ফটাঢোল

সেইসময়ৰ বিয়া- অসীমা শইকীয়া দত্ত

আমাৰ সময়ৰ ব্যতিক্ৰমী কইনাসকলৰ বাবে একলম৷

তোলনি বিয়াৰ অযথা খৰচটো সমৰ্থন নকৰোঁ৷ পৰম্পৰাৰ নামত ই জাকজমকতাৰে পালন কৰা এক অনৰ্থক খৰচ যেন। নিয়মটো পালন কৰাটো যদি জৰুৰী সেয়া গাঁৱৰে দুগৰাকীমান বয়োজেষ্ঠক লৈও পাৰি। তাকে নকৰি ৰৌজাল বৌজাল, যেন মোৰ ছোৱালী গাভৰু হ’ল তহঁতে চকু দিবি। পৰম্পৰাৰ নামত সামৰ্থ্য নথকা ঘৰেও আগতে দেখোঁ ছাগলী-গৰু বেচি এই বিয়া পাতে। সেয়া টকা যদি তাইৰ নামত জমা থ’লেহেঁতেন অন্ততঃ তাইৰ পঢ়াৰ ক্ষেত্ৰতে কামত আহিলেহেঁতেন। নিয়মৰ নামত আন্ধাৰ চুক এটাত, মাটিতে শুবলৈ দি সৰু ছোৱালীজনী লঘোণে-ভোকে সেইকেইটা দিনত, চফা চিকুনতকৈ অৰ্নথক কথা কিছুমানহে মূৰত ভৰোৱা হয়৷ তই ডাঙৰ হ’লি, তোক এঘৰলে দিব পৰা হ’ল৷ অৱশ্যে সেয়া এসময়ৰ মনোভাৱ আছিল। এক ভয়ৰ ভাব মনত সঞ্চাৰ কৰোৱা হয়। সময় সলনি হ’ল৷ বৈজ্ঞানিকভাবে বুজা হ’ল  কিছুমান কথা বহুতে। যদিও বিতৰ্কিত বিষয় তাৰ পৰা ফালৰি কাটি ক’ব খুজিছোঁঁ সেই সময়ত কইনা হোৱাবোৰৰ মেকআপৰ কিছু ৰসাল কথা৷

