ফটাঢোল

স্পেচিয়েল ডিছ্‌-ৰূপাঞ্জলি চেতিয়া

“ঐ ময়ুৰী, মোলৈও থ’বি দেই৷” পুৱা সাৰ পাই বিছনাতে পৰি ফে’চবুক চাই আছিলোঁ৷ ময়ুৰীৰ ৰুমৰ পৰা ঘৰ্‌ঘৰকৈ ভাহি অহা মিক্সিটোৰ মাতত চিঞৰ এটা মাৰিলোঁ তাইক৷ মোৰ ৱালমেট ময়ুৰী৷ আমি দুয়ো একেখন চৰকাৰী স্কুলতে চাকৰি কৰোঁ৷ চাকৰিৰ খাতিৰত ঘৰৰ পৰা দূৰৈৰ এই ভাড়াঘৰটোত দুয়ো দুজেগাৰ পৰা আহি আছোঁহি৷ বৰ বেয়া নালাগে থাকি, হ’লেও কেতিয়াবা ঘৰৰ মানুুহৰ অভাৱ অনুভৱ কৰোঁ৷ বিশেষকৈ ভাত ৰান্ধিবৰ সময়ত মালৈ বৰকৈ মনত পৰে৷ ৰন্ধাত হাতখন যে তেনেই কেঁচা মোৰ।

মোৰ আৰু ময়ুৰীৰ পাকঘৰ বেলেগ যদিও প্ৰায়েই তাইৰ ৰন্ধনৰ জুতি ল’বলৈ সুবিধা পাওঁ৷ আমাৰ মাজত কিবাকিবি খোৱাবস্তুৰ আদান প্ৰদান হৈয়েই থাকে৷ অৱশ্যে মোৰ ‘প্ৰদান’তকৈ বেছি ‘আদান’হে হয়৷

“তোৰ হাতত যাদু আছে বুজিছ’৷” মই ময়ুৰীক প্ৰায়ে কওঁ৷ সঁচাকৈয়ে বৰ ভাল ৰান্ধে তাই৷ এলাহো নকৰে ৰন্ধাবঢ়া বুলিলে৷ শনিবাৰ আৰু দেওবাৰে ময়ুৰীয়ে ইউটিউবৰ পৰা চাই চাই ‘স্পেচিয়েল ডিছ্‌’ ৰান্ধে৷ সেই ‘ডিছ্‌’ৰ ময়েই হৰ্তাকৰ্তা আৰু বিধাতা৷ মোৰ পৰা গ্ৰীণ চিগনেল পালে তাই আনৰ বাবেও সেই খাদ্য মুকলি কৰি দিয়ে৷

মই পিচে তাইৰ ওলোটা৷ খাই ভাল পাওঁ, কিন্তু ৰান্ধিবলৈ বেয়া পাওঁ৷ ৰন্ধাৰ এলাহতে বেছিভাগ সময় আচাৰ, বইলকণী, আলুপিটিকা, এইবোৰেৰে চলাই দিওঁঁ কোনোমতে৷ মোৰ মতেতো আমাৰ দুয়োজনীৰে পাকঘৰ একেটাই কৰি পেলাওঁ আজিয়েই৷ পিছে ময়ুৰীৰ ঘৰৰ মানুহ-দুনুহ আহি ৰাতি থাকেহি প্ৰায়ে৷ সেয়ে তাই আমনি পাব পাৰে বুলিহে কামটো ইমানদিনে নকৰাকৈ আছোঁ৷

