ফটাঢোল

সোণাৰুৰ হালধীয়া হাঁহি (নৱম খণ্ড)- মৃদুল নাথ

: ভাত হ’বলৈ আৰু আধা ঘণ্টামান লাগিব৷ 

ডাইনিং হলটোৰ ভিতৰৰপৰা ওলাই আহি এজনে ক’লে৷ অবিনাশে মনতে অংক এটা কৰিলে, আধা ঘণ্টা পিছত ডাইনিং হলটোত অচিনাকি মুখ কিছুমানৰ লগত একেলগে বহি ভাতসাঁজ খাবলৈ বৰ এটা ভাল নালাগিব৷ পদুম লগত থকা হ’লে কথাটো বেলেগ আছিল৷ তাতকৈ বাহিৰত হোটেল এখনত শান্তিৰে খাবলৈ সি বেছি ভাল পাব৷

গুৱাহাটীলৈ আহি অবিনাশে দেখিছিল মহানগৰীবোৰ নিদ্ৰাহীনতাত ভোগা একো একোজন টোপনি নহা ৰজাৰ দৰে৷ তাৰ নিজৰ গাঁওখনলৈ ফুট গধূলিতে নীৰৱতা নামি আহে৷ গোবাটৰপৰা গৰুবোৰ উভতি আহোঁতে ডিঙিত বান্ধি দিয়া টিলিঙাৰ ছন্দোবদ্ধ শব্দতৰংগই জনাই দিয়ে, সন্ধ্যা নামিবৰ হ’ল৷ এই সময়খিনিতে অবিনাশে খেলি আহি ঘৰ সোমোৱা সময় ৷ঘৰখনত মায়ে বান্ধি দিয়া কিছুমান নিয়ম, কালসন্ধ্যা নমাৰ আগতে সকলোৱে আহি ঘৰ সোমাব লাগে৷ অলপ পিছতে আন্ধাৰ নামিব, লগতে কঢ়িয়াই আনিব এক নীৰৱতা৷ সেই নীৰৱতা ভেদি অহা জিলিৰ মাত আৰু দুই এটা নিশাচৰ চৰাইৰ মাত হৈ পৰে সুমধুৰ সংগীতৰ দৰে৷ তেনে নীৰৱতাত শান্তি আছে, অবিনাশে মনে প্ৰাণে বিশ্বাস কৰে, “solitute is devine, lonliness is not৷“এনে নীৰৱতা মহানগৰীৰ বুকুত অবিনাশে বিচাৰি নাপায়, য’ত একাত্ম হ’ব পাৰি৷ অৱশ্যে জালুকবাৰীৰ  এইচি কেম্পাছটোৰ কথা কিছু সুকীয়া৷ তাত মনে বিচৰা নীৰৱতা পোৱা যায়, বিচাৰিব জানিব লাগিব৷

পদুমৰ হোষ্টেলৰপৰা ওলাই আহি অবিনাশে মেডিকেল গে’টৰ কাষৰ চাহৰ দোকান কেইখনৰ ফালে আগবাঢ়িল৷ শাৰী শাৰী দোকানবোৰ বহু ৰাতিলৈ খোলা থাকে৷ তাৰে এখন দোকানত অবিনাশ সোমাল৷ অবিনাশে এইবাৰ ইফালে সিফালে চালে, তাৰ বাহিৰেও আৰু পাঁচজনমান আছে৷ আটাইকেইজনে খৰখেদাকৈ খাইছে, হাতত যে সময়ৰ অভাৱ সেয়া দেখিলে বুজা যায়৷

: চাহ খাব?

: ভাত হ’ব নেকি?

: হব, কিয় নহ’ব৷ লগত কি খাব, মাছ-মাংস?

: নালাগে, অমলেট এটা দিলেই হ’ব৷

মাংস খাই অবিনাশে ভালেই পায়, আগতে ঘৰত তাৰ ভাগৰ বাটিটোতে মাংসৰ টুকুৰা বেছিকৈ পৰে৷ ভাত খাওঁতে দেউতাকে নিজৰ বাটিৰপৰা আৰু এটুকুৰা অবিনাশৰ থালত দি দিয়ে, সেই মুহূৰ্তত অবিনাশৰ মুখখন আৰু অলপ উজ্জ্বল হৈ উঠে৷ অলপ আঁতৰত ৰৈ থকা মাকৰ মুখতো ফুটি উঠে এটা মিঠা হাঁহি৷ মাহৰ প্ৰথম সপ্তাহৰ কোনোবা এটা দিনত এই ঘটনাটো ঘটে, সিদিনা অবিনাশৰ দেউতাকে দৰমহাৰ পইচাকেইটা পায়৷

