ফটাঢোল

সাক্ষাৎকাৰ–শ্ৰীযুত দেৱব্ৰত দাসৰ সৈতে এখন্তেক

 

দিনটো আছিল দেওবাৰ। ১৪ জুলাই, ২০১৯ (ইং) তাৰিখৰ দিনৰ এঘাৰ বজাত আমি উপস্থিত হৈছিলোঁ গুৱাহাটীৰ লেম্ব ৰ’ডত থকা দেৱব্ৰত দাস ছাৰৰ ঘৰত। এই মাহৰ অতিথি বিখ্যাত গল্পকাৰ, প্ৰৱন্ধকাৰ আৰু ওপন্যাসিক শ্ৰীযুত দেৱব্ৰত দাসে তেওঁৰ চৰাঘৰত বহি আমালৈ অপেক্ষা কৰি আছিল। মানুহজনৰ মুখৰ স্মীত হাঁহিয়ে এই বিখ্যাত মানুহজনৰ ওচৰ চপাই নিছিল আমাক। আমি ছাৰৰ সতে আৰম্ভ কৰিছিলোঁ এই নিম্নোক্ত সাক্ষাৎকাৰটি।

 

ফটাঢোল: ছাৰ, পোন প্ৰথমে ফটাঢোলৰ তৰফৰ পৰা আপোনাক নমস্কাৰ জনালোঁ।

দেৱব্ৰত দাস: হয়, নমস্কাৰ।

ফটাঢোল: ছাৰ, প্ৰথমতে আমি আপোনাৰ শৈশৱৰ বিষয়ে অলপমান জানিবলৈ আগ্ৰহী। আপোনাৰ পিতৃ-মাতৃ সম্পৰ্কে তথা আপোনাৰ শৈশৱৰ বিষয়ে আমাক কওকচোন।

দেৱব্ৰত দাস: অ, মোৰ জন্ম হৈছিল গুৱাহাটীৰ উজান বজাৰত। সেয়া মোৰ মামাহঁতৰ ঘৰ আছিল। মই একেবাৰে পানী কেচুৱা থাকোঁতে দেউতা ঢুকাইছিল। মোৰ মাৰ নাম আছিল সৰলা দাস আৰু দেউতাৰ নাম আছিল গোবিন্দ দাস। মোৰ মা উজান বজাৰ বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল আৰু সেইখন বিদ্যালয়ৰ পৰাই অৱসৰ লৈছিল।

ফটাঢোল: আপোনাৰ জন্ম কিমান চনত?

দেৱব্ৰত দাস: জন্ম অফিচিয়েলি ১৯৫০ চনত।

ফটাঢোল: ছাৰ, উজান বজাৰখনে ব্ৰহ্মপুত্ৰ নদী আৰু সমাহিত প্ৰকৃতিক সদায়েই ধাৰণ কৰি আহিছে। এই ঠাইতেই নদীখন আছে। নদীৰ কাষতেই লাগি আছে মাছৰ বজাৰ। উজান বজাৰৰ এই উপাদানসমূহৰ স’তে আপুনি শৈশৱত কেনেধৰণে জড়িত হৈ আছিল?

দেৱব্ৰত দাস: উজান বজাৰত থকাৰ সময়ত ককাদেউতাৰ সতে মাছ কিনিবলৈ যাওঁ। তেতিয়া একেলগে আমাৰ চাৰিঘৰমানৰ কাৰণে ককাদেউতাই মাছ লয়। যদি তেওঁ চিতল মাছ এটা দেখে আৰু মাছটোৰ দাম বাৰ টকা বুলি জানিব পাৰে, তেতিয়া ককাই পোহাৰীক সেই মাছটো দহ টকাত দিব পাৰিব নে সেয়া সোধে। বহু সময় দৰদাম চলাৰ পিছত ঠিক হ’ল যে মাছটো এঘাৰ টকাত দিব। এঘাৰ টকাত ককাদেউতাই মাছটো কিনে। তাৰপিছত যেতিয়া পোহাৰীয়ে মোক দেখে তেতিয়া মৰমতে পোহাৰীয়ে কাগজৰ মোনা এটা তিনিকোণীয়াকৈ বনাই এসোপা বৰলিয়া মাছ ভৰাই দি কয় “এই নাতি ল’ৰাটোক খুৱাবি। লৈ যা।” ককাদেউতাক ৰাস্তাত মানুহে চিঞৰি সোধে “অই আজি কিমানত পালি?” ককাদেউতায়ো উত্তৰ দিয়ে “আজি এঘাৰ টকা।” এনেদৰে আমি ঘৰলৈ ঘূৰি আহোঁ।

ফটাঢোল: আপোনাৰ ককাদেউতাৰ নাম কি আছিল?

দেৱব্ৰত দাস: ৰজনীকান্ত দাস। তেওঁ এটা কালাৰফুল কেৰেক্টাৰ আছিল। তৰুণৰাম ফুকনহঁতৰ লগত তেওঁ চিকাৰলৈ যায়। সেই সময়ত নৱগ্ৰহৰ পৰা সেইপিনে বাঘ ওলায়। তৰুণৰাম ফুকনহঁত ৰাতি ৰাতি চিকাৰ কৰিবলৈ যায়, লগত ককাদেউতাও যায়। ককাদেউতা আকৌ তেতিয়াৰ দিনতে টাউন ক্লাবৰ ফুটবল প্লেয়াৰ আছিল। তেওঁলোকে কোৱামতে তেতিয়া বোলে চাহাববিলাকৰ টিম আছিল। চাহাববিলাকে ফুটবল বুট পিন্ধি খেলে। আমাৰ ককাদেউতাহঁতে সুদা ভৰিৰে খেলে। তেতিয়া চাহাবৰ বুটজোতাৰ গচক খায় আমাৰ ককাদেউতাহঁতে। ককাদেউতাৰ কেইবাটাও টেমুনা আছে। সেইবোৰ সুধিলে কয় “বুটৰ গচকনিত উঠা টেমুনা।” তেওঁৰ একো ভয়-চয় নাছিল। উজান বজাৰৰ মানুহবিলাক জবৰজং আছিল। এতিয়া নাই তেনেকুৱা। (মিচিকিয়াই হাঁহি এটা মাৰি) এতিয়া আমাৰ নিচিনা নিমাখিতবোৰহে এই ঠাইত আছে।

ফটাঢোল: ছাৰ, সৰুকালত আপুনি উৎপতীয়া আছিল নে একেবাৰে শান্ত স্বভাৱৰ আছিল?

