ফটাঢোল

সিদ্ধান্ত (মূল-শ্ৰী ৰাম শৰ্মা আচাৰ্য) ভাবানুবাদ-ৰমেশ বৰুৱা

এসময়ত ৰাজস্থানৰ এখন মৰুভূমিত এজন মানুহ পথচ্যুত হৈ পৰুৱাই পোৱা মানুহৰ দৰে ইফালে সিফালে ঘূৰি আছিল৷ তেওঁৰ হাতত খোৱা-বোৱাৰ যি সামগ্ৰী মজুত আছিল, সেয়াও প্ৰায় শেষ হ’বলৈ ধৰিলে৷ অৱশেষত তেওঁ যোৱা দুদিনত একঢোক পানীৰ বাবেও হাঁহাকাৰ কৰিব লগা অৱস্থা হ’লগৈ৷

অণ্ঠ কণ্ঠ শুকাই যোৱা মানুহজনে বুজিব পাৰিলে যে অনতিপলমে একঘোট হ’লেও পানী নাপালে তেওঁৰ মৰণ নিশ্চিত৷ কিন্তু লগে লগেই উপলব্ধি কৰিলে যে তেওঁ যিহেতু ভগৱানত অটল বিশ্বাসী– কিবা এটা চমৎকাৰ জৰুৰ হ’ব আৰু তেওঁ পিয়াঁহৰ পানীটোপা নিশ্চয় পাব৷

সেই সময়তে তেওঁ অনতিদূৰৱৰ্তী এটা পঁজাঘৰ দেখা পালে৷ তেওঁ নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে, যিহেতু আগতেও তেওঁ বহুবাৰ মৃগতৃষ্ণা আৰু মনৰ ভ্ৰমৰ বলি হৈছিল৷ কিন্তু বিশ্বাস কৰাৰ বাহিৰে তেওঁৰ কোনো উপায়েই নাছিল– যিহেতু এয়াই তেওঁৰ শেষ আশাৰ স্থল আছিল৷

 অতিশয় ক্লান্ত মানুহজন যেনে-তেনে ঢেলেং-পেলেঙকৈ পঁজাটোৰ অভিমূখে অগ্ৰসৰ হ’ল৷ যিমানেই ওচৰ চাপি আহিল, তেওঁৰ মনত আশাৰ ৰেঙণি উদয় হ’ল৷ এইবাৰ দূৰ্ভগীয়া পথিকজনৰ ভাগ্যই তেওঁৰ লগ দিলে; সঁচাকৈয়ে তাত এটা জুপুৰি আছিল৷

কিন্তু এইয়া কি! অদৃষ্টৰ কি নিষ্ঠুৰ পৰিহাস! ই দেখোন এখন  এৰাবাৰী! এনে লাগিল যেন বহু বছৰৰ পৰা ইয়ালৈ কোনো অহাই নাই৷ তথাপিও এটুপি পানীৰ আশাত পথিকজন পঁজাটোৰ ভিতৰলৈ গ’ল– আৰু ভিতৰৰ অৱস্থা দেখি তেওঁ নিজৰ চকুকে বিশ্বাস কৰিবলৈ টান পালে৷

মৰুভূমিত মৰিচীকা! তাত এটা দমকল  আছিল; এটুপি পানীৰ বাবে হাঁহাঁকাৰ কৰি থকা মানুহজনে হাততে স্বৰ্গ পোৱাৰ দৰে উত্ৰাৱল হৈ দমকলটো চলাবলৈ লাগিল৷ কিন্তু ভাগ্যৰ কি বিড়াম্বনা! দমকলতো পানীৰ অভাৱত শুকাই আছিল; মানুহজনক নিৰাশাৰ কলীয়া ডাৱৰে আগুৰি ধৰিলে,তেওঁৰ ভাব হ’ল– তেওঁক এতিয়া নিশ্চিত মৃত্যুৰ কবলৰ পৰা কোনেও বচাব নোৱাৰে; আচন্দ্ৰাই হৈ তেওঁ মাটিত ঢলি পৰিল৷

