ফটাঢোল

সুধা – গীতালি বৰা

মিহি শিল দিয়া আলিবাটটোত থিয় হৈ তেওঁ মোক বহল পথাৰখনৰ সিমূৰলৈকে আঙুলিয়াই দেখুৱালে, ‘সৌ যে নদীখন দেখিছ– দূৰত– সেই টিলাটোৰ কাষতে– তালৈকে গোটেইখিনি আমাৰ মাটি৷’

মই যিমান দূৰলৈকে সম্ভৱ মোৰ দৃষ্টি মেলি ধৰিলোঁ৷ নদীখন হ’লে নেদেখিলোঁ৷ ধান কাটি নিয়াৰ পাছত মুখ ওন্দোলাই থিয় দি থকা পথাৰৰ বিষন্ন নৰাবোৰহে চকুত পৰিল৷ কিন্তু আমাৰ সোঁফালে থকা চেগুনৰ হাবিখনে ঠিকেই মোৰ দৃষ্টি হৰিলে৷

‘সেই চেগুনৰ হাবিখন কাৰ মা?’

তেওঁৰ মুখত গৰ্বৰ হাঁহি এটা জান-নাজানকৈ বিৰিঙি উঠিল, ‘আমাৰে৷ চব চেগুন দেউতাৰে নিজ হাতেৰে ৰুইছিলে বুজিছ৷ অকল সেইবোৰেইনে? এই যে বাটৰ দুয়োকাষে অত আঁহত, নাহৰ, জৰী আৰু কৃষ্ণচূড়া দেখিছ– এই সকলো দেউতাৰে নিজ হাতেৰে ৰোৱা৷’

পিছৰ ফালে তেওঁৰ মাতটো সেমেকিল৷ হয়তো তেওঁৰ স্বামী, মোৰ শহুৰদেউতালৈ মনত পৰিল৷ হয়েই, কাৰণ, পিছ মুহূৰ্ততে হুমুনিয়াহ এটা চেপি তেওঁ কৈ উঠিল, ‘মানুহজন বৰ কষ্টত ঢুকাল অ’৷ বৰপোনাৰ বাদে এটা ল’ৰাৰো বিয়া-বাৰু চাই যাবলৈ নাপালে৷’

হয়৷ মই জানিছিলোঁ মানুহজন অকালতে ঢুকাইছিল৷ ব্ৰেইন টিউমাৰ হৈছিল তেওঁৰ৷ পিছৰ ফালে স্মৃতিভ্ৰংশ হৈছিল, দৃষ্টিশক্তিও হেৰাইছিল৷ অৰুণে কলেজত ভৰি দিছিলহে তেতিয়া৷

জাৰ আৰু কুঁৱলিয়ে পাৰিপাৰ্’ক গুলুম মাৰি ধৰিছিল৷ আমাৰ গাৰ কাষেদিয়ে পালৰ পৰা গৰুবোৰ ঘৰলৈ উভতিছিল৷ ন-কৈ জগা পোৱালিবোৰে লৰি-ঢাপৰি ফূৰ্তি কৰিছিল আৰু চকুৰ আঁতৰ হোৱা পোৱালিবোৰক হেম্বেলিয়াই হেম্বেলিয়াই মাকবোৰে হয়তো কাষলৈ মাতিছিল৷ বতাহত গৰুজাকৰ গাৰ বিচিত্ৰ গোন্ধ এটা ৰৈ গৈছিল– আপোন, চিনাকী অথচ বিস্মৃতি হ’ব খোজা গোন্ধ৷ মোৰ ভাল লাগিছিল৷ গৰুজাকৰ পিছে পিছে আমিও উভতিছিলোঁ৷

কাৰেণ্ট নাছিল৷ পথাৰখনৰ দাঁতিৰ পৰাই গাঁওখন আৰম্ভ হৈছে৷ প্ৰথমতেই অৰুণহঁতৰ ঘৰ [এতিয়া মোৰো]৷ লেমৰ অনুজ্জ্বল হালধীয়া পোহৰ ভিতৰৰ পৰা ছিটিকি পৰিছিল৷ কিন্তু, গাঁওখনৰ চৌপাশৰ ভৰপূৰ সেউজীয়া সেই মুনি-চুনি পৰতো মোৰ ঠিকেই চকুত পৰিল৷ হাড় কঁপোৱা জাৰেও ইয়াৰ গছবোৰক সম্পূৰ্ণ নঙঠা কৰিব পৰা নাই৷

ঘৰৰ পদূলি পাওঁতেই শাহুমাই মোক মৰমেৰে সুধিলে, ‘তই একো অসুবিধা পোৱা নাইতো ইয়াত?’

মোৰ মুখত হাঁহি বিৰিঙিল, ‘একো অসুবিধা পোৱা নাই মা৷ মোৰ সকলো ভাল লাগিছে৷ সকলোকে ভাল লাগিছে৷’
‘দীঘলী বুঢ়ীৰ কথাত নধৰিবি৷ মানুহজনী তেনেকুৱাই৷ মুখত যিহকে আহে তিহকে কয়৷ মনটো কিন্তু ভাল৷ গাঁৱৰ মানুহৰ বিপদে-আপদে তেৱেঁই প্ৰথমতে দৌৰি আহে৷’

মোৰ তেতিয়াহে আগদিনাৰ কথাটো মনত পৰিল৷ কেইগৰাকীমান মানুহ আহিছিল ‘ন-কইনা’ মানে মোক চাবলৈ৷ বিয়াৰ তিনিদিন পাৰ হৈছিলহে মাত্ৰ৷ নেকলেচ, এসোপা খাৰু, লোকাপাৰ পিন্ধি থাকি ভীষণ অসহজ অনুভৱ কৰিছিলোঁ মই৷ সৰুৰে পৰা খাৰু-মণিতো বাদেই, সৰু দুল এযোৰ পিন্ধাৰো অভ্যাস নাই মোৰ৷ মায়ে প্ৰায়ে বকিছিল– ‘কিবা এটাতো পিন্ধি থাক৷ ছোৱালী মানুহ– গাত সোণ অকণ থাকিব লাগে৷ এনেয়ে গঢ়ালোঁ এইবোৰ–’

বাহী বিয়াৰ দিনাই এসোপা কাৰণ দেখুৱাই গধুৰ গহনাসোপা খুলি মিহি চেইন এডাল আৰু খাৰু এপাট পিন্ধি থকাৰ অনুমতি লৈছিলোঁ শাহু মাৰ পৰা৷ মানুহকেইগৰাকীৰ কইনা দেখিয়েই চকু কপালত উঠিল– ‘আও ন-কইনা এনেকৈ থাকেনে– বৰপোনাৰ মাক, বোৱাৰীক নিয়মবোৰ শিকাবা৷ বিয়াৰ পোন্ধৰ দিনমানলৈকে গহনা-গাঁঠৰি খুলি আলহী সুধিব নাপায় নহয়৷’

মায়ে মিহিকৈ হাঁহিলে, একো নক’লে৷ এই কথাও নক’লে যে পোন্ধৰ দিন থকাৰ কথাই নাই, দহ দিনৰ দিনাই ‘কইনা’ গুৱাহাটীলৈ যাবগৈ লাগিব৷ আৰু ছুটী নাই, দৰাৰো– কইনাৰো৷ মই দীঘলকৈ ওৰণি লৈ, আঁঠুকাঢ়ি চাহৰ কাপ আগবঢ়াই দি তেওঁলোকক সন্তুষ্ট কৰাৰ প্ৰয়াস কৰিলোঁ৷ কিন্তু মোক অবাক কৰি বুঢ়ী আইতা এগৰাকীয়ে (তেৱেঁই হয়তো দীঘলী বুঢ়ী, এতিয়া ভাবিছোঁ) কৈ উঠিল, ‘ওৰণিখন গুচাচোন– চুলি কিমান দীঘল চাওঁ৷’

