ফটাঢোল

সুনীল চেট্টীৰ বডি-সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

চিনেমা পাগল সময়ৰে কাহিনী এইটো। স্কুলৰপৰা পলাই হলত চিনেমা চাবলৈ যোৱাৰ মজাই বেলেগ আছিল। স্কুলৰ অঘাইটং তিনি চাৰিজন লগ হৈ বাছৰ বডীৰ ওপৰত চহৰলৈ গৈ চিনেমা চোৱাৰ যি আমেজ সেইটো আজিকালিৰ ল’ৰা ছোৱালীয়ে সাধুকথা বুলি ভাবিব।

চহৰলৈ দূৰত্ব মাথোঁ‌ সাত কিলোমিটাৰ কিন্তু বাছত সময় লাগে প্ৰায় দেৰ ঘণ্টা। বাছত মানুহ কিমান যাব পাৰে সেইটো ফেভিকল বিজ্ঞাপনৰ ট্ৰাকখনৰ কথা ভাবি অনুমান কৰি লওক। সাত কিলোমিটাৰ ৰাস্তাত দেৰ ঘণ্টা লাগিলে ৰাস্তা কেনেকুৱা হ’ব পাৰে সেইটোও চাগে ইতিমধ্যে আপোনালোকে বুজি উঠিছেই। বাছৰ বডীৰ ওপৰত বহাকেইটাই তপিনাত ফেভিকল লগাই লৈ বহাৰ দৰেই হয়। টুলুং-ভুটুঙকৈ গৈ থাকে বাছখন হালি জালি।

চিনেমা হলত আকৌ আমেৰিকা বা ব্ৰিটেইনৰ পতাকা থকা এখন ৰুমাল পকাই পকাই মাথাত গাঁ‌ঠি মাৰি, হাততো ৰুমাল এখন বান্ধি লৈ হিৰোমাফিক টিকেট কাটিবলৈ নগ’লে ঠেলা হেঁ‌চাত প্ৰাণবায়ু ওলাই যোৱাৰ সম্ভাৱনাই অধিক। তিনি চাৰিজন লগ হৈ এজনক প্ৰটেকচন দি লৈ যাব লাগে টিকেট কাউণ্টাৰৰ সৰু ফুটাটোৰ সন্মুখলৈ। অকলে কাউণ্টাৰৰ ফুটাটোৰ ওচৰ চাপিবলৈ গ’লে নাক মুখ ভাঙি ওলাই অহাৰহে সম্ভাৱনা থাকে। অকণমান ফুটাটোত হাতখন ভৰাই তিনি চাৰিটা টিকট এবাৰত কিনি অনাটো অলিম্পিকত মেডেল জয় কৰাৰ দৰে কথা।

আমাৰ অঘাইটংকেইটাৰ মাজতে চিনেমা চাবলৈ যোৱা তিনিটামান গ্ৰুপ আছিল। এটা গ্ৰুপ মিঠুনৰ ফেন, সিহঁ‌তে হলত মিঠুনৰ বাহিৰে বেলেগৰ চিনেমা চাবলৈ তেনেকৈ নাযায়। এটা চানী দেউলৰ ফেন ক্লাৱ, এটা সঞ্জয় দত্তৰ ফেন ক্লাৱ। স্কুলত আমাৰ ফেন ক্লাৱকেইটাৰ মাজত অহি-নকুল সম্পৰ্ক। হতা-হতিও হয় কেতিয়াবা নিজৰ মাজতে নিজৰ পচন্দৰ হিৰোৰ বিষয়ে অন্য ফেন ক্লাৱে বেয়াকৈ ক’লে। মই মিঠুন ফেন ক্লাৱৰ কামাণ্ডাৰ আছিলোঁ‌, বেলেগ ফেন ক্লাৱৰ সদস্য দেখিলেই, “আই এম এ ডিস্ক’ ডান্সাৰ” বুলি এবাৰ কৈ দিলেই হৈ গৈছিল, খঙত জ্বলি পকি উঠে সিহঁ‌ত।

“কি জানে বে মিঠুনে, ঠেং পকাই নচাৰ বাহিৰে।আমাৰ চানিৰ চিনেমা চাবি, কেনেকুৱা বডী চানী দেউলৰ।”

এনেকুৱাকৈ কিবা-কিবি কৈ চানী দেউলৰ সমৰ্থনত লাগি যায় সিহঁ‌ত।

আমিও উভতি ধৰোঁ‌, আৰে চানী দেউলৰ বডী পাঞ্জাৱ বডীৰ ট্ৰাকৰ দৰে, আগে গুৰিয়েই সমান।মাল বেছি উঠাব পাৰে কিন্তু বেগাই দৌৰিব নোৱাৰে।

সঞ্জয় দত্তৰ ফেনকেইটা আৰু এখোপ চৰা। সিহঁ‌তৰ মুখত অনবৰতে, “নায়ক নেহী,খলনায়ক হুঁ‌ ম্যে” গানটো লাগিয়েই থাকে। সিহঁ‌তকেইটাই নিজকে অলপ এণ্টিহিৰোৰ দৰে ভাও এটা দেখুৱাই থাকে।ছোৱালী দেখিলেই , “ছ’লি কে পিচে কিয়া হ্যায়” আৰম্ভ হৈ যায় সিহঁ‌তৰ।

