ফটাঢোল

সেই দহমিনিট – মণিষা কাকতি

১ ছেপ্টেম্বৰ, ২০১৯। দেওবাৰ। আপাত দৃষ্টিত দিনটোৰ বিশেষত্ব এয়াই আছিল যে সেইদিনা মহাপুৰুষ শংকৰদেৱৰ তিথি আছিল। কিন্তু মোৰ বাবে সেই দিনটোক অন্য এটা পাহৰিব নোৱাৰা ঘটনাইহে চিৰদিন বিশেষ কৰি ৰাখিব।

সেইদিনা গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা এখন আছিল। আবেলি ৩ বজাত। বন্ধৰ দিন হোৱা হেতুকে কিছু লাগতিয়াল সামগ্ৰী কিনাৰ উদ্দেশ্যে ঘৰৰপৰা অলপ সোনকালেই ওলাই গ’লোঁ। এক গুলীত দুই চিকাৰৰ পৰিকল্পনা। বজাৰ-সমাৰ কৰি ভোক লগাত ভাবিলোঁ, ভাতসাজ প্ৰেছ ক্লাবৰ কাৰ্ত্তিকদাৰ কেণ্টিনতে খোৱা যাওক। যিহেতু তালৈ যাবলগা আছেই; গতিকে লৰালৰি কৰাৰ সকাম নাথাকে। লাহে-ধীৰে আৰামত খাই-বৈ অনুষ্ঠান আৰম্ভ হোৱালৈ আজৰি হৈ উঠিম। চিন্তাটো মনলৈ অহাৰ লগে লগে মাংসৰ বাতিকেইটা চকুৰ আগত ভাহি উঠিলেই নহয়। আৰু ৰক্ষা নাই। খোজ পোনালোঁ, প্ৰেছ ক্লাব অভিমুখে।

আশী টকাত মুৰ্গী মাংসৰ ডাঙৰ ডাঙৰ পাঁচটা টুকুৰা, লগত ভাজি, ছালাদ আদি অন্যান্য ব্যঞ্জনেৰে পেট ভৰ্তি হোৱাকৈ ভাতসাজ খালোঁ। কাৰ্ত্তিকদাৰ কেণ্টিনৰ এইটোৱেই আকৰ্ষণ যে তাত যিমান মন যায় সিমান খাব পাৰি। তেখেতৰ মতে, লাগিলে দহবাৰ লোৱা, কিন্তু খাবপৰা জোখতকৈ অধিক লৈ পাতত এৰি নাযাবা। খাদ্য অবাবত নষ্ট কৰিলে তেখেত নাৰাজ হয়। হ’বৰ কথাই! কিমান মানুহে এবেলা এমুঠিৰ বাবে হাহাকাৰ কৰি ফুৰিছে। আৰু আমি খাদ্যবস্তুৰ মোল নুবুজি এৰেহাখিনি প্ৰতিদিনে দাষ্টবিনলৈ নিক্ষেপ কৰিছোঁ।

তামোল এখন মুখত ভৰাওঁ বুলি ওলাই গ’লোঁ বাহিৰলৈ। প্ৰেছ ক্লাবৰ সন্মুখত থকা পাণ-তামোলৰ দোকানখনৰপৰা তামোল এখন কিনি মুখত ভৰাই ফুটপাথতে থিয় হৈ মহানগৰীৰ ৰেহ-ৰূপ চোৱাত লাগিলোঁ। অলপ সময় তেনেকৈয়ে ইফাল-সিফাল কৰি থাকোঁতে অনুষ্ঠানলৈ বুলি অহা চিনাকি দুই-এজন মানুহ চকুত পৰিল। তেওঁলোকৰ লগতে সোমাই গ’লোঁ ভিতৰলৈ।

ঘড়ীটোলৈ চালোঁ। তিনি বাজো বাজো হৈছে। প্ৰায়খিনি মানুহ ইতিমধ্যে আহি গোট খাইছে। আগৰ অনুষ্ঠানটো শেষ হোৱালৈ প্ৰেছ ক্লাবৰ বাৰাণ্ডাতে বহি অপেক্ষা কৰি আছোঁ। মন কৰিলোঁ, হলটোৰপৰা এজন-দুজনকৈ মানুহবোৰ ওলাবলৈ আৰম্ভ কৰিছে। এটা সময়ত আগৰ অনুষ্ঠানটোত উপস্থিত থকা সকলো মানুহ ওলাই শেষ হোৱাত তিনি বজাৰ অনুষ্ঠানটোলৈ অহা মানুহখিনি সোমাবলৈ ধৰিলে। ময়ো লাহেকৈ সোমাই গৈ চকী এখন দখল কৰিলোঁ। তেনেতে ভাব আহিল এবাৰ প্ৰসাৱগাৰৰপৰা অহাটো সমীচীন হ’ব। অনুষ্ঠান পাঁচ বজালৈকে চলিব। মাজতে উঠি যাবলৈয়ো ভাল নালাগে। গতিকে আৰম্ভ হোৱাৰ আগতেই কামফেৰা কৰি আজৰি হৈ লওঁ বুলি বেগটো চকীতে থৈ ওলাই গ’লোঁ।

