ফটাঢোল

স্খলন- অনামিকা চৌধুৰী

“হেৰি শুঞ্চেনা দক, মাজনীৰ ঠকা সোণাযোৰ সোণাৰীয়ে কালি দিম বুলি কৈছে, বৰৰ(দৰা) চেইন দেলোঁ দিব বলে, আপ্নি দকনৰ পৰা আহোঁতে লৈ আইভ৷ ”
হুঁ বুলি সঁহাৰি দি জীৱন দোকানী বিড়ি হুপি হুপি আকৌ চিন্তাত মগ্ন হৈ পৰিল৷ বিয়াত নিমন্ত্ৰণী মানুহ কিমান হ’ব, তেলৰভাড়ত (জোৰণ) দৰা ঘৰৰ কিমান মানুহ আহিব, বৰৰ(দৰা) লগত কিমান মানুহ আহিব, মাছ – মাংস, দাইল-চাউল পৰা আৰম্ভ কৰি কি খুৱাব, কিমান পাচলি লাগিব কিমান খৰচ হ’ব মনৰ ভিতৰতে আকৌ এবাৰ সকলোবোৰ হিচাপ নিকাচ কৰি চালে৷
বিয়ালৈ বেচি দিন নাই হাতত মাত্ৰ ১৫/২০ দিন সময়, খৰচৰ হিচাপতকৈ জমা টকা কম, বাকী টকা একেলগে কৰ পৰা যোগাৰ কৰিব সেই চিন্তাত বিড়ি হোপাটোও এই কেইদিন বেচি হৈছে জীৱন দোকানীৰ৷
“এ মায়েক, মায়েক এ শুঞ্চানা…..তেলৰ ভাড়ত আৰো বৰৰ লগত এমেন মাহনু আইভ, হাটী উঠা দি আইভ না কি এ…
মায়েক-  নাজ্নু দক হে, ধনী ঘৰৰ চাক্ৰি (চাকৰি) কৰা বৰ এটা যে আমাৰ মাজনীৰ কাৰণে পাইচু সেতুৱে আমাৰ ভাগ্য, আমাৰ মাজনীও কম থৌগা না, সেইদ্ধৰিহে ভাল চলি পাইছু, আৰো এটা কথা দিয়ক মাজনী কিন্তু দেখাত একদম মোৰ দৰে৷
জীৱন দোকানী- হাও তুমি যে থৌগা সেতু মোক ইনডাইৰেক্টলী ক’লা না কি হে?
মাক- হে এগ্লা বাদ দিয়ক হে, যেমেন মাহনু আহলিও ভালকে সোধ-পোচ কৰবাই লাগবো৷ আপ্নি টাকা পইচাৰ যোগাৰ কৰক, পিছত ধাৰ মাৰি থাকবো৷
জীৱন দোকানীয়ে ঘৈণীয়েকলৈ কেৰাহীকৈ চাই চাইকেলৰ চাবি পাত লৈ বহিৰলৈ ওলাই গ’ল৷ তেওঁ জানে জীয়েকক ভাল এঘৰলৈ উলিয়াই দিব পোৱা দেখি মাকৰ মনটো সাতখন আঠখন৷ ভিতৰি ভিতৰি এটা অহংকাৰেও বাহ লৈছে৷ অথচ নিজৰ মানুহ জনৰ, নিজৰ ঘৰখনৰ অৱস্থাটো নুবুজি দৰা ঘৰৰ লগত ৰিজাব গৈ কি হ’ব!
