ফটাঢোল

সোণাৰুৰ হালধীয়া হাঁহি : মৃদুল নাথ (চতুৰ্থ খণ্ড)

: হাইঠা বুলিয়ে কোৱা, বা আন কিবায়ে কোৱা, একো আপত্তি নাই। এতিয়া কোৱা কি খুৱাবা?

অবিনাশৰ চকুত চকু থৈ সাগৰিকাই ক’লে, চকুত তাইৰ দুষ্টামী ভৰা হাঁহি। এই হাঁহিৰ অৰ্থ অবিনাশে ভালকৈয়ে বুজি পায়।

: আজি নিজকে পানবজাৰৰ ‘চানফ্লাৱাৰ’ত বহা যেন লাগিছে। এতিয়াই যেন কোনোবা এজনক মাতিম, “ৱেইটাৰ মেন্যুখন দিয়া”। কিন্তু দুৰ্ভাগ্য যে তুমি ইয়াত মুখত মিঠা হাঁহি এটা লৈ ৰৈ থকা ৱেইটাৰ নাপাবা, হয়তো মনে বিচৰা মেন্যুখনো তুমি ইয়াত নাপাবা। তথাপি তোমাক আজি ইয়াত গৰম চাহ একাপৰ লগত গৰম শিংৰা খুৱাবৰ মন আছে। ইয়াৰ শিংৰাৰ দৰে সোৱাদ সমস্ত পানবজাৰৰ ৰেষ্ট’ৰেণ্টত বিচাৰি চলাথ কৰিলেও নাপাবা।

: পানবজাৰখন চাগৈ তোমাৰ বৰ প্ৰিয় ন অবিনাশ। এদিন সঁচাকৈয়ে পানবজাৰৰ কোনোবা এখন ৰেষ্ট’ৰেণ্টত তোমাৰ সৈতে খাবলৈ মন আছে। আচলতে খোৱাটো এটা বাহানাহে, তোমাৰ লগত কিছু কথা পাতিবলৈ মন আছে। ছোৱালীৰপৰা সদায় আঁতৰি থকা অবিনাশৰ ভিতৰখন এবাৰ জুকিয়াই চাবৰ মন আছে।

প্ৰথম বাৰৰ বাবে অবিনাশ অলপ অপ্ৰস্তুত হ’ল। মুহূৰ্ততে সেই ভাৱ লুকুৱাই সি নাটকীয় ভাৱে ক’লে,

: আৰে, তুমি বিচাৰিলে সমস্ত পানবজাৰখনকে আনি দিম, তুমি মাথো কৈ চোৱা এবাৰ।

অবিনাশৰ নাটকীয়তাত দীপক আৰু অনামিকা দুয়ো হাঁহি দিয়ে, সাগৰিকায়ো সেই হাঁহিত যোগ দিয়ে।
হাঁহিৰ মাজতে দীপকে ক’লে,

: খোৱা, খোৱা। ঠাণ্ডা হৈ গ’লে শিঙৰাৰ সোৱাদ নাপাবা। তেতিয়া অবিনাশ মিছাতে মিছলীয়া বুলি আখ্যা পাব। নে কি কোৱা, অনামিকা? তোমাৰচোন মাতেই নুফুটা হৈছে আজি, একেবাৰে নিমাতী কইনা যে! নাম নাথাকিল বুলিয়ে কথাও নোহোৱা হ’লনে?

