ফটাঢোল

সাক্ষাত্_কাৰ – বাসৱদত্ত দাস

আমাৰ নতুন চম্পাসুৰে হেনো “ফটাঢোল”ৰ এই মাহৰ সাক্ষাৎকাৰ শিতানৰ বাবে অসমৰ এগৰাকী বিখ্যাত সংগীতশিল্পীৰ ওচৰ চাপিছে । আলোচনীখনৰ শাৰদীয় সংখ্যাটিত আমি এইগৰাকী প্ৰতিষ্ঠিত শিল্পীৰ জীৱনৰ কিছু অপ্ৰকাশিত কাহিনী হয়তো পঢ়িবলৈ পাম ।বিখ্যাত লোকসকলৰ অখ্যাত কাহিনীবিলাক জানিবলৈ পোৱাৰ মজাই বেলেগ, নহয়নে? পিছে পঢ়ুৱৈসকলে এটা কথা জানি হয়তো আচৰিত হ’ব যে পোনতে চম্পাসুৰে কিন্তু আন‌ এজন বিশ্ববিখ্যাত ব্যক্তিৰহে সাক্ষাৎকাৰ লোৱাৰ মানসেৰে ব্যক্তিগৰাকীৰ অফিচিয়েল ই-মেইল আই ডিলৈ এটা অনুৰোধ প্ৰেৰণ কৰিছিল, যি অনুৰোধ ৰক্ষা কৰি ব্যক্তিগৰাকীয়ে তেওঁক সাক্ষাতৰ বাবে এটা তাৰিখো দিছিল । সেইমতে ব্যক্তিগৰাকীয়ে দিয়া অফিচিয়েল “হোৱাইট-চপ” নাম্বাৰটোত ভিডিঅʼ কল কৰি চম্পাসুৰে সাক্ষাতো গ্ৰহণ কৰিছিল । ব্যক্তিগৰাকী কোন আপোনালোকৰ সামান্যতম আইডিয়াও আছেনে? তেওঁ হ’ল মাৰ্ক জাকাৰবাৰ্গ- স্বয়ং ফে’চবুকৰ স্ৰষ্টা ! কিন্তু জাকাৰবাৰ্গৰ ঠাইত শেষ মুহূৰ্তত অন্য এজন ব্যক্তিৰহে সাক্ষাৎকাৰ ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিবলগা হ’ল কিয় ? বাৰু, আপোনালোকে নিজেই চাই বিচাৰ কৰক ! তলত এয়া সাক্ষাৎকাৰটোৰ কিয়দংশ :

চম্পাসুৰ : মা.জু্. দা, প্ৰণাম । আপুনি যে আলোচনীখনৰ বাবে সাক্ষাৎকাৰ দিবলৈ সন্মত হ’ব সেয়া আমাৰ সপোনৰো অগোচৰ আছিল । তাৰ বাবে আপোনাক এটা লাভ ৰিয়েক্ট । আমাৰ প্ৰথম প্ৰশ্ন, ফে’চবুক এপটোৰ সৃষ্টি সন্দৰ্ভত । আপোনাৰ মনত ইয়াৰ ধাৰণাটো কেনেকৈ আহিল ?

মাৰ্ক জাকাৰবাৰ্গ : টি বি এইচ্, দৰাচলতে এই ধাৰণাটো মোৰ নিজস্ব নহয়; লিওনাৰ্ডো দি কেপ্ৰিঅ’ইহে মোৰ অৱচেতন মনত ইয়াৰ বীজ ৰোপন কৰিছিল । ফে’চবুক আচলতে তেওঁৰ এটা চিক্ৰেট মিশ্‌ন্‌, নোলানে কাহানিও চাবলৈ নিদিয়া তেওঁৰ পো-জীৰ মুখ দুখন চোৱাৰ অদম্য হেঁপাহক বাস্তৱায়িত কৰাৰ প্ৰচেষ্টাৰেই ফচল হ’ল এই ফে’চবুক ।

চম্পা : আপুনি ফেক্টৰ সৈতে ফিক্‌শনক সনা-পোটকা কৰিছে ! ইনচেপ্চন নোচোৱাবোৰে এইবোৰ লেইম্ ৰেফাৰেন্সিয়েল হিউমাৰ বুজি নাপাব । বাজে বাদ দিয়ক; সঁচা কথা কওঁক ।

মা. জু. : সঁচাই কৈছো‌ঁ, মই কেতিয়াও মিছা কথা নকওঁ । সাক্ষাৎকাৰ লোৱাৰ ছলেৰে আপুনি মোক জেৰা কৰিছে নেকি ! বিশ্বাস নহয় যদি সঁচা-মিছাৰ প্ৰমাণ ল’ব পাৰে ।

চম্পা : বিদ্যা ??

মা.জু. : ৱিদ্দা !

চম্পা : মা কচম ??

মা.জু. : মা খচম !

চম্পা : আপুনি মিছা কথা কৈছে ! বিদ্যা ক’ব দিওঁতে ৱিদ্দা কৈছে আৰু মা কচমক মা খচম কৈছে !

মা.জু. : হাৰে, কাৰ পাল্লাত পৰিলোঁ ঔ ! মই ফৰেইনাৰ ‘হয়’, মোৰ এক্সেণ্ট আপোনালোকৰ এক্সেণ্টৰ লগত নিমিলেতো ! সৰুৰে পৰাই ইংলিছ ক’বলৈ শিকোঁতে শিকোঁতে তাৰ প্ৰকোপত দাঁতবোৰ নাভাগিবলৈ জিভাখনৰ বিৱৰ্তন ঘটি আগটো ওলোটাদিশলৈহে সলনি হ’ল- ঠিক ভেকুলীৰ জিভাখনৰ দৰে । গতিকে বিদ্যাটো ৱিদ্দা আৰু মা কছমক মা খছমহে মাতিব পাৰো‌ঁ মই ।

চম্পা (অলপ কন্‌ফিউজ্‌দ্‌) : আচ্ছা ঠিক আছে বাৰু, আপুনি সঁচা কথাকেই কৈছে । পিছে এটা কথা, মিছা কৈছে যদি ঠেং এখন আজিয়েই চুটি হৈ পৰিব ৰাতিলৈ, কৈ থ’লোঁ কিন্তু- মনত ৰাখিব । মোৰ তথাপি অলপ সন্দেহ আছেই…

মা.জু. : কিনো ইমানকৈ সন্দেহ কৰি থাকেহে আপুনি ! আচ্ছা কওঁক, ক’ত সন্দেহ থাকি গ’ল আপোনাৰ !

চম্পা (এটা এটা শব্দ চাউল-বছা দিয়াৰ দৰে ৰৈ ৰৈ কৈ) : যদি ইনচেপ্চনৰ ছেটতেই আপোনাৰ ফে’চবুকৰ জন্ম, তেন্তে আপুনি নিশ্চয় শ্বুটিঙৰ গোটেইখিনি সময়তেই তাত উপস্থিত আছিল ?

মা.জু. : অ’ আছিলোঁতো !

চম্পা (উৎসাহী হৈ) : তেন্তে কওঁক, শেষৰ দৃশ্যটোত কব্ কায়ে অৱশেষত পো-জীহঁতক সঁচাকৈয়ে ঘূৰাই পালেনে, নে সেয়াও সপোনেই আছিল ।

(আঠ মিনিটমান সময়ৰ নীৰৱতা ।)

মা.জু. : এই দৃশ্যাংশটো এণ্ড-টু-এণ্ড এন্‌ক্ৰিপ্তেদ হৈ আছে, গতিকে ইয়াৰ আঁৰৰ প্ৰকৃত তথ্য মই আপোনাক যোগান ধৰিব নোৱাৰিম, ক্ষমা কৰিব । এবাৰ তেনেকুৱা ভুল কৰি মই বাৰুকৈয়ে ভূগি থৈছোঁ ।

চম্পা : হয়নে ! পিছে ইয়াকেনো ক’বলৈ আঠমিনিট সময় ল’ব লগা হ’ল কেলেই ?

মা.জু. : নাই, এই আঠমিনিট মই অক্টোবৰত মুক্তি পাবলগীয়া “জোকাৰ” ছবিখনত হোৱাকিন ফিনিক্সে কৰা অনবদ্য অভিনয়ক সন্মান জনাবলৈহে মৌন‌ হৈ ৰৈছিলোঁ-

চম্পা : আপুনি চালে নেকি ছবিখন?

মা.জু. : এহ্ নাই ৰʼব ! পিছে ফে’চবুকত আঠমিনিটীয়া এপ্ল’জৰ পোষ্টবিলাকৰ ধামখুমীয়াত চোৱা যেনেই পাইছো‌ঁ । এতিয়া কথা কও‌ঁতেও মাজতে আঠমিনিটীয়া ব্ৰে’ক এটা নল’লে যেন মগজে কাম কৰিবলৈকে এৰি দিব- তেনে যেন‌ ভাৱ হয়… হললৈ গৈ নেচামেই কিজানি আৰু । ষ্টাৰ মুভীজত দিব নহয় কেতিয়াবা, ঘৰতেই বহি চাম তেতিয়া ।

চম্পা (মনতে ভাৱ – এই কালিকা লগা আঠমিনিটীয়া এপ্লʼজটোৱে কিন্তু গাজাখুৰী মানুহবিলাকক কথা সাজি কʼবৰ কমখন সুযোগ দিয়া নাই !) : চাব চাব, নিশ্চয় চাব । আপুনিনো আমাৰ নিচিনা কঙালৰ দৰে হললৈ গৈ চিনেমা চোৱাৰ প্ৰয়োজন কি, ঘৰতেই হল সজাই উপভোগ কৰিব পাৰে । পিছে, চিনেমাখন‌ কেনে হʼব বুলি ভাৱে আপুনি? হোৱাকিনৰ জোকাৰ চৰিত্ৰটোৱে পূৰ্বৰ সকলো ভিলেইনৰ চৰিত্ৰক চেৰাবগৈ পাৰিবনে ?

মা. জু. (মূৰটো খজুৱাই) : মইতো আৰু ক্ৰিটিক নহয়; পিছে আমাৰ মূধাফুটা ক্ৰিটিকবিলাকে ছবিখন চাই আঠমিনিটীয়া এপ্লʼজ দিছে যেতিয়া বহুত ভালেই হʼব চাগেʼ চিনেমাখন…

চম্পা : তথাপি মই কওঁ, আমাৰ গব্বৰ আৰু মোগেম্বোক কিন্তু নোৱাৰে । খেয়ালী ক্ৰিটিকেতো আমাৰ লোকেল ছবি এখনৰ দুৰ্বল শব্দগ্ৰহণকো কলাত্মক মান্যতা দি চৌপাশৰ প্ৰকৃতিক নিভাজ ৰূপত তুলি ধৰিব বিচৰা বুলি প্ৰশংসা কৰি সোণৰ পদুম এপাহো পৰিচালকৰ হাতত তুলি দিছিল । এনিমেল প্লেনেটেও ইমান নিভাজ ৰূপত প্ৰকৃতিক তুলি ধৰা মই আজিলৈকে দেখা নাই । আচ্ছা, প্ৰশ্ন নং দুই ।

মা.জু. : নং নকয় জানানে, নম্বৰ বুলি কʼবা; নং বুলি লিখেহে ।

চম্পা (‘বিষ্ফোৰিত নেত্ৰৰ ললাটক্ষেত্ৰ স্পৰ্শ’ধৰণৰ চাৱনি) : আপুনি অসমীয়া ইমান‌ শুদ্ধকৈ জানে !

মা.জু. : এৰা, বুজিছা, এয়াও ফেʼচবুকৰে যহ । তোমালোকৰ ভাষাটো শুদ্ধকৈ কোৱা আৰু লেখাৰ নতুন নতুন গোট যিমানবোৰ নিতে সৃষ্টি হৈ থাকে, আনে তাৰ পোষ্টবোৰ পঢ়ি ভাষাটো শুদ্ধকৈ কোৱাৰ শিক্ষা লওঁক বা নলওঁক, আমাৰ ফেʼচবুক কৰ্তৃপক্ষৰ প্ৰতিজনে কিন্তু এই ভাষাটো বৰ সুন্দৰকৈ আয়ত্ত কৰি লৈছে । পিছে (কিবা এটা চাৎকৈ মনত পৰাত), উচ্চাৰণতহে এতিয়াও আমি উজুটি খাওঁ; কোনোতো গ্ৰুপতেই ভিডিঅ’ টিউট’ৰিয়েল নিদিয়ে যে !

চম্পা (ইম্প্ৰেছ্‌দ্‌) : বাহ্‌, আপোনালোকেই আমাৰ ভাষাটোৰ প্ৰকৃত ৰক্ষক জানেনে ! খোদ আমাৰ ফটাঢুলীয়াকেইজনেই সম্পাদক আৰু চম্পাফুল যে একে নহয়- সেইটো কথা আজিলৈকে নিশিকিলে । দুই নম্বৰ প্ৰশ্নটো সোধোঁ তেন্তে-

ফে’চবুক নামটো কিয় ৰাখিলে? হোৱাট্‌চ্‌এপ্-ৰ নিচিনাকৈয়ে ফে’চেপ্-ওটো ৰাখিব পাৰিলেহেঁতেন ।

মা.জু. : পাৰিলোঁহেঁতেন । কিন্তু তেতিয়া মাকবোৰে জীয়েকক আৰু বাপেকবোৰে পুতেকক এপ্‌টো ব্যৱহাৰ কৰিবলৈ দিলেহেঁতেন নে?

চম্পা : মানে- বুজা নাই…

মা.জু. : এপ্ আৰু বুকৰ মাজত তফাৎ কি? এহ্ আপোনালোকৰ শ্বাহৰুখ খানৰ সেই এড্‌টো চাই পোৱা নাই নেকি ! এই যে বাইজু এপৰ এড্‌টো- বাপেক হৈ যে শ্বাহৰুখে তেও‌ঁৰ একপাল পুতেক-জীয়েকক বেলেগে বেলেগে বকনি ধৰে এপ্ ব্যৱহাৰ কৰি পঢ়া-শুনা কৰাৰ বাবে- নেপোটিজীমৰ কাৰবাৰ সব ! বাৰু সেয়া যি নহওঁক, আমি ফেʼচেপ্ নামকৰণ কৰাৰ সাহ কৰিব নোৱাৰিলোঁ এই কন্‌জাৰৱেটিভ মাক-বাপেকমখাৰ বাবেই । বিশেষকৈ ভাৰতৰ লুক্ৰেটিভ মাৰ্কেটখন এনেদৰে হেৰুৱাবৰ আমি “ৰিক্স” ল’ব নুখুজিলোঁ । কাৰণ বুক শব্দটোৰ আকৰ্ষণেই বেলেগ । টেক্স্‌ট্‌বুকেই হওঁক কিম্বা ফেʼচবুক- লগত যিয়েই প্ৰিফিক্স নাথাকক, বুক শব্দটো দেখিলে সকলো মাক-বাপেকৰে কঠোৰ ফেচীবাদী শাসক-মনত ডেমʼক্ৰেচীৰ মলয়া বলিবলৈ ধৰে । লাগিলে আমাৰ বুকটোত জানিবলগীয়া-বুজিবলগীয়া কিবা থাককেই বা নাথাকক । আৰু হাস্যকৰ কথা কি জানে, কিছুমান মাক-বাপেকেতো ফে’চবুক আৰু বেঙ্ক-পাছবুকৰ ধাৰণাক সনা-পোটকা কৰি পো-জীয়ে টকা জমা কৰা কিবা একাউণ্ট খুলিছে ভাৱি নিজেও পানকাৰ্ড-আধাৰকাৰ্ড যাচি ফেʼচবুকত একাউণ্ট খুলিব খোজে । এনেদৰে কতই যে খুলিছেও- মানে, পানকাৰ্ড-আধাৰকাৰ্ড সংযোগ নকৰাকৈয়ে দিয়কচোন । ইয়াৰ উপৰি ফে’চ-এপ্ নাম থ’লে মানুহৰ মনত সুৰক্ষাজনিত প্ৰশ্ন জাগি উঠিবৰ ভয় । একে নামৰ এপ্ এটাও নোলাইছেনে বাৰু? কত কি গুজৱ ওলাল এপ্‌টোক লৈ ! এতিয়া নিজৰ ডে’টা হেক্ হোৱাৰ ভয়ত মানুহে সেইটো ব্যৱহাৰ কৰিবলৈকে এৰি দিয়াৰ দৰে । একেদৰে টেষ্টনী-শ্বাৰাৰাহ্ কত এপ্ আহিল, ধূমকেতুৰ দৰে উজলি উঠি আকৌ সুৰক্ষাৰ প্ৰশ্নতাপত দহি বহি গ’ল । গতিকে বুকৰ এপীলটোক কোনেও আওকাণ কৰিব নোৱাৰে, যিমানেই “ফেʼচবুক-কেম্ব্ৰীজ এনালীটিকা স্কেণ্ডেল” আদিৰ দৰে কেলেংকাৰীবিলাকে সময়ে সময়ে মূৰ দাঙি নুঠক কিয় ।

চম্পা : ওঁ……. বুজিলোঁ, এতিয়াহে বুজিলোঁ । বাৰু, তৃতীয়টো প্ৰশ্নলৈ আগবাঢ়োঁ । ফেʼচবুক এপ্ এটা থাকোঁতেও আপোনালোকে হোৱাট্‌চ্‌এপক ক্ৰয় কৰিলে কিয়? আৰু ক্ৰয় কৰাৰ পিছতনো নাম সলাই হোৱাট্‌বুক নকৰিলে কেলেই- আপোনালোকৰ মাৰ্কেটিং ষ্ট্ৰেটেজী খটুৱাই ?

মা.জু. : চিম্পুল, আমি ষ্টাডি কৰি দেখিছিলোঁ যে কোনেও এই এপ্‌টোক শুদ্ধ নামেৰে নামাতে । কোনোৱে যদি হোৱাট্‌চাপ্, আন কোনোৱে হোৱাইটচপ্ । হোৱাট্‌চাপ্ যিসকলে মাতে তেওঁলোকৰ মনলৈ ল’ৰালিৰ কছুৱা-ছাপ ব্ৰেণ্ডটো ভাঁহি আহে । মনটোত স্বদেশী-স্বদেশী ভাৱ এটা জাগি উঠে আৰু আৱেগতে এপ্‌টো ডাউনলোদ কৰি পেলায়- সুৰক্ষাৰ কোনো চিন্তা নকৰি । আৰু যিসকলে হোৱাইটচপ্ মাতে, তেওঁলোক একো-একোজন মহা খঁকুৱা-টাইপ মানুহ হয়- ৰিচাৰ্ছ কৰি পাইছোঁ আমি । চপ্ শব্দটোৱেই তেওঁলোকক এই এপ্‌টো ডাউনলোদ কৰিবলৈ মজবুৰ কৰি পেলায় । গতিকে, মাৰ্কেটিঙৰ এই গ্ৰাহক-সৃষ্ট ষ্ট্ৰেটেজীটো যেতিয়া চলি আছে, আমিনো আমাৰ ষ্ট্ৰেটেজী মিছা-মিছি খটুৱাবলৈ যাওঁ কিয় ! তাৰ উপৰুৱাকৈ এণ্ড-টু-এণ্ড এন্‌ক্ৰিপ্চনৰ টোপটোতো আছেই ।

চম্পা : বাপ্‌ৰে, সাংঘাটিক মাৰোৱাৰী বুদ্ধিচোন আপোনাৰ ! নো ৱণ্ডাৰ হোৱাই য়ু হেভ বিকাম চো মাচ্ চাক্সেছফুল । আই এম ইম্প্ৰেছ্‌দ্‌ । এতিয়া আহোঁ পৰৱৰ্তী প্ৰশ্নলৈ : এইটো মোৰ নিজস্ব প্ৰশ্ন- কওঁকচোন বাৰু, আপোনালোকৰ এপ্‌বিলাক ইমান ঘনাই আপডে’ট দি কিয় থাকিব লাগে আমি ! নোটিফিকেশ্‌ন্‌ দি দি মাথা ঘোলা কৰি পেলায়হে আপোনালোকে !

মা.জু. : হেঃ হেঃ, আপডে’টৰ বুদ্ধিটো আচলতে আপোনালোক ফে’চবুকাৰৰ মংগলৰ কাৰণেই পাঙি উলিওৱা । চাওঁক, বেংক-পাছবুক আপোনলোকে আপডে’ট কৰেনে নকৰে ? গতিকে, কিছুমান মাক-বাপেকক ফে’চবুক টকা ঘটাৰ এটা মাধ্যম বুলি পতিয়াবলৈ আপডেশ্বনৰ ধাৰণাটো সাজি উলিয়াবলগা হৈছে । আপডে’ট কৰি থাকিলেহে ভাৱ হʼব নতুনকৈ কিবা ক্ৰেডিট হ’লনে কি বুলি । নহʼলেচোন তেওঁলোকৰ সন্দেহেই হʼব, ফে’চবুক যদি পাছবুকৰ নিচিনাই, আপডে’টনো নহয় কিয় !

চম্পা : ওহ্ এইটোহে কথা তেন্তে ! সেয়েতো ভাবো, আপডেʼট দিয়াততো ঠিকেই দিওঁ, কিন্তু একো আপগ্ৰেদ হোৱাহে নেদেখোঁ কিয় এপ্‌টোত ! ওৰহীৰ এতিয়াহে ওৰ পালোঁ । বাৰু, পিছৰটো প্ৰশ্ন : ফেʼচবুকে আপোনাক কোটিপতিনো কৰিলে কেনেকৈ ? মানে, আমিচোন আপোনাক একাউণ্ট খোলাৰ নামত এটকাও ফী নিদিওঁ !

মা. জু. : এইটোৱেই আচল ৰহস্য । আচ্ছা, বেংকত একাউণ্ট এটা খুলি আপোনালোকে তাত কি কৰে ? টকা জমা থয়, নহয়নে ? সেই টকাখিনি বেংকততো আৰু এনেয়ে পৰি নাথাকে ন? বেংকে টকাবোৰ বিনিয়োগ কৰে । ফে’চবুকৰো ব্যৱসায়ৰ ফাণ্ডা সেই একেটাই । ইয়াত একাউণ্ট খুলি আপোনালোকে কি কৰে ? নিজৰ সকলো তথ্য “একাউণ্ট ইন্‌ফো”ত আপলোড কৰে । এই যে আপোনালোকৰ নিজৰ বিষয়ে এই সাধাৰণ তথ্যবোৰ, আমাৰ কাৰণে গোল্ড হয় গোল্ড । আমি এই তথ্যবোৰেই ইনভেষ্ট কৰোঁ । কিয়, এই যে কেম্ব্ৰীজ-এনালিটিকা স্কেণ্ডেল ! আপোনালোকৰ বাবে সেয়া স্কেণ্ডেল হʼব পাৰে, আমাৰ মানত এইবোৰ বিজনেছ ডীল । কিছুমান চকুচৰহা, ফেইলিঅ’ৰৰ বাবে আমি এতিয়া আমাৰ এই বিজনেছটোও শান্তিমতে কৰিব নোৱৰা হৈ পৰিছোঁ ! সেয়েহে এতিয়া আমি আমাৰ বিজনেছটোকো এণ্ড-টু-এণ্ড এন্‌ক্ৰিপ্ট্ কৰি লৈছোঁ বাপ্পেকে ! এতিয়াৰ পৰা আৰু কোন “মাই কা লাল”এ স্কেণ্ডেল-ফেণ্ডেল উলিয়ায় ফেʼচবুকৰ দেখিম নহয় !

চম্পা : কিন্তু আপুনি দেখোন এইখিনিতেই আৱেগিক হৈ মাৰাত্মক ভুলটো কৰি দিলে ! আপুনি পাহৰিলে হবলা, মই “ফটাঢোল” নামৰ ফেʼচবুক গোট এটাই মাহেকত উলিওৱা ই-আলোচনী এখনৰ কাৰণেহে আপোনাৰ সাক্ষাৎকাৰ লৈ আছোঁ ।

মা. জু. (থৎমৎ খাই) : ওহ্ মাই– ! ডিলিট কৰক, ডিলিট কৰক এই পাৰ্টটো ভালে ভালে, কৈছোঁ নহয় ! নহ’লে আপোনাৰ দিগদাৰী আছে । আপোনাৰ ফেʼচবুক একাউণ্ট ডিলিট কৰি পেলোৱা হʼব । অকল আপোনাৰেই নহয়, “ফটাঢোল”ৰ সকলো সদস্যৰে একাউণ্টবোৰ নোহোৱা কৰি পেলোৱা হʼব । নাঃ, ডিলিট নহয়, বৰং হেক কৰি সেইবোৰ অনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হʼব ! ফিচাৰীৰ পানী পাম্প কৰিলে দুই-এটা কেটফিছ মৰিলেও আপ্‌চোচ নাই মোৰ, কিন্তু এই পাৰ্টটো ডিলিট হʼবই লাগিব- নহʼলে ঝংগী আন্দুলন গঢ়ি তোলা হʼব !

হঠাৎ মা.জু.ৱে ঔ-কিল গোগই মোড লৈ পেলোৱা দেখি আমাৰ চম্পাৰ “এইবাৰহে এইবাৰ” বুলি ভয়তে জীৱ উৰি যাবৰ উপক্ৰম হʼল । কোনোমতে মা.জু.দাৰ সৈতে “আন্‌নোন চেটেলমেণ্ট” এটা কৰি চম্পাসুৰে তেতিয়াই সিদ্ধান্ত লৈ পেলালে- এই আপদীয়া মা.জু.টোৰ সাক্ষাৎকাৰৰ একাংশও আৰু কʼতো প্ৰকাশ নকৰে । তাকে ফাইনেল কৰি “ফটাঢোল”ৰ সম্পাদনামণ্ডলীক মেচেজ কৰি আমাৰ বেচেৰা চম্পাসুৰে এটা ব’ম গাজা ফুটাই দিলে : ফেʼচবুকৰ মা. জু. বুলি যিজন ব্যক্তিৰে যোগাযোগ কৰি তেওঁ সাক্ষাৎকাৰ লৈ আছিল, তেওঁ হেনো দৰাচলতে এজন ভুৱা ব্যক্তি । ৱিকিলিকিয়া নামৰ বিখ্যাত স্পাই সংগঠনটোৰ কৃপাত এই তথ্য শেষৰ ফালে লাভ কৰিব পৰা গʼল । ভাগ্যে, তেওঁৰ সন্দেহ হোৱাত তলে তলে সংগঠনটোৰে যোগাযোগ কৰি বিচাৰ-খোচাৰ কৰিছিল বুলিহে ! সেয়েহে এতিয়া অন্য এজন ব্যক্তিকহে সাক্ষাৎকাৰৰ বাবে বাছিব লাগে । সম্পাদনামণ্ডলীৰ কষ্ট উজু কৰি দিবলৈ তেওঁ নিজেই অসমৰ এজন‌ আপোন শিল্পীৰ নাম ৰেকʼমেণ্ডো কৰি দিলে । একেই অসমীয়া যিহেতু ভুৱা বুলি ঠগ খোৱাৰো আশংকা নাই । গতিকে পাঠকসকল, এনেদৰেই এই মাহৰ সাক্ষাৎকাৰ শিতানৰ অতিথিজনক অৱশেষত বাধ্যত পৰি চম্পাসুৰে সলনি কৰিবলগা হʼল ।

পিছে, চম্পাৰ কাহিনীটো সকলোৱে সন্দিগ্ধচিত্তে গ্ৰহণ কৰিলেও সকলোৰে মনত এটা কথা কিন্তু দোলা দিয়ে থাকিল :

ৱিকিলিকিয়া ™ (নকলৰ পৰা সাৱধান, ৱেবটোৰ এড্ৰেছ বাৰত লেংটা চোৰৰ থ্ৰী ডি ইমেজটো চাইহে তথ্য ব্যৱহাৰ কৰিব ।)

এইটো নামেৰে সংগঠন এটানো বাৰু কʼত, কেতিয়া ফাউণ্ড হʼল ! নামটোচোন ৰিণিকি-ৰিণিকি মনতো পৰে, কিন্তু নাম এইটোচোন নহয় যেনো লাগে !

: থেংক্‌চ্‌ এ লট, ৱিকিলিক্‌চ্ আৰু ৱিকিপিডিয়া, এই দুটা সংস্থা নথকাহেঁতেন, মোৰ উদ্ধাৰৰ সম্বল ৱিকিলিকিয়াক মই বিচাৰিয়ে নাপালোঁহেঁতেন !

– আলোচনীৰ জটসোপা সব মাৰি উঠি নিজানত বহি লৈ চম্পাসুৰে এতিয়া তাকেই ভাবি মিচিকিয়াই হাঁহে!

☆ ★ ☆ ★ ☆

12 Comments

  • Rimjhim Borthakur

    বাপৰে আমাৰ চম্পাসুৰ তামাম দেখোন

    Reply
  • ৰামানুজ জি

    খুব ভাল লাগিল কথোপকথন ..

    Reply
  • ৰিণ্টু

    মই বাসৱৰ এটা-দুটা লেখা পঢ়িয়েই গম পাইছিলো বহুত দিন আগতেই, এই ল’ৰাটোৰ এটা সুন্দৰ ব্যংগ ৰস আছে। সেয়ে প্ৰত্যেকবাৰে সি মোৰ পৰা কামোৰ খাই।

    খুব ভাল লাগিল বাসৱ,

    Reply
    • বাসৱদত্ত দাস

      দৰাচলতে, ৰিণ্টুদা, তাগিদা দিলেই কলম ধৰি লেখা এটা উলিয়াই দিব পৰা ধৰণৰ প্ৰতিভাৰ মানুহ মই নহওঁ । সেয়েহে যেতিয়া প্ৰতি মাহতে আপোনাৰ পৰা লেখাৰ বাবে তাগিদা আহে, মোৰ ভয়হে লাগে । এই ভয়ৰ কাৰণ একাধিক; প্ৰথম আৰু প্ৰধান কাৰণ, যদি লেখা দিবলৈ অপাৰগ হৈ মই আপোনাক নিৰাশ কৰিবলগীয়া হয়! দ্বিতীয়, যদি তাগিদাৰ চাপত লিখা লেখাটোৰ মান পূৰ্বৰ লেখাবোৰৰ তুলনাত নিম্নগামী হয়! ভয় লাগে সেয়েহে; কাৰণ এটা লেখা প্ৰকাশৰ পিছত আপুনি মোক যিধৰণে প্ৰশংসাৰে ওপচাই পেলায়, তাৰ মান পিছলৈ ৰাখিব পাৰিম নে নাই- এইটো দুঃচিন্তাটো তেতিয়া মনলৈ আহিবলৈ ধৰে । স্বভাৱতে খুঁহুতীয়া মানুহ মই নহওঁ; সেয়েহে এই ভাবিও ভয় লাগে যে এইখন আলোচনীৰ কাৰণে আৰু কিমানটা সংখ্যালৈ বা মই মাহে এটাকৈ লেখা যুগুতাই দি যাব পাৰিম! গতিকে নাভাবিব, আপুনি লেখা বিচাৰি মেছেজ কৰিলে মই কেতিয়াবা কামোৰ পাইছোঁ, বা আগলৈয়ো যে পাম; বৰঞ্চ সন্মানিত বোধহে কৰোঁ, মোৰ দৰে অতি সাধাৰণ লʼৰা এটাক যে লেখক এজনৰ মান গুৰুত্ব দি প্ৰতি মাহে লেখা বিচাৰি আপুনি তাগিদা দি থাকে ।

      Reply
  • অবিনাশ শৰ্মা

    সুন্দৰ

    Reply
  • বাগ্মীতা বাৰ্বী

    বঢ়িয়া লাগিল

    Reply
  • Dilip R Kakati.

    বঢ়িয়া, চাংঘাটিক চাখ‍্যাতকাৰ।

    Reply
  • ডলী তালুকদাৰ

    বঢ়িয়া

    Reply
  • Chandana Das

    বঢ়িয়া সাক্ষাৎকাৰ

    Reply
  • HEMANTA KAKATI

    তামাম লাগিল বাসৱ৷ চম্পাসুৰে কিন্তু কমাল কৰিব ওলাইছিলেই এইবাৰ৷ মইহে ৰখালো৷

    Reply
  • ইন্দ্ৰানী তালুকদাৰ

    ইমান সুন্দৰ সাক্ষাৎকাৰ😁

    Reply
  • Nabajit Baishya

    চমৎকাৰ

    Reply

Leave a Reply

Your email address will not be published.