১/ হায়ৰে এতিয়াৰ বিবাহভৱনলৈ ঢাপলি মেলা অত্যাধুনিক সেইখন বিয়া! আমাৰ দিনত কি ৰূপ আছিল সেই কইনাৰ! সেই সময়ত সজোৱা কইনাজনীৰ ৰূপটোতকৈ, ‘ভুলভুলেয়া’ৰ ৰঙা মলুৱা সদৃশ ৰাজপাল যাদবৰ মেকআপ তাতকে বেছি  ভাল আছিল৷ সেই সময়ৰ কইনাজনীক, গা ধোৱাওঁতে মূৰত যি গাল মিঠাতেল ঢালি দিয়ে, দুদিন নুমুতা গৰুৱেও ইমান নুমুতে হেৰৌ। তাৰ পিছতো অত তেল ঢালি, বেলেগে পানী কিহ’লে ঢালে নুবুজিছিলোঁ। আচাৰৰ তেলৰ বৈয়ামজনী ৰভাতললে দাঙি আনে কোনোবাই।আকৌ মেকআপৰ নামত গাঁৱৰ সবতকে যিজনীৰ নিজৰে চেহেৰাৰ ষ্টাইলৰ নামত গতি নাই তাইক আহ্বান জনাব সজাবলে বিয়া নাম গাই। প্ৰথম মেকআপৰ কচৰৎ থলী, সৰুসজাই ষ্টেডিয়াম, সেই কইনাৰ মুখখনেই সজোৱা বহুতৰ। আগৰ সজোৱা জনীৰ আগৰ চুলি কোচা কটা থাকেই। অলপ স্মাৰ্ট আৰু তাই বহুততকে। সৈ চটা সেমেনা সেমেনকে আহি, মিঠাতেলৰ ওপৰত কেয়োকাৰ্পিন তেলৰ বটলটো হুৰহুৰাই বাকি দিয়েহি। দুইবিধ তেলৰ ককটেইলত কেঁঁচুৰ ৰসৰ দৰে জিলিকা মুখখনত আকৌ এলেপা ফেয়াৰ এণ্ড লাভলি। বানপানীয়ে গৰাখহোৱা ঠাইত পেলাবলে অনা মাটি ভৰোৱা চিমেণ্টৰ বগা বেগবোৰৰ দৰে মেকআপ ওপৰলে উঠি গৈ থাকে-গৈ থাকে। ফেয়াৰ লভলীৰ ওপৰত পণ্ডছ্‌ পাউদাৰৰ প্লাষ্টাৰ।  সেইসময়ত পণ্ডছ্‌ পাউদাৰ তুলনী বিয়াৰ জাতীয় সম্পদ আছিল। অৰিজিনেল ছাল চটাত মূৰত সনা বাগৰি অহা তেলৰ ওপৰত কামুৰি ধৰি থকা ফেয়াৰ লভলী, তাৰ ওপৰত পিচলি পৰিব খুজি গবামাৰি ধৰি থকা পাউদাৰৰ প্ৰলেপটো। সিফালে চকুৰ তলত এলেপা মতি কাজল। এঘাৰ দিনত বাজ উলিওৱা কেঁচুৱাটোৰ দৰে চকু। চুলিকোচা সোঁ-মাজেদি ফৰলেনতকৈও পোনকে দুভাগ কৰি জঁঁট ভাঙিব। বহি থকা জ্যোতিষী দুজনীমানে ক’ব, সেওঁতা বহু দূৰলে ভাঙিছে এই বহু দূৰলে পৰিব। মূৰৰ ওপৰত টানি টানি  মস্ত খোপাটো, মূৰটো হিলাবৰ সাধ্য নোহোৱাকে, ভিতৰৰ শিৰো আঁচুৰি আনি যেন খোপাটোত জইন কৰি বান্ধি পেলায়। খোপাত টাৰ্চেলডাল বাধ্যতামূলক আছিল। মুখতকে খোপা ডাঙৰ হৈ সৰু চৌকাৰ ওপৰত তুলি থোৱা বৰ কেৰাহিখন যেন প্ৰাকৃতিক দৃশ্যটো হয়। কপালত খোপাতকে ডাঙৰ মস্ত সেন্দুৰৰ ফোঁটজনী৷ নাকত সেন্দুৰ পৰিলে ক’ব, এইক আগলে গিৰিয়েকে বৰ মৰম কৰিব। কি খাই যে অত মোক্ষ প্ৰাপ্তি লাভ কৰিছিল ভাবিলে আচৰিত লাগে। চেলাউৰিৰ ওপৰত ৰঙ বিৰঙী বিন্দি ফোঁটৰ প্ৰচেছনে লাইন পাতে এনচিচিৰ কেদেটৰ দৰে। বহুতৰ সেই প্ৰচেছনটো আহি গালত পাক মাৰেহি কুকিজৰ ডিজাইনত। সাইলাখ ৰঙে বৰণে পুলিচৰ থানাখনৰ দৰে কৰি পেলোৱা চেহেৰাটোত কাপোৰ পিন্ধোৱা, গহণা পিন্ধোৱা পৰ্ব।  তাতে ওচৰত বহাবোৰৰ আলোচনা মুখ লাগিব এইৰ হেৰৌ। কম ধুনীয়াজনী হৈছেনে। কাপোৰ পিন্ধোৱাৰ পিছত বাবা ৰামদেৱৰ গতিটোৱেই হয়। ৰামদেৱে যেনেকে ভৰি দাঙি ওপৰলে আসন কৰোঁতে সোপাকে খহি তলি পায়গে, সিফালে টানিলে ইফালে তপিনা ওলাই সেই সময়ৰ কইনাৰ শুকান দেহাত হোলোঙাকে পিন্ধোৱা চাদৰ মেখেলাৰে খোজ দিবলে ল’লে গতি সৈটোৱে। ব্লাউজটোও বহুতৰ জোখত চিলোৱাত নপৰে। পৰিৱেশ দিৱসৰ দিনা ৰোৱা পুলিটোক ঘেৰি যিখন বহল বেৰা দিয়ে তেতিয়া ব্লাউজৰো দশাটো তেনেই৷ পিনৰ এটা মূৰ ভাৰতত সিটো পাকিস্থানত    কেনেবাকে দাঢ়ি নগজিব বুলি ভয়ত পদূলিত চুচুক চামাক কৰি থকা লগৰ দুটামানৰ লগত যদি চকুৱে চকুৱে পৰে সেই লাজৰ শক্তিৰেই দুখন গাঁৱে আৰমাত কাৰেণ্ট পাব। বিজুলী শক্তি বেলেগে উৎপন্ন  হ’বলে বান্ধ চান্ধ নালাগে আউ। সেইসময়ৰ প্ৰতিখন তোলনি বিয়াত পদূলিমুখত লগৰ দুটামানক যদি বিশেষকে যিটোৰ লগত জোকাই তাক যদি ঠিয় কৰাই দিয়ে বিয়াঘৰত জেনেৰেটৰৰ দৰকাৰৰ নাই। কইনাৰ লগত চকুত চকু পৰিলেই সব চলিব। অসমে কাৰণ্ট পোৱাকে৷ ৰাজপাল যাদব ৰৈ থকা প’জতে  আমি ক’ডাক কেমেৰালে চাই ফটো তুলিছিলোঁ। ৰঙে, বৰণে,  চাৱনিয়ে হুবহু ইয়েই।