মানে সকলোবোৰ ফেন ক্লাৱৰ নিজৰ নিজৰ হিৰোবোৰক লৈ গৌৰৱবোধ কৰাৰ কাৰণবোৰো বেলেগ বেলেগ আছিল। নিজৰ নিজৰ সুবিধামতে সকলোৱে হিৰোবোৰৰ মাজত একোটা বিশেষ গুণ আৱিষ্কাৰৰ কৰি লৈছিলোঁ‌।

আমাৰ মিঠুন পাৰ্টিৰ মতে মিঠুনৰ সমান ডান্স কৰিব পৰা মানুহ পৃথিৱীতে নাই, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়েও নিজৰ জন্মদিনত মিঠুনক ডান্স কৰিবলৈ মাতে,  ৰাছিয়াত মিঠুনৰ সমান জনপ্ৰিয় বলিউডৰ হিৰো বেলেগ কোনো নাই।

চানী দেউলৰ ফেনকেইটাৰ মতে চানীৰ দৰে আটিল শৰীৰ এজনৰো নাই। চানীৰ শৰীৰটো বোলে H টোৰ দৰে, কঁ‌কাল আৰু বুকু সমান গতিকে চানী দেউলৰ বলো বেছি। দমকলৰ পাইপ মিস্ত্ৰী নলগোৱাকৈ উঠাব একমাত্ৰ চানীয়েহে পাৰে।

খলনায়ক পাৰ্টি আৰু এখোপ চৰা। সিহঁ‌তৰ মালিকৰ বোলে V শ্বেপৰ বডী, লগতে খোজকাঢ়িলেই উৰি থকা চুলি।

মুঠতে বলিউডত যদি মিঠুন, সঞ্জয় দত্ত আৰু চানী দেউলে একেলগে পাৰ্টি কৰিও থাকে আমাৰ ফেনক্লাৱৰ মাজত শীতল যুদ্ধখন চলিয়েই থাকে। যুদ্ধখনত সদায় আমি মিঠুন পাৰ্টিয়েই জয়ী হওঁ‌, কিয়নো আমাৰ দাদাৰ চিনেমা প্ৰতিমাহতে ৰিলিজ হৈ থাকে আৰু আমি বেছিকৈ চিনেমা চাওঁ‌ আৰু সিহঁ‌তকেইটাই ছমাহৰ মূৰত কেতিয়াবা এখনো চাবলৈ নাপায়।

সেইসময়তে মাৰ্কেটত আৱিৰ্ভাব হ’ল সুনীল চেট্টীৰ।চানী দেউল আৰু সঞ্জয় দত্তৰ ফেন ক্লাৱটোত বিসম্বাদ ঘটি দুভাগ হৈ এভাগ সুনীল চেট্টীৰ পাৰ্টিত জইন কৰিলে।

নতুন দল দেখা পাই আমি বাকীকেইটা লাগি গ’লোঁ‌ সিহঁ‌তক ডাউন দিয়াত, মাৰ্কেটত বেলেগক উঠিবলৈ দিব নোৱাৰি। সুনীল চেট্টীৰ আৱাজেই নাই, নাচিবও নাজানে, বডী বোলা বস্তুটোও নাই, সেই কেটেঙ মেটেঙটো আৰু হিৰো হ’ব পাৰে নেকি?

সিহঁ‌তক সকীয়াই দিওঁ‌ বোলো সময় থাকোঁ‌তেই আগৰ পাৰ্টিত ঘূৰি যা, নহ’লে তহঁ‌তৰ অৱস্থাও ঋষি কাপুৰ ফেন ক্লাৱৰ দৰে হ’ব, না ফাইটা-ফাইটি কৰিব পাৰিব, না ডান্স কৰিব পাৰিব। ভুটীয়া মাৰ্কেটৰ ছুৱেটাৰ চাই থাকিব লাগিব জিন্দেগীভৰ।

সিহঁ‌তক ডাউন দি আছিলোঁ‌ যদিও মনে মনে ভয়ো খাই আছিলোঁ‌ যে এই সুনীল চেট্টীটো বা আকৌ কেনেকুৱা ওলায়। তেতিয়ালৈকে বাতৰি কাকতত সুনীল চেট্টীৰ এখন দুখন ফটো দেখাৰ বাহিৰে সেইজনৰ বিষয়ে আমাৰ কাৰো ওচৰতে একো ইনফৰ্মেচন নাছিল। ৰঙিয়াৰ চিত্ৰলেখা আৰু এলিট হ’লত সুনীল চেট্টীৰ চিনেমা তেতিয়ালৈকে অহাই নাছিল।