যি কি নহওক, আজিৰ পুৱাটো ময়ুৰীৰ ৰুমৰ পৰা ভাহি অহা মিক্সিৰ মাতে মোহনীয় কৰি তুলিলে৷ এনেয়ো যি মূলা বাঢ়ে তাৰ দুপাততে চিন বুলি কয়৷ আজি স্কুলৰ পৰা ঘূৰি আহিয়েই ভালকৈ দুপৰীয়াৰ সাজ খাবলৈ পাম তাৰমানে। মিক্সিৰ মাতে তাৰেইতো জাননী দিছে। ভাবিয়েই ভাল লাগি গ’ল মনটো৷ বিছনাখন জাৰি জোকাৰি ৰুমটো ধুনীয়াকৈ সাৰি বাথৰুমলৈ গ’লোঁ৷ পিছফালৰ টিউৱেলৰ কাষতে ৰ’দ লৈ বহি আছে ময়ুৰী৷ মূৰত শ্বাৱাৰকেপ্‌৷

“উৱা স্কুললৈ নাযাৱ নেকি? পুৱাই মূৰত সেইসোপা লগালি যে?” আচৰিত হ’লোঁ মই৷

“মই আজি নাযাওঁঁ৷ বিশেষ কাম এটা আছে৷ তই মোৰ হৈ ছুটীৰ দৰ্খাস্ত এখন লিখি হে’ডছাৰক দি দিবি দেই৷” অনুনয়ৰ সুৰত তাই ক’লে মোক৷ “আৰু তোৰ ভাগটো বাতি এটাতে ঢাকি থৈ দিছোঁ মোৰ ৰুমত, লৈ ল’বি৷”

“হ’ব দে৷” তাইক সঁহাৰি দি বাথৰুমত সোমালোঁ৷ প্ৰয়োজনতকৈ বেছিয়েই ফুৰ্তি লাগিছে মোৰ৷

আজি শনিবাৰ, আজি হাফ্।

কাইলৈ দেওবাৰ, কাইলৈ মাফ্‌।

তাতে এই দুয়োদিনেই মই পাকঘৰৰ চৌকা নজ্বলালেও হয়৷ আজিতো ময়ুৰীয়ে আৰম্ভ কৰিলেই ৰান্ধিবলৈ। ফুৰ্তিত মোৰ দুই ওঁঠেৰে গান এটা ওলাই আহিল আপোনা-আপুনি৷

০০০০০

ল’ৰা-ছোৱালী তেনেই কম আজি স্কুলত৷ শিৱৰাত্ৰিৰ বাবেই হয়তো৷ ময়ুৰী নাহিল ভালেই হ’ল৷ হে’ডচাৰে দুটা পিৰিয়ডৰ পিছতে ছুটী দি দিলে৷ ময়ো ভাল পালোঁ৷ চকুদুটা অলপ পুৰি আছে আজি৷ কালি ৰাতি দেৰিলৈকে ফে’চবুক চোৱাৰ পৰিণাম হয়তো৷ এতিয়া গৈ পাই অকল ভাতকেইটা বহাই দিম কুকাৰত৷ ময়ুৰীয়ে ৰান্ধি থৈ যোৱা ‘স্পেচিয়েল ডিছ্‌’ আছেই৷ তাৰে খাই-বৈ শুই দিম এঘণ্টামান৷ বঢ়িয়া। জিভাৰ আগলৈ বৈ আহিব খোজা লোভৰ পানীখিনি সেপ ঢুকি গিলি থ’লোঁ৷ খোজবোৰ আপোনা-আপুনি খৰ হৈ আহিল মোৰ৷

ৰুমৰ তলা খুলি চিধাই ভাতকেইটা বহাই দিলোঁ কুকাৰত৷ তাৰপিছতহে কাপোৰ সলালোঁ৷ ভালকৈ একো খাই নগ’লোঁ ৰাতিপুৱা, সেয়ে এতিয়া পেটৰ কেঁচু-কুমটিয়ে তাণ্ডৱ নৃত্য কৰিছে ভিতৰত৷ কুকাৰৰ দুটা হুইচেল মৰাত গেছটো অফ্‌ কৰি মুখ-হাত ধুই আহিয়েই ভাতকেইটা কাঁহীত বাঢ়ি লৈ ময়ুৰীৰ ৰুমৰ পৰা আনি থোৱা প্লাষ্টিকৰ বাতিটোৰ ঢাকোন আঁতৰালো৷

