ফটাঢোল

সাক্ষাৎকাৰ — গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ পৰিচালক হেমাংগ দত্তৰ সৈতে এখন্তেক

(এই মাহৰ সাক্ষাৎকাৰ লোৱা হৈছে গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ পৰিচালক তথা এজন লোক-সংস্কৃতিৰ সাধক যুৱ শিল্পী শ্ৰী হেমাংগ দত্তৰ সৈতে৷ ফটাঢোলৰ তৰফৰ পৰা এই সংখ্যাৰ সম্পাদক ৰূপাংকৰ চৌধুৰীয়ে প্ৰশ্নখিনি যুগুত কৰিছিল৷)

ফটাঢোল: পোন প্ৰথমে ফটাঢোল মাহেকীয়া ই-আলোচনীৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক কৃতজ্ঞতা যাচিলোঁ৷

হেমাংগ দত্ত: ধন্যবাদ৷

ফটাঢোল: আপোনাৰ শৈশৱ আৰু কৈশোৰ ক’ত আৰু কেনেকৈ পাৰ হৈছিল?

হেমাংগ দত্ত: মোৰ জন্ম নলবাৰী জিলাৰ সদৰৰ পৰা তিনি কিলোমিটাৰ পশ্চিমে অৱস্থিত বালিকৰিয়া গাঁৱৰ চৌধুৰীপাৰা চুবুৰিত৷ দেউতাৰ নাম প্ৰয়াত দীনেশ দত্ত আৰু মাৰ নাম শ্ৰী যমুনা দত্ত৷ আমাৰ তিনিজন ককা আছিল- নন্দৰাম দত্ত, সদা দত্ত আৰু কাশীনাথ দত্ত৷ এওঁলোকৰ ভিতৰত আমাৰ ককা কাশীনাথ দত্ত সৰু আছিল৷ মোৰ দুজন খুৰা আছে- জগদীশ দত্ত আৰু জিতেন দত্ত৷ অসমীয়া সমাজ ব্যৱস্থাত আগতে যৌথ পৰিয়াল আছিল৷ এই ক্ষেত্ৰত আমাৰ পৰিয়ালো ব্যতিক্ৰম নাছিল৷ আমাৰ পৰিয়ালৰ সদস্য সৰ্বমুঠ পঁচিশজন৷ ডাঙৰ আবু, সৰু আবু, ডাঙৰ বাবা, মাজু বাবা, ডাঙৰ মা, মাজু মা, খুৰীমা, দাদা, জেঠাৰ ল’ৰা, খুৰাৰ ল’ৰা, এই সকলোবোৰ মিলি এক উখল-মাখল আনন্দৰ পৰিৱেশ৷ ধান কটাৰ সময়ত সৰুতে আমি কটা হোৱাৰ পিছত পথাৰত আমাৰ মাটিতে সীহবোৰ বুটলিছিলোঁ৷ ঘৰৰে গৰুৰ গাড়ীত উঠিছিলোঁ৷ চ’ৰাঘৰৰ কাঠৰ ডাঙৰ ডাঙৰ খুঁটাবিলাকত পঘা বান্ধি কাঠৰ তক্তা এখনত বহি তলত বাঁহৰ টুকুৰা সোমাই দি টনা-টনি কৰি ৰেলগাড়ী চলাইছিলোঁ৷ তামোলৰ ঢকুৱাত উঠিছিলোঁ৷ কৈশোৰ অৱস্থাত আমাৰ ঘৰৰ কুঁহিয়াৰ খেতিডৰাত থকা ’জাল দিয়া’ গাঁতত জালদিয়াৰ সময়ত ডাঙৰ কেৰাহীত কুঁহিয়াৰৰ আঁহ পেলাই দি মিছা মাছ (নিছলা মাছ) বনাইছিলোঁ৷ আমি দাদাহঁতৰ লগত বাণ্টা হাওঁ, কাবাদি, ঢোপ আদি খেলিছিলোঁ৷ ঘৰৰে ৰবাব টেঙাৰ ফুটবল খেলিছিলোঁ ঘৰৰ পিছফালৰ কঠীয়া পৰা ঠাইত৷

বিহু, পূজা আদি অনুষ্ঠানত আয়োজন কৰা কুইজ, আকস্মিক বক্তৃতা আৰু স্মৃতিশক্তি পৰীক্ষা আদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ৷ বিদ্যালয় সপ্তাহত বেঞ্চৰ মঞ্চ সাজি নাটক কৰিছিলোঁ৷ মাঘ বিহুৰ সময়ত লগৰ সমনীয়া দাদা-ভাইটিহঁতৰ লগত পথাৰত গৈ নৰা কাটি মেজি আৰু ভেলাঘৰ সাজিছিলোঁ (এতিয়াও সেই প্ৰথা অব্যাহত)৷ কাতি বিহুৰ সময়ত বিখ্যাত ‘ঠগী চোৰ’ পৰ্ব আৰু বহাগ বিহুত ঘৰে-ঘৰে হুচৰি গাইছিলোঁ৷ লগতে আঘোণৰ পূৰ্ণিমাত ম’হ খেদা গীত গাই-গাই ঘৰে-ঘৰে গৈছিলোঁ, পিছদিনা হাঁহে-মাহে লগে-ভাগে এসাজ৷ এনেকৈয়ে মোৰ শৈশৱ আৰু কৈশোৰ পাৰ হৈছিল৷

