবে প্ৰশ্ন, কমপাইলড্ বাই বিজয় মহন্ত : ৰিমঝিম বৰঠাকুৰ

সাধাৰণতে ফটাঢোল ই-আলোচনীৰ নতুন সম্পাদক ঘোষণাৰ লগে লগে প্ৰথম চিন্তাটো হ’ল এইমাহৰ আলোচনীৰ বাবে কাৰ সাক্ষাৎকাৰ লোৱা হ’ব। সম্পাদকৰ লগতে সম্পাদনা সমিতিয়ে আলোচনা কৰি ঠিক কৰিলে অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীক। সেয়ে তেখেতক কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পৰা যায়, সম্পাদকে আলোচনীৰ টিমৰ সকলোকে প্ৰশ্নসমূহ যুগুতাবলৈ ক’লে। কাৰণ সম্পাদকৰ বিশ্বাস “ৰাইজে নখ জোকাৰিলেহে প্ৰশ্ন ওলাব কি বোলে নৈ ব’ব।” সম্পাদকৰ কথা শুনি যিয়েই যি পাৰে প্ৰশ্ন কিছুমান যোগাৰ কৰি দিলে। সেই প্ৰশ্নবোৰৰ ভিতৰত আটাইতকৈ বেছি প্ৰশ্ন আছিল বিজয় মহন্তৰ ফালৰ পৰা। প্ৰশ্নসমূহ এনেধৰণ-

১) বাইদেউ, আপুনিতো বহুত অসমীয়া চিনেমা কৰিছে আৰু আপোনাৰ মই বিগ ফেন। এতিয়া সুধিবলৈ বিচাৰিম চিনেমাবোৰত যে খোৱা পৰ্ববোৰ দেখুৱাই, আপোনালোকে সঁচাকৈয়ে খাই নে? নে কেমেৰাটো আঁতৰাই দিয়াৰ পিছত কাঁহীখনত পানী ঢালি থৈ গুচি আহে?

২) বাইদেউ আপোনাৰ চিনেমাসমূহ সঁচাকৈয়ে বৰ ভাল লাগে। এগৰাকী নায়িকাৰ পৰা মাৰ চৰিত্ৰলৈকে আপুনি সকলোবোৰ চৰিত্ৰকে জীৱন্ত ৰূপ দাঙি ধৰিব পাৰে। এতিয়া মোৰ প্ৰশ্ন হ’ল চিনেমাৰ চিনবোৰত যি খোৱা বোৱাৰ চিন দেখুওৱা যায় তাত কেতিয়াবা হাঁহৰ মাংসও থাকে নে? কেতিয়াবা আপোনাৰ হাঁহৰ মাংসৰ বনোৱা অভিজ্ঞতা আছে নে? যিহেতুকে আপুনি গম পাইছেই ফটাঢোলখন এখন হাস্য ব্যংগ আলোচনী, গতিকে হাঁহৰ মাংস বনোৱাৰ অভিজ্ঞতাৰ লগত জড়িত কিবা হাঁহি উঠা কথা আমাকো শুনাওকচোন।

৩) বাইদেউ আপোনাৰ হাঁহিটোত কিবা এটা প্ৰশান্তি আছে। সকলোকে মুহি পেলাব পাৰে। এতিয়া মোৰ প্ৰশ্ন হ’ল শ্বুটিঙ থলীত আপোনালোকৰ খোৱা-বোৱাৰ বিষয়ে কিবা অলপ ক’ব নেকি? যেতিয়া শ্বুটিঙত লাঞ্চ ব্ৰেক হয়, তেতিয়া আপোনাৰ মুখত এই একেই মোহাচ্ছন্ন হাঁহিটোৱেই বিয়পি পৰে নে?

৪) বাইদেউ বেয়া নাপায় যদি আৰু এটা প্ৰশ্ন সুধিবলৈ বিচাৰিম। এই যে আপোনালোকৰ শ্বুটিঙৰ কাৰণে য’তে ত’তে ঘূৰি ফুৰিব লগা হয়। কেতিয়াবা ঘৰলৈ ঘূৰি আহোঁতে দেৰি হয়। হয়তো ৰাতিও বহুত হয়। এতিয়া কওকচোন শ্বুটিঙত বেছি সময় খৰচ কৰে নে খাওঁতে?

৫) বাইদেউ আপোনাৰ সুন্দৰ অভিনয়ৰ কাৰণে বহুতো পুৰস্কাৰ, আদি পাবলৈ সক্ষম হৈছে। জীৱনত প্ৰথমটো পুৰস্কাৰ পোৱাৰ পিছত গোটেই ৰাইজক হাঁহ মাৰি ভোজ দিছিল নে? তেতিয়া আপোনাৰ অনুভৱ কেনে হৈছিল?

৬) বাইদেউ আপোনাক সুধিবলৈ ইমান কষ্ট কৰি প্ৰশ্নকেইটা যুগুতালোঁ। এতিয়া মই সুধিবলৈ বিচাৰিম এই কষ্টৰ বিনিময়ত আপুনি হাঁহে মাহে এসাজ খাবলৈ কেতিয়া মাতিব?

ওপৰৰ ছটা প্ৰশ্ন দেখিয়েই সম্পাদক মহোদয় নালাগে সম্পাদনা সমিতিৰ বাকী তলৰ প্ৰশ্নকেইটা চাবলৈ ধৈৰ্য নাথাকিলেই। প্ৰশ্নবোৰ চকুত পৰাৰ লগে লগে আমাৰ কাকতি দা মানে হেকা দাই টাইপ কৰিলেই,

: বিজয় এইবোৰ কি প্ৰশ্ন দিছাহে। ক’তো একো লিংক নথকা। আৰম্ভ কৰা কিবা এটাৰে, সুধিছা কিবা এটা। গোটেইবোৰ দেখোন অকল খোৱা বোৱাতে শেষ কৰিলা? সকলোতে খালী খোৱা-বোৱা কিয় বিচাৰি থাকাহে?

কাকতি দাই বিজয় দাৰ প্ৰশ্নসমূহৰ ওপৰত প্ৰশ্ন তোলা দেখি বিজয় মহন্তয়ো গহীনত উত্তৰটো লিখি দিছে,

“মোৰ নিজৰ চিলেবাছ মতেহে প্ৰশ্ন সুধিম। আপুনিও জানে মই মোক কোনোবাই আউট অব চিলেবাছ সুধিলে ভাল নাপাওঁ আৰু ময়ো মোৰ চিলেবাছৰ বাহিৰত গৈ কাৰোবাক প্ৰশ্ন কৰি ভাল নাপাওঁ।”

☆ ★ ☆ ★ ☆

4 Comments

  • বঢ়িয়া দেই। বিজয়ৰ প্ৰশ্নৰ নমুনা দেখি অভিনেত্ৰী মুৰ্চা যোৱা নাছিলটো—!

    Reply
  • হেমন্ত কাকতি

    এইকেইটা প্ৰশ্ন নেক্স্ট অভিনেত্ৰী কোনোবা ইণ্টাৰভিউ লব গলে সুধিবই লাগিব মানে৷

    Reply
  • Nilakshi Devi Deka

    এইটো তামাম। 😂😂

    Reply
  • মজ্জা

    Reply

Leave a Reply

Your email address will not be published.