ফটাঢোল

স্বামী : নীলাক্ষী কাকতি

মই এগৰাকী স্বামী৷ পতি, গিৰী ইত্যাদি বিভিন্ন সমাৰ্থক শব্দ আছে মোৰ৷ মোৰ নাম? মোৰ উপাধি? কপালত বলীৰেখা পৰা, কোটোৰলৈ যোৱা চকু, উদাসীন দৃষ্টি, দুই তিনিবছৰ পুৰণি চাৰ্ট, ভৰিত মুচিৰ হাতৰ পৰশ পোৱা চিলাই মৰা চামৰাৰ চেণ্ডেল, হাতত বজাৰৰ বেগ থকা যিকোনো বিবাহিত পুৰুষকেই মই প্ৰতিনিধিত্ব কৰোঁ৷ আপোনালোকে মোক দাস, কাকতি, শইকীয়া, দত্ত, কলিতা, মহন্ত যিকোনো উপাধিৰেই সম্বোধন কৰিব পাৰে৷ বয়সৰ ফালৰ পৰা মই পঞ্চাশ গৰকা নাই যদিও সংসাৰৰ জ্বালাই মোক এ.কে.হেংগলৰ দিনৰে চেম্পল যেন কৰি তুলিছে৷

প্ৰায়ে বাতৰি কাকত, নিউজ চেনেলত ‘নাৰী নিৰ্যাতন’ৰ ওপৰত বাতৰি পৰিবেশন কৰা হয়৷ দল-সংগঠন, মহিলা সমিতি সকলোৱে এই বিষয়ত সাময়িকভাবে জপিয়াই পৰে৷ নিৰ্যাতিতাই ন্যায় পাওক বা নাপাওক কিছুসংখ্যকে ইয়াৰ জ্বৰিয়তে যথেষ্ট প্ৰচাৰ পায়৷ পিচে কোনোবাই মোৰ দৰে ‘শোষিত’, ‘নিপিড়িত’ পুৰুষৰ কথা কেতিয়াবা ভাবেনে? মুখলজ্জাতেই হওক নাইবা হাঁহিয়তাৰ পাত্ৰ হোৱাৰ ভয়তেই হওক মুখ খুলি নক’লেও মোৰ দৰে অনেক বিবাহিত পুৰুষ পত্নীৰ দ্বাৰা শোষিত৷ বিদ্ৰোহৰ পোক এটাই মাজে মাজে কিলবিলালেও পত্নীৰ চকুৰ পাককেইটা দেখাৰ লগে লগে মোৰ জাগ্ৰত হ’ব খোজা জুইকুৰাত বৰফ শীতল পানী পৰি যায়৷