সুনীল চেট্টীৰ ফেন ক্লাৱটোত তেতিয়ালৈকে মুখ্য সদস্য মাথোঁ‌ দুজন। ৰমেন আৰু বীৰেন।

সেই সময়ত হাজোৰ গেৰুৱা আৰু বৰগাঁ‌ৱত মনসা পূজা চলি আছিল আৰু তাতে পৰ্দাত চিনেমা দেখুওৱাৰ ব্যৱস্থা আছিল। ময়ো পূজাত গৈ দুপৰীয়া আলহীৰ ঘৰত ভাত খাই ঘৰলৈ আহিবলৈ চাইকেল ষ্টাৰ্ট দিছোঁ‌, অস্থায়ী চিনেমাঘৰটোৰ সন্মুখত দেখিলোঁ‌ ৰমেন আৰু বীৰেন, হলটোৰ দুৱাৰমুখত লগাই থোৱা পোষ্টাৰখন দেখিলোঁ‌ সুনীল চেট্টীৰ ‘বলৱান’।

এক ছেকেণ্ডো ৰোৱা নাই, উধাই-মুধাই চাইকেল মাৰি ঘৰ ওলালোঁ‌হি। কাপোৰ সলাই চিধাই মোৰ সৈন্যকেইটা আৰু লগত সঞ্জয় দত্ত আৰু চানী দেউলৰ সৈন্যকেইটাক মাতি আনিলোঁ‌ ফিল্ডলৈ।

: বোলো শুন সকলোৱে, জোৰ পুৰি হাত পালেহি।ৰমেন আৰু বীৰেনে সুনীল চেট্টীৰ চিনেমা চাবলৈ হলত সোমোৱা মই আজি নিজ চকুৰে দেখি আহিছোঁ‌। সকলোৱে সাজু থাক, কাইলৈ সিহঁ‌তৰ মুখত সুনীল চেট্টীৰ বিষয়ে শুনিবলৈ।

: আমি এজনেও নাজানো এই সুনীল চেট্টীটো কি হয় কি নহয়, সিহঁ‌তে যি ক’ব তাকেই মানিব লাগিব আৰু এতিয়া, উপায়তো নাই।

খলনায়ক পাৰ্টিৰ লিডাৰে ক’লে।

পিছদিনা আবেলি ফিল্ডত ক্ৰিকেট খেলি আছোঁ‌ আটাইকেইজনে। দূৰৈৰপৰাই দেখিছোঁ‌ চাইকেলৰ হেণ্ডেলত নিজৰ পিন্ধা চাৰ্টকেইটা গাঁ‌ঠি লৈ ৰমেন আৰু বীৰেন তীব্ৰ গতিত ফিল্ডৰফালে আহি আছে।আমিও সাজু হৈছোঁ‌ সুনীল চেট্টীৰ বিষয়ে নিজৰ ডাই হাৰ্ড ফেনৰ মুখৰপৰা শুনিবলৈ।

আহিয়েই দুয়োজনে চাইকেল দুখন পিটছৰ ওচৰত ৰাখিলে। খালী দেহেৰে দুয়ো দহবাৰকৈ বুক ডাউন মাৰি ল’লে। তাৰপিছত হাত দুখন তলপেটৰ ওচৰত মুঠি মাৰি ধৰি বডীবিল্ডিঙৰ মুদ্ৰা দেখুওৱাৰ দৰে দুয়োজনে একেলগে চিঞৰিছে, “চাল্লা, কোন কুট্টাই কৈছিল সুনীল চেট্টীৰ বডী নাই, সুনীল চেট্টীৰ আৱাজ নাই।”

তলমূৰ কৰি আটাইকেইটাই শুনি আছোঁ‌। ৰমেন আৰু বীৰেনৰ চিঞৰটোতে যেন মিঠুনৰ ডান্স, সঞ্জয় দত্তৰ উৰি থকা চুলি, চানী দেউলৰ H শ্বেপ বডী, আটাইবোৰ একেবাৰতেই উৰি গৈছে।

☆ ★ ☆ ★ ☆

7 Comments

  • হেমন্ত কাকতি

    হাঃ হাঃ মজা লাগিল সঞ্জীৱ৷ ঘটনাটো কল্পনা কৰিয়েই হাঁহি উঠিছে৷
    আগতে পঢা মনত পৰিছে কিন্তু৷

    Reply
  • হাঃ হাঃ মজ্জা লাগিল।

    Reply
  • ডলী।

    হাঃ হাঃ। মজা লাগিল। সুনীল চেট্টিৰ ফেন কেইজনৰ চেহেৰাটো কল্পনা কৰিছো😁

    Reply
  • নাজিয়া হাচান

    বহুত ভাল লাগিল

    Reply
  • Anonymous

    ঋষি কাপুৰ আৰু ভূটীয়া মাৰ্কেটৰ চুৱেটাৰ😂😂😂 হয় হে। মজা লাগিছে।

    Reply
  • Dhruba Jyoti Das

    মজ্জা , সঞ্জীৱদা, তিনিআলিৰ চিত্ৰলেখাত মইও বহুবাৰ চিনেমা চাইছোঁ ! ইলিটত চাইছিলোঁ প্ৰথমবাৰ মন্দিৰ !

    Reply
  • জিতু

    ঋষি কাপুৰ তো ভূটীয়া মাৰ্কেটৰ চুৱেটাৰেই হয় সচা কথা। মজ্জা লাগিল।

    Reply

Leave a Reply

Your email address will not be published.