ফটাঢোল

স্কুলীয়া দিনৰ লটিঘটি – ভূপালী দেৱী

কোনোবা এটা জনমত কৰা পুণ্যৰ ফলতে হয়তো মই বাঘেখাইতী (বান্ধৱী)কেইজনীমানক লগ পাইছিলোঁ৷ প্ৰথম মানৰ পৰা ডিগ্ৰীলৈ একেলগে একেখন স্কুল কলেজতে পঢ়িছিলোঁ। পিছে নিজৰ বন্ধু-বান্ধৱীবোৰৰ লগত দুষ্টালিবোৰ নকৰিলে জানো বন্ধুত্ব নামৰ শব্দটোৰ গৰিমা নোহোৱা হৈ নাযাব৷ সেয়ে আমি পঢ়া শুনাতকৈ এই দুষ্টালিবোৰক বেছি প্ৰাধান্য দিছিলোঁ৷ অৱশ্যে এইবোৰৰ কাৰণে আমি গালি, মাৰ, ভুকু নোখোৱাকৈও থকা নাছিলোঁ। তথাপিও আমি গৌৰৱত বুকু ফিন্দাই যো হোগা দেখা যায়েগা বুলি আগুৱাই গৈছিলোঁ৷

এতিয়া আহোঁ আচল কথালৈ। মই তেতিয়া ক্লাছ নৱমমানত পঢ়ি আছিলোঁ৷ স্কুলৰ বছৰেকীয়া খেল আৰম্ভ হৈছিল। মই আৰু এইবোৰত অলপ পিছ হুহুঁকি থকা টাইপৰ আছিলোঁ। কিন্তু আনক উৎসাহ দি বৰ ভাল পাইছিলোঁ। তেনেতে মোৰ লগৰ দুজনীমানে আহি ক’লে, ব’ল আমি কাবাডী খেলত নামটো দিওঁ। “কি?”(শব্দটোত অলপ জোৰ দি ক’লো)মই আৰু খেল তাতে কাবাডী! পাগল হ’লি নেকি তহঁত? সিহঁতে ক’লে একো নহয় দলত ছোৱালী কম হৈ আছে তই কেৱল থিয় হৈ থাকিলেই হ’ল। মই ক’লো নাই নহ’ব তহঁত পাষণ্ডবোৰক মোৰ আৰু চিনি পাবলৈ বাকী নাই। সিদিনা তহঁতে বোৰ্ডত সমাজ-বিজ্ঞান পঢ়োৱা বাইদেউৰ মুখখন আঁকি মোক ফঁচোৱা নাছিলি জানো। যিটোহে হাতত চেকণিৰ কোব খাইছিলোঁ অ’৷ দুদিনলৈ ৰঙা পৰি আছিল৷ বাৰু ঠিকে আছে আঁকিছ মূৰটো যে টপা কৰি থৈছিলি তাতকৈ একোচা দীঘল চুলি আঁকি নথ’লি কিয়? বাইদেৱে অন্তত নিজকে হেমামালিনী বুলি ভাবি কিজানি দুটামান নম্বৰ বেছিকৈয়ে দিলে হয়? তেনেকৈ কৈ মই সিহঁতৰ ওচৰৰ পৰা আঁতৰি আহিলোঁ৷

সিদিনা পুৱাৰ পৰাই কিনকিনিয়া বৰষুণ দি থকাৰ বাবে আন খেলবোৰ পিছৰ দিনালৈ স্থগিত কৰি কেৱল কাবাডী খেল আৰু টেকেলি ভঙা খেলখনেই পাতিছিল৷

খেল বিভাগৰ সম্পাদিকাগৰাকীয়ে মাইকত চিঞৰিবলৈ ধৰিলে, “অলপ সময়ৰ পিছতে কাবাডী খেল আৰম্ভ হ’ব, গতিকে ইচ্ছুক প্ৰতিযোগীসকলক সময় নষ্ট নকৰি মোৰ হাতত নামবোৰ দিবলৈ অনুৰোধ কৰা হ’ল।”