মই প্ৰমাদ গণিলোঁ৷ কান্ধৰ ওপৰত পৰা ব্লাণ্ট কাট চুলি মোৰ৷ যেনে তেনে ক্লিপ মাৰি, কিনা খোপাৰে চুলি সজাই ওৰণি লৈ আছিলোঁ৷ তেওঁ নিষ্ঠুৰভাৱে মোৰ খোপা খোলাই নহয়, ক্লিপকেইডালোঁ খুলি চুলিখিনি মুকলি কৰি প্ৰায় আটাহ পাৰি উঠিল– ‘ইঃ তেনেই চুটি চুলি৷ ওৰণি গুচালতহে ভালকৈ দেখিলোঁ, গাৰ ৰংটোও মোটা৷ লেং-পেংকৈ ওখ, গা-গাৰীও নাই৷ নিজে চাই আনিলে কি হ’ব– আমাৰ কণমইনাৰ লগত হ’লে একেবাৰে নিমিলিল৷’

মই আমোদ পালোঁ৷ যোগ-ব্যায়াম-ডায়েট কৰি লাহী কৰি ৰখা মোৰ শৰীৰ আৰু অৰুণৰ প্ৰিয় মোৰ গাৰ মিঠা ৰংটোক দিয়া বিশেষণ শুনি মোৰ হাঁহি উঠিছিল৷ কিন্তু নিৰীহ, দুখী বোৱাৰী এজনীৰ মুখ ভংগী কৰি মই তেওঁক আশ্বস্ত কৰিবলৈ যত্ন কৰিলোঁ– ‘আৰু চুলি নাকাটো আইতা, দীঘল কৰিম৷’ তেওঁ সন্তুষ্ট হ’ল, উপদেশ দিলে, ‘ভালকৈ খোৱা-বোৱা কৰিবি৷ দেহাৰ এইটো গতি হ’লে আগলৈ ছলি-পুলিমখা হ’লে কেনেকৈ চম্ভালিবি৷’
ফিক্‌কৈ ওলাই আহিব খোজা হাঁহিটো সামৰি মই সভক্তিৰে মূৰ দুপিয়াইছিলোঁ৷

…মায়ে এইটো কথাকে এতিয়া মোক ক’লে, ‘কথাবোৰ ধৰি নাথাকিবি৷’ মই যেন মৰমতে পমি যাব খুজিলোঁ৷ এই বহল মনৰ আজলী মানুহজনীক কিদৰে বুজাওঁ মই যে গাঁৱৰ বোৱাৰী হৈ আহি মাত্ৰ কেইদিনমাৰ বাবে দেখা এই কিছুমান সংস্কাৰ বা কু-সংস্কাৰ, বিশ্বাস বা অন্ধ পৰম্পৰাৰ হেতা-ওপৰাত মই ব্যথিত নহওঁ৷ মই যে গভীৰ অনুসন্ধিৎসাৰে লক্ষ্য কৰিছোঁ সকলো৷ এই অসম্ভৱ যেন লগা অভিজ্ঞতাবোৰক মৰকত মণিৰ দৰে সাঁচিছোঁ৷ মইতো জানো, মাত্ৰ কেইদিনমানৰ পিছতে মই মোৰ চিনাকী পৃথিৱীখনলৈ উভতি যামগৈ য’ত এই কথাবোৰ সাধুকথাৰ দৰে লাগিব৷ জীৱনত আৰু কেতিয়াও ডাঠ সেন্দূৰেৰে কপাল, সেওঁতা বোলাই, দীঘলকৈ ওৰণি লৈ গাঁৱৰ মানুহক আঁঠুকাঢ়ি সেৱা কৰাৰ বাধ্য-বাধকতা নাথাকিব৷ এই সহজ-সৰল মানুহবোৰে নিজৰ বিশ্বাসৰ আধিপত্যৰে মোক থকা-সৰকা কৰাৰ সুযোগেই বা পুনৰ কেতিয়া পাব ‘কইনা’ চাবলৈ। ঘৰত মানুহকেইগৰাকীমান আজিও বহি আছিল৷ ঘৰখনত পুৰুষ আলহীসকল সমুখৰ চ’ৰাঘৰত বহে৷ কাঠ আৰু বেতৰ তিনিটা চোফাৰে কোঠাটো সুসজ্জিত৷ মহিলাসকল বহে ঢেঁকীশালৰ কাষৰ আন এটা কোঠাত৷ তাত কেইখনমান ৰঙা প্লাষ্টিকৰ চকী আৰু মুঢ়া-পীৰা আদি পৰা থাকে৷

‘যাচোন– মাতষাৰ লগা তেওঁলোকক৷ মই পটকৈ কাপোৰ সাজ সলাই গোঁসাই ঘৰত চাকিগছ জ্বলাই আহোঁ৷’ মা কোঠাটোত মোক সুমুৱাই দি গ’লগৈ৷

চকী আৰু মুঢ়াত পাঁচগৰাকীমান আদহীয়া মহিলা বহি আছে৷ পকা চুলীয়া আইতা এজনী পীৰাত বহিছে৷ মই তেওঁৰ কাষৰ পীৰাখনতে বহাটো নিৰাপদ হ’ব বুলি ভাবিলোঁ৷

শাহুৰ লগত ফুৰিবলৈ গৈছিলা হ’বলা?’ কোনোবা এগৰাকীয়ে সুধিলে৷ মই লাহেকৈ মূৰ দুপিয়ালোঁ৷

‘বৰ বোৱাৰীয়ে চাহ-তাহ দিলেই৷ তোমাৰ হাতৰ তামোল এখন খাই যাওঁ বুলিহে ৰৈ আছিলোঁ৷’ এগৰাকীয়ে ক’লে৷ আন এগৰাকীয়ে তামোল-পাণৰ বঁটাটো মোৰ ফালে আগবঢ়াই দিলে– ‘চাওঁচোন কণমইনাৰ বোৱাৰীয়ে কটা তামোলৰ পাগ কিমান উঠে৷’

ঢেৰ আঁহ থকা, গেলা গেলা গোন্ধোৱা তামোলটো হাতত লৈ মাঘ মাহৰ জাৰতো মই ঘামি উঠিলোঁ৷ কটাৰীখন সোঁহাতত লৈ অনুভৱ কৰিলোঁ এনে অস্ত্ৰ এপাটেৰে এনে ধৰণৰ তামোল কটা কামটো ডাঙৰ এটা কলা৷ এয়া যেন কেৱল নিপুণ শিল্পীৰ বাবেহে সম্ভৱ৷ মই বুজি পালোঁ, মানুহকেইগৰাকীয়ে মোৰ অৱস্থাটো খুব উপভোগ কৰিছে৷ মই কি হাৰ মানিম? কেতিয়াও নামানো৷ মই চেষ্টা অব্যহাত ৰাখিলোঁ৷

‘দে দে আই– বঁটাটো মোৰ ফালে দে৷’ এইমাত্ৰ কোঠাটোলৈ সোমাই অহা মোৰ শাহুৱে মোক আচৰিত কৰি কৈ উঠিল৷ তাৰ পিছত মহিলাকেইগৰাকীৰ ফালে চাই ক’লে, ‘সৰুতে মেট্ৰিক পাছ কৰিয়েই দিল্লীলৈ পঢ়িবলৈ যোৱা ছোৱালী তাই৷ তাৰ হোষ্টেলত থাকিয়েই বি এ-এম এ পাছ কৰিলে৷ এতিয়ালৈকে হোষ্টেলত থাকিয়েই চাকৰি কৰি থাকিল৷ ক’ত আৰু মাটিৰ তলত পুতি থোৱা অঁহীয়া তামোলৰ বাকলি গুচাব জানিব, হাত কাটিব কেনেবাকৈ৷’

‘পাৰিম মা– একো নহয়৷’ মই জেদ কৰিছিলোঁ৷ কিন্তু তেওঁ উঠি আহি কটাৰীখন আৰু তামোলটো এক প্ৰকাৰ মোৰ হাতৰ পৰা কাঢ়ি লৈ গ’ল৷

ঘৰখনৰ পৰিৱেশটো মোৰ ভাল লাগিছিল৷ ইটাৰে গঁঠা কুঁৱাপাৰৰ কাষৰ পৰাই ডাঠ বাঁহনি৷ ঝিলিৰ মাতৰ দৰে এক স্বৰ দুপৰীয়াৰ নিজানত গম্‌গমাই বাজি থাকে৷ অৰুণক সোধোঁতে ক’লে, ‘ঝিলিয়ে দুপৰীয়াও মাতে৷ সেয়া ঝিলিয়েই৷’

