ফটাঢোল

সাক্ষাৎকাৰ–অসম পুলিচৰ উপমহাপৰিদৰ্শক শ্ৰীযুত দিগন্ত বৰা

(এই মাহৰ অতিথি শ্ৰীযুত দিগন্ত বৰাৰ জন্ম বৰ্তমানৰ বিশ্বনাথ চাৰিআলিৰ গহপুৰ মহকুমাৰ কলাবাৰীত৷ তেখেতে ১৯৯১ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ১৯৯৩ চনৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থান সহকাৰে উত্তীৰ্ণ হৈ দিল্লীৰ চেইণ্ট ষ্টিফেন্স কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লয়। ২০০৪ বৰ্ষত ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় পুলিচ সেৱাৰ বাবে নিৰ্বাচিত হয়। তেওঁ ইয়াৰ পূৰ্বে দিল্লী বিশ্ব বিদ্যায়লৰ অধীনস্থ একাধিক মহাবিদ্যালয়ত অধ্যাপনাও কৰে। বৰ্তমান অসম পুলিচৰ মুখ্য কাৰ্যায়লত উচ্চ পদবীত কৰ্মৰত শ্ৰীযুত বৰাৰ জীৱন অসমৰ যুৱ সমাজৰ বাবে এক অনুপ্ৰেৰণা আৰু আদৰ্শ।

ফটাঢোলৰ হৈ হিমাংশু ৰাজখোৱাই গ্ৰহণ কৰা এই সাক্ষাৎকাৰটোত শ্ৰীযুত দিগন্ত বৰাই তেওঁৰ পাৰ হৈ যোৱা জীৱনৰ ভালেখিনি কথাৰ সাৱলীল বৰ্ণনা দিছে। তেখেতৰ এই অনুপম জীৱন যাত্ৰাৰ কাহিনীয়ে পাঠক সমাজক অনুপ্ৰাণিত কৰিব বুলি আমি আশাবাদী।)

ফটাঢোল : নমস্কাৰ ছাৰ, পোন প্ৰথমে আপোনাৰ ব্যস্ত জীৱনৰ অকণমান সময় ফটাঢোলক দিয়াৰ বাবে ধন্যবাদ।

দিগন্ত বৰা : আপোনালোকলৈও অশেষ ধন্যবাদ, মোক এই সুযোগ দিয়াৰ বাবে।

ফটাঢোল : আমি জানো আপুনি শৈশৱৰ পৰাই এগৰাকী মেধাবী ছাত্ৰ আছিল। ১৯৯১ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰাৰ পৰা আৰম্ভ কৰি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সময়লৈ আপোনাৰ শৈক্ষিক জীৱন অনেক প্রাপ্তিৰে ভৰা।
কওকচোন, আপোনাৰ শৈশৱ, পঢ়া শুনাৰ দিনবোৰৰ কথা।

দিগন্ত বৰা : মই জানি অতিশয় আনন্দিত যে ফটাঢোল নামৰ ফেচবুকৰ আপোনালোকৰ এই গোটটোৱে যে আজি তিনি বছৰৰো অধিক সময় জুৰি এখন উচ্চ মানদণ্ডৰ আলোচনী প্ৰতিমাহে উলিয়াই আছে আৰু ইয়াৰ যোগেদি মাতৃভাষাৰ চৰ্চা অব্যাহত থকাৰ লগতে এই গোটটোৰ সদস্য সদস্যাসকলৰ সৃষ্টিশীলতাক প্ৰকাশ পোৱাৰ এটা সুযোগ দিছে৷ এই গোটটোৰ লগত জড়িত সকলোলৈকে মই অভিনন্দন জনাইছোঁ আৰু আজি এই আলোচনীখনৰ জৰিয়তে ৰাইজৰ লগত কথা পাতিবলৈ সুযোগ দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ।

