ফটাঢোল

সাহিত্যৰ সৃষ্টিৰ যন্ত্ৰণা আৰু আনন্দ – অসমী গগৈ

“The greatest part of a writer’s time is spent in reading, in order to write, a man will turn over a haly library to make one book.“ – Samuel Johnson.

বিধাতাৰ অপূৰ্ব সৃষ্টি এই মানৱ৷ চিন্তা-চৰ্চা বৃদ্ধি বৃত্তি আদি এশ এটা গুণৰ সমাহাৰ মানৱ চৰিত্ৰৰ মাজত দেখা পোৱা যায়৷ ইয়াৰ বাহিৰেও প্ৰত্যেক মানুহৰ মাজত এটা সৃষ্টিশীল মন লুকাই থাক৷ এই সৃষ্টিশীল মনৰ বাবেই মানুহে একাল পৰ্বত পাহাৰৰ কন্দৰে কন্দৰে কটোৱাৰ পাছত এদিন ঘৰ আহি থাকিবলৈ শিকিলে, শিলে শিলে ঘহি জুই জ্বলাবলৈ শিকিলেত, অস্ত্ৰ নিৰ্মাণ কৰিবলৈ শিকিলে, বাঁহ-বেত-কাঠৰ পৰা দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী তৈয়াৰ কৰিবলৈ শিকিলে, খেতি বাতি কৰিবলৈ শিকিলে৷ আৰু এখোজ আগুৱাই গৈ লিখিবলৈ আৰম্ভ কৰিলে৷ এই সকলো বিলাকেই ভিন ভিন সৃষ্টি বা সৃষ্টিৰ মাধ্যম৷ মানুহৰ বৌদ্ধিক বা মানসিক উৎকৰ্ষ সাধনৰ ফলাফল, কিন্তু আজি আমাৰ আলোচনাত অন্যান্যবোৰক বাদ দি কেৱল সাহিত্য সৃষ্টিৰ দিশটোকহে বাছি লোৱা হৈছে৷

শিক্ষাজীৱনৰ শেষৰ ফালে আমাৰ এজন লেখকৰ সৈতে বন্ধুত্ব গঢ়ি উঠিছিল৷ ডেকা লেখক৷ ইতিমধ্যেই কাকত আলোচনীত প্ৰতিষ্ঠিত৷ বেচ ফুৰ্তিবাজ৷ সি থাকিলে আমাৰ আজ্ঞাত ৰসৰ অভাৱ নহৈছিল৷ কিন্তু আমি লক্ষ্য কৰিছিলো কেতিয়াবা সি হঠাতে অসম্ভৱ গহীন হৈ যায়৷ হঠাতে আড্ডা এৰি গুচি যায় আকৌ আহে৷ চিগাৰেটৰ ধোঁৱাই ৰুমটো ভৰাই পেলায়৷ চুলিৰ মাজত আঙুলি সোমোৱাই চুলিখিনি জোকাৰি পেলায়, কেতিয়াবা দুয়োহাতেৰে মুখখন ঢাকি ধৰে, কলমটো লৈ খচখচকৈ কিবা এটা লিখে আকৌ কাটে আকৌ লিখে, কেতিয়াবা জমি উঠা আড্ডাৰ পৰা হঠাতে কোনোবা এটাক টানি লৈ যায় ….৷ মুঠৰ ওপৰত কিবা এটা যন্ত্ৰণাই মানুহটোক ভিতৰি যেন চেপি থাকে যন্ত্ৰণাত গোটেই মানুহটো চটফটাই থাকে৷ দুদিনমান এনেদৰে যোৱাৰ পাছত হঠাতে আকৌ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে৷ সাহিত্য সৌন্দৰ্য ৰাজনীতি পৰ্ণগ্ৰাফিৰে আজ্ঞা ৰসাল কৰি তোলে৷ তেনে এটা দিনতে কোনােবাই আনি আজ্ঞাত এখন কাকত বা আলােচনী দিয়েহি য’ত আছে লেখক বন্ধুৰ তত্ত্বগধুৰ একোটা লেখা৷ প্ৰথম অৱস্থাত আমি বন্ধুৰ সেই অস্বাভাবিক আচৰণৰ অৰ্থ বুজি পোৱা নাছিলো৷ কিন্তু দিন হৈ অহাৰ লগে লগে আমি জানিলো বুজিলো৷ তাৰ অৰ্থ৷ কিহৰ যন্ত্ৰণাত তেনেদৰে বন্ধুৱে চটফটাই থাকে৷ সেয়া বন্ধুৰ সৃষ্টিৰ যাতনা৷ একেটা সাহিত্যকৰ্ম মনৰ মাজত