ফটাঢোল: আপোনাৰ আনুষ্ঠানিক শিক্ষাৰ বিষয়ে কিছু আভাস?

হেমাংগ দত্ত: মই ঘৰৰ ওচৰতে থকা কালিভৱন প্ৰাথমিক বিদ্যালয়ত নিম্ন প্ৰাথমিক শ্ৰেণীৰ পৰা চতুৰ্থলৈ পঢ়িছিলোঁ আৰু পিছত বালিকৰীয়া বাসুদেৱ বিদ্যাপীঠত পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ পঢ়িছিলোঁ৷ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ মই প্ৰথমস্থানত আছিলোঁ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাটো বালিকৰীয়া বাসুদেৱ বিদ্যাপীঠৰ পৰা প্ৰথমস্থান পাই উত্তীৰ্ণ (১৯৯৭) হৈছিলোঁ আৰু পৰীক্ষা কেন্দ্ৰ (মিলন হাইস্কুল)ৰ ভিতৰত দ্বিতীয় স্থানত আছিলোঁ৷ তাৰ পিছত মই নলবাৰী মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত নামভৰ্ত্তি কৰিছিলোঁ আৰু নলবাৰী মহাবিদ্যালয়ৰ পৰাই ২০০২ চনত প্ৰাণী বিজ্ঞান বিভাগত দ্বিতীয় শ্ৰেণীত B.Sc. পাছ কৰিছিলোঁ৷

ফটাঢোল: আপোনাৰ কৰ্ম জীৱনৰ বিষয়ে কিছু তথ্য?

হেমাংগ দত্ত: মই ২০০২ চনৰ আগষ্ট মাহত স্নাতক ডিগ্ৰী লোৱাৰ পিছতে শ্ৰদ্ধাৰ অগ্ৰজ দিলজিৎ বৰ্মন দাদাৰ উৎসাহত সেই বছৰৰে ডিচেম্বৰ মাহত গুৱাহাটীলৈ গৈ ‘Medical Company’ত ‘Medical Representative’ৰ বাবে Interview দিছিলোঁ আৰু ‘Nimoli Pharmaceuticals’ত MR হিচাবে নলবাৰী Headquarter ত অন্তৰ্ভুক্ত হৈ যোগদান কৰিছিলোঁ৷ তাৰ পিছত ২০০৪ চনত Zydus Recon Laboratories Ltd. ত MR হিচাবেই Nalbari H.Q. ত যোগদান কৰি ২০১২ চনলৈ সেৱা আগবঢ়াইছিলোঁ৷

Unichem Labs আৰু Zydus Recon ত ক্ৰমে মুম্বাই আৰু বাংগালৰুস্থিত প্ৰধান কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰত মই শ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থী হিচাবে বিবেচিত হৈছিলোঁ৷ Unichem Lab ত মই Star Performer হৈছিলোঁ আৰু Gold Medal লাভ কৰিছিলোঁ৷

২০১২ চনত মই কোম্পানী চাকৰিৰ পৰা ইস্তাফা দিছিলোঁ আৰু সেই বছৰৰে ডিচেম্বৰ মাহত অসম চৰকাৰৰ স্বাস্থ্য বিভাগত বহুমুখী স্বাস্থকৰ্মী (MPW) হিচাপে টিহু প্ৰাথমিক প্ৰেৰণ গোট (Tihu FRU) ত যোগদান কৰিছিলোঁ আৰু আজিলৈ উক্ত কৰ্মতে কৰ্মৰত হৈ আছোঁ৷ ২০১৪ চনত মৃতুঞ্জয় 108 GVKERRI ৰ দ্বাৰা অনুষ্ঠিত ৬মহীয়া Emergency Room Technician (ERT) প্ৰশিক্ষণ লৈছিলোঁ GMCH ত৷

এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিছোঁ৷ ২০০২ চনৰ আগষ্টৰ পৰা ডিচেম্বৰ মাহলৈ ৪ মাহ মই ঘৰৰ ওচৰতে থকা অপ্ৰাদেশীকৃত বিদ্যালয় নৰেশ্বৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অবৈতনিকভাবে শিক্ষকতা কৰিছিলোঁ আৰু গণিত, বিজ্ঞান বিষয় দুটা পঢ়ুৱাইছিলোঁ৷

ফটাঢোল: কলা-সংস্কৃতিৰ প্ৰতি আপুনি কেতিয়া আৰু কেনেকৈ আকৰ্ষিত হয়?

