ফটাঢোল

সোণাৰুৰ হালধীয়া হাঁহি – মৃদুল কুমাৰ নাথ

 (যোৱা সংখ্যাৰ পিছৰ পৰা)
: বৰষুণ এৰিলে, ৰেবটীত খাৱ যদি জল্দি ব’ল, ঘূৰি আহি বাছখন নাপালে আৰু এঘণ্টা অপেক্ষা কৰিব লাগিব।

দীপকৰ মাতত ইমান পৰে তন্ময় হৈ সোণাৰু জোপাৰ ফালে চাই থকা অবিনাশৰ সম্বিৎ ঘূৰি আহিল। বৰষুণৰ পিছত সোণাৰুজোপাৰ হালধীয়াখিনি আৰু ধুনীয়াকৈ তাৰ চকুত ধৰা দিছে। অপেক্ষা! অপেক্ষা হয়তো সি কৰিব লাগিব সঠিক সময়ৰ বাবে, মনত সৃষ্টি হোৱা মৃদু বতাহজাক ধুমুহা হ’বলৈ নিদিয়াকৈ ৰাখিব পৰাটোৱে এতিয়া মূল কাম। কিছু সময় আগত তাৰ অজানিতে সৃষ্টি হোৱা ধূসৰ ছবিখন এতিয়া ক্ৰমাত স্পষ্ট, ৰঙীন হৈ পৰিছে। তাৰ মনত সৃষ্টি হোৱা এই ছবিখনৰ কথা দীপকে কেনেবাকৈ আভাষ পাইছে নেকি? পেটৰ একো কথাই দীপকৰ আগত সি গোপন নকৰে, তেনেস্থলত এই কথাষাৰ দীপকক সি ক’ব জানো! দীপকে বা তাক কি বুলি ভাবিব, নিজৰ ভনীজনীৰ লগত চিনাকি কৰি দিলে নে নাই, সি প্ৰেমত পৰিয়েই গ’ল! ইমানে সুলভ, ইমানে সস্তীয়া! তাক বাৰু দীপকে সস্তীয়া বুলি ভাবিব নেকি? নাই, এই সস্তীয়া শব্দটোত তাৰ আপত্তি আছে। লাগিলে তাৰ মনৰ কথা সদ্যহতে সি দীপকৰ পৰা গোপনে ৰাখিব, কিন্তু কিমান দিন? সেয়া সময়ত দেখা যাব। অবিনাশে কথাখিনি এবাৰ মনৰ ভিতৰতে জুকিয়াই চালে, সৱ ঠিকেই আছে, সদ্যহতে মনৰ কথাটি গোপন কৰাই শ্ৰেয়। মনটো ডাঠ কৰি অবিনাশে দীপকৰ ফালে চালে।

: কি হ’ল, ধেলপোঙা দিলি যে? নে বৰষুণৰ লগতে তোৰ ভোকটোও উৰি গ’ল?

: হেঃ হেঃ! ব’ল, বেয়া ভোক লাগিছে৷

বেঙাৰ দৰে অবিনাশে হাঁহিলে, অবিনাশৰ মুখত এই হাঁহিটো দীপকৰ অলপ আচহুৱা লাগিল, পৰিবৰ্তনবোৰ প্ৰথম দৃষ্টিত আচহুৱাই লাগে, এয়া স্বাভাৱিক। দীপকে একো নক’লে, নীৰৱে হাঁহিলে মাথোন, দুয়ো খৰ খোজেৰে ৰেবটীৰ ফালে আগবাঢ়িল।

পানবজাৰ ঠাইখন ভাল লাগে অবিনাশৰ। গাঁৱৰ ঘৰখনৰ পৰা আহি অকলশৰীয়া অনুভৱ কৰিলে, কিবা কাৰণত মনটো অশান্ত হৈ পৰিলে সি প্ৰায়ে পানবজাৰলৈ আহে, কিছু সময় শুক্লেশ্বৰ ঘাটত বহে, ঘাটত বহি ব্ৰহ্মপুত্ৰৰ বুকলৈ চাই ৰয়। কি যে বিশাল ব্ৰহ্মপুত্ৰখন! দূৰৈত শৰাইঘাট, তাৰে সিপাৰে আকাশে নামি আহি ব্ৰহ্মপুত্ৰক চুইছেগৈ। মন্দিৰৰ পৰা ভাঁহি অহা ঘণ্টাৰ শব্দত ঠাইখিনিৰ পৰিবেশটো আৰু ভাল লগা হৈ পৰে। মনটো আচৰিত ভাবে শান্ত হৈ পৰে। তেনে এক পৰিবেশত গীতিৰ লগত বহি কিছু সময় কটাবলৈ অবিনাশৰ বৰ মন গ’ল। কিন্তু গীতি জানো আহিব? সেয়া সময়ে ক’ব।

: কি হ’ল, তইচোন বৰ গহীন হৈ গ’লি? কি খাবি, কিমান খাবি, তয়ে অৰ্ডাৰ দে, নহ’লে দিনটো আজি ভোকতে থাকিবি।