আজিৰ পৰিবেশটো বেলেগ, এই দোকানখনত বহি খাই থকা প্ৰতিজনে খাই আছে অকল পেটৰ ক্ষুধা নিবাৰণৰ বাবে, কপালত চিন্তাৰ ৰেখা লৈ খৰখেদাকৈ পেটত ভাতমুঠি সুমুৱাই আকৌ দৌৰিব লাগিব এজনৰ কাষত, যিজনে জীয়াই থকাৰ তীব্ৰ হেঁপাহেৰে যুঁজি আছে, বিছনাখনত পৰি আছে ভগ্ন শৰীৰ এটা লৈ৷ নাই, এনে পৰিবেশত কেবল ভোক গুচাবলৈহে খাব পাৰি, খোৱাটো উপভোগ কৰাটো সম্ভৱ নহয়৷ অবিনাশে খাই উঠি পুনৰ হস্পিটাললৈ খোজ দিলে৷

: ইমান জল্দি আহি গ’লি যে? হোষ্টেলত ভাত হৈছিল জানো? পদুমে আচৰিত হৈ অবিনাশক সুধিলে৷

: নাই, তাত দেৰি হ’ব বাবে হোটেলতে খালোঁ৷ একো নহয়, মই আছোঁ৷ তহঁত যাগৈ৷ ৰাতি এজনতকৈ বেছি এটেণ্ডেণ্ট থাকিব নিদিয়ে, নিয়ম ভঙাটো ঠিক নহ’ব৷

: তই আমনি লাগিলে ফ’ন কৰিবি৷ মই আহি যাম৷

দীপকে ক’লে৷

: কিণ্ডেলত উপন্যাস এখন পঢ়িম, সময় পাৰ হৈ যাব৷ দৰকাৰ হ’লে ফ’ন কৰিম৷

ম’বাইলটোৱে সঁচাকৈ জীৱনটো সহজ আৰু উপভোগ্য কৰি তুলিছে৷ অবিনাশে দৰ্জাখন বন্ধ কৰি ম’বাইলটো খুচৰিব ধৰিলে৷ মিলিৰ মেছেজ, সাগৰিকাৰ মেছেজ, জিতেনৰ মেছেজ, অবিনাশে মেছেজবোৰৰ উত্তৰ লিখিবলৈ আৰম্ভ কৰিলে৷ অলপ পিছতে দৰ্জাত নক কৰি নাৰ্ছ এগৰাকী সোমাই আহিল, দিনত দেখাগৰাকী নহয়, বোধকৰোঁ ডিউটি শেষ হ’ল৷ নাৰ্ছগৰাকীয়ে ৰোগীৰ হাতৰ পাল্ছ চাই, চেলাইনটো সলাই দিলে৷ হাতৰ কেনুলাটোত ইনজেকচন এটা দি উঠি কঁপালখন চুই চালে৷

: শোৱা কিমান দেৰি হ’ল বাৰু?

: তিনি ঘণ্টামান হ’ল চাগে৷ মাজতে যদি সাৰ পাইছিল, নাজানো৷ মোৰ লগৰ এজন আছিলে, মই এঘণ্টামানৰ বাবে ওলাই গৈছিলোঁ৷ সুধিম নেকি?

: নাই নালাগে৷ শুই থাকিলেই ভাল, বৰ দুৰ্বল তেখেত।

 মেডিচিনবোৰে সিমান ৰেচপণ্ড কৰা নাই৷ কাইলৈ চাগে ডাক্তৰে ৰিভিউ কৰিব, আপুনি এটা কথা মন কৰিব, উশাহ নিশাহত কষ্ট পোৱা যেন পালে আমাক লগে লগে জনাব৷ অক্সিজেন দিব লগা হ’ব পাৰে৷

: হ’ব বাৰু৷

নাৰ্ছগৰাকী ওলাই গ’ল, অবিনাশে কাষলৈ আহি চালে, তেখেত টোপনিত লালকাল, টোপনিৰ মাজতে মাজে মাজে কঁপাল আৰু মুখমণ্ডলত কষ্টৰ ৰেখাবোৰ সুস্পষ্টকৈ ফুটি উঠে৷ কষ্টবোৰ অনুভৱ নহ’বলৈ টোপনিৰ দৰকাৰ৷

ৰাতি আকৌ তিনিবাৰমান নাৰ্ছগৰাকী আহি ৰোগীক চাই গ’ল৷ চব ঠিকেই আছে, অথচ একোয়ে ঠিক নাই৷ এটা সময়ত পূৱে ধলফাঁট দিলে, কাউৰীৰ মাতবোৰ স্পষ্ট হৈ পৰিছে৷ মহানগৰীখন লাহে লাহে সাৰ পাই উঠিছে৷ পুনৰ আৰম্ভ হ’বলৈ ধৰিছে কলাহলবোৰ৷ কোঠাটোলৈ

পোহৰ সোমাই আহক বুলি অবিনাশে খিড়িকীখন খুলি দিলে৷ অলপ পোহৰ চকুৱে মুখে পৰাত মিলিৰ দেউতাকে চকু মেলি চালে৷ সন্মুখত অচিনাকি মুখ এখন দেখি অবিনাশ কাষলৈ গৈ ক’লে,

: খুড়া, মই অবিনাশ, মিলিৰ লগৰ৷ আমি একেলগে এইচিত পঢ়োঁ৷ খুড়ী আৰু মিলি অলপ পিছতে আহি পাব৷ আপুনি ভাল পাইছেনে অলপ?

