ফটাঢোল

সুন্দৰৰ পূজাৰী – মানসী বৰা

ধুনীয়া বোৱাৰী এগৰাকীয়ে দৰ্জাখন খুলি বাহিৰত থিয় হৈ থকা ল’ৰাটোক ভিতৰলৈ সোমাই আহিবলৈ চকুৰে ইংগিত দিয়ে৷ বোৱাৰীগৰাকীৰ মুখত এটি মোহিনী হাঁহি৷
উৎসাহিত ল’ৰাজন লগে লগে ভিতৰলৈ সোমাই যায়৷ তাৰপিছত দৰ্জাখন ভিতৰৰ পৰা বন্ধ কৰি দিয়া হয়৷ দুদিনমানৰ পিছত সেইগৰাকী সুন্দৰী নাৰীৰ মৃতদেহ উদ্ধাৰ হয়৷ ক্ৰাইম ব্ৰানচে ঘটনাটিৰ তদন্ত আৰম্ভ কৰে৷
চকু নপচোৱাকৈ টিভিৰ সমুখত বহি বিনীতাই চ’নী টেলিভিচনত ক্ৰাইম পেট্ৰল চাই থকা দেখি ক’লোঁঁ,
: হেৰা কি ওলাইছেনো? সদায় ক্ৰাইম পেট্ৰল কিয় চোৱা?
ৰাতি সপোনতো সেই সোপাকে আকৌ দেখিবা৷
: ৰ’বাচোন৷ চাব দিয়া৷ তুমি কথা কৈ থাকিলে মই একো নুশুনিমেই৷ বিনীতা জঁকি উঠে৷
: সেইসোপা চাই চাই এবাৰ দিন-হাজিৰা কৰিবলৈ অহা মানুহটোকে দেখি ভয়ত যিহে চেঁপা চিঞৰ মাৰিছিলা! অ’ খালে মাৰিলে৷ আই ঔ দা এখন লৈ মানুহ এটা আহিছে৷ সেইদিনা মই ধমক নলগোৱা হ’লে কি কৰিলাহেঁতেন ঠিক নাই৷ সেই বেচেৰা মানুহটোৱে ক’ত কি হ’ল বুলি নিজেই ভয় খাই গৈছিল৷
: ধেততেৰি৷ ৰ’বাচোন৷ কিযে কৈ থাকা৷ এদিন কিবা এটা ভুল হ’ল আৰু৷ তাকেই কৈ থাকা৷ এতিয়া ডিষ্টাৰ্ব নকৰিবা দেই৷
বিনীতা কাহিনীৰ মাজত সোমাই পৰে৷ সেই সময়ত ল’ৰা-ছোৱালীহালে মাতি থাকিলেও তাইৰ গা নলৰে৷ অৱশ্যে মন গ’লে ময়ো বিনীতাৰ সৈতে একেলগে চ’ফাত বহি চ’নীৰ ক্ৰাইম পেট্ৰল উপভোগ কৰোঁ৷ সেই সময়ত কেনেবাকৈ পৰকীয়া প্ৰেম কাহিনী ওলাবলৈ হ’লেটো কথাই নাই৷ বিনীতাৰ পুৰণা ৰেকৰ্ডখন বাজি উঠিবই৷
: মতা মানুহৰ কোনো বিশ্বাস নাই৷ পুৰুষ জাতি ভোমোৰা জাতি, গোবৰৰ দ’মতো কটাই ৰাতি৷
তাইৰ সেই বিশেষ সংলাপটো মোৰ অলপো পচন্দ নহয় দেখোন৷ ক’ত বা পাইছিল তাই সেইটো?  সন্মানত লাগিলে ময়ো পিছে এপাত শৰ মাৰি পঠিয়াও৷
: হেৰা নাৰীবোৰ চলনাময়ী৷ বিশ্বামিত্ৰৰ নিচিনা ঋষিৰ তপস্যা ভংগ কৰিব বিচৰা মেনকাৰো এই পৃথিৱীত অভাৱ নাই বুজিছা৷
এটা সময়ত বিনীতাৰ খেচখেচনিৰ অন্ত পৰে আৰু তাই অনুপ চ’নীৰ গহীন কথাবোৰত সোমাই পৰে৷
“চবক এক ক’
চিখ হাম চব কো “নাইবা