চকু মেলিয়েই তেওঁৰ উৰুখা পঁজাৰ ছালৰ পৰা ওলোমাই থোৱা পানীৰ বটল এটা দৃষ্টিগোচৰ হ’ল৷ তেওঁ যেনে-তেনে পানীৰে ভৰা বটলটো হস্তগত কৰিলে৷ পিয়াঁহত আতুৰ মানুহজন বটলত থকা পানী খাবলৈ উদ্যত হ’ল,তেনেতে বটলটোত আঠা লগাই থোৱা কাগজ এখন দেখিলে, য’ত লিখি থোৱা আছিল,এই পানীৰ প্ৰয়োগ দমকল চলোৱাৰ বাবে কৰক আৰু পুনৰ বটলত পানী ভৰাই ৰাখিবলৈ কেতিয়াও নাপাহৰিব৷ ভোকে পিয়াঁহে লালকাল পথিক কিংকৰ্তব্যবিমূঢ় হৈ বিবুদ্ধিত পৰিল৷ তেওঁ বুজিব পৰা নাই,পানীখিনি খাই পিয়াঁহ পলুৱাব নে দমকলত ঢালি তাৰ পৰা পানী উলিয়াবলৈ চেষ্টা কৰিব৷

তেওঁৰ মনত অনেক প্ৰশ্নৰ উদয় হ’ল,যদি পানী ঢালিলেও দমকলতো নচলে, কাগজখনত লিখি থোৱা কথা যদি মিছা প্ৰতিপন্ন হয়, কি ঠিক মাটিৰ তলৰ পানীও যদি শুকাই গ’ল? তেওঁৰ মনলৈ যোগাত্মক চিন্তাও আহিল; কি ঠিক দমকলটো যদি চলি যায়, কাগজত লিখা কথাবোৰ যদি মিলি যায়! তেওঁ কি  কৰা উচিত, ভাবি তত্ নাপালে৷ উপায়ন্তৰ হৈ বহুত ভাবি-চিন্তি তেওঁ বটলটোৰ পানী দমকলত ঢলাৰ সিদ্ধান্ত লৈ, কম্পিত হাতেৰে পানীখিনি দমকলত ঢালিবলৈ ল’লে৷ পানী ঢালি তেওঁ ভগৱানৰ নাম লৈ দমকলটো মাৰিবলৈ ধৰিলে৷ দুই তিনিবাৰ মৰাৰ পাছতেই হৰহৰাই শীতল জল নিগৰিবলৈ ধৰাত তেওঁ আনন্দত আত্মহাৰা হৈ উৰুলিকৃত হ’ল৷

তৃষ্ণাতুৰৰ বাবে সেই পানী কোনো অমৃততকৈ কম নাছিল৷ হেঁপাহেৰে শীতল জল পান কৰি তেওঁৰ মন-প্ৰাণ শাত পৰি গ’ল৷ তেজৰ সঞ্চালন হোৱাত, মগজুৱে দ্ৰুত গতিত কাম কৰা আৰম্ভ কৰিলে৷ তেওঁ বটলত পানী ভৰাই, আকৌ আগৰ দৰে ঘৰৰ ছালত ওলমাই দিলে৷ তেওঁ যেতিয়া এই কাৰ্য কৰি আছিল, সন্মুখতে আৰু এটা আইনাৰ বটল দেখা পালে৷ উৎসুকতাৰে তেওঁ সেইতো খুলিলত, তাত এদাল পেঞ্চিল আৰু এখন নক্সা (মেপ) আছিল, য’ত আশ্চৰ্যজনক ভাবে সেই মৰুভূমিৰ পৰা ওলোৱা ৰাস্তাৰ বিষয়ে সবিস্তাৰে লিখা আছিল৷

ভাগ্যবান পথিকে ৰাস্তাতো ভালকৈ বুজি লৈ নক্সাৰ সৈতে বটলটো আগৰ ঠাইতে থৈ দিলে৷ নিজৰ বটলত পানী ভৰাই লৈ আনন্দ মনে পথিক তাৰ পৰা যাবলৈ ওলাল৷ কিছুদূৰ গৈ তেওঁ হঠাৎ পাছফালে ঘূৰি চালে, কিবা এটা চিন্তা কৰি পুনৰ সেই জুপুৰিটো পালেগৈ৷ তেওঁ তাত পানীৰ বটলটোত থকা কাগজখনত পেঞ্চিলডালেৰে কিবা লিখিবলৈ ল’লে। তেওঁ লিখিলে-

‘মোক বিশ্বাস কৰা, ইয়াত লিখাৰ দৰেই কাম বোৰ হ’ব৷’

☆ ★ ☆ ★ ☆

4 Comments

  • ৰাজশ্ৰী শৰ্মা

    ইতিবাচক কাহিনী। ভাল লাগিল।

    Reply
  • Pranita Goswami

    বৰ ভাল লাগিল। অৰ্থবহ।

    Reply
  • Sadananda Bhuyan

    সুন্দৰ কাহিনীৰ সুন্দৰ অনুবাদ । বহুত ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published.