মাঘৰ মাহ, গধূলিতে কুঁৱলীয়ে আৱৰে, এই ৰাতিখন কুৱঁলীৰ মাত্ৰা আৰু বাঢ়ে, তাতে ঠেতুৱৈ লগা জাৰ৷ জাৰ আৰু কুৱঁলীক এঘৰীয়া কৰি জীৱন দোকানী চাইকেল চলাই গৈ আছে৷ কি বুলি কৈ ধৰ্ম মহাজনৰ পৰা টকা ধাৰলৈ বিচাৰিব, হওঁতে যিমান বিচাৰিলেও দিব পৰা মানুহ ধৰ্ম মহাজন, পিছে মুখখনহে বৰ লেতেৰা৷ যদি কয় যে ছোৱালীৰ বিয়াৰ বাবে ধাৰলৈ লাগে তেখেতে হয়তো ক’ব টকা ধাৰলৈ দি বেলেগৰ লগত বিয়া দিয়াতকৈ ময়ে লৈ আনো, নহ’লে হয়তো ক’ব বন্ধকীত কি দিবি, তোৰ ঘৈণী যদি ধুনীয়া তাইকে বন্ধকীত থৈ যা! টকা থাকিলেই মানুহবোৰ এনেকুৱা হয় নে প্ৰতিপালনৰ ফল৷ এইবোৰ ভাবি ভাবি জীৱন দোকানী ধৰ্ম মহাজনৰ ঘৰ পালেগৈ৷
“এ মা….মা এ দেউতাক কবি মোৰ লগত ৱাচিং মেচিন এটা দিবা লাগবো(লাগিব), এমেন ধনী ঘৰৰ বৰী (বোৱাৰী) হৈ মই কলৰ পাৰত কাপুৰ ধূলি মানহে(মানুহে) হাইভ(মানুহে হাঁহিব), আৰো স্মাৰ্ট টিভি এটাও লাগবো৷
মাক-(হাঁহি) মই সেই দুটাৰ কাৰণে গোটৰ পৰা লোণ এটা লৈছু দে মাজনী, দেউতেক নকং ৰ’ এঠেনে, আগতে বেলেগ খৰচৰ টাকা যোগাৰ হক৷  হৈনা, বৰৰ লগতো বোলে বহুত মানুহ আইভ, মাছ-মাংস বহুত লাগবো না৷
জীয়েক- অ আইভ তো, তুহুন এটা জীয়েক বিয়া দিয়তে এমেন চিন্তা, বগা খুড়াই তিনটা জীয়েক বিয়া দিছে, লগত কেমেন বস্তু দিছিল নেদেখছিলি, বগা খুড়াওটো দকনীয়ে…..
জীয়েকৰ মুখৰ কথা কাঢ়ি মাক গৰ গৰাই উঠে- এ মাজনী বগা খুড়ে আহাৰ কথা নকবি, খুড়ে ভাল দেচুন, কিন্তু খুইড়ে নৈতেনীটুৰ(গালি) কথা কুনি নাজনেই এ, জাঙেক কেইটাক বিয়াৰ আগৰ পৰাই ঘৰত সুমে ৰাখছিল, সেনেহেন হ’লি তিনটা কিয় দচটা আপিও বিয়া দিবা পাৰি৷
জীয়েক- মই সেগ্লা নাজনু মোক ৱাচিং মেচিন আৰো স্মাৰ্ট টিভি দিবাএ লাগবো এ৷
থিক তেতিয়াই বিজুলী  প্ৰবাহ বন্ধ হৈ যোৱাত মুখৰ ভতৰতে কিবা ভোৰভোৰাই মাকে হাৰিকেনটো জ্বলাবলৈ যায়, জীয়েকে মাকক চিঞৰি চিঞৰি ইনভাৰ্টৰ এটা ল’বলৈ কয়, নহ’লে জোৱায়েকক লৈ ঘৰলৈ আহিলে তাই লাজ পাব হেনো!
