ফটাঢোল

সোণাৰুৰ হালধীয়া হাঁহি-মৃদুল নাথ

(তৃতীয় খণ্ড)

 তিনিমহলীয়া হোষ্টেলটোৰ একেবাৰে ওপৰ মহলাত অবিনাশ আৰু দীপকৰ ৰূমটো। হোষ্টেলৰ সন্মুখত খেল পথাৰখন, পিছফালে টুকুৰা টুকুৰ পাহাৰবোৰ। টুকুৰা পাহাৰবোৰ গৈ গৈ ইউনিভাৰ্চিটি পাইছেগৈ। কাষতে পাঁচ নম্বৰ হোষ্টেল, সন্মুখৰ ডাঙৰ খেলপথাৰখন পাঁচ নম্বৰ হোষ্টেলৰ লগত ভাগ বতৰা কৰা হৈছে। নাতিদূৰৈত দীপৰ বিল, শীতৰ আগমনৰ লগে লগে  জাক জাক আলহী চৰাইবোৰে আহি ঠাইখিনি মুখৰ কৰি তোলে। সেই পৰিবেশটো অবিনাশৰ খুব ভাল লাগে। 

 : দাদা, সোমাব পাৰিম নে?

অচিনাকি মাতটোত অবিনাশৰ চিন্তাত যতি পৰে। ৰূমটোৰ বাহিৰত হোৱা সৰু হুলস্থূলটোত অবিনাশে বুজিব পাৰে, বাহিৰত কেইবাজনো ল’ৰা আছে। 

: কোন হয়? 

: দাদা, আমি ফাৰ্ষ্ট চেম। 

: গোটেইবোৰ আহিছ নেকি, অকল এজন সোমাই আহ। বাকীবোৰ বাহিৰত থাক। 

 অবিনাশৰ কথাত ৰূমৰ বাহিৰত কোলাহল কিছু বৃদ্ধি পায়। কম সময়তে দলটোৰ মাজত এজন নিৰ্বাচন কৰিবলগীয়া হোৱাটো যথেষ্ট টান কাম, কোনো সহজতে আগবাঢ়ি আহিব নোখোজে। বাহিৰত গোটখোৱা চেঁপা উত্তেজনাখিনি অনুভৱ কৰাত অবিনাশৰ হাঁহি উঠিল, একেই চেঁপা উত্তেজনা সি নিজেও অনুভৱ কৰিছিল নবাগত হৈ থকা দিনবোৰত। এৰা, ‘হিষ্টৰী ৰিপিটচ্ ইটচেল্ফ’, অবিনাশে নিজকে কোৱাদি ক’লে, হাঁহি এটা বিৰিঙি উঠে তাৰ মুখত। 

 : কোনোবা এটা আহিবিনে ভিতৰলৈ, নে মই বাহিৰলৈ ওলাই যাব লাগিব।

 অবিনাশৰ গৰ্জনত বাহিৰত কাঁহ পৰি জীণ যোৱা অৱস্থা হয়। অলপ পিছতে দৰ্জাখন ঠেলি কোনোবা এজন ভিতৰলৈ সোমাব খোজে, পৰ্দাখন আঁতৰাই মূৰ এটা ভিতৰলৈ সোমাই আহে, শৰীৰৰ বাকীছোৱা পৰ্দাৰ আঁৰত। ল’ৰাজনৰ কপালত থুপ খোৱা বিন্দু বিন্দু ঘামবোৰ দেখি অবিনাশ ভিতৰি ভিতৰি কিছু বিচলিত হয় যদিও সেয়া বাহিৰত প্ৰকাশ হ’বলৈ নিদিয়াকৈ তাৰ চকুলৈ চাই অবিনাশে ক’লে, 

 : তই তাৰমানে ফাৰ্ষ্ট চেমৰ লিডাৰ, কি নাম তোৰ? 

: নাই, নহয় দাদা, মানে কোনোবা এজন আহিলেই হ’ল, মই সন্মুখত থকা বাবে ময়ে সোমালোঁ। 

: নাম কি? 

: নয়ন, নয়ন হাজৰিকা। 

: নয়ন মানে চকু, হয়নে? 

: হয় দাদা। 

: তোৰ চকু কেইটা? 

