ফটাঢোল

সাৱধান : লুনা বৰা

সুবিশাল ঘৰটোৰ গেটখন খুলিবলৈ ৰৈ গ’ল সিহঁত। গেটৰ এটা চাইদৰ পকা খুটাত ‘বৰুৱা’ খোদিত কৰা আছে। আনটো ফালে গেটখনতে তাঁৰ এডালেৰে বান্ধি ওলোমাই ৰখা ফলক এখন লগোৱা আছে। হয়তো নতুন…..”কুকুৰৰ পৰা সাৱধান”।

: ডাঙৰ মানুহৰ ঘৰত এনে ফলক থকাটো এটা ট্ৰেণ্ড।

: হ’লেও দে চোন, ভয় লাগে পাই, যি হে এটা, এটা ৰাখে, পালে বখলিয়াই শেষ কৰিব৷

: সেই হিচাবে সেইবোৰক চোৱা চিতা কৰা মানুহো ৰাখে। বল ভয় নকৰিবি। এনেও দিনত, ৰূমত, বান্ধোনত ৰাখে।

গেটখন খুলি তিনিওটা লাহেকৈ সোমাই যায়। সুবিশাল কম্পাউণ্ডটোৰ মাজেৰে সোমাই যোৱা বাটটোৰ দুয়োকাষে দেশী, বিদেশী নানা ফুলৰ বাগিচা৷ মানুহ এজনে কাম কৰি আছে, বোধহয় মালি৷ দুখুজমান গৈয়ে শুনা গ’ল বুকু কঁঁপি যোৱা সেই মাত৷

: অই, পলা।

: ৰ, সেই সৰু ঘৰটোৰ পৰাহে আহিছে মাতটো৷ বান্ধি থৈছে, নাহে দে। ব’ল, ডাঙৰ মানুহৰ এনেও সময় নাই৷

ঘৰটোৰ মুখত ৰৈ আটাইকেইটাই আকৌ এবাৰ নিজৰ ওপৰত চকু ফুৰাই ল’লে। পিন্ধি থকা চাৰ্ট-পেণ্টযোৰ হাতেৰে এনেই জাৰি, জোকাৰি ল’লে।

: অই, বজা আকৌ।

: কোনটো দেখাই নাই।

: সেইটো কি?

: ধেত তেৰি, প্ৰথম দেখিলোঁ এনে৷

ৱালত ধুনীয়া এটা ডিজাইনৰ, কলিং বেলটো লগাই থৈছে, সহজে চকুত নপৰে। চুইচটো টিপি দিলে যদিও ভিতৰত বাজিল নে নাই শুনা পোৱা নগ’ল। পোন্ধৰ, বিশ ছেকেণ্ড মানৰ পিছত দৰ্জা খোলাৰ শব্দ শুনা গ’ল। গ্ৰিলৰ দর্জাখন নোখোলাকৈয়ে মানুহজনে সুধিলে,

: কাক বিচাৰিছে?

: চাৰ আছে নে?

: কি কাম আছে?

: সেইদিনাখন হৈ যোৱা মিটিংখনত লগ পাইছিলোঁ, আজি মাতিছিল।

: আঁহা৷

তেওঁৰ পিছে পিছে গৈ দেখাত অফিচ যেন লগা ৰূম এটাত বহিলগৈ সিহঁত। আধুনিক আচবাবেৰে সুসজ্জিত এটা ৰূম। ৱাল ৰেকত সজাই থোৱা আছে যথেষ্ট সংখ্যক কিতাপ আৰু দুখনমান সম্বৰ্ধনা পত্ৰ৷

: অই আমাৰ কামটো হ’ব নে? তোৰ কথামতেই আমি দুটা আহিছোঁ৷ পিছত সেই বান্ধি থোৱাকেইটা লগাই নিদিয়েটো আমাৰ পিছত। ভাবি চা কিন্তু!

: কিয় নহব? মই সেইদিনাখন লগ পাওঁতে ধুনীয়া কৈ কৈছে মোক, “আহি যাবা, যিমান পাৰো সহায় কৰি দিম।” বৰ ভদ্ৰ , অমায়িক মানুহ। লগ পালে গম পাবি। তেওঁৰ কথাবোৰ শুনিবি আৰু….. কি সুন্দৰ কথা মই….

কথাষাৰ শেষ নহওঁতেই বগা পাঞ্জাৱী কুৰ্তা পৰিহিত বিশিষ্ট ব্যক্তিজন সোমাই আহিল। লগে, লগে সিহঁত আটাইকেইজন থিয় হৈ নমস্কাৰ দিলে।

: বহা, বহা। কি সকামত বা আহিলা? সময় অলপ কম দেই মোৰ। খৰ ধৰকে কোৱা।

কথাষাৰ শুনিয়ে ইমান সময় মনত লৈ থকা সিহঁতৰ উদ্যমখিনি যেন অলপ কমি গ’ল।

: ছাৰ, আমি বকুলনিৰ পৰা আহিছোঁ। আমাৰ গাঁৱত আমি ডেকা চামে, সকলোৰে সুবিধাৰ্থে এটা লাইব্ৰেৰী খোলাৰ কথা ভাবিছোঁ। সকলোৰে সহযোগত কামখিনি আৰম্ভ কৰিছোঁ। আপোনাৰ পৰাও অলপ সহায় সহযোগ বিচাৰি আহিছিলোঁ। সেইদিনা ৰঙাপাৰাৰ মিটিংখনত আপোনাক লগ পাইছিলোঁ। আপুনি আজি মাতিছিল।

: আচ্চা, লাইব্ৰেৰী খোলাৰ কথা ভাবিছা। সৎ চিন্তা। পিছে ক’ত?

