ফটাঢোল

স্বৰ্গাদপি গৰীয়সী (মূল : বিনায়ক বন্দ্যোপাধ্যায়) অনুবাদ – বৰ্ণালী ফুকন

প্ৰবাদপ্ৰতিম লেখক হোৰ্খ লুইচ বোৰ্খেচে কেতিয়াবাই কৈ গৈছিল, “স্বৰ্গ হৈছে এক ধৰণৰ লাইব্ৰেৰী৷” শুনিও কথাটোত জীয়াই থাকোঁতে সিমান গুৰুত্ব দিয়া নহ’ল৷ কিন্তু মৰাৰ পিছত দেখিলোঁ ঠিকেইতো কথাটো মিছা নাছিল৷ যেতিয়া দেৱদূতৰ কান্ধত উঠি পদাৰ্পণ কৰিছিলোঁ, বিশ্বাসেই হোৱা নাছিল যে মই স্বৰ্গত আছোঁহি৷ মনৰ ভিতৰত এটা ডাঙৰ প্ৰশ্ন আছিল যে মোৰ দৰে পাপী মানুহ কেনেকৈ স্বৰ্গ পাবহি পাৰোঁ৷ দেৱদূতসকলৰ এজনে মোৰ মনৰ খুদুৱণি মাৰি জনালে, এই ব্যৱস্থাই চলি আহিছে৷ যুধিষ্ঠিৰৰ দৰে পুণ্য আত্মাই মৃত্যুৰ পিছত অলপ সময়ৰ বাবে নৰক ফুৰি পিছলৈ পাৰমেনেণ্টলি স্বৰ্গৰ বাসিন্দা হয়গৈ৷ পাপীৰ বাবে ওলোটা ব্যৱস্থা৷ প্ৰথমে পাপীসকলক স্বৰ্গৰ এই মূৰৰ পৰা সিটোমূৰলৈ ভালদৰে ফুৰাই আনে৷ তাৰ পিছত গটা মাৰি নৰকত পেলাই দিয়া হয়৷ সেই নৰকত গৰম তেলত ভজা পোৰাৰ কথাবোৰ একমাত্ৰ ৰটনাহে৷ স্বৰ্গতকৈ নৰকৰ প্ৰধান পাৰ্থক্যই হ’ল, স্বৰ্গত মাথো কিতাপ আৰু কিতাপ আৰু নৰকত এখন কিতাপ দেখিবলৈ নাই৷ লিখিত বা ছপা আখৰ ইয়াত নিষিদ্ধ৷ এজন সাহিত্যিকে মৰ্ত্যৰ অভ্যাস এৰিব নোৱাৰি মনে মনে এখন থ্ৰিলাৰ ৰচনা কৰি পেলাইছিল নৰকত বহি বহিয়ে৷ লিখি ৰাখোঁ বুলি কলম বিচিৰোঁতে যমদূতৰ নজৰত পৰে৷ তাৰ পিছতে তেওঁৰ মূৰটো খুলি চাবোন চৌদা দি অনুচ্ছেদবোৰ ধুইহে স্বস্তিৰে নিশ্বাস এৰে৷ নাচ আছে, গান আছে, খানা আছে, পিনা আছে৷ কিতাপৰ কি প্ৰয়োজন? কিতাপ পঢ়িবলৈ বিৰক্তিকৰ স্বৰ্গলৈ যোৱাই ভাল৷ স্বৰ্গত নন্দনকাননতো অপতৃণ৷ কিয় নহ’ব মালীবোৰেও বহি বহি কিতাপ পঢ়িছে৷

এইহেন স্বৰ্গত নানা দেশৰ, নানা সভ্যতাৰ নামত বেলেগ বেলেগ ডিপাৰ্টমেণ্টেল লাইব্ৰেৰী আছে৷ সকলোতে প্ৰায়বোৰ কিতাপ টান কভাৰেৰে বন্ধা৷ দুই চাৰিখন পেপাৰবেক নোহোৱা নহয়৷ কিন্তু সেয়া সংখ্যাত নগন্য৷ দেশত প্ৰকাশন ব্যৱসায়ৰ গনেশ পাল্টি মাৰোঁ মাৰোঁ অৱস্থা৷ কাৰণ কালি প্ৰকাশিত কিতাপৰ পি ডি এফ আজিয়েই কোনোবাই নহয় কোনোবাই ফেচবুকত আপলোড কৰি দিছে, এতিয়া শান্তিত বুকুত গাৰুলৈ নহ’লে ডিভানত আউজিলৈ কিতাপ পঢ়াৰ আদৰ্শ ঠাই হ’ল স্বৰ্গ৷

মোৰ যে কোনো কিতাপৰ প্ৰতি টান আছে তেনে নহয়৷ তাৰ বাদেও উৰ্বশী, মেনকা, ৰম্ভাৰ নাচ নৰকতহে চাব পাৰি৷ স্বৰ্গত মাথো ঘটনাবোৰৰ ওপৰত তাত্বিক আলোচনা চলে৷ এইকথা শুনাৰ পৰা “চল মিনি আচাম যাব”ৰ দৰে “নৰক যাব নৰক যাব” কৰি মনটোৱে খুচখুচাবলৈ ধৰিছে৷ কিন্তু তাহাঁতবোৰে যদি বুজি পাই স্বৰ্গতকৈ নৰকেই বেছি আকংক্ষিত ঠাই তেতিয়া যাৱজ্জীৱন স্বৰ্গতে ৰাখি থ’ব পাৰে৷ সেই ভয়ত মই গুড বা বেড দুইটাৰে পৰা দূৰত্ব বজাই ৰাখি নিৰবে উদ্দেশ্যহীন ভাবে ঘূৰি ফুৰিলোঁ৷

বাওঁহাতে মস্ত ডাঙৰ কেইটামান বিল্ডিং, সোঁহাতেও ঠিক একে৷ মানুহবোৰে অহৰহ এটা ঘৰৰ পৰা আনটো ঘৰলৈ কিতাপ কঢ়িয়াইছে৷ ঘৰবোৰৰ বেৰত হিব্ৰু তিব্ৰু জাতীয় ভাষাত কিবাকিবি লিখা আছে৷ ক’ত যে কি ধৰণৰ কিতাপ আছে সেয়া জনাৰো সাধ্যাতীত৷ এবাৰ শুনিলোঁ ইয়াত দুই শাপভ্ৰষ্ট কিন্নৰো আছে৷ যিজনে যিকোনো এটা ঘৰত প্ৰবেশ কৰি যিকোনো এখন কিতাপ স্মৰণ কৰিলেই, এই দুজনৰ এজনে আলাউদ্দিনৰ চাকীৰ দৈত্যৰ দৰে সন্মুখত আহি কিতাপখন ৰাখি থৈ যায় আৰু পঢ়া শেষ কৰি বা নকৰি উঠি গ’লে কিতাপখন আকৌ নিজৰ স্থানলৈ গুচি যায়৷ অমিতাভ বচ্চনৰ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট চ’ চোৱাৰ প্ৰতিযোগিতাতে জীৱন শেষ কৰি আহিছোঁ৷ প্ৰযুক্তিৰ কথানো ক’ত বুজি পাওঁ? জীয়াই থাকোঁতে শুনিছিলোঁ ক্লাউদতে নে কি সকলো বস্তু চেভ কৰি থ’ব পাৰি৷ স্বৰ্গত সকলো কিতাপেই চাগে মেঘৰ মাজতে থাকে৷ জ্ঞানপিপাসা কাৰোবাক দেখিলেই বৰষুণৰ দৰে নামি আহে৷ এইবোৰ কথা ভাবি ভাবি এটা ঘৰৰ ভিতৰলৈ সোমাই গ’লোঁ৷ দেখিলোঁ একোণত এখন টেবুলত দুজন লোকে খুব সংস্কৃত আঁওৰাইছে৷ ভাষাটোৰ বয়স চৌত্ৰিশ বছৰে হওক বা চৌত্ৰিশ হাজাৰ, আমিতো চৌত্ৰিশ বছৰতেই তাক চিতাত পুৰি মাটিত পুতি খাল্লাছ কৰি আহিছোঁ৷ তাৰ পিছত এই দুজন কৰ গুহাৰ পৰা ওলাই আহি আং বাং আঁওৰাইছে৷ চাম বুলি আগুৱাই যাওঁতেই চিপচিপকৈ বৰষুণ আহিল৷ নাই নাই এয়াটো বৰষুণ নহয়৷ তেনেহলে? আচলতে আখৰৰ বৰষুণ পৰিছে৷ কোনে জানে কোন কিউমুলোনিম্বাস মেঘৰ পৰা ইমান আখৰৰ বৰষুণ তথাপি আমাৰ দেশৰ মানুহ নিৰক্ষৰ কিয়?

