ফটাঢোল

সাধুকথা : এটি আলোচনা – ববিতা শৰ্মা

সাধুকথা অসমীয়া লোক সাহিত্যৰ এক আপুৰুগীয়া সম্পদ৷ জোনাক নিশা চোতালত পাটি পাৰি বিচনীৰ জুৰ লৈ আইতাৰ মুখৰ সাধু শুনাৰ আমেজেই সুকীয়া আছিল। পিছে এতিয়া সেই ৰামো নাই অয্যোধ্যাও নাই৷ আগৰ দিনৰ সাধু শুনাৰ চিনাকি ছবিখন আজি ধূসৰ হ’ল। প্ৰতিযোগিতাৰ দৌৰত ব্যস্ত নাতি-নাতিনীৰ সাধু শুনাৰ আহৰি নোহোৱা হ’ল৷ যান্ত্ৰিক যুগত যন্ত্ৰলৈ পৰিৱৰ্ত্তিত হোৱা মানুহৰ ঘূণে ধৰা মনবোৰত সম্পৰ্কৰ মূল্যও নোহোৱা হ’ল৷ একক পৰিয়ালৰ ধাৰণা সৰ্বজন গ্ৰহণীয় হোৱাত পৰিয়ালবোৰ ভাঙোনমুখী হ’ল পৰিৱৰ্তনৰ ধামখুমীয়াত পৰি আধুনিক যুগৰ আইতাবোৰৰ মুখৰ সাধুকথা হেৰাই গ’ল৷ একেদৰে আধুনিক যুগৰ আধুনিক মনৰ শিশুহঁতে সাধু শুনি সময় কটোৱাতকৈ টিভি, লেপটপ, স্মাৰ্টফোনৰ লগত সময় পাৰ কৰিহে অধিক ভালপোৱা হ’ল। ফলত আন আন লোক সাহিত্যৰ দৰে সাধুকথাও ধোঁৱা চাঙত উঠিল৷ আজিৰ শিশুৰ বাবে ‘তুলা-তেজা’, ‘চিলনীৰ জীয়েক’, ‘পানেশৈ’, ‘লটকণ’ আদি ক’ৰবাৰ কোনোবা হৈ পৰিল৷ ‘বুঢ়ী আইৰ সাধু’, ‘ককাদেউতা আৰু নাতি ল’ৰা’, ‘হাঁহিচম্পা’, ‘ঈছপৰ সাধু’ক দূৰলৈ ঠেলি চোটা ভীম, নিনজা হাতুৰী, ড’ৰেমন আদিয়ে শিশুৰ মনত নিজৰ নিজৰ ঠাই দখল কৰি খোপনি পুতি ল’লে৷ সাহিত্যৰ এখিলা সৰাপাত হৈ আমাৰ থলুৱা সাধুকথাবোৰ পাহৰণিত লীন যোৱাৰ উপক্ৰম হ’ল৷

পুৰণি গদ্য সাহিত্যৰ বহুমূলীয়া নিদৰ্শন সাধুকথা অসমীয়া লোক সাহিত্যৰ এক অমূল্য সম্পদ। অসমীয়া সাধুকথাৰ ইংৰাজী প্ৰতিশব্দ হ’ল Tales, Legends, Myths, Fables আদি৷ বহুতৰ মতে সাধুকথাৰ কাহিনীৰ অাঁৰত সাধু, সৎ বা নীতি কথা একোটা জড়িত হৈ থকাৰ বাবেই পুৰণি লোক-কাহিনীবোৰক সাধুকথা বোলা হয়। ড° লীলা গগৈদেৱে তেখেতৰ ‘অসমীয়া লোক-সাহত্যৰ ৰূপৰেখা’ত সাধুকথাৰ আঁতি-গুৰি সম্পৰ্কে আলোচনা কৰি এনেদৰে কৈছে “পুৰণি কালত বুঢ়া-বুঢ়ী মানুহে অনেক সময়ত সাধুকথাক সাউদকথা বুলি কৈছিল৷ আনপিনে সংস্কৃত ভাষাত সাধু শব্দই বণিক বা সদাগৰকো বুজায়। অসমত বণিক শব্দটোৰ পৰিৱৰ্তে সাউদ শব্দটো বহুলভাৱে প্ৰচলিত আছিল৷ সৰহীয়া দিহা লৈ বণিজলৈ যোৱা সাউদ বহুত দিনৰ মূৰত ঘৰলৈ উলটি আহে৷ দেশ-বিদেশৰ ৰসাল কাহিনী টোপোলা বান্ধি লৈ আহে সাউদে৷ গাঁৱৰ গঞাৰ আগত সাউদে নিজৰ বিচিত্ৰ অভিজ্ঞতা বৰ্ণনা কৰে৷ এই সাউদ-কথাই সময়ত সাধুকথা হৈ পৰে।”