ৰাতিপুৱাই উঠি শ্ৰীমতীক ঘৰুৱা কাম কাজত সহায় কৰি ল’ৰা ছোৱালীহালক স্কুলত থৈ অফিচ গৈ পোৱালৈ চাৰে দহ বাজি যায়৷ ভাগ্যক্ৰমে চৰকাৰী চাকৰি এটা কৰি আছোঁ বুলিহে৷ আকৌ সন্ধিয়া বজাৰ-সমাৰ কৰি ঘৰ আহি পায় শুনিবলগীয়া হয় হাজাৰটা অভিযোগ৷ আজি বোলে ল’ৰা-ছোৱালীহালে কাজিয়া কৰিলে৷ কালি বোলে শ্ৰীমতীৰ মাক বাথৰুমত পিচল খাই পৰিল৷ ঘৰলৈ যাবলৈ নোপোৱাৰ দুখত মুখ হয়গৈ এখন ফুলা লুচি৷ মুখখন আকৌ আগৰদৰে কৰাৰ চাহিদাত ৰাতি ভাত পানী খাই বাচন ধোৱা পালটোও মোৰ পৰে৷ ভুলতে যদি কেতিয়াবা তেওঁৰ খং উঠি থকা অৱস্থাত মই তেওঁতকৈ আগতে বিচনাত উঠিলোঁ মই আৰু সুখনিদ্ৰা পাহৰি যোৱাই ভাল৷ “বান্দী কৰিবলৈহে মোক বিয়া পাতি আনিছিল”, “আগৰ জনমত তপস্যা কৰিছিলা চাগে, সেয়েহে এই জনমত মোক পালা”৷ “মই বুলিহে, অন্য তিৰোতা হোৱা হ’লে কেতিয়াবাই ঘৰ এৰি গুচি গ’ল হয়৷” ইত্যাদি ইত্যাদি৷ ময়ো ভাবোঁ- “হে প্ৰভু! তপস্যাৰ ফল এনেকুৱাও হয় নেকি?” কমতি দুখতনো মহাদেৱে ভাং খাই পৰি থাকেনে? বিষ্ণুৱেনো বাৰে বাৰে মানুহ অৱতাৰ ল’বলৈ পৃথিৱীলৈ আহেনে? আফটাৰ অল দুয়োতো পুৰুষেই৷ তেওঁলোকেও নিশ্চয় জ্বালা পাইছে৷ নকয় হে চাগে৷ ভগৱানৰে যদি এই অৱস্থা মোৰ দৰে সাধাৰণ নৰ মনুষ্যৰ কি সাহস মুখ তুলি কথা কোৱাৰ!

এইকেইদিন শ্ৰীমতীৰ নতুন চখ এটা আৰম্ভ হৈছে৷ তেওঁ বোলে সংগীত চৰ্চা কৰিব৷ স্কুলত থকা দিনত দুই এবাৰ বোলে কোৰাচ গাইছিল৷ ভনীয়েকৰ পুৰণা হাৰমনিয়াম এখন অনাই লৈছে৷ কালিৰ কথা৷ ৰাতিপুৱাই অদ্ভুত ধৰণৰ শব্দ এটা শুনি বিচনাৰ পৰা জাপ মাৰি উঠিলোঁ৷ ক’ৰবাত কিবা অঘটন হোৱা নাইতো? জাপমাৰি আহি দেখোঁ শ্ৰীমতীয়ে সা, ৰে, গা, মা গাবলৈ আৰম্ভ কৰিছে৷ খিৰিকীখন খুলিবলৈ লওঁতেই দেখিলোঁ কাউৰী এজনীয়ে মূৰটো লৰচৰ কৰি ৰূমটোৰ ফালে চাবলৈ ধৰিছে৷ বোধকৰো স্বগোত্ৰীয় কোনোবা আছে বুলি সন্ধান কৰিছে৷ সংগীতজগতৰ ভৱিষ্যতৰ কথা ভাবি বুকুখন হমহমাই গ’ল৷ মুখখন ধুই চাহ একাপ খাওঁ বুলি পাকঘৰলৈ আহিলোঁ৷ পাকঘৰৰ খিৰিকীখন খুলি কাকতিক দেখিলোঁ৷ হৰেণ কাকতি মোৰ প্ৰতিৱেশী তথা আমি দুয়ো একেটা অফিচতে কাম কৰোঁ৷ তেওঁলোকৰ ইয়ালৈ অহা দুবছৰমানহে হৈছে৷ আমাৰ কাষৰ মাটিকন কিনি তেওঁ ঘৰ বনাইছে৷ প্ৰথম আহোঁতে তেওঁ যেতিয়া ঘৰসৰা নাইবা ধোৱা কানিকাপোৰ মেলি থকা দেখো , চকুৱে চকুৱে পৰিলে তেওঁ কয়,

: মানে এওঁৰ ককাল আৰু হাতৰ বিষ যে৷ অলপ সহায় কৰি দিওঁ আৰু৷

: ভাল ভাল৷ নিজৰ মানুহজনীকহে সহায় কৰিছে৷

এতিয়া পিছে দুয়ো অভ্যস্থ৷ আমি দুয়ো এতিয়া চকুৱে চকুৱে কৰুণ হাঁহিৰে মূৰ দুপিয়াই অন্তৰৰ ভাষা ব্যক্ত কৰোঁ৷

: কাকতি ঘৰ সাৰিছে?