আপোনালোকে সোধাৰ দৰে মোৰ ল’ৰালি কালৰ পৰাই আৰম্ভ কৰোঁ। মোৰ জন্ম হৈছিল একেবাৰে গাঁৱলীয়া পৰিবেশত। বৰ্তমানৰ গহপুৰ মহকুমাৰ অন্তৰ্গত এটা অঞ্চলৰ নাম কলাবাৰী। সেই কলাবাৰী অঞ্চলৰ ‘মিকিৰ বৰা চুক’ গাঁৱত মোৰ জন্ম ১৯৭৫ চনত। মা দেউতা দুয়ো আছিল শিক্ষক। মিকিৰ বৰা চুক প্ৰাথমিক বিদ্যালয়তে মই মোৰ প্ৰাথমিক শিক্ষা সমাপ্ত কৰোঁ। সেই সময়ৰ এটা কথা এতিয়া মোৰ মনত পৰিছে। চতুৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষাৰ সময়ৰ কথা। দেউতাৰ চাইকেলত উঠি কলবাৰীলৈ পৰীক্ষা দিবলৈ অহাৰ আগলৈকে গাঁৱৰ বাহিৰলৈ অহাৰ অভিজ্ঞতা মোৰ নাছিলেই। পৰীক্ষাত অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল একগোট হৈছিল আৰু দেউতাই মোক তেওঁলোকক দেখুৱাই কৈছিল যে মই এই সকলো ছাত্ৰ-ছাত্ৰীৰ ভিতৰত শ্রেষ্ঠ হৈ দেখুৱাব লাগিব। ইয়াৰ পিছত পঞ্চমৰ পৰা সপ্তম শ্ৰেণীলৈ মই আমাৰ ঘৰৰপৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ কলাবাৰী মজলীয়া বিদ্যালয়ত নামভৰ্তি কৰোঁ। গাঁৱলীয়া ৰাস্তাৰ বোকা, পানী খচকি সেই সময়ত আমি স্কুললৈ অহা যোৱা কৰিছিলোঁ। সপ্তমমানৰ বৃত্তি পৰীক্ষাত মই স্থান পাইছিলোঁ, জিলাৰ ভিতৰত প্ৰথম হৈছিলোঁ। সেই পৰীক্ষা হৈ থকা সময়ত কোনোবা এদিন অসম বন্ধত কোনো উপায় নথকাত খুড়াৰ চাইকেলত উঠি ১৫ কিলোমিটাৰ আঁতৰৰ গহপুৰত গৈ পৰীক্ষা দিয়াৰ কথা মনত পৰে। ইয়াৰ পাছত কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই মই মেট্ৰিক পৰীক্ষা দিওঁ ১৯৯১ চনত।
পৰীক্ষা ভালেই হৈছিল, ভাল ৰিজাল্ট হ’ব বুলি আশা কৰি আছিলোঁ, স্থান লাভৰ কথা সাপনৰো অগোচৰ। যিদিনা ৰিজাল্ট দিব সেইদিনা, মই ঘৰত অকলে আছোঁ। ঘৰৰ গৰুকেইটা এৰাল দি পথাৰৰ পৰা ঘৰ পাওঁতেই দেখিলোঁ আমাৰ পদূলিত এখন গাড়ী ৰৈছে আৰু তাৰপৰা তিনিজন চিনাকি দাদা নামি আহি মোক সোনকালে কাপোৰ-কানি পিন্ধি তেওঁলোকৰ লগত ওলাবলৈ কৈছে। তেওঁলোকে মোক কৈছিল মই হেনো খুব ভাল ৰিজাল্ট কৰিছোঁ, ছেকেণ্ড হৈছোঁ। মই ধৰিব পৰা নাছিলোঁ ছেকেণ্ড ডিভিজন পাইছোঁ নে ছেকেণ্ড পজিচন পাইছোঁ। তেওঁলোকো খুব উত্তেজিত হৈ আছিল আৰু মোক কথাবোৰ ভালকৈ বুজাব পৰা নাছিল। তেওঁলোকৰ লগত গাড়ীত উঠি স্কুললৈ গৈ গম পালোঁ মই সঁচাকৈয়ে অসমৰ ভিতৰত দ্বিতীয় স্থান পাইছোঁ।

ফটাঢোল : ইয়াৰ পাছত কলেজ, বিশ্ববিদ্যালয়?

দিগন্ত বৰা : হয়, মেট্ৰিক পাছ কৰি মই গুৱাহাটীলৈ আহোঁ আৰু কটন কলেজৰ বিজ্ঞান শাখাত নামভৰ্তি কৰোঁ। প্ৰথম কলেজলৈ আহি মই একপ্ৰকাৰে দিক-বিদিক হেৰুৱাই পেলাইছিলোঁ। শ্ৰেণীত পাঠদান ইংৰাজীত হয় বাবে মই প্ৰথমে একো বুজি পোৱা নাছিলোঁ। প্ৰথম বাৰ্ষিকৰ পৰীক্ষাত মই বৰ কম নম্বৰ পালোঁ। দ্বিতীয় বৰ্ষত অৱশ্যে যথেষ্ট কষ্ট কৰি পঢ়িছিলোঁ আৰু সেই পৰীক্ষাতো মই স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। ইয়াৰ পাছতে মোৰ দিল্লী যাত্ৰা আৰম্ভ হৈছিল। সৰু মামাৰ লগত জুন মাহৰ গৰমত নৰ্থ ইষ্ট এক্সপ্ৰেছত উঠি দিল্লী পালোঁগৈ আৰু চেইণ্ট ষ্টিফেন্স কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগত নামভৰ্তি কৰিলোঁ। একেখন কলেজতে অৰ্থনীতি বিষয়ত বন্ধু গৌৰাংগলাল দাসেও নামভৰ্ত্তি কৰিছিল। দিল্লীত গৈ এখন বেলেগ পৃথিৱী দেখিলোঁ, এইটো এইবাবেই কৈছোঁ কাৰণ মই উজনিৰ গাঁৱৰপৰা আহি কটনত নামভৰ্তি কৰি প্ৰথম অসমখনৰ লগত চিনাকি হৈছিলোঁ আৰু এতিয়া দিল্লীত বিভিন্ন প্ৰদেশৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলক লগ পাই এক বৈচিত্ৰপূৰ্ণ পৰিবেশ পালোঁ।

ফটাঢোল : বিশ্ববিদ্যালয়ত থকা সময়ৰ কিবা উল্লেখযোগ্য অভিজ্ঞতা আছে নেকি যিয়ে পিছৰ জীৱনতো আপোনাক প্ৰভাৱিত কৰি ৰাখিছে?