“চতৰ্ক ৰহিয়ে, চুৰক্ষিত ৰহিয়ে
অ’ৰ দেখতে ৰহিয়ে ক্ৰাইম পেট্ৰ’ল ডায়েল এক চুণ্য চুণ্য৷ ”
শাৰীকেইটা বিনীতায়ো লগে লগে আওৰাই যায়৷
চ’নীৰ ক্ৰাইম পেট্ৰলৰ নিচিনাকৈ বিনীতা আৰু মোৰ সংসাৰ চলি থাকে৷
সেইদিনা দেওবাৰ৷ বজাৰৰ সমুখত মানুহৰ ভিৰ৷ মোৰ লগে লগে বিনীতাও ভিৰ ঠেলি ঠেলি আগবাঢ়ে৷ হঠাতে জিন্স পিন্ধা আধুনিকা নাৰী এগৰাকীক দেখি মোৰ দৃষ্টি পিচলে৷  আই ঔ মোৰ গোসাঁই অ’ মই যেন এক ডাঙৰ অপৰাধহে কৰিলোঁ৷ লগে লগে বিনীতাই মুখ মেলিলেই নহয়
: হে ভগৱান! এই মানুহটোক কিহে পালে বাৰু? দুটা ল’ৰা-ছোৱালীৰ বাপেকটো হৈ গাভৰু ছোৱালী চাবলৈ এৰা নাই৷ তাকো মোৰ সমুখতে৷
তাইৰ কথাত ঘপহকৈ খং এটা উঠি গ’ল নহয়৷ কিমান সহিম হে? সহ্যৰো এটা সীমা থাকে৷ নিজৰ সুখ বুলিও কথা এটা আছে৷ নিজকে কিবা নাকী লগোৱা বলধটোৰ দৰেই লগা হৈছে গৈ৷ সেইবাৰ বিনীতাৰ কথাত সেয়ে উভতি ধৰিলোঁ৷
: অ’ চাইছোঁহে৷ কি হ’ল তাতে?
: জানাই দেখোন দৈনিক কিমান কি ঘটনা হৈ থাকে৷ নিতৌ ক্ৰাইম পেট্ৰ’লত দেখিয়ে আছা৷ ইয়াতে কিবা এটা ঘটনা হ’ল যেনিবা৷ পুলিচে এই ছোৱালীজনীকে যেনিবা বিচাৰি ফুৰিছে৷ মোকেই যেনিবা ফটো দেখুৱাই সুধিলে,
“এই ছোৱালীজনীক দেখিছেনে ক’ৰবাত? ”
তেতিয়া মইতো ক’ব পাৰিব লাগিব৷ বোলে অমুকত দেখিছিলোঁ৷ তমুক সময়ত দেখিছিলোঁ৷ তোমালোক মাইকী মানুহবোৰ যে!
সব কথাতে ক্ৰাইম পেট্ৰ’লৰ পুলিচসোপাৰ দৰে মিছামিছি কি পুলিচগিৰিখন কৰি থাকা?
বিনীতা নীৰৱ হৈ পৰে৷ পলকৰ বাবে ক্ৰাইম পেট্ৰেল চোৱাৰ গইনাত মই সুযোগ লৈছোঁ বুলি তাই ভবা নাইটো৷ কথাটো সিমান গুৰুত্ব নিদিয়া যেন দেখুৱাই ক’লোঁঁ,
: যি কিনিবলৈ আছে লোৱা সোনকালে৷ তাই বজাৰৰ তালিকাখন মেলি বস্তুবোৰ কিনাত ব্যস্ত হৈ পৰে৷
: হেৰা আমাৰ সমুখৰ খালী হৈ থকা ঘৰটোলৈ কোনোবা আহিল জানানে? মই দৰ্জাৰ সমুখত ড’ৰমেট এখন দেখিলোঁ৷
ভাত বাঢ়ি থাকোঁতে বিনীতাই মোক উদ্দেশ্যি ক’লে,
: ৱাহ, তোমাৰ ক্ৰাইম পেট্ৰলে তোমাক কিন্তু অলপ হ’লেও বুদ্ধিমতী কৰিলে৷ থেংকচ টু চ’নী৷