অৰুণহঁতৰ ভৰা ঘৰ৷ পাঁচজন ল’ৰাৰ অৰুণ আটাইতকৈ সৰু৷ দুজন দাদা-বৌ ঘৰতে থাকে৷ এজন গাঁৱৰ হাইস্কুলৰ শিক্ষক, আনজনে ব্যৱসায় কৰে৷ অৰুণকে ধৰি বাকীকেইজনৰ গুৱাহাটীতে চাকৰি, তাতেই ঘৰ বান্ধিছে৷ এতিয়া বিয়া বুলি ঘৰে-ঘৰোৱাহে ভৰি পৰিছে৷ দূৰণিবটীয়া আলহীবোৰো আছেহি৷

ঘৰখনৰ আগচোতাল বৃহৎ৷ দেৱদাৰু আৰু হেজ গছেৰে দীঘল পদূলিৰ দুয়োকাষ সজোৱা আছে৷ চোতালৰ মূৰলৈ দুফালে দুখন ফুলনি৷ অশোক-গোলাপ-গুলচ-তগৰ সকলো আছে৷ কিন্তু পকী পিৰালিৰ কাষৰ মাটিত ৰোৱা আঠ বজাত ফুলি উঠা মেৰুণ ৰঙৰ আঠবাজী ফুলবোৰেহে মোক বৰকৈ আকৰ্ষণ কৰিলে৷ গোহালিৰ কাষত থকা ইন্দ্ৰমালতী আৰু গধূলি গোপালকেইজোপা বোলে নিজে নিজে হোৱা– মাক সোধোঁতে ক’লে৷ ঘৰৰ পিছফালেও এখন ডাঙৰ চোতাল আছিল৷ সাধাৰণতে মহিলাসকলে পিছচোতালত বহিহে কথাৰ মহলা মৰাৰ অঘোষিত নিয়ম আছিল৷ কিন্তু এহাত ওৰণি টানি ফুৰা মোৰ আগ্ৰহক গুৰুত্ব দি শাহুমায়ে পদূলি, আগচোতালত থকা ফুল আৰু গছবোৰৰ নামেৰে মোক স’তে চিনাকী কৰি দিছিল৷

মূল ‘মান ধৰা’ পৰ্ব শেষ হ’লেও ‘মান’ ধৰা কামটো মাজে মাজে কৰি থাকিবলগীয়া হৈছিল৷ দূৰণিবটীয়া আত্মীয় কিছুমান ‘কইনা’ চাবলৈ আহিয়েই আছিল৷ মায়ে কোনো অসন্তুষ্ট হৈ যোৱাটো বিচৰা নাছিল৷ আঁঠু কাঢ়ি কাঢ়ি মাজে মাজে মোৰ ভাগৰ লাগিছিল যদিও সমগ্ৰ প্ৰক্ৰিয়াটো আৰু মানুহবিলাকক মই কৌতূহল আৰু সহৃদয়তাৰে লক্ষ্য কৰিব খুজিছিলোঁ৷

এদিন আবেলি মায়ে মোৰ কোঠালৈ আঁঠু মূৰত চুৰীয়া পিন্ধা আদহীয়া মানুহ এজনক লৈ আহিল৷ ৰ’দে পোৰা আটিল চেহেৰাৰ মানুহজনলৈ চালেই গম পোৱা যায় তেওঁ খাটি খোৱা মানুহ– মুখৰ পৰা সস্তীয়া মদৰ গোন্ধ ওলাইছিল৷ চুচুক-চামাককৈ কোঠাটোলৈ সোমাই অহা মানুহজন দুৱাৰমুখ পাৰ হৈয়ে পকাতে বহি দিব খুজিলে৷
‘উঠ উঠ– তাত নবহিবি– সমুখলৈ আহ৷’ মায়ে তেওঁলৈ ঢাৰী এখন আগবঢ়াই দিলে৷

‘মিথি, ই মোহনা দেই৷ আমাৰ ঘৰৰ আটাইতকৈ পুৰণি হালোৱা৷ ঘৰৰ গোটেই খেতি-বাতি এতিয়া ইয়েই চম্ভালে৷ দেউতাৰৰ খুব বিশ্বাসী মানুহ আছিল৷ কাষৰ বঙালী গাঁৱত ঘৰ৷ খেতিৰ দিনত আমাৰ ঘৰতে থাকে৷ চাওঁ– আগবাঢ়ি আহ৷ মোহনাক সেৱা এটা কৰ– আৰ্শীবাদ ল৷’ মায়ে হাতত লৈ অনা ধুতী এখন, ফুলাম গামোচা এখন আৰু তামোল-পাণ এযোৰাৰ সৈতে শৰাইখন সজাই দিলে৷ [তেওঁ জানিছিল, মোৰ বাকচ ইতিমধ্যে মান ধৰি ধৰি উদং হৈছে৷]

মই আঁঠু কাঢ়ি মোহনা কাইক সেৱা কৰোঁতে তেওঁৰ লেতেৰা অথচ সবল ভৰি দুখন যেন কুণ্ঠিত হৈ পিছ হোঁহকিব খুজিলে৷ তেওঁ মোৰ মূৰত চুই আৰ্শীবাদ দিলে– ‘কুশলে থাক ন-ছোৱালী৷’ ‘মান ধৰা’ পৰ্বটি শেষ কৰি মই মোহনা কাইৰ মুখলৈ মূৰ তুলি চালোঁ– তেওঁৰ চকুৰ পানী, ওঁঠত জান-নাজান হাঁহি৷ মোৰ মন ভৰি গ’ল৷
আলহী-আত্মীয়সকল লাহে লাহে ঘৰা-ঘৰি গৈছিলগৈ৷ ঘৰখনৰ মানুহবোৰেও দীৰ্ঘদিনীয়া ব্যস্ততা আৰু ক্লান্তিৰ পিছত দুপৰীয়া এঘুমটি মাৰিবলৈ হেঁপাহ কৰিছিল৷

মানুহে-দুনুহে গিজ্‌গিজাই থকা ঘৰখন দুপৰীয়াৰ ভাত-সাঁজ খোৱাৰ পিছতে একেবাৰে নিজম পৰে৷ গুৱাহাটীলৈ উভতি অহাৰ আগদিনাৰ কথা৷ মায়ে মোক তেওঁৰ কোঠালৈ মাতি নি ৰঙা মখমল কাপোৰেৰে মেৰিওৱা টেমা এটা খুলি দেখুৱালে৷ নোমাল মখমলত সোণ-ৰূপৰ এসোপামান গহনা চিক্‌মিকাই উঠিল– আজিকালি সততে চকুত নপৰা জোনবিৰি, ঢোলবিৰি, গামখাৰু, কাণৰ থুৰীয়া, চুৰী, বহুকেইটা আঙঠি আৰু সোণৰ আঁহতপতীয়া লকেট থকা ৰঙা পোৱালমণিৰ কেইধাৰমান মালা৷ সোণ-ৰূপৰ কেইটামান মুদ্ৰাও দেখিবলৈ পালোঁ৷

মায়ে সোণৰ জোনবিৰি আৰু ৰঙা পোৱালমণি এধাৰ মোৰ হাতত দিলে, ক’লে, ‘পিন্ধিবি৷’

টোপোলাটোলৈ চাই মই আচৰিত হৈছিলোঁ৷ ‘ইমান গহনা–’, আপোনা-আপুনি মোৰ মুখৰ পৰা ওলাই আহিল৷

‘এই টোপোলাটোত মোৰ শাহুৱে মোক দিয়া, তেওঁক তেওঁৰ শাহুৱেকে দিয়া গহনা আছে৷ মোৰ মাৰ আধাভাগ গহনা মই পাইছিলোঁ– সেয়াও ইয়াতে আছে৷ আৰু বেছি আছিল৷ তোক দিয়াৰ দৰে প্ৰতিজনী বোৱাৰীকে দুই এপদকৈ দিলোঁ৷ এইখিনি যে দেখিছ– ইয়াৰে দুটা ভাগ কৰিম৷ এটা ভাগ নাতিনীকেইজনীক দিম, আনটো ভাগ মানুহ এজনীক দিব লাগিব৷ ঘৰৰে মানুহ আছিল– বহুদিন খা-খবৰ পোৱা নাছিলোঁ৷ এতিয়া খবৰ এটা পাইছোঁ৷ মৰাৰ আগতে এবাৰ লগ পাই হকৰ বস্তুকেইটা দি নগ’লে মৰিও শান্তি নাপাম৷’ মা যেন অন্য মনস্ক হ’ব খুজিলে৷