দীপকে নিজৰ কথাত নিজে ৰস পাই ঢেকঢেকাই হাঁহি দিয়ে, লাজতে অনামিকা ৰঙা-চিঙা পৰি যায়। হাঁহি ধেমালিৰ মাজেৰে আটায়ে খোৱাত মনোনিৱেশ কৰে।

: কেতিয়াবা মই কি ভাবোঁ জানানে অবিনাশ, এইযে ‘মিছা’ শব্দটো, তাৰো অৰ্থ পৰিস্থিতি সাপেক্ষে সলনি হ’ব পাৰে। কথা এটা মিছা বুলি আখ্যা পাব নে নাই সেয়া প্ৰকৃততে নিৰ্ভৰ কৰে চোৱাজনৰ দৃষ্টিকোণৰ ওপৰত। এনেয়ে ওপৰে ওপৰে চালে হয়তো নেদেখিম, কিন্তু গভীৰ ভাবে চালে সেই মিছাৰ আঁৰত লুকাই থকা সত্যবোৰ দেখা পোৱাৰ সম্ভাৱনা থাকে। সেয়া নিৰ্ভৰ কৰে চোৱাজনৰ মন আৰু মগজুৰ ওপৰত। তুমি কি ভাবা, অবিনাশ?

: হুমম, কথাটো হয়তো তুমি ঠিকেই কৈছা। কিছুমান শব্দ আচলতে আপেক্ষিক, অৰ্থ নিজ ইচ্ছা অনুসৰি উলিয়াই ল’ব পৰা যায়। Sometimes you can interpret certain things as per your wish….

: ঐ, আজি ইয়াতে কথা পাতি থাকিবি, নে হোষ্টেল যাবি! আমাৰ বাবে লগৰ সৱে বাহিৰত ৰৈ আছে।
এইবাৰ অনামিকাৰ মুখত মাত ফুটিল। তেতিয়ালৈকে আটাইৰে এনেও খোৱা হৈয়েই  গৈছিল। লগৰকেইজনী ৰৈ থকা দেখি দুয়ো লৰালৰিকৈ যাবলৈ ওলাল। দীপকে চাহ-শিঙৰাৰ পইছা দি থাকোঁতে সাগৰিকাই অবিনাশক উদ্দেশ্যি কয়,

: আজি তোমাৰ পচন্দ অনুসৰি খালোঁ, পিছৰবাৰ কিন্তু মোৰ পচন্দ অনুসৰি খাব লাগিব। আৰু শুনা, মোৰ বাবে তুমি সমস্ত পানবজাৰখন উঠাই আনিব নালাগে, মই নিজেই তোমাক তালৈ লৈ যাম। মাথোঁ তুমি না নকৰিবা।

কথাখিনি কৈ সাগৰিকা অনামিকাৰ লগত বাহিৰলৈ ওলাই গ’ল, অবিনাশৰ উত্তৰৰ বাবে বাট চোৱাৰ প্ৰয়োজন বোধ নকৰিলে। পইছাকেইটা দি উঠি দীপকে অবিনাশৰ পিঠিত ঢকা এটা মাৰি ক’লে,

: তোৰে দিন বে, শিঙৰাৰ পইছা দিলোঁ মই, পান বজাৰ যাবি তই। বহুত ‘না ইনচাফি হ্যে য়্যে’। অৱশ্যে ইয়াকে কয় কঁপাল। হ’বদে, কেতিয়াবা মোৰো দিন আহিব, বিশ্বাস আছে মোৰ। ‘উচকে ঘৰ মে’ দেৰ হ্যে, পৰ অন্ধেৰ নেহী’। ব’ল, ব’ল, চিগাৰেট এটাকে খুৱাবি ব’ল। দীপকে অবিনাশক টানি সৰু গুমটিখনলৈ লৈ যায়।