: চিকেন চাও দুটা, ফুল। কাটি থোৱা বন্ধাকবিবোৰ এনেয়ে ওপৰত নিদিবা। চাবা দেই, চিকেন যাতে বেছিকৈ থাকে।

অবিনাশে আগবাঢ়ি গৈ অৰ্ডাৰটো দিলে। অবিনাশৰ কথাত দীপকে আকৌ এবাৰ মনে মনে হাঁহিলে, সি মন কৰিলে, অবিনাশৰ এয়া স্বাভাৱিক ৰূপ, অলপ আগলৈকে গহীন হৈ পৰা অচিনাকি অবিনাশ নহয় সেয়া। ৰেৱটীখন সৰু হ’লেও এইখিনি সময়ত যথেষ্ট ভীৰ হয়, বেছিভাগে কটনৰ ছাত্ৰ-ছাত্ৰী, কিছুমান সন্দিকৈ কলেজৰো থাকে। অলপ সময় নীৰৱে ল’ৰা-ছোৱালীবোৰৰ কথা শুনিলেই বুজা যায় যে সিহঁত কটনৰ, নতুবা আন কলেজৰ। এ.ই.চিৰ বহুতে আহে ৰেৱটীলৈ, আচলতে পানবজাৰলৈ আহিলে হয় ৰেৱটী, নহয় অশোকা, দুঠাইৰ এঠাইত এজন হ’লেও এ.ই.চিৰ হোষ্টেলৰ ল’ৰা ওলাবই।

খাই উঠি অবিনাশে মবাইলটোত সময়টো চালে, কলেজ বাছখন এৰিবই এতিয়া। হাতত সময় কম আছে, শেষত দুয়ো জঁজ ফিল্ডলৈ নগৈ পানী টেংকিৰ ওচৰতে বাছখন ধৰিবলৈ ঠিক কৰিলে। অলপ পিছতে বাছখন আহিল, শেষৰ শাৰীত দুটা খালি ছীট দেখি দুয়ো তাতে বহি পৰিল। খিৰিকীৰ কাষৰ চীটটোত বহি অবিনাশে বাহিৰলৈ চালে, বাছখন শুক্লেশ্বৰ পাবহি এতিয়া। অলপ পিছতে অবিনাশে মন্দিৰৰ ঘণ্টাধ্বনি শুনিবলৈ পালে, কাষেদি বৈ যোৱা ব্ৰহ্মপুত্ৰৰ পৰা বতাহ এজাক আহি তাক চুই গ’ল। শান্ত ব্ৰহ্মপুত্ৰক দেখি অবিনাশৰ অশান্ত মনটোও ভালেখিনি শান্ত হৈ পৰিল।

: চেছনেল লিখিব আছিল নহয়, কি কৰিবি?

হঠাতে অহা দীপকৰ প্ৰশ্নটোত অবিনাশৰ চিন্তাত যতি পৰে।

: গৈ পেলাই কিবা এটা কৰিব লাগিব, সৌমাৰে কৰিলে নিশ্চয়, তাৰ পৰা খেপ দিব লাগিব। কেনেবাকৈ পালেই প্ৰব্লেম ছল্ভ, কপি কৰিব লাগিব। ফাৰ্ষ্ট চেমৰ দুটাক লিখিবলৈ লগাব লাগিব, যাৰ হাতৰ আখৰকেইটা ভাল।

: কেনেকৈ গম পাবি কাৰ হাতৰ আখৰ ভাল?

: সেইটো মোৰ ওপৰত এৰি দে। সৌমাৰৰ পৰা বহীখন অনাৰ দ্বায়িত্ব কিন্তু তোৰ।

অবিনাশে দীপকক ক’লে।

: চাল্লা, টান কামটো সদায় মোৰ ফালে ঠেলিবি, হ’ব দে৷

দীপকে খঙেৰে কয়।

হোষ্টেললৈ দুয়ো ঘূৰি গৈ পায় মানে বেলি লহিয়াবৰে হয়। অলপ পিছতেই সন্ধিয়া নামিব। নিজান হৈ পৰিব এ.ই.চি কেম্পাছ। চাহকাপ খাবলৈ সুন্দৰবড়ীলৈ যোৱাৰ সময় হ’ব, তাৰ আগতে সৌমাৰৰ পৰা চেছনেল বহীখন কেনেবাকৈ হস্তগত কৰাৰ ব্যৱস্থা কৰিব লাগিব। দীপকে জানে, যদিহে কৰিব লাগে তেন্তে সেই কামটো কৰিব লাগিব সি সন্ধিয়া ভগৱানৰ আগত চাকি জ্বলোৱাৰ সময়ত। সেই সময়চোৱাত সৌমাৰে মিছা কথা নকয়।
: হৰি ভকত, কি খবৰ?

মুখত হাঁহি এটা লৈ দীপকে সৌমাৰৰ ৰূমত সোমাই তাৰ মুখলৈ চাই সোধে।

: দেখা নাই নেকি চাকি দি আছোঁ।

চাকি দি থকাৰ মাজতে সৌমাৰে ৰুক্ষ ভাবে ক’লে।

: তোৰ চেছনেল লিখা হ’ল নেকি?