বাল্মীকি আৰু বেদব্যাস :

: আচ্ছা বাল্মীকি,

“মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতীঃ সমাঃ৷
যৎ ক্ৰৌঞ্চমিথুনাদেকমবধী কামমোহিতম৷৷”

এয়াই যদি আদি কবিৰ উচ্চাৰিত প্ৰথম শ্লোক হয় তেনেহ’লে এইবুলি মানি ল’ব লগা হয়, ভাৰতৰ প্ৰথম কবিতাৰ জন্ম অচৰিতাৰ্থ কামনাৰ বেদনাৰ পৰা৷

: অচৰিতাৰ্থ কাম ভাবৰ গাত যেতিয়া ব্যাধৰ কাঁড় আহি লাগিল তেতিয়া মৃত্যুৱে কেৱল জীৱনকে নহয় যৌৱনকো ধ্বংস কৰিলে৷

: বুজিব পাৰিছোঁ৷ যিদৰে যিশুৰ হত্যাৰ যোগেদি কেৱল ঈশ্বৰ পুত্ৰকে হত্যা কৰা হোৱা নাই৷ সৌন্দৰ্যক ক্ৰুছবিদ্ধ কৰা হৈছিল৷

: ঠিক সেইটোৱে তীৰবিদ্ধ চৰাই বা ক্ৰুছবিদ্ধ যিশু, ৰক্তাক্ত হৈছে সৌন্দৰ্য আৰু সৌন্দৰ্য ৰক্তাক্ত হোৱা মুহূৰ্তই হৈছে শ্লোকৰ জন্ম মুহূৰ্ত৷

: আচ্ছা শ্লোক বা কবিতাৰ সেই জন্ম মুহূৰ্তকে আমি কি ভাৰতৰ জন্ম মুহূৰ্ত বুলি ধৰিব পাৰোঁ নে? কাৰণ তেতিয়াইতো ভাৰতৰ প্ৰথম মহানায়ক ৰামৰ জন্মৰ প্ৰেক্ষাপট তৈয়াৰ হৈছিল৷

: পাৰা কিন্তু এইখিনিতে মোৰ আন এটা দিশৰ কথা মনলৈ আহিছে৷ ভাৰতৰ মহানায়ক বা মহানায়িকা সকলো সময়ৰ হাতত জানো বন্দী নহয়৷ বৰঞ্চ কোৱা হয় সিংহই যি দৰে নিজৰ কেশৰৰ পৰা হিমকণা ঝাৰী পেলাই তেনেদৰে তেওঁলোকেও সময়ক অস্তিত্বৰ অৱয়বৰ পৰা ঝাৰী পেলাইছে৷ আৰু সেইকাৰণেই বাৰে বাৰে অদ্বৈতবাদী সাধনাতো দ্বৈত আহি থিয় হৈছেহি৷ বাইনেৰিৰ তত্ত্ব কিন্তু একে ধৰণে ধৰিব নোৱাৰি৷ ইয়াত দুই ভাগ বিশিষ্ট বা দুটা উপাদানেৰে গঠিত কোনো কোৱালিচন গঠন হোৱা নাই৷ বৰঞ্চ সেই গধূলি নিৰ্মিত হৈছে যেতিয়া সূৰ্য্য আৰু চন্দ্ৰ একেলগে আকাশত দেখা যায় বা সেই বিন্দু, য’ত দুই সমুদ্ৰৰ পানী ইটোৱেসিটোত প্ৰৱেশ কৰে৷

: সেয়ে কি ৰাম আৰু শ্ৰীকৃষ্ণ বাৰেবাৰে ভাৰতৰ জনচেতনাত মিলি পৰে?

: অকল মিলি নাযায়, মিহলি হৈ যায়৷ মন কৰিলে দেখা যাব, এই অদ্বৈতবেদান্ত চৰ্চাৰ ভাৰতত সাধাৰণ মানুহে আৰ্শীবাদ কৰিবৰ সময়ত কয়, “সীতা-সাবিত্ৰীৰ দৰে হোৱা”৷ বা কথাই কথাই কয় আসমুদ্ৰহিমাচল বা গংগা-যমুনা৷

: তুমি যি ক’লা তাৰ পৰাই মই আকৌ আদি শ্লোকৰ জন্মৰ পূৰ্ববৰ্তী কাললৈ ঘূৰি যাব পাৰিছোঁ৷ শিৱৰ কি প্ৰতিটো স্নানেই সঙ্গম?

: যদি সেই হিংসাক আঁতৰাই ৰাখিব পাৰোঁ তেনেহ’লে ইয়াত এখন ছবি স্পষ্ট হৈ উঠা নাই জানো বেদব্যাস?এই ভাৰত এই মহাভাৰতত চৰাই সঙ্গমৰ পৰা জন্ম হৈছে কবিতা, নদীৰ সংগমৰ পৰা সৃষ্টি হৈছে কুম্ভ আৰু ঈশ্বৰৰ সংগমৰ পৰা সৃষ্টি হৈছে উপাসনা৷

: ৰাম কৃষ্ণ এই দুয়োকে মহানায়ক কোৱা, অৱতাৰেই কোৱা, ভক্তিৰ সংগমতেই তেওঁলোক জানো এক হৈ পৰিছে, বহুযুগ আৰু বহুকাল পাৰ হোৱাৰ পিছতো?

: সেই বাবেইতো শ্ৰীচৈতন্যই একেনিশ্বাসে কৈ উঠিল,

“ৰাম-ৰাঘব, ৰাম-ৰাঘব, ৰাম-ৰাঘব ৰক্ষমাং
কৃষ্ণ-কেশব, কৃষ্ণ-কেশব, কৃষ্ণ-কেশব ত্ৰাহিমাং”৷

: তাৰ পৰা আমি গুচি আহিছোঁ “যি ৰাম যি কৃষ্ণ, অধুনা এই দেহে সেই ৰামকৃষ্ণ”ৰ আলোকবৰ্তিকালৈ৷

: আৰু ইমান ডাঙৰ উপলব্ধিক আমাৰ কবিয়ে কিমান সহজ কৰি গৈছে

“একতাৰাত বজাই গ’ল দোতাৰাৰ সুৰ
একেই দেহে ৰামকৃষ্ণ নাম সুমধুৰ”৷

: চাৰিখন বেদ, উঠৰখন উপনিষদ, অসংখ্য দেৱতা, ভাৰতক যদি অনুভৱ কৰা হয় তেনেহ’লে ঈশ্বৰ আৰু মানুহৰ বহুত্বৰৰ যোগেৰে কৰাব লাগিব সেয়াই নহয় জানো?