কোনো অখ্যাত চহা সাহিত্যিকৰ কল্পনাপ্ৰৱণ মনৰ সাৰ্থক প্ৰতিনিধি সাধুকথাবোৰ জন জীৱনৰো এক সাৰ্থক প্ৰতিচ্ছবি। সাধুকথাবোৰত অসমীয়া সমাজত প্ৰচলিত লোক বিশ্বাস, আদৰ্শ, চিন্তা সুন্দৰ ভাৱে প্ৰতিফলিত হৈ আছে। সাধুকথাবোৰ সাধাৰণতে সৰল মনৰ শিশুৰ আকৰ্ষণৰ বস্তু বুলি ভবা হয় যদিও শিশুৰ দৰেই সহজ-সৰল নিৰক্ষৰ গঞালোকৰ মাজতো এসময়ত সাধুকথাৰ প্ৰচুৰ আদৰ আৰু জনপ্ৰিয়তা আছিল৷ লোক সাহিত্যৰ অনান্য ভাগসমূহৰ দৰে সাধুকথাৰ ভাষাৰ কোনো নিৰ্দিষ্ট ৰূপ নাই৷ সাধু কওঁতাই নিজৰ ৰুচি অনুসৰি ৰসাল আৰু আকৰ্ষণীয় কৰি কাহিনী এটা বৰ্ণনা কৰি যোৱাৰ ওপৰতে সাধু এটাৰ জনপ্ৰিয়তা নিৰ্ভৰ কৰে৷ সেয়েহে হয়তো ভাষা- সাহিত্যৰ দৃষ্টিকোণৰ পৰা আন সাহিত্যতকৈ সাধুকথাৰ সাহিত্যিক মূল্য বৰ্তমানেও কিছু কম হৈ আছে। অৱশ্যে সমাজ-বুৰঞ্জীত এইবোৰৰ মূল্য কোনেও না কৰিব নোৱাৰে।

পৃথিৱীৰ আন আন ভাষাৰ দৰে আমাৰ অসমীয়া ভাষাও সাধুকথাত বৰ চহকী ভাষা৷ তদুপৰি অসমত প্ৰচলিত জনজাতীয় ভাষাসমূহো সাধু কথাত বৰ চহকী৷ জনজাতীয় ভাই-ভনীসকলৰ মাজত প্ৰচলিত সাধুকথাবোৰেও আমাৰ সাহিত্যৰ ভঁড়াল টনকিয়াল কৰাত ভালেখিনি অৰিহনা যোগাই আহিছে ৷ ড° লীলা গগৈদেৱে অসমীয়া সাধুকথাবোৰক তিনিটা ভাগত সামৰি দেখুৱাইছে ৷ সেইকেইটা হ’ল —

ক) থলুৱা
খ) সংস্কৃত মূলজ
গ) বিদেশী

থলুৱা সাধুবোৰৰ চৰিত্ৰ, পৰিৱেশ অসমৰ আমাৰ চিনাকি৷ তেজীমলা, পানেশৈ আদি সাধুবোৰ এই ভাগৰ সাধু৷ আনহাতে ‘পঞ্চতন্ত্ৰ’, ‘হিতোপদেশ’ আদি সংস্কৃত মূলজ সাধুবোৰো কাণ বাগৰি থলুৱা ৰূপ লৈ আমাৰ নিজা হৈ আমাৰ মাজত সোমাই পৰিছে। ‘পাৰস্যৰ সাধু’, ‘এহেজাৰ এনিশাৰ সাধু’, ‘চিনড্ৰেলা’ আদি সাধুবোৰৰ জঁকাটোৰ বাহিৰে বাকী সকলোখিনি আমাৰ হৈ আমাৰ মাজত প্ৰচলিত হৈ আহিছে।