দিগন্ত বৰা : আছে৷ চেইণ্ট ষ্টিফেন্স কলেজ কেম্পাছত ৬টা হোষ্টেল আছিল। প্ৰতিটো হোষ্টেলৰ একেবাৰে কাষতে কলেজৰ শ্ৰেণীকোঠাবোৰ। আমাৰ ইয়াৰ হোষ্টেলৰ চুপাৰিণটেণ্ডেণ্টৰ দৰে আমাৰ কলেজৰ হোষ্টেলবোৰত একোজন অধ্যাপক ব্লক টিউটৰ হিচাপে থাকে। মোৰ যিজন ব্লক টিউটৰ আছিল তেওঁ আছিল বিদেশী; অষ্ট্ৰেলিয়াৰ৷ আমাৰ কলেজৰ ইতিহাস বিভাগৰ অধ্যাপক৷ নাম প্ৰফেছৰ ডেভিড বেকাৰ। প্ৰথম দিনা হোষ্টেল সোমোৱাৰ পাছতে মোক কোৱা হ’ল যে তেখেতক সেইদিনা আবেলি ৪:৩০ বজাত মই লগ কৰিব লাগে। সেই মতেই ঠিক চাৰে চাৰি বজাত তেখেতৰ আবাসৰ দুৱাৰত মই টুকুৰীয়াই দিলোঁ আৰু ভিতৰৰ পৰা কোনোবাই কিবা এটা ক’লে। মই ভাবিছোঁ মোক wait বুলি কৈছে। এনেকৈ বাহিৰত ৰৈ থাকি অলপ সময়ৰ মূৰে মূৰে দুৱাৰত টুকুৰীয়াই আছোঁ আৰু ভিতৰৰ পৰা wait বুলি কোৱা শুনা পাওঁ। এনেকৈ বহুদেৰি যোৱাৰ পাছত প্ৰফেছৰ বেকাৰ নিজেই বাহিৰলৈ ওলাই আহি মোক ইংৰাজীত কিবাকিবি কৈছে। কি কৈছে মই একো বুজি পোৱা নাই, ভয়ো খাইছোঁ প্ৰথম দিন।

সেইদিনা মোৰ লগতে আৰু কেইবাজনো নবাগতক ছাৰে নিজৰ আবাসলৈ আচলতে চাহ খাবলৈ মাতিছিল। ৰূমলৈ ঘূৰি আহি ছাৰে মোক কোৱা কথাখিনি এবাৰ ভালকৈ পুনৰ মনত পেলাইহে মই বুজিব পাৰিলোঁ আচলতে ছাৰে মোক ভিতৰৰ পৰা য়েছ বুলিহে কৈ আছিল, মই তেখেতৰ বিদেশী উচ্চাৰণ বুজিব নোৱাৰি য়েছটোক ৱেইট বুলি শুনি বাহিৰত ৰৈ আছিলোঁ।

যি কি নহওক, মই এই কাহিনীটো এইবাবেহে কৈ আছোঁ যে শিক্ষা গুৰুৱে জীৱনত কি প্ৰভাৱ পেলাব পাৰে। ছাৰে প্ৰথম দিনাই বুজি পালে যে মোৰ ভাষাৰ সমস্যা আছে৷ এসপ্তাহমান পাছত তেখেতে মোক আকৌ মাতি পঠিয়ালে। সেইদিনা মোক অকলে মাতিছিল। মই সময়মতে গৈ তেখেতক লগ কৰিলোঁগৈ। তেখেতে তেতিয়া মোক সুধিলে যে মই ক’ৰ পৰা আহিছোঁ। অসমৰ বুলি কোৱাত সুধিলে অসমৰ আৰু ছাত্ৰ-ছাত্ৰী কলেজত আছে নে নাই? তেতিয়া মই তেখেতৰ আগত অসমৰ মই চিনি পোৱা সকলো ছাত্ৰ-ছাত্ৰীৰ নামবোৰ এফালৰ পৰা গাই যাবলৈ ধৰিলোঁ। মোৰ কথা কোৱাৰ ধৰণ দেখিয়েই ছাৰে ভালকৈ বুজিলে যে মোৰ ভাষা আৰু যোগাযোগৰ ক্ষেত্রত অসুবিধা আছে। তেওঁ তেতিয়া হিন্দীতে লাহে লাহে তেওঁৰ নিজা ধৰণেৰে বুজালে যে মোৰ দৰে বহু ছাত্ৰ-ছাত্ৰী গ্ৰাম্য পৰিবেশৰ পৰা আহি দিল্লীৰ এই পৰিবেশত অস্বস্তিত পৰে। এই অৱস্থাৰ পৰা মই মুক্তি তেতিয়াহে পাব পাৰিম যেতিয়া মই কেৱল মোৰ কোঠাত সোমাই নাথাকি বাহিৰলৈ ওলাই যাম, মানুহৰ লগত কথা পাতিম, মানুহৰ আদব-কায়দা, কথা কোৱাৰ ধৰণ, থকাৰ ধৰণ লক্ষ্য কৰিম। ছাৰৰ সেই কথাখিনিৰ পৰা মই সলনি হৈ গ’লোঁ, লাহে লাহে বাহিৰলৈ ওলাই অচিনাকি মানুহৰ লগতো ভুলে শুদ্ধই কথা পাতি মই দিল্লী বিশ্ববিদ্যালয়ৰ পৰিবেশৰ লগত সহজ হৈ পৰিলোঁ আৰু মোৰ নীচাত্মিকাবোধ নোহোৱা হোৱাত সহায় কৰিলে। এই কথাবোৰে আজিলৈকে মোক যি কোনো এটা নতুন পৰিবেশ বা কামত সহজ হওঁতে সহায় কৰি আহিছে।

ফটাঢোল : আপুনি দিল্লীত বহুবছৰ থাকিলে, ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতহে আপুনি অসমলৈ আহিছে নহয় জানো?