: ৰাম মোৰেই সৃষ্টি বুলি স্বীকৃতি পাই আহিছে৷ সেই ৰামৰ বৰ্ণনাটো কৃত্তিবাস বা ভবভূতিয়ে মোৰ ওপৰত প্ৰভাৱ পেলাই গৈছে যেন মনে ধৰে৷ ভবভূতিৰ

“বজ্ৰাদপি কঠোৰানী মৃদুনি কুসুমাদপি৷
লোকোত্তৰনাং চেতাংচি কো নু বিজ্ঞাতুমৰ্হতি৷৷”

যিমানবাৰ পঢ়োঁ সিমানবাৰেই লাগে যেন ৰামৰ চৰিত্ৰ বজ্ৰতকৈয়ো কঠোৰ আকৌ ফুলৰ দৰেও কোমল, ইমান দক্ষতাৰে মই লিখিব কিন্তু পৰা নাই৷ ইয়াৰ পৰা ক’ব পাৰি ৰামৰ স্ৰষ্টা মই হ’লেও একমাত্ৰ স্ৰষ্টা মই নহয়৷ কোনে ক’ব পাৰে আহিবলগীয়া দিনত হয়তো ৰামৰ জীৱন আন কোনো কবিৰ হাতত পৰি আৰু উদ্ভাসিত হ’ব আৰু বহুল হ’ব৷

: কিন্তু এতিয়া দেখি এনে লাগিছে যেন সকলো সংকোচিত হৈ আহিছে আৰু৷ একমেবাদ্বিতীয়ম ঈশ্বৰ য’ত বহুত হৈছে, তাত দেশৰ কেন্দ্ৰত অথবা প্ৰান্তত ‘একেশ্বৰ’ হৈ উঠিব বিচাৰিছে৷ কেতিয়াবা দুঃশ্চিন্তাত পৰোঁ ভাৰতৰ ৰাজনীতি কি দুৰ্যোধাক্ৰান্ত? শাসকৰ সন্মুখত কথা কোৱাৰ কি কাৰো অধিকাৰ নাথাকে?

: কিন্তু দুৰ্যোধনে জানো কথা কোৱাৰ ক্ষমতা কাঢ়ি লৈছিল? তেওঁৰ হয়তো হাজাৰ দুখ আছিল বা সিংহাসনত বহাৰো যোগ্যতা নাছিল কিন্তু তেওঁৰ সন্মুখত সভাসদে তেওঁক তিৰস্কাৰ কৰাৰতো ক্ষমতা আছিল৷

: তুমি কৈছা?

: তুমিয়েইতো লিখিছিলা আৰু এতিয়া তুমিয়েই পাহৰি পেলাইছা নেকি? অৰ্জুনৰ বীৰত্ব দেখি সহ্য কৰিব নোৱাৰি এদিন যেতিয়া দুৰ্যোধনে অৰ্জুনৰ সৈতে যুঁজ লাগিবলৈ ওলাইছিল তেতিয়া অশ্বত্থামাই বাৰণ কৰে আৰু নিজেই যুদ্ধৰ বাবে সাজু হয়৷ সেই সময়ত দুৰ্যোধনে অশ্বত্থামাক কয় যে, অশ্বত্থামা তেওঁৰ দেউতাকৰ দৰেই পাণ্ডৱৰ ক্ষেত্ৰত দুৰ্বল৷ এই দুৰ্বলতাৰ কাৰণ যুধিষ্ঠিৰৰ প্ৰতি পক্ষপাতী নে দ্ৰৌপদীৰ প্ৰতি দুৰ্বলতা সেই বিষয়ে দুৰ্যোধন নিশ্চিত নহয়৷

: অ’ মনত পৰিছে৷ উত্তৰত অশ্বত্থামাই দুৰ্যোধনক ধুই পেলাই৷ তেওঁ কয়,

“ত্বন্তু লুব্ধতমো ৰাজন নিকৃতজ্ঞশ্চ কৌৰৱ
সৰ্বাভিশঙ্কী মানী চ ততোহস্মানভিশঙ্কচে৷৷
মন্যে ত্বং কুৎসিতো ৰাজন পাপাত্মা পাপপুৰুষ অন্যানপি স নঃ ক্ষুদ্ৰ শঙ্কচে পাপভাবিতঃ৷”

: তেনেহ’লে দুৰ্যোধনক অশ্বত্থামাই কি বুলি যে কোৱা নাছিল৷ লোভী, প্ৰবঞ্চক, সকলোকে সন্দেহৰ চকুৰে চোৱা অহংকাৰী-নীচ, কুৎসিত, পাপাত্মা, পাপচিন্তক৷ বেদব্যাস তুমি ভাবানে স্তালিন, হিটলাৰ নাইবা প’ল-পটক কোনোবাই সভাসদত এনেদৰে অপমান কৰিছে?তেনে কৰাহেঁতেন মানুহটোৰ কি হ’লহেঁতেন? দুৰ্য্যোধনে যে বিনা প্ৰতিবাদে তেওঁৰেই আশ্ৰিত অশ্বত্থামাৰ কথা মানি ল’লে! এই কথাই জানো আদিকালৰ পৰা জীৱন্ত ভাৰতৰ গণতান্ত্ৰিক পৰিসৰৰ কথাই পোহৰলৈ অহা নাই?

: কিন্তু এইখিনিতে এটা কথা উঠিব পাৰে অশ্বত্থামা যিহেতু দ্ৰোণাচাৰ্য্যৰ পুত্ৰ আৰু দ্ৰোণ ভৰদ্বাজ মুনিৰ৷ অৰ্থাৎ ব্ৰাহ্মণ বুলি দুৰ্যোধনক কু কথা শুনাই বাচি গৈছে৷ আন জাতিৰ হোৱা হ’লে চাগে তাৰ মূৰ শৰীৰৰ পৰা চিন্ন কৰি পেলালেহেঁতেন৷

: আচ্ছা, ব্ৰাহ্মণ বুলিয়েই দুৰ্যোধনে অশ্বত্থামাক সহ্য কৰি থাকিল? অকল দুৰ্যোধনেই নে কুৰুক্ষেত্ৰ ৰণৰ পঞ্চদশ দিনত দ্ৰোণে যেতিয়া ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰে আৰু নিৰ্বিচাৰে সৈন্য বধ কৰিবলৈ ধৰে, তেতিয়া পাণ্ডৱসকল ভয়ত ত্ৰস্তমান৷ সেই সময়তে শ্ৰীকৃষ্ণই যুধিষ্ঠিৰৰ হতোৱাই অশ্বত্থামা হত ইতি গজ বুলি কোৱা নাছিল নে? যুধিষ্ঠিৰে কেতিয়াও মিছা নামাতে বুলি জানি দ্ৰোণে যেতিয়া অশ্বত্থামাৰ কথা সুধিছিল তেতিয়া যুধিষ্ঠিৰে দ্ৰোণ ব্ৰাহ্মণ বা গুৰু এই কথা সুকীয়াকৈ থৈ কৃষ্ণৰ কথামতে মিথ্যাচাৰৰ আশ্ৰয় লোৱা নাছিল নে?

: সেয়া বাৰু হ’ল৷ কিন্তু একলব্যৰ বুঢ়া আঙুলি কাটি লোৱাৰ যি কলঙ্ক সেয়া চিৰকাল দ্ৰোণৰ সৈতে জড়িত হৈ নাথাকিব নে?

: অৱশ্যেই থাকিব৷ কিন্তু একলব্যৰ সৈতে সেই পপাচাৰ একলব্য নিষাদাধিপতি হিৰণ্যধনুৰ পুত্ৰ নহৈ ক্ষত্ৰিয় হ’লেও কৰিলেহেঁতেন৷ তেওঁ তেনে কৰিলেহেঁতেন কাৰণ তেওঁ অৰ্জুনৰ প্ৰতি পক্ষপাত দোষত দুষ্ট৷ অৰ্জুন তেওঁৰ ওচৰলৈ আহি যেতিয়া বৰকৈ ক’বলৈ ধৰিলে যে দ্ৰোণে কথা দিয়া মতে অৰ্জুনক চেৰাই কোনো ছাত্ৰই আগবাঢ়িব নোৱাৰিব তেতিয়াই তেওঁ নিজৰ কথাত নিজে বান্ধ খাই পাপকৰ্ম কৰিছিল৷ এই ক্ষেত্ৰত দ্ৰোণ ব্ৰাহ্মণ বা একলব্য নিষাদ হোৱাৰ কাৰণ জড়িত হৈ থকা নাই৷ তাৰ উপৰিও ব্ৰাহ্মণ হোৱাৰ কাৰণে যদি উচ্চ আসনত থাকিবই পাৰি তেনে দ্ৰোণে নিজেই কিয় চাউলৰ গুড়িৰ লাড়ু খুৱাইছিল দৰিদ্ৰ হ’বলৈ?ধৃষ্টদ্যুম্নইনো বিনা দ্বিধাই দ্ৰোণৰ শিৰশ্ছেদ কৰিলে কেনেকৈ?