সুন্দৰবড়ী চকটোতে কিছু সময় আড্ডা মাৰি দুই বন্ধু লাহে লাহে হোষ্টেললৈ উভতিবলৈ ধৰে। আহি থাকোঁতে দীপকে অলপ আগতে পাৰ হৈ যোৱা মুহূৰ্তবোৰ পাগুলিবলৈ ধৰে।অবিনাশে সচৰাচৰ ছোৱালীৰ লগত খুব কমেই কথা পাতে, লাগিলে সেয়া লগৰ ছোৱালীয়ে নহওক কিয়। দীপকে ভাবিছিল, অবিনাশ আজি সাগৰিকাৰ হাতত বাৰুকৈয়ে জব্দ হ’ব। পিচে আজি অবিনাশৰ বিপৰীত ৰূপ দেখি সি ভালেখিনি আচৰিত হ’ল। সি ঠিকেই অনুভৱ কৰিছে, অবিনাশ লাহে লাহে সলনি হ’বলৈ ধৰিছে।  সাগৰিকাৰ কথাখিনিত ধেমালি থাকিলেও ধেমালিৰ মাজেৰে যেন তাই অবিনাশক বহু কথা ক’ব খোজে, অবিনাশৰ প্ৰতি যেন এক দুৰ্বলতাৰ ভাৱ লুকাই আছে, এনে লাগিল দীপকৰ। অবিনাশে অৱশ্যে সেয়া সহজ ধেমালি বুলিয়ে ধৰি লৈছে। কাৰণ তাৰ হৃদয়ে এতিয়া পানবজাৰৰ সোণাৰুৰ হালধীয়াখিনিৰ বাহিৰে আন বেলেগৰ প্ৰতি আসক্ত হ’ব বুলি তাৰ মনে নকয়। তথাপি একো ক’ব নোৱাৰি, সকলো সময়ৰ খেলা।

হোষ্টেললৈ ঘূৰি আহি দীপক আৰু অবিনাশে দূৰৰপৰাই ৰূমৰ সন্মুখত ভীৰ এটা দেখা পালে, সন্মুখত সেয়া নয়ন। লাইটৰ পোহৰত নৱাগতখিনিৰ মুখমণ্ডলত এক শংকাৰ ছাঁয়া দেখি অবিনাশৰ বেয়া লাগে যদিও সেই ভাৱ মনত লুকুৱাই থয়। সহজে পোৱা বস্তুবোৰৰ মূল্য বুজি পাবলৈ আমি অপাৰগ, সেয়া মানুহৰ স্বভাৱ। একেই কথা খাটে মৰম, চেনেহ, বিশ্বাসৰ ক্ষেত্ৰত। সহজতে কাৰোবাৰ মৰম আৰু বিশ্বাস জিনিব পাৰিলে কেতিয়াবা বহুতে সেয়া নিজৰ প্ৰাপ্য বুলি ভাবে, বহু সময়ত তেনে মৰম, তেনে বিশ্বাস ঠুনুকা হোৱা দেখা যায়। মৰম, বিশ্বাস এইবোৰ কেতিয়াও একপক্ষীয় হ’ব নোৱাৰে। বিশ্বাসৰ এনাজৰীডাল মজবুত হ’বলৈ দুয়ো পক্ষকে কিছু সময়ৰ প্ৰয়োজন। অবিনাশহঁতেও বৰ্তমান নৱাগতখিনিৰ আগত নিজৰ আচল প্ৰতিচ্ছবিখন দেখুৱাব বিচৰা নাই। এই সময়ছোৱাত ভিন্ন আৰ্থসামাজিক পৰিবেশত ডাঙৰ হোৱা প্ৰতিজন নৱাগতক একেখন মঞ্চতে থিয় কৰোৱা হয়, য’ত কিছু কঠোৰ অনুশাসনৰ অন্তত প্ৰতিজন নৱাগতৰে মনৰ মানসিক তৰংগ এক হৈ যায়। হোষ্টেলটোৱে হৈছে সেইখন মঞ্চ আৰু এয়াই হোষ্টেলৰ পৰম্পৰা। কিছু গহীন মাতেৰে অবিনাশে নয়নক উদ্দেশ্যি ক’লে,

: তই, এইবাৰো ফাৰ্ষ্ট চেমৰ লিডাৰ হৈ আহিছ নেকি?

: নাই দাদা, নহয়।

: তেন্তে এইবাৰ ময়ে তোক লিডাৰ পাতি দিলোঁ। অৱশ্যে লিডাৰ বুলি ক’লে অলপ বেছি মূৰত উঠি যাব পাৰ, ৰিপ্ৰেজেণ্টেটিভ শব্দটোৱে ভাল হ’ব। হ’বনে?