বাহিৰত এজনী ছোৱালী। অচিনাকি। খুউব সম্ভৱ আগৰ অনুষ্ঠানটোলৈ অহা। প্ৰসাৱগাৰৰ ভিতৰতো এজনী। বাহিৰত থকাজনীয়ে দৰ্জাখন বাহিৰৰপৰা ধৰি আছে। কিছুমানে ভিতৰৰপৰা প্ৰসাৱগাৰৰ দৰ্জা বন্ধ কৰিবলৈ বেয়া পায়। লগত থকাজনীকে ৰখীয়া হিচাপে মোতায়েন কৰে। কথাটো তেনেকুৱা কিবা বুলি ভাবিয়েই ময়ো ৰৈ থাকিলোঁ সিহঁত দুয়োজনীৰ হোৱালৈ। যোৱাৰ সময়ত এজনীয়ে কৈ গ’ল, “চাব দেই, দৰ্জাখন লাগি ধৰে। জোৰকৈ টানি খুলিলেহে খোল খায়।” প্ৰেছ ক্লাবৰ প্ৰসাৱগাৰলৈ আগতেও আহিছোঁ। ঠিকেই আছিল দেখোন আগতে। এইখন দৰ্জা নতুনকৈ লগালে চাগৈ। সঠিককৈ নলগালে নতুন দৰ্জাবোৰ কেতিয়াবা ফ্ৰেমত লাগি ধৰে, বল প্ৰয়োগ কৰিলেহে খোল খায়। তেনে অভিজ্ঞতা আগতেও হৈছে বাবে ময়ো চমুকৈ “অ’ হয় নেকি!” বুলি সঁহাৰি জনাই প্ৰসাৱগাৰলৈ আগবাঢ়িলোঁ।

: বাহিৰত কোনোবা আছে নেকি? দৰ্জাখন লাগি ধৰিছে। খুলিব পৰা নাই। কোনোবাই মাত এষাৰ দিয়কচোন।

নাই, কাৰো উমঘাম নাই। বাহিৰৰ মাত-কথাবোৰ উফৰি আহি মোৰ কাণত পৰিছে। অনুষ্ঠান আৰম্ভ হোৱা নাছিল। মোৰ আৱাজ বাহিৰলৈ গৈছে নে নাই তাতো সন্দেহ উপজিছিল। দৰ্জাৰ ফ্ৰেম আৰু বেৰৰ প্লাষ্টাৰৰ মাজত সৃষ্টি হোৱা ফাঁকত চকু ৰাখি বাৰে বাহিৰলৈ চাইছোঁ, পাৰ্যমানে দৰ্জাত ঢকিয়াইছোঁ। সকলো অসাৰ। ম’বাইলটো লগত থকা হ’লেও সহায় পালোঁহেঁতেন। কিন্তু সেইটো যে বেগৰ ভিতৰত চকীতে এৰি আহিলোঁ। ভয়ত নে গৰমত নাজানো, ঘামেৰে জুৰুলি-জুপুৰি হৈ পৰিছোঁ। আৰু কিমান সময় এনেকৈ? অনিশ্চয়তাৰ ক’লা ডাৱৰে ঘেৰি ধৰিছে মোক। মনত বিশ্বাস আছিল যে কোনোবা আহি ওলাব। কিন্তু কেতিয়া? গাৰ সমস্ত শক্তিৰে চেষ্টা চলায়ো সফল হ’ব পৰা নাছিলোঁ। সেই মুহূৰ্তত ভিতৰৰপৰা চিঞৰি থকাৰ বাদে মোৰ হাতত কৰিবলৈ একো উপায় নাছিল।

দহমিনিটতকৈয়ো অধিক সময় পাৰ হৈছিল। প্ৰসাৱগাৰৰ ভিতৰত বন্দী অৱস্থাত মই। বুজি উঠিছিলোঁ, সাধাৰণভাৱে দহ মিনিট কটোৱা আৰু অনিশ্চয়তা, ভয়, বন্দিত্বৰ মাজেৰে পাৰ কৰা দহ মিনিটৰ মাজত কিমান প্ৰভেদ।

: আছোঁ ৰব বাহিৰত। কিন্তু দৰ্জাখনটো বাহিৰৰপৰা খোলায়েই আছে।

উস্! স্বস্তিৰ নিশ্বাস এৰিলোঁ। এয়া মাত নহয় যেন ভগৱানৰ বৰদানহে। ততাতৈয়াকৈ ক’লোঁ,

: হয়। বাহিৰৰপৰা খোলা আছে আৰু ভিতৰৰপৰাও মই খুলিয়েই ৰাখিছোঁ। কিন্তু দৰ্জাখন কেনেবাকৈ লাগি ধৰিছে। ইয়াৰে কোনোবা কৰ্মচাৰীক প্লীজ মাতি দিয়ক আপুনি।

অৱশেষত খোল খালে। ছোৱালীজনীয়ে তাতে কাম কৰা পুৰুষ এজনক মাতি আনিলে। তেখেতে বাহিৰৰপৰা হেণ্ড’লডালত ধৰি জোৰকৈ টান মাৰি দিয়াত দৰ্জাখন খোল খালে আৰু মই বাহিৰ ওলাবলৈ সক্ষম হ’লোঁ।

☆ ★ ☆ ★ ☆

6 Comments

  • ডলী তালুকদাৰ

    লটি-ঘটি ভালকৈ হ’ল মানে

    Reply
    • HEMANTA KAKATI

      হাঃ হাঃ ময়ো যোৱা ৩০ তাৰিখে প্ৰেচক্লাবত আছিলো৷ মই হেণ্ডেল নলগোৱাকৈয়ে কামটো কৰি আহিছিলো৷

      Reply
  • ৰাজশ্ৰী শৰ্মা

    ভাল লটিঘটি হ’ল দেই

    Reply
  • যদি কোনো নাহিলহেতেন!কি ভয়ংকৰ ঘটনা ঘটিল হয়,সেইটো ভাবিহে মোৰ বুকুখন কপিছে।

    Reply
  • Chandana Das

    বেলেগ লটি-ঘটি দেখোন।

    Reply
  • anjan sadhanidar

    ভাগ্য ১০ মিনিটতে হল বুলিহে৷

    Reply

Leave a Reply

Your email address will not be published.