দেৱব্ৰত দাস: মই দুষ্ট আছিলোঁ। কেনেকৈ আছিলোঁ কওঁ শুনা। আমাৰ দিনত যিবোৰ ল’ৰা পঢ়া-শুনাত ভাল, সিহঁতক ঘৰৰ ফালৰ পৰা ক্ৰিকেট, ফুটবল আদি একেবাৰে খেলিবলৈ নিদিয়ে। খেলিলে মানে ল’ৰা একেবাৰে বৰবাদ হৈ যাব। ক্ৰিকেট, ফুটবল নেখেলি ঘৰত বহি পঢ়া-শুনা কৰিব লাগে। মোৰ মা আকৌ আছিল মাষ্টৰণী। তেওঁৰ খঙাল বুলি নাম আছিল। আমি হ’লোঁ অলপ দুষ্ট মানুহ। মইতো ফুটবল খেলিবই লাগিব। মোৰ ককাদেউতাই ফুটবল খেলিছিল। মোৰ মামাও খুউব ভাল প্লেয়াৰ আছিল। মামা আছাম পুলিচৰ কোচ আছিল এসময়ত। ককাদেউতাই যিহেতু ফুটবল ৰেগুলাৰ খেলিছিল, মই তেওঁৰ লগত লীগ খেলা চাবলৈ জজ ফিল্ডলৈ আহোঁ। তেওঁলোকৰ খেলা চাই থাকোঁ। আমাৰ নিচিনা সৰু সৰু কেইটামানৰ খেলিবলৈ মন যায়। কৰবাৰ পৰা বল আহে, আমি খেলা চাবলৈ এৰি ইফালে বল খেলিবলৈ ধৰোঁ। সেই তেনেকৈ মোৰ ফুটবল খেলা অভ্যাস হৈ গ’ল। শ্বট তট মাৰিব পৰা হ’লোঁ। সেয়া মায়ে মানা কৰিলেও মইতো ফুটবল খেলিমেই। তেনেকৈ খেলা যায়। মোৰ ককাইদেউ লাইব্ৰেৰীৰ মেম্বাৰ আছিল। লাইব্ৰেৰী মানে কাৰ্জন হলৰ। তাতে মানে তিনিটামান আলমিৰা হৈ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো আৰম্ভ হৈছিল তেতিয়া। ককাইদেউ মানে মোৰ দাদা পৰাগ দাস। ই সাংঘাতিক চোকা ল’ৰা আছিল। ইঞ্জিনীয়াৰ আছিল সি। সেই সময়ত ফুটবল খেলিবলৈ মই বুদ্ধি এটা উলিয়ালোঁ। ঘৰত লাইব্ৰেৰীলৈ যাওঁ বুলি কিতাপ দুখন লৈ ওলাই যাওঁ। লাইব্ৰেৰী তেতিয়া বুক ক্লাৰ্ক আছিল এজন শৰ্মা বুলি আৰু এজন আছিল ডেকা- উমেশ ডেকা। শৰ্মাজনৰ নাম পাহৰিলোঁ। গৈ কওঁ “শৰ্মা দা মোক দুখন পাফু চিৰিজ দিব। ৰেডী কৰি ৰাখিব মই আহি লৈ যাম।” এসময়ত খেলা শেষ হয়। চবেই মানে হাত-ভৰি ধুই ইফালে সিফালে একেলগে ঘূৰিবলৈ গ’ল, আড্ডা মাৰিবলৈ গ’ল। মই আকৌ দৌৰি দৌৰি লাইব্ৰেৰীলৈ গৈ কিতাপ এখন লৈ ঘৰলৈ যাওঁ। ইতিমধ্যে মা আহি হয়তো সোমাইছে। আহি সোধেহি “আজি কি কৰিলি?” মই বোলো “লাইব্ৰেৰীলৈ গৈছিলোঁ”

ফটাঢোল: কোনোবাদিনা ধৰা পৰিছিল নে?

দেৱব্ৰত দাস: পৰিছিলোঁ। কোনোবাদিনা হয়তো মাৰ পাণ বজাৰলৈ যাব লগা হ’ল। ৰিক্সাত উঠি যায় লতাশিলৰ সন্মুখেৰে। মোক দেখে খেলি থকা। সেইসময়ত খেলি থকা দেখি উভতি আহি মোক সোধে “কি কৰিছিলি? আবেলি কি কৰিলি?” মই বোলো “লাইব্ৰেৰীলৈ গৈ কিতাপ পঢ়ি আছিলোঁ।” মায়ে বোলে “কিতাপ পঢ়ি আছিলি।” উলিয়ালে এচাৰি। উলিয়াই ঠিকচে পিটন। এনেদৰেই চলিছিল আৰু।

ফটাঢোল: তেতিয়া আপোনাৰ স্কুল কোনখন আছিল? আপোনাৰ স্কুলীয়া আৰু কলেজীয়া শিক্ষা সম্পৰ্কে আমাক অলপ জনাওকচোন।

দেৱব্ৰত দাস: প্ৰথমতে লতাশিলত পঢ়িছিলোঁ। তাৰপিছত এম চি এম ই। তাৰপিছত কলেজিয়েটলৈ গ’লোঁ। তাৰপিছত মই বাহিৰলৈ গ’লোঁগৈ মানে ৰাচিলৈ গ’লোঁ। ৰাচিত মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলোঁ ১৯৬৬ত। ইয়াৰ পৰা এইটত গ’লোঁতো, তাত পাঁচ, ছয় বছৰমান আছিলোঁ চাগে। তাৰ পৰা টুৱেলভ্ পাছ কৰি মই ৰুড়কেল্লা গ’লোঁগৈ। প্ৰথমতে ইঞ্জিনীয়াৰিং ৰুড়কেল্লাত কৰিছিলোঁঁ, মেকানিকেলত। থাৰ্ড ইয়েৰত তাত গণ্ডগোল লাগিল। এইবোৰ দুখৰ কথা নকওঁ আৰু দেই। থিয়ৰীত মই ঠিকেই গ’লোঁ, প্ৰেকটিকেলত মোক ৰখাই দিলে।

ফটাঢোল: ৰুৰকেল্লাত পঢ়ি থকাৰ সময়ত আপোনাৰ মনটো আজিও উৎফুল্লিত কৰিব পৰা কিবা ঘটনা ঘটিছিল নেকি?