ধৰ্ম মহাজনৰ পৰা মোটা অংকৰ টকা অলপ ধাৰলৈ লৈ জীৱন মহাজনে বেচ ধুম-ধামেৰে জীয়েকৰ বিয়া পাতিলে, জীয়েকে বিচৰা ঠোকা সোণা, স্মাৰ্ট টিভি, ৱাচিং মেচিন আদি সকলো বস্তু কইনাৰ লগত দিলে৷ বিয়াখনলৈ অঙহী-বঙহীৰ উপৰিও ওচৰৰ সাতখন হাটীৰ ৰাইজক মাতি খুৱালেও৷
একফাৰলং দূৰৈৰ পৰা বেণ্ড পাৰ্টী সহ দৰাক আদৰি আনিলেগৈ, বৰপেটীয়া ফটকাৰে আকাশ ধুঁৱলি-কুঁৱলি কৰি পেলালে, বৰপেটীয়া বিয়া ফটকা নুফুটালে হ’ব জানো?
দৰাৰ লগত ভৱাতকৈও ২০/৩০জন মানুহ বেচিকৈ আহিল, সৰহ সংখ্যকেই আছিল ডেকা ল’ৰা, গতিকে ৰভাৰ পিছদুৱাৰেদিও মাংসৰ যোগান ধৰিব লগা হোৱ বাবে কিছু পৰিমাণে মাংসৰ নাটনি হোৱাত জীৱন দোকানীয়ে ককৰ্থনা শুনিব লগা হয়৷ হ’লেও তেওঁৰ কোনো আক্ষেপ নাছিল, কইনাৰ দেউতাক যেতিয়া কথা শুনিবই লাগিব! কিন্তু জীয়েকে যেতিয়া ক’লে যে একমাত্ৰ ছোৱালীক বিয়া দিয়োতে দেউতাকে ইমান কৃপনালী কিয় কৰিলে, মাংস কিয় কমকৈ আনিলে, তেতিয়াহে জীৱন দোকানীৰ বুকুত শেলে বিন্ধিলে মাজনী তইয়ো মোক বুজি নাপালিনে বুলি!
আঠমঙলালৈ আহোঁতে মাজনীয়ে মাকক কৈ গৈছে যে সিহঁতলৈ ভালকৈ শোৱা কোঠা এটা আৰু ড্ৰইংৰূম এটা বনাবলৈ, নহ’লে তাই হেনো শহুৰেকৰ ঘৰত লাজ পাব লাগে মাকৰ ঘৰৰ অৱস্থা এনেকুুৱা বুলি৷
বিয়াৰ নিমন্ত্ৰীত অতিথি হৈ ধৰ্ম মহাজনো সেইদিনা আহিছিলে জীৱন দোকানীৰ ঘৰলৈ৷ তেখেত সাধাৰণতে সকলোৰে ঘৰলৈ নাযায়, য’ত গ’লে লাভ হয় তালৈকে হোৱা মানুহ ধৰ্ম মহাজন, কিন্তু জীৱন দোকানীৰ ঘৰলৈ তেখেত আহিছিলে আৰু আজি-কালি সঘন আহ-যা চলে, আচলতে লাভ-লোকচানৰ অংকবোৰ জোখা তুলাচনীবোৰ সকলোৰে একে নহয়৷
বিয়া বুলি বহুত ধাৰ হোৱা বাবে ৰাতিপুৱাৰ পৰা ৰাতিলৈ দোকান এৰিবই নোৱাৰা হ’ল জীৱন দোকানীয়ে, দুপৰীয়া সাউতকৈ ভাতটো ঘৰতে খাই আহে কোনোমতে৷ ৰাতি হ’লে প্ৰায়ে ওচৰৰে দোকানৰ পৰা শুকান ৰুটী চাহ একাপ খাই ৰাতিটো দোকানতে শুই থাকে, ঘৰলৈ গৈ নো কি কৰিব বাহিৰৰ জুহালত বহিহে ৰাতিটো কটাব লগা হয়৷ বিড়ি হুপাটোও আগতকৈ আৰু বাঢ়িছে লগতে কাঁহটোও৷ ধাৰবোৰ এনেকৈ নামাৰিলে হ’ব জানো! এজনীয়ে জীয়েক যে৷
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.