ফটাঢোল

সৈনিক স্কুলৰ মধুৰ স্মৃতি – ডাঃ ৰঞ্জন কুমাৰ দাস

লিখাত অমুকা ইমান পাকৈত নহয়। লিখা অভ্যাসো ইমান নাই তথাপি চেষ্টা এটা কৰিলোঁ‌। অৰ্দ্ধাঙ্গিনীয়ে কাঢ়াকৈ কৈছে এইবাৰ মই কিবা এটা লিখিবই লাগিব তাকো ব্যঙ্গ। কিন্তু ব্যঙ্গ লিখা ইমান সহজ জানো? ভাবি গুণী ঠিক কৰিলোঁ‌ স্কুলীয়া দিনৰে মধুৰ কিন্তু মনত পৰিলে আজিও হাঁহি উঠা কেইটামান স্মৃতিকে লিখোঁ‌।

১৯৮৫ চনত সৈনিক স্কুলত ক্লাছ চিক্সত নাম ভৰ্তি কৰিলোঁ‌। হোষ্টেলত থাকিবলৈ আৰম্ভ কৰিলোঁ‌। সৈনিক স্কুলৰ নিয়ম অনুসৰি ৰাতিপুৱা পাঁচ বজাত শুই উঠি মুখ হাত ধুই পি.টি.ত ভাগ ল’ব লাগে সকলোৱে।তাৰপিছত সাত বজাত ৰুমলৈ আহি গা ধুই স্কুলৰ ইউনিফৰ্ম পিন্ধি ৰাতিপুৱাৰ জলপান খোৱা হয় আৰু আঠ বজাত স্কুললৈ যাব লাগে। প্ৰথমতে এচেম্বলী হয়, তাৰপিছত ক্লাছ। এচেম্বলীত সদায় ছাত্ৰসকলৰ ষ্টেজত উঠি বক্তৃতা দিয়াৰ পাল পৰে। এইটো ছাত্ৰসকলৰ মনোবল যোগোৱাৰ উদ্দেশ্যৰ বাবে কৰা হয়। ছাত্ৰসকলৰ লগতে শিক্ষক, প্ৰিঞ্চিপাল সকলো তাত থাকে।

এনেকৈয়ে এদিন মোৰ পাল পৰিল। গাঁৱলীয়া ল’ৰা তাতে মোৰ লাজটোও অলপ বেছি। ঘৰতো অলপ আদৰুৱা। তেতিয়ালৈ ঘৰৰ মায়া এৰিবই পৰা নাই ভালকে। এতিয়া ভাষণ দিবলৈ কোৱাত মোৰ পেটলৈ ভাত নোযোৱা অৱস্থা। হাউচ মাষ্টাৰ ছাৰক ক’লো যে ছাৰ মই কি ক’ম? তাতে ইংৰাজীও নাজানো। ক্লাছ ফাইভলৈ অসমীয়া স্কুলত পঢ়ি আহিছোঁ‌। ছাৰে ক’লে তুমি মহাত্মা গান্ধীৰ বিষয়ে ক’বা। চিনিয়ৰ দাদা এজনে লিখি দিলে মহাত্মা গান্ধীৰ জীৱনীখন। মইয়ো পূৰা ভাটৌৰ দৰে মুখস্থ কৰি গৈছোঁ‌। নিৰ্দিষ্ট দিনৰ দিনা ঈশ্বৰৰ নাম লৈ কোনোমতে ক’লোঁ‌। কথমপি বেহুচ নোহোৱাকৈ থাকিলোঁ‌। ষ্টেজৰ পৰা নামি আহিলোঁ‌। হাউচ মাষ্টাৰে ক’লে “ৰঞ্জন তুমনে স্পিচ্চ দিয়া য়া স্পিচ্চ চবায়া কুছ মালুম হি নহি চলা।” মই মনেৰে বোলো ষ্টেজত যে থিয় হৈ আছিলোঁ‌ মোৰ বাবে সেইটোহে ডাঙৰ কথা।

ক্লাছ এইটলৈ প্ৰমোচন পালোঁ‌। তেতিয়ালৈ আগতকৈ লাজ কমিলে অলপ। ক্লাছৰ লগতে হোষ্টেলো সলনি হ’ল। চিনিয়ৰৰ হোষ্টেললৈ গ’লো। আমাৰ সৈনিক স্কুলৰ প্ৰত্যেক হোষ্টেলসমূহৰ নাম আছিল বেলেগ যেনে অভিমন্যু, ভাস্কৰ এই দুটা জুনিয়ৰ হোষ্টেল।চিনিয়ৰ হোষ্টেলকেইটা লোহিত, চিলাৰায়, লাচিত, অনিৰুদ্ধ, উদয়গিৰি। মোৰ হোষ্টেলটোৰ নাম আছিল ‘উদয়গিৰি হাউচ।’ আৰু প্ৰত্যেকটো হোষ্টেলত একোজন হাউচ মাষ্টাৰ থাকে। আমাৰ হাউচ মাষ্টাৰ আছিল আমাক বায়’লজী পঢ়োৱা ছাৰজন।’ছাৰজন ইমানে চাপৰ আছিল যে হাফপেন্ট পিন্ধিলে তেওঁক ক্লাছ চিক্সৰ ছাত্ৰ বুলি ভাবিব। আনকি নতুনকৈ অহা ছাত্ৰৰ পৰিয়ালে তেওঁক দেখি ছাত্ৰ বুলি ভাবি ভাইটি বুলি মাতে।

যি কি নহওক ছাৰজন হাউচ মাষ্টাৰ হিচাপে বহুত কাঢ়া আছিল। দিনটোত তিনিবাৰমান ছাত্ৰসকলৰ ৰুম চেক কৰে। ৰাতিপুৱা পাঁচ বজাতে সকলোৰে ৰুমলৈ গৈ চেজ কৰে ছাত্ৰসকলে পি.টি. কৰিবলৈ গৈছে নে নাই। কিয়নো কিছুমান ল’ৰাই ৰাতিপুৱাৰ টোপনি খতি কৰি নাযায় আৰু ছাৰ আহিলে কাপোৰ থোৱা আলমাৰীত সোমাই থাকে। গধুলি ছাত্ৰসকল পঢ়ে নে নাই চাবলৈ আহে এবাৰ আৰু ৰাতি ভাত খোৱাৰ পিছত দেৰিলৈ পঢ়ে নে নাই নে শুই থাকে চাবলৈ আহে। ইয়াৰ মাজতে ছাৰে চিনিয়ৰকেইজনৰ বিচনাৰ তুলিও চেক কৰে।কিয়নো সেই সময়ত দুজন মানে নতুনকৈ চাধা খাবলৈ শিকিছিল। তাৰোপৰি স্কুলৰ মেডিকেলৰ কম্পাউণ্ডাৰজনৰ বিড়ি চুৰ হোৱা বুলিও কম্প্লেইন আহিছিল। ছাৰে বিচনা চেক কৰি ধুনীয়াকৈ থোৱা বিচনা উল্টা পুল্টা কৰি দিয়ে বাবে সকলোৰে খং উঠিছিল। সেইবাবে ছাৰক কোনেও ভাল নাপায়। আঠ বজাত ডিনাৰ কৰাৰ পিছত আকৌ সন্ধিয়াৰ এচেম্বলী হয়। সকলোৱে ৰুমত গৈ পঢ়িবলৈ ধৰে। তেনেদৰে এবাৰ কেইদিনমান সদায় ৰাতি দহ বজাত কাৰেণ্ট যোৱা হ’ল। তেতিয়াৰ সময়ত আমাৰ হোষ্টেলত জেনেৰেটৰ বা ইনভাৰ্টাৰ নাছিল আজিৰ দৰে। আমি লগত লেম্প আৰু মম ৰাখিছিলোঁ‌। তেনেকৈয়ে পঢ়িছিলোঁ‌ আৰু।

এনেদৰে লাইট যোৱাত ছাৰে বাহিৰতে তহল দি থাকে। আমাৰ মাজৰ কেইটামান যিকেইজন ছাৰৰ ওপৰত বেছি অসন্তুষ্ট সিহঁ‌তৰ মূৰত বুদ্ধি খেলালে ছাৰক এসেকা দিয়াৰ। আমাৰ হোষ্টেলৰ ওচৰত বহুত শিয়াল আছিল। কাৰেণ্ট যোৱাৰ পিছতে শিয়াল কেইটাই পূৰা হোঁ‌ৱা দিবলৈ আৰম্ভ কৰে। শিয়ালে হোঁৱা দিয়াৰ লগে লগে আমিও আৰম্ভ কৰোঁ‌ হোঁৱা হোঁৱা। লগতে দুটামান কচুগুটি আছিল সেইকেইটাই ছাৰক জোকাই কয় হোঁৱা হোঁৱা কটু কটু, হোঁৱা হোঁৱা কটু কটু (যিহেতু ছাৰ চাপৰ আছিল তেওঁক কটিয়া ছাৰ বুলি কৈছিলোঁ‌।) পিছলৈ ৰস পাই আমিও হোঁৱা কটু, হোঁৱা কটু বুলি কোৱা হ’লোঁ‌।

এদিন তেনেকৈ চিঞৰি থাকোঁ‌তে হঠাত পিছফালৰ পৰা আহি কোনোবাই ক’লে..don’t tell me kotu, its my standard height of India. তাৰ পিছত আমাৰ কি হ’ল বুজিব পাৰিলে চাগৈ। শাস্তি হিচাপে এসপ্তাহ গোটেই হোষ্টেলৰ ছাত্ৰক ৰাতি গোটেই স্কুলখন দৌৰিবলৈ দিছিল।

আমাৰ স্কুলত এখন ডিচপেঞ্চৰী আছিল। তাত আঠৰ পৰা দহখনলৈ বিচনা আছিল কাৰোবাৰ বেমাৰ হ’লে থাকিবৰ বাবে। কিন্তু বহুতে পি.টি.ৰ পৰা বাচিবলৈ বা আৰম কৰিবলৈ হ’লে বেমাৰৰ ভাও ধৰি এডমিট হয়।চিকিৎসকৰ লগতে এজন কম্পাউণ্ডৰ আছিল যাক আমি বিড়ি বুলি মাতিছিলোঁ‌। তামাম বিড়ি খাইছিল তেওঁ। দুপেকেট বিড়ি দিলেই তেওঁৰ কাম হৈ গৈছিল।তিনি চাৰিদিনলৈ আৰামচে মেডিকেলৰ বিচনাত পৰি থাকক। ডিচপেঞ্চৰীখনত গৰু, ছাগলীয়ে ঘাঁহ খাই ফুৰিছিল। এবাৰ কেইজনমান খটাসুৰে তাত ভৰ্তি হৈ থাকোঁ‌তে ছাগলী এজনী ধৰি স্কুলৰ বাউণ্ডেৰীৰ বাহিৰত ধাবা এখনত ৰান্ধিবলৈ দি ৰুটীৰে আৰামত খাই বৈ টিপ টপ হৈ আছিল। কিন্তু কেনেবাকৈ এই কথাটো হেডমাষ্টৰৰ কাণত পৰাত যিকেইজনে এই কামটো কৰিছিল সিহঁ‌তক গালিতো পাৰিছিলেই তাৰোপৰি বেমাৰ হ’লেও সিঁহতক sick দিব মানা কৰিছিল। মানে বেমাৰ হ’লেও সিহঁ‌তে ছুটী নাপাব আৰু ক্লাছ কৰিব লাগিব। সকলোতকৈ ডাঙৰ শাস্তি হ’ল সিহঁতক ৰাতি ডিনাৰ কৰাৰ পিছত সাত কিলোমিটাৰ গোটেই স্কুলৰ বাউণ্ডেৰীত দৌৰাইছিল। তাৰপিছত বাকী ছাত্ৰবোৰে ভুলতেও লোকৰ ছাগলী, মুৰ্গী ধৰাৰ কথা সপোনতো ভবা নাছিল।

এইয়াই মোৰ স্কুলীয়া দিনৰ কিছু ফটা সোঁ‌ৱৰণি।
☆★☆★☆

4 Comments

  • ডলী

    সুন্দৰ

    Reply
  • HEMANTA KAKATI

    হাঃ হাঃ মজা লাগিল দেই ৰঞ্জন! বিশেষকৈ হোষ্টেলত হোৱা দিয়াটো৷ আমিও কৰিছিলোঁ৷ লিখি থাকিবা৷

    Reply
  • Anonymous

    মজা

    Reply
  • Abhijit Goswami

    ভাল লাগিল দাদা

    Reply

Leave a Reply

Your email address will not be published.