: তুমি দেখোন মোতকৈও বেছিকৈ মহাভাৰতৰ বিষয়ে জানা!

: যিয়ে লিখে তেওঁ জানো অত কথা মনত ৰাখিব পাৰে?ৰামায়ণৰ ক্ষেত্ৰত চাগৈ ইয়াৰ উলটাটো হ’ব৷ কিন্তু এটা কথা কোৱাচোন এই যে ইমান ব্ৰাহ্মণ্যবাদৰ চিঞৰ, ৰামায়ণত ব্ৰাহ্মণ কোন তেনে? ৰাম নিজেই নে?ৰামায়ণৰ ৰচয়িতা বাল্মীকি, আজিৰ দিনত কাৰ কাৰ নামৰ সৈতে জড়িত হৈ আছে? ভৰদ্বাজ বা শাণ্ডিল্য বুলিলে যেনে ব্ৰাহ্মণ, বাল্মীকি বুলি ক’লে তেনেই চৰ্মকাৰ৷ তেনে আজিৰ দিনত দেখোন বাল্মীকি দলিত৷ ব্ৰাহ্মণৰ গায়ত্ৰী মন্ত্ৰ যিজনে ৰচনা কৰিছিল সেই বিশ্বামিত্ৰ স্বয়ং অব্ৰাহ্মণ৷ এইবাৰ হাতত ৰ’ল পেঞ্চিল৷ ব্ৰাহ্মণ হৈছে ৰাৱণ৷ যিজন গোটেই ভাৰতত পাপৰ প্ৰতীক হৈ আছে৷ দশেৰাত যাৰ পুত্তলিকা দাহ কৰি পাপ নিঃশেষ কৰাৰ আনন্দত ভাৰতবাসী মত্ত হয়, সেই দশানন ব্ৰাহ্মণ৷ ৰামৰ বানত যেতিয়া ৰাৱণ অজ্ঞান হৈ পৰিছিল তেতিয়া সাৰথিয়ে তেওঁক লৈ পলায়ন কৰিছিল৷ জ্ঞান ঘূৰি অহাৰ পিছত ৰাৱণে সাৰথিক তীব্ৰ তিৰস্কাৰ কৰি কৈছিল,

“ত্বয়াদ্য হি মমানাৰ্য চিৰকাল মুপাৰ্জিতম
যশো বীৰ্যঞ্চ তেজশ্চ প্ৰত্যয়শ্চ বিনাশিতঃ”

(ঐ অনাৰ্য তই আজি মোৰ উপাৰ্জিত যশ, বীৰত্ব, তেজ আৰু মোক বলবান বুলি ভবা লোকবিশ্বাস নষ্ট কৰিলি৷)

: ৰাক্ষসৰাজ ৰাৱণে দেখোন ইয়াত অনাৰ্য বুলি সাৰথিক গালি দিছে৷

: তেনেহ’লে চোৱা! ৰামায়ণ আৰু মহাভাৰত যিয়েই খোলা মনেৰে পঢ়িব তেওঁৰ ওচৰত এইটো পৰিষ্কাৰ হ’ব যে আৰ্য আৰু অনাৰ্য শব্দ দুটা ভদ্ৰ আৰু অভদ্ৰ অৰ্থত ব্যৱহাৰ হৈছে দুঠাইত৷

: এটা কথাই মোক আজিও ব্যথিত কৰে বাল্মীকি৷ মহাভাৰতৰ কবিওটো মহৰ্ষি পৰাশৰ আৰু খেয়ানী মৎস্যগন্ধাৰ সন্তান৷ কি আশ্চৰ্য চোৱা মহাভাৰতৰচয়িতা নিজেই ইণ্টাৰকাষ্ট বিবাহৰ ফল৷ আচ্ছা তৎকালীন আৰ্যপুত্ৰ বা ব্ৰাহ্মণৰ যি চেহেৰা বা গাৰ ৰং তেওঁলোকে বৰ্ণাই তাৰ সৈতে মোৰ বিন্দু মাত্ৰও মিল দেখা পাইনে?

“তস্য কৃষ্ণস্য কপিলাং জটাং দীপ্তে চ লোচনে
বভ্ৰূণি চৈব শ্মশ্ৰূণি”

: ঘোৰ কৃষ্ণ তোমাৰ গাৰ বৰণ, মূৰত কপিল বৰণৰ জটা, উজ্জ্বল চকু, মুখত পিংগল বৰণৰ শ্মশ্ৰু এয়েই তোমাৰ চেহেৰা৷ অথচ পৰাশমুণিৰ ঔৰসজাত সন্তান তুমি৷ তুমি ব্ৰাহ্মণ৷ ইয়াৰ পৰা কি বুজা যায়? ভাৰতত একে ধৰণৰ চেহেৰাৰে চণ্ডালো আছিল ব্ৰাহ্মণো আছিল৷ পৃথক কৰাৰ উপায় নাই৷

: পৃথকতো ময়ো কৰা নাই৷ মই নিজে যেনেকৈ ধীবৰকন্যাৰ গৰ্ভত বাঢ়ি উঠিলোঁ, তেনেকৈ মোৰ জেষ্ঠ্য সন্তানো জন্ম ল’লে শূদ্ৰাণীৰ গৰ্ভত৷ ধৃতৰাষ্ট্ৰ বা পাণ্ডুৰ মাক ক্ষত্ৰিয় আছিল অথচ তেওঁলোকৰ সন্তানকলৈ গৰ্ব কৰিবলৈ মোৰ একো নাই৷ কিন্তু বিদুৰৰ মাকে গৰ্ভ ধাৰণ কৰোঁতে মই কৈছিলোঁ,

“অয়ঞ্চতে শুভে গৰ্ভঃ শ্ৰেয়ানুদৰমাগতঃ
ধৰ্মাত্মা ভবিতা লোকে সৰ্ব্বুদ্ধিমতাং বৰঃ৷”

: তুমি ঠিকেই কৈছিলা বেদব্যাস, পৃথিৱীৰ সকলোতকৈ বুদ্ধিমান আৰু ধৰ্মাত্মাসকলৰ ভিতৰত বিদুৰ প্ৰথমেই জিলিকি ৰ’ব৷ মহাভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰীও শূদ্ৰাণীৰ ঔৰসজাত বিদুৰেই নহয় জানো?

: তেনে একেই প্ৰশ্ন, কিয় ব্ৰাহ্মণতন্ত্ৰৰ ছত্ৰছায়াত পুৰাণ উপনিষদ সকলোবোৰ আনি হেয়জ্ঞান কৰাৰ চেষ্টা?

: কাৰণটো ৰাজনৈতিক বেদব্যাস৷ ৰামায়ণ আৰু মহাভাৰততেইতো ৰাজনীতি শেষ হৈ যোৱা নাই৷ ৰাজনীতি আবহমান কালৰ পৰা চলি আহিছে৷ ভাৰতৰ পৌত্তলিকসকলৰ মাজত গণ বিতাড়ন বা এথেনিক ক্লিনজিং ঘটিছে কেৱল মাত্ৰ কাশ্মীৰৰ ব্ৰাহ্মণসকলৰ ক্ষেত্ৰত৷ লক্ষ লক্ষ পণ্ডিতে ঘৰ এৰি পদপথৰ বাসিন্দা হ’ব লগা হৈছে, হাজাৰ হাজাৰ পণ্ডিতৰমণী গণধৰ্ষিতা হৈছে, বহু সংখ্যক নিহতও হৈছে৷ এই সত্যক কবৰৰ তলত চেপা দিবলৈকে পৌত্তলিকৰ মাজত ব্ৰাহ্মণ অব্ৰাহ্মণ ভেদ কৰা জৰুৰী৷ এটি সামান্য অংশৰ ডিঙিত সমাজৰ সকলো ত্ৰুটিৰ দায় নিদিলে, সেই সামান্য অংশক কৰাৰ দায় ডিঙিৰ পৰা কেনেকৈ নমোৱা যাব?