: হয় শইকীয়া৷ আপুনি?

: এয়া চাহ একাপ বনাম বুলি আহিছোঁ৷

: বাৰু লাগক৷

: হয় হয়৷ ভাল বাৰু৷

আজি দেওবাৰ৷ অন্তত আজি লাহে ধিৰেও কামবনবোৰ কৰিব পৰা যাব৷ ল’ৰা-ছোৱালীহাল শুইয়ে আছে৷ শুৱক৷ এইখিনি সময়ে সুখৰ সময় সিহঁতৰ জীৱনৰ৷ শ্ৰীমতী তেতিয়াও সংগীতচৰ্চাত একানপটীয়াকৈ লাগি আছে৷ মই চাহকাপ লৈ বাৰাণ্ডালৈ ওলাই আহিলোঁ৷ বাৰাণ্ডাৰ চকীখনত বহিবলৈ লওঁতেই ফোনটো বাজি উঠিল৷

ক্ৰিং ক্ৰিং….

: হেল্লো ছাৰ৷

: অ শইকীয়া গুডমৰ্ণিং৷

: গুডমৰ্ণিং ছাৰ৷ কওকচোন৷ ইমান ৰাতিপুৱাই ফোন কৰিলে যে? কিবা দৰকাৰী কথা আছিল নেকি?

: হেহ আপুনিও যে৷ এনেই আপোনাৰ খবৰ ল’বলৈ ফোন কৰিলোঁ৷ বাৰু শুনক৷ আজি সন্ধিয়া মোৰ ঘৰত ভাত খোৱাকৈ আহিব৷

: ছাৰ কিবা পাতিছে নেকি?

: নাই নাই৷ একো পতা নাই৷ এনেয়ে মাতিছোঁ৷ আহিব দেই৷ বাই৷

মিণ্টুমনি দত্ত৷ মোৰ অফিচৰ বচ৷ অফিচৰ তলৰ কৰ্মচাৰীসকলে তেওঁক ‘টাইগাৰ’ বুলি মাতে৷ পিচে উৰি উৰি অহা খবৰ বাতৰি অনুযায়ী সকলোকে ভয়ত কম্পমান কৰি ৰখা ‘টাইগাৰ’ ঘৰ গৈ পোৱাৰ পিছত বোলে বাঘৰ মাহীয়েক মেকুৰী হৈ যায়৷ কাৰণ বচপত্নীৰ ওচৰত তেওঁৰ নেচেল৷ কিন্তু মই এইটো ভাৱি পোৱা নাই বচে কি কাৰণত মোক ভাতৰ নিমন্ত্ৰণ দিছে! বাৰু দেখা যাওক৷

টিং টং….

: অ শইকীয়া আহক আহক৷ দৰজাখন খুলি বচে মাত লগালে৷

: ছাৰ ঘৰত কোনো নাই নেকি? নিমাওমাও লাগিছে যে? আৰে কাকতি দেখোন? আপুনিও আহিছে৷

সোমায়েই চোফা এখনত কাকতিক বহি থকা দেখিলোঁ৷

: হয় শইকীয়া মই কাকতিকো মাতিছোঁ৷

মনটোৱে বাৰে বাৰে গোন্ধাই আছে৷ ক’ৰবাত নিশ্চয় কিবা এটা ঘটিছে৷ কাকতি আৰু মোক দুয়োকে একেলগে বচে কিয় মাতিছে? কিবা ঝেং লগালোঁ নেকি? হে প্ৰভু! সেইদিনা যে মানুহজনৰ ফাইলটো মুভ কৰাৰ বাবদ দুহেজাৰ টকা লৈছিলোঁ৷ ক্ষমা কৰা প্ৰভু৷ পকেটত টকা নাছিল৷ ইফালে পত্নীৰ বান্ধৱীৰ ছোৱালীৰ জন্মদিন৷ ভাল গিফ্ট বোলে দিবই লাগিব৷ বচে গ’ম পোৱা নাইতো? কি হ’ব এতিয়া? নিৰ্ঘাত মোৰ নিলম্বন৷ নিগমে মৰিলোঁ আজি৷

: বাৰু কওকচোন৷ আপোনালোকৰ খা-খবৰ৷ কাম কাজ থিকে চলিছেনে?