‘কোন নো তেওঁ, মা?’ মই কৌতূহলেৰে সুধিলোঁ৷

‘দেউতাৰে আৰু এজনী আনিছিল নহয় ডেকা বয়সত–’ মায়ে লাহেকৈ হাঁহিলে৷ হাঁহিটোত কি আছিল মই ধৰিব নোৱাৰিলোঁ৷

শহুৰদেউতাৰ আৰু এগৰাকী পত্নী থকা কথাটো মই নাজানিছিলোঁ৷ অৰুণৰ মুখতো কেতিয়াও শুনা নাছিলোঁ৷ মই বিস্মিত হ’লোঁ৷

‘দেউতাৰে সৌ সিখন গাঁৱৰ ছোৱালী এজনী পথাৰৰ পৰাই লৈ আনিছিল নহয়– মাটি ৰুই, ধান দাই খোৱা দুখীয়া মানুহৰ ছোৱালী আছিল৷ বৰ দেখনিয়াৰ আছিল৷’ মা খন্তেক ৰ’ল, হুমুনিয়াহ কাঢ়িলে৷ মই নিশ্চুপ হৈ থাকিলোঁ৷

‘মই বোলো আনিলে যেতিয়া আনিলে আৰু– এতিয়া ভালকৈ থাকিলেই হ’ল৷ থাকক মোৰ লগতে মিলিজুলি৷ হ’লে কি হ’ব– দুমাহমানৰ পিছতে দেউতাৰৰ মন ভৰিল৷ দিলে নহয় ঘৰৰ পৰা উলিয়াই–৷’

‘কি?’ মোৰ অবাক হোৱাৰ পাল৷

‘এৰা৷ দুখন গাঁৱৰ ৰাইজক সাক্ষী কৰি বিশ বিঘা মাটি মানুহজনীৰ নামত লিখি দিলে৷ মাক-দেউতাকে ভালেই পালে কিজানি! মাটিখিনি পাই হাঁহিমুখে জীয়েকক ঘৰলৈ লৈ গ’ল৷’

‘অহ্‌’ কি ক’ম মই ভাবি পোৱা নাছিলোঁ, ‘গহনাখিনি তেখেতলৈ থৈছে মা?’

‘নহয় অ’– ইয়াৰ পৰা যোৱাৰ কেইমাহমানৰ পিছতে তাইৰ ছোৱালী এজনী হ’ল৷ তাই দেউতাৰৰ ওচৰলৈ ছোৱালীজনী লৈ আহিছিল৷ দেউতাৰে তেখেতৰ ছোৱালী নহয় বুলি ক’লে– ক’লেহে হয়, তাইক কিন্তু বহু টকা সিকা দি পঠিয়ালে৷ দুবছৰমানৰ পিছত কিবা এটা টান বেমাৰ হৈ মানুহজনী ঢুকাল৷ সাত-আঠ বছৰমান বয়সত ছোৱালীজনী দুবাৰমান দেখিছিলোঁ– সাইলাখ দেউতাৰৰ গঢ়-পিত পাইছে৷ তাৰ পিছতে মোমায়েকে তাইক তেজপুৰলৈ লৈ গৈছিল বুলি কোনোবাই খবৰ দিছিল মোক৷…বহুদিন হ’লতো– কথাবোৰ পাহৰিয়েই গৈছিলোঁ৷’

পুনৰ এবাৰ থমকি ৰ’ল মা৷ মাতটো সেমেকিল– অলপ থোকা-থুকি হ’ল– ‘মই দেখাত জীৱনত সেই এটাই মাত্ৰ ভুল কৰিছিল মানুহজনে৷ ছোৱালীজনীৰ নাম বীণা৷ অহা মাহত তাইৰ বিয়া৷ মোমায়েক আহিছিল বিয়ালৈ মাতিবলৈ৷ মই ভাবিছোঁ যাম৷ পাটৰ কাপোৰ এসাঁজ দি তাইক আৰ্শীবাদ কৰি আহিম৷ এই গহনাখিনিৰ ওপৰত তাইৰো হক আছে৷ এইখিনিও দিম৷ তাই হাঁহিমুখে ল’লে মই শান্তি পাম৷’

মায়ে সোঁহাতখনৰে গলপতা এধাৰ ধৰি থাকি বাওঁহাতেৰে চকুৰ কোণ দুটা মোহাৰিলে৷

‘ল’ব মা– আপুনি ইমান হেঁপাহেৰে দিয়া বস্তু নিশ্চয় ল’ব তেওঁ৷ কিন্তু এটা কথা কওকচোন– দেউতাই যে আৰু এজনী আনিছিল কথাটোত আপোনাৰ বেয়া লগা নাছিলনে?’

‘লাগিলেনো হ’ব কি? আচলতে দেউতাৰ বেয়া নাছিল অ’৷ আমাৰ মাটি-সম্পত্তি ঢেৰ আছিল যে– কোনোবাই হিংসাতে কিবা আহুদি কৰিছিল৷ আহুদিৰ কাল ওকলোঁতেই তেখেতৰ মন ঘূৰিছিলেই নহয়! সেই ঘটনাটোৰ আগে পিছে মানুহজনে মোৰ বাদে কোনো তিৰোতাৰ ওপৰতে চকু দিয়া নাছিল– এই কথাটো মই ভালকৈ জানো৷’ মাৰ বগা শোটোৰা-শোটোৰি মুখখনত এইবাৰ অকণমান লাজৰ ৰং লাগিল৷ তাতে আকৌ ভেণ্টিলেটৰেদি সৰকি অহা ৰান্ধনী বেলিৰ শেঁতা ৰ’দ অকণমানো উজাৰ খাই পৰিল৷ মই তধা লাগিলোঁ৷

ৰাতি অৰুণক সোধোতে ক’লে– ‘অ’ কথাটো জান-নাজানকৈ মনত পৰিছে– মই তেতিয়া কিজানি স্কুললৈ যোৱাই নাছিলোঁ৷ এই কথাটো আমাৰ ঘৰত কেতিয়াও আৰু আলোচনা কৰা হোৱা নাছিল–৷’

গুৱাহাটীলৈ উভতি আহি পুনৰ ব্যস্ত সাংবাদিকৰ জীৱনটোত মিলি পৰিলোঁ৷ উত্তৰ পাৰৰ নাহৰনি নামৰ গাঁও এখনত বিবাহসূত্ৰে মোৰ নিজৰ এখন ঘৰ হৈছিল– সেই কথাটো সচেতনভাৱে মনত ৰখাৰে আহৰি নোহোৱা হৈছিল৷ গুৱাহাটীত ভাৰালৈ লোৱা সৰু ফ্লেটটোকে মই নিজৰ মতে সজাই তুলিছিলোঁ৷ সেয়াই আছিল মোৰ ঘৰ– তাতেই টুক-টাককৈ আমাৰ সৰু সংসাৰখন আগবাঢ়িছিল৷

কিন্তু শাহুমালৈ মাজে মাজে মোৰ বৰকৈ মনত পৰিছিল৷ বিশেষকৈ যেতিয়া মোৰ মহিলা সহকৰ্মীসকলে নিজৰ নিজৰ শাহুৱেকৰ পৰা পোৱা অশান্তি-অসুবিধাবোৰৰ কথা কৈছিল তেতিয়া মই অবাক হৈছিলোঁ৷ কোনো উচ্চ শিক্ষিতা শাহুৱেকে যদি সাংবাদিক বোৱাৰীয়েকক চাকৰি এৰি ঘৰ চম্ভালিবলৈ জোৰ কৰিছিল, আন কোনোবা শাহুৱেকে আকৌ ডাক্তৰ পুতেকলৈ বিয়া কৰাবলৈ কম পঢ়া ছোৱালী বিচাৰি ফুৰিছিল৷ ডাক্তৰ-ইঞ্জিনীয়াৰেৰে ভৰি থকা, উচ্চ বৰ্ণ হিন্দুৰ গৰ্ব আৰু পৰম্পৰাৰে ওফন্দি থকা এখন ঘৰত ন-বোৱাৰীয়ে আনকি হাড় কঁপোৱা জাৰৰ দিনকেইটাতো ছেণ্ডেল পিন্ধাৰ অনুমতি নোপোৱাৰ কাহিনী শুনি তবধ মানিছিলোঁ৷ অবিশ্বাস্য যেন লাগিছিল৷ বুজিছিলোঁ, কিছুমান কাহিনী একপাক্ষিক আছিল, কিন্তু সম্পূৰ্ণ মিথ্যা নাছিল৷ আৰু মই যেতিয়া তেওঁলোকক কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নথকা, ভিতৰুৱা গাঁও এখনতে জীৱন পাত কৰা মোৰ শাহুৰ কাহিনী কৈছিলোঁ, তেওঁলোকে সাধুকথাৰ দৰে শুনিছিল৷