হেমাংগ দত্ত: কলা-সংস্কৃতিৰ প্ৰতি আকৰ্ষণ জন্মলগ্নৰে পৰা বুলি ক’লেও ভুল নহ’ব৷ কিয়নো, সৰুৰে পৰাই ঘৰত তেনে এক পৰিৱেশ পাইছিলোঁ৷ দেউতাহঁতৰ এটা নাগাৰা নাম দল আছিল আৰু মই জনা হোৱাৰে পৰা আমাৰ চ’ৰাঘৰতে আখৰা হৈছিল৷ দলটোৰ নাম আছিল ‘বালিকৰীয়া আঞ্চলিক নাগাৰা নাম দল’৷ এইখিনিতে শ্ৰদ্ধাৰ প্ৰয়াত বসন্ত দত্ত, প্ৰয়াত কেশৱ ভূঞা, শ্ৰী বাপন অধিকাৰী, শৰৎ ভূঞা, সতিশ দত্ত, অক্ষয় ভূঞা, গিৰিশ কলিতা আৰু হৰেশ্বৰ দত্তৰ নাম ল’ব লাগিব৷ তেখেতসকল নামদলৰ সক্ৰিয় সদস্য আছিল৷ অক্ষয় ভূঞা আৰু বাপন অধিকাৰী পাঠক আছিল৷ প্ৰয়াত বসন্ত দত্ত তালুৱৈ আৰু দেউতা নাগৰু আছিল৷ সেই আখৰাৰ সময়ত ময়ো কেতিয়াবা তেওঁলোকৰ ওচৰত বহি চাই আছিলোঁ আৰু আটায়ে মৰমতে মোক সৰু নাগাৰা, খোল আদি বজাবলৈ দিছিল৷ মই বৰ ফূৰ্তি পাইছিলোঁ৷ তেনেকৈয়ে মোৰ লোক বাদ্য আৰু লোক সংগীতৰ প্ৰতি আকৰ্ষণ জাগিছিল৷ খুৰা জগদীশ দত্ত এগৰাকী কণ্ঠশিল্পী৷

ইয়াৰ লগতে মামাহঁতৰ ঘৰৰফালৰ পৰাও এই ক্ষেত্ৰত সহযোগ পাইছিলোঁ৷ মাৰ মোমায়েক, মোৰ ককা কুমুদ ৰায় চৌধুৰী এগৰাকী আকাশবাণী গুৱাহাটীৰ নাট্যশিল্পী৷ মাজু মামা অক্ষয় চৌধুৰী এগৰাকী ফণি বাদ্য শিল্পী৷ জেঠীমা এগৰাকী সুকণ্ঠী গায়িকা শ্ৰীমতি নলিনী চৌধুৰী পাঠক৷ এই সমস্ত পৰিৱেশৰ মাজত থাকিয়েই মই কলা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হ’লোঁ৷

ফটাঢোল: গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠী আপোনাৰ মানস সন্তান৷ কেতিয়া আৰু কেনেকৈ গান্ধৰ্ব আৰম্ভ হ’ল?