: ভালেই আছোঁ ছাৰ৷ কাম কাজ ঠিকেই চলি আছে৷

মনতে ভাবিলোঁ আমাৰ খবৰ ল’বলৈতো নিশ্চয় বচে আমাক মতা নাই৷

: মানে আমাৰ এওঁ আজি ঘৰত নাই৷ দুদিনমানৰ বাবে মাকৰ ঘৰলৈ গৈছে৷ ভাবিলোঁ অকলে থকাতকৈ আপোনালোক দুজনকে মাতি অলপ স্ফুৰ্তি কৰোঁ৷ হেঃ হেঃ!

বচে কোৰহেন দাঁতকেইটা উলিয়াই হাঁহি হাঁহি ক’লে৷

উফ্‌! ৰক্ষা প্ৰভু৷ ওলাই যাব ধৰা জিউটো কিবাকে নিজৰ জাগালৈ যেন ঘূৰি আহিল৷

: ছাৰ ডাইনিংতে থওঁনে?

ভিতৰৰ পৰা এখন ট্ৰেত এটা বিলাতী সুৰাৰ বটল আৰু তিনিটা গিলাচ, কিছু পৰিমাণে চানা, পকোৰা আৰু কাজু লৈ অফিচৰ পিয়ন জিতেনে শুধিলে৷ কাকতি আৰু মই ইজনে সিজনৰ ফালে চালোঁ৷

: উম৷ ডাইনিংতে ৰাখ৷ তোৰ কাৰণেও এটা গিলাচ লৈ আহ যা৷ এইখন মোৰ ঘৰহে অফিচ নহয়৷ তয়ো অলপ স্ফুৰ্তি কৰ৷

: নালাগে নেকি ছাৰ৷ জিতেনে মূৰ খজুৱাই খজুৱাই সেমেনাসেমেনিকৈ ক’লে৷

: হ’ব হ’ব৷ লাজ কৰিব নালাগে৷ লাজ লাগে যদি গিলাচ এটা আনি অলপ বাকি লৈ ভিতৰতে খাগৈ যা৷

বাঃ! ইমান মৰম৷ টাইগাৰৰ নতুন ৰূপ দেখি মই নিজকে চিকুটি চালোঁ৷ নাই সপোন দেখা নাই৷ বচে বটলটো খুলি ল’লে৷ গিলাচ তিনিটাত বৰফ ঢালি দি এপেগকৈ বনাই আমালৈ আগবঢ়াই দিলে৷ কিছু পৰিমাণে ইতস্ততঃ কৰি আমিও খাবলৈ আৰম্ভ কৰিলোঁ৷ খোৱাৰ লগে লগে আমাৰ কথা আৰম্ভ হ’ল৷ গ্লবেল ৱাৰৰ্মিংৰ পৰা আৰম্ভ কৰি এন.আৰ.চি. আমি একোৱেই বাদ দিয়া নাই৷ পিচে দুপেগমান শেষ হোৱাৰ পিছতহে আমাৰ কথাৰ ধৰণ সলনি হ’বলৈ ধৰিলে৷ তিনিওৰে বুকুৰ ভিতৰত চলি থকা ছুনামিজাক লাহে লাহে ওলাবলৈ ধৰিলে৷

: হে প্ৰভু! আমাৰ এওঁ যেন এনেকৈ প্ৰায়ে মাকৰ ঘৰলৈ যায়৷ ইমান সুখ মোৰ আজি সহ্য হোৱা নাই৷