: আপুনি যি ভাল দেখে দাদা।

: হ’ব দে, সৱে মই কোৱা ধৰণে নিজৰ নিজৰ নাম ঠিকনাবোৰ লিখি আনিছেনে?

: আনিছে দাদা।

: গুড, তই কালেক্ট কৰি ভিতৰলৈ লৈ আন, বাকীবোৰ যাবগৈ পাৰে, দৰকাৰ হ’লে মাতিম।

: হ’ব দাদা।

ৰূমৰ ভিতৰলৈ সোমাই গৈ দীপক বিছনাৰ ওপৰত বহে, অবিনাশে খিড়িকীখন খুলি দি বাহিৰলৈ চাই থিয় হৈ ৰয়। শীতল বতাহ এচাটি ৰূমৰ ভিতৰলৈ সোমাই আহে, এয়া হেমন্তৰ আগমনৰ সংকেত। ঋতু আহে, ঋতু যায়, প্ৰতিটো ঋতু নিজস্ব স্বকীয়তাৰে মহীয়ান, কিন্তু হেমন্তৰ যে মাদকতাই বেলেগ। এই সময়ছোৱাতে এদিন অবিনাশ নিজেও আহিছিলে জালুকবাৰীলৈ, আহিয়ে ইয়াৰ পৰিবেশ দেখি মুগ্ধ হৈ পৰিছিল। দীপৰ বিলৰ পাৰে পাৰে ফুলা শুভ্ৰ কঁহুৱাবোৰ, ৰাতিপুৱাই বিলৰ পানীত জলকেলি কৰিবলৈ উৰি অহা জাক জাক আলহী চৰাইবোৰ, হোষ্টেলৰ সন্মুখৰ ফিল্ডখনৰ ঘাঁহনিত লাগি থকা নিয়ঁৰকণাবোৰ, ষ্ট্ৰীট লাইটৰ পোহৰত দেখা ৰাতিৰ শান্ত ইঞ্জিনিয়াৰিং কেম্পাছখনক কিযে এক বিনন্দীয়া ৰূপ প্ৰদান কৰে! আৰু এই আড্ডাবোৰ, আড্ডাবোৰে ভৰাই তোলে শীতৰে সেমেকা জালুকবাৰীৰ গধূলিবোৰ!

ইতিমধ্যে ৰূমৰ বাহিৰৰ ভীৰটো লাহে লাহে আঁতৰি যায়, দৰ্জামুখত অকলশৰীয়া হৈ ৰয় নয়ন। অলপ পিছতে দৰ্জাত টোকৰ পৰে।

: দাদা, সোমাব পাৰিমনে?

: আহা।

অবিনাশৰ মাতটো এতিয়া যথেষ্ট কোমল, আগৰ সেই ৰুক্ষ কণ্ঠস্বৰৰ অলপো চিন-চাব নাই। বৰঞ্চ তাৰ ঠাইত নয়নে দেখা পালে মৰম, ভাতৃত্ববোধ। আনকি সম্বোধনটোও ‘তই’ৰ ঠাইত তুমি হৈ পৰিল। নয়ন কিছু আচৰিত হ’ল ঠিকেই, কিন্তু তাৰ মনৰপৰা শংকাৰ ভাৱটো ভালেখিনি আঁতৰি গ’ল।

: দাদা, আপুনি  কোৱাৰ দৰে আটাইকেইজনে নিজৰ নাম, ঠিকনা লিখি দিছে। পিচে এটা সৰু সমস্যা হৈছে।

: কি হ’ল আকৌ?