: এইবোৰ কথাতে মন ভাৰাক্ৰান্ত হয়৷ স্বৰ্গলৈ আহিও কি সেই একে বোজা কঢ়িয়াব লাগিব?

: স্বৰ্গ যদি ‘জ্ঞানপ্ৰাপ্তিৰ স্থান’ হয় তেনেহ’লে সকলো পাহৰি মুক্তিৰ আশা কৰাই মিছা৷

: মই কিন্তু এটা স্মৃতি মনৰ পৰা আঁতৰাই দিব বিচাৰোঁ৷ সেই যে মোক দেখি অম্বিকাই চকু বন্ধ কৰি দিছিল আৰু অম্বালিকা ভয়ত শেঁতা পৰি গৈছিল৷ সেই সত্যই মোক পীড়া দিয়ে৷

: কিয় পীড়া দিয়ে?

: মোৰ ভাব হয় কবি হৈও নাৰী হৃদয়ৰ পোহৰ মোৰ দৃষ্টিৰ বাহিৰত৷ সীতা তোমাৰ আশ্ৰমত ঠাই পালেও সীতাৰ অন্তৰৰ বেদনা তুমি ফুটাই তুলিব পাৰিছা? মই কি পাৰিছোঁ জানো দ্ৰৌপদীৰ হৃদয়ৰ যাতনাক ফুটাই তুলিব? পাৰিলে চাগে মোৰ বাহ্যিক ৰূপ দেখি মহিলা কেইগৰাকীয়ে ভয় নাখালেহেঁতেন৷ কবিৰ মায়াই তাহাঁতক কৰবাত শান্তিৰ পৰশ দিলেহেঁতেন৷

: চিৰকাল কবি কি পুৰুষেই হ’ব নেকি বেদব্যাস?পুৰুষেই চিৰকাল নাৰীৰ কথা ক’ব নেকি? এই কথা ৰামৰ পৰিত্যক্তা সীতাক সুধিব বিচাৰিছিলোঁ৷ সুধিব পৰা নাছিলোঁ৷ কিন্তু প্ৰশ্নটোৱে মোৰ অন্তৰত সাঁচ বহুৱাই গ’ল৷ নাৰীয়ে কেতিয়া তেওঁৰ নিজৰ কথা ক’বলৈ ল’ব? কেতিয়ালৈ?

মৈত্ৰেয়ী আৰু জেবুন্নিসা:

: পানী ক’ত থাকে? কলহত৷ কলহ ক’ত?পাকঘৰত৷ পাকঘৰ ক’ত? ঘৰত৷ ঘৰ ক’ত? জয়পুৰত৷ জয়পুৰ ক’ত? ৰাজস্থানত৷ ৰাজস্থান ক’ত? ভাৰতত৷ ভাৰত ক’ত? এছিয়াত৷ এছিয়া ক’ত? পৃথিৱীত৷ পৃথিৱী ক’ত? পানীত৷ পানী ক’ত? কলহত…মোৰ গল্পবোৰ প্ৰায় এনেকুৱাই৷ নহয়নে মৈত্ৰেয়ী৷

: প্ৰশ্নই গল্পটো সলনি দিয়ে৷ আৰু সেইবুলি মই প্ৰশ্ন নকৰিম যে এনে কথাও নহয়৷ মোৰ কথা বাদ দিয়া৷ আচল প্ৰশ্নবোৰ আৰম্ভ কৰিছিল গাৰ্গীয়ে৷ যেতিয়া মানুহেৰে ভৰা সভাত সকলো মৌন হৈ আছিল তেতিয়াই গাৰ্গীয়ে যাজ্ঞবল্ক্যক প্ৰশ্নৰ জালেৰে মেৰিয়াই পেলাইছিল৷ তেওঁ জলজগতৰ পৰা আৰম্ভ কৰি বায়ুজগত, অন্তৰীক্ষলোকৰ পৰা গন্ধৰ্বলোক হৈ আদিত্যলোকলৈ প্ৰশ্নৰ বাণ এৰিছিল৷

: কিন্তু ‘প্ৰজাপতিলোক আৰু ব্ৰহ্মলোক ওতপ্ৰোতভাবে জড়িত থাকে’ বুলি জানিও গাৰ্গীয়ে যেতিয়া প্ৰশ্ন কৰিলে “ব্ৰহ্মলোক কেনেকৈ ওতপ্ৰোতভাবে জড়িত থাকে” তেতিয়া যাজ্ঞবল্ক্যই গাৰ্গীক ধমক দি বাধা দিলে৷

: যাজ্ঞবল্ক্যই তেতিয়া গাৰ্গীক কি কৈছিল জেবুন্নিসা?
কৈছিল ‘মা অতিপ্ৰাক্ষী’ অৰ্থাৎ এলেহুৱা মাতৃ৷ মৰ্যাদা উলংঘন কৰি প্ৰশ্ন কৰি যোৱাৰ বাবে তেওঁ কৈছিল, গাৰ্গীৰ মূৰ ভূপতিত হ’ব৷ পিছত আকৌ সেই গাৰ্গীৰেই দুটাকৈ প্ৰশ্ন গ্ৰহণ কৰে আৰু উত্তৰ দিয়ে৷ মোৰ মতে হয়তো সেই সময়ত যাজ্ঞবল্ক্যই গাৰ্গীক সম্ভ্ৰমৰ সীমা পাৰ নকৰিবলৈহে ধমক দি বাধা দিছিল৷

: সম্ভ্ৰমৰ প্ৰাচীৰ কেৱল ছোৱালীয়ে প্ৰশ্ন কৰিলেই লৰচৰ হয় নেকি? মই নাজানো৷ কিন্তু এইটো কথা বুজি পাওঁ যে ছোৱালীবোৰে যদি বহু আগতেই প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলেহেঁতেন তেতিয়া হ’লে পৃথিৱীখন অন্য ধৰণৰ হ’লহেঁতেন৷ কাৰণ বিশ্বৰ ইতিহাসত এনে কোনো নজিৰ নাই যে শ শ মহিলাই হাতত জুৰলৈ আনৰ ঘৰত জুই লগাবলৈ গৈছে বা বহুত মহিলা মিলি গাঁও বা চহৰ ধ্বংস কৰিছে, হাজাৰ হাজাৰ মানুহক হত্যা কৰিছে৷ মহিলাৰ ইতিহাস কেৱল সৃষ্টিৰ ইতিহাস৷ আৰু পুৰুষৰ সৃষ্টিৰ লগতে ধ্বংসৰো৷ মই এইটোও ক’ব বিচৰা নাই যে সকলো ছোৱালী ধুৱা তুলসীৰ পাত৷ কিন্তু শত শত ছোৱালী ভালপোৱা আৰু ঈৰ্ষাৰ মাজতে পাকঘূৰণি খাইছে আৰু তেওঁলোকৰ পাকঘূৰণি পুৰুষৰ যৌনতা আৰু হিংসাৰ মেলবন্ধনত পৃথিৱী সলনি হৈ গৈ আছে৷

: সলনি হৈছে কি? ছোৱালীৰ পৃথিৱী?

: ছোৱালীৰ পৃথিৱীত কি সলনি হয় মৈত্ৰেয়ী? অত ক্ষমতাময়ী নুৰজাহান, জাহাংগীৰৰ দুৰ্ঘটনাত যি গৰাকীয়ে দেশ শাসন কৰে৷ তেওঁ তেওঁৰ সমাধি ফলকত খুদাই কৰিবলৈ দুটা পংক্তি লিখি থৈ গৈছে৷

“হম গৰিবোঁ কি মাজাৰ পৰ ন কই চিৰাগ জ্বলাতা হে না গুলাব খিলতা হে
ন কই পৰৱানা আকৰ আপনে পৰ জ্বলাতা হে
ন বুলবুল সদা দেতি হ্যায়৷”

: ভাৰতসম্ৰাজ্ঞীয়ে কৈছে যে তেওঁৰ দৰে দৰিদ্ৰ এগৰাকীৰ কবৰত প্ৰদীপো নজ্বলে বুলবুলি চৰায়েও নিচিঞৰেহি৷

: হয়৷ আৰু সম্ৰাট চাহজাহানৰ জীয়ৰী জাহানাৰাই কি লিখিছে চোৱা,

“ঘাচ চবচে অচ্ছি চাদৰ হে
ইক গৰিব কি কব্ৰ কে লিয়ে”৷

জাহানাৰাৰ কবৰত এইবুলি খুদাই কৰা আছে৷

: তুমি নিজৰ বাবে কি লিখিছা জেবুন্নিসা? তুমিওতো কবি৷ তোমাৰ ‘মকফি কি দিৱান’ নামৰ কাব্যগ্ৰন্থখন দিবা নে মোক পঢ়িবলৈ?