২/ তোলনি বিয়াৰ কইনা জনীৰ পৰা আমাৰ বাহঁতৰ দিনৰ বৰ বিয়াৰ কইনাজনীলৈ বৰ বিশেষ পৰিৱৰ্তন হোৱা নাছিল মেকআপৰ। যিহেতু নাছিল কোনো বিউতি পাৰ্লাৰ। জোৰোণত ইটো খুঁটাত ধৰি, সিটো খুঁটাত ধৰি সমাজলে কান্দি অহা কইনাজনী যিটো ৰূপত শেঙুনে চকুপানীৰে লগত লেকমি লিকুইটটো মিক্স কৰি সানি দৰাঘৰীয়াৰ ওষ্টাদ এজনীয়ে গা ৰঙৰ মোজাপাটৰ দৰে কৰি পেলাই লগত শিৰৰ সেন্দুৰ লেপাটোৰ সৈতে কইনাক ইটাভাটা বুলি ক’লেও ভুল কোৱা নহ’ব। সেয়াৰে কইনাৰ দিনটো যায়। এইখন বিয়াতো কেয়োকাৰ্পিন তেলটো থাকে লগত লেকমি ফাউণ্ডেশ্যন ক্ৰীম, জাতীয় সম্পদ স্বৰূপ। সতসতকে এজনীয়ে জোৰোণত অনা পাৰফিউমটো ফেচ ফেচকে সবৰে গাত মাৰি ৰভাতল উৰাই থাকে। পাউদাৰটো পণ্ডছ্‌ৰ লগতে ৰ’জ এটাও লগত আহে। ৰামচন্দ্ৰই দি পঠাইছে সেন্দুৰৰ অলঙ্কাৰ বুলি ৰামায়ণত গোটেইকেইজনী নাৰী চৰিত্ৰই ল’ব পৰা সেন্দুৰগাল অকলে জোৰোণত এজনী কইনাক দিয়ে। তেতিয়া বিয়াৰ দিনা কইনাবোৰ একে জেগাতে বহুৱাই নথয়।কাষলতিৰ তলত বেগ এটা লৈ বাছৰ কণ্ডাক্টৰৰ দৰে ৰভাতলত ঘূৰি ফুৰে কইনাই মানুহ মাতি। প্ৰেজেণ্ট উঠা পইচাৰ লেফাফাবোৰ ভৰাবলে কাষলতিৰ তলত বেগটো। প্ৰেজেণ্ট কঢ়িওৱা সুদক্ষ কৰ্মী থাকিলেও পইচাৰ লেফাফাটোৰ দায়িত্ব কইনাৰ নিজৰ। তাৰ মাজতে বেলেগ প্ৰেজেণ্ট কঢ়িওৱাৰ চাকৰিটো সহৃদয়তাৰে পালন কৰি থাকে পৰিয়ালৰে পিলপিলিয়া দুটামানে। ৰভা দেখিয়ে বাটতে শোকে খুন্দা মাৰি ধৰি  অহা মাহী বা জেঠাই দুজনীমানে দেৰিকে এণ্ট্ৰী মাৰি শুভবিবাহ লিখি হাতী, শৰাই আঁকি থোৱা বগা গেটৰমুখৰ পৰা ইংলিছ কমোদৰ ঢাকনি দঙাৰ দৰে মুখখন মেলিব, “হা ঐঐঐঐ লিলি তোক এঘৰলে দিব পৰা হল ঐ!” সিফালে কইনাই চফৰ বঁটা পেলাই আগত বহা এটাক উজুতি মাৰি কাৰোবাৰ কোঁচত বহুৱাই, “ওওওও ঐ অকন জেঠাই মোৰ কি হ’ব ঐ” বুলি ডিঙিতে ওলমি দিয়েহি৷ দুজনীমানে বুজাই, “একো নহয় ভালহে টিউবেলৰ পাৰলেকে পকা ঘৰলেকে পৰিছ।” কইনাৰ কাজলে অঁকা চকু পুৰণি হিন্দী চিনেমাৰ ভিলেইনৰ দৰে ৰূপ লয় ঘোঁচা মৰা টাইপ। সেইখিনিৰ বাবে পৰিয়ালৰ এজনী থাকে লগত, ৰুমালত থুই লগাই মচি দিব। কইনাৰ ডিঙিয়ে মূৰে অঁৰা গহণাবোৰ আচল নে কেঁচাসোণৰ তাৰ ওপৰত সোণাৰী দুজনীমানে ৰিচাৰ্চ কৰাত লাগে। দৰাটো কাৰ কি হয় তাৰ ওপৰতো থেচিচ লিখাকে আলোচনা এভাগ চলে, মদ ভাঙ খায়নে নেখায় বুলি আৱকাৰী বিভাগৰ দুজনীমানেও আলোচনাচক্ৰ ভাগ গম গমাই তোলে। ক’ডাক কেমেৰাৰ আগত নুৰিয়ানুৰিকে তাৰ মাজে মাজে প’জ চলি থাকে। বিয়াঘৰত ভিচিদি লগোৱা ফেশ্যন এটাও চলিছিল এসময়ত। দৰা অহালৈকে ভিচিদিৰ চিনেমাৰ কাহিনীত মচগুল এচাম। খোৱা ঘৰত বিলোৱাকেইটাও বাল্টি হেতা লৈ টিভিৰ মুখত ৰয়হি মেলেক মেলেক হাঁহি। তাৰ মাজতে ৰোমাণ্টিক দৃশ্যত ভিতৰি প্ৰেম থকাকেইটা বহি থকাতে লগৰবোৰৰ ঠেলা ঠেলিত পৰি যায়গৈ যোৰা খাই।