হেমাংগ দত্ত: গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ কথা কোৱাৰ আগতে মই যাব লাগিব ১৯৯১ চনলৈ৷ তেতিয়া মই বালিকৰীয়া বাসুদেৱ বিদ্যাপীঠৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ৷ শ্ৰদ্ধাৰ অগ্ৰজ মদন বৰ্মন, দ্বিপুল বৰ্মন, ভৱেশ বৰ্মন সমন্বিতে লগতে দেউতাহঁতে এটি বিহু হুঁচৰি দলৰ জন্ম দিছিল, নাম ‘বালিকৰীয়া আঞ্চলিক বিহু হুঁচৰি দল’৷ দলটোৰ ময়েই কনিষ্ঠতম আছিলোঁ৷ মই আমাৰ ঘৰৰ পিছফালৰ ৰাস্তাৰে পথাৰে-পথাৰে পশ্চিম চৌধুৰীপাৰাস্থিত গোপালথান প্ৰাথমিক বিদ্যালয় প্ৰাংগণলৈ চ’ত মাহত হোৱা বিহু দলটিৰ আৰম্ভণিৰ আখৰা চাবলৈ গৈছিলোঁ৷ মোৰ কান্ধত থাকে এটি দেউতাই আনি দিয়া সৰু ঢোল৷ পৰৱৰ্ত্তী সময়চোৱাত মোক মদন বৰ্মন দা আৰু অন্যান্য জেষ্ঠসকলে দলৰ সদস্য কৰি ল’লে আৰু ময়ো অতি আনন্দৰে যোগদান কৰিলোঁ৷ কালক্ৰমত দলৰ বহু সদস্য-সদস্যা নতুনকৈ যোগ হ’ল আৰু প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিলোঁ৷ এনেকৈ গৈ ১৯৯৭ চনত ওচৰৰে পানীগাঁৱত থকা ৰংপুৰীয়া বিহু হুঁচৰি দলটোক শিকাবলৈ উজনিৰ ফালৰ গুৰু এজন অহাৰ সম্ভেদ পালোঁ৷ আমিও সেই গুৰুজনৰ খবৰ-খাতি লৈ গম পালোঁ তেখেতৰ নাম ৰূপেশ্বৰ দত্ত৷ ঘৰ গোলাঘাটত৷ চামতাৰ নাট্যপ্ৰাণ প্ৰয়াত ধৰণী বৰ্মনদেৱে ‘সুৰদেৱী থিয়েটাৰ’ৰ সঙ্গীত পৰিচালনাৰ বাবে তেখেতক আনিছিল৷ থিয়েটাৰ বন্ধ হোৱাৰ পিছত তেওঁ নলবাৰীলৈ আহি নলবাৰী চহৰতে থাকিবলৈ লৈছিল৷ ৰূপেশ্বৰ দত্ত ছাৰে পৰিচালনা কৰাৰ পিছত বালিকৰীয়া আঞ্চলিক বিহু দলে পুনৰ ঠন ধৰি উঠিল৷ নলবাৰী জিলাৰ প্ৰায় কেইখন মুকলি বিহু প্ৰতিযোগিতাৰ লগতে বাহিৰতো আমি বিভিন্ন পুৰস্কাৰ পাবলৈ সক্ষম হ’লোঁ আৰু ৰাইজৰ ভূয়সী প্ৰশংসা বুটলিলোঁ৷ দত্ত ছাৰৰ বদন্যতাত আমি এক নতুন মাত্ৰা পালোঁ৷ নিয়তিৰ কৰুণ পৰিহাসত দত্ত ছাৰ আমাৰ পৰা আঁতৰি গ’ল৷ বিভিন্ন কৰ্ম ব্যস্ততাৰ বাবে দলৰ শিল্পীসকলেও সময় মিলাব নোৱাৰা হ’ল৷ অৱশেষত ২০০৭ চনত ১৬ বছৰীয়া ’বালিকৰীয়া আঞ্চলিক বিহু হুঁচৰি দল’ৰ যৱনিকা পৰিল৷

পৰৱৰ্ত্তী সময়ছোৱাত ক’লা-সংস্কৃতিৰ প্ৰতি থকা এক দুৰ্বাৰ হেঁপাহ আৰু আগ্ৰহৰ বাবে অসমৰ মাটিৰ গোন্ধ থকা গীত, বাদ্য-নৃত্য (লোক)ৰ এক অনুষ্ঠান গঢ় দিয়াৰ সপোন জাগিল৷ সেই উৎসাহতেই বালিকৰীয়া গাঁৱৰ আন এক সাংস্কৃতিক মন থকা পেছাত কনিষ্ঠ অভিযন্তা শ্ৰী দীপক চৌধুৰীদেৱৰ লগত আলোচনা কৰিলোঁ৷ তেখেতে মোৰ লক্ষ্য আৰু উদ্দেশ্যৰ লগত সহমত প্ৰকাশ কৰিলে৷ আমাৰ লক্ষ্য হ’ল অসমৰ বিভিন্ন ধৰণৰ লোক বাদ্য, লোক নৃত্য, লোক সংগীত অক্ষত অৱস্থাত জনমানসত চৰ্চিত হৈ থাকক আৰু লগতে আমাৰ এই চহকী সংস্কৃতি বিশ্বৰ দৰবাৰত জিলিকি থাকক৷ ২০১৪ চনত আমি দলৰ আৰম্ভণি কৰিলোঁ৷ দীপক দাই ব্যৱস্থাপনা আৰু মই পৰিচালনাৰ দায়িত্ব ল’লোঁ৷