বচৰ অলপ নিচা লাগিবলৈ আৰম্ভ কৰিছে৷

: হয় ছাৰ বিয়া কৰোৱা মানে জহন্নামে যোৱা৷ মই বৰবাদ হৈ গলোঁ৷ ছাৰ মই উঠোঁ৷

কাকতিয়ে কনষ্টিপেছনত ভোগা বেমাৰীৰ দৰে থেৰোগেৰোকৈ ক’লে৷

: হেই কাকতি৷ বহক বহক৷ এতিয়াই ক’ত যায়? সুখ লওক সুখ৷ এনে সুযোগ ক’মহে আমাৰ দৰে বিৱাহিতসকলৰ৷ আৰম্ভ কৰিছোঁহে৷

: ছাৰ দেৰি হৈছে৷ ময়ো উঠোঁ৷

ইয়াততো ভাত খোৱা নহ’ব যেন ভাৱটো মনলৈ অহাত মই কলোঁ৷ ইফালে ঘৰত ছাৰৰ তাত ভাত খাম বুলি কৈ আহিছিলোঁ৷ ভাত নোখোৱা বুলি গম পালে শ্ৰীমতীয়ে কথা শুনাবলৈ কিছুদিনৰ বাবে নতুন অস্ত্ৰ এবিধ পাব৷ তাতকৈ হোটেলতে খাই যাব লাগিব৷

: বহক বহক শইকীয়া৷ শুনিছোঁ আপোনাৰ মানুহজনী বৰ সাদৰী৷ আপুনি আকৌ কিয় চিন্তা কৰিছে?

: হয়–হ–হয় ছাৰ৷ সাদৰীয়েই পিছে আনৰ বাবেহে৷ মোৰ ক্ষেত্ৰত তেওঁ অলপ বেলেগ৷

: বহক বহক৷ জিতেনে ভাত ৰান্ধিছে৷

বচে আৰু এটা পেগ বনাবলৈ আৰম্ভ কৰিছে৷ মাজতে জিতেনে আহি অলপ বাকি লৈ গ’ল৷

: বুজিছে বৰবাদ হৈ গৈছোঁ৷ মইহেন মানুহটোক শ্ৰীমতীয়ে হিলাই দিছে৷ এই বোলে বিউটি পাৰ্লাৰত নিয়া৷ তাত গাড়ীত বহি ঘণ্টাৰ পিছত ঘণ্টা বোন্দাপৰ দি থকা৷ অদৰকাৰী বস্তুবোৰ বজাৰ কৰি ফুৰিব আৰু মোক গাধৰ দৰে দঙাই ফুৰিব৷ কিবা এটা ক’লেও ওফোন্দ পাতিব৷ মাতবোল বন্ধ কৰিব৷ কিয় বেয়া পালে বহু সময়ত বুজিয়ে নাপাওঁ৷ দোষ নাথাকিলেও শেষত ময়ে দোষী বুলি মানি ল’ব লগা হয়৷ কথাই প্ৰতি ক’ব “তুমি মোক বুজিয়ে নাপালা৷” হাৰে ইমানখিনি সহ্য কৰাৰ পিছত আৰু কি বুজিবলৈ বাকী আছে? ইফালে অনবৰতে খোচা-বিন্ধা কথাবোৰতো আছেই৷ “বৰুৱানীহঁতে নতুন মডেলৰ গাড়ী ল’লে, আমাৰ আকৌ মান্ধাতা যুগৰখনতেই উঠাৰ কপাল৷ মা দেউতাই কাৰ লগত যে সংগ কৰি দিলে৷” মনতে ভাবোঁ এনে একেবাৰে হেমা মালিনীজনী৷ তাতকৈ কলেজত একেলগে পঢ়া দিপীকাই ভাল আছিল৷ অমুকৰ গিৰীয়েকে বোলে ডিজাইনাৰ শাৰী দি ততেই নাপায়৷ মনতে ভাবোঁ বোলে বেটাই ক’ম জ্বালাতনো শাৰীকেইখন দিছেনে! নোৱাৰি আৰু নোৱাৰি৷

বচৰ লাহে লাহে নিচাত জিভাখন দোৰোল খাই পৰিছে৷

: ছাৰ ভাত বাঢ়ি দিওঁনে৷ মোৰ দেৰি হৈছে৷ মানুহজনীয়ে মোলৈ ৰৈ থাকিব নহয় ভাত খাবলৈ৷

: তই বৰ ভাগ্যৱান জিতেন৷ তোক তোৰ মানুহজনীয়ে ইমান ভাল পায়৷ ভাত খাবলৈ ৰৈ থাকে?