: দাদা, আমাৰ মাজৰ পাঁচজনে অসমীয়াত পঢ়িব লিখিব নাজানে, সৰুৰে পৰা ইংৰাজী মাধ্যমত পঢ়া, স্কুলত অসমীয়া পঢ়িব লিখিবলৈ সুবিধাই নাপালে।

: তাৰমানে সেইকেইটাই অকল ইংৰাজীত লিখিছে, নিজৰ মাতৃভাষাটোত লিখিব নাজানে? এইবাৰ দীপকে খঙেৰে ক’লে।

: দাদা, ইয়াৰ বাবে অকল সেইকেইজনকে জগৰীয়া কৰাটো জানো ঠিক হ’ব? মোৰ মতে শিক্ষা ব্যৱস্থাটোও ইয়াৰ বাবে সমানে জগৰীয়া। চিষ্টেমটোৱে তেওঁলোকক আন বহুতৰ দৰে তেনেকৈয়ে গঢ় দিছে।

নয়নৰ কথা শুনি দীপকে আৰু কিবা ক’ব খুজিছিল, অবিনাশে ইংগিতেৰে মানা কৰিলে। সি ঠিকেই ভাবিছিল, নয়নৰ গাত লিডাৰ হ’ব পৰাকৈ গুণবোৰ ভৰি আছে। সি নিৰ্ভীক, স্পষ্টবাদী, যুক্তিৰে কথা কয়। লগতে কথাৰ চলেৰে নিজৰ লগৰ কেইজনক ৰক্ষণাবেক্ষণো দিছে। A true leader will always defend his company leading from the front. এই মুহূৰ্তত নয়নে সেইটোকে কৰি আছে। নয়নক বহিবলৈ কৈ অবিনাশে দীপকৰ লগত নৱাগতখিনিৰ হাতৰ আখৰবোৰত চকু ফুৰাবলৈ কৰিলে।

: বেছি ভাগৰে আখৰ বেয়া, আচলতে মেডিকেল পঢ়াৰহে এইম আছিল চাগৈ?

: আখৰবোৰ দেখি তেনেকুৱাই বোধ হয়। তাৰ মাজতে ইন্দ্ৰজিত আৰু সৌৰভ, এই দুজনৰ ইংৰাজী আখৰ যথেষ্ট ভাল। অসমীয়াৰ ক্ষেত্ৰত নয়নৰে অলপ-অচৰপ ভাল, কিন্তু ৱাল মেগাজিন লিখিব পৰা জোখৰ হ’বনে নাই সেয়া এতিয়াই ক’ব পৰাটো সম্ভৱ নহয়।

নয়নে কিছু আঁতৰত থিয়হৈ থাকি ৰূমটোৰ ভিতৰখনত  চকু ফুৰাই আছিল। ৱালবোৰ সৰু ডাঙৰ পোষ্টাৰেৰে ভৰ্তি, তাৰ মাজতে অবিনাশৰ বিচনাৰ কাষৰ ৱালখনত লগাই থোৱা দিব্যা ভাৰতী আৰু ষ্টেফী গ্ৰাফৰ ডাঙৰ পোষ্টাৰ দুখন দেখি নয়নৰ মুখত হাঁহি বিৰিঙি উঠিল। ইফাল চাই থাকোঁতে ৰূমটোৰ চুকত টেবুলৰ কাষতে ষ্টেণ্ড এটাৰ ওপৰত সজাই থোৱা গীটাৰখনে নয়নৰ দৃষ্টি আকৰ্ষণ কৰিলে। গীটাৰখনৰ পিনে চাই থাকোঁতে নয়নৰ মুখেৰে ক’ব নোৱৰাকৈ ওলাই গ’ল,

: হবনাৰ, এক্সপৰ্ট কোৱালিটি!

: তুমি গীটাৰ বজোৱা?

