ফটাঢোল

স্বীকাৰোক্তি – লখিমী কোঁৱৰ হাজৰিকা

বিহুত এপাক নাচো বা নানাচো মই কিন্তু হাড়ে হিমজুৱে অসমীয়া৷ এই ভয়ানক অসমীয়া “ফিলিংচ”টোৰ বাবেই মই এটা বৰ বেয়া কাম কৰি থৈছোঁ নতুন কইনা হৈ থাকোতেই৷ দিল্লীত থাকোতে মোৰ প্ৰতিবেশীসকল সৰ্ব ভাৰতীয় আছিল৷ বাকী সকলো প্ৰতিবেশী বৰ ভাল আছিল, কিন্তু তাৰে মাজৰ এঘৰ বৰ অভদ্ৰ আছিল৷ তেওঁলোকে অনবৰতে অসমৰ কথা বেয়াকৈ কৈ থাকে৷ অসম জংঘল, তাৰ মানুহবোৰ বেয়া ইত্যাদি ইত্যাদি৷ মোৰ সহ্য নহয়৷ হিন্দী গালি এসোপা মোৰ ডিঙিত খুন্দিয়া খুন্দি কৰি থাকেহি কিন্তু মৰিবলৈকো মুখেৰে ওলাই নাহে৷ সিহঁতক দেখিলেই খঙত “তোক দেখি মোৰ গা পিৰ পিৰ পাৰ পাৰ কৰে জান ঐ” হয়৷ এবাৰ তেওঁলোক দুমাহৰ বাবে নিজ ৰাজ্যলৈ গ’ল। মই বৰ শান্তি পালো৷

এদিন মই ঘৰ চাফা কৰি থাকোতে পুৰণা জোতাৰ বাকচ এটাত সৰু সৰু ৰঙা ৰঙা নিগনি পোৱালিকেইটামান পালো৷ বাহিৰত পেলাই দিলে মেকুৰীয়ে খাব, সেয়ে মই বাকচটো চেপেটা কৰি সেই মানুহ ঘৰৰ দুৱাৰৰ তলেদি ভিতৰলৈ থেলা মাৰি থৈ আহিলো আৰু সিহঁতক আশীৰ্বাদ দি আহিলো বাচাঁহত কুশলে থাক৷ দুমাহৰ পাছত তেওঁলোক আহিল। তলা খুলিয়েই গৃহস্থনীগৰাকীৰ চিঞৰ বাখৰ আৰম্ভ হ’ল৷ আমাক সবকে মাতি নি নিগনিয়ে কুটা তেওঁলোকৰ কাপোৰবোৰ দেখুৱালে৷ মইয়ো দুখী হৈ ক’লো, “বহুত বুৰা হুৱা ভাবীজী৷”

এতিযা আকৌ মই মনতে ভবো মই নিগনিকেইটা তাত নোথোৱা হ’লেও আৰু মোৰ ঘৰতে সিঁহত ডাঙৰ হোৱা হ’লেও ওচৰ চুবুৰীয়াৰ ঘৰলৈ সিঁহত বিহু খাবলৈ নিশ্চয় গ’লহেঁতেন চাগৈ।

☆★☆★☆

Leave a Reply

Your email address will not be published.