ই কি, অকল চাটনি! তাই তাৰমানে অকল চাটনিহে বনালে আজি৷ চেহ্‌, চাটনিৰ বাতিটো আৰু ধোঁৱাবলি থকা ভাতৰ কাঁহীখন লৈ থম্‌থমকৈ বহি থাকিলোঁ অলপ পৰ৷ কি কৰা যায় এতিয়া? ভোকটো লাগিছেই, এতিয়া আকৌ কিবা বনাবলৈও এলাহ লাগিছে৷ ময়ুৰীও ৰুমত নাই৷ নহ’লে তাইৰ পৰাই আৰু কিবা এবিধ খুজি ল’ব পাৰিলোঁহেঁতেন৷ থাক্‌ যা, এনেকৈয়ে খাই দিওঁ এইসাজ৷ ময়ুৰীয়ে বনাইছে যেতিয়া স্পেচিয়েল চাটনিয়েই হ’ব৷ এনেয়েও তাইৰ হাতত যাদু আছে৷ তাতে আকৌ ভোকৰ ভাত আৰু মৰমৰ মাতৰ বাচবিচাৰ কৰিব নাপায় হেনো৷

পিয়াঁজ এটা আৰু কেঁচা জলকীয়াৰে নিমখ এজেবা লৈ কাঁহীখনৰ এটা চাইদ ডেক’ৰেচন কৰি ল’লো৷ চাটনিৰ বাতিটোৰ পৰা এচামুচ চাটনি সানি লৈ জলকীয়াটো ভাঙি মিহলাই ভাত এগৰাহ ভৰালোঁ মুখত৷

আহ্‌হ্‌হ্‌হ্‌হ্‌হ্‌হা,

অচিন এক সোৱাদে জিভাৰ আগৰ পৰা ডিঙিৰ গুৰিলৈকে কঁপাই তুলিলে মোৰ৷ কিহৰ চাটনি এয়া? ধৰিব নোৱাৰিলোঁ৷ অলপ সেৰেকা লাগিছে যদিও সোৱাদটো বেয়াও লগা নাই৷ নিমখ সানি লোৱা পিয়াঁজৰ টুকুৰাত কামোৰ মাৰি মাৰি চাটনি আৰু কেঁচা জলকীয়াৰ সংমিশ্ৰিত সোৱাদেৰে ভাতৰ কাঁহী চাফা কৰি পেলালোঁ৷ সঁচাকৈয়ে ভোকৰ ভাতৰ সোৱাদেই সুকীয়া৷ দীঘলকৈ উগাৰ এটা মাৰি কাঁহী-বাতিকেইটা ধুই বাহিৰৰ বাচন শুকুওৱা চাঙখনতে থৈ কম্বল টানি বিছনাত দীঘল দি পৰি দিলোঁ৷ পিছফালৰ খোলা দুৱাৰেদি ৰিব্‌ ৰিবকৈ বলি থকা ফাগুনৰ পছোৱা বতাহজাক সোমাই ভাতঘুমটিৰ পৰা তুলি নি সপোনৰ সাগৰত উটুৱাই দিলেগৈ মোক৷

০০০০০

সাগৰৰ পাৰত ঠিয় হৈ আছোঁ মই৷ চাৰিওফালে মিঠাই, মিঠাই আৰু মিঠাই। বালিৰ ঠাইত মিঠাই, সৰু-ডাঙৰ শিলবোৰৰ জেগাত মিঠাই, সাগৰৰ লুণীয়া পানীবোৰৰ সলনি পণীয়া গুঁৰৰ দৰে মিঠাই, আহ্‌, কি মজা। পিছে ক’ৰপৰা খাবলৈ আৰম্ভ কৰোঁ? পণীয়া মিঠাই অলপ হাতৰ তলুৱাখনত লৈ চেলেকিব খোজোতেই কোনোবাই কাণৰ কাষতে ড্ৰাম এটাহে বজাই দিলে যেনিবা।

