ফটাঢোল

সাগৰ দেখিছা – জয়ন্ত গগৈ

পূজাৰ ভেকেশ্যনত আমাৰ জিঅ’গ্ৰাফী ডিপাৰ্টমেণ্টৰ সকলোৰে সিদ্ধান্তত উৰিষ্যাৰ পুৰী আৰু উটিলৈ যোৱাৰ প্লেন কৰিলোঁ। ৰে’লৰ টিকট ৰিজাৰ্ভেশ্যন কনফাৰ্ম হোৱাৰ দিনাখনেই লগৰ জুৰি, দিপিকা, কবিতা, ঝৰ্ণা, স্বপ্নালী কিৰিলিত কাষৰীয়া শ্ৰেণী কোঠাবোৰৰ পৰা উৎসুকতাৰে বহুতেই ৰ’ লাগি চাইছিল। সিহঁতকেজনীৰ অযুত গুণাগথা কোনে কেইযোৰ কাপোৰ নিব। কুৰ্টা-জিনচ্, কেনেকুৱা টপৰ লগত কি ৰঙৰ লেগিঙচ্ ল’ব ইত্যাদি ইত্যাদি। মুঠৰ ওপৰত ঘৰৰ পৰা পঠিওৱা মাহিলী খৰচৰ পৰা ৰাহি কৰি পচন্দৰ কাপোৰকেইযোৰ লৈহে শান্ত হ’ব। ঘৰৰ পৰাও তেনেকৈ মাক-দেউতাকৰ পৰা আবদাৰ কৰি মাহিলী খৰচৰ হিচাব বঢ়ায়ো প্ৰায়জনীয়ে আনিছেও। আমাৰ ল’ৰাবোৰৰহে নাই! ফুৰিবলৈ যাম বুলি খুব বেছি কোনোবাই চাৰ্ট বা জিনচ্, নতুবা জোতাহে লোৱা গম পালোঁ। বেছি সংখ্যকেই বনিয়ণ, হাফপেণ্ট, টাৱেল আদিহে বজাৰ কৰিলে।

উছাহত তগবগ কৰি থকা এজাক ল’ৰা-ছোৱালীৰে পূজাৰ নৱমীৰ দিনাখন উৰিষ্যামুখি ৰে’লত যাত্ৰাৰম্ভ কৰিলোঁ। অন্তাক্ষৰী, হাঁহি-ধেমালি, ফূৰ্তি, হাই-উৰুমিত ৰে’লৰ ডবাটোত থকা অন্য যাত্ৰীসকলৰ কি অনুভৱ হৈছিল, সেয়া আমাৰ ভাবিবৰ আহৰি নাছিল। সকলো যেন আনন্দময় মুহূৰ্তৰে সৈতে একাত্ম হ’বলৈ বাধ্য হৈ পৰিছিল। যৌৱনত তগবগাই থকা এজাক ডে‌কা-গাভৰুৰ মতলীয়া বতাহ সকলোৰে শৰীৰৰ ওপৰেৰে বৈ গৈছিল। আনন্দময় পৰিবেশটোৰ অৱস, ভাগৰুৱা হৈ পৰাৰ পিছতহে নিশাৰ নিতাল নিস্তব্ধতাৰ আঁৰত ৰে’লৰ চিৰিৰ খাৎলাং খাৎলাং….চিঁ..চিঁ… চিঁ … শব্দবোৰেহে প্ৰাণ পাই উঠিছিল।

কাহিলী পুৱাৰ পোহৰৰ কিৰণজাক খিৰিকীৰ কাঁচৰ মাজেৰে আহি পাৰ্থৰ চকুত পৰাত সি শোৱাৰ পৰা উঠি খিৰিকীৰ ভাঁজত কিলাকুটি ভেঁজা দি জোৰেৰে পাৰ হোৱা সেউজীয়া গছ, ঘাঁহনিবোৰ একান্ত মনেৰে চাই গৈছে। পাৰ্থ ল’ৰাটো অলপ লাজকুৰীয়া স্বভাৱৰ। লাজত কেতিয়াবা তাৰ মুখমণ্ডল ৰঙচুৱা হৈ পৰা বৰণটো চালেই বুজিব পৰা যায় সি কিমান নাৰ্ভাছ কৰে। ক্লাছৰ লগৰ ল’ৰা-ছোৱালীবোৰৰ সৈতে সি নিয়ম মাফিক কথাবোৰহে পাতে। মানে প্ৰশ্ন যেনে হ’ব, উত্তৰো ঠিক তেনেধৰণেহে পাৰ্থৰ পৰা পাব পাৰি। সেয়ে লগৰ স্বপ্নালী আৰু জুৰি দুয়োজনীয়ে প্ৰায়ে পাৰ্থৰ নিৰৱ মুহূৰ্তবোৰক ব্যতিব্যস্ত কৰি তোলে সিহঁত দুজনীৰ উতনুৱা স্বভাৱেৰে। আমি মনে মনে খুব ৰস পাওঁ পাৰ্থৰ লাজ-হাঁহিৰ মিশ্ৰিত বহিঃপ্ৰকাশত। আজিও স্বপ্নালীয়ে পাৰ্থৰ নিৰৱ ভাবুক মুহূৰ্তক য’তি পেলাই তাৰ কাষতে বহি লৈ খিৰিকীৰ কাষেৰে পাৰ হৈ যোৱা সেউজীয়া গছ-বনবোৰ আঙুলিয়াই কৈ গ’ল,

: ইমান ভাল লাগে ন পাৰ্থ, এই গছ-বনবোৰেও আমাক বাই বাই দি আঁতৰি গৈছে। কেনেবাকৈ ক’ৰবাত জিকা ফুল দেখিলে মোক দেখুৱাবাচোন দেই। জিকা ফুলৰ ৰঙটো পাহৰিয়েই গৈছোঁ নহয়৷

: ঐ.. ঐ ..পাৰ্থ, সেয়া জুৰিয়া শালিকা চোৱা..চোৱা। পুৱাই জুৰিয়া শালিকা দেখিবলৈ পালে দিনটো শুভ হয় বুলি কয়। তোমাৰ, মোৰ আজি ভালদিন বুজিছা।

পুৰীৰ গেষ্ট হাউচত পুৱাৰ চাহ ব্ৰেকফাষ্ট খায়েই পুৰী বীচ্ছলৈ বুলি আটাইয়েই ৰাওনা হ’লোঁ। সকলোৰে মনত অপাৰ উৎকণ্ঠা। কেতিয়া সাগৰৰ পাৰ পামগৈ। ৰৌচনেটো গাড়ীৰ ভিতৰতে জোৰেৰে চিঞৰি সেই বিখ্যাত অসমীয়া কবি দেৱকান্ত বৰুৱাদেৱৰ কবিতাৰ পংক্তি আওৰালে,

“সাগৰ দেখিছা?
দেখা নাই কেতিয়াও?
ময়ো দেখা নাই, শুনিছোঁ তথাপি,
নীলিম সলিলৰাশি বাধাহীন উৰ্ম্মিমালা,
আছে দূৰ দিগন্ত বিয়পি।”

বুলি সকলোৱে ইমানেই জোৰেৰে চিঞৰি চিঞৰি আওৰালে যে টুৰিষ্ট গাইডজনে ভাষা বুজি নাপালেও, পিছলৈ ঘূৰি,

“মিলেগা মিলেগা, থ’ৰি হি দেৰ মে’-“

বুলি কোৱা উত্তৰটো শুনি গাড়ীৰ ভিতৰত আন এক কিৰিলি উঠিল। বিশাল অন্তহীন, পাৰা-পাৰ নেদেখা সাগৰৰ তীৰত থিয় হৈয়ে সকলোৰে মন আনন্দত ভৰি পৰিল। আকাশে-বতাহে বৈ পৰা লুণীয়া ঘ্ৰাণ সকলোৰে উশাহত লাগিল। দূৰ-দূৰণিত লহৰ তুলি নাচি নাচি থকা ঢৌবোৰে সাগৰৰ তীৰৰ এক নিৰ্দিষ্ট অংশলৈকেহে আহিছিল। সাগৰৰ ঢৌৰ সৈতে খেলাৰ মন লৈ প্ৰয়োজনীয় পোছাক পিন্ধি সাগৰীয় বালিৰ কণিকাত সিঁচৰিত কড়ি বুটলি বুটলি ঢৌৰ দিশে এখোজ- দুখোজকৈ আগুৱাই গ’লোঁ।

: টাৱেল পিন্ধা কেইটাই ভালকৈ বান্ধি লৈছনে নাই?

