ফটাঢোল

স্বামী বিভ্ৰাট- উৰ্বশী ভাগৱতী

“দা কুইন অৱ হিলছ্‌”

এই উপনামেই হয়তো যথেষ্ট ঠাইডোখৰৰ নামটো জানিবলৈ। সৰুতে ‘চাজন’ চিনেমাখন চাওঁতেই শপত খাইছিলোঁঁ, এদিন নহয় এদিন ঠাইডোখৰলৈ যামেই যাম। হয় বহুদিনীয়া অপেক্ষাৰ অন্তত আৰু মানুহজনক দিয়া ৰাম কামোৰৰ ফলাফল হিচাপে ২০১৮ চনৰ শেষৰ ফাললৈ তামিলনাডুৰ বিখ্যাত পাহাৰীয়া চহৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ ভড়াল উটিলৈ বুলি ওলালোঁ। লগতে বাংগালোৰ আৰু মহীশুৰো ফুৰিম। মানুহজনে যাম বুলি খাটাং কৰি দিয়াৰ পিছৰে পৰা গাত তত নোহোৱা হ’ল। প্ৰায় তিনিমাহ আগৰ পৰাই আৰম্ভ কৰি দিলোঁ তৈয়াৰী। যিহেতু ছোৱালী আমাৰ অকণমান ডাঙৰ হৈছে। গতিকে তায়ো মোক যথেষ্টখিনি সহায় কৰি দিব পৰা হ’ল। কাপোৰ পচন্দ কৰা আৰু কিনাত দেই৷ জীয়ৰীৰ সৈতে মানুহজনৰ মূৰত কেঁচা কঁঠাল ভাঙি চহাম চপিত ভালদৰে চপিং কৰি ল’লোঁ। এহ অকণমান শকত যেন দেখিলোঁ নিজকে। বচ, আৰম্ভ কৰি দিলোঁ যোগা। আফটাৰ অল উটি যাম পাই। ফটোত শকত লাগিলে আকৌ ফেচবুকত কেনেকৈ দিম। শাহু আয়ে কান্দ কাৰখানা চাই চাই এদিন কৈয়েই দিলে,

: আৰুনো কিমান খিনাব লাগে অ?

বাৰু যি নহওক এটা সময়ত সেই পৰম আকাংক্ষিত দিনটো আহি পালেহি। ঘৰৰ পৰা শতাব্দী এক্সপ্ৰেছত উঠি গুৱাহাটী পালোঁগৈ। ৰাতিটো ননন্দজনীৰ ঘৰত কটাই পিছদিনা ১০.৩০ ফ্লাইটখনত উঠিবলৈ গৈ দুপৰীয়া ২.৩০ বজাতহে উঠিবলৈ পালোঁ দেই। পাখি মেলি উৰি গৈ আবেলি পাঁচটা মানত পালোঁগৈ বাংগালোৰ। পৰিপাটি এয়াৰপৰ্টটো দেখি মনটো ভাল লাগি গ’ল। ইফালে ভোকত প্ৰাণ যাওঁ অৱস্থা। ফ্লাইটত দিয়া টমেট চিকেন ৰাইচ আৰু চিকেন নাগেটছ এণ্ড ফ্ৰেঞ্চ ফ্ৰাইৰে পেটৰ চুক এটাহে ভৰিছিল যেনে তেনে।ল’ৰা ছোৱালী হালে খাম বুলিলে নিজে নাখায়ো দিয়াটো মাকবিলাকৰ ধৰ্মই নহয় জানো। বাৰু আগতেই ঠিক কৰি থোৱা গাড়ীত বহি বুক কৰি থোৱা হোটেল পালোঁহি। পৰিষ্কাৰ-পৰিচ্ছন্ন ধুনীয়া হোটেলখন পায়েই চিধাই গাটো ধুই বিছনাত বাগৰিলোঁ। ৰাতি ভাতৰ পাতত নিৰামিষ। অৱশ্যে দক্ষিণ ভাৰতৰ ঠাইবিলাকত সাধাৰণতে নিৰামিষ আহাৰক প্ৰাধান্য দিয়া হয়। লাগিল লেঠা তাতেই। পোৱালি ছোৱালী কোনেও নাখায়। শেষত যেনিবা পনীৰৰ বাউলটো দেখি খালেগৈ। পিছদিনাই যিহেতু আমি উটিলৈ যাম গতিকে শুই পৰিলোঁ সোনকালেই। কাউৰি পুৱাতে উঠি গা ধুই ব্ৰেকফাষ্ট খাই ল’লোঁ গোটেইকেইটাই। হোটেলৰ বাহিৰলৈ আহি দেখোঁ আমাৰ ড্ৰাইভাৰ কেতিয়াবাই আহি ৰৈ আছেহি গাড়ী সাজু কৰি। আৰম্ভ হ’ল আমাৰ উটি যাত্ৰা। আস! কি সুন্দৰ যাত্ৰা আছিল সেয়া।ক’ৰবাত যদি শাৰী শাৰী নাৰিকলৰ গছ, ক’ৰবাত আকৌ তেতেলী গছৰ মন জুৰোৱা সৌন্দৰ্য্য। মহীশুৰত আমি দুপৰীয়াৰ আহাৰ খাবলৈ ৰ’লোঁ। ভাত সাজ চিকেন আৰু ইলিছ মাছেৰে খাইহে পেটটোৱে শান্তি পোৱা যেন লাগিল। আমাৰে যদি এয়া অৱস্থা ইহঁত দুটাৰ কি হৈছিল বাৰু ভাবি চাওকচোন।