: মই নিজেই চোৱা নাই কিতাপখন জানানে? আচলতে সেইখন প্ৰকাশ পায় মই পৃথিৱী এৰাৰ পঞ্চাশ বছৰৰ পিছত৷

: তাতে কি হ’ল? আমি য’ত আছোঁ তাততো সময়ৰ কোনো কথা নাই৷ যেতিয়াই য’লৈকে মন যায় যাব পাৰোঁ৷

: কিন্তু কোন সময়লৈ যাম? মোৰতো কোনো সময়তে ভৰি ৰাখিবলৈ মন নাই৷

: কিয় তেনেকৈ কৈছা?

: আচ্ছা, তুমি যাজ্ঞবল্ক্যক কি কৈছিলা? যেতিয়া তেওঁ সমস্ত সম্পত্তি তোমাক আৰু কাত্যায়নীৰ মাজত ভাগ কৰি দিব বিচাৰিছিল?

: যেনাহং নামৃতা স্যাম, কিমহং তেন কুৰ্যাম৷

: যি দি অমৃত পোৱা নাযায়, যি মোক অমৃতা নকৰে তাক লৈ নো কি কৰিম মৈত্ৰেয়ী৷ তথাপি তোমাৰ প্ৰশ্নত সন্তুষ্ট হৈ যাজ্ঞবল্ক্যই ব্ৰহ্মতত্ত্বৰ বাখ্যা কৰিছিল৷ তুমি তেওঁৰ প্ৰিয়াৰ পৰা প্ৰিয়াতৰা হৈছিলা৷ সেইয়াও এক প্ৰকাৰৰ অমৃত৷ মোৰটো অতীত-অনাগত সকলোতে গৰলৰ সমুদ্ৰই ভৰি আছে৷ হাজাৰ মন্থনতো একো নুঠে৷

: তুমি বৰ বেছিকৈয়ে অন্ধকাৰত ডুবি আছা৷

: নাই অ নহয়৷ মই এটা অন্য নেৰেটিভ তৈয়াৰ কৰিব বিচাৰিছোঁ৷ সৰুতে আমি চাৰিটা ভাষা আয়ত্ত কৰিছিলোঁ৷ তুৰ্কী, আৰবী, পাৰ্চী, ব্ৰজ ভাষা৷ তেতিয়াই ভাবিছিলোঁ কিয় তিনিটাকৈ বিদেশী ভাষাৰ ভৰ সহিব লগা হৈছে৷ কেৱল আমাৰ পূৰ্বপুৰুষসকল বিভিন্ন ভূখণ্ডৰ পৰা আহিছে বুলিয়েই৷ তুমি জানানে মোৰ দেউতা ঔৰংগজেৱে ধৰ্মৰধ্বজা বহনকাৰীসকলক সুধিছিল মাতৃভাষাত মানুহে প্ৰাৰ্থনা কিয় কৰিব নোৱাৰিব? বৰ্নিয়াৰ চাহাবৰ কিতাপখন এবাৰ পঢ়ি চাবা৷ তাত লিখা আছে যে, দেউতাই ভাবিছিল যে ৰাজ্য শাসন কৰিবলৈ ধৰ্মৰ ভাষাতকৈ স্থানীয় ভাষাৰ বেছি প্ৰয়োজন৷

: ঠিকেইতো কৈছিল৷

: ঠিক কৈছিল৷ কিন্তু কামবোৰ ভুল কিয় কৰিছিল? তুমি মোৰ কবিতাৰ কথা উল্লেখ কৰিছিলা যিটো কথা বহুতেই নাজানে৷ মোৰ দেউতায়ো কিমান ধুনীয়া কবিতা লিখিছিল৷ শুনিবা নে?

“উত্তম লগন চুভা চগুন গিন গিন ব্ৰহ্মা বিষ্ণু
মহেশ ব্যাস কীনো চাহ্ ঔৰংগজেৱজচন তখত
বৈঠ আনন্দন৷
…ব্ৰহ্মা ৰচোঁ তিন মধ গায়ন গুণিজন গাওত তিনকে হৰত দুখদনন্দন”৷

: ব্ৰহ্মা, বিষ্ণু, মহেশ সকলোৱে আছে দেখিছোঁ৷

: নিজৰ সিংহাসনত উপবিষ্ট হ’বলৈ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, সকলোকে উল্লেখ কৰি যিয়েই ব্ৰজভাষাৰ পদ ৰচনা কৰিছে, তেওঁ কিয় মন্দিৰ ধ্বংস কৰিছিল, কিয় জিজিয়া কৰ লগাইছিল? যেতিয়া শিৱাজীৰ দেউতাকক লিখা সেই চিঠিখন পঢ়োঁ, মোৰ সৰ্বশৰীৰ জ্বলি উঠে৷ কিয় শিৱাজীয়ে লিখিব “…বহুলোকে তেওঁলোকৰ খোৱা বস্তু পোৱা নাই৷” এয়াই কি শাসন?তাৰ উপৰি এই জিজিয়া? এই কথাষাৰ পূবৰ পৰি পশ্চিমলৈ, চাৰিওপিনে আৰু দূৰদূৰণিলৈ এই কথাষাৰ বিয়পি পৰিছিল যে হিন্দুঃস্থানৰ সম্ৰাটে যোগী, ব্ৰাহ্মণ, বৈৰাগী, দৰিদ্ৰ আৰু পীড়িতসকলৰ ওপৰত জিজিয়া কৰৰ বোজা সপি দিছে৷ আনৰ ধৰ্মীয় কামত বাধা দিয়া মানে নিজৰ ধৰ্মক আঘাত কৰা৷ ইয়াত ঈশ্বৰ অপমানিত হৈছে৷ আপুনিও ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য কৰিব৷

: আজিও জানো ভাল আৰু বেয়াৰ মাজৰ পাৰ্থক্য উলিয়াইছে? কোনে কি মাংস খাইছে তাৰ ওপৰত ভিত্তি কৰি কি মানুহক ধৰি বান্ধি মাৰি পেলাব পাৰি?

: চোৱা মোৰ এনে লাগে ভাৰতৰ ৰাজনীতি সেই পুৰণি কালৰ পৰা গৰুক কেন্দ্ৰ কৰিয়েই চলিছে৷ মুণি ঋষিৰ গোধন দিয়া যি প্ৰথা যাজ্ঞবল্ক্য নিজেও তাৰ সুবিধাভোগী৷ এই গৰু ঘটনাটোক বিৰাট এক উচ্চতালৈ উঠাই নিয়া হৈছে৷ তাৰপিছত মহাভাৰতত পাণ্ডৱৰ অজ্ঞাতবাসৰ সমাপ্তিকালত দুৰ্যোধনহঁতে বিৰাট ৰজাৰ গোধন লুটিলৈ যায়৷ খবৰ পাই বিৰাট পুত্ৰ উত্তৰ যুদ্ধলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰে৷ আৰু অৱশেষত বৃহন্নলাৰ ৰূপ ধাৰণ কৰি অৰ্জুনক সাৰথি হিচাপে লৈ যুদ্ধলৈ যায়৷ সেই তেতিয়াৰ পৰা গৰুৱে ভাৰতীয় জীৱনত এনে এক কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰে যে গৰুক আক্ৰমণ মানেই ভাৰতীয় সংস্কৃতিক আক্ৰমণ৷