দেৱব্ৰত দাস: তেনেকুৱা বহুত আছে। কি ক’মনো। এটা ক’ব পাৰোঁ। ৰুড়কেল্লাত থাকোঁতে মানে ইঞ্জিনীয়াৰিং কলেজ এখনেই যি মেইন টাউনৰ পৰা অলপ বাহিৰত অৱস্থিত। মেইন টাউনৰ এফালে পুৰণা চহৰ, মাজতে এশাৰী পাহাৰ। ইফালে ৰেচিডেন্সিয়েল এৰিয়া, চেক্টৰ বুলি কয়। চেক্টৰবিলাকৰ এমূৰত আমাৰ কলেজখন। চিনেমা হল এটা আছে মেইন টাউনত তেতিয়া। ইঞ্জিনীয়াৰিং কলেজৰ ল’ৰাবিলাকৰ কাৰণে চিনেমা হ’লে টিকট ৰাখিব লাগে। সেইটো এটা নিয়ম। পঞ্চাশটা মান টিকট ইঞ্জিনীয়াৰিং কলেজৰ কাৰণে ৰাখি থ’ব লাগিব। প্ৰতিটো শ্ব’ৰ কাৰণে ৰাখি থ’ব লাগে। তাতে আকৌ এটা ইঞ্জিনীয়াৰিং ইনষ্টিটিউট আছিল। সেইটো মানে ষ্টীল চাইটত যিবিলাকে কাম কৰিবলৈ আহে, অলপ ষ্টীল লেবাৰ লাগে যে সেইবোৰক অলপ পঢ়ুৱাই লয়। আমাৰ আই টি আইৰ নিচিনা। এদিন হ’ল কি কিবা এখন সাংঘাতিক চিনেমা আহিছে। ইনষ্টিটিউটৰ ল’ৰাবিলাকে আমাৰ ষ্টুডেণ্ট বুলি টিকট লৈ গ’ল। আমাৰ ল’ৰাবিলাকে আহি দেখে যে টিকট নাই। কি হ’ল! পিছততো গম পাই গ’ল। তাৰপিছত চিনেমা শেষ হোৱাৰ পিছত সিহঁতক ধৰিলে। এখন খণ্ড যুদ্ধৰ সৃষ্টি হৈ গ’ল। তাৰপিছত ছেকেণ্ড শ্ব চাওঁতে, ছেকেণ্ড শ্ব আৰম্ভ হৈ গ’ল। তাত আমাৰ ৰাইজ গ’ল। সিহঁতৰ মানুহবিলাকে গম পাই গ’ল যে সিহঁতৰ ল’ৰাই মাৰ খাইছে। আমি আকৌ চাইকেল চলাই যাওঁতে সিহঁতৰ ইনষ্টিটিউটৰ আগেৰে যাব লাগে। সিহঁতে সেইখিনিতে আমাৰ দুটামানক বাট ভেটি ধৰিলে। আমাৰ কেইটামান ল’ৰাক সিহঁতে কিডনেপ কৰাৰ নিচিনাকৈ লৈ গ’ল। লৈ গৈ ৰাখি থৈ দিলে। আমি খবৰটো পালোঁ। তাৰপিছত আমি চব আহিলোঁ আৰু সদলবলে লগৰবোৰক উদ্ধাৰৰ নিমিত্তে। কোনোবাই বেট লৈ আহিছে, কোনোবাই হকী ষ্টিক লৈ আহিছে, কোনোবাই আঠুৱাৰ দাণ্ডা লৈ আহিছে। আমি অসমীয়াবিলাক তাত বেছি আগৰণুৱা এইবিলাকত। আৰু কেইজনমান আছিল, এজন আছিল বক্সিঙত ওস্তাদ চেম্পিয়ন তাত। আৰু এজন কুম্ফুত ওস্তাদ। অসমীয়াবিলাকক চবেই ভয় কৰে তেতিয়া। আমি গ’লোঁ আৰু। মই তেতিয়া ফাষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ তেনেকুৱা। মই জুনিয়ৰ। আমি আৰু চাইকেল চলাই চব সমানে সমানে গৈ আছোঁ। আমি একেবাৰে শেষত আছোঁ। বাকী চব আগলৈ গ’ল। তাত গৈতো ইঞ্জিনীয়াৰিং কলেজৰ ল’ৰাই গোটেইখন ঘেৰাও কৰি লৈছে। ওচৰতে মানে এখন বজাৰ আছিল। বজাৰ বন্ধ কৰি চব নাইকিয়া হ’ল। তাৰপিছত সিপিনে পুলিছ চুলিছো আহিছে বুলি আমি গম পাইছোঁ। আমাৰ লগৰ এটা মহাদুষ্টই ‘চামহাউ’ বাৰ এখনত সোমাইছেগৈ। তাৰ এইবোৰ যুদ্ধ কৰাৰ মতলব নাই। সি ক’লে ব’ল বাৰত সোমাওঁগৈ। বাৰত সোমাই, আগৰ দিনৰ মস্ত ফ্ৰীজ থাকেতো। সেই মস্ত ফ্ৰীজটো লোহাৰ শিকলিৰে বন্ধা আছিল। সি সেইফালে হাতখন সোমোৱাই দুৱাৰখন ফাক কৰি এটা বটল উলিয়াইছে। বিয়েৰৰ বটল। যিয়ে যিমান পাইছে বিয়েৰৰ বটল লৈ চাইকেল মাৰি হোষ্টেল পালেগৈ। তাতটো ফ্ৰীজ নাই। চবেই চুৰাহিত থৈ দিছে। বটলৰ ডিঙিবিলাক কাটি পানীৰ চুৰাহিত ভৰাই ফ্ৰীজ কৰি থৈ দিছোঁ। এই মহাদুষ্টটোৰ নাম আছিল দীপক। সি বহুদিনৰ মূৰত ইয়ালৈ আহিছিল। এই ধেমেলীয়া কথাটো মই কৰবাত লিখিছিলোঁ।

ফটাঢোল: ছাৰ, আপুনি AEC ত পঢ়ি থকা সময়ত ৰুৰকেল্লাত ঘটা ঘটনা ধৰণৰ বা প্ৰেম সম্পৰ্কীয় কিবা বিশেষ ঘটনা ঘটিছিল নে?