দিনবোৰ গৈ আছিল৷ বছৰত এবাৰ বা দুবাৰ দুৰাতি থকাকৈ নাহৰনিলৈ গৈছিলোঁ– সেই দুদিনতো ঘৰতকৈ বেছি সময় অতিবাহিত কৰিছিলোঁ অৰুণৰ পুৰণা বন্ধু-বান্ধৱীবোৰৰ লগত৷

এবাৰ ব’হাগ বিহুত নাহৰণিলৈ যাওঁতে শাহুমাক মই জোৰ কৰি মোৰ লগত গুৱাহাটীলৈ লৈ আনিলোঁ৷ ঘৰটোত সোমায়েই আহত মুখ এখনেৰে মায়ে বিৰ্‌বিৰালে– ‘চোতাল-পদূলি নথকা পাৰৰ বাহৰ দৰে এই ঘৰবোৰত তহঁতনো কেনেকৈ থাক জানো!’

আমাৰ অত্যন্ত ব্যস্ত দৈনন্দিনতাত মা অবাক হয়৷ পাৰ্ট টাইম কাম কৰা মানুহ এজনী আহে যদিও পুৱাবেলা মোৰ উশাহ লোৱাৰো আজৰি নাথাকে৷ থুপুক-থাপাক খোজেৰে (বয়সে প্ৰায় সত্তৰ বছৰীয়া মানুহজনীৰ খোজ-কাটললৈ এক ধৰণৰ জড়তা আনি দিছিল) মায়ে ঘৰটো সাৰি মোক সহায় কৰি দিবলৈ বিচাৰে৷ পাছলি কুটিবলৈ কটাৰীখন হাতত লয়৷ মানা কৰিলেও নুশুনে৷

মোৰ অলপ পানীলগা জ্বৰ হৈছিল৷ মায়ে নহৰু তেল গৰম কৰি ডিঙি, পিঠি আৰু কান্ধ মালিচ কৰি দিলে৷ প্লাষ্টিকৰ বাল্টি এটাত গৰম পানী বাকি তাত দহ মিনিট সময় ভৰি ডুবাই ৰাখিবলৈ মোক বাধ্য কৰিলে৷ সেইদিনা ৰাতি দেৰিকৈ ঘৰলৈ অহা অৰুণক মায়ে মৃদুকৈ ডবিয়ালে– ‘ছোৱালীজনীৰ গা বেয়া হৈ আছে– অলপ সোনকালে ঘৰলৈ আহিব নোৱাৰ আৰু মই যোৱাৰ পিছত ৰাতি ৰাতি তাইক দুই এখন কামত সহায় কৰি দিবি আক’৷ পুৱাৰ পৰা গধূলিলৈকে অফিচ কৰি ঘৰলৈ আহোঁতে ছোৱালীজনীৰ মুখখন শুকাই আহে দেহি, তাৰ পিছত আকৌ ৰন্ধা-বঢ়া– আজৰি নাপায়েই৷’ অৰুণে মাক হাঁহি হাঁহি জোকালে– ‘তোৰ গাত শাহুৱেকৰ অকণমানো লক্ষণ নাই মা৷ ক’ত শাহু হৈ বোৱাৰীয়েৰক খেচ্‌খেচাবি– বোৱাৰীয়েৰৰ চাইদ্‌ লৈ মোকহে দেখোন খেচ্‌খেচাৱ।’

মাক এদিন দেওবাৰে কলাক্ষেত্ৰ দেখুৱালোঁ৷ আন এদিন সন্ধিয়া নেহৰু পাৰ্কলৈ লৈ গ’লোঁ৷ মাৰ খোৱা-বোৱাত চখ আছে বুলি জানিছিলোঁ৷ ৰন্ধাত বিশেষ ৰুচি নাছিল যদিও অফিচত সহকৰ্মীৰ পৰা দুই এটা ৰেচিপি শিকি আহি মাক ৰান্ধি খুওৱাৰ যত্ন কৰিছিলোঁ৷ কিন্তু মায়েহে আমাক বেছিকৈ ৰান্ধি খুওৱাৰ হেঁপাহ কৰিলে৷ ঘৰৰ পৰা লৈ অহা কলাখাৰৰ বিভিন্ন ব্যঞ্জন মোক শিকালে৷ বাঁহ গাজেৰে দাইল, মাছ আদি ৰান্ধিবলৈয়ো শিকালে৷

মাক সংগ দিবলৈ মোৰ দৰে অৰুণো অফিচৰ পৰা সোনকালে আহিবলৈ ধৰিছিল৷ কিন্তু দহ দিনমানৰ পিছতে মাৰ আমনি লাগিল৷ ঘৰৰ বহু কথা ইটোৰ পিছত সিটোকৈ মাৰ মনলৈ আহিবলৈ ধৰিলে– ‘আমৰ আচাৰ বনাবলৈ আছে’, ‘কাজলীজনী জগিবৰ হৈছে’, ‘মোহনাৰ বোৱাৰীয়েকৰ কেঁচুৱা হওঁ হওঁ, মই নাথাকিলে টকা-সিকা লাগিলেও সি বৰপোনাক ক’বলৈ অসুবিধা পাব’– মুঠতে এশ এবুৰি কথাৰ হেতা-ওপৰা৷

দুসপ্তাহ পাৰ নহওঁতেই মায়ে এদিন ৰাতিপুৱাই ক’লে, ‘কাইলৈ মাজুকণৰ ঘৰলৈকে যাওঁ দে৷ তাত দুৰাতি থাকি বুুবুৰ ঘৰতো ৰাতি এটা থাকি যামগৈ আৰু৷ মাকজনী আহি সিহঁতৰ ঘৰতো ৰাতি দুটা থাকি নগ’লে মনত দুখ পাব নহয়৷’

কথাটো হয়৷ মাক আৰু জোৰ কৰি ৰাখি থোৱাটো উচিত নহ’ব৷ পিছদিনা অফিচৰ পৰা আহি ময়েই তেওঁক মাজুদাদাৰ ঘৰলৈ লৈ যাম বুলি ক’লোঁ৷

সেইদিনা অফিচৰ পৰা সোনকালে ওলালোঁ৷ মাক কৈ গৈছিলোঁ– ভাবিছিলোঁ তেওঁ কাপোৰ-কানি পিন্ধি সাজু হৈ থাকিব৷ মাজু দাদাৰ ল’ৰা-ছোৱালী দুটা৷ বৌ ইতিহাসত এম এ পাছ যদিও চাকৰি নকৰে৷ তাত থাকি মায়ে ভাল পায় বুলি জানিছিলোঁ৷ কিন্তু ঘৰলৈ আহি দেখিলোঁ– মা শুই আছে৷ চুলিবোৰ আউল-বাউল৷

‘কি হ’ল মা?’ মই আচৰিত হ’লোঁ৷

‘গাটো অলপ বেয়া লাগিছিল অ’– মূৰটো ঘূৰোৱাৰ নিচিনা লাগিল– ডিঙিটোও টানি টানি ধৰিছিল৷ শুই দিওঁতে কেতিয়া টোপনি আহিল ক’বই নোৱাৰিলোঁ৷’ তেওঁৰ চকু দুটা অলপ ৰঙা৷ গাত হাত দি চালোঁ– গৰম৷

‘এহ্‌– একো হোৱা নাই৷ ওলাওঁ ৰ৷’ তেওঁ বিছনাৰ পৰা উঠিব খুজিলে৷

মোৰ মনটো বেয়া লাগিল৷ চিন্তাও হ’ল৷ মাক ক’লোঁ, ‘আজি যাব নালাগে, ইয়াতে থাকক৷ এতিয়া ডাক্তৰৰ ওচৰৰ পৰা আহোঁগৈ৷’

