ফটাঢোল

সুখানুভূতি – সোনটো ৰঞ্জন বৰুৱা

দুদিনমানৰ আগৰ কথা, আমিকেইজনে পৰনিন্দা ৰস লৈ আড্ডা দি আছিলো। আমাৰ পৰনিন্দা ৰস সদায় হাই লেভেলত হয়। আচল কথা হ’ল, নিম্ন শ্ৰেণীৰ মানুহে “গাঁৱলীয়া” স্তৰৰ নিন্দাৰসৰ সোৱাদ লৈ সন্তুষ্ট হোৱাৰ দৰে নিম্ন স্তৰৰ সোৱাদ লৈ আমি সন্তোষ নাপাওঁ। অঁ, পৰকীয়া হ’লে লেভেলৰ কথা নাই বাৰু। দুঘণ্টামান পৰনিন্দা কৰাৰ পাছত আমাৰ চেলবোৰ নতুন আনন্দ আৰু জীৱনৰ প্ৰতি নতুন আস্থা লৈ দিনটোৰ বাবে ফুল চাৰ্জ হৈ পৰিল। দিনটো উৎসাহ আৰু ফূৰ্তিৰে পাৰ কৰিবলৈ ইমানকণ ড’জেই যথেষ্ট।

সেইদিনা আমি সুখৰ সাগৰত ডুবি থাকোতেই কাকতি ওলালহি। কাকতিও আমাৰ গেঙৰে সদস্য, সেইদিনা কিবা কাৰণত হয়তো পলম হ’ল। এনেয়ে তেৱোঁ পৰনিন্দাৰ সঞ্জীবনী ৰসকণ পান কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰে।

কাকতি আহিয়েই গহীনাই আমাৰ মাজত বহিলেহি। হাওভাও দেখিয়েই আমাৰ মনটো গাজিলেই, হ’ল আৰু। তেখেতৰ ভাৱভংগীতেই গম পালো, কিবা এটা ক’বলৈ উদগ্ৰীৱ হৈ আছে। উদগ্ৰীৱ মানেই নিশ্চিত সুখৰ খবৰেই হ’ব। সেইবাবে তেখেতৰ ভংগীবোৰ দেখি আমাৰ মন মৰিয়েই আহিল। ইমান সময়ে পান কৰা গৰম গৰম পৰনিন্দাৰ ৰস চেঁচা পৰি আহিল। আঁৰ চকুৰে কাকতিলৈ চাই ইটোৱে সিটোৰ চকুলৈ চিধাকৈ চাওঁতে সকলোৰে চকুত বিয়পি পৰিল, ‘চেচেই আৰু’।

ইফাল কাকতি আমাৰ ওচৰৰপৰা উঠি গৈ টাবত ফুলি থকা গোলাপজোপাৰ ওচৰলৈ গৈ ফুল চাবলৈ ধৰিলে। চাল্লা ইমান দিন আমাৰ ঘৰলৈ আহিল, কোনো দিনেই ফুলৰ কাষলৈ যোৱা নেদেখিলো, আজি চোৱা! আজি মহাশয়ে জাহাংগীৰৰ দৰে গোলাপ শুঙিছে আৰু গোলাপৰ কাঁইটে আমাক থকা সৰকা কৰিছে।

গোলাপ বিলাস শেষ কৰি কাকতি পুনৰ আমাৰ কাষত বহিলহি। তেখেতৰ ভংগী দেখিয়েই বুজিলো, এতিয়া তেখেতে সুখৰ হৃদয়বিদাৰক খবৰ শুনাব। এটা দীর্ঘ উশাহ লৈ তেখেতে বোমা পেলালে, “গাড়ী এখন ল’লো আৰু।”

আমি চক খালো যদিও বৰ এটা দুখী নহ’লো। গাড়ীহে। গাড়ী বুলিলে ৰেলগাড়ীৰপৰা গৰুগাড়ীলৈকে বুজাইতো। উৎকণ্ঠিত হৃদয়েৰে সমস্বৰে সুধিলো, “কি গাড়ী ল’লে?”

আমাৰ কথা আওকাণ কৰি তেখেতে ক’লে, “ল’ৰাটোৱে বহুদিনৰপৰা লাগে লাগে কৰি আছিল, মইহে ইমান দিন পিছুৱাই আছিলো। কালি কিবা মন গ’ল, লৈ আনিলোগৈ।”

উৱা, আমাৰ পিলাই চমকি গৈছে, এখেতেচোন আমাৰ কথালৈ কাণেই কৰা নাই! পুনৰ সুধিলো, “কি গাড়ী?”

গহীনাই উত্তৰটো দিলে তেওঁ, “SUV500″। শুনাৰ লগে লগে গোটেইকেইটাৰ হৃদযন্ত্র বন্ধ হৈ যোৱাৰ উপক্ৰম হ’ল। একেবাৰে শেতা পৰি গ’লো। শৰীৰ যেন একেবাৰে নিঃসাৰ হৈ গ’ল।

তাৰ মাজতে চুকে কোণে বাচি ৰোৱা আশাবোৰ সামৰি মুখ খজুৱতী মহন্তই সুধিলে, “চেকেণ্ড হেণ্ড নে?”