: মানুহৰ মনত গৰু এক আবেগ হৈ পৰিল যাৰ ফলত সনাতন ভাৰতীয় সমাজ তাচপাতৰ ঘৰ খহাদি খহি পৰিল৷ যদি এনেকুৱা হ’লহেঁতেন গৰু মাংস ভক্ষণ কৰিলে একো আহে নাযায়৷ তেন্তে সেই কাম কৰি কোনো নৃশংসই কোনো দুৰ্বলক শলঠেকত পেলাব নোৱাৰিলেহেঁতেন৷ কিন্তু গৰুক গোমাতা বনোৱাৰ লগে লগে গৰুৰ মাধ্যমৰে লাঞ্ছনা গঞ্জনাবোৰ আহিবলৈ ধৰিলে৷ অকল আৰ্যাৱৰ্তত নহয়, বাংলাৰ পূৰ্বৰ ৰজা প্ৰতাপাদিত্যৰ জোঁৱায়েক ৰামচন্দ্ৰ খাঁক সময় মতে ৰাজস্ব দিবলৈ অপাৰগ হ’লত নবাবৰ মানুহে তেওঁৰ ঘৰত প্ৰবেশ কৰি দুৰ্গামণ্ডপত গোহত্যা কৰি গোমাংস বনাই খাই, তেওঁক বান্ধি ৰাখি মহল লোট কৰে৷

“ৰামচন্দ্ৰ ৰাজাই না দেয় কৰ
ক্ৰুদ্ধ হইয়া ম্লেছ উজীৰ আইল তাৰ ঘৰ
আসি সেই দুৰ্গামণ্ডপে বাসা কৈল
অবধ্যবধ কৰি মাংস ৰান্ধাইল৷”
(চৈতন্য চৰিতামৃতঃ অন্ত্যলীলা)৷

এইটো পঢ়ি মোৰ মনলৈ আহে ৰামচন্দ্ৰৰ ঘৰত আক্ৰমণ কৰাসকলে আখলাখৰ ঘৰতো আক্ৰমণ কৰিছিল৷ কাৰণ দস্যুৱে কেৱল অনুগত সলনি কৰে৷ স্বভাৱ সলনি নকৰ৷

: আচ্ছা মৈত্ৰেয়ী, দস্যুৰ স্বভাৱেই যেতিয়া সমাজৰ ধৰ্ম হৈ থিয় হ’বলৈ বিচাৰে তেতিয়াই হত্যাই গ্ৰাস কৰে পৃথিৱী আৰু “জীঅ ঔৰ জীনে দ”এই নীতিক তেতিয়া প্ৰতিৰোধ কেনেকৈ সম্ভৱ? কোন প্ৰতিষেধকে কাম কৰে তেতিয়া?

: প্ৰতিৰোধ বা প্ৰতিষেধক কি নাজানো, কিন্তু এটি প্ৰাৰ্থনা জানো৷ কোনে জানে কেনেকৈ মোৰ মুখেৰে উচ্চাৰিত হৈছিল সেই প্ৰাৰ্থনা৷

: কি সেই প্ৰাৰ্থনা মৈত্ৰেয়ী? আৰু এবাৰ গাবা নে? তেতিয়া ময়ো তোমাক লগ দিম৷

ৰবীন্দ্ৰনাথ আৰু চুজান এইচ আৱেন :

: মই যে কিমান ঐকান্তিকভাবে আপোনাক লগ পাবলৈ বিচাৰিছোঁ ছাৰ ঠাকুৰ…

: মাফ কৰিব, মই নাইটহুড পৃথিৱীতেই এৰি আহিছোঁ৷

: অহ! আচ্ছা মাৰ্জনা বিচাৰিছোঁ৷ জানে, শেষবাৰ যুদ্ধলৈ যোৱাৰ আগত যিদিনাই সি মোৰ ওচৰৰ পৰা বিদায় ল’লে, সেইদিনা মই আৰু উলফ্ৰেডে সূৰ্য্যমহিমাত সুন্দৰ সমুদ্ৰখনলৈ দীঘলীয়া সময় একেথৰে চাই আছিলোঁ৷ তেতিয়াই মোৰ কবি পুত্ৰই আপোনাৰ সেই আশ্চৰ্য বাণী উচ্চাৰণ কৰিলে,

“যাবাৰ দিনে এই কথাটি বলে যেন যাই
যা দেখেছি, যা পেয়েছি তুলনা তাৰ নাই৷”

তাৰপাছত যুদ্ধ শেষ হোৱাৰ মাত্ৰ কেইদিনমান আগতে মৃত্যু হ’ল তেওঁৰ৷ যেতিয়া তেওঁৰ ডায়েৰীখন মোৰ হাতত পৰিল, মই দেখিলোঁ, তাত তেওঁ নিজৰ আখৰেৰে সেই লাইন দুটি লিখি থৈছে আৰু তাৰ তলত আপোনাৰ নাম৷ তেতিয়াৰ পৰাই মই সেই কবিতা পুথিখন বিচাৰিছোঁ৷ যাৰ ভিতৰত সেই লাইন দুটা আবিষ্কাৰ কৰিব পাৰিম৷ অৱশেষত স্বৰ্গলৈ আহি…

: ইয়ালৈ অহাৰ পিছত আপোনাৰ উলফ্ৰেডৰ সৈতে দেখাদেখি হোৱা নাই?

: হৈছে৷ কিন্তু,…

: কিন্তু কি মিচেছ আৱেন ?

: নাজানো ঠিক আপোনাক মোৰ মনৰ অৱস্থা বুজাব পাৰিম নে নাই, কিন্তু ইয়াত কোনোবাই বুজিলে আপুনিয়ে বুজিব৷ ইয়াত মই মোৰ সন্তানক মোৰ সন্তান হিচাপে বান্ধি ৰাখিব পৰা নাই৷ একান্ত আপোন কৰি হৃদয়ৰ সৈতে একাত্ম হ’ব পৰা নাই৷

: মানে?

: উলফ্ৰেড এতিয়া স্বৰ্গৰ বাসিন্দা ঠাকুৰ৷ নতুন আনন্দত উত্ৰাৱল তেওঁ৷ ইয়াৰ বতাহত, ৰ’দত, ৰাতিৰ আদৰত তেওঁ নতুন হৈ উঠিছে৷ কিন্তু মই তাৰ মাক সুজান, স্বৰ্গলৈ আহিও পাহৰিব পৰা নাই মোৰ ল’ৰাই যুদ্ধক্ষেত্ৰত কি অপৰিসীম কষ্ট সহ্য কৰিছে, কি বিপুল হৃদয়শূণ্যতাৰ মাজত নিজৰ আহত ৰক্তাক্ত হৃদয়ক জগাই তুলি এটাৰ পিছত এটাকৈ কবিতা ৰচনা কৰি গৈছে, গুলীৰ আৱাজ, মৰ্টাৰ আৰু শেলৰ শব্দকো আওকাণ কৰি৷ আৰু তাৰ লগতে পাহৰিব পৰা নাই, পৃথিৱীত তেওঁক হেৰুৱাই মোৰ হোৱা তীব্ৰ বেদনাৰ কথা৷ সেই তীব্ৰ বেদনালৈয়ে দিনৰ পিছত দিন ৰাতিৰ পিছত ৰাতি প্ৰতিটো ঋতুত অপেক্ষা কৰিছোঁ আকৌ কেতিয়া…

: তাৰ পিছত?

: দুটা উল্কাপিণ্ড যেনেকৈ ইটোৱে সিটোৰ ওচৰলৈ ধাৱমান হয় ঠিক তেনেকৈ ইজনে সিজনৰ কাষলৈ আগুৱাই গ’লোঁ৷ ভ্ৰান্তি, স্মৃতি সকলো আঁতৰিবলৈ ধৰিলে যেতিয়া আমি ইজনে সিজনক লগ পালোঁ৷ সেইকাৰণে মই…

: সেইকাৰণে আপুনি?