অবিনাশে সুধিলে।

: ভালকৈ নাজানো দাদা, দুই এটা কৰ্ডহে জানো। মাজে মাজে গানহে গোৱা হয়।

: তুমি লিখা মেলাও কৰা নেকি? মানে, গল্প, কবিতা এইবোৰ? তোমাৰ হাতৰ আখৰ ভালেই।

: মনৰ ভাৱবোৰ কেতিয়াবা লিখোঁ দাদা। কিন্তু সেয়া গল্প, কবিতাৰ শাৰীত পৰে নে নপৰে, নাজানো।

দীপকে ইমান পৰে কথাবোৰ শুনি আছিল। এইবাৰ সি মাজতে ক’লে,

: তুমি টেনশ্যন নল’বা। গল্প কবিতাৰ শাৰীত পৰে নে নপৰে সেয়া আমি পঢ়ি উঠি কৈ দিম। কিন্তু তাৰবাবে তোমাৰ লিখা আমি পঢ়িবলৈ পাব লাগিব। তুমি এটা কাম কৰা, আজি ৰাতি তোমাক কিবা এটা লিখিবলৈ দিয়া হ’ব। সেয়া লিখি আনি আমাক দিবা।

: কি লিখিব লাগিব দাদা?

: এখন প্ৰেমপত্ৰ। তোমাৰ হৃদয়ৰ সমস্ত আৱেগ ঢালি সেয়া লিখিব লাগিব। মাথো তাত প্ৰেৰকৰ নাম মানে তোমাৰ নাম আৰু তোমাৰ প্ৰেমিকাৰ নাম উহ্য থাকিব। পাৰিবানে?

নয়ন বৰ অপ্ৰস্তুত হ’ল। ঘটনাবোৰে এনেকুৱা পাক ল’ব বুলি সি সপোনতো ভবা নাছিল। সি ইতস্ততঃ কৰা দেখি দীপকে পুনৰ ক’লে,

: চিন্তা নকৰিবা বাচা, এয়া সম্পূৰ্ণৰূপে গোপনে ৰখা হ’ব।

হ’ব বুলি শলাগি নয়ন ৰূমৰ পৰা ওলাই গ’ল। প্ৰথমবাৰৰ বাবে দীপক আৰু অবিনাশৰ দুয়োৰে নয়নক দেখি অলপ নাৰ্ভাছ হোৱা যেন অনুভৱ হ’ল। অবিনাশে হাঁহি হাঁহি দীপকক সুধিলে,

: তোৰ মূৰত কি খেলাইছে কচোন? কাৰ বাবে এই প্ৰেমপত্ৰ লিখা হ’ব? আৰু প্ৰেম প্ৰত্যাশীয়ে বা হ’ব কোন?

: আব্বে ছিম্পল, প্ৰেমপত্ৰ লিখা হ’ব পাৰিজাতৰ বাবে, আৰু প্ৰেম প্ৰত্যাশী হৈছে আমাৰ সৌমাৰ।

: মাৰিবি বে’ তই। অবিনাশে হাঁহি হাঁহি গীটাৰখন হাতত তুলি লৈ জুবিনৰ গানৰ কলি এটা গুণগুণাবলৈ আৰম্ভ কৰে, লগত দীপকে যোগ দিয়ে, দুয়ো প্ৰাণঢালি গায়,

“জোনাক গলা, জাৰৰ নিশা, মূৰ থৈ সেতা শেতেলীত…”

গীটাৰৰ ঝংকাৰৰ তালে তালে শব্দবোৰে সন্ধিয়াৰ নীৰৱতা ভেদি দূৰলৈ বৈ যায়, লাহে লাহে, চৌদিশে….

(ক্ৰমশ:)

4 Comments

  • abhijit goswami

    ভাল লাগিল মৃদুল দা

    Reply
    • Mridul Nath

      থেংকু অভিজিত

      Reply
      • কাবেৰী মহন্ত

        এইটো খণ্ডও ভাল লাগিল৷ সোমাই গৈ আছোঁ, আগলৈ অপেক্ষা কৰিলোঁ৷

        Reply
  • নীলাক্ষি কলিতা

    পিছৰ খণ্ডলৈ অপেক্ষা থাকিল…

    Reply

Leave a Reply

Your email address will not be published.