মায়ে নুশুনিলে– ‘থ হেৰৌ– অকণমান গাটো বেয়া লাগিছিল মাত্ৰ– একো হোৱা নাই মোৰ৷ একেৰাহে ডাক্তৰ ডাক্তৰকৈ নাথাকিবি৷’

তেওঁ উঠিল– খৰ-ধৰকৈ কাপোৰ-কানি পিন্ধি সাজু হ’ল৷ তথাপি দাদাৰ ঘৰলৈ যোৱাৰ বাটত জোৰ কৰি মই তেওঁক ফাৰ্মাচী এখনলৈ লৈ গ’লোঁ, প্ৰেচাৰ জুখিবলৈ৷

ডাক্তৰ নাছিল, প্ৰেচাৰ জুখি ফাৰ্মাচিষ্টৰ চকু কপালত উঠিল৷ মোক একাষৰীয়াকৈ মাতি নি ক’লে– ‘ৱান এইটি বাই ৱান থাৰ্টি৷ বহুত বেছি প্ৰেচাৰ আছে৷ যিকোনো সময়তে ষ্ট্ৰোক হ’ব পাৰে৷ মই টেবলেট দুটা দিওঁ– তেখেতক এতিয়াই খুৱাই দিয়ক আৰু যিমান পাৰে সোনকালে ডাক্তৰৰ ওচৰলৈ লৈ যাওক৷ মোৰ মতে ৰাতিটো তেখেতক হাস্পতালত ৰখাই ভাল হ’ব৷

মই খুব ভয় খালোঁ৷ মাক টেবলেট দুটা খুৱাই অৰুণ আৰু মাজুদাদালৈ ফোন কৰিলোঁ৷ দাদাই ক’লে ‘এতিয়াই ইয়ালৈ আহা– মাক কাষৰ নাৰ্ছিং হোমলৈয়ে লৈ যাওঁ৷’ অৰুণো প্ৰায় আমাৰ লগে লগে দাদাৰ ঘৰ পালেগৈ৷ বুবুদাদাও আহিল৷ আমাৰ উথপথপ আৰু ভীতিবিহ্বল মুখবোৰ দেখি মায়ে অভয় দিলে, ‘অ’ পেচাৰ উঠিছে হ’বই৷ টিপি হালদাৰে দিয়া পিল শেষ হৈছিল৷ বৰপোনাক দুবাৰমান কৈছিলোঁ– সিও আনিবলৈ পাহৰি আছিল৷ পিলকেইটা খাবলৈ ল’লেই ভাল হৈ যাব৷’ টিপি হালদাৰ আছিল নাহৰণিৰ হোমিঅ’ ফাৰ্মাচী এখনৰ ফাৰ্মাচিষ্ট৷

সেইদিনা গধূলি মাক গুৱাহাটীৰ স্পেচিয়েলিষ্ট ডাক্তৰে দিয়া ঔষধ খুৱাই আমি সকলো সন্ত্ৰষ্ট হৈ থাকিলোঁ৷ ডাক্তৰে পৰ্যায়ক্ৰমে মাৰ এলানি টেষ্ট কৰিবলৈও লিখি দিছিল৷ মা ভালে থাকিল– প্ৰেচাৰো বহুখিনি কমিল৷ আমাক আশ্বস্ত কৰি সকলো টেষ্টৰে ৰিপ’ৰ্টে দেখুৱালে– হাই প্ৰেচাৰৰ বাবে মাৰ আন একো শাৰীৰিক অসুবিধা নাই৷ মায়ে স্বাভাৱিকভাৱেই ঘূৰা-ফুৰা কৰি থাকিল; কিন্তু টিপি হালদাৰৰ ঔষধৰ ওপৰত থকা মাৰ অগাধ আস্থাক গুৱাহাটীৰ বিশেষজ্ঞ ডাক্তৰৰ চিকিৎসাই নোহোৱা কৰিব নোৱাৰিলে৷ মাজুদাদা আৰু বুবুদাদাৰ ঘৰত কেইদিনমান থকাৰ পিছতে অৰুণে মাক নাহৰণিত থৈ আহিবলগীয়া হ’ল; কাৰণ টিপি হালদাৰৰ পিলটো কি আছিল আমি কোনেও জনা নাছিলোঁ– ফোন কৰিবলৈ তেওঁৰ হাতত ফোনো নাছিল– অথচ মাৰ অগাধ বিশ্বাস আছিল, টিপি হালদাৰৰ দৰব খালেই তেওঁৰ অৱস্থা ভাললৈ আহিব৷ কেতিয়াবা কিজানি বিশ্বাসো ঔষধ হয়৷ মা নাহৰণি গৈ পোৱাৰ কেইদিনমানৰ পিছতে তেওঁৰ প্ৰেচাৰ সম্পূৰ্ণ স্বাভাৱিক হোৱাৰ খবৰ পাইছিলোঁ৷

ন-কৈ বনোৱা ফিন্‌ফিনীয়া হাইৱে’ৰে সো-সোঁৱাই পাৰ হৈ যোৱা ট্ৰাকবোৰৰ দৰে তীব্ৰ গতিৰে দিনবোৰ পাৰ হৈছিল৷ সাংবাদিকতাৰ ব্যস্ততাৰ মাজতে মই গৱেষণাৰ কাম আৰম্ভ কৰিছিলোঁ৷ ক’ম্পেণীত অৰুণৰো পদোন্নতি হৈছিল– মাহেকে-পষেকে থকা ট্যুৰবোৰৰ বাবে অৰুণে মোকো ভালদৰে সময় দিব নোৱাৰা হৈ আহিছিল৷ এনে সময়তে মোৰ দেউতাৰ হাৰ্টৰ অসুখ আৰু মাৰ ডায়েবেটিছ ধৰা পৰিল৷ নিজৰ সংসাৰখনৰ লগতে মা-দেউতাৰ দায়িত্বও মই কান্ধ পাতি ল’লোঁ৷

প্ৰায় এবছৰ দেউতাৰ চিকিৎসা চলিল– এবছৰৰ মূৰত অপাৰেশ্বন কৰা হ’ল৷ দেউতাৰ অৱস্থা লাহে লাহে ভাললৈ আহিল৷ বহুদিনীয়া চিকিৎসাৰ অন্তত মাৰ অৱস্থাও কিছু স্বাভাৱিক হ’ল৷ মই পুনৰ গৱেষণাৰ কাম আৰম্ভ কৰিছিলোঁ৷ ইতিমধ্যে চাকৰিতো মোৰ এটা প্ৰমোশ্বন হৈছিল– কাম আৰু দায়িত্ব আগতকৈ বাঢ়িছিল৷

প্ৰায় দুবছৰমান অৰুণ আৰু মই নাহৰনিলৈ যাব পৰা নাছিলোঁ৷ অপৰাধবোধ হৈছিল৷ সেয়ে ব’হাগ বিহুৰ সময়ত পাঁচদিনৰ ছুটী লৈ দুয়ো নাহৰনি পালোঁগৈ৷ মাৰ চেহেৰা সলনি হৈছিল– স্বাস্থ্য ভাগিছিল৷ চুলিবোৰ সম্পূৰ্ণকৈ পকি গৈছিল৷ খোজ-কাটললৈ আগতকৈও বেছি জড়তা আহিছিল৷ কিন্তু হঠাৎ সন্মুখীন হোৱা যিটো কথাই আমাক চিন্তিত আৰু মৰ্মাহত কৰি তুলিছিল সেইটো হ’ল গাঁৱৰ দুই দাদাৰ বাঢ়ি অহা মানসিক ব্যৱধান আৰু মাৰ অসহায় অৱস্থা৷

নাহৰনি গাঁওখন দুটা খেলত বিভক্ত হৈছিল– শংকৰীয়া আৰু বামুণীয়া৷ সৰু দাদা বামুণীয়া হোৱা বাবে মায়ে তেওঁলোকৰ লগত খোৱা-বোৱা বন্ধ কৰি দিছিল৷ তেওঁলোকে চৰু সলাইছিল৷ বৰ দাদা শংকৰীয়া খেলটোত আছিল, কিন্তু তেওঁ ঘৰৰ পৰা অলপ দূৰত নতুনকৈ ঘৰ সাজি তালৈ উঠি গৈছিলগৈ৷ মাক তেওঁ লগত ৰাখিবলৈ বৰকৈ জোৰ কৰিছিল যদিও শহুৰ দেউতাৰ ভেটি এৰি আন ক’ৰবালৈ যাবলৈ তেওঁ দৃঢ়ভাৱে অস্বীকাৰ কৰিছিল৷