: ফটুৱামী নহয় সব কথাত৷ বুমনক আনিবলৈ যাওঁতে ঘৰটোৰ দৰ্জাখনৰ মুখতে পাৰ্চেল এটা পৰি থকাও দেখিছিলোঁ৷ কথাটো কওঁতে বিনীতাৰ ভ্ৰু কোঁচ খাই পৰে৷
: অ’ জানো মই৷ ছোৱালী এজনী আহিছে৷ সিদিনা অকলে বস্তু কঢ়িয়াই থকা দেখিছিলোঁ৷ সহায় লাগিব নেকি সোধাত নালাগে
 বুলি ক’লে৷
মোৰ কথাত বিনীতা মিচমিচাই উঠিল৷
: মিচমিচাবলৈ কি হ’ল? ভদ্ৰতাৰ খাতিৰত সুধিছিলোঁ আৰু৷ নালাগে বুলি ক’লে বচ, সিমানেই৷
: লাজ পালা? তাই আকৌ মুখ মেলিলে৷
: লাজ কিয় পাম হে? কিযে তোমালোকৰ মাইকী মানুহবোৰৰ কথা নহয়৷ ছোৱালীজনীয়ে বস্তুবোৰ থ’লেহে কিন্তু থকা নাই হবলা৷ নগাঁৱৰ ছোৱালী৷ নাম দেবাংগনা দত্ত৷ আৰু সেই পাৰ্চেলটো দৰ্জাৰ মুখত কালিৰে পৰা পৰি আছে৷
মই যিমান পাৰোঁ সহজকৈ ক’বলৈ চেষ্টা কৰিলোঁ৷
: ৱাহ বৰ চকু ৰাখিছা৷ পিছে তুমি নাম কেনেকৈ গম পালা? ঘৰ ক’ত তাকো জানিলা?
: হেৰা, মই সেইটো আমাৰ বুলিহে চাইছিলোঁ, বুজিছা৷ কিজানিবা সেই দৰ্জাখনৰ মুখতে ভুলতে থৈ গ’ল! পিছে তাত দেবাংগনা দত্ত বুলিহে লিখা আছিল৷ মই ফে’চবুকত নামটো বিচাৰি চালোঁ৷ প্ৰফাইলটো চাই তাই নগাঁৱৰ ছোৱালী বুলি গম পালোঁ৷ দেখিছাই দেখোন ক্ৰাইম পেট্ৰলত, কেনেকৈ যি টি ঘটনা ঘটি থাকে৷ গতিকে তথ্য জানি নিজে অলপ সজাগ হৈ থকা ভাল দিয়াচোন৷
: হুঁহ! কি বাহনা অ’৷ ক্ৰাইম পেট্ৰল মইহে বেছি চাওঁ৷ এতিয়া দেখিছোঁ চি আই ডি গিৰি তুমিহে বেছি কৰিব লাগিছা৷  বিনীতা ভুৰভুৰাই উঠে৷
: আৰে তোমাৰ মিছা সন্দেহ কৰা এই স্বভাৱটো এৰিবা বুজিছা৷ ক্ৰাইম পেট্ৰল বেছিকৈ চাই দেখিছোঁ তোমাৰ মাথাহে বেয়া হৈছে৷ কথাটো অলপ টানিয়ে ক’লোঁ মই৷
বিনীতা জঁকি উঠিল৷
: কি ক’লা? মানে ক্ৰাইম পেট্ৰলে মোক বুদ্ধিমতীও কৰে, আকৌ মাথাও বেয়া কৰে৷ নহয়নে?
মই সেইবাৰ মুখেৰে একো নামাতিলোঁ৷ নিজৰ কথাত নিজেই পিচল খালোঁ যেন লাগিল৷
পিছদিনা অফিচলৈ ওলাওঁতে বিনীতাই মোক আগবঢ়াই দিয়ে৷ সেই বিশেষ পাৰ্চেলটো একেদৰে পৰি থকা মোৰ চকুত পৰে৷ হয়তো বিনীতাই লক্ষ্য কৰা নাছিল৷ তিনিদিন ধৰি পৰি আছিল সেই পাৰ্চেলটো৷ চতুৰ্থ দিনা মোক অফিচলৈ আগবঢ়াই দিবলৈ দৰ্জাখন বিনীতাই খুলি দিওঁতে লগে লগে মোৰ মুখৰ পৰা পিচল খাই কেনেবাকৈ ওলাল নহয়