চক্‌মক্‌কৈ সাৰ পালোঁ৷ দুৱাৰখনত কাৰোবাৰ কৰাঘাতৰ অনৰ্গল ধম্‌ধমনি৷  অন্ধকাৰ গোটেইখন৷ কিমান সময় শুলোঁ জানো? পুৱা হৈছে নে গধূলি তাকো গমেই ধৰিব নোৱাৰিছোঁ৷ চকু মেলেই নাখাইছে৷ তেনেকৈয়ে চকু মোহাৰি মোহাৰি গৈ দুৱাৰখনৰ হুকটো কোনোমতে খুলি দিলোঁগৈ৷

“শুই আছিলি হ’বলা তই, ইমানদেৰিৰ পৰা মাতি আছোঁ”। ময়ুৰী সোমাই আহি লাইটটো জ্বলাই দিলে৷ চকু চাট মাৰি ধৰা পোহৰত কোনোমতে চকুদুটা জোৰকৈ মেলি তাইলৈ চালোঁ৷ তাইৰ দুহাতে দুটা টোপোলা৷ কপাল বিয়পাই ৰঙা-হালধীয়া ফোঁটৰ সংমিশ্ৰণ৷ কোনোবা মন্দিৰলৈ গৈছিল হয়তো৷

“হোঁ ল, এয়া মিঠাই আৰু এয়া প্ৰসাদ৷” মোৰ টেবুলতে থৈ টোপোলা দুটা খুলিলে তাই৷ মই হামিয়াই হিকটিয়াই আকৌ বিছনাত আৰামেৰে আউজি বহি মিঠাইৰ টোপোলাটোলৈ চালোঁ৷ কোনে কয় শেষৰাতিৰ সপোনহে ফলিয়াই বুলি। মোৰ দেখোন এই ফুটগধূলিৰ সপোনো ফলিওৱাৰ পথত।

“কোন মন্দিৰলৈ গৈছিলি?” মিঠাইৰ পেকেটৰ পৰা চকু আঁতৰাই তাইৰ পোহৰময় হৈ থকা দুচকুলৈ চালোঁ৷
“শিৱধামলৈ৷” তাইৰ উত্তৰে মোৰ চকু কপালত তুলিলে এইবাৰ৷

“শিৱধামলৈ?” মাতটো হয়তো প্ৰয়োজনতকৈ বেছিয়েই ডাঙৰকৈ ওলাল মোৰ৷ ইমান দূৰৰ মন্দিৰলৈ গ’ল, তাকো অকলে?

“উম, অকলে নাই যোৱা নহয়, সৌৰভ আহিছিল৷” মোৰ মনৰ কথাহে যেন বুজি পালে তাই৷ উত্তৰটো দি লাজ লাজকৈ হাঁহিলে৷ সৌৰভ তাইৰ প্ৰেমিক৷ দুয়োখন ঘৰে একপ্ৰকাৰ স্বীকৃতিও দি থৈছে তাহাঁতৰ প্ৰেমক৷ এইটো বছৰৰ শেষৰফালে বিয়াখন ফাইনেল হোৱাৰ কথা৷

“অও, সেয়েহে আজি পুৱাই পুৱাই তোৰ অত আয়োজন।” নাটকীয়তাৰে কথাষাৰ কৈ তাই আগবঢ়াই দিয়া মিঠাইটো হাতপাতি ল’লোঁ৷

ময়ুৰীৰ গালদুখন লাজত ৰঙা পৰি উঠিল৷

“তোৰ দৰে এলেহুৱা নেকি মই? হুহ।” লাজটো ঢাকিবলৈ মুখখন বেঁকা কৰি দেখুৱালে৷

“তই পিছে লগালিনে?” আকৌ সুধিলে তাই৷

“কি?” মিঠাইটোত একামোৰ মাৰি সুধিলোঁ৷

“কেলেই? হেয়াৰ পেক আকৌ।”