সিফালে ধুতি-পাঞ্জাৱী চোলাৰে দৰাৰ অসমীয়া  ৰূপটোও সোনকালে পৰিৱৰ্তন হৈ মাৰ্কেটত শ্বেৰৱাণী চলিছিল। প্ৰথম সেইবিধ পিন্ধা দৰাজনে তাৰ লগৰ চুৰ্ণীখনেৰে ক’ত কি কৰে নুবুজি প্ৰথমে মূৰত বান্ধি লয় ৰাসৰ গোপবালকটোৰ দৰে তাৰ পিছত হাত দুটাত সেইখন পকাই চুক এটা কামুৰি মানুহ কিমান আহিছে চাব। লাষ্টত সবেই খাবলে পাইছেনে তদাৰক কৰি সেইখন কঁকালত বান্ধি লাচিত বৰফুকনৰ ৰূপ এটাত ঘূৰি ফুৰে। ভৰিত কুৱেল চে তেৰি ব’লি গানটোত অনিল কাপুৰে ধুতিৰ লগত পিন্ধা মস্ত জোতাযোৰেই বহুতৰ থাকে। খোজো সৈটোৱে হাত দুটা পিছলে দি।  পায়জামাৰ বগা ৰছীডাল পেলুৰ দৰে দীঘলকে ওলোমাই লৈ বিয়াঘৰত পিঙপিঙাই ফুৰে দৰাই।  কোনোবাই যাবলে ওলাই মাত লগালে কঁকালত কলচি টাইপ চফৰ বঁটাটো লৈ, খেনাটো কেনে পালে সুধে।মাজতে বঁটাটো থৈ দীঘল হাত দুটা বাৰে বাৰে কোঁচাই মূৰৰ পিছফালে থৈ ভৰি দুটা মেলি ৰভা ঘৰৰ সোঁমাজত চিনাকিবোৰৰ লগত কথা পাতে। বায়েক বা ভণীয়েকৰ ফেয়াৰনেচ ক্ৰীমেৰে জুইত পোৰা কেটলিটোৰ চেহেৰাৰে  আধা বগা আধা ক’লা দৰা।