: দুটা দাদা। 

: তেন্তে তোৰ নাম দৰাচলতে দ্বিনয়ন হ’ব লাগিছিল, হয়নে? 

: হয় দাদা, মানে নহয় দাদা? 

: কি হয়, নহয়? 

: মানে, দুটা নয়ন আছে, কিন্তু নামটো দ্বিনয়ন নহয় দাদা। আচলতে নয়ন শব্দটোৰে…….. 

: হ’ব, বাকী কথাখিনি মোক ৰাতি ভাত খাই উঠাৰ পিছত ইয়ালৈ আহি ভালকৈ বুজাই দিবি। এতিয়া শুন, তহঁতে দলে-বলে চাহ খাবলৈ সুন্দৰবড়ী গৈ আছ নহয়, ঘূৰি আহি আটায়ে নিজৰ নাম আৰু ঘৰৰ ঠিকনা ধুনীয়াকৈ লিখি আনি মোক দিবি, অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে। বুজিছনে? 

: হয় দাদা, বুজিছোঁ, কিন্তু কিছুমানে অসমীয়াত লিখিব নাজানিব পাৰে। 

: সেই কেইজনে অকল ইংৰাজীতে লিখিব, আৰু অসমীয়াত লিখিবলৈ সিহঁতক মই বেলেগকৈ শিকাম। যা এতিয়া। আৰু শুন, কোনোবা ছিনিয়ৰে কিবা কাম দিলে, মোৰ কথা ক’বি, মই কৰিবলৈ কাম দিছোঁ বুলি ক’বি। 

: হ’ব দাদা। শলাগি ল’ৰাজন বাহিৰলৈ ওলাই যায়, ৰূমৰ বাহিৰত আকৌ কোলাহল আৰম্ভ হয়। 

 : কথাবোৰ ৰূমৰ বাহিৰৰ পৰা সৱে শুনিছই বুলি ধৰি লৈছোঁ, তথাপি যদি কাৰোবাৰ কিবা সুধিবলগীয়া আছে, ৰাস্তাত সুধিব, এতিয়া ব’ল ইয়াৰ পৰা। 

নয়নৰ কথাখিনি অবিনাশে ৰূমৰ ভিতৰৰ পৰাই শুনিবলৈ পায়। সি ঠিকেই অনুমান কৰিছে, নয়নে স্বেচ্ছাই আগবাঢ়ি আহিছিল, সন্মুখত ৰৈ থকা বাবে নহয়। নয়নৰ গাত নেতৃত্ব দিব পৰা গুণ এটা দেখা পাইছে সি, লগতে দেখিছে চিনিয়ৰ কথাত চিধাই ‘হয় হুজুৰ’ কৰা বিধৰ ল’ৰা নহয় সি। তেলীয়া কাৰবাৰটো অবিনাশৰ অলপো পচন্দ নহয়। নিজৰ মতামতটো স্পষ্টকৈ বুজাই হ’লেও প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰিবলৈ ল’ৰাজন প্ৰস্তুত। ‘ফাৰ্ষ্ট ইম্প্ৰেচন অলৱেজ মেটাৰছ’ এয়া অবিনাশে নিজেও হাড়ে হিমজুৱে বিশ্বাস কৰে। পৰিচয় পৰ্বটোতে ল’ৰাজনক কিবা এটা ভাল লাগি গ’ল অবিনাশৰ। 

 : কি ভাবিছ? দীপক ইমান সময় মনে মনে থকা দেখি অবিনাশে সুধিলে। ফাৰ্ষ্ট চেমৰ ল’ৰাবোৰ সুন্দৰবড়ীলৈ গৈ আছে, সেই জুমটোলৈ খিড়িকীৰে চাই দীপকে কৈ যায়, 

: ফাৰ্ষ্ট চেমৰ কথাবোৰ মনত পৰি গ’ল। আমিও এনেদৰে আহিছিলোঁ, ৰূমৰ পৰা বাহিৰলৈ ওলাবলৈ হ’লেই ফুল চাৰ্ট পেণ্ট, জোতা পিন্ধি ওলাব লগীয়া হৈছিল। বৰ অশান্তি পাইছিলোঁ।চুলি একেবাৰে পুলিচ কাট দিব লগীয়া হোৱা বাবে তই যে আহি ৰূমত কান্দি দিছিলি, মনত পৰেনে? 