দেৱব্ৰত দাস: (হাঁহি এটা মাৰি) নাই, সেই সময়ত মই ফাষ্ট্ৰেচন (fustration)ত ভূগি আছিলোঁ। আমাৰ ৰাইজ মানে বন্ধুসকল তেতিয়া প্ৰায়েই জালুকবাৰলৈ যায়। সিহঁতৰ গধূলি হাজিৰা হয় ছোৱালী হোষ্টেলৰ গলিটোত। মোৰ সেইবোৰ নাছিল। মই অলপ বেলেগ মানে peculiar আছিলোঁ। মোৰ ভাল বন্ধুত্ব আছিল কিশোৰ, সঞ্জীৱ আদিৰ স’তে‌। আমাৰ বন্ধুত্ব অলপ বেলেগ আছিল। এই ধৰা সঞ্জীৱে টেনিছ খেল ভাল পায়। মই আকৌ এইবিধ খেল চাই ভাল নাপাওঁ। তথাপি সি মাতিলে আমি তাৰ স’তে যাওঁ। একেদৰে মই ভাল পাওঁ আৰ্ট চিনেমা। হঠাৎ ধৰা গম পালোঁ যে ভাল আৰ্ট চিনেমা এখন আহিছে। সিহঁতে আৰ্ট চিনেমা ভাল নাপায়। তথাপি মই মতাৰ বাবে তাকে চাবলৈ মোৰ স’তে ওলায়। এবাৰ হ’ল কি জানানে? মই ৰাতি হোষ্টেলত শুই আছোঁ। হোষ্টেলৰ কাষতেই দীপৰ বিল। তেতিয়া দীপৰ বিল প্ৰায় উন্মুক্ত। হঠাৎ চাৰিমান বজাত মোক লগৰকেইটাই মাতিলে। আমি এটা অদ্ভূত চিঞৰ শুনিলোঁ। আমি এয়া হৰিণৰ মাত বুলি ঠাৱৰ কৰিলোঁ। বচ, আমি সেই ৰাতি হৰিণ বিচাৰি যাবলৈ সাজু হ’লোঁ। আমি এনেধৰণৰ অলপ peculiar কাম কৰি ভাল পাইছিলোঁ।

ফটাঢোল: জালুকবাৰীত ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থকাৰ সময়ত কিবা বিশেষ ধৰণৰ আড্ডা আজিও আপোনাৰ মনত স্মৰণীয় হৈ আছেনে?

দেৱব্ৰত দাস: অঁ, তেনেকুৱা এটা আড্ডাৰ কথা মোৰ প্ৰায়েই মনত পৰে। আগতে ৰেডিঅ’ ফনিক্স বুলি দোকান এখন আছিল। কটন কলেজৰ নিউ আৰ্টছ বিল্ডিংটোৰ কাষতেই এইখন আছিল। আমাৰ ইঞ্জিনীয়াৰিং কলেজৰ বাছখন সেইখিনিৰ পৰাই যায়। ফিজিক্স বিল্ডিংৰ তিনিআলিটো যে আছে আমাৰ বাছখন সেইখিনিত ৰৈ থাকে। ইঞ্জিনিয়াৰিং কলেজৰ ল’ৰাবিলাক তাতে ৰৈ থাকে বা কটন কলেজৰ ৰেলিঙত বহি থাকে। ইঞ্জিনিয়াৰিং কলেজৰ ল’ৰাবিলাক এই ঠাইবোৰত ভৰি থাকে। দোকানবিলাক যেনে মহামায়া, আৰু মেগাজিনৰ দোকানবিলাক যে আছে, সেইবোৰত আমাৰ কলেজৰ ল’ৰাৰ ৰাজত্ব। কিবা দেখিলেই ভাল লাগি যায়। কিয় জানো সেই কথাটো মোৰ প্ৰায়েই মনত পৰে।

ফটাঢোল: এতিয়া আপোনাৰ পৰা আমি জানিবলৈ বিচাৰিম আপোনাৰ কৰ্মজীৱন সম্পৰ্কে। আপুনি পঢ়িলে ইঞ্জিনীয়াৰিং। পিচে আপোনাৰ কৰ্মজীৱন বেঙ্কসেৱাত। এই সম্পৰ্কে আমাক অলপমান জনাবনে?

দেৱব্ৰত দাস: সেইটো এটা ইণ্টাৰেষ্টিং ষ্ট’ৰি। মোৰ ৰূমমেট আছিল এজন কেমিকেল ইঞ্জিনীয়াৰ। মোতকৈ চিনিয়ৰ। কেমিকেল ইঞ্জিনীয়াৰ আৰু চিভিল ইঞ্জিনীয়াৰৰ তেতিয়া চাকৰি খুব কম। সি ফাইনেল দিব আৰু। সি সেইসময়ত বেংকত এপ্লাই কৰিছে। মই বোলো “কি কৰিছ?” সি বোলে, “নাই চাকৰিতো নাপাওঁৱেই গতিকে বেংকত চাকৰিৰ বাবে এপ্লাই কৰিছোঁঁ”। মই তেতিয়ালৈকে বেংকৰ কথা নাজানোৱেই। সি ক’লে বেংকত দৰমহা বেছি দিয়ে। তাক দেখি ময়ো বেঙ্কৰ চাকৰিৰ বাবে চেষ্টা কৰিলোঁ ফাইনেল ইয়েৰত উঠি। মই দুটাত ইণ্টাৰভিউ দিলোঁ।ইন্দিয়ান ওভাৰচিচ বেংক আৰু ষ্টেট বেংকত। সি কিন্তু নাপালে দেই বেংকৰ চাকৰি। মোক মাতিলে আৰু ইন্দিয়ান ওভাৰচিচ বেংকৰ চাকৰিত মই যোগদান কৰিলোঁ। অ, আৰু শুনা মই কেনেকৈ বেঙ্কৰ পৰীক্ষাত বহিছিলোঁ। মই বেকাৰ হৈ থাকোঁতে মনি মানিক প্ৰকাশত কাম কৰিছিলোঁ। মনি মানিক প্ৰকাশে সেইদিনা পিকনিক এৰেঞ্জ কৰিছে। মোকো মাতিছে। কিন্তু ইঞ্জিনীয়াৰ হিচাপে নহয় পুৰণা সতীৰ্থ হিচাপে। মই গ’লোঁ। কথাই কথাই ক’লোঁ আজি মোৰ ষ্টেট বেংকৰ ইণ্টাৰভিউ আছিল। সিহঁতে মোক ক’লে, “তোৰ পৰীক্ষা আছে, তই পিকনিক যাব নোৱাৰ।” সিহঁতে মোক আৰ্য্য বিদাপীঠত মোক ছিটটো বিচাৰি বহুৱাই পেলায় “তই পৰীক্ষা দে” বুলি কৈ পিকনিকলৈ গ’ল। মই সেই পৰীক্ষাত উত্তীৰ্ণ হৈ বেঙ্কৰ চাকৰিত সোমালোঁ। তাৰ পিছত ওভাৰচিচ বেংকত চাকৰি কৰিছিলোঁ প্ৰথমতে চেন্নাইত৷ তাৰপিছত বম্বে আৰু তাৰ পিছত মই হাওৰাত চাকৰি কৰিলোঁ। হাওৰাত থাকোঁতে মই ষ্টেটবেংকৰ চাকৰি পালোঁ।

ফটাঢোল: আপোনাৰ বন্ধুজনৰ কি নাম আছিল যিয়ে বেংকৰ পৰীক্ষা দিয়াৰ বাবে আপোনাক উৎসাহ যোগাইছিল?