কইনাৰ দৰে দৰায়ো গা ধুৱাওঁতে হিয়ালি-জিয়ালিকৈ কান্দে। বহুতে সলনি হ’ম বুলি কান্দে, বহুতে পুৰণিজনীলে মনত পেলাই কান্দে, বহুতে খোৱাঘৰৰ জলকীয়া পিহা পটাখনত নোধোৱাকে হালধি পিচি চকুৱে মুখে লগাই বাবে কান্দে।

৩/ কইনাই নতুন ঘৰ গচকিলে বোলে। চাবলে যাবলে কলতললে এগালৰ দৌৰ। দুটামানে বিছনাৰ পৰা দৌৰি গামোছাৰ গাঁঠি দৰাৰ ঘৰতহে মাৰেগে। সিফালে কান্দি কাটি কইনাৰ চেহেৰাটো খেৰৰ মেজিৰ ৰূপ। চাবলে যোৱাবোৰৰ জুপা জুপি। তেতিয়াৰ দিনত কইনাৰ ওচৰত দৰা মানুহে দেখাকে ৰোৱাটোও বহুত অসভ্য কথা। নিয়মৰ সময়কণতহে ৰ’ব। কেমেৰাৰ আগত কইনাৰ ওচৰত ৰ’ব লগা হ’লেও দৰাৰ প’জ উখোৱা চাউলৰ ভাত এগাল যেন ডিঙিত লাগি ধৰি আছে ওপৰমুৱা হৈ। হাতত চেলেঙকাপোৰখনৰ পাকটো হাতভঙা মানুহৰ দৰে। সিফালে কইনাৰ ৰূপটো লাজত নাল লগোৱা আইচক্ৰীমৰ দৰে৷ সেই নতুনতে কইনাৰ মুখৰ আগত ওলোৱা পঁইতাচোৰাটো মাৰিবলেও দৰাৰ সেইসময়ত যি মোচন, চানীদেউলে টিউৱেল উঘালি গুণ্ডা মাৰোঁতেও অতটো মোচন নলৈছিল চাগে। দৰাৰ বীৰত্ব সেই দুদিনত তামাম প্ৰকাশে। কইনা ভিতৰি খুশ৷ ষাড় বগৰোৱা শঙ্কৰদেৱৰ আত্মা যেন দৰাৰ দেহত প্ৰৱেশ কৰিলে।

দৰাৰ ঘৰত কইনা চাবলে ফাৰ্ণিছাৰ বিভাগৰ বিষয়াৰ পৰা ধৰি সৌন্দৰ্য্য বিশেষজ্ঞালৈকে আগমন ঘটে। কি কাঠৰ ফাৰ্ণিছাৰ, কিমান দিন যাব। কইনাৰ গঢ়পিট কেনে, ভাগে ভাগে বিচাৰকমণ্ডলী আসন গ্ৰহণ কৰেগৈ৷ নিজৰ বোৱাৰীৰ লগত ঘৰত লক্ষ্মণৰে, শূৰ্পণখাৰে ফাইট চলা কেইজনীয়েও নিজৰ বোৱাৰীৰ লগত অনা ফাৰ্ণিছাৰৰ কথা শলাগি তৎ নাই। লোহা লক্কৰৰ বেপাৰীয়ে এলুমিনিয়ামৰ বতুৱা মৰিয়াই মেতুৰা মেতুৰি কৰাৰ ৰূপটোৰ দৰে চেহেৰা বুলি নিজৰ বোৱাৰীক হঁহা কেইজনীও লোকৰ কইনাৰ আগত নিজৰ জনীক ৰেখা, মাধুৰীৰ দৰে বুলি কয়।