উল্লেখযোগ্য যে মই ২০০২ চনৰ পৰা প্ৰায় ২০০৭ মানলৈ অসমৰ প্ৰসিদ্ধ বাঁহীবাদক বিশিষ্ট শিল্পী প্ৰভাত শৰ্মাদেৱৰ সৃষ্টি দেৱগান্ধাৰত সহযোগী শিল্পী হিচাবে অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ৷ সেই ধাৰাটোও বৰ্তি থাকক বুলিয়েই ২০১৪ত ‘গান্ধৰ্ব’ৰ জন্ম৷ গন্ধৰ্ব শব্দৰ পৰাই ‘গান্ধৰ্ব’ৰ সৃষ্টি৷ য’ত গান্ধৰ্ব মানে স্বৰ্গৰ দেৱ-দেৱীসকলৰ সংগীত সাধনাৰ কথা বুজা যায়৷ গান্ধৰ্ব হ’ল গন্ধৰ্বৰ বিশেষণ অৰ্থ্যাৎ গন্ধৰ্ব সদৃশ৷ কিয়নো আমাৰ লোকবাদ্য সমূহ- শংখ, ঘণ্টা, ডবা, নাগাৰা, তাল ইত্যাদি হ’ল দেৱ বাদ্য৷ অনুষ্ঠান আৰম্ভণি কৰাৰ আগতে আমি আটায়ে গৈ বাসুদেৱ দেৱালয়ত প্ৰথম বাদ্য হিচাপে শংখটো পূজা কৰি আশিস-নিৰ্মালি লৈ আহিছিলোঁ৷ এনেকৈয়ে গান্ধৰ্বৰ জন্ম হ’ল৷ এই চেগতে শ্ৰদ্ধাৰ প্ৰভাত শৰ্মা দেৱ আৰু গুৰু ৰঞ্জিত গগৈ দেৱলৈ সেৱা জনালোঁ৷

ফটাঢোল: এতিয়ালৈ গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠীয়ে অসমৰ ক’ত-ক’ত অনুষ্ঠান পৰিৱেশন কৰিছে?

হেমাংগ দত্ত: ২০১৪ চনত প্ৰথমবাৰৰ বাবে ১ জানুৱাৰীত আমি দুজন সদস্যই- মই আৰু বাঁহীবাদক শিল্পী মৃদুল হালৈয়ে নলবাৰী জিলাৰ পূৱ প্ৰান্তত থকা ’গ্ৰাম্য বিকাশ মঞ্চ’ৰ প্ৰাংগণত ’জোনাকী কাৰেং’ৰ দ্বাৰা আয়োজিত ’নৱ-বৰ্ষৰ’ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ৷ তাৰ পাছত নলবাৰী জিলাৰ গোটেইকেইটা কোণৰ প্ৰায় প্ৰতিখন বিহুতলী, পূজামণ্ডপ, বিদ্যালয়ত অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে যোৰহাটৰ পুলিবৰ, টিয়ক, মৰিয়নি আৰু পশ্চিম যোৰহাটত অনুষ্ঠান পৰিৱেশন কৰিছোঁ৷ শংকৰদেৱ কলাক্ষেত্ৰ, শিল্পগ্ৰাম, SIRD কাঁহীকুছি, চাংসাৰিত হ’বলগীয়া AIMSৰ আধাৰশিলা স্থাপনৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত আৰু নলবাৰী গৰ্ডন খেলপথাৰত অনুষ্ঠিত হোৱা এক চৰকাৰী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখত অনুষ্ঠান পৰিৱেশন কৰিছোঁ৷ লতাশিল বিহুতলীত অনুষ্ঠান পৰিৱেশনৰ শেষত আমাৰ অনুষ্ঠান চাই থকা সেই সময়ৰ অসমৰ ৰাজ্যপাল পি ভি আচাৰ্য মহোদয়ে তেখেতৰ ডিঙিত থকা ফুলাম গামোচাখনেৰে মঞ্চলৈ উঠি আহি আমাক সম্বৰ্ধনা জনাইছিল৷ খানাপাৰাত অনুষ্ঠিত হোৱা Tribal Research Institute ৰ বাৰ্ষিক সভাতো আমি অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ৷ বৰপেটা জিলাৰ চেঙা, বৰবিলা আদিত অনুষ্ঠান কৰিছোঁ, লগতে অসমৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ দেৱৰ গৃহ গাঁও ভৱানীপুৰৰ ওচৰৰ উজান বৰবাৰীত আমি অনুষ্ঠান কৰিছোঁ৷

ফটাঢোল: গান্ধৰ্বৰ সৈতে জড়িত সদস্যসকলৰ বিষয়ে কিছু তথ্য?

হেমাংগ দত্ত: গান্ধৰ্ব সাংস্কৃতিকক গোষ্ঠীৰ সদস্যসকলৰ চমু পৰিচয় হ’ল,

ভূধৰ হালৈ, এখেত অনাতাঁৰ শিল্পী, লোকগীত শিল্পী, দোতাৰা বাদক৷ ঘৰ নলবাৰীৰ নাকেৰবাৰীত৷

মৃদুল হালৈ, বাঁহী বিশাৰদ৷ প্ৰভাত শৰ্মাদেৱৰ অন্যতম প্ৰিয় শিষ্য৷ GU ত বাঁহীবাদনত তিনিবাৰ Gold Medalist তথা National Youth Festival ত ৰূপৰ পদক বিজয়ী৷