“কি হেয়াৰ পেক? ক’ত পাম আক’ মই?” মিঠাইটো চোবাই চোবাই বেপেৰুৱাভাবে ক’লোঁ৷ ময়ুৰীয়ে জানে এইবোৰ লগাই বৰ আমনি পাওঁ মই৷

“ৰাতিপুৱা নিজেই কোৱা নাছিলি জানো মোলৈও থ’বি বুলি৷ এলোভেৰা আৰু জবাফুলৰ পাত পিহি প্লাষ্টিকৰ বাতিটোতে থৈ গৈছিলোঁঁতো। তোক দেখোন কৈছিলোঁৱেই৷” চকুপকাই কোৱা ময়ুৰীৰ কথাকেইষাৰত চকুৰে সৰিয়হফুল দেখিলোঁ যেন মই৷ মহা আৰামেৰে চোবাই থকা মিঠাইৰ মুখত লৈ থকাখিনি উলিয়াই দিওঁ নে হাতত থকা অৱশিষ্টখিনি মুখত ভৰাওঁ, সেয়া ঠিক কৰোঁঁমানে পেটটো পাকমাৰি ধৰি নাড়ী-ভুৰু সোপাই ওলাই আহোঁ যেন কৰিলে৷

হে হৰি, তাৰমানে মই ‘স্পেচিয়েল’ চাটনি বুলি ভাতৰ লগত খোৱা সেইখিনি হেয়াৰ পেকহে আছিল। সপোনত দেখা মিঠাইৰ পণীয়া সাগৰখনে যেন মুহূৰ্তৰ ভিতৰতে মোৰ পেটৰ ভিতৰত চুনামিৰ সৃষ্টি কৰিলে আৰু সেই চুনামিৰ ঢৌবোৰে মোক আপোনা-আপুনি টিউবৱেলৰ পাৰলৈ চোঁচৰাই লৈ গ’ল৷

☆ ★ ☆ ★ ☆

15 Comments

  • Ronjon Baruoh

    সুন্দৰ লেখনিৰে আলোচনী উজলাই তোলাৰ বাবে ফটাঢোল ই-আলোচনীৰ হৈ আন্তৰিক কৃতজ্ঞতা প্রকাশ কৰিলো

    Reply
  • জাহ্নৱী

    হাঃ হাঃ হাঃ

    Reply
  • Anonymous

    ইচ বা।😆😆😆

    Reply
  • ৰাজশ্ৰী শৰ্মা

    হৰি হৰি🤣

    Reply
  • ফটিক বৰা।

    মন ভৰি গৈছে।

    Reply
  • Anonymous

    ৰাম ৰাম 😄😄

    Reply
  • HEMANTA KAKATI

    তামাম ৰূপাঞ্জলী! তামাম হাঁহিলোঁ৷ লিখাৰ ষ্টাইলটো আৰু মজ্জা লাগিল৷ বঢ়িয়া৷ মেগাজিনলৈ ৰেগুলাৰ লেখা পোৱাৰ আশা কৰিলোঁ৷

    Reply
  • Mridula

    জমনি দেই

    Reply
    • Ranjan sharma

      হাঃ হাঃ ভাল লাগিল দেই বা !!

      Reply
  • প্ৰশান্ত মল্ল বুজৰ বৰুৱা

    মজা ৷ ভাল লাগিল ৷

    Reply
  • kalyan dihingia

    হাঃ হাঃ হাঃ…….

    Reply
  • Jyoti Gogoi

    মজ্জা লাগিল বা। আৰু লিখনিৰ পোৱাৰ আশাৰে অভিনন্দন জাছিলোঁ‌।

    Reply
  • মানস

    হা হা…… বহুত হাঁহিলো, ভাল লাগিল💐

    Reply
  • Anonymous

    বহুত ভাল লাগিল পঢ়ি ৰূপাঞ্জলি । তোমাৰ লেখাৰ সোৱাদেই বেলেগ ।

    Reply
  • শিখা দত্ত

    গমেই পোৱা নাছিলোঁ ৷ভাল লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published.