লাহে লাহে পাহাৰীয়া ৰাষ্টাৰ উঠিলোঁগৈ। কি যে সুন্দৰ! বান্দীপুৰ, মদুমালাই অভয়াৰণ্যৰ ময়ূৰকেইটা, ফুটুকী হৰিণীকেইজনীয়ে যেন আমাক স্বাগতম জনাবলৈ ৰৈ আছিল। কোনোবাটো বিশেষ পাহাৰত ফুলি উঠা বেঙুনীয়া ৰঙৰ নীলকুৰুঞ্জী ফুলসোপাই যেন শোভা বৰ্ধন কৰিছে প্ৰকৃতিৰ। এই নীলকুৰুঞ্জী ফুল আকৌ ১১ বছৰৰ মূৰে মূৰেহে ফুলে। আমাৰ সৌভাগ্য আছিল। মিঠা গোমধানৰ সোৱাদ লৈ লৈ উটি পালোঁগৈ। হয় দেই পাহাৰৰ ৰাণী বুলি এনেয়ে নকয় উটিক। ভাবিলোঁ মনতে, প্ৰকৃতিয়ে যেন অকৃপণ হাত উজাৰি ৰূপ ঢালিছে ঠাইডোখৰত। উটিত আমাৰ কাৰণে ডেক্কান পাৰ্ক নামৰ ৰিজৰ্ট এটাত ৰুম বুক কৰা হৈছিল। টিলাৰ ওপৰত অৱস্থিত অনন্য সুন্দৰ ৰিজৰ্টটো। গাড়ীৰ পৰা নামোতেই উটিৰ শীতল বতাহ এচাটিয়ে আদৰণি জনালে। হাড়লৈকে কপি যোৱা ঠাণ্ডা। ৰিজৰ্টটোত আকৌ ৰূম মানে কটেজ সকলোবোৰ। দেখিলোঁ কটেজবিলাক দেখিবলৈ ইমানেই একেই যে কটেজ নাম্বাৰটো নাচালে নিজৰটো উলিয়াবলৈকে টান হ’ব। একো নাই চলি যাব টাইপ ভাবি ভাবি আমাৰ কাৰণে নিৰ্দিষ্ট কৰি থোৱা কটেজটোত সোমালোঁ। ফ্ৰেছ হৈ ওলাই গ’লোঁ বিখ্যাত ডডাবেদা হিলছৰ সূৰ্য্যাস্ত উপভোগ কৰিবলৈ৷