দিগন্ত বৰা : হয়, মই দিল্লী বিশ্ববিদ্যালয়ৰ পৰাই স্নাতকোত্তৰ কৰিলোঁ আৰু মোৰ নিজৰ বিভাগতেই প্ৰায় ৩ মাহ অংশকালীন অধ্যাপক হিচাপে চাকৰিও কৰিলোঁ। মাষ্টাৰ ডিগ্ৰী কৰাৰ পাছতেই মোৰ উদ্দেশ্য আছিল ভাৰতীয় অসামৰিক পৰীক্ষাত বহা। সেই সময়ত দি. ইউৱেই হওক বা জে.এন.ইউৱেই হওক তাত এই পৰীক্ষাৰ প্ৰস্তুতিৰ এটা পৰিবেশ আছিল আৰু আমাৰ চিনাকি বহুতেই প্ৰতি বছৰেই এই পৰীক্ষাত উত্তীৰ্ণ হৈ চাৰ্ভিছত যোগদান কৰিছিল। আমাৰ অগ্ৰজ বহুতৰ পৰা এই বিষয়ত আমি যথেষ্ট উৎসাহ আৰু সহায় পাইছিলোঁ। গতিকে এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ বাবে যথেষ্ট সহায় পাইছিলোঁ। অৱশ্যে প্ৰথম তিনিবাৰ প্ৰাৰম্ভিক পৰীক্ষাত মই পাছ কৰিবই পৰা নাছিলোঁ, পৰীক্ষাৰ বাবে যি পৰিমাণৰ প্ৰস্তুতি লাগে সেইটো মোৰ প্ৰথম দুই তিনিবাৰত নাছিল। সেইবাবে মই এতিয়া কওঁ, যি কোনো পৰীক্ষাৰ বাবে পূৰ্ণ প্ৰস্তুতি নহ’লে এনেয়ে ফূৰ্তিতে পৰীক্ষা দিবই নালাগে। যি কি নহওক, চতুৰ্থ বাৰ যথেষ্ট কষ্ট আৰু পৰিকল্পিতভাবে আগবঢ়াৰ পাছত মই প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। এইখিনিতে উনুকিয়াই ৰখাটো উচিত হ’ব যে মোৰ অভিজ্ঞতাৰ পৰা মই ভাবোঁ প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ’বলৈ হ’লে কেৱল মেধাই শেষ কথা নহয়। উপযুক্ত পৰিকল্পনা মতে আগ নাবাঢ়িলে ইয়াত সফলতা পোৱাটো দুৰূহ।

ফটাঢোল : আপোনাৰ বৈচিত্ৰময় শৈক্ষিক জীৱনৰ বিষয়ে জানি আপ্লুত হ’লোঁ। এইবাৰ আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ। আপোনাৰ কথাৰ পৰা আমি জানিলোঁ আপুনি এজন অতি মেধাবী ছাত্ৰ আছিল। পঢ়াৰ বাহিৰেও আপুনি কি কৰি ভাল পাইছিল? দুষ্টামি কৰিছিল নে সৰুতে?

দিগন্ত বৰা : অ’ বৰ ভাল কথা সুধিলে। আমি গাঁৱৰ মানুহ। গাঁৱত এটা বেলেগ পৰিবেশ। এতিয়া কেতিয়াবা ৰাতি বিছনাত এই কথাবোৰ মনত পৰে। তেতিয়া মই দ্বিতীয় নে তৃতীয় মানত। স্কুলৰ ওচৰৰ এগৰাকী বিধবা মহিলাৰ এডৰা কুঁহিয়াৰ আছিল। আমি এজাক সমনীয়াৰ এদিন কি পোকে কামুৰিলে নাজানো, গোটেই মখা গৈ সেই কুঁহিয়াৰ বাৰীখনত সোমাই গোটেইখন লণ্ডভণ্ড কৰিলোঁ। কুঁহিয়াৰৰ মালিকনীয়ে কান্দি কান্দি আহি স্কুলত অভিযোগ দিয়াত আমাক বাৰাণ্ডাত আঁঠুকঢ়াই ৰাখিছিল। আৰু এবাৰ গৰমৰ বন্ধৰ সময়ত আমি এটা বৃহৎ দল চৰাই চিকাৰ কৰিবলৈ গ’লোঁ, আমাৰ গাঁৱলীয়া ভাষাত ডাউক চৰাই খেদিবলৈ যোৱা। প্রায় এবেলা গছতল বাঁহতল একাকাৰ কৰি দুটা ডাউক আৰু এটা কণা মুচৰি চৰাই মাৰিব পাৰিলোঁ। এঠাইত সেই দুটাৰ মাংস ৰান্ধি থাকোঁতেই আমাৰ গাঁৱৰে এজন খুড়াই আমাক বিচাৰি বিচাৰি আহি পালেহি। খুড়াৰ এতিয়া মনত আছে নে নাই নাজানো মোৰ কিন্তু ভালকৈয়ে মনত আছে যে তেওঁ আমাৰ গোটেই মখাকে তাৰ পৰা আঁঠু কঢ়াই কঢ়াই ঘৰলৈ আনিছিল। আমাৰ গাঁওখনত সেই সময়ত বান্দৰৰ খুব উৎপাত আছিল, গাঁৱত বান্দৰ খেদিবলৈ যাঠি জোং লৈ বান্দৰ খেদোৱা উৎসৱ এটাই হৈছিল। মই এদিন দেউতাই গম নোপোৱাকৈ সেই বান্দৰ খেদোৱা দলৰ লগত গুচি গৈছিলোঁ। সেই কথাত দেউতাৰ ইমান খং উঠিছিল যে ঘূৰি অহাৰ পাছত মোক ভাল শাস্তি দিছিল। এই কথাবোৰ এতিয়া মনত পৰি হাঁহি উঠে যদিও মই ভাবোঁ এই শাস্তিবোৰে আমাক শৈশৱত একোটা শিক্ষা দিছিল। আজিকালি অৱশ্যে এনেকুৱা শাস্তি নিজৰ সন্তানকো দিব নোৱাৰি। মোৰ নিজৰেই দুজনী ছোৱালী। মই জানো এনে শাস্তি যদি মই আজি নিজৰ ছোৱালীহঁতক দিবলৈ যাওঁ ইয়াৰ প্ৰতিক্ৰিয়া ইমান সহজ নহ’ব। আজিকালিৰ নতুন প্ৰজন্মৰ চিন্তাধাৰা আগৰ দৰে হৈ থকা নাই।