কিছু সময় নীৰৱতা, অবিনাশ নষ্টালজিয়াৰ বুৰবুৰণিত বুৰ যায়। 

: পৰে, কিয় নপৰিব। কান্দিছিলোঁ, আচলতে দুখ আৰু ক্ষোভত কান্দিছিলোঁ। ভাবি লৈছিলোঁ সেয়া আমাৰ ওপৰত কৰা অন্যায়, অত্যাচাৰ বুলি। পৰম্পৰাৰ নামত অন্যায় কিয় সহিম, সময়ৰ সোঁতত পৰম্পৰা ত্যাগ কৰা উচিত যদিহে সেই পৰম্পৰাই এচামৰ ওপৰত অন্যায় কৰে। পিছত বুজিছিলোঁ, এনে পৰম্পৰাৰ দৰকাৰ আছে। 

 

অবিনাশে কৈ যায়,
: ভিন ভিন পৰিবেশৰ পৰা অহা আমিবোৰ, সামাজিক, অৰ্থনৈতিক ভাৱে পৃথক পৰিবেশত ডাঙৰ হৈছোঁ। ভাতৰ পাতত মাংস দেখিলে বুজিছিলোঁ, দেউতাই দৰমহা পাইছে বুলি। গাঁৱত ডাঙৰ হোৱা আমিবোৰে পূজা আৰু বিহুত নতুন কাপোৰ পিন্ধিবলৈ পাওঁ, গুৱাহাটীলৈ আহিহে ব্ৰেণ্ড কি বস্তু জানিছোঁ। চহৰত ডাঙৰ হোৱা তোৰ দৰে বহুতৰ বাবে ব্ৰেণ্ডেড কাপোৰ কিনাটো সাধাৰণ কথা, অথচ মোৰ বাবে সেয়া বিলাসিতা হ’ব। তথাপি আমিবোৰ কম সময়তে কিদৰে বন্ধু হৈ পৰিছিলোঁ, গোটেই ফাৰ্ষ্ট চেমখিনিৰ অন্তৰ এখন হৈ পৰিছিল, ইয়াৰ অন্তৰালত জানো এই ৰেগিঙৰ পৰম্পৰাই নহয়?

 দীপকে জানে, অবিনাশ বহুত ভাবুক হৈ পৰে মাজে মাজে। সি ইটোও জানে, অবিনাশে বহুত দূৰলৈকে কথাবোৰ চিন্তা কৰে। ৰেগিঙৰ সময়ত ক্ষোভত ফাটি পৰাৰ সময়ত দীপকক পিছত অবিনাশেই বুজাইছিল, কথাবোৰ তাৰ এতিয়াও মনত আছে । ৰেগিঙৰ সময়তে সকলোৰে দুখ, ক্ষোভবোৰৰ উৎস এক হৈ পৰে, যাৰ ফলত ভুক্তভোগী কেইজনৰ মনৰ কম্পনাংকবোৰ এক হৈ পৰে, ক’ব নোৱৰাকৈ ইজনে সিজনৰ সাৰথি হৈ পৰে। তেতিয়াই যি মনত বন্ধুত্বৰ বীজ অংকুৰিত হয়, সেয়া কালক্ৰমত বৃহৎ বটবৃক্ষৰ ৰূপ লয়, বন্ধুত্বৰ শিপাই আজীৱন ইজনে সিজনক খামুচি ধৰি ৰাখে। 

 : ব’ল, সুন্দৰবড়ী যাওঁ। আয়ুৰ্বেদিক আৰু জি ইউ ৰ কেইজনী সাজি কাঁচি অপ্সৰা একোজনী হৈ আহিছে চাগৈ। চাহো খাম, অপ্সৰাৰো দৰ্শন হ’ব।  

 : আৰু তই, মই দেৱৰাজ ইন্দ্ৰৰ সভাসদ, নে কি? 

