ফটাঢোল

সোঁৱৰণী-হেমন্ত কাকতি

সিদিনা ৰবিবাৰ বুলি আমাৰ বেডৰূমৰ আলমাৰীটোৰ ভিতৰৰ কাপোৰবোৰ অলপ থানথিত লগাওঁ বুলি উলিয়াই লৈছিলোঁ৷ আচলতে এওঁলোকৰ কাপোৰৰ ভিৰত মোৰ বাবে আলমাৰীটোত ঠাই প্ৰায় নাইকিয়া৷ সেয়ে চুকৰ ফালে চেল্ফ এটা উলিয়াই জেগা অকণ দখল কৰি ৰাখোঁ বুলিয়েই তাৰ পৰা মোৰ বয়বস্তু স্থানান্তৰিত কৰি দিয়া নাছিলোঁ৷ ল’কাৰত কিবা খুচৰি থাকোঁতে হঠাৎ মোৰ পুৰণি সোঁৱৰণীখনত হাত লাগিল৷ সেইখন নোচোৱা এটা যুগ হ’ল৷ কিবা এটা ভাবি সেইখন উলিয়াই আনি পঢ়াত লাগিলোঁ৷ সোঁৱৰণী পঢ়ি বুজি পোৱা টান, কেৱল এটা কথা সৰুৰে পৰাই জানিছিলোঁ যে শনি, মংগল, ৰাহু, কেতু আদি দুষ্ট গ্ৰহৰ কোপ দৃষ্টি পৰিলে দিন বেয়া হয়৷ ওপৰে ওপৰে চকু ফুৰাই থাকোঁতে এজেগাত মোৰ চকু স্থিৰ হ’ল৷ এই বছৰটোতে শনি, মংগল আৰু কেতুৰ ত্ৰিপাপ দশা! আৰু ফলাফল হ’ল মৃত্যুভয়!

মনটোত অলপ ভয় ভয় ভাব এটাই ক্ৰিয়া কৰিবলৈ ধৰিলে৷ এনেও মোৰ ভয়টো অলপ বেছি৷ পিচে বিজ্ঞানৰ ছাত্ৰ হিচাবে মানুহৰ ওপৰত গ্ৰহ নক্ষত্ৰৰ ফলাফল আদি, মানে সমগ্ৰ জ্যোতিষ শাস্ত্ৰৰ ওপৰতে মোৰ অকণো বিশ্বাস নাই৷ মোৰ মতে এইবোৰ অহেতুক চিন্তাই মনটোকহে দুৰ্বল কৰে৷ সেয়ে বেছি পাট্টা নিদি সোঁৱৰণীখন জেগাত থৈ পুনৰ কাপোৰখিনি ঠিকঠাক কৰাত লাগিলোঁ৷ এনেতে শ্ৰীমতী আহি উপস্থিত! মোক চকু পকাই সুধিলেই নহয় বোলে,

: কি সুমুৱাই থ’লা সেইখন?

এনে সময়ত মিছা কৈ লাভ নাই৷ সোঁৱৰণীৰ কথাখিনি এওঁক বিবৰি ক’লোঁ৷ কথাখিনি শুনি এওঁ গহীন হ’ল৷ তাৰ পিছত নিজে নিজে আৰম্ভ কৰিলে,

: এইবোৰ গুৰু গোঁসাই নমনা কাৰণেতো তোমাৰ একো কাম সিদ্ধি নহয়৷ অহা মঙ্গলবাৰে নাৰায়ন পূজা এভাগ কৰিম৷ কাকো নেপালে ওচৰতে থকা সঞ্জীৱ ভট্টকে মাতিবা৷ বামুণৰ ল’ৰাটোক পূজা পাতি এসাঁজ খুৱাম৷

ময়ো না নকৰি পূজাখন কৰি তাক মাছে মঙহে খুৱাই সন্তুষ্ট কৰি পঠিয়ালোঁ৷

আগষ্ট ২০২০, সমগ্ৰ ভাৰতবৰ্ষতে কৰ’ণা মহামাৰীয়ে সন্ত্ৰাস চলোৱা সময়৷ সাবধান হোৱাৰ সময়৷ চাৰিওফালে কৰ’ণা ৰোগৰ ব্যাপকতা তুংগত উঠিছে৷ টিভিৰ নিউজ, বাতৰি কাকত সকলোতে কেৱল কৰ’ণাৰে কথা৷ প্ৰায় মাৰ্চ মাহৰ পৰা সৱ কাম-বন বাদ দি ঘৰতে সোমাই আছিলোঁ৷ চৰকাৰেও ‘লক ডাউন’ দিয়াত মোৰ অকণমানি ভয়াতুৰ জীৱটোক কোনোমতে আটোমটোকাৰীকৈ ৰক্ষণাবেক্ষণ দি ৰাখিছিলোঁ৷

কিন্তু যোৱা মাহৰ পৰা ‘আনলক’ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছিল৷ দিন যোৱাৰ লগে লগে কৰ’ণাৰ ভয়টো লাহে লাহে কমি আহিছিল যদিও চুলিখিনি সমানুপাতিক ভাবে বাঢ়িছিল৷ কাণৰ তলত চুলি লাগিলেই গৰমত ইচাট-বিচাট কৰা মই মানুহটোৱে যোৱা দুটা মাহ কেনেকৈ যে কটালোঁ, কি কম আৰু? প্ৰায় প্ৰত্যেক দিনাই আয়নাৰ সন্মুখত ঠিয় হৈ উৰাই ঘূৰাই নিজকে চাওঁ, দীঘল হৈ কাষলৈ বৈ পৰা চুলিখিনিত দুবাৰমান ৰং কৰি অলপ বেলেগ এটা ৰূপ দিবলৈও চেষ্টা কৰিছিলোঁ, কিন্তু কোনোটোতে সন্তুষ্ট হ’ব পৰা নাছিলোঁ৷ বিশ্বাস কৰক, যোৱা মাহত এদিন গোটেই নিশা শুব নোৱাৰিলোঁ৷ নিজে নিজে গোটেই মূৰৰ বিশৃংখল চুলিবোৰ যেন হাতেৰে এডাল এডালকৈ উভালি পেলাম, তেনে ভাবেৰে বিনিন্দ্ৰ ৰজনী এটা কটোৱাৰ পিছত সিদ্ধান্ত লৈ পেলালোঁ যে নিজৰ চুলি নিজেই কাটিম৷ বখলা বখল, খলপা খলপ যি হওক, কাটিম৷ মনটো ফাইনেলি স্থিৰ কৰিলোঁ৷ তথাপি অলপ ৰৈ ঘৰৰ দুৱাৰমুখতে তহল দি আছিলোঁ, এনেতে দেখিলোঁ, চুবুৰীয়া মহেন্দ্ৰ বৰুৱাই আধা ইঞ্চি জোখৰ চুলিৰ মাইক টাইচন কাটেৰে মোৰ সন্মুখেৰে গহীনত গৈ আছে৷ মই কৌতুহল ৰখাব নোৱাৰি সুধি পেলালোঁ,

: বৰুৱা, ইমান ধুনীয়াকৈ চুলি ক’ত কাটিলে হে?

বৰুৱাই মৃদু হাঁহি এটাৰে ক’লে,

: কিয়, আপুনি ইফালে সিফালে ওলোৱাই নাই নেকি? ৰাস্তাৰ সিটো পাৰে ৰামঅৱতাৰৰ চেলুনখন খোলা বহুদিনেই হ’ল দেখোন! “আনলক” হোৱাৰ পিছৰ পৰাই সি গ্লোভচ্, মাস্ক সৱ পিন্ধি কাটে, আগতে ধুনীয়াকৈ চেনিটাইজো কৰি লয়৷ মই তাতেই কাটিলোঁ আকৌ৷ মানুহো কম, আৰামচে কাটি আহক৷ কি ইমান ভয় হে?

কথাখিনি কৈয়ে মোক নতুন চিন্তাৰ খোৰাক দি থৈ বৰুৱা গ’ল গৈ৷

আচলতে মোৰ মৃত্যুভয়টো অলপ লগাতকৈ বেছিয়ে হৈছিল৷ কিন্তু কিমান দিন? এনেকৈ ভয়তে সোমাই থাকিলে হ’ব জানো? চেলুনত যদি কটাব পাৰিয়ে নিজে কিয়নো বেকাৰ চেষ্টা কৰোঁ? বৰুৱাৰ কথা শুনাৰ পিছত মই নৰ’লোঁ৷ যি হয় হ’ব, চুলিখিনি চেলুনতে কাটিম৷ সাবধানতা ল’ব বুলিও কৈছেই যেতিয়া৷

ৰামঅৱতাৰৰ মই পুৰণি কাষ্ট’মাৰ৷ আনকি মাজে সময়ে বাকীও চলে৷ গতিকে বিশেষ নেভাবি তাৰ চেলুনলৈ পোনালোঁ৷ চেলুনখন আগতকৈ ভালকৈ সজাইছে৷ সন্মুখৰ বাৰাণ্ডাত গোল গোল বৃত্ত কেইটামানো আঁকি থৈছে৷ চ’চিয়েল ডিষ্টেন্সিঙৰ নিয়ম যে শিকিছে সেয়া বুজি পালোঁ৷ চেলুনত মানুহ নাছিলেই৷ এজন প্ৰায় ২০ বছৰীয়া ডেকা ল’ৰাৰ চুলি কাটি আছিল৷ মোক সি ৰ’বলৈ ইঙ্গিত দি ল’ৰাটোৰ চুলি কটাত ব্যস্ত হ’ল৷

অৱশেষত ময়ো চুলি কাটিলোঁ৷ প্ৰায় দুই তিনি মিলিমিটাৰমান ৰাখি পূৰা মূৰটো খালী কৰি দিয়াৰ পিছত বৰ পাতল পাতল লাগিল৷ মানুহ নথকাৰ সুযোগত অলপ মালিচো কৰাই ল’লোঁ৷ ৰামঅৱতাৰৰ মালিচ মানে সেই অঞ্চলত বিখ্যাত৷ পঞ্চাশ টকাত সি যিটো মালিচ দিয়ে, ডাঙৰ ডাঙৰ পাৰ্লাৰতো সেই জুতি নেপাব৷  যি নহওক, মূৰটোৰ লগতে মনটোও ফৰকাল হৈছিল৷

প্ৰায় এসপ্তাহমান পিছত, এদিন দেখিলোঁ, মোৰ ঘৰৰ সন্মুখত দুখন গাড়ীৰে সৈতে পি পি ই কিট পিন্ধা কেবাজনো মানুহ! হুৱা দুৱা লাগিছে৷ অলপ খবৰ লৈ গম পালোঁ, কাষৰ ঘৰৰ বৰুৱা ক’ভিড পজিটিভ! আচলতে ৰামঅৱতাৰ নাপিতেই হেনো কভিড পজিটিভ! তাৰ চেলুনখনো চিল কৰি দিয়া হৈছে, আৰু তাকো উঠাই নিছে৷ মোৰ তেতিয়া ফাট মেলা বসুমতী পাতালে লুকাওঁ হেন অৱস্থা৷ সোঁৱৰণীখনৰ কথাবোৰে পুনৰ মোৰ মনলৈ এক অজান আশংকা কঢ়িয়াই আনিবলৈ ধৰিলে৷ ইফালে সিফালে অলপ খবৰখাতি লৈ মনে মনে ঘৰত সোমাই থকাই শ্ৰেয় বুলি উভতি আহি ঘৰত সোমালোঁ৷ মৃত্যুভয়ে মোৰ মূৰত ভালকৈয়ে বাঁহ লোৱা আৰম্ভ কৰিছিল৷ মানে সোঁৱৰণীৰ কথা ফলিয়াব পাৰে? মংগল, শনি আৰু কেতুৰ ত্ৰিপাপ দশা কি আৰম্ভ হৈ গ’ল?

ঘৰৰ পৰিয়ালৰ লগত বিচ্ছিন্ন হৈ গ্ৰাউণ্ড ফ্ল’ৰৰ চুকৰ ৰূম এটাত নিজকে আবদ্ধ কৰি ৰাখিম বুলি ভাবি এওঁলৈ ফোন কৰিলোঁ৷

: শুনিছা? বৰুৱা হেনো ক’ভিড পজিটিভ! লগত ৰামঅৱতাৰ নাপিতো৷ মই এইটো ৰুমৰ পৰা আৰু নোলাওঁ, খানা পিনা যি লাগে ডিজপ’জেব’ল প্লেটত ইয়াতেই দুৱাৰৰ কাষত দি যাবা৷

এওঁও শুনি শ্বকড্‌! বিধাতাৰ লিখন কোনে খণ্ডাব? যি হ’ব লগা আছে হ’ব আৰু৷ দুখ মনে এওঁও মোৰ সিদ্ধান্তত সন্মতি প্ৰদান কৰিলে৷

এটাচ্চদ্ টইলেট এটাও আছিলেই লগত৷ বাকী ভিটামিন চি, পেৰাচিটামল টেবলেট কেইটামান, নেমুপানী আৰু গৰম পানীৰ ফ্লাস্ক এটা যোগাৰ কৰা হ’ল৷ এইবাৰ মোৰ কৰ’ণা হ’বই বুলি শতকৰা এশ শতাংশ নিশ্চিত হৈ ল’লোঁ৷ মাত্ৰ মৃত্যুৰ দুৱাৰদলি পোৱালৈ কাউণ্ট ডাউন আৰম্ভ কৰি দিছোঁ৷ পুনৰ মৃত্যুভয়ে মোক গ্ৰাস কৰি আনিবলৈ ধৰিলে৷ ৰাতিলৈ অলপ মূৰটো বিষোৱা যেনো লাগিল৷ অ’ ক’বলৈ পাহৰিছোঁ, এওঁ নেদেখাকৈ চুকতে স্পেচিয়েল ‘বটল’ এটাও যোগাৰ কৰি ৰাখিছিলোঁ৷ অলপ দেৰি ভাবি সেইটো খুলি ল’লোঁ৷ অৱশ্যম্ভাৱী মৃত্যুৰ আগত এইবোৰ নো কি? জীৱটোৱে নাবাচিলে লিভাৰৰ চিন্তা কৰি কি লাভ? দীঘল দীঘল উশাহ দুটামান টানি লৈ প্ৰায় এক মিনিটমান উশাহ বন্ধ কৰি ‘চেল্ফ টেষ্টিং’ কৰি চালোঁ৷ প্ৰায় ঠিকেই আছিল যদিও এবাৰ যেন বুকুৰ চুক এটা অকনমান বিষাই গৈছিল৷ নৰ’লোঁ, গৰম পানীৰ লগত মিলাই ডাঙৰকৈয়ে দুগিলাচ গলাধকৰণ কৰি দিলোঁ৷ লাহে লাহে টোপনি টোপনি ভাব এটাই আগুৰি ধৰিলে৷  হয়তো ৰাতিলৈ জ্বৰ আহিব৷ টোপনিয়ে যন্ত্ৰণা দিবলৈ আৰম্ভ কৰাৰ আগতেই পেৰাচিটামল এটাও লগতে গিলি পেলালোঁ৷ ক্লান্ত দেহাটো টোপনিয়ে কেতিয়া মেৰাই ধৰিছিল নেজানো, পিছদিনা ৰাতিপুৱা আঠ বজাতহে এওঁৰ মাতত সাৰ পাইছিলোঁ৷

ৰাতি খোৱা বোৱা কৰা নহ’ল বাবে মানুহজনীৰ খং৷ ৰাতি জ্বৰ আহিছিল নেকি এওঁ সুধিলে৷ জ্বৰ যে অহা নাছিল সেয়া ডাঠি ক’ব নোৱাৰিলোঁ যদিও গাটো বিশেষ অসুস্থ অনুভৱ কৰা নাছিলোঁ৷ জ্বৰলৈ ৰৈ এদিন পাৰ কৰিলোঁ, কিন্তু জ্বৰৰ কোনো লক্ষণ নাহিল৷

দুদিন, তিনিদিন, চাৰিদিন… …তাৰ পিছত এসপ্তাহ পাৰ হ’ল৷ না জ্বৰ আহিল, না কাহ আছিল৷ সামান্য চৰ্দিও নেলাগিল৷ শ্বোলে ফিল্মত গব্বৰ সিঙৰ তিনিওটা গুলী মিছ-ফায়াৰ হোৱাৰ পিছত গব্বৰ সিঙৰ সেই বিখ্যাত হাঁহিটো ওলাওঁতে লাহে লাহে সকলোৰে লগত ভয়াতুৰ চম্ভাই যেনেকৈ হাঁহিবলৈ লৈছিল, ঠিক তেনে এটা হাঁহি মোৰ মুখতো বিৰিঙিবলৈ লৈছিল৷ মানে মই এইবাৰলৈ বাছি গ’লোঁ?

প্ৰায় দুসপ্তাহ তেনেকৈ স্ব-নিৰ্বাসনত কটোৱাৰ অন্তত কৰ’ণাৰ ওপৰত বিজয় প্ৰাপ্ত হোৱা বুলি অনুমান কৰি অবিকল গব্বৰৰ হাঁহিটো ‘ৰিপিট মোড’ত মনৰ ভিতৰতে প্লে’ কৰি কৰি মই ‘চেল্ফ কোৱাৰেণ্টাইন জোন’ৰ পৰা সগৌৰৱেৰে মুকলি আকাশৰ তললৈ ওলাই আহিলোঁ৷ কোনোদিন মন্দিৰ-মচজিদত টকা এটা দান নিদিয়া মানুহটোৱে ভগৱানৰ ভক্তিত গদগদ হৈ পৰিছিলোঁ৷ ভগৱানক ‘লাখ লাখ চুকৰিয়া’ জনাই অলপ মুকলি হওঁ বুলি ৰাস্তালৈ ওলাই গ’লোঁ৷ মানুহৰ মুখত গম পালোঁ যে কভিড পজিটিভ বৰুৱাও ইতিমধ্যে নিগেটিভ হৈছে৷ মনটো পুনৰ ফৰকাল হৈ পৰিল৷

পেটে পেটে ‘অভাৰ কনফিডেন্স’ এটা বাৰুকৈ ঠন ধৰি উঠিছিল৷ মই অলপ মনতে ‘ৰিচাৰ্চ’ আৰম্ভ কৰিলোঁ, ৰামঅৱতাৰ নাপিতৰ লগত ‘বডি কনটেক্ট’ হোৱাৰ পিছতো মোৰ ‘কভিড পজিটিভ’ কিয় নাহিল? হয়তো সৰুতে স্কুলত লোৱা ‘বি চি জি’ বেজিটোৱে কাম দিলে৷ হয়তো ও-পজিটিভ ব্লাড গ্ৰুপৰ মানুহৰ কৰ’ণা নহয় বুলি কোৱা বাতৰিটো সঁচা৷ নহ’লে সৰুতে বোকা পানীৰে খেলি-ধূলি ডাঙৰ হোৱা বাবে মোৰ ‘ইমিউনিটি’ বহুত ‘ষ্ট্ৰং’! দুবাৰমান দীঘলকৈ উশাহটো টানি বন্ধ কৰি চালোঁ৷ নাই, সকলো ঠিকেই আছে৷ মানে কৰ’ণাই মোক চুব নোৱাৰে?

অৱশেষত কৰ’ণা মহামাৰীৰ সন্ত্ৰাসৰ পৰা মুক্ত হ’লোঁ৷ বিশেষ ঝামেলাও নাই, না কোনো শ্বাৱ টেষ্ট, না পজিটিভ ৰিজাল্ট, না চৌধ্য দিনৰ কোৱাৰেণ্টাইন, না ক’ভিড হস্পিটালত গৈ লেতেৰা বাথৰূম ব্যৱহাৰ কৰাৰ ভয়৷ অৱশ্যে বেচ কিছুদিন ভয়ে ভয়ে কটালোঁ৷ সৱতকৈ ভয় লাগিছিল অক্সিমিটাৰটো কিনিব নোৱাৰাত৷ অহুকাণে-পহুকাণে শুনিছিলোঁ বোলে অক্সিজেন লেভেল হঠাৎ ডাউন হৈ যাব পাৰে, তেনেহ’লে ‘চেটেপ’ কাৰবাৰ! মনটোৱে বাৰে বাৰে এই অযথা ঋনাত্মক চিন্তাৰ পৰা মুক্ত হ’বলৈ যেন সকিয়াই দিলে৷ কিহৰ ভয়? এইবোৰ সৱ মিছা কথা৷ সোঁৱৰণীখনলৈ মনত পৰি টিঙিচকৈ খং এটা উঠি আহিছিল৷ এই ফটুৱা কথা লিখা সোঁৱৰণী জাতীয় বস্তুবোৰে বহুত ঋনাত্মক প্ৰভাৱ পেলায়৷ এইটো চিন্তা এবাৰ মনত অহাৰ লগে লগে ঠিক কৰি পেলালোঁ- সেইখন এতিয়াই দলিয়াম৷ তাৰ পিছতে ভাবিলোঁ, এয়া কি ব্ৰাহ্মণক মাছে মঙহে খুউৱাৰ পিছত মোৰ ৰিষ্ট কটা গ’ল? নাহ! সৱ মিছা এইবোৰ!

মাছ মাংসৰ কথা ভাবোঁতে মোৰো অলপ মাছ মাংস কিবা খাবলৈ খুব মন গৈছিল৷ এওঁক ক’লোঁ বোলো মই অলপ বজাৰলৈ যাওঁ, কি কি লাগিব৷ এওঁ বেগটো দি ক’লে,

: মাস্কখন ভালকৈ পিন্ধি যাবা৷

মই বোলো,

: বাদ দিয়াহে! মোৰ ক’ৰণা নহয়, চিন্তা নকৰিবা৷ আলমাৰীটো খুলি বিতৃষ্ণাভৰা চাৱনিৰে সোঁৱৰণীখন উলিয়াই বজাৰৰ বেগটোৰ ভিতৰত ল’লোঁ৷ ৰাস্তাৰ কাষতে কৰবাত ফালি পেলাই দিম৷

ঘৰৰ পৰা বজাৰলৈ ওলালোঁ৷ ৰাস্তাৰ সিটো পাৰে মাংসৰ দোকান৷ বেগটো হাতত লৈ কিশোৰ কুমাৰৰ “জিন্দেগী, এক চফৰ, এক সুহানা, য়হা কল ক্যা হোগা কিচনে জানা” গীতটো  সুহুৰিয়াই সুহুৰিয়াই ৰাস্তাটোৰ সিটো পাৰে যাবলৈ লৈছোঁ৷ হঠাৎ পলকতে জানো কি হৈ গ’ল! সিটো ফালৰ পৰা তীব্ৰ বেগত অহা ডাম্পাৰখন মোৰ প্ৰায় ওপৰেদি উঠি গ’ল৷

ক’ৰণাই মোক একো কৰিব নোৱাৰিলে৷ কিন্তু মৃত্যুদূত অন্যফালেদি আহি গ’ল৷ সৰ্বশেষত দুজন বাটৰুৱাই কোৱা মনত আছে- মানুহজন ষ্পট ডেড! তাৰ পিছত একো মনত নাই৷

প্ৰায় দহদিনৰ মূৰত যোৱাকালি চকু মেলি চালোঁ৷ এক অচিনাকি পৰিবেশ৷ লাহে লাহে গম পালোঁ সেয়া হস্পিটাল৷ ওচৰতে এওঁ বহি আছে৷ নিস্তেজ হাঁহি এটাৰে এওঁ ক’লে, সিদিনা সঞ্জীৱ ভট্টই তোমাক হস্পিটাললৈ ননাহ’লে, তোমাক নেপালোঁহেঁতেন৷ ডাক্তৰে কৈছে এতিয়া আউট অৱ ডেঞ্জাৰ, কেৱল ভৰিখন ঠিক হ’বলৈ কিছুদিন লাগিব৷ আৰু সোঁৱৰণীখন বেগত কি কৰিবলৈ নিছিলা?

মই ইকাটি সিকাটি হ’বলৈ চেষ্টা কৰিলোঁ, ভৰি এখন প্ৰচণ্ড বিষ৷ আঁঠুৰ ওপৰত বেণ্ডেজ এটা৷ এনেতে এওঁ ফোনটো মোক দি ক’লে,

: লোৱা সঞ্জীৱে ফোন কৰিছে৷

মই ফোনটো কাণত ল’লোঁ৷ সিফালৰ পৰা সঞ্জীৱৰ মাতটো ভাঁহি আহিল৷

: দাদা, আপুনি সিদিনা অকল মাছ আৰু মাংস খুৱাই ৰাম ঠগন দি থ’লে৷ আচল ‘বস্তুবিধ’ নানিলে৷ চাওক, আপোনাৰ শনিৰ নজৰ অলপ বেছিয়ে আছে৷ হস্পিটালৰ পৰা ৰিলিজ লৈ নেক্সট শনি পূজা এখন ৰাখক৷ শনিক কিন্তু ‘বস্তুটো’ লাগিব৷ বাকী পিছত লগ পাম!

☆ ★ ☆ ★ ☆

13 Comments

  • মানসী বৰা

    একে উশাহে পঢ়িলো দেই দাদা ।মজা লিখিলে।কৰ’নাৰ পৰিৱেশ-পৰিস্থিতিৰ নিখুঁত উপস্থাপন ।

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য।

    বহুদিন শনি মহাজনক পূজা কৰা নাই আপুনি।অহা শনিবাৰে ময়ো ক’তো পূজা ৰখা নাই,ভাবি চাওক এবাৰ কথাটো।

    Reply
  • abhijit goswami

    বঢ়িয়া লাগিল দাদা 👍

    Reply
  • হাঃ হাঃ৷ খুব ভাল লাগিল ৷ ভট্টাচাৰ্যক এইবাৰ বস্তুটো দিলেই হ’ব৷

    Reply
  • Anonymous

    শনিৰ বস্তুটোৱে মেইন, দি দিয়ক সোনকালে….

    Reply
  • ৰাজু কুমাৰ নাথ

    দাদা,সুন্দৰ উপস্থাপন।

    Reply
  • ৰিণ্টু

    বঢ়িয়া লাগিল দাদা

    Reply
  • - Jogesh Bhattacharyya

    অতি সুন্দৰ গল্পটিৰ বৰঙনিৰে আলোচনীখন উপভোগ্য কৰি তোলা বাবে আপোনাক ধন্যবাদ জনালোঁ ।

    Reply
  • চেমিন

    👏👏সুখপাঠ্য!

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    শনি পূজাভাগ কৰি ল’ব৷ মজা লিখিছে৷

    Reply
  • বাগ্মিতা

    দাদা, হাঁহিত থাকিব পৰা নাই। কেলেইনো বামুনক অসন্তুষ্ট কৰিছিল হয়নে😉 অকণমান কৃপনালী কৰাৰ ফল কেনেকৈ পালে দেখিলেনে😂😂😂

    Reply
  • Lakhya

    ভাল লাগিল দাদা

    Reply
  • জয়ন্ত দাস

    বঢ়িয়া লাগিল দাদা৷ শনিৰ পূজাভাগ কৰক৷ বামুণক অসন্তুষ্ট নকৰিব৷

    Reply

Leave a Reply

Your email address will not be published.