: হ’ল কেতিয়াবাই, কিন্তু তহঁত দুটাই নাপাৱ মোৰ পৰা। নিজে অলপো কষ্ট নকৰি বিন্দাচ ঘূৰি থাকিবি, আৰু ৰেডিমেড পাই যাবি বুলি ভাবিছ?

: আজি পানবজাৰত পাৰিজাতক লগ পাইছিলোঁ, বাছত আহিলোঁ একেলগে। তোৰ কথা ওলাইছিল, তায়ে সুধিছিল…  বাদ দে, নকওঁ যা… ধূৰ চালা, মুডে অফ হৈ গ’ল।

দীপকে ঘূৰি আহিব খুজি বেকাকৈ সৌমাৰৰ ফালে চালে।

: আব্বে ৰ, ক’ত যাৱ, বহচোন তই আগতে।

সৌমাৰে লৰালৰিকৈ চাকি দিয়া সামৰি ভগৱানক সেৱা এটা কৰি দীপকৰ ওচৰলৈ আহে।

: কি সুধিলে নো?

সৌমাৰে আথে-বেথে সোধে দীপকক।

: চেছনেলৰ কথাই সুধিছিলে, মই কৈছোঁ সৌমাৰ আছে যেতিয়া আমাৰ চিন্তা নাই, আমাৰ বেটছত তাৰ নিচিনা চিনচিয়েৰ হোষ্টেলত কিয় পুৰা কলেজতে নাই। সি কৰিছেই খাটাং আৰু সি কৰি উঠি আমাকো ৰেফাৰেন্সৰ বাবে চাবলৈ দিব। কিছুমান কথা ছাৰতকৈ সৌমাৰে বুজালেহে আমি বেছি ভালকৈ বুজোঁ। মোৰ কথা শুনি তাই কৈছে, কিবা খোকোজা লাগিলে তোমাৰ পৰা হেনো জানি ল’ব।

: বিদ্যা, তেনেকৈ কৈছে, ৰ’বি তেন্তে।

অলপ পিছতে টেবুলৰ পৰা চেছনেলৰ বহীখন সৌমাৰে দীপকৰ হাতত দিয়ে।

: অকল ৰেফাৰেন্সৰ বাবে দিছোঁ, হুবহু কপি নকৰিবি সেইবুলি।

: হ’ব দে।

বহীখন লৈ আহি দীপকে অবিনাশৰ হাতত দিলে।

: মই মোৰ কাম কৰিলোঁ, এইখন সৌমাৰৰ চেছনেল বহী, কপি কৰ, যি কৰ, কেনেকৈ কৰ, বাকী দ্বায়িত্ব তোৰ। দুয়োজনৰ বাবে চেছনেল লিখা হৈ যাব লাগে। তোৰ হাতত ৰাতিটো আছে আৰু ফাৰ্ষ্ট চেম আছে, বাকী তই জান।

: সৌমাৰে দিলে তোক, কেনেকৈ মনালি বে তাক?

অবিনাশে আচৰিত হৈ সোধে।

: আব্বে পাৰিজাতে নিজে দিবলৈ কৈছে তাক।

: কি বকিছ, কেতিয়া খালি তই?

: আব্বে আজি পাৰিজাতক আমি লগ পোৱা নাই জানো পানবজাৰত, বাছতো দেখোন একেলগে আহিছোঁ।

দীপকে হাঁহি এটা মাৰি অবিনাশক কয়। কথাখিনি শুনি এইবাৰ অবিনাশৰ চকুদুটা ডাঙৰ কৈ মেল খালে, তাৰ পিছতে মুখেৰে ডাঙৰ কৈ হাঁহি ওলাই গ’ল, লাহে লাহে সেই হাঁহি অট্টহাস্যলৈ ৰূপান্তৰিত হৈ চৌদিশে ভাঁহি যায়।

অবিনাশ ৰূমৰ পৰা ওলাই আহি তললৈ চালে, ফাৰ্ষ্ট চেমৰ ল’ৰা কেইজন চাহ খাব যাবলৈ ওলাইছে, এইখিনি সময়ত আটাইকেইজন ফাৰ্ষ্ট চেমিষ্টাৰৰ ল’ৰা একেলগ হৈ সুন্দৰবড়ীলৈ ওলাই যায়, নবাগতখিনিৰ আদৰণি নোহোৱালৈকে কিছুমান নিয়মৰ মাজেৰে চলিব লাগে, এয়া হোষ্টেলৰ পৰম্পৰা। ৰূমৰ বাহিৰৰ পৰাই অবিনাশে চিঞৰিলে,

: অই ফাৰ্ষ্ট চেম, এজন ওপৰলৈ আহ।

অবিনাশৰ চিঞৰটো হোষ্টেলৰ দেৱালত ঠেকা খাই বহু দূৰলৈকে ভাঁহি যায়।

(ক্ৰমশঃ)

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.