: আহি গ’ল৷
: কোন?
 বিনীতাই সোধাত মই কিছু নাৰ্ভাচ হ’লোঁ৷ তেনেকৈয়ে দৰ্জাৰ নিৰ্দিষ্ট ঠাইখনলৈ আঙুলিয়াই দেখুৱালোঁ৷  অলপ লাজ লাগিছিল৷ যেন মই ধৰা পৰি গ’লোঁ৷
কথাটো হ’ল, পাৰ্চেলটো সেই নিৰ্দিষ্ট দৰ্জাখনৰ মুখত সেইদিনা নাছিল৷ ছোৱালীজনীয়ে আহি হয়তো ভিতৰলৈ লৈ গৈছিল৷
কথাটো বিনীতাৰ মুখেৰে মোৰ বন্ধু মহলত ৰাষ্ট্ৰ হৈ পৰিল৷
তাৰমানে দুটা সন্তানৰ বাপেকী হৈও মই ছোৱালী চাই ফুৰোঁ৷ ধুনীয়া প্ৰতিবেশীও মোৰ চকুৰ পৰা সাৰি নাযায়৷
পাতলভাৱে কথাটো মানি ময়ো বিনীতাক কৈ দিলোঁঁ৷
: হয়৷ তুমি ক্ৰাইম পেট্ৰল চোৱাৰ দৰে মই ধুনীয়া ছোৱালী চাওঁ৷ চাওঁহে, তাতেনো কি হ’ল?  সুন্দৰৰ পূজাৰী মই৷  ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাও সুন্দৰৰ পূজাৰী আছিল৷
সেইবাৰ বিনীতা জঁকি উঠে৷
: ঠিক আছে ময়ো তেনেহ’লে আজিৰে পৰা ধুনীয়া ল’ৰা চাম৷
ময়ো সুন্দৰৰ পূজাৰী হ’ম৷
সেইবাৰ মই হাঁহি হাঁহিয়েই ক’লোঁঁ,
: হেৰা, তুমি বৰ আকৰি হে৷ ক্ৰাইম পেট্ৰল মিছা হ’ল৷ তোমাৰ আৰু নহ’ব৷ মতা মানুহহে পূজাৰী থাকে৷ মাইকী মানুহ পূজাৰী হোৱা ক’ত দেখিলা হে? তুমি চ’নীত তোমাৰ প্ৰিয় ক্ৰাইম পেট্ৰলকে চোৱা আৰু
☆ ★ ☆ ★ ☆

11 Comments

  • উৎপলা কৌৰ

    হা হা.. মজা!

    Reply
    • মানসী বৰা

      ধন্যবাদ বা..😃🙏

      Reply
  • জাহ্নৱী

    হাঃ হাঃহাঃ

    Reply
  • Ronjon Baruoh

    এটি সুন্দৰ লেখনিৰে আলোচনীখন সমৃদ্ধ কৰাৰ বাবে ফটাঢোল ই-আলোচনীৰ হৈ আন্তৰিক কৃতজ্ঞতা জনাইছো

    Reply
    • মানসী বৰা

      আন্তৰিক ধন্যবাদ..এই সুযোগৰ বাবে..🙏

      Reply
  • আদিতি গোস্বামী

    বৰ সুন্দৰ সুন্দৰৰ পূজাৰীণী😘😊

    Reply
    • মানসী বৰা

      বহুত বহুত ধন্যবাদ…

      Reply
  • হা:হা: ৷ বৰ বুদ্ধিমান পুৰুষ ৷

    Reply
  • গীতিকা শইকীয়া

    ভাল লাগিল পঢ়ি! বৰ্ণনা সাৱলীল।

    Reply

Leave a Reply

Your email address will not be published.