সেয়ে দুসাঁজ ভাত মায়ে নিজে ৰান্ধি খাবলগীয়াত পৰিছিল৷ অৱশ্যে কুঁৱাৰ পৰা পানী তুলি দিয়া, ঘৰ সৰা-মচা, কাপোৰ ধোৱা, বাচন ধোৱা আদি কামবোৰ কৰি দিবলৈ বঙালী গাঁৱৰ পৰা মোহনা কাইৰ ডাঙৰ জীয়েকজনী আহিছিল– দিনটো মাৰ লগতে থাকি সাঁজ লগাৰ আগে আগে তাই গৈছিলগৈ৷ বৃহৎ ঘৰটোৰ চুক এটাত অকলে ৰান্ধি খাই অকলে অকলে শুই পৰা মানুহগৰাকীৰ বাবে আমি উদ্বিগ্ন হৈ পৰিছিলোঁ৷

মোৰ আৰু অৰুণৰ হাজাৰ অনুৰোধেও মাক টলাব নোৱাৰিলে৷ তেওঁক কোনোপধ্যে আমি আমাৰ লগত গুৱাহাটীলৈ আহিবলৈ সন্মত কৰাব নোৱাৰিলোঁ৷ বৰকৈ জোৰ কৰি থকাত হাঁহি হাঁহি তেওঁ ক’লে, ‘তহঁতৰ সেই পাৰৰ বাহৰ দৰে ঘৰবোৰ দেখিলেই মোৰ উশাহ চুটি হৈ আহে অ’– পিছচোতাল, আগচোতাল একো নাই৷ ঘৰৰ ভিতৰতে পায়খানা৷ ইপিনে ডাঙৰকৈ কথা এষাৰ ক’লেও কাষৰ ঘৰে শুনে৷ আৰু তলে-ওপৰে ইমান সোপা মানুহ– ক’তো সাৰি শব্দ এটা নাই; কোনো কাৰো ঘৰলৈ নাযায়৷ মই সেইবোৰত থাকিবগৈ নোৱাৰো অ’৷ মোক ইয়াতে শান্তিৰে মৰিবলৈ দে হঁত৷’

আমি তেওঁক এৰি থৈ আহিবলৈ বাধ্য হৈছিলোঁ৷

তাৰ পিছতে আহিল পৃথিৱী সলাই পেলোৱা মোবাইল ফোন বিপ্লৱ৷ এবছৰ দুবছৰৰ ভিতৰতে নগৰ-চহৰতো বাদেই, গাঁৱে-ভূঞেও মোবাইল ফোনৰ প্ৰসাৰ ঘটিল৷ সৰু দাদাই কিনি দিয়া ফোনটোৰে মায়ে লাজ লাজকৈ আমালৈ ফোন কৰিলে৷ যিয়েই নহওক– চিন্তা এটাৰ কিঞ্চিৎ উপশম হৈছিল৷ গাঁৱত নেটৱৰ্ক বেয়া হ’লেও দুই তিনিদিনৰ মূৰত মাৰ খবৰ এটা লোৱাটো সম্ভৱ হৈ উঠিছিল৷

মা খোৱাত চৌখিন আছিল৷ বিধে বিধে ৰান্ধি খাই, আনকো খুৱাই তেওঁ ভাল পাইছিল৷ কিন্তু এতিয়া ফোনত ‘কি খালে মা’ বুলি সুধিলে তেওঁৰ উত্তৰটো তেনেই সৰু হৈ গ’ল৷

‘সৰু পোনাই মাছ দুটামান দি গৈছিল– তাকে পুৰিলোঁ৷ ভাতত আলু দিলোঁ৷’ অথবা ‘এ– ৰান্ধিবলৈ মনেই নগ’ল– ভীমকলেৰে পিঠাগুড়ি সানি তাকে খালোঁ৷’

‘খোৱাত ইমান অৱহেলা কৰিলে গা বেয়া হ’ব নহয় মা–’ মই কওঁ৷ তেওঁ হুমুনিয়াহ কাঢ়ে– ‘অকলে অকলে খাবলৈ কিনো ৰান্ধি থাকিম অ’– মনেই নোযোৱা হ’ল দেখোন৷’

‘প্ৰেচাৰটো জুখিছেনে?’

মা অলপ পৰ নীৰৱে থাকে৷ তাৰ পিছত কয়, ‘টিপি হালদাৰৰ ফাৰ্মাচীলৈ বহু দূৰ যাবগৈ লাগে অ’৷ ইমান দূৰ খোজকাঢ়িবলৈ এলাহ লগা হ’ল আজিকালি৷ বৰপোনাক কৈছিলোঁ– সি স্কুটাৰতে লৈ যাম বুলি ক’লে৷ সময়েই নাপায় নহয় আজিকালি– আৰু এবাৰ মনত পেলাই দিব লাগিব ৰ৷’

‘বাসন্তী আহি আছে নে?’

‘আছে৷ নহ’লে আৰু মই চলিব পাৰোঁ নে?’

অলপ ইফাল-সিফাল কৰি একেকেইটা প্ৰশ্নকে মই সদায় সোধো– মায়েও অলপ ইফাল-সিফাল কৰি একেকেইটা উত্তৰকে দিয়ে৷

এদিন কিন্তু মাৰ মাতটো অলপ দুৰ্বল শুনিলোঁ৷ সোধাত কওঁ-নকওঁকৈ ক’লে, ‘মূৰটো অকণমান ঘূৰাইছিল৷’

‘কি খাইছিল?’

‘ভাততে আলু দুটা দিলোঁ– গছৰ পৰা বেঙেনা এটা আনি পুৰিলোঁ–৷’

‘কালি ৰাতি কি খাইছিল?’

‘এ ৰান্ধিবলৈ কিবা এলাহ এলাহ লাগিছিল–৷
পিঠাগুড়ি দুটামানকে–’

মোৰ চিন্তা হ’ল৷ দীৰ্ঘদিন খোৱা-বোৱাত অমনোযোগী হোৱা বাবে মানুহগৰাকী দুৰ্বল হৈ পৰিছে বুলি মই একপ্ৰকাৰ সিদ্ধান্তলৈ আহিলোঁ৷ মই অৰুণক ক’লোঁ– অৰুণে বৰ দাদাক ক’লে৷ দাদাই পিছদিনাই মাক টিপি হালদাৰৰ ফাৰ্মাচীলৈও লৈ গৈ’ল৷ কিন্তু প্ৰেচাৰ জোখা যন্ত্ৰটো বোলে বেয়া হৈ আছে– ভৰি ভাগি টিপি হালদাৰো দীৰ্ঘদিন বিছনাত৷ টিপি হালদাৰৰ ডাঙৰ ল’ৰাটোৱেই বোলে বহুদিনৰ পৰা ফাৰ্মাচীখন চলাই আছে, তেৱেঁই মাক টেবলেট দুটামান দিলে আৰু ভালকৈ খোৱা-বোৱা কৰিবলৈ ক’লে৷

দাদাই ফোন কৰি আমাক অভিযোগ দিলে– ‘ইমান যে আকোৰগোজ মা– কাকুতি-মিনতি কৰিও মোৰ ঘৰলৈ আনিব নোৱাৰিলোঁ৷’ তাৰ পিছত তেওঁ আমাক আশ্বস্ত কৰিলে– ‘কিন্তু তহঁতে চিন্তা নকৰিবি৷ মই এতিয়াৰ পৰা নিজেই মাৰ খোৱা-বোৱালৈ চকু দিম৷’ সেইদিনাৰ পৰা ‘ভাত কিহেৰে খালে’ বুলি সুধিলে মাৰ উত্তৰটো সলনি হ’ল৷

যেনে– ‘বৰপোনাই ঘৰৰ পৰা পাৰ মাংসৰ জালুকীয়া দি গৈছেহি–৷’

‘মঞ্জুৱে [ডাঙৰ বৌ] পচলা দি সৰু মাছ ভাজিছিল আজি৷ আৰু ভেদাইলতা-মচুৰদালিৰ বৰ৷ নিজে দি গ’লহি৷’

