ফটাঢোল

সুমিত্ৰা মামী – ধৰিত্ৰী শৰণীয়া

এগৰাকী মামী অাছিল। কেইবছৰমান হ’ল ঢুকাল। নাম সুমিত্ৰা ওৰফে হাতীখাটিনী। (অামাৰ ফালে তিৰোতাবোৰৰ নাম মাকৰ গাঁওখনৰ লগত মিলাই থয়। সেয়ে হাতীখাটৰপৰা অনা বাবে মামীৰ নাম হ’ল হাতীখাটীনি। সুমিত্ৰা নাম ক’ৰবাতে ৰ’ল)। মামীৰ কাণ্ড কাৰখানাবোৰ অাছিল হাঁহিৰ উৎস। কিবা ক’বলৈ খুজি কিবা কয় অাৰু বাকীবোৰ হাঁহি মৰে। কোনোবাই বেয়াকৈ ক’লেও একো অাক্ষেপ নাই। একেবাৰে খোলা অন্তৰৰ ৰচকী তিৰোতা।
এদিন অামাৰ মাৰ লগত মামী গোৰেশ্বৰলৈ গ’ল অাৰু দোকানে দোকানে অালিভ লেইলা বিচাৰি হায়ৰাণ। জীয়েকে বোলে নিবলৈ দিছে। বহুত বিচৰাৰ পিছত যেতিয়া নাপালে তেতিয়া মায়ে বোলে, বৌ ফেয়াৰ এণ্ড লাভলি নেকি? তেতিয়া হাঃ হাঃ কৈ খোলা হাঁহিতো মাৰি বোলে হয় দে এইটোৱে। (সেইসময়ত দূৰদৰ্শনত “অালিভ লেইলা” বুলি ধাৰাবাহিক এখন দি অাছিল)

এদিন মই ক’ৰবাৰপৰা ঘৰলৈ অাহি অাছোঁ, পালে নহয় মামীয়ে বাটত লগ। বোলে, “ভাগিন অামাৰ দিলীপৰ কালি গডৰেজ, অাহিবা।” মই ভাবি থাকিলো কিনো গডৰেজ বুলি! পিছত গম পালো পুতেকৰ বাৰ্থদে অাছিল।

অামাৰে গাঁৱৰে ছোৱালী এজনীৰ বিয়া। মামী অাছিল কইনাধৰা। বিয়াৰ কামবোৰ শেষ হোৱাৰ পিছত দৰাক সেৱা কৰিবৰ হ’লত খপজপকে মামীয়ে কৈ উঠিল বোলে, “দমৰাটোক সেৱা কৰ, সোনকালে।” দৰা-কইনা কিংকৰ্তব্যবিমূঢ়। উৱা, ক’ৰ দমৰাক সেৱা কৰিব লাগে আক’!
খা বাপ্পেকে! ক’ব লাগিছিল দৰা, ক’লে দমৰা!

এয়াই অামাৰ হাতীখাটিনী মামী। এতিয়া নাই। গাঁৱৰ কাজ-কৰ্ম, বিয়া-সবাহ আদি সকলোতে মামীৰ অভাৱ বৰকৈ অনুভৱ কৰো।

☆★☆★☆

6 Comments

  • হা হা ‘দমৰা’— বৰ আমোদ পালোঁ।
    এনে সৰল ভলভলীয়া মনৰ মানুহ কিছুমানে সমাজখন ৰসাল কৰি ৰাখিছে ।বৰ ভাল লাগিল পঢ়ি।

    Reply
    • ভণীতা ডেকা/ধৰিত্ৰী

      অাান্তৰিক ধন্যবাদ বা

      Reply
  • Gitika Saikia

    দমৰাটো জমনি। এটা কথা কিন্তু, এনে একো গৰাকী ৰচকী তিৰোতা সকলো গাঁৱতেই থাকে। ধুনীয়াকৈ লিখিলা। ভাল লাগিল।

    Reply
  • Dhruba Jyoti Arjuna

    এনে মানুহৰ বাৱেই সমাজখন সুন্দৰ হৈ থাকে ।

    Reply
  • Anisha saikia deka

    বৰ ভাল লাগিল পঢ়ি

    Reply
  • ভাল লাগিল, প্ৰায় গাঁৱতে এনে ৰচকী তিৰোতা থাকে।

    Reply

Leave a Reply

Your email address will not be published.