: উলফ্ৰেডৰ সেই কবিতা পুথিখনকে সন্তান বুলি আকোঁৱালি লৈছোঁ৷ সেই পাতবোৰ, তাৰ আখৰবোৰ, য’ত তেওঁৰ হৃদয়ৰ মৰ্মবেদনা আছে সেইবোৰতো সলাব নোৱাৰে৷ আপোনাক কি দৰে মই বিশ্বাস কৰোৱাম যে সেই কিতাপখনেই এতিয়া মোৰ সন্তান৷ মৃত্যুৱে মোৰ পৰা উলফ্ৰেডক কাঢ়ি নিব নোৱাৰিলে আৰু স্বৰ্গয়ো মোক মোৰ উলফ্ৰেডক ঘূৰাই দিব নোৱাৰিলে৷

: আপোনাক কি ক’ম একো ধৰিব পৰা নাই৷ হয়তো মৌন হৈ থকাই শ্ৰেয়৷

: নাই নাই আপুনি মৌন হৈ নাথাকিব৷ পৃথিৱীত থাকোঁতে যেতিয়া আপোনাৰ সৈতে পৰিচয় হোৱাৰ প্ৰবল ইচ্ছা হৈছিল তেতিয়া বহুতেই কৈছিল, মই ব্ৰিটিছ আৰু আপুনি ব্ৰিটেইনৰ পৰাধীন ভাৰতৰ এজন কবি৷

: ঠিকেইতো কৈছিল৷ তেওঁলোকৰ ওচৰত সেয়াই আছিল আপোনাৰ আৰু মোৰ পৰিচয়৷

: কিন্তু এতিয়া স্বৰ্গলৈ আহিও যেতিয়া মই পৃথিৱীৰ বেদনা, পৃথিৱীৰ স্মৃতিত বন্দী, তেতিয়া হয়তো একমাত্ৰ ভাৰতাত্মাই মোক মুক্তি দিব পাৰিব বুলি মোৰ বোধ হৈছে৷ আৰু মোৰ ওচৰত ভাৰতাত্মাতো আপুনি ৰবীন্দ্ৰনাথ, আপুনিয়েই

: কিন্তু আপোনাক এনে বেদনাৰ ৰাস্তাৰ পৰা মুক্তিৰ ৰাস্তা দেখুৱাবলৈ মই অপাৰগ৷ হ’লেও আপুনি যেতিয়া ভাৰতাত্মা বুলি ক’লে তেতিয়া মই এটা কথা কওঁ৷ মৃত্যুৰ মাজেৰে অমৃতৰ স্পৰ্শ আমি তাতে পাওঁ য’ত প্ৰেম আছে৷ স্বৰ্গলৈ আহি আপোনাৰ প্ৰেম এক মাত্ৰ সন্তানৰ ৰচিত কিতাপখনৰ ওপৰত স্থানুৰ হৈ আছে, যদি সেই আখৰ এৰি উচ্চাৰণৰ দিশত আগবাঢ়ে তেনেহ’লে আপোনাৰ সৈতে উলফ্ৰেডৰ পূৰ্ণ মিলন সম্ভৱ৷

: কিন্তু মোৰ ডিঙিত ‘আমেন’ লাগি থাকে কবি৷ মই কি উচ্চাৰণৰ মাধ্যমত ত্ৰাণ পাম?

: কান্দোনে যেতিয়ালৈকে প্ৰাৰ্থনাৰ ৰূপ ধৰি জাগ্ৰত হয়, তেতিয়ালৈকে পৰিপূৰ্ণতা লাভ নহ’ব, সুজান৷ কান্দোনক প্ৰাৰ্থনাৰ ৰূপ একমাত্ৰ নাৰীয়েই দিব পাৰে৷ সেইবাবেই উপনিষদত পুৰুষৰ কণ্ঠত আমি অনেক গভীৰ উপলব্ধিৰ কথা পাওঁ, একমাত্ৰ স্ত্ৰীৰ কণ্ঠতেই লাভ কৰিছোঁ গভীৰ প্ৰাৰ্থনা৷ হয়তো কেৱল ব্ৰহ্মবাদিনীৰ পক্ষেই কোৱা সম্ভৱ আছিল, হে সত্য সমস্ত অসত্যৰ পৰা মোক তোমাৰ মাজত বিলিন হ’বলৈ দিয়া৷ হে জ্যোতি গভীৰ অন্ধকাৰৰ পৰা তোমাৰ মাজত গ্ৰহণ কৰা, হে অমৃত নিৰন্তৰ মৃত্যুৰ মাজেৰে মোক তোমাৰ মাজত বিলিন হ’বলৈ দিয়া…মৈত্ৰেয়ীৰ এই প্ৰাৰ্থনাই আমাৰ প্ৰত্যেকৰে একমাত্ৰ প্ৰাৰ্থনা…

: মোৰ ভাব এই প্ৰাৰ্থনাই ভাৰতাত্মাৰ সৌৰভ৷ আপুনি এবাৰ এই প্ৰাৰ্থনা কৰক ৰবীন্দ্ৰনাথ৷ মই আপোনাক অনুসৰণ কৰিম

: মানব হৃদয়ৰ এই একান্ত প্ৰাৰ্থনা কোনেও কাকো অনুসৰণ কৰাৰ প্ৰয়োজন নাই৷ আহক আমি একেলগে কওঁ

“অসতোমা সদ গময়, তমসো মা জ্যোতি গময়, মিত্যুোৰ্মামৃতংগময়…

টোপনিৰ পৰা সাৰ পাই,

মন্ত্ৰ উচ্চাৰণৰ মাজতে হঠাৎ কাৰোবাৰ সুৰ আৰু বেসুৰ বাজি উঠিল৷ বাল্মীকিয়ে কৈ উঠিল, তৰামণ্ডলৰ আগত বিড়লা বহোৱাইছা বহোৱা৷ কিন্তু কবিৰ আগত ধনী, দৰিদ্ৰ, দলিত, এলিজিবিটি এইবোৰ নবহাবা৷ কবিক তেওঁৰ কবিত্ব লৈ থাকিবলৈ দিয়া৷ বেদব্যাসে ক’লে “কবিক দেখি ভয় নাখাবা, তেওঁ একো পাবলৈ অহা নাই৷ তোমালোকক যিমান অক্সিজেন লাগে লোৱা, তাৰ হৃদয়ে অলপ অক্সিজেন পালেই হ’ব৷” মৈত্ৰেয়ীয়ে প্ৰশ্ন কৰিলে “প্ৰকাশ্যে সমৰ্থন কৰিলে চপেটাঘাত সহ্য কৰিব পাৰিব লাগিব আৰু গোপনে উপঢৌকন ল’লে ঋষিৰ মৰ্যাদা পাব৷ এয়াই কি কবিৰ নিয়তি?” জেবুন্নিসাই দীঘল হুমুনিয়াহ কাঢ়িলে, আকবৰৰ ঘৰ যোধাবাঈয়ে সজাই তুলিব পাৰিলে, শিৱাজীৰ সৈতে মই কিয় ঘৰ বান্ধিব নোৱাৰিম? চুজান এইচ আৱেনে বিৰবিৰাই ক’লে, “প্ৰাচ্য কেতিয়াও পাশ্চাত্যৰ সৈতে মিলিব নোৱাৰে৷” এই কথা মোৰ ল’ৰাই মিছা বুলি প্ৰমাণ কৰি গৈছে, মৃত্যুৰ আগেয়ে সেই দুই পংক্তি ডায়েৰীত লিখি৷ ভাৰতৰ মানুহে তেওঁৰ কবিতা পঢ়ে নে?

ৰবীন্দ্ৰনাথে একো নক’লে৷ একোৱেই নক’লে তেওঁ৷ অস্তসূৰ্য্যৰ আভাত দেখা গ’ল এচাটি বতাহে তেওঁৰ চুলি উলটপালট কৰি থৈ গৈছে৷ তেওঁ বতাহলৈ চালে৷ হাজাৰ হাজাৰ বছৰ ধৰি বতাহৰ দিশ সলনি হয় এই দেশৰ৷ দূৰৰ কোনো চাইকেলৰ পৰা গান ভাঁহি আহিল “কেন চেয়ে আছ গো মা”

☆★☆★☆

Leave a Reply

Your email address will not be published.