আৰু এটা কথা সুধিছিল, পঢ়াৰ বাদে কি কৰিছিলোঁ বুলি। মই খেলাধূলাত ইমান ভাল নাছিলোঁ। গাঁৱৰ পৰিবেশত ইমান বেলেগ বেলেগ ধৰণৰ খেলাৰ অৱকাশ আৰু সুযোগ দুয়োটাই নাছিল। বাঁহৰ মূঢ়াৰ বলৰ ক্ৰিকেট খেলা, এজাকমান ল’ৰাই খেলি থকা ভলীবল খেল এখনত কোনোবা সময়ত এবাৰ দুবাৰ বলটো হাতেৰে চুবলৈ পোৱা বা ফুটবলৰ পিছে পিছে দৌৰা এজাক ল’ৰাৰ লগত দৌৰি ফুৰাতেই মোৰ ক্ৰীড়া প্ৰতিভা নিঃশেষ হৈছিল (হাঁহি)৷ নদীত মাছ ধৰি খুব মজা পাইছিলোঁ৷ পল মাৰিছিলোঁ মৰনৈত৷ মেট্ৰিকৰ ইংৰাজী পৰীক্ষাৰ আগদিনাও ঘৰৰ সন্মুখেৰে বৈ যোৱা মৰনৈত পল মাৰি বৰালি মাছ ধৰিছিলোঁ গাঁঁৱৰ ৰাইজৰ লগত৷

ফটাঢোল : বেলেগ এটা প্ৰশ্ন সোধোঁ। ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ নোহোৱা হ’লে আপুনি কি হ’বলৈ ভাল পালেহেঁতেন? প্লেন বি কিবা আছিল নে?

দিগন্ত বৰা : আচলতে, মানে যেতিয়া এটা লক্ষ্য স্থিৰ কৰা যায় তেতিয়া সেইটো বহুকেইটা ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰিহে কৰা যায় বা কৰিব লাগে। মই মোৰ নিজৰ ক্ষেত্রত দেখিছোঁ, স্কুলীয়া জীৱনত আমি ভাবিছিলোঁ ডাঙৰ হৈ কিবা ডাঙৰ চাকৰি কৰিম। কিন্তু ডাঙৰ চাকৰিটো আচলতে কি বস্তু সেইটো আমি নাজানিছিলোঁ আৰু বোধহয় মোৰ নিচিনা এনেকুৱা বহুতৰে হৈছে। দেউতাই তেখেতৰ জ্ঞানেৰে কয় যে তই এনেদৰে পঢ়িলে এইটো হ’ব পাৰিবি কিন্তু exact কি পৰীক্ষা দিব লাগে সেইটো আমি নাজানো। কটনত আহি অলপ বুজি পালোঁ আৰু বুজি পোৱাৰ পাছত আমি জানিলোঁ কেনেকৈ কি পঢ়িলে ইঞ্জিনীয়াৰ বা ডাক্তৰ হ’ব পাৰি, কেনেকৈ কি পঢ়ি কি পৰীক্ষা দিলে প্ৰশাসনিক বিষয়া হ’ব পাৰি। পিচে আমি সীমিত উৎসৰ পৰা পোৱা সেই তথ্যবোৰো সম্পূৰ্ণ তথ্য নাছিল বা কোনো কোনো ক্ষেত্ৰত ভুলেই আছিলে। দিল্লী বিশ্ববিদ্যালয়লৈ গৈহে এই সম্পৰ্কে ভালকৈ বুজিলোঁ আৰু লক্ষ্য স্থিৰ কৰিলোঁ যে আমি অসামৰিক সেৱাৰ পৰীক্ষা দিম আৰু যদি নহয়, আচলতে সঁচা ক’বলৈ গ’লে নোহোৱা কথাটো মনলৈ অহাই নাছিল। তথাপি যদি নহ’লহেঁতেন মই যিহেতু পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ তেন্তে শিক্ষকতাই কৰিলোঁহেঁতেন। তেতিয়া পথ আৰু দীঘলীয়া হ’লহেঁতেন কাৰণ আকৌ গৱেষণা কৰা, চাকৰি বিচৰা। বহুত সময় লাগিলহেঁতেন। মই ইতিমধ্যে কৈছোঁৱেই সেই সময়ছোৱাত মই দিল্লীত অলপ দিন শিক্ষকতা কৰিছোঁও। ২০০১ চনত এবাৰ অসমৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা পদৰ বাবে অসম লোকসেৱা আয়োগত সাক্ষাৎকাৰো দিছিলোঁ, ভালেই হোৱা যেনো লাগিছিল, অৱশ্যে মই চাকৰিটো নাপালোঁ। এইনখিনিতে মই কওঁ, মই ফেইল কৰিছোঁ বহুবাৰ পৰীক্ষাত কিন্তু ফেইল কৰিলে হতাশ হ’ব নালাগে। মানুহে ফেইল কৰিলে শিক্ষা পায় নিজৰ ভুল বিচাৰি উলিয়াবৰ বাবে। প্ৰতিটো স্তৰতে পোৱা এনেকুৱা অনাকাংক্ষিত বাধাবোৰে নিজকে সলনি কৰিবলৈ সুযোগ দিয়ে।