: ছাৰ, বিহু ফিল্ডখনৰ ওচৰত ক্লাব ঘৰটো আছে যে, তাতেই।

: অ’, তোমালোকে কি কৰা?

: আমিয়ে কামটো কৰি আছোঁ। আমাৰ লগত আৰু ভালেকেইজন যুৱক আছে৷

: নহয়, তোমালোকৰ কাম।

: ছাৰ আমি আটাইকেইজন গ্ৰেজুৱেট৷ চাকৰিৰ চেষ্টা কৰি আছোঁ, পিচে সহজ নহয়৷ গতিকে নিজৰ চলি যোৱাকৈ আমি কিবা কিবি আটাইকেইজনেই কৰি আছোঁ৷

: এহ, তেনেকৈ আৰু চলিব পাৰে নে? দেউতাহঁতে কিবা কৰে নে? মানে ঘৰ কেনেকৈ চলে?

: মোৰ দেউতা খেতিয়ক, ইয়াৰ দেউতাক নাই আৰু তাৰ দেউতাক ৰিটায়াৰ্ড, শিক্ষক। নিজৰ কষ্টেৰে, শিল গুটি নোহোৱা খাটি চাউলে ভালকৈয়ে খাই আছোঁ আমি।

: হয় বাৰু, তোমালোকৰ চাউলে মেইন। তোমালোকে বিচাৰিলে তোমালোকৰ চাউল মুঠি আৰু সুখকৰ কৰি দিব পাৰোঁ, পিচে বিনিময়ত তোমালোকেও উচিত মূল্য দিব লাগিব৷

: বুজা নাই ছাৰ।

: বৰ অকৰা হৈ আছাহে। লাইব্ৰেৰীটোৱে কি কৰিব? দুদিন মান, দুজন মানে গৈ চাব, দুদিন মান তোমালোকৰ নাম হ’ব, তাৰপিছত….. পঢ়ি, শুনি তোমালোকৰ এই গতি, ঘৰে ঘৰে খুজি ফুৰিছাহে। মাটি টুকুৰা মোক দিয়া, ফাৰ্ম এখন খুলিম আৰু সকলো দ্বায়িত্ব তোমালোকক দিম৷ সঠিক বিনিময় কৰিব জানিলে বাচমতি চাউলৰ ভাত, মাছে, মঙহে তৃপ্তিদায়ক কৰি খাব পাবা……

: ক্ষমা কৰিব, শিলগুটি থকা ভাত খোৱাৰ অভ্যাস নাই আমাৰ, তাকো বগা শিলগুটি, দাঁত ভাঙিব পাৰে। মাছে, মঙহে আমিও খাওঁ মাজে-মাজে৷ বেছি খালে পেটৰ বেমাৰ হোৱাৰ চাঞ্চ থাকে ছাৰ, বদহজম, বমি এইবোৰ৷

: আজিকালিৰ ল’ৰা হৈ তোমালোকৰ মনোভাৱ এই! উন্নতি নাই সেয়ে। সুযোগবোৰ হেৰুৱাই দিয়া। মোৰ এফালে যাব লগা আছে। তোমালোকে এটা কাম কৰা, অহা মাহৰ শেষৰ ফালে মোৰ টাউনত থকা অফিচটোলৈকে আঁহা।

: হব ছাৰ, অহা মাহৰ শেষৰ ফালে আমাৰ লাইব্ৰেৰীটোৰ উদ্ধোধনী অনুষ্ঠান পাতিম বুলিয়ে ভাবিছোঁ। খবৰটো দিম আপোনাক। আমি আহোঁ। নমস্কাৰ।

: ছাৰ, এই যে জানৱৰকেইটা পুঁহিছে, ট্ৰেইনিং দিয়াই নে?

: নাই৷ কিয় ?

: দিনটোৰ অলপ সময়, নিজৰ লগত থ’ব, কামত আহিব।

পিছলৈ নোচোৱাকৈ তিনিওটা ওলাই আহিল৷

: অই তই মিছা কিয় কলি, অহা মাহত লাইব্ৰেৰীটো হৈ যাব বুলি…

: এনেই….

গেট খন খোলাৰ লগে, লগে আকৌ চৌদিশ ৰৌ ৰৌৱাই যোৱা মাতটো শুনা গ’ল৷ গেটখনৰ পৰা দুখোজ মান আহিয়ে,

: এক মিনিট ৰ’চোন।

তাঁৰেৰে ওলোমাই ৰখা ফলকখন এৰোৱাই সি, খোদিত হৈ থকা ‘বৰুৱা’ ৰ ওচৰত লগাই দিলে।

: এতিয়াহে মিলিছে ….পাৰফেক্ত…..

☆ ★ ☆ ★ ☆

2 Comments

  • সুন্দৰ। সুবিধাবাদী দল, ঠগিবলৈ বিচাৰি থাকে। উচিত কাম কৰিলে–

    Reply
  • হেমন্ত কাকতি

    বঢ়িয়া লাগিল লোনা

    Reply

Leave a Reply

Your email address will not be published.