 অবিনাশৰ কথাত দীপকে সশব্দে হাঁহি দিয়ে, তাৰ হাঁহিত অবিনাশেও যোগ দিয়াত হাঁহিবোৰ লাহে লাহে গোটেই হোষ্টেলৰ চৌহদত বিয়পি পৰে। দুয়ো বন্ধু হাঁহি হাঁহিয়েই সুন্দৰবড়ীলৈকে খোজকাঢ়ি আগবাঢ়ে। এইখিনি সময়ত  সুন্দৰবড়ীখনে প্ৰাণ পাই উঠে। এইচি, আয়ুৰ্বেদিকৰ ল’ৰা ছোৱালীখিনিৰ উপৰিও মাজে মাজে ইউনিভাৰ্চিটি গাৰ্লছ হোষ্টেলৰ পৰাও কিছু সংখ্যক অপ্সৰা আহে। সুন্দৰবড়ীৰ চকটোত এখনেই চাহৰ দোকান, তাতেই আহি অপ্সৰাবোৰে ভীৰ কৰে। মূহুৰ্তৰ ভিতৰতে চকটো চঞ্চল হৈ উঠে, দোকানখনৰ সৰু সৰু টেবুলবোৰত আড্ডা বহে, চাহ চিঙৰাৰে আৰম্ভ হোৱা আড্ডাবোৰত গৰম চাহৰ কুণ্ডলী পঁকাই উৰি যোৱা ধোঁৱাবোৰৰ লগত বিলীন হৈ যায় সকলোৰে বেবেৰিবাং কথাবোৰ, হোষ্টেলত সদা ব্যৱহৃত কিছু শ্লীল, কিছু অশ্লীল শব্দবোৰ।

টেবুল এখন খালী হোৱাত দুয়ো বহিল, ইফালে সিফালে চকু ফুৰাওঁতে কিছু দূৰৈত থকা টেবুলকেইখনলৈ দুয়োৰে চকু গ’ল। চিনাকি চকু ভালে কেইযুৰিমানে সিহঁত দুয়োলৈ চাই হাঁহি আছে। চকুয়ে চকুয়ে পৰাত দুয়ো হাত জোকাৰি হাঁহিৰ প্ৰত্যুত্তৰ দি চাহ কাপত মনোনিবেশ কৰিলে। 

 : আব্বে, গোটেই আঠ নম্বৰ আজি ইয়ালৈকে উঠি আহিল যেন পাইছোঁ। সঁচাকৈ আজি নিজকে ইন্দ্ৰৰ সভাসদ নিচিনা ভাৱ হৈছে, চাহ কাপ দেখোন অমৃত নিচিনা লাগিছে। দীপকৰ মাতত প্ৰবল আবেগ, পিচে অবিনাশে নিৰ্বিকাৰ হৈ কয়–

: চাহে জিভা পুৰিব চাবি, ভালেখিনি গৰম হৈ আছে। 

 

আঠ নম্বৰ বুলিলে এইচিৰ গাৰ্লছ হোষ্টেলটোক বুজায়, এইচি কেম্পাছৰ ভিতৰত আঠ নম্বৰেই হৈছে সমস্ত ৰোমাণ্টিচিজমৰ উৎস। সুন্দৰবড়ী আঠ নম্বৰৰ পৰা অলপ দূৰ হয়, তথাপি কেতিয়াবা দলে-বলে আহি ওলায়; সিদিনা সুন্দৰবড়ীৰ কৃষ্ণচূড়াৰ ৰঙবোৰ অধিক ৰঙচুৱা হয়।  

 : হাই, আমাকো চাহ খুৱাবা নেকি? সন্মুখত হঠাতে অনামিকাক দেখি দীপকৰ মুখৰ মাত বন্ধ হৈ গ’ল। অবিনাশ আৰু দীপকে কিবা এটা কোৱাৰ আগতে অনামিকা সন্মুখত বহি দিলে, লগত সাগৰিকা। কিছু আঁতৰতে বহি থকা লগৰবোৰে সিহঁতৰ অৱস্থা দেখি গিৰ্জনি মাৰি হাঁহি দিলে। অবিনাশে কিছু গহীন হৈ ক’লে, 

 

: ৱাহ, আজি চোন হাইঠা মাটি পৰিল!

         ****(আগলৈ)

☆ ★ ☆ ★ ☆

3 Comments

  • abhijit goswami

    ভাল লাগিল দাদা 👍

    Reply
  • কাবেৰী মহন্ত

    বঢ়িয়া লাগিল৷ এইখন ধাৰাবাহিক বিৰাটেই সাৱলীলভাৱে আগবাঢ়িছে৷ আগলৈও ৰৈ থাকিম

    Reply

Leave a Reply

Your email address will not be published.