সাধুকথাৰ এটা অন্যতম বিশেষত্ব হৈছে অলৌকিকতা৷ শিশুৰ কোমল মনক অলৌকিকতাৰ জগতখনলৈ লৈ গৈ শিশুক আশ্চৰ্য্যচকিত কৰি তুলিব পৰাতে সাধু কওঁতাৰ সাৰ্থকতা। ‘তেজীমলা’, ‘চম্পাৱতী’, ‘পানেশৈ’ আদি সাধুবোৰ অলৌকিক সাধুৰ সুন্দৰ নিদৰ্শন৷ দ্বিতীয়তে সাধুকথাত কওঁতাৰ কল্পনা শক্তিয়ে পাৰ ভাঙি যায়।সাধুত পশু-পক্ষী, গছ-লতা সকলোৱে মানুহৰ দৰে আচৰণ কৰিব পাৰে, কথা ক’ব পাৰে। আকৌ ‘লিটিকাই’, ‘কুকুৰীকণা’ আদি সাধুবোৰ ৰসাল আৰু খুহুতীয়া কথাৰে ভৰা। ‘সৰৱজান’ৰ নিচিনা কিছুমান সাধুত সাধুৰ মাজতে কাহিনীৰ প্ৰয়োজনত সাঁথৰ একোটা উত্থাপন কৰি সাধু কওঁতাই নিজৰ বাক্ পটুতাৰ নিদৰ্শন দাঙি ধৰিছে —

“এক ক’লো লেখি এক ক’লো দেখি
হা- দৈ বোলোঁতেই ওলাল হাৰডাল
এতিয়াহে পৰিল
ফৰিঙৰ মৰণৰ কাল।”

সমাজৰ একশ্ৰণীৰ মানুহ আছে যি বুদ্ধি- বৃত্তিত আন দহজনতকৈ ভালেখিনি আগবঢ়া। নাকটো মোহাৰিয়ে বুদ্ধিটো সাজিব পৰা এনে শ্ৰেণীৰ যোগ্য প্ৰতিনিধি হ’ল আমাৰ টেটোন তামুলী। ‘অ ফুল অ ফুল’ সাধুটো গীতিধৰ্মী৷ এই সাধুটোৰ লগতে ‘পৰুৱা আৰু ভেকোলা’ নামৰ সাধুটোত ইটো ঘটনাৰ গইনা লৈ সিটো ঘটনা লেজুৰ দৰে আগবাঢ়ি যায়৷ সাহিত্যৰ আদিম ৰূপ হ’ল গীত। কিছুমান সাধুকথাত গীতে কাহিনী আগবঢ়াই নিয়াত বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা যায় —

হুৰ হুৰ বটা চৰাই
মোৰ ধান নাখাবি
তোক দিম গোটা কৰাই;
ধানো খাম চাউলো খাম
চম্পাৱতীক বিয়া কৰাই ঘৰলৈ যাম৷ (চম্পাৱতী)

গেদগেদী বাই গেদগেদী বাই
সভালৈ যায় বা নাযায়। (গংগাটোপ)

আগলতি কলাপাত লৰে কি চৰে
চিলনী আই মোৰ আগতে পৰে৷ (চিলনী জীয়েকৰ সাধু)

হাতো নেমেলিবি ফুলো নিছিঙিবি

ক’ৰে নাৱৰীয়া তই।

পাট কাপোৰৰ লগতে মাহী আয়ে খুন্দিলে

তেজীমলাহে মই। ( তেজীমলা) হিতোপদেশ, ঈছপৰ সাধু আদিৰ দৰে সাধুবোৰ আকৌ নীতিজ্ঞানেৰে ভৰা। কোমল বয়সৰ শিশুক ভৱিষ্যতে সৎ নাগৰিক কৰি গঢ়ি তুলিবলৈকে জীৱনৰ বাবে প্ৰয়োজনীয় কিছুমান নীতিজ্ঞান সাধুৰ ছলেৰে এইবোৰৰ জৰিয়তে দিয়া হৈছে।

সাধুকথা হ’ল জনজীৱনৰ প্ৰতিচ্ছবি। এটা জাতিৰ বিশ্বাস, ৰীতি- নীতি, সামাজৰ চিত্ৰ, বুদ্ধি- বৃত্তি আদিৰে এইবোৰ খুন্দ খাই আছে। সমাজ বুৰঞ্জীৰ দলিল স্বৰূপ সাধুকথাবোৰৰ সাহিত্যিক মূল্যও কোনো গুণে কম নহয়। গতিকে জাতীয় সাহিত্যৰ এই অমূল্য সম্পদৰাজি সময় থাকোঁতেই সংৰক্ষণ আৰু চৰ্চাৰ ব্যৱস্থা কৰি পাহৰণি গৰ্ভত হেৰাই যোৱাৰ পৰা ৰক্ষা কৰি ৰাখিব লাগিব।

☆★☆★☆

Leave a Reply

Your email address will not be published.