ফটাঢোল : আপুনি কিছুদিন আগতে ক’ভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হৈছিল। কেইবাদিনো হস্পিতালত আছিল বোধকৰো। সেই সময়ছোৱা কেনেকৈ কটালে? কিবা সৃষ্টিশীল কাম হৈছিল নেকি?

দিগন্ত বৰা : হয়, মই ক’ৰণাত আক্ৰান্ত হৈ ১২ দিন গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছিলোঁ। সেই ১২ দিনত অকণমান ফ্ৰী সময় পালোঁ আৰু বেছি ক’ৰণা ক’ৰণা ভাবি থাকিলে অকণমান মানসিক এটা চাপৰ সৃষ্টি হয়। গতিকে ভাবিলোঁ অলপ পঢ়া-শুনাকে কৰোঁ। মোবাইলত কিবাকিবি পঢ়িবলৈ আৰম্ভ কৰিলোঁ, টেব এটা লৈ গৈছিলোঁ, তাতে কিবাকিবি পঢ়োঁ। তেনেকুৱাতে দেখিলোঁ ফেচবুকত আজিকালি মানুহে বৰ ধুনীয়া ধুনীয়া লেখা লিখে। এদিন দেখিলোঁ মোৰ দিল্লীৰ এটা সময়ৰ ৰূমমেট উদয় ভাস্কৰ বৰাই এটা বৰ ধুনীয়া লেখা ফেচবুকত পষ্ট কৰিছে। সেই কথাটোত উৎসাহ পাই ময়ো মনৰ ভাবখিনি মোবাইলত লিখা আৰম্ভ কৰিলোঁ৷ এনেকৈ দুই এটা লিখোঁতে এটা লেখা ‘আমাৰ অসম’ কাকতত প্রকাশ পালে। উৎসাহ পাই মাজে মাজে কিবাকিবি লিখা কৰিছোঁঁ৷ এই লেখা মেলাটোৰ পৰা এটাই লাভ হ’ল যে, ইয়াত ব্যস্ত থাকোঁতে ক’ৰণা সৃষ্ট মানসিক চাপে মোক কাবু কৰিব নোৱাৰিলে।

ফটাঢোল : আপোনাৰ খোৱা-বোৱাৰ ৰুচিবোধ কেনেকুৱা? খোৱা-বোৱাত চখ আছে নে? নিজে ৰন্ধা-বঢ়া কৰেনে?

দিগন্ত বৰা : মই খুব ভোজন প্রিয়। নিজে ৰন্ধা-বঢ়া আগতে মেচত থাকোঁতে কৰিছিলোঁ, আজিকালি সঁচাকৈয়ে সময় নাপাওঁ। মোৰ আটাইতকৈ প্রিয় খাদ্য হ’ল মাটিমাহৰ তৰকাৰী, ভাত আৰু আলুপিটিকা।

ফটাঢোল : বাইদেউৰ কথা সোধোঁ। তেখেতক প্ৰথম ক’ত লগ পালে? আপোনাৰ এতিয়াৰ পৰিয়ালৰ কথা কওকচোন। বাইদেউৰ লগত নমতা-নমতি হৈ থাকিলে প্ৰথমে কোনে মাতবোল কৰে? ঘৰতো আপুনি পুলিচ নেকি?

দিগন্ত বৰা : (হাঁহি) নমতাকৈ থাকিলে প্ৰথম তেঁৱেই আগবাঢ়ি মাতে। তেওঁক মই দিল্লীত লগ পোৱা। তেওঁ নিজেও দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ। আমাৰ দুজনী ছোৱালী, ডাঙৰজনী অষ্টম আৰু সৰুজনী চতুৰ্থমানত।

ফটাঢোল : ভৱিষ্যত পৰিকল্পনা কি আপোনাৰ? চাকৰি জীৱন বাৰু এতিয়াও ভালে কেইবছৰ বাকী আছে আপোনাৰ। কেতিয়াবা ৰাজনীতিলৈ আহিম বুলি ভাবিছে নেকি?