দৰাৰো যত তাও মৰা কথা সেই দুদিনত ডাঙৰ-ডাঙৰ মাতেৰে কইনাৰ আশে পাশেহে পাতে৷ কইনাই ভাবে সেই অঞ্চলৰ আটাইতকৈ ডাঙৰ বীৰ জনালৈকে বিয়া হ’লোঁ দেহি। সিফালে শহুৰেকৰ চিন্তা মোৰ সম্পত্তিভাগৰ লগত মিলিব পাৰিবনে নোৱাৰে এই।  দুদিনমানলেকে পেটি গঁজাল মৰা ভলুকা বাঁহৰ দৰে পোন হৈ আছে বুঢ়ী৷ পিছত ফাটি চিটি যায় বুলিহে ভয়। এটা বয়সত মই যিটো ভুল কৰি আজি চেণ্টাৰ বেয়া হোৱা ৰেডিঅ’টো হোৱাদি হ’লোঁ মোৰ ল’ৰাৰ এই মোচনো জাতীয় শ্বহিদ হোৱা বীৰকেইজনৰ দৰেই নহ’লেই হ’ল। বছেৰেকত এবাৰ সোঁৱৰে দেশে পোন্ধৰ আগষ্টৰ দিনা অকল। বিয়াৰ পিছতো বহুত দৰাই নিজৰ শেষ মোচনটো কেতিয়া ক’ত দিছিল সোঁৱৰিবলে পাৰ্টি চাৰ্টি চলিলে মদৰ খোলাতহে চান্স পায়। কইনাৰ লাহেকে আৰম্ভ আমাৰ মাৰ ঘৰৰ অমুকটো বহুত ভাল। লগালগ দৰাৰ ঘৰৰ তাতকে বহুত ভাল বস্তু  মুখে মুখে হাজিৰ৷ বিশেষকে দৰাৰ মাকৰ মুখত। দৰাৰ মাকে লিষ্ট দিব পুতেকে কি কি খাই ভাল পাই৷ কইনাই ভাবে মনতে হোটেলৰ কাৰিকৰ হৈ আহিলোঁনে বোৱাৰী হৈ আহিলোঁ।

লাহে লাহে মাকৰ চকুত ল’ৰাটো মাইকীমুৱা হৈ আহে৷ মোচকোচা খহে, মূৰত ওৰণী দেখে, কইনাৰ নতুন ৰূপটো পুতেকৰ গাত দেখে। সেই অনুপাতে বোৱাৰীয়েক তেওঁৰ চকুত মোচথকা মতামুৱা হৈ পৰে। ইয়াক এইজনীয়ে কথা লগাই ধ্বংস কৰিলে। দুই নাৰীৰ ওখনা ওখনিত চিগনেল হেৰুৱাই অন্যটো ৰেডিঅ’ইও।চেণ্টাৰ বেয়া হোৱা দুইটা ৰেদিঅ’ৰ মাজত গমগমাই বাজি থকা মাইক দুটাৰে চলি থাকে, “কিয়ুকি চাচ ভি কভী বহু থী, কভী খুশী কভী গম”ৰ ককটেইল।

☆ ★ ☆ ★ ☆

7 Comments

  • Pranita Goswami

    বৰ ৰস লগাকৈ লিখা। পঢ়ি বৰ আমোদ পাওঁ। কথাখিনি কিন্তু সত্য। আগৰ বিয়া আৰু আজিকালিৰ ফেচনৰ যুগৰ বিয়াৰ মাজত বহুত তফাত।

    Reply
  • ৰিণ্টুমনি

    তামাম

    Reply
  • জিতু শৰ্মা

    মজাআ

    Reply
  • বন্দিতা জৈন

    তামাম মেক আপ হৈছিল দেখোন ।🤣🤣

    Reply
  • মন্দিৰা

    মজ্জা লাগিল। কি ৰসাল বৰ্ণনা

    Reply
  • Debajit borthakur

    অতি সুন্দৰ লিখনি। আগৰ বিয়াৰ হুবহু ছবি খন দাঙি ধৰিছা ৷

    Reply
  • মানসী বৰা

    মজা দেই…ৰুমালত থুই লগাই মচে সেইটো আল্টিমেট 😂😂

    Reply

Leave a Reply

Your email address will not be published.