বুকু ফুলাই কাকতিয়ে উত্তৰ দিলে, “মই চেকেণ্ড হেণ্ড বস্তু নিকিনো দেই, দুদিনৰ পাছতেই গেৰেজলৈ কোন দৌৰিব! লাগিলে কেইলাখমান বেছি ভৰিম, তথাপি নতুন আনিম।”

উত্তৰ শুনিয়েই মহন্ত ধাচকৈ লুটি খাই পৰিল। লগে লগে পানী দুচলুমান মৰাৰ পাছতহে হুচ আহিল। হুচলৈ আহিয়েই গা বেয়া লাগিছে বুলি কাষৰ বেঞ্চখনতে দীঘল দিলে।

চকুচৰহা বৰঠাকুৰ আৰু বৰলা শৰ্মাই মজিয়া জুমি অলপ সময় পৰিৱেশ অধ্যয়ন কৰি ল’লে। অলপ সময়ৰ বাবে পৰিৱেশ একেবাৰে নিস্তব্ধ হৈ পৰিল। হঠাৎ কিবা ভাবি পাই বৰঠাকুৰে মাত লগালে, “বেংক লোন নে পাৰ্টি ফাইনাঞ্চত ল’লে?”

দুই হাত ওপৰলৈ তুলি কাকতিয়ে উত্তৰ দিলে, “নাই, নাই দেই, মই এই লোন চোনৰ চক্কৰত নাই, পুৰা কেচ টকা দি আনিছোঁ।”

এইবাৰ বৰঠাকুৰ বেহুচ হোৱাৰ পাল। শৰ্মাৰ লগত ধৰি মেলি ভিতৰৰ বিচনাত শুৱাই আহিলোগৈ। চিন্তা কৰাৰ কাৰণ নাছিল পিছে, বৰঠাকুৰৰ প্ৰায়ে হৈয়েই থাকে।

ওলাই আহোতে শৰ্মাই মই শুনাকৈ ফুচফুচাই ক’লে, “মই বেহুচ হ’বলৈও নাই, একো নুসুধোৱেই। এনেকৈ বেহুচ হোৱা বুলি বাহিৰত ৰৌজাল বৌজাল হ’লে বৰলা হৈয়ে মৰিব লাগিব।”

কাকতিয়ে আমাক দেখিয়েই উৎসাহেৰে ক’লে, “এই সুখবৰটো দিওঁ বুলিয়েই বৰ লৰালৰিকৈ আহিলো বুজিছা, বোলো সদায় একেলগে থাকো, সকলোকে সুখৰ ভাগ দিওঁ।”

সুখৰ খবৰ শুনি শৰ্মাই বাতৰি কাকতত মুখ লুকুৱালে। উপায়হীন হৈ ময়ে মাত দিলো, “আৰে কি কয়, ইমান ভাল খবৰ আনৰ মুখেৰে জনা হ’লে চালেহেঁতেন আপুনি আমি কি কৰিলোহেঁতেন। বৰ ভাল লাগিল।”

মোৰ কথা সম্পূর্ণ হ’বলৈ নিদি কাকতিয়ে ক’লে, “কথা এটা ভাবিছোঁ, কাইলৈ আমিকেইটা নতুন গাড়ীখন লৈ ফুৰিবলৈ যাওঁ ব’লা। ফুৰাও হ’ব, নতুন গাড়ীৰ পাৰ্টিও দিয়া হ’ব।”

শৰ্মাই বাতৰি কাকতৰপৰা মূৰ তুলি গধুৰ মাতেৰে ক’লে, “এক সপ্তাহমানৰ পাছত যাওঁ নহ’লে। মহন্ত আৰু বৰঠাকুৰৰ অৱস্থা দেখিছেই। পুৱাৰেপৰা মোৰো গাটো সিমান ভাল নহয়। এসপ্তাহমানৰ পাছতহে যদি ধুলি বালি জোকাৰি সকলো সুস্থ হ’মগৈ। তাৰপাছতহে প্ৰগ্ৰেমটো কৰা ভাল হ’ব।”

প্ৰসন্ন হৈ কাকতিয়ে ক’লে, “তোমালোকৰ যি ইচ্ছা আৰু।”

সেই দিনটোৰ আনন্দখিনি বৰবাদ কৰি অলপ সময়ৰ পাছত কাকতি গ’লগৈ। তেওঁ যোৱাৰ পাছত এটা এটাকৈ বেমাৰী মুৰ্গীৰ দৰে সকলোৱে গধুৰ মনেৰে বিদায় ল’লে। পৃথিৱীখন যেন হঠাৎ প্ৰদুষিত হৈ পৰিল। যেন উশাহো ল’বলৈ বিৰাট কষ্ট হ’ল। কোৱা শুনো, সুখ বাটি দিলে বাঢ়ি যায়, দুখ বাটি দিলে পাতল হয়। হয় জানো কথাটো?

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.