দিগন্ত বৰা : মেট্ৰিক দিওঁতে ভাবিছিলোঁ কটনলৈ যাব লাগে, কটনলৈ আহি ভাবিলোঁ দিল্লী বিশ্ববিদ্যালয়লৈ যাব লাগে, দিল্লী আহি ভাবিলোঁ যে মনে বিচৰা ভাল চাকৰিটো গোটাব লাগে। চাকৰি বিচৰাৰ এই যুঁজখনত শেষত গৈ পুলিচ হ’লোঁ। আমাৰ পৰিয়ালত পুলিচ কোনো নাই। সম্পৰ্কীয় কোনো পৰিয়ালতো কোনো পুলিচ নাছিলে। গতিকে পুলিচৰ জীৱনটো কি বুজিয়েই পোৱা নাছিলোঁ। প্ৰথম যেতিয়া চাকৰি পালোঁ, যোগদান কৰাৰ আগতে অলপ দিনৰ বাবে ঘৰত আছিলোঁ। এদিন চিনাকি খুড়া এজনে মোক লগ পাই সুধিলে, “তুমি হেনো বৰ ডাঙৰ পৰীক্ষা এটা পাছ কৰিলা, কি চাকৰি পাবা এতিয়া?” মই ক’লোঁ, “খুড়া মোৰ ৰেংকটো চাই মই IPS পাম, পুলিচত পাম।” খুড়াই লগে লগে উত্তৰ দিলে, “অ, পুলিচহে হ’লাগৈ৷” মই তেতিয়া এক মুহূৰ্ত ভাবিলোঁ, পুলিচ হৈ ভুলেই কৰিলোঁ নেকি!
প্ৰশিক্ষণৰ কালছোৱাত প্ৰথম যি দিনা ইউনিফৰ্মযোৰ পালোঁ, মোৰ কোঠাৰ দুৱাৰ বন্ধ কৰি পিন্ধি চাইছোঁ আইনাত নিজকে কেনেকুৱা লাগে! আচলতে সেই পোচাকযোৰত সহজ হওঁতে অলপ সময় লাগে। এতিয়া অৱশ্যে এই পোচাকযোৰ মোৰ সঁচা অৰ্থত অভিন্ন অংগ। পুলিচত চাকৰি কৰি মোৰ গভীৰ আত্ম সন্তুষ্টি আছে গতিকে ভৱিষ্যতৰ কথা একো ভবা নাই। অৱসৰৰ পাছত কি কৰিম সেইটোও এতিয়া ভবা নাই৷ যেতিয়া যি ধৰণৰ পৰিস্থিতি আহিব তেতিয়া সেই ধৰণৰ সিদ্ধান্ত ল’ম। এই মুহূৰ্তত চাকৰিটোৱেই মোৰ একমাত্ৰ প্ৰাথমিকতা।

ফটাঢোল : ক’ভিড সৃষ্ট সাম্প্ৰতিক পৰিস্থিতিত আমাৰ পাঠক সমাজলৈ আপুনি কিবা বাৰ্তা দিব বিচাৰে নেকি?

দিগন্ত বৰা : কাইলৈ কি হ’ব কোনেও নাজানে। ক’ৰণা অতিমাৰী আহিল, ই সমগ্ৰ বিশ্বজুৰি এটা অভূতপূৰ্ব পৰিবেশ সৃষ্টি কৰিলে। আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল, গতিকে কি ধৰণে সেই পৰিবেশটোৰ লগত মানৱ সমাজ আগবাঢ়ি যাব সেইটো কোনেও ধাৰণা কৰিব পৰা নাছিল। এতিয়াও ইয়াৰ প্ৰতিষেধক ওলোৱা নাই। প্ৰকৃতিৰ লগত আমি আচলতে যুদ্ধ দিব নোৱাৰোঁ। প্ৰকৃতিৰ কিছুমান নিজা নিয়ম থাকে, সমতা বজাই ৰখাৰ এই নিয়মবোৰৰ মাজেৰে প্ৰকৃতিৰ সদায় আমি দাস। এই সময়ছোৱাত মই বিভিন্ন মাধ্যম যোগে দেখিছোঁ মানুহে নিজকে আকৌ নতুন ধৰণে আবিষ্কাৰ কৰিছে। আমি বুজি উঠিছোঁ বা বুজি পাব লাগে যে দৰ্কাৰতকৈ প্ৰকৃতিৰ বেছি অপকাৰ কৰিলে মানৱ জাতিয়ে এনে প্রত্যাহ্বানৰ সন্মুখীন আগন্তুক দিনটো হ’ব লাগিব। গতিকে আমি আমাৰ জীৱন শৈলীৰ পৰিবৰ্তন আনিবই লাগিব। এটা ভাৰসাম্য ৰাখি জীৱন এতিয়াৰ পৰা আগুৱাই নিব পাৰিলেহে আমি হয়তো এই সংকটৰ মোকাবিলা কৰিব পাৰিম। ক’ৰণা অতিমাৰী আহিল বুলিয়েই যে সকলো শেষ হৈ যাব এনেকুৱাও নহয়৷ এনে প্ৰত্যাহ্বান আগতেও আহিছে৷ সেইবোৰ অতিক্ৰম কৰি মানৱ জাতিয়ে সফলতাৰে আগুৱাইছে৷ গতিকে আমিও আশাবাদী হ’ব লাগিব। ভৱিষ্যত আমাৰ ভাল হ’ব বুলি মই ব্যক্তিগতভাবে প্ৰচণ্ড আশাবাদী।