কঢ়িয়াই লৈ ফুৰাৰ যাতনা৷ ইচ্ছা অনুসৰি জন্ম দিব নোৱাৰাৰ যাতনা৷ সি যাতনা অনুভৱ কৰাৰ শক্তি তেওঁৰ বাহিৰে আন কাৰো নাই৷ সেইবাবেই হয়তো বহুতো সাহিত্যিক সমালোচকে সাহিত্য সৃষ্টিৰ যাতনাক নাৰীৰ প্ৰসৱ বেদনাৰ সৈতে ৰিজাব বিচাৰে৷ দহমাহ দহদিন গৰ্ভত ধাৰণ কৰা শিশুটোক জন্ম দিবলৈ গৈ মাতৃগৰাকীয়ে যি যাতনা মূৰ পাতি ল’ব লগা হয় সেয়া কেৱল তেওঁহে বুজে৷ কিন্তু এই যন্ত্ৰণা ক্ষনস্থায়ী৷ সন্তান জন্মৰ লগে লগেই তেওঁৰ বাবে ই হৈ পৰে গৌৰৱ আৰু আনন্দৰ বিষয়৷ ইয়ে তেওঁৰ জন্ম যাতনা উপশম ঘটায়৷ ঠিক একে কথাকে ক’ব পাৰি সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত৷ এজন লেখকে তেওঁৰ একোটা সাহিত্যকৰ্ম আখৰৰ ৰূপ দিয়াৰ আগতে হয়তো দহমাহ দহদিন গৰ্ভত নাৰাখিব পাৰে৷ কিন্তু মনৰ মাজত কিবা এটা কঢ়িয়াই লৈ ফুৰাৰ ক্ষেত্ৰত তেওঁৰ গৰ্ভৱতী মাতৃ গৰাকীৰ সৈতে সাদৃশ্য আছে৷ তেওঁৰ গৰ্ভত থকা সন্তানটো ল’ৰা হ’বনে ছোৱালী হ’ব, দেখিবলৈ কেনেকুৱা হ’ব, কেনেদৰে ডাঙৰ কৰিব, ভৱিষ্যত কেনে হ’ব ইত্যাদি কল্পনাত তেওঁ ডুবি থাকে৷ তেওঁৰ যাতনাৰ কাল এমাহো হ’ব পাৰে৷ দহমাহে হ’ব পাৰে বা তিনি চাৰি বছৰো হ’ব পাৰে৷ সৃষ্টিৰ সম্ভাৱনাৰ বাবেই তেওঁলোকে এই যাতনা বা আত্মপীড়াক প্ৰশয় দিয়ে৷ বিশ্বসাহিত্যৰ সফল লেখক সাহিত্যিক সকলৰ জীৱন কাল অধ্যয়ন কৰিলে এনে বহু উদাহৰণ পোৱা যায় যিসকলে নিজৰ চিন্তা বা ভাবক সাহিত্যৰ ৰূপ দিবলৈ যাওঁতে ভোকে লঘঘানে থাকি শৰীৰক কষ্ট দিছে৷ “Found all in myself” ত ডি. এইচ. লৰেন্সে এই সম্পৰ্কত এনেদৰে কৈছে “মােৰ সাহিত্য সৃষ্টিৰ মূল প্ৰেৰণা মই নিজেই মোৰ ক্ষুধা তৃষ্ণা কামনা বাসনা আৰু শৰীৰৰ প্ৰখৰ উত্তাপ তাৰ প্ৰদাহ আৰু উত্তেজক যান্ত্ৰণা৷ দুৰন্ত তৃষ্ণা আৰু যন্ত্ৰণা লৈ মই গল্প, উপন্যাস, কবিতা লিখিছে, ছবি আঁকিছো৷ মই যে কেতিয়াও পৰাজয় বৰণ নকৰো, কেতিয়াও হেৰাই নেওঁ সেই আত্মবিশ্বাস মোৰ আছে৷ তাকে লৈ ক্ষুধা, তৃষ্ণা, যন্ত্ৰণাক নিজৰ ভাষাত আপোন ভঙ্গীৰে মই সুন্দৰ কৰি তুলিবলৈ বিচাৰিছোঁ৷” লেখক সকলে মনৰ মাজত কঢ়িয়াই লৈ ফুৰা সাহিত্য চিন্তাকে সাহিত্যিক সমালোচকে৷ চৰাইয়ে বাঁহত কণী উমনি দিয়া কাৰ্যৰ লগত তুলনা কৰিছে৷ উদাহৰণ স্বৰূপে যদি চোৱা যায় তেন্তে পোৱা যায় যে৷ কলৰিজৰ বিশ্ববিখ্যাত কবিতা ‘কুবলাখান’ সপোনৰ ফলশ্ৰুতি৷ সপোনত দেখা মতেই কবিতাটো লিখি গৈ থাকোঁতে হঠাতে এজন আলহী আহি ওলাল৷ কথা বাৰ্তা পাতি আলহীক বিদায় দিয়াৰ পাছত যেতিয়া তেওঁ আকৌ লিখিবলৈ বহিল তেতিয়া তেওঁৰ মনলৈ পূৰ্বৰ ধাৰাবহিকতা কোনোপধ্যেই নাহিল৷ তেওঁৰ সকলো প্ৰচেষ্টাই ব্যৰ্থ হ’ল৷ সপোনত আকৌ কুবলাখানৰ কাৰেং দেখা পাব বুলি তেওঁ বাৰে বাৰে টোপনি যাবলৈ চেষ্টা কৰিলে কিন্তু কোনো কামত নাহিল৷ তেওঁ বিশ্ববিখ্যাত কবিতাটো আধা হৈয়ে থাকিল৷ আকৌ আন এজন সাহিত্যিক বালজাকে লেখাৰ সময়ত নিজক চকীখনৰ সৈতে বান্ধি থৈছিল৷ জানােচা উঠি যাবলগীয়া হ’লে ৰচনাৰ ধাৰাবাহিকতা হেৰাই যায়৷ এয়া বিশ্বসাহিত্যৰ লেখকৰ সৃষ্টি যাতনা বা আত্মপীড়নৰ দুটা উদাহৰণ৷ কিন্তু আমাৰ অসমীয়া সাহিত্যৰ এনে আত্মপীড়নৰ বিষয়ে বিশেষ জনা নাযায়৷ এনে পীড়াৰ আঁৰত থাকে লেখক জনৰ সাহিত্যৰ প্ৰতি দায়বদ্ধতা৷ কিন্তু এনে দায়বদ্ধতা আমাৰ সমাজত অতি বিৰল৷ মুষ্টিমেয় কেইজনমানৰ হাততে অসমীয়া সাহিত্য জীয়াই ৰখাৰ দায়িত্ব জাপি দি বাকীসকল নিশ্চিত৷ গতিকেই সাহিত্য সৃষ্টিৰ যাতনা আৰু আনন্দও মাথোন সেইকেইজনেৰে অনুভৱ কৰিব পাৰিছে৷ বৰ্তমানৰ দুই এখন কিতাপৰ পাতনি বা আগকথাৰ পৰা তেওঁলোকৰ সৃষ্টিৰ আঁৰৰ কথা জানিব পৰা গৈছে৷ ৷ সৃষ্টিৰ যাতনাৰ ক্ষেত্ৰত আৰু এটা কথা ক’ব পাৰি৷ লেখক সকলৰ প্ৰায়বোৰ ৰচনাই বাস্তব অভিজ্ঞতাৰ ফল৷ বাস্তৱ জীৱনত ঘটা কোনো এটা সুখাবহ বা দুখাবহ ঘটনাক সূক্ষ্ম দৃষ্টিৰে চালি জাৰি চাই কল্পনাৰ ৰঙেৰে ৰঞ্জিত কৰি সাহিত্য কৰ্মৰ ৰূপ দিয়া হয়৷ সুখ বা দুখৰ অন্তৰ চুই যোৱা যি বিলাক ঘটনা লেখকৰ দৃষ্টি গোচৰ হয় তাক কলমৰ আগেৰে লিখি নুলিউৱা লৈকে তেওঁৰ মনলৈ শান্তি নাহে৷ আৰু ঘটনাটো ঘটাৰ পৰা লেখি শেষ কৰালৈকে হয়তো কেতিয়াবা এক দুই দশক লাগি যাব পাৰে৷ সংবেদনশীল লেখক জনে গোটেই সময়বোৰ যন্ত্ৰণা ভুগিব লগা হয়৷ অহৰহ৷ আৰু যেতিয়াই তেওঁ সেই যন্ত্ৰণাক সাহিত্য কৰ্মৰ ৰূপ দিয়ে তেতিয়া তেওঁৰ সমান সুখী মানুহ পৃথিৱীত আৰু নাই যেন বোধ হ’ব পাৰে তেওঁৰ৷ এজন খনিকৰে তেওঁৰ মাটিৰ মূৰ্তিটো সজাই পৰাই বেদীত স্থাপন কৰি যি আনন্দ লাভ কৰে বা এজন চিত্ৰকৰে তেওঁৰ ছবিখন নিখুঁতকৈ আঁকি দৰ্শকৰ মাজত এৰি দি যি আনন্দ লাভ কৰে একেই আনন্দ লাভ কৰে এজন সাহিত্যিকেও৷ কিন্তু এইখিনিতে এষাৰ কথা মনত ৰাখিবলগীয়া যে এই যি আনন্দ সৃষ্টিকৰ্তাই লাভ কৰে সেয়া দীৰ্ঘদিন ধৰি উপভোগ কৰি থাকিব তেওঁলোকে নাৱেৰে আকৌ এটা নতুন সৃষ্টিৰ সম্ভাৱনাই তেওঁলোকক যাতনা দিবলৈ আৰম্ভ কৰে৷ আৰু এই যাতনা ভাগে কৰে বাবেহে তেওঁলোকে আনন্দও লাভ কৰে বুকুভৰাই৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.