তিনিও সমস্বৰে ক’লোঁ৷

: নহয় ছাৰ মই ঘৰলৈ গৈ ভাত ৰান্ধিব লাগিব৷ কালি তাই মোক পিটি ঘৰৰ পৰা ওলিয়াই দিছিল৷ খুলশালীজনীলৈ বুলি দুটা ব্লাউজ কিনিছিলোঁ৷ সেইকাৰণেই তাইৰ মোৰ ওপৰত খং৷
আপোনাৰ ঘৰত ভাত বনাব লাগিব বুলি কোৱাৰ কাৰণেহে মোক তাই আহিবলৈ দিছে৷

চকুপানী মচি মচি জিতেনে ক’লে৷

: নাই নাই বহুত হ’ল আৰু৷ সহ্যৰ সীমা পাৰ হৈ গৈছে আৰু আমি বিদ্ৰোহ কৰিব লাগিব৷ আমি সংগঠন খুলিম৷ “পত্নীৰদ্বাৰা শোষিত পতি সন্থা৷” জংগী আন্দোলন কৰিম আমি৷ প্ৰয়োজনত দিল্লী দিছপুৰ কপাই তুলিম৷

বচে হাত জোকাৰি জোকাৰি ক’বলৈ ধৰিলে৷

: হয় ছাৰ হয়৷ আমাৰ দৰে নিৰ্যাতিত পুৰুষসকলক আমি উলিয়াই আনিব লাগিব৷

মই কলোঁ৷

: এওঁলোকক এসেকা নিদিলে এওঁলোক চিধা নহ’ব৷

চকুৰে লাহে লাহে জলক তবক দেখিছোঁ৷ জিভাখন নুঘূৰা হৈছে৷

: পত্নীবিহিন এখন পৃথিৱী৷ কি শান্তি! ছাৰ আপুনি সভাপতি হ’ব৷ মই সম্পাদক৷ শইকীয়া প্ৰচাৰ সম্পাদক৷

কাকতিয়ে মুদ খাই আহিবলৈ ধৰা চকুহাল বৰকৈ মেলিবলৈ যত্ন কৰি ক’লে৷

: আৰু মই ছাৰ?

: জিতেন তই আমাৰ সংগঠনৰ সক্ৰিয় কৰ্মী হ’বি৷ মুঠতে আন্দোলন কৰি আমি দুনীয়া হিলাই দিম৷

বচৰ মুখত অবাইচ মাত৷

কেৰ–ৰ–ৰ….

: ছাৰ গেট খোলা শব্দ শুনিছোঁ৷

: জিতেন চাচোন কোন আহিছে?

: চাৰ বাইদেউ আহিছে দেখোন৷ গাড়ীখনৰ পৰা নামিছে৷ গেটখন খুলি আছে৷

জিতেনে দৰজাখন আধা মেলি ক’লে৷

: ক –ক–কি??

আমাৰ চাৰিওৰে আন্দোলনৰ চিন্তাটো মি: ইণ্ডিয়াৰ দৰে ক’ত নাইকিয়া হ’ল ততকে নাপালোঁ৷

: নুখুলিবি জীতেন নুখুলিবি৷ খবৰদাৰ পৃথিৱী দুফাল হৈ গ’লেও দৰজাখন নুখুলিবি৷

☆ ★ ☆ ★ ☆

9 Comments

Leave a Reply

Your email address will not be published.