দেৱব্ৰত দাস: প্ৰবীৰ দে।

ফটাঢোল: আপোনাৰ গল্পবোৰত প্ৰেমৰ দৃশ্যবোৰৰ সুন্দৰকৈ বৰ্ণনা কৰা দেখা যায়। বাস্তৱ জীৱনত প্ৰেমৰ সংজ্ঞা আপুনি কেনেদৰে দিবলৈ বিচাৰিব?

দেৱব্ৰত দাস: আনৰ প্ৰেমৰ সংজ্ঞা দিয়াটো সহজ, নিজৰহে বিপদজনক। আচলতে প্ৰেম সকলোতে আছে, এই ধৰা মই গান শুনি ভাল পাওঁ, ক্ৰিকেট চাই ভাল পাওঁ৷ সেয়াও এক প্ৰেম। প্ৰেমৰ আচল সংজ্ঞা পাবলৈ এখন বিখ্যাত কিতাপ আছে। প্ৰেম বিষয়টোৰ ওপৰত পঢ়ি ভাল পোৱা সেই কিতাপখন হ’ল মাৰ্কিচৰ লাভ ইন দা টাইম অৱ কলেৰা। সেইখন পঢ়িলে প্ৰেমৰ ওপৰত আৰু একো জানিবলগীয়া নাথাকে।

ফটাঢোল: এইবাৰ আপোনাক আপোনাৰ বিখ্যাত গল্প এটা সম্পৰ্কে সোধোঁ। ‘অৰণ্যত কান্দোন কাটোন’ গল্পটিত লেখকে সন্তান হেৰুৱা বায়েকৰ কোলাখন অৰণ্যত হেৰাই পোৱা জনজাতীয় ল’ৰা-ছোৱালীহালেৰে সজাব পৰা যায় নেকি, সেয়া ভাবিছে। সেয়া নিঃসন্দেহে এক সম্প্ৰীতিৰ বতৰা। এনেধৰণৰ একোটা মেচেজ আপোনাৰ গল্পত প্ৰায়েই পোৱা যায়। পিচে এনেধৰণৰ কথাবোৰ আপুনি পোনপটীয়াকৈ নকয়? ইয়াৰ কাৰণ কি, ছাৰ?

দেৱব্ৰত দাস: চোৱা, গল্পত কিছুমান কথা পোনপটীয়াকৈ ক’ব নোৱাৰি। মই সৃষ্টি কৰা এটা চৰিত্ৰ হ’ল মাণিক আহমেদ মানে মাণিক কাইটি। এই মাণিক কাইটিৰ হতুৱাই মই মোৰ কথাবোৰ কোৱাই দিওঁ। মোৰ ‘লেঙেৰী বুঢ়ীৰ মৃত্যু ৰহস্য’ত মাণিক কাইটি প্ৰথমবাৰ ওলাইছে।

ফটাঢোল: লিখক হিচাবে আপুনি লাভ কৰা দুটামান স্মৰণীয় ঘটনা সম্পৰ্কে আমাক অলপ জনাবনে?

দেৱব্ৰত দাস: অ, জীৱনত লেখাৰ বাবে একমাত্ৰ এটা লেখত লবলগীয়া বটা লাভ কৰিছোঁ। সেয়া হৈছে Tagore Literature Award । ২০১০ চনৰ এই বঁটা মই ২০১১ চনত পাইছোঁ। অৱশ্যে বঁটা পোৱাতকৈ লিখি মই বেছি আনন্দ লাভ কৰোঁ। এবাৰ কি হ’ল জানানে? ডিব্ৰুগড় যাবলৈ মই শিৱসাগৰত বাছ এখনত উঠিছোঁ। সিদিনা অলপ বৰষুণৰ বতৰ আছিল। বাছখনত বৰ এটা ভীড় নাই। মই বাছখনৰ পিছফালে মানুহ এজনৰ লগত বহি আছোঁ। সেই সময়ত মই ‘হিয়াৰ পখিলাবোৰ’ সাদিনত লিখি আছোঁ। মোৰ কাষত বহি থকা মানুহজনে মোৰ স’তে কথা পতা আৰম্ভ কৰিলে। মই ক’ত কাম কৰোঁ, সেয়া সুধিলে, মোৰ নামটোও সুধিলে। মই মোৰ নামটো কোৱাত তেওঁ মোক আকৌ সুধিলে, “আপুনি বাৰু সাদিনত লিখে নেকি?” মই তেওঁক শলাগিলোঁ আৰু ‘সাদিন’ত প্ৰকাশ পোৱা মোৰ লেখা তেওঁ পঢ়ে নেকি তাকে সুধিলোঁ। মানুহজনে কলে, “মই নপঢ়োঁ। পিচে মোৰ শ্ৰীমতীয়ে পঢ়ে আৰু আপুনি লিখা কলমটো মই ৰাতি শুবলৈ যোৱাৰ সময়ত তেওঁ মোক পঢ়ি শুনাই দিয়ে। মোৰ মনটো ভৰি পৰে।” আমি কথা কৈ থাকোঁতেই বাছখনৰ কণ্ডাক্টৰে ভাড়া বিচাৰি আহিল। মই কণ্ডাক্টৰক ভাড়া দিবলৈ পইচা উলিয়াইছোঁ। এনেতে মোৰ সহযাত্ৰীয়ে কণ্ডাক্টৰজনক ক’লে, “অই, এখেতৰ পৰা ভাড়া নলবি। এখেত মোৰ আলহী।” আচলতে কি জানা? মানুহজন বাছখনৰ মালিক আছিল। এনেবোৰ ঘটনা মোৰ ভাল লাগে। মোক যে মনত ৰাখিছে!