প্ৰায় আধা ঘণ্টামানৰ পিছত খেল আৰম্ভ হ’ল। এটা এটাকৈ প্ৰায় চাৰিটামান দলৰ খেল শেষ হোৱাৰ পিছত ক্লাছ নাইনৰ পাল পৰিল৷ আকৌ খেল বিভাগৰ সম্পাদিকাগৰাকীয়ে আহি মাইকত চিঞৰিবলৈ ধৰিলে৷ “এতিয়া পাৰিজাত বৰুৱা আৰু পম্পী মেধিৰ দলৰ মাজত খেল আৰম্ভ হ’ব। মই দলত থকা সদস্যাসকলৰ নাম কৈ আছোঁ সকলোৱে যাতে মোৰ কাষত আহি থিয় হয়হি৷” পম্পী মেধিৰ সদস্যাসকলৰ হোৱাৰ পিছত পাৰিজাত বৰুৱাৰ সদস্যাসকলৰ নাম ক’বলৈ আৰম্ভ কৰিলে৷ এটাৰ পিছত এটাকৈ নাম কৈ গৈ আছে আৰু সেইমতেই ছোৱালীবোৰ গৈ সম্পাদিকাৰ ওচৰত থিয় হৈছে৷ পাৰিজাত বৰুৱাৰ দলৰ শেষৰ সদস্যা ভূপালী দেৱী। এয়া কি মোৰ নাম? মই মোৰ নামটো ভুলকৈ শুনা বুলি ভাবি নিচিন্ত মনে বহি থাকিলোঁ৷ ভূপালী দেৱী য’তে আছা অনতি পলমে আহি মোৰ কাষত থিয় হোৱাহি৷ এইবাৰ আকৌ মোৰ নামটো শুনি গাটো জিকাৰ খাই উঠিল৷ সিহঁতৰ পিনে চকু ডাঙৰকৈ চাই ঘোঁ‌চা এটা মাৰি পঠিয়ালোঁ‌৷ সিহঁতেও চকুৰ পাক দি মোক মাতিবলৈ ধৰিলে৷ মানে আখৌহি আখৌ মে ইচাৰা কৰা টাইপৰ। মই মূৰটো জোকাৰি নাযাওঁ বুলি ক’লোঁ। আহ একো নহয় আহ এবাৰতো খেলি চা৷ ময়ো ভাবিলোঁ নামটো দিলেই যিহেতু এবাৰ চেষ্টা এটাকে কৰি চাওঁ৷ সেইবুলি ভাবি আগবাঢ়িলোঁ৷ সম্পাদিকাগৰাকীয়ে খেলৰ নিয়মবোৰ বুজাই খেল আৰম্ভ কৰিলে। কাবাডী কাবাডী বুলি কৈ দুয়োটা দলৰ মাজতে জবৰদস্ত খেল চলি থাকিল৷ এইবাৰ আমাৰ দলৰ পাল৷ মই বিন্দাছ থিয় হৈ আছোঁ৷ সেইটো দলৰ পৰা মোক হাতবাউলি মাতি আছে আহ.. আহ.. ৷ মই বোলো কি কথা! ইপিনেও চাওঁ সিপিনেও চাওঁ উই মা… কি এয়া  আমাৰ দলৰ সকলোবোৰ আউট কেৱল মই আছোঁ৷ খং ৰাগে মোৰ চুলিৰ আগ পাইছিলহি৷ খেলখন হৈ যাওঁক সিহঁতৰ পিঠিত মই ডবা কোবাইহে এৰিম। লাহেকৈ মূৰটো উঠাই চালোঁ সিহঁতৰ দলত এতিয়াও চাৰিজনী মোতকৈ চাইজৰ দুগুণমানে হ’ব কিজানি আছেই। অ’ মা মোৰ কি হ’ব এতিয়া, ভগৱান মোক বচাবা বুলি মনতে ভাবি কাবাডী কাবাডী বুলি কৈ আগবাঢ়িলোঁ। আহিল নহয় মোক ধৰিবলৈ নোদোকা এজনী। যি হয় হ’ব বুলি তাই পিন্ধি থকা দীঘল হাতৰ চাৰ্টটোৰ হাতখনতে ধৰি টান মাৰি দিলোঁ। চাৰ্টৰ হাত চিঙি আহি মোৰ হাতত আৰু তাই মাটিত, তাইক উঠাবলৈ আহোঁতে বাকী কেইজনীকো চুই আউট কৰি থৈ আহিলোঁ৷

ছোৱালীজনীৰ লগত গোটেই বছৰটোৱেই মাতবোল নাছিল যদিও সিদিনা সিহঁতক খেলত হৰুৱাই মোৰ নিজকে যুদ্ধত জয়ী হৈ অহা সৈনিকজনৰ দৰেই লাগিছিল৷