ফটাঢোল : খুব ভাল লাগিল আপোনাৰ লগত কথা পাতি, পুনৰ ধন্যবাদ আমাক সময় দিয়াৰ বাবে।

দিগন্ত বৰা : অশেষ ধন্যবাদ আপোনলোকলৈও। ময়ো ফটাঢোলৰ সদস্য। হাঁহি থাকক সকলোৱে। নিজেও হাঁহক, আনকো হঁহুৱাওক৷ হাঁহি বিলাওক৷

(সাক্ষ্যৎকাৰটি গ্ৰহণ কৰাত আমাক সকলোফালৰ পৰা সহায় সাৰথি যোগোৱা ফটাঢোলৰ সদস্য সুকুমাৰ গোস্বামী আৰু মিকুল ডেকালৈ অশেষ কৃতজ্ঞতা- সম্পাদক)

☆★☆★☆

17 Comments

  • abhijit goswami

    ভাল লাগিল জানিবলৈ পায় তেখেতৰ বিষয়ে

    Reply
  • যাযাবৰ

    ফটাঢোলৰ সাক্ষাৎকাৰ এই বাবেই ভাল লাগে । চকুৰ সন্মুখত সকলো কোৱা যেন লাগে।
    ধন্যবাদ ছাৰ আপোনাৰ জীৱনৰ কিছু অনুভৱ ইমান ধুনীয়াকৈ আমাক জানিব দিয়া বাবে ।

    Reply
  • Partha Pratim Sarmah

    ভাল লাগিল।

    Reply
  • Sankar Jyoti Bora

    বৰ ভাল লাগিল তেখেতৰ বিষয়ে জানি৷ধন্যবাদ জনাইছো জড়িত সকলোকে৷

    Reply
  • ৰিণ্টু

    খুব ভাল লাগিল চাৰৰ বিষয়ে জানিবলৈ পাই।

    হিমাংশু আৰু সুকুমাৰলৈ ধন্যবাদ, এই সুবিধাটো আমাক দিয়াৰ বাবে

    Reply
  • Diganta Kumar Bhattacharya

    খুব সুন্দৰ সাক্ষাৎকাৰ… ভাল লাগিল

    Reply
  • বন্দিতা

    বহুত ভাল লাগিল কথা বোৰ জানি

    Reply
  • Bijoy Mahanta

    ভাল লাগিল।

    Reply
  • Anonymous

    বৰ ভাল লাগিল, বিশেষকৈ সহজ সৰল গাঁৱৰ পৰিবেশৰ পৰা গৈ সফলতাৰ শিখৰত আৰোহণ কৰা দেখিলে মনটো ভৰি যায়। তেখেত বহুতৰে বাবে প্ৰেৰণা।

    Reply
  • নীলাঞ্জনা

    বৰ ভাল লাগিল পঢ়ি৷ অনুপ্ৰেৰণামূলক৷

    Reply
  • ৰমেন ৰাজবংশী

    সঁচাকৈ তেখেতৰ বিষয়ে জানি ভাল লাগিল,

    Reply
  • Manuara Mazumder

    Sir r bixoye jani val lagil

    Reply
  • হেমন্ত কাকতি

    বহুত প্ৰেৰনাত্মক সাক্ষাৎকাৰ৷ পঢ়ি সুখী হলো

    Reply
  • DrManjit Dihingia

    অতি সুন্দৰ সাক্ষাৎকাৰ
    আপোনাৰ সাক্ষাৎকাৰ বহু প্ৰেৰনাত্মক । আপোনাৰ বিষয়ে ইয়াৰ আগতেও পঢ়িছিলো আকৌ পুনৰ পঢ়িবলৈ পাই নিজকে সুখী অনুভৱ কৰিছোঁ। আপুনি আমাৰ অসম আৰক্ষী বিভাগটোৰ এজন শূণ্য সহনশীলতা আৰক্ষী বিষয়াৰ হিচাপে আমি সকলোৱে জানো। আপুনি আমাৰ গহপুৰৰ গৌৰৱ।
    শেষত আপোনাৰ আগন্তুক দিনবোৰ উজ্বল নক্ষত্ৰ দৰে সদায় জিলিকি থকাৰ কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।
    এই কামনাৰে আপোনাৰ মৰমৰ

    ড° মঞ্জিৎ দিহিঙ্গীয়া
    কনিষ্টবল দ্বাদশ অসম আৰক্ষী বাহিনীৰ জামুগুৰিহাট শোণিতপুৰ অসম।
    দীৰ্ঘতম সময় চাইকেলিং আৰু মাৰাথান দৌৰ বিশ্ব অভিলেখ অধিকাৰী।
    ঘৰ: বালিজান কটকী চুক গহপুৰ বিশ্বনাথ অসম।
    ফোন নম্বৰ:০৮৪৮৬৭৯৩৩৯৮

    Reply
  • মানসী বৰা

    নৱপ্ৰজন্মৰ বাবে প্ৰেৰণাদায়ক সাক্ষাৎকাৰ। বৰ ভাল লাগিল।

    Reply
  • Hitesh Sarma

    Bahut bhal lagil

    Reply
  • সংগীতা

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.