এতিয়াহে আচল কথালৈ আহিছোঁ দেই। পিছদিনা ৰাতিপুৱাৰ কথা৷ উটিত য’তেই নাথাকোঁ ততেই মৰ্ণিং ৱাক কৰিম বুলি থিৰাং কৰিছিলোঁ ঘৰতে। গতিকে চাল দিবলৈ ট্ৰেক ছ্যুট, জোটা আদি লগতে লৈ গৈছিলোঁ।আহি পালেহি সেই ক্ষণ। লৰালৰিকৈ ওলালোঁ ট্ৰেক ছ্যুট জোটা পিন্ধি। বিৰাট ঠাণ্ডা যদিও টুপী হ’লে নাই পিন্ধা দেই। মানুহজনে মিচিকমাচাক হাঁহিছে মোলৈ চাই। হাঁহিবলৈ মন গৈছে হাঁহি থাকা৷ তোমাৰহে দাঁত ওলাব৷ হুহ্‌! বুলি সংসাৰখন তাতে এৰি কটেজৰ পৰা বাহিৰ ওলালোঁ মৰ্ণিং ৱাকলৈ বুলি। গহীনত খোজ কাঢ়িছোঁ। মোৰেই ভাগ্য নেকি। মনোমোহা ৰিজৰ্টটো ইমান ডাঙৰ এলেকা জুৰি আছিল যে মোৰ মৰ্ণিং ৱাক ভালদৰেই হ’ল। দুই এজনে ঘূৰি ঘূৰি চাইছিল খোজ কাঢ়ি থাকোঁতে। লক্ষ্য কৰি মনে মনে গৰ্বিত অনুভৱ কৰিছিলোঁ হ’লে৷ সঁচা কথাটো কৈ দিছোঁ আৰু। এটা সময়ত ভাগৰ লাগিল। বোলো ঘূৰি যাওঁ আৰু। নহ’লে অকনমানিটো সাৰ পাই মোক নেদেখিলে কন্দা কটাখন কৰিব পুৱাই। এইবুলি ৰিজৰ্টখনৰ ফুলি থকা ফুলবিলাক চাই চাই কটেজৰ কলিংবেলত হাত দিলোঁ। লাহেকৈ দুৱাৰখন খোল খোৱাৰ শব্দ শুনিছোঁ যদিও মোৰ দৃষ্টি নিৱদ্ধ কাষতে ফুলি থকা ভিন্ন ৰঙী গোলাপপাহত। “য়েছ???” গৰগৰিয়া মাত এটা শুনি উচাপ খাই উঠিলোঁ। কোনে কাক মাতিছে ইফালে সিফালে চাওঁতেই দেখিলোঁ আমাৰ কটেজৰ দুৱাৰ খুলি ৰৈ আছে টাও দিয়া একোছা ডাঠ মোছ থকা প্ৰকাণ্ড মেদেলা মানুহ এটা। থৰ হৈ ৰৈ গ’লোঁ, “হে ভগবান এয়া কি আকৌ। ক্লিন চেভড গালেৰে সৈতে মোছহীন মোৰ পতিদেৱতাৰ মুখত এইকোছা পৰ্বতীয়া বিছাহেন মোছ কেতিয়া গজিল? তেওঁৰ মেদহীন শৰীৰটোত এইডাল গেৰেলা পেট কেতিয়া ওলাল? উস! মই এঘণ্টাৰ কাৰণেই ওলাই যাওঁতে প্লাষ্টিক চাৰ্জাৰী কৰি পেলালে নেকি বাৰু? ইমান সোনকালে?” বিভিন্ন চিন্তাৰে মূৰটো পাকঘূৰণি খাবলৈ ধৰিলে। ইপিনে যিমানসোপা চকুপানীয়ে ভিৰ কৰিছিলহি চকুত৷ নিশ্চিতকৈ উটিত বানপানী হ’ল হয়। কাৰণটো বুজিছেই নহয় প্লাষ্টিক চাৰ্জাৰী কৰালা কৰালা বাৰু চেহেৰা এইটোহে পালানে? ভাবি চকুপানীকন টুকিবলৈ লৈছোঁ আৰু। ইপিনে মেডেলাৰ তীক্ষ্ণ দৃষ্টি মোৰ ওপৰত। হঠাৎ চকুত পৰি গ’ল কটেজ নাম্বাৰ। ধেৎতেৰি আমাৰ চাৰি নং কটেজটোৰ ঠাইত মইনো দুই নং টোত সোমাব লাগেনে। অশেষ ধন্যবাদ প্ৰভু তোমাক মোৰ মানুহটোৰ তাৰমানে মোছো গজা নাই আৰু পেটুৱাও হোৱা নাই পাই। বেঙীৰ নিচিনাকৈ হাঁহি এটা মাৰি কিবাকিবি এসোপা গোকাট মিছা বাহানা দেখুৱাই লৰালৰিকৈ উভতি আহিলোঁ মোৰ সংসাৰখনৰ ওচৰলৈ৷ গোটেইকেইটাক একেলগে দেখিহে শান্তি। কাণত ধৰিলোঁ থকা কেইদিন উটিত কেতিয়াও মৰ্ণিং ৱাক নকৰোঁ বুলি৷

 ☆ ★ ☆ ★ ☆

2 Comments

  • দীক্ষিতা

    মিছা বাহানা কি কি বনালে সেইখিনি হে জানিবলৈ থাকি গ’ল দেই।

    Reply
    • Anonymous

      হাহাহা…জনাম কেতিয়াবা বাৰু 😁

      Reply

Leave a Reply

Your email address will not be published.