এতিয়া আহোঁ ক্লাছ টেনত পঢ়ি থাকোঁতেই ঘটা আন এটা ঘটনালৈ৷ আমি যেতিয়া ক্লাছ টেনত আছিলো তেতিয়া সদায় লেজাৰৰ (ব্ৰেক) পিছৰ ক্লাছটোৱেই বিজ্ঞানৰ আছিল। সপ্তাহত দুদিন ৰসায়ন বিজ্ঞান, দুদিন পদাৰ্থ বিজ্ঞান আৰু এদিন জীৱ বিজ্ঞানৰ ক্লাছ হৈছিল। লেজাৰ মানেইতো আৰু জানেই কিবাকৈ টিফিনটো খাই শেষ কৰি ফিল্ডত দৌৰিব লাগে৷ কিমানযে আড্ডা মাৰিছিলোঁ। তেতিয়া খেলতকৈ আড্ডা বেছি মাৰিছিলোঁ৷ ক্লাছ টেন বুলি অলপ লেবেল দেখাইছিলোঁ আকৌ। আনকি ব্ৰেক শেষ হোৱাৰ বেল মৰাৰ পিছতো আমাক চকীদাৰ দাদাজনে গালি শপনি নপৰালৈকে ক্লাছ ৰূমৰ ভিতৰত সোমোৱা নাছিলোঁ।

সিদিনা আছিল জীৱ বিজ্ঞানৰ ক্লাছ৷ পঢ়ুওৱা বাইদেউজনী লগাতকৈ অলপ বেছিয়ে ষ্ট্ৰীক আছিল। আমাক গালি নাপাৰিলে কিজানি বাইদেউৰ ভাত হজমে নহৈছিল৷ আমাৰ বোলে ভৱিষ্যত অন্ধকাৰ। হাতত ঘটি বাতি লৈ ৰাস্তাই ৰাস্তাই ঘূৰিব লাগিব। এহ আমাৰ আৰু এইবোৰ কথাই গা ল’ৰাব পাৰে নেকি? হাইজাম্প মৰাৰ দৰেই আমাৰ মূৰৰ ওপৰেৰে জাঁ‌প মাৰি গৈছিল। বাইদেউক সিদিনা পুৱাৰ পৰা আমি কোনেও এবাৰো দেখা নাছিলোঁ। সেয়ে বাইদেউ অহা নাই বুলি কোনোবাই বাহিৰত, কোনোবাই খিৰীকিৰ মুখত, কোনোবাই দৰ্জাৰ সন্মুখত আড্ডাত ব্যস্ত। এনেতে হঠাৎ আহি ওলাল নহয় বাইদেউ। আমি হতভম্ব হৈ দৌৰাদৌৰিকে নিজৰ নিজৰ ঠাইত গৈ থিয় হৈ “good afternoon ma’am” বুলি কৈ বহিবলৈ ওলাওঁ‌তেই দিলে নহয় মোৰ পিছত থকা চকুচৰহা এজনীয়ে (মৰমতে মাতিছিলোঁ) মই বহা বেঞ্চখন টানি আৰু মই চিধাই গৈ পকাত। অ’ মা মোৰ কঁকালখন ভাঙিল বুলি বিকট চিঞৰ এটা মাৰি উঠি দেখিলোঁ বাইদেউ মোৰ কাষত আহি ৰখি আছে। হাতত স্কেল। মই মনতে ভাবিলোঁ আজি এই বান্দৰীটোৰ কাৰণে মই কোব খাব লাগিব। ময়ো পিছে কম নহয় অকলে কিয় কোব খাম! ..ময়ো ক’লোঁ, মই নিজে পৰা নহয় বাইদেউ তাইহে মোক পেলাইছে। বাইদেৱেও একো আগ পিছ নুশুনি দুয়োজনীকে গোটেই ক্লাছৰ সময়খিনি মানে চল্লিছ মিনিট সময় থিয় কৰাই থৈ দিলে। কঁ‌কালৰ বিষত যিটোহে অৱস্থা হৈছিল মোৰ৷ দুদিনলৈ স্কুল যোৱা নাছিলোঁ।

বদমাছিবোৰ কৰিছিলোঁ যদিও সেইবোৰৰ মাজতে আনন্দ আৰু স্ফূৰ্তিবোৰ লুকাই আছিল। এতিয়াও হাঁহি উঠে এইবোৰ কথা মনত পৰিলে৷
☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply

Your email address will not be published.