হৃদয়জিৎ শৰ্মা, ৰবীন্দ্ৰ ভাৰতী ক’লকাতাৰ ছাত্ৰ৷ উদীয়মান বাঁহীবাদক৷ বিখ্যাত বাঁহীবাদক দীপক শৰ্মাৰ ভতিজা৷

চম্পক মহন্ত, বাঁহীৰ বিশাৰদ পৰীক্ষাৰ্থী৷ দীপক শৰ্মাৰ শিষ্য৷

ডিম্পি কলিতা, কথক সত্ৰীয়া, বিহু আৰু সৃজনীমূলক নৃত্যৰ প্ৰশিক্ষক৷ প্ৰতিষ্ঠিত নৃত্যশিল্পী আৰু গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ নৃত্য পৰিচালক৷

বনস্মিতা দত্ত, কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষয়ত্ৰী আৰু এগৰাকী নৃত্যশিল্পী তথা মোৰ ভনী৷

হিমান অৰুণা, বিদ্যালয় শিক্ষয়ত্ৰী৷ সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক আৰু এগৰাকী প্ৰতিষ্ঠিত নৃত্যশিল্পী৷

দীপক ৰাজবংশী, লোকগীত শিল্পী, নাগাৰা নামৰ পাঠক; এগৰাকী নিপুণ কুটীৰ শিল্পী৷ এখেত আমাৰ মুখ্য কণ্ঠ শিল্পী৷

লীনা দাস, সত্ৰীয়া আৰু সৃজনীমূলক নৃত্যৰ প্ৰশিক্ষক৷ নালন্দা পাব্লিক স্কুলৰ শিক্ষয়ত্ৰী আৰু এগৰাকী প্ৰতিষ্ঠিত নৃত্যশিল্পী৷

সুমন শ্ৰবণা, এগৰাকী উদীয়মান নৃত্যশিল্পী আৰু নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰী৷

মহুৱা ব’হাগী, VKV বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী৷ এগৰাকী প্ৰতিভাবান সত্ৰীয়া নৃত্য শিল্পী আৰু নাট্য শিল্পী৷

ময়ুশ্ৰী কলিতা, নৱম শ্ৰেণীৰ ছাত্ৰী আৰু প্ৰতিভাবান নৃত্যশিল্পী৷

অনন্যা দীপক, এগৰাকী মেধাবী স্নাতক শ্ৰেণীৰ ছাত্ৰী৷ ব্যৱস্থাপক দীপক চৌধুৰীৰ জ্যেষ্ঠ কন্যা আৰু প্ৰতিভাৱান নৃত্যশিল্পী৷ এখেত বৰ্তমান মুম্বাইত অধ্যয়নৰত৷ Zee TV ৰ Indias best Dramebaz Season-2 ৰ ৰানাৰ্ছ-আপ তামান্না দীপকৰ বাইদেউ৷

জয়ন্ত দত্ত, এগৰাকী হাড়ে-হিমজুৱে শিল্পীপ্ৰাণ কঢ়িয়াই লৈ ফুৰা শিল্পী৷ এগৰাকী প্ৰতিভাবান তালুৱৈ লগতে বাদন-সামগ্ৰীসমূহ সু-শৃংখলভাৱে গাড়ীত উঠোৱা- নমোৱাত সদায় সহযোগী৷

দিপু দত্ত, এগৰাকী ভাল তাল বাদক৷ প্ৰয়াত তালুৱৈ বসন্ত দত্তৰ কনিষ্ঠ পুত্ৰ৷

ফটাঢোল: গান্ধৰ্বৰ দ্বাৰা অসমৰ নব-প্ৰজন্মক বাৰেৰহণীয়া অসমীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আপোনালোক সক্ষম হৈছে বুলি ভাবেনে?

হেমাংগ দত্ত: এইটো এক গুৰুত্ত্বপূৰ্ণ প্ৰশ্ন৷ গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ জন্মৰ উদ্দেশ্যৰ লগত এই প্ৰশ্নটো খাপ খাইছে৷

উত্তৰত কিছু-কিছু ক্ষেত্ৰত সক্ষম হৈছোঁ বুলি ক’ব লাগিব৷ কিয়নো আমি যিকোনো এখন ঠাইত অনুষ্ঠান পৰিৱেশন কৰাৰ পিছত বা আৰম্ভণিতে আমাৰ দলৰ বাদ্য-সামগ্ৰীসমূহ যেনে, শংখ, ঘণ্টা, বৰকাঁহ, নাগাৰা, কুৰকুৰি, খুটিতাল, ভোৰতাল, টকা, বিহুঢোল, বৰঢোল, খাম, মাদল আদি নৱপ্ৰজন্মৰ বহুতে চাবলৈ আহে বা সেইবোৰৰ নাম কি আমাক সোধে৷ ঠিক তেনেদৰে দুই-এজনে আমাক এই বাৰেৰহণীয়া বাদ্য বা নৃত্যসমূহ ক’ত কেনেকৈ শিকিব পাৰি সেইলৈ প্ৰশ্ন কৰে৷