আৰু এবাৰ কি হ’ল জানানে? এদিন হঠাৎ এজন মানুহৰ পৰা এটা ফোনকল আহিল। মানুহজনে ফোনত মোক সুধিলে, ” আপুনি দেবব্ৰত দাস হয় নে?” মই হয় বুলি ক’লোঁ। তেওঁ মোক আকৌ প্ৰশ্ন কৰিলে, “আপুনি বাতৰি কাকতত দুই বছৰমান আগতে ‘ঈশ্বৰৰ ঠিকনাত’ এনেধৰণৰ যে ৰচনা লিখিছিল, সেই পেপাৰখন মোৰ সন্মুখত আছে।” মই অলপ আচৰিত হৈ তেওঁক সুধিলোঁ, “ইমান পুৰণি কাকত আপুনি ক’ত পালে?” মানুহজনে কলে, ” মই আচলতে গেলামাল বিক্ৰী কৰোঁ। এজনে এজাপ কাগজ মোৰ তাত বিক্ৰী কৰি গৈছিল। আপোনাৰ ৰচনাখনৰ ‘হেডিং’টো দেখি মোৰ পঢ়িবলৈ মন গ’ল। পঢ়ি বৰ ভাল লাগিল মোৰ। ৰচনাখনৰ তলতেই আপোনাৰ ফোন নম্বৰটো আছিল। সেয়েহে আপোনাক এই নম্বৰত ফোন কৰিলোঁ।” ময়ো মানুহজনৰ স’তে কথা পাতিলোঁ। মোৰ লেখাটি হঠাৎ তেওঁৰ চকুত পৰিল। লেখাটি পঢ়ি তেওঁৰ মোৰ স’তে কথা পাতিবলৈ মন গ’ল। লিখক হিচাবে এয়াই মোৰ ডাঙৰ প্ৰাপ্তি। মানুহজনৰ স’তে পিছলৈ মোৰ ঘৰুৱা সম্পৰ্ক এটা হ’ল। আমি তেওঁৰ ল’ৰাৰ বিয়াও খাই আহিলোঁ পিছত এদিন।

ফটাঢোল: ছাৰ, আপুনি কোৱাৰ দৰেই আমি এটা কথা অনুভৱ কৰোঁ যে আপোনাৰ গল্প আৰু উপন্যাসত এক লিভ্ড এক্সপিৰিয়েন্সে (lived experience) ক্ৰিয়া কৰে। এই সম্পৰ্কে আমাক অলপ বহলাই ক’বনে?

দেৱব্ৰত দাস: হয়, এই ধৰা ‘অৰ্পিতাৰ এৰাতি’ নামৰ গল্পটো। তাতো এটা লিভ্ড এক্সপিৰিয়েন্স (lived experience) আছে। আচলতে সেই ছোৱালীজনীৰ নাম আছিল গীতা বাগচি। সেই যাত্ৰাটোত মোৰ স’তে সঁচাকৈ এজন বন্ধুও আছিল। পিছলৈ আৰু সেই গীতা বাগচি মানে অৰ্পিতাক মই লগ পোৱা নাই।

ফটাঢোল: ছাৰ, আমি আকৌ আপোনাৰ ব্যক্তিগত জীৱন সম্পৰ্কীয় কথা এটা জানিব বিচাৰিছোঁ। আপোনালোকৰ দাম্পত্য জীৱন সম্পৰ্কে আমাক অলপ ক’বনে? আপুনি বাইদেউক কেনেদৰে লগ পাইছিল?

দেৱব্ৰত দাস: আমাৰ বিয়া হৈছিল ১৯৭৮ চনত। মানে কি হ’ল, হোমেন বৰগোহাঞি ছাৰে মোক এটা দায়িত্ব দিছিল। কাকত এখনৰ ‘যুৱক-যুৱতী চৰা’ৰ বাবে মই লেখা যোগাৰ কৰি দিব লাগে। এটা সংখ্যাৰ
অতিথি সম্পাদক হিচাবে সম্পাদনাৰ দায়িত্ব মোৰ ওপৰত ন্যস্ত কৰা হ’ল। যুৱক-যুৱতীসকলৰ ধ্যান-ধাৰণা সম্পৰ্কে সাক্ষাৎকাৰৰ ভিত্তিত তথ্য সংগ্ৰহ কৰিবলৈ ছাৰে মোক পৰামৰ্শ দিলে। সাক্ষাৎকাৰ ল’বলৈ লেখামেলা কৰা ছোৱালী এজনী আৰু ডেকা এজনক মই ঠিক কৰিলোঁ। যুৱক-যুৱতীসকলৰ সাক্ষাৎকাৰ ল’বলৈ তেওঁলোকে তিনি-চাৰিখন কলেজলৈও গ’ল। মাজতে এই ডেকাজনে ছোৱালীগৰাকীক প্ৰেম নিবেদন কৰিলে। ছোৱালীজনীয়ে ডেকাৰ প্ৰেম নিবেদন গ্ৰহণ কৰিব নোৱাৰিলে। এনেদৰে মাজতে খেলিমেলিৰ সৃষ্টি হ’ল। শেষৰ ফালে উপায় নাপাই যুৱক-যুৱতীৰ সাক্ষাৎকাৰ ল’বলৈ মই বিশ্ববিদ্যালয়লৈ যাবলগীয়াত পৰিলোঁ। বিশ্ববিদ্যালয়তেই এওঁৰ স’তে মোৰ চিনাকি হ’ল। এই চিনাকি লাহে লাহে গাঢ় হ’ল। সেই সময়ত যিহেতু মবাইলৰ ব্যৱহাৰ নাছিল, সেয়েহে আমাৰ মাজত চিঠি-পত্ৰৰ আদান-প্ৰদান হ’ল। পিছলৈ আমি বিবাহপাশত আবদ্ধ হ’লোঁ।

ফটাঢোল: ছাৰ, আপোনালোকৰ মাজত মানে দাম্পত্য জীৱনত কলহৰ সৃষ্টি হয়নে? এনেধৰণৰ কলহ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত কোনে আগভাগ লয়?

দেৱব্ৰত দাস: এই ক্ষেত্ৰত পিছে মই মিছা কোৱাৰ শংকা আছে। তুমি এৰিক ছিগাল (Erich Segal) ৰ ল’ভ ষ্টৰি (Love Story) পঢ়িছা নহয়। সেইখন শেষ হৈছে লিখকে কোৱা কথা এষাৰেৰে। Love means never having to say you’re sorry. তুমি আচলতে এনেকুৱা এখন সংসাৰ নাপাবা যত হাই-কাজিয়া নাথাকে। (এনে সময়তে কোঠাটোলৈ সোমাই অহা বাইদেউক উদ্দেশ্যি হাঁহি এটা মাৰি) হেৰা, এওঁলোকে আমাৰ কাজিয়া লাগে নেকি জানিব বিচাৰিছে। মই উত্তৰ দিয়া নাই।

ফটাঢোল: ছাৰ, আপোনাৰ পৰিয়াল মানে সতি-সন্ততিৰ বিষয়ে আমাক অলপ ক’বনে?

দেৱব্ৰত দাস: আমাৰ দুজনী ছোৱালী। ডাঙৰজনী ৰুৰকিৰ পৰা Biotechnologyত ডিগ্ৰী ল’লে। সৰুজনীয়ে দিল্লীৰ পৰা Psychology ত ডিগ্ৰী ল’লে।

ফটাঢোল: ছাৰ, আমি আকৌ আগবাঢ়িবলৈ ওলাইছোঁ আপোনাৰ লেখা সম্পৰ্কে জানিবলৈ। আপোনাৰ সতে আজি এই সময়খিনি কটাই আমি অনুভৱ কৰিছোঁ যে লিখক দেৱব্ৰত দাস আৰু আমাৰ সতে আজি বহি থকা মানুহ দেৱব্ৰত দাসৰ কোনো পাৰ্থক্য নাই। এই যে আমাৰ স’তে বহি থকা মানুহজন, সেইজনে আমাক কোৱা কথাখিনিয়েই তেওঁৰ লেখাত প্ৰকাশ কৰে। এই সম্পৰ্কে আমাক অলপ কওকচোন ছাৰ।

দেৱব্ৰত দাস: সেইটো কিয় হয় জানানে? (ঈষৎ হাঁহি মাৰি) মই কোনোদিনে মিছা কথা নকওঁ। মনলৈ অহা কথাটোৱেই মই চিধাচিধি কৈ দিওঁ।

ফটাঢোল: ছাৰ, অসমীয়া সাহিত্যৰ ভৱিষ্যত সম্পৰ্কে আপুনি কি ভাবে?

দেৱব্ৰত দাস: মই নিৰাশ নহওঁ। ‘সাতসৰী’ত আজি মই এটা গল্প পঢ়িলোঁ। গল্পটো পঢ়ি মোৰ ভাল লাগিল। অ, আৰু এটা কথা কওঁ। ‘ফেচবুক’ৰ মোৰ ‘ৱাল’ত লেখা কিবা এটা ‘লাইক’ কৰিছিল দুজনমানে। তেওঁলোকৰ মাজৰেই এজনৰ ‘ৱাল’ত মই এটা আচৰিত বস্তু দেখিলোঁ। তেওঁ তেওঁৰ ‘ৱাল’ত ভাল পোৱা বিভিন্ন কবিতা ‘পোষ্ট’ কৰে। সেই ‘পোষ্ট’বোৰৰ মাজত বহুতো ভাল কবিতা আছে। মানুহজন এজন অধ্যাপক। ‘ফেচবুক’ত এনেধৰণৰ ভাল কাম হৈ আছে। আনহাতে এটা উদ্বেগজনক কথা হ’ল এই যে আলোচনী এখনত এটা লেখা বা এটা কবিতাই স্থান পাবলৈ হ’লে লিখকৰ সম্পাদক অথবা লেখা নিৰ্বাচন কৰাজনৰ স’তে চিনাকি থাকিব লাগিব। এয়া সাহিত্যৰ বাবে পিচে বৰ ক্ষতিকাৰক।

ফটাঢোল: ছাৰ, অসমীয়া সাহিত্যত মাজে মাজে হুলস্থূল একোটাৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে এই ধৰক বৰ্তমান মিঞা পয়েট্ৰি লৈ এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হৈছে। এনেবোৰ ঘটনাৰ মাজত সাহিত্যৰ সাধনা সম্ভৱনে?

দেৱব্ৰত দাস: চোৱা, মিঞা পয়েট্ৰি লিখাকেইজনে নিজৰ কথাটো লিখিবই। মোৰ বন্ধুকেইজনক ধৰা তুমি বেয়া ব্যৱহাৰ কৰা। মই ন’কৈ ক’ব কোনে? সৰুকালত আমাৰ ঘৰতেই দেখিছিলোঁ। আমাৰ মামাহঁতৰ খেতিৰ মাটি আছিল। তাত খেতি কৰিছিল কাৰ্বি মানুহে। আমি তেওঁলোকক ‘মাটি মিকিৰ’ বুলিছিলোঁ। তেওঁলোক যেতিয়া মামাহঁতৰ ঘৰলৈ আহে, তেওঁলোকক ঢেকীশালৰ ওচৰত খাবলৈ দিয়া হয়। আমি তেতিয়াই দেখিছিলোঁ যে এই মানুহবোৰক আমি তুচ্ছ জ্ঞান কৰোঁ। সেই সময়তেই আমি মিঞাবিলাককো দেখিছিলোঁ। আমি সৰু থাকোঁতে মিঞাসকল আহিবলৈ আৰম্ভ কৰিছে। আমাৰ মামাহঁতৰ ঘৰৰ সন্মুখত এখন মুছলমান গাঁও আছিল। তেওঁলোকে টৌ তৈয়াৰ কৰিছিল। মৰীয়া বুলি কয় তেওঁলোকক। তেওঁলোকৰ গাঁওবুঢ়াজনৰ ঘৰলৈ মৈমনশিঙীয়া মিঞাসকল আহে। ওচৰ চুবুৰীয়া মানুহৰ বিভিন্ন কাম যেনে জেওৰা দিয়া, বাগানত কোৰ মৰা আদি বিভিন্ন কামত এই মিঞাসকল জড়িত হৈ পৰে। তেওঁলোকক সৌ তেতিয়াৰ পৰাই দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাবে গণ্য কৰা হয়। এতিয়া এইলোকসকলে নিজৰ কণ্ঠস্বৰ লাভ কৰিছে।

ফটাঢোল: ছাৰ, আপোনাক আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ হাস্যব্যংগ মেগাজিনখন আমি তিনিবছৰ নিয়মীয়াকৈ চলাই আহিছোঁ। ছাৰ, আমাৰ আলোচনীখন যিহেতু বিশেষকৈ এখন হাস্য-ব্যংগ আলোচনী, সেয়েহে এনেধৰণৰ সাহিত্যৰ ক্ষেত্ৰখন সম্পৰ্কে আপোনাৰ মতামত জানিব বিচাৰিম।

দেৱব্ৰত দাস: ব্যংগ সাহিত্যৰ ওপৰত গুৰুত্ব এই আলোচনীখনে গুৰুত্ব দিয়াটো ভাল কথা হৈছে। অসমীয়া সাহিত্যত যেনেকৈ ব্যংগ নোহোৱা হৈ গৈছে, অসমীয়া মানুহৰো তেনেকৈ sense of humour নাইকিয়া হৈ যাবলৈ ধৰিছে। এটা জাতিৰ যেতিয়া sense of humour নাইকিয়া হৈ যায় জাতিটোৰ তেতিয়াই অধোগতি হয়। ব্ৰিটিছ এতিয়াও কেনেকৈ এটা ডাঙৰ জাতি? ব্ৰিটিছসকলৰ sense of humour আছে। জানানে এই চার্চিলৰ গল্পটো। এবাৰ এজন সাংবাদিকে পেপাৰত লিখি দিলে যে চাৰ্চিলৰ দৰে এনেকুৱা এজন বুৰ্বক মানুহে কেনেকৈ প্ৰধান মন্ত্ৰী হৈ কাম চলাই আছে৷ তাৰ পিছত মানুহজনক পুলিচে গৈ পেলাই গ্ৰেপ্তাৰ কৰিলে। তাৰ পিছততো বৃটিছৰৰ পাৰ্লিয়ামেণ্টত হুলস্থূল লাগি গ’ল৷ আৰে, প্ৰধানমন্ত্ৰীক গালি পাৰিলে গ্ৰেপ্তাৰ কৰিব পাৰে নেকি? তাৰ পিছত চাৰ্চিলে কি ক’লে জানা? তেওঁ ক’লে যে মানুহজনক prime ministerক গালি পৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হোৱা নাই৷ তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে এটা বেলেগ কাৰণত। সেয়া হৈছে তেওঁ জৰুৰীকালীন সময়ত এটা গোপন কথা সদৰি কৰিছে। সেইকাৰণে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। এইবিলাক হ’ল তেওঁলোকৰ sense of humour৷ আমাৰ অসমীয়াত এতিয়া এইবোৰ একো নোহোৱা হ’ল। এইবোৰ আনিব লাগে এনেকুৱা আলোচনী আদিৰ যোগেদি।

ফটাঢোল: ছাৰ, এই যে ফেচবুক আৰু অন্যান্য চচিয়েল মিডিয়াত লেখামেলা চলি আছে, এই সম্পৰ্কে আপোনাৰ মতামত কি?

দেৱব্ৰত দাস: মই বেয়া নাপাওঁ ফেচবুকত লিখিলে। যিবিলাক লেখা সতকাই চকুত নপৰে, তেনেকুৱা লেখাবোৰো ফেচবুকৰ যোগেদি জানিব পৰা যায়।

ফটাঢোল: ছাৰ, আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে আমাক অলপ জনাবনে?

দেৱব্ৰত দাস: বৰ বিশেষ পৰিকল্পনা নাই। হিয়াৰ পখিলাবোৰ আকৌ আৰম্ভ কৰিবলৈ ওলাইছোঁ। উপন্যাস এখনৰ কামত অলপ লাগিম। সেয়াই আৰু।

ফটাঢোল: ছাৰ, আজি আপোনাৰ সান্নিধ্যত এই সময়খিনি আমাৰ বাবে সাৰ্থক হ’ল। আপুনি আমাক দিয়া এই সময়খিনিৰ বাবে আমি সমূহ ফটাঢোলবাসীৰ হৈ আপোনাক কৃতজ্ঞতা জনালোঁ। ধন্যবাদ ছাৰ‌।

দেৱব্ৰত দাস: তোমালোকক লগ পাই আৰু তোমালোকৰ আলোচনীখনৰ বিষয়ে জানি ভাল লাগিল। সকলোকে শুভেচ্ছা জনাই আলোচনীখনৰ উত্তৰোত্তৰ কামনা কৰিলোঁঁ৷
☆★☆★☆

8 Comments

  • নীলাঞ্জনা

    মোৰ প্ৰিয় ব্যক্তি তথা লিখক এগৰাকীৰ অন্তৰঙ্গ সাক্ষাৎকাৰটি পঢ়ি খুবেই ভাল লাগিল৷ তেখেতলৈ এই চেগতে আকৌ এবাৰ শ্ৰদ্ধা যচাৰ লগতে হিয়াৰ পখিলাবোৰ আকৌ আৰম্ভ কৰাৰ খবৰটো পাই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো৷ 🙏🏽

    Reply
    • অভিজিত দত্ত

      পঢ়ি চোৱা বাবে ধন্যবাদ জনালো।

      সম্পাদক।

      Reply
  • ৰিণ্টু

    কলেজৰ দিনৰ পৰাই চাৰ মোৰ আটাইতকৈ প্ৰিয় লিখক। সাক্ষাৎকাৰটো পঢ়ি খুব সুখী হ’লো।

    তাতোকৈও সুখী হ’লো, হিয়াৰ পখিলাবোৰ আকৌ উৰিবলৈ আৰম্ভ কৰিব বুলি গম পাই।

    Reply
    • অভিজিত দত্ত

      এবাৰ আপোনাৰ লগত চাৰৰ ঘৰলৈ যাম।

      Reply
  • অভিজিত কলিতা

    চাৰে সদায় লোকচক্ষুৰ পৰা আঁতৰিয়েই থাকি ভাল পায় হয়তো, তেখেতৰ জীৱনৰ নজনা বহু দিশ সমূখলৈ অনা বাবে ফটাঢোলক ধনাবাদ জনাইছো।

    Reply
  • ডলী তালুকদাৰ

    বহুত ভাল লাগিল সাক্ষাতকাৰটো।ছাৰৰ গল্প পঢ়ি বহুত ভাল লাগে।

    Reply
  • নৱজিত বৰুৱা

    বহুত ভাল লাগিল । ছাৰৰ বহুত কথাই জানিব পাৰিলোঁ । সম্পাদকলৈ ধন্যবাদ জনালোঁ ।

    Reply
  • mridula

    বৰ ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.