‘আলু-কণীৰ দম খালোঁ আজি– লগত উৰহী ভজা৷’

‘বৰপোনাই কলডিলেৰে ৰন্ধা পাৰ মাংস এবাটি দি গ’লহি আজি–৷’ ইত্যাদি৷

সঁচায়ে দাদাই মাৰ বৰ যত্ন লৈছিল৷ কেতিয়াবা আনকি ঘাই ঘৰৰ মাৰ কোঠাত থকা আনখন বিছনাতে ৰাতিও শুই পৰিছিল৷

কেৱল আমিয়ে নহয়– মাৰ আটাইকেইজন পুতেক-বোৱাৰীয়েকেই তেওঁক নিজৰ লগত ৰাখিবলৈ ইচ্ছা কৰিছিল৷ কিন্তু মা আছিল নাচোৰবান্দা৷ লাহে লাহে আমি সকলোৱে বুজি উঠিছিলোঁ, শহুৰ দেউতাই গঢ়ি থৈ যোৱা ঘৰখন, আগচোতাল-পিছচোতাল, গোহালি-ভঁৰাল, ফুলবোৰ, পদূলিৰ দেৱদাৰু-হেজ, সুদৃশ্য বাৰীখন– এইবোৰতে মাৰ সমগ্ৰ সত্তা বিলীন হৈ আছে, যাৰ পৰা কায়িকভাৱে তেওঁক পৃথক কৰাটো মৰ্মান্তিক কথা হ’ব৷

সেই বাবেই সকলোৱে আলোচনা কৰি মাহত অন্ততঃ কোনোবা এজন নাহৰণিলৈ গৈ মাৰ লগত দুৰাতি হ’লেও থাকি অহাটো নিয়ম কৰি লোৱা হ’ল৷

জেঠ মাহ আছিল৷ দীঘলীয়া ট্যুৰ এটাৰ পৰা আহি অৰুণ তিনিদিনৰ বাবে গাঁৱৰ ঘৰলৈ গ’ল৷

‘মাক কেনে দেখিছা?’ ফোনত সুধিলোঁ৷

‘বঢ়িয়া। খাই বৈ টুপটুপীয়া হৈ আছে৷ কাইলৈ এবাৰ প্ৰেচাৰটো চেক কৰাবলৈ লৈ যাম৷’ অৰুণে ক’লে আৰু ফোনটো মাক দিলে– ‘লোৱা– মাৰ লগত পাতা৷’

‘মা, গা ভালে আছেনে?’

‘ভালেই আৰু–৷’ মায়ে ডাঙৰকৈ ক’লে৷ তাৰপিছত ফুচ্‌ফুচালে, ‘‘এটা কথা নহয়– তোক যে কৈছিলোঁ দেউতাৰৰ ইজনী ঘৈণীয়েকৰ ছোৱালীজনীৰ কথা– তাই গিৰিয়েকক লৈ মোৰ লগত এৰাতি থাকি গ’লহি নহয়৷ নামটো বীণা– ইমান যে সাদৰী ছোৱালী– ‘মা’ বুলি মাতিলে মনটো একেবাৰে জুৰ পৰি যায়৷ (বৰপোনাই পিছে বৰ এটা ভাল পোৱা নাই৷) তাই ফোন নাম্বাৰটোও দি গৈছে৷ তোক দিম৷ খা-খবৰ এটা ল’বিচোন কেতিয়াবা ছোৱালীজনীৰ৷ তহঁতৰ গুৱাহাটীতে থাকে৷’’

‘হ’ব মা, ল’ম৷ আপুনি অৰুণৰ হাততে নম্বৰটো দি পঠিয়াব৷ পিছে আজি ভাতৰ জোগাৰ কি হৈছে?’

‘কণমইনাই ক’ৰবাৰ পৰা খাহীৰ মাংস আনি নিজে ৰান্ধিবলৈ লৈছে৷ ডাঙৰজনী (ডাঙৰ বৌ)ও আহিছে৷ বৰপোনাহঁতে ইয়াতে ভাত খাব আজি৷’ মাৰ মাতত উলাহ৷

‘বাঃ’

‘বহুদিন খাহীৰ মাংস খোৱাই নাছিলোঁ৷ কণমইনাই আজি খাহী বিচাৰি বিচাৰি গহপুৰ পালেগৈ হ’বলা, ৰসগোল্লাও আনিছে এটিন৷ সৰু পোনাহঁতকো দিছেগৈ৷’ সকলোকে একেলগে পাই মাৰ যে ফূৰ্তি লাগিছে তেওঁৰ মাততে বুজিলোঁ৷

মোৰো মনটো পাতল পাতল লাগিছিল৷ ফোন থৈ মই কম্পিউটাৰ খুলি ল’লোঁ৷

সেইদিনা ৰাতি চাৰে বাৰমান বজাত অৰুণৰ ফোন আহিল– ‘মা অচেতন হৈ বিছনাৰ পৰা পৰি গৈছে মিথি৷ মূৰটো বেঁকা হৈ গৈছিল৷ আমি এতিয়া গহপুৰৰ চিভিললৈ আনি আছোঁ৷’

উদ্বিগ্ন হৈ ফোনটোৰ কাষতে বহি থাকিলোঁ৷ তিনি বজাত খবৰ আহিল– মা ঢুকাল৷ প্ৰেচাৰ ষ্ট্ৰ’ক হৈছিল৷

ফোনতে অৰুণে হুক্‌হুকাই কান্দিলে, ‘আমি মাৰ খোৱা-বোৱাৰ যত্ন ঠিকেই ল’লোঁ– কিন্তু টিপি হালদাৰৰ ফাৰ্মাচীৰ কথা পাহৰি আঁতৰলৈ নি যে মাৰ প্ৰেচাৰটো নিয়মিত পৰীক্ষা কৰাব লাগিছিল– সেই কথাটো কোনেও নাভাবিলোঁ৷’

‘নাকান্দিবা অৰুণ, ধৈৰ্য ধৰা–’ নিজৰ চকুপানী চম্ভালি মই অৰুণক সান্তনা দিব খুজিছিলোঁ৷ কিন্তু অৰুণ ভাগি পৰিছিল– ‘মায়ে খুব হেঁপাহ কৰি খাহীৰ মাংস খাইছিল মিথি৷ হয়তো তেতিয়াই প্ৰেচাৰ খুব বেছি আছিল৷ কথাটো মোৰ মনলৈ নাহিলেই৷’

মই ফোনটো থৈ লৰালৰিকৈ কাপোৰ-কানি সামৰিলোঁ– সম্পাদকলৈ ছুটীৰ দৰ্খাস্ত এখনো মেইল কৰিলোঁ৷ তাৰ মাজতে বন্ধু এজনলৈ ফোন কৰি গাড়ী এখনৰো বন্দৱস্ত কৰিলোঁ৷ পুৱতি নিশাতে মই নাহৰণিলৈ যাবলৈ গাড়ীত উঠিলোঁ৷

প্ৰথম বৰ্ষাৰ আগ্ৰাসী বৰষুণজাকে (নে মোৰ অবিৰাম অশ্ৰুয়ে) দুকাষৰ পৰিচিত পৃথিৱীখন বাৰে বাৰে মোৰ দুচকুৰ পৰা মচি নিব খুজিছিল৷ তাৰ মাজতো ঔদ্যোগিক এলেকা এটাৰ প্ৰাচীৰ এখনত খাপচাৰাভাৱে ৰঙা ৰঙেৰে কোনোবাই লিখি থোৱা বাক্য এটা স্পষ্টকৈয়ে মোৰ চকুত পৰিল– ‘সবাৰ উপৰে মানুষ সত্য তাহাৰ উপৰে নেই৷’ চণ্ডীদাসৰ এই অমৰ বাণী মায়ে হয়তো কেতিয়াও শুনা নাছিল৷ কিন্তু নীৰৱে-নিঃশব্দে, গভীৰভাৱে তেওঁৰ জীৱনটোৱে তাকেই আওৰাইছিল৷

চালকক গাড়ীৰ গতি বঢ়াবলৈ ক’লোঁ৷ এক অনুপম সত্যৰ শেষ ছবিখন চিতাৰ জুয়ে পুৰি পেলোৱাৰ আগতে মই দেখিবগৈ লাগিব৷

☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply

Your email address will not be published.