এইখিনিতে উল্লেখযোগ্য আমাৰ অনুষ্ঠান চায়েই ২/৩টা যুৱপ্ৰজন্মৰ বিশেষকৈ যুৱতীৰ দলে কেছেটত বাৰেৰহণীয়া নৃত্য নাচি অনুষ্ঠান প্ৰদৰ্শন কৰা আমাৰ পৰিলক্ষিত হৈছে৷ সেয়েহে গান্ধৰ্বৰ দ্বাৰা নব-প্ৰজন্মক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছোঁ বুলি ভাবোঁ৷

ফটাঢোল: অসমীয়া কলা-সংস্কৃতি যুৱচামৰ হাতত সুৰক্ষিত বুলি আপুনি ভাবেনে?

হেমাংগ দত্ত: অসমৰ কলা-সংস্কৃতি যুৱচামৰ হাতত সুৰক্ষিত হয়৷ কিন্তু ইয়াত যুৱচাম বুলি সকলো যুৱক-যুৱতীকে সাঙুৰি লোৱা হোৱা নাই৷

মোৰবোধেৰে এইক্ষেত্ৰত পৰিয়ালতন্ত্ৰ আৰু পৰিৱেশৰ এক গুৰুত্ত্বপূৰ্ণ ভূমিকা চিৰ বিৰাজমান৷ যিসমূহ পৰিয়ালত বা পৰিৱেশত অভিভাৱক/জেষ্ঠজনৰ দ্বাৰা অসমীয়া কলা সংস্কৃতিৰ চৰ্চা তথা প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হয় নিত্যনৈমিত্তিকভাবে, সেই পৰিয়ালৰ যুৱক-যুৱতীৰ হাতত অসমীয়া কলা-সংস্কৃতি সদায় সুৰক্ষিত হৈ থাকিব৷ অৱশ্যে এইক্ষেত্ৰত অভিভাৱকসকলে যুৱক-যুৱতীসকলক এই বিষয়ে জ্ঞান দিব লাগিব আৰু একেলগে perform কৰাব লাগিব আৰু লগতে এক বাতাবৰণ সৃষ্টি কৰিব লাগিব৷

লক্ষ্যটো এনে হ’ব লাগিব বিশ্বায়ণ আৰু Electronics যুগত তেওঁলোকক গীটাৰখন শিকিবলৈ দিয়াৰ লগে-লগে হাতত দোতাৰাখনো তুলি দিব লাগিব, আৰু PAD বা SPDS খ বজোৱাৰ লগতে নাগাৰা বা কুৰকুৰি দুটাও বজাব দিব লাগিব৷

উদাহৰণস্বৰূপে কাতি বিহুৰ সময়ত ঘৰে-ঘৰে “তুলসীৰ তলে-তলে মৃগ পহু চৰে” গাবলৈ যাওঁতে নবপ্ৰজন্মৰ যুৱকজনকো তালৈ লৈ যাব লাগিব৷ মাঘ বিহুত মেজি সাজিবলৈ দলে-বলে যাব লাগিব৷ আঘোণৰ পূৰ্ণিমাৰ দিনা ঘৰে-ঘৰে “আঘোণৰ পূৰ্ণিমা, ম’হ খেইদবা যাবিনা” বুলি গাবলৈ যাব লাগিব৷

সংস্কৃতি ব্যৱহাৰিকভাৱেহে ৰক্ষা হয়৷ মুঠৰ ওপৰত যুৱচামক অগ্ৰজসকলে অসমীয়া কলা, সংস্কৃতি, আচাৰ, ব্যৱহাৰৰ বিষয়ে আকৃষ্ট কৰাব লাগিব৷ তেতিয়াহে সুৰক্ষিত হ’ব৷

ফটাঢোল: ফেচবুকৰ হাস্য-ব্যংগ গোট ফটাঢোলৰ সদস্যসকলৰ প্ৰতি আপোনাৰ তৰফৰপৰা বিশেষ বাৰ্তা?

হেমাংগ দত্ত: ২৯ ছেপ্তেম্বৰ তাৰিখে নলবাৰী মীটত ফটাঢোলৰ বিষয়ে সবিশেষ জানিব পাৰিলোঁ৷ আগতে গোটটোত চকু ফুৰাইছিলোঁ যদিও সেইদিনাৰ পৰা নিয়মীয়া পাঠক হ’লোঁ৷ সঁচাকৈ এক বহু উচ্চস্তৰৰ ব্যংগাত্মক চিন্তাধাৰা আৰু লেখাৰ ভঁৰাল হ’ল ফটাঢোল৷ সেই দিনা আমি গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা অনুষ্ঠান পৰিবেশন কৰাৰ সময়ত গোটৰ প্ৰতিজন সদস্যৰ অকৃত্ৰিম উৎসাহ আৰু নিৰ্ভেজাল আলোচনা দেখি তবধ মানিছিলোঁ৷ Facebook ৰ জৰিয়তে লগ হৈয়ো ইমান উচ্চখাপৰ Meet হ’ব পৰে বুলি মোৰ আগতে ধাৰণা নাছিল৷ আপোনালোকৰ প্ৰতিজন সদস্যই এক জ্ঞানৰ ভঁৰাল, সেই সংস্কৃতিৰ আকৰ৷ ফটাঢোল Facebook ৰ পৰা গৈ এখন প্ৰকাশিত আলোচনী হওক৷ প্ৰতিগৰাকী শ্ৰদ্ধাৰ লিখক, গল্পকাৰ, কবি, খুহুতীয়া লেখক-লেখিকাৰ লেখাৰ জৰিয়তে সমাজত যোগাত্মক কম্পনাংক সৃষ্টি হওক তাৰেই কামনা কৰিলোঁ৷ সৰ্বশেষত ২৯ ছেপ্তেম্বৰ তাৰিখে ফটাঢোল Meet লৈ আমন্ত্ৰণ কৰি আমাক আটাইৰে লগত চিনাকি হোৱাৰ সুবিধাকণ কৰি দিয়াৰ বাবে শ্ৰদ্ধাৰ হিমাংশু ভাগৱতী দাদা আৰু ভাতৃপ্ৰতীম নয়নমণি হালৈ লৈ অশেষ ধন্যবাদ জনোৱাৰ লগতে জীৱনৰ প্ৰথমবাৰৰ বাবে যিকোনো আলোচনীৰ বাবে সাক্ষাৎকাৰ যুগুত কৰাই দিয়া বাবে তোমালৈ অশেষ কৃতজ্ঞতা জনালোঁ৷

ফটাঢোলৰ জয়জয়কাৰ হওক৷ VIVE LA Fotadhol!

☆★☆★☆

21 Comments

  • হেমাঙ্গ দত্ত

    ফটাঢোল আলোচনীৰ এই সংখ্যাৰ সম্পাদক ভাত্রীপ্ৰতিম ৰূপাংকৰৰ লগতে ব্যস্ততাৰ মাজতো বহুমূলীয়া সময় উলিয়াই এই অভাজনৰ স্বাক্ষতকাৰটো পঢ়া প্ৰতিগৰাকী পাঠককে কৃতজ্ঞতা জনাইছো ।

    Reply
    • Chandi Charan Das.

      বহুত ভাল লাগিল। কিছুমান নজনা কথা জানিলো। শুভেচ্ছা থাকিল।

      Reply
    • ৰূপাঙ্কৰ চৌধুৰী

      বহুত ধন্যবাদ daadaa

      Reply
    • ৰূপাঙ্কৰ চৌধুৰী

      ধন্যবাদ হেমাংগ দা

      Reply
    • Anonymous

      ধন্যবাদ

      Reply
  • Chandi Charan Das.

    বহুত ভাল লাগিল। কিছুমান নজনা কথা জানিলো। শুভেচ্ছা থাকিল।

    Reply
  • Dibyaprotem mazumder

    Dada bohut val lagil. Bohut najana kotha janilu….apuni hodai anedore aguwai jauk tare kamona vagabanr osorot.
    Apunar deha mon sodai Vale thake.

    Reply
  • ডলী

    বহুত ভাল লাগিল

    Reply
  • HEMANTA KAKATI

    শিল্পীজনৰ বিষয়ে জানি বৰ ভাল লাগিল৷

    Reply
    • হেমাঙ্গ দত্ত

      ধন্যবাদ দাদা ।

      Reply
  • বৰ ভাল লাগিল ৰূপাংকৰ ৷লগতে শিল্পীজনক আৰু তেওঁৰ ধন্যবাদ জনালোঁ ৷ লুপ্তপ্ৰায় হব ধৰা আমাৰ বাৰেৰহণীয়া সংস্কৃতিক ধৰি ৰাখিবলৈ তেওঁলোকে কৰা প্ৰচেষ্টা আৰু বহুদূৰ আগুৱাই যাওঁক ৷

    Reply
  • Dipankar Baruah

    Wishing you all the best….”Gandharba”
    & Hemanga da

    Thanks to Rupankar Choudhury
    @ FOTADHOL

    Reply
  • Dhirashmita dutta

    কথাবোৰ ইমান ধুনীয়াকৈ উপস্থাপন কৰিছা দাদা, পঢ়ি বৰ ভাল লাগিল লগতে তোমাৰ সু স্বাস্থ্য কামনা কৰিলোঁ।

    Reply

Leave a Reply

Your email address will not be published.