মানুহজনে অবিনাশৰ মুখলৈ চাই কিছু সময় ৰৈ গ’ল৷ তাৰ পিছত অবিনাশৰ ফালে চাই শেঁতা হাঁহি এটা মাৰি সেহাই সেহাই ক’লে,

: মোৰ হাতত সময় বৰ কম৷ সময়মতে কামবোৰ কৰা নহ’ল বাবে কিছু আক্ষেপ থাকি যাব৷

: আপুনি ঠিক হৈ যাব খুড়া, ডাক্তৰে কৈছে, সোনকালেই সুস্থ হৈ উঠিব৷

খন্তেক নীৰৱতাৰ পিছত অবিনাশে ক’লে,

: আপুনি চিন্তা নকৰিব৷ ঠিক হৈ যাব সকলো৷

: হয়তো হ’ব, সেই আশাটো মনত লৈয়ে হয়তো যাব লাগিব৷ তোমাক কালিৰেপৰা মই যিখিনি সময় পালোঁ, মই লক্ষ্য কৰিছোঁ, তুমি আনতকৈ কিছু পৃথক৷

: কিন্তু মইতো আপোনাৰ লগত একো কথাই পতা নাছিলোঁ, আৰু মই জনাত আপুনি বেছি ভাগ সময় শুই আছিল৷

: চকু দুটা মুদিলেই জানো শোৱা হয়? অৱচেতন মনেৰেও আমি মানুহ চিনিব পৰা হৈছোঁ, সেয়া বয়স আৰু অভিজ্ঞতাই শিকাইছে৷

: আপুনি বিশ্ৰাম কৰক, বেছি কথা ক’লে আপোনাৰ ভাগৰ লাগিব৷

: সময়, সময় নাই মোৰ হাতত৷ মনৰ কথাবোৰ ক’বলৈ মন থাকিলে কেতিয়াবা শ্ৰোতাৰ অভাৱ, আজি শ্ৰোতা পাইছোঁ, কিন্তু সময়ৰ অভাৱ৷ কথাবোৰ নিজৰমতে মিলাব পৰা হ’লে সঁচাকৈ কিমান যে ভাল আছিল!

: ভবা মতে জানো সকলো হয় খুড়া?

: এৰা ভবামতে সকলো নহলেও আশা কৰিবহে পাৰোঁ৷ মোৰ অবৰ্তমানত আমাৰ পৰিয়ালটো আনৰ আগত মূৰ তুলি থাকিব পৰাটোৱে মই আশা কৰোঁ, মূৰ দোৱাই থাকিবলগীয়া যাতে নহয়৷

: সেইখিনি বিশ্বাস মোৰে আছে, আপোনাৰ মোতকৈ বেছিহে থাকিব লাগে৷ তাতে আপুনি নিজ হাতেৰে গঢ় দিছে৷ এবাৰ উৰিবলৈ শিকিলে চৰাই পোৱালিবোৰ দূৰদিগন্ত ধিয়াই উৰা মাৰে, আপোনাৰ প্ৰতিটো সন্তানে বৰ্তমান মুক্ত বিহংগ হৈ পৃথিৱী ভ্ৰমিব পৰা হৈ আছে, আপোনাৰ সহায় অবিহনেও, আপুনি মাথো নিজৰ ওপৰত ভৰষা ৰাখিব লাগিব, ইহঁতৰ ওপৰত বিশ্বাস ৰাখিব লাগিব৷ আৰু মই জানো, সেইখিনি বিশ্বাস আপোনাৰ আছে৷

: সিহঁতে সঁচাকৈ পাৰিবনে? অবিনাশৰ হাতখনত ধৰি মিলিৰ দেউতাকে তাৰ মুখলৈ চাই সোধে৷

: নিশ্চয়, সিহঁত সক্ষম৷

মিলিৰ দেউতাকে দীঘলকৈ উশাহ লৈ পুনৰ শুই দিয়ে৷ এইবাৰ অবিনাশে টোপনিৰ মাজত তেখেতৰ মুখত কষ্টৰ চিন দেখা নাই, দেখিছে এক সন্তুষ্টিৰ হাঁহিৰ ৰেখা৷

(ক্ৰমশ: )

☆ ★ ☆ ★ ☆

2 Comments

  • কাবেৰী মহন্ত

    ভাল লাগিল৷ কাহিনীৰ মাজত সোমাই গ’লোঁ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ভাল লাগিল পঢ়ি৷

    Reply

Leave a Reply

Your email address will not be published.