বুলি প্ৰভাতে দিয়া সাৱধানবাণী দুজনীমানে মতলীয়াহৈ হাঁহিলে। লাহে লাহে সাগৰৰ এটি দুটি ঢৌৱে লহৰ তুলি আমাৰ ভৰিৰ আঁঠুলৈকে চুই গ’লহি। মনৰ হেঁপাহ পূৰ হৈ গ’ল। সাগৰ দেখিলোঁ আৰু ঢৌৰ সৈতে উমলিলোঁ। কিন্তু হঠাতে বুকুলৈকে উঠি অহা ঢৌ এচাটিত আমিবোৰ বুৰ যোৱাৰ উপক্ৰম হ’লোঁ। নাজানো নহয় ডাঙৰ ঢৌও এনেদৰে আহে বুলি। ভয়ত বিতত হৈ লগৰ ছোৱালী কেইজনীয়ে, “অ’ মা! অ’ মা!” বুলি চিঞৰি যাক যেনেকৈ পালে তাকে সাবটি ধৰিলে। দুজনীমানে লুণীয়া পানী এজোলোকা খালেও। জুৰিয়ে বিতত হৈ কাষতে ৰৈ থকা পাৰ্থৰ গলধনত ধৰি পাছফালৰ পৰা একেজাঁপে বোকোচা উঠি ল’লে। পাৰ্থয়ো তলকিবই নোৱাৰিলে হঠাৎ কি হ’ল। ইফালে সাগৰীয় বাঢ়নী ঢৌ আৰু এফালে পিঠিত এটা অচিনাকি বোজা! যেনেতেন নিজকে স্থিৰ কৰি থিয় হৈ থাকিল। পাৰ্থই অনুভৱ কৰিবলৈ ল’লে জুৰিয়ে খপজপাই বোকোচাত উঠোঁতে তাৰ কৰঙণত আঁটি আঁটি বন্ধা টাৱেলখন ভৰিৰে হেঁচুকি দিলে আৰু পাৰ্থই ঢৌৰ সোঁতত বিলীন হ’ব ধৰা টাৱেলখন দুয়োহাতে খেপিয়াবলৈ ল’লে। ঢৌৱে যেতিয়া পুনৰাই সাগৰৰ গভীৰতালৈ গতি কৰিলে, তেতিয়া পাৰ্থ আৰু বোকোচাত উঠি থকা জুৰি, দুয়োকে দেখাত এক প্ৰস্তৰ মূৰ্ত্তি যেন লাগিছিল। কমি যোৱা ঢৌৰ লগে লগে পাৰ্থ আৰু জুৰিৰ মূৰ্ত্তিটোও চাপৰ হৈ আহিল। এসময়ত পাৰ্থই সাগৰৰ বালিচৰত ধুপুচকৈ বহি দিলে। জুৰিয়েও পাৰ্থৰ বোকোচাৰ পৰা হাত-ভৰি এৰাই বালিচৰত বহি পৰিল।

“হেল্প.. হেল্প..”

বুলি জুৰিয়ে চিঞৰাতহে দেখা গ’ল, পাৰ্থ দিগম্বৰ হৈ বালিচৰত তলমুৱাকৈ পৰি আছে। প্ৰভাতে দৌৰি গৈ পাৰ্থলৈ তাৰ নিজা টাৱেলখনকে দিয়াত, ততাতৈয়াকৈ পাৰ্থই টাৱেলখন মেৰিয়াই পৰি থকাৰ পৰা উঠিল।

: ঐ, তোৰ আণ্ডাৰৱেৰ কি হ’ল?

: এটাহে পিন্ধি আহিছিলোঁ। পানীত তিতিব বুলি কাপোৰৰ বেগতে খুলি থৈ আহিলোঁ। টাৱেলখনহে মেৰিয়াই আহিছিলোঁ। এই জুৰিজনীয়েহে বোকোচাত উঠিয়ে অথন্তৰখন লগালে। খুলি যাওঁতেই খেপিয়াইছিলোঁ যদিও বোকোচাত এজনী উঠি থাকিলে ক’ত ধৰিব পাৰিবি। ঢৌৱে উটুৱাই নিলেই। যা যি হ’ব হ’ব বুলিয়েই এৰি দি তেনেকৈয়ে থাকিলোঁ!

ইফালে সাগৰৰ বালিচৰত ৰৌচন, কমলা, অনন্ত, ৰঞ্জন, স্বপ্নালী, জুৰি, দিপিকা, কবিতা, ঝৰ্ণা, ৰেখা, মঞ্জু আটাইমখাই হাঁহিত ৰ’ব নোৱাৰা হৈছে। এক আপাদমস্তক দিগম্বৰৰ বোকোচাত জুৰিয়ে কেনেদৰে উঠি আছিল এই দৃশ্যৰ কথাটো ভাবিয়েই দুই একৰ হাঁহি হাঁহি মুখৰ মাত হেৰাই গৈছে। হাঁহিৰ কোবত পেটত ধৰি ধৰি বালিচৰত বহিব লগীয়া হৈছে। কোনেও কালৈকো চাব নোৱৰা এক পৰিবেশ হৈ পৰিছে। প্ৰভাতেও হাঁহি হাঁহিয়ে চিঞৰি ক’লে,

: ঐ ল’ৰাহঁত, সাগৰ দেখিছা?

হাঁহি থকা মাজৰে কমলাই ক’বলৈ ধৰিলে,

: দেখিলোঁ…দেখিলোঁ…ঐ। সকলোৱে দেখিলোঁ৷ হাঃ…হাঃ…হাঃ….হাঃ….

পাৰ্থই সাগৰৰ নীলিম সলিলৰাশিৰ ফালে চাই কি ভাবি থাকিল জানো!

☆★☆★☆

4 Comments

  • কাবেৰী মহন্ত

    হা হা জমনি! মজা লাগিল জয়ন্ত

    Reply
  • প্ৰদীপ বৰা

    ভাল লাগিল পঢ়ি ৷

    Reply
  • মন্দিৰা

    হা হা বৰ ভাল লাগিল ।

    Reply
  • জয়ন্ত দাস

    বঢ়িয়া৷ তামাম